প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰ মুকলি
এইমছ দেওঘৰত মাইলৰখুঁটি সদৃশ ১০,০০০সংখ্যক জন ঔষধি কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা
দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধিৰ কাৰ্যসূচী আৰম্ভ
“বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লক্ষ্য হৈছে চৰকাৰী আঁচনিসমূহৰ পৰিপূৰকতা লাভ কৰা আৰু সমগ্ৰ দেশৰ নাগৰিকসকলৰ ওচৰলৈ সুবিধাসমূহ পোৱাটো নিশ্চিত কৰা”
‘‘মোদী কি গেৰাণ্টী বাহন’ এতিয়ালৈকে ১২,০০০ৰো অধিক গাওঁ পঞ্চায়তত উপনীত হৈছে য’ত প্ৰায় ৩০ লাখ নাগৰিক ইয়াৰ সৈতে জড়িত হৈছে”
। প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ দেওঘৰ, ওড়িশাৰ ৰায়গড়, অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম, অৰুণাচল প্ৰদেশৰ নামচাই, জম্মু-কাশ্মীৰৰ আৰ্নিয়াৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে।
ভাৰতৰ জনসাধাৰণেই ইয়াক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে”, তেওঁ লগতে কয়। শেহতীয়াকৈ সমাপ্ত হোৱা উৎসৱৰ বতৰত ‘ভোকেল ফৰ লোকেল’ৰ উদ্গনিৰ কথাও তেওঁ উল্লেখ কৰে।
“মোদীৰ নিশ্চয়তা আৰম্ভ হয় য’ত আনৰ পৰা আশা শেষ হয়”, শ্ৰী মোদীয়ে কয়৷
লগতে যুৱক-যুৱতীসকলক মাই ভাৰতৰ স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰি মাই ভাৰত অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰও মুকলি কৰে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত মাইলৰ খুঁটিসদৃশ ১০,০০০সংখ্যক জন ঔষধি কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। তদুপৰি শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধিৰ কাৰ্যসূচীও আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰাৰ লগতে জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধি কৰা এই দুয়োটা পদক্ষেপৰ কথা ঘোষণা কৰে। এই কাৰ্যসূচীয়ে তেওঁৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ চিন স্বৰূপ। প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ দেওঘৰ, ওড়িশাৰ ৰায়গড়, অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম, অৰুণাচল প্ৰদেশৰ নামচাই, জম্মু-কাশ্মীৰৰ আৰ্নিয়াৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে।

 

সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আজি ১৫ দিন সম্পূৰ্ণ হৈছে আৰু এতিয়া গতি বাঢ়িছে। ভিবিএছৱাই ভানৰ নামকৰণ ‘বিকাশ ৰথ’ৰ পৰা ‘মোদী কি গেৰাণ্টী বাহন’লৈ সলনি হোৱা জনসাধাৰণৰ মৰম আৰু অংশগ্ৰহণক লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ প্ৰতি থকা আস্থাৰ বাবে নাগৰিকসকলক ধন্যবাদ জনায়। ভিবিএছৱাইৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ সুখ প্ৰকাশ কৰে আৰু তেওঁলোকৰ মনোভাৱ, উৎসাহ আৰু সংকল্পৰ প্ৰশংসা কৰে। তেওঁ জনোৱা মতে ‘‘মোদী কি গেৰাণ্টী বাহন’ এতিয়ালৈকে ১২,০০০তকৈ অধিক গাঁও পঞ্চায়তত উপনীত হৈছে য’ত প্ৰায় ৩০ লাখ নাগৰিকে ইয়াৰ সৈতে জড়িত হৈ পৰিছে। তেওঁ ভিবিএছৱাইত মহিলাসকলৰ অংশগ্ৰহণকো প্ৰশংসা কৰে। “প্ৰতিখন গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে উন্নয়নৰ অৰ্থ বুজি পায়”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভিবিএছৱাই চৰকাৰী পদক্ষেপৰ পৰা ৰাজহুৱা আন্দোলনলৈ ৰূপান্তৰিত হৈছে। ন-পুৰণি হিতাধিকাৰী আৰু ভিবিএছৱাইৰ সৈতে জড়িতসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বৰ্ধিত ডিজিটেল কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি শ্ৰী মোদীয়ে তেওঁলোকক নমো এপত এনে ফটো আৰু ভিডিঅ’ আপলোড কৰিবলৈ আহ্বান জনায় কাৰণ তেওঁ ইয়াক দৈনিক নিৰীক্ষণ কৰে। “যুৱক-যুৱতীসকল ভিবিএছৱাইৰ ৰাষ্ট্ৰদূত হৈ পৰিছে”, তেওঁ কয়। ‘মোদী কি গেৰাণ্টী বাহন’ক আদৰণি জনোৱাৰ বাবে একাধিক স্থানত অভিযান চলোৱাৰ বাবে গাঁৱৰ স্বচ্ছতাৰ ওপৰত ভিবিএছৱাইৰ প্ৰভাৱো তেওঁ পৰ্যবেক্ষণ কৰে। ‘ভাৰত এতিয়া অনবদ্য আৰু অক্লান্ত। ভাৰতৰ জনসাধাৰণেই ইয়াক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে”, তেওঁ লগতে কয়। শেহতীয়াকৈ সমাপ্ত হোৱা উৎসৱৰ বতৰত ‘ভোকেল ফৰ লোকেল’ৰ উদ্গনিৰ কথাও তেওঁ উল্লেখ কৰে।

ভিবিএছৱাইৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ ওপৰত থকা আস্থা আৰু চৰকাৰৰ প্ৰচেষ্টাক কৃতিত্ব দিয়ে। ঘৰ, শৌচাগাৰ, বিদ্যুৎ, গেছ সংযোগ, বীমা বা বেংক একাউণ্টৰ দৰে মৌলিক সুবিধাৰ পৰা বঞ্চিত হোৱাৰ সময়ত চৰকাৰে নাগৰিকৰ মৌলিক প্ৰয়োজনীয়তাক আওকাণ কৰাক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উৎকোচৰ দৰে দুৰ্নীতিৰ প্ৰাদুৰ্ভাৱৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতিৰ কথা আঙুলিয়াই কয় যে চৰকাৰৰ ওপৰত নাগৰিকৰ আস্থাৰ অভাৱ হৈছিল। তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনেই বেয়া শাসনক সুশাসনলৈ ৰূপান্তৰিত কৰিছে আৰু নিৰ্ধাৰিত লক্ষ্যৰ ১০০শতাংশত উপনীত হোৱাৰ সংকল্প লৈছে। ‘চৰকাৰে নাগৰিকসকলৰ প্ৰয়োজনীয়তা চিনাক্ত কৰি তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিব লাগে। এয়া স্বাভাৱিক ন্যায়, এয়া সামাজিক ন্যায়”, প্ৰধানমন্ত্ৰীয়ে কয়৷ এই পন্থাৰ বাবেই প্ৰধানমন্ত্ৰীয়ে কয় যে এক নতুন আকাংক্ষাৰ সৃষ্টি হৈছে আৰু কোটি কোটি নাগৰিকৰ মাজত অৱহেলাৰ অনুভূতিৰ অন্ত পৰিছে। “মোদীৰ নিশ্চয়তা আৰম্ভ হয় য’ত আনৰ পৰা আশা শেষ হয়”, শ্ৰী মোদীয়ে কয়৷

“উন্নত ভাৰতৰ সংকল্প মোদী বা কোনো চৰকাৰৰ নহয়, সকলোকে উন্নয়নৰ পথত লৈ যোৱাৰ সংকল্প”, প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লক্ষ্য হৈছে চৰকাৰী আঁচনি আৰু সুবিধাসমূহ পিছ পৰি ৰোৱাসকলৰ মাজলৈ লৈ যোৱা। তেওঁ নমো এপত হোৱা পৰিঘটনাসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা বুলিও জনায় আৰু জনজাতীয় অঞ্চলত ড্ৰোন প্ৰদৰ্শন, স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ছিকেল চেল এনিমিয়াৰ পৰিদৰ্শন শিবিৰৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভিবিএছৱাইৰ আগমনৰ লগে লগে বহু পঞ্চায়তে ইতিমধ্যে ১০০শতাংশ লক্ষ্যত উপনীত হৈ আৰু পিছ পৰি থকাসকলক অধিক তথ্য প্ৰদান কৰা হৈছে। তেওঁ উজ্জ্বলা আৰু আয়ুষ্মান কাৰ্ডৰ দৰে বহু আঁচনিৰ সৈতে তাৎক্ষণিকভাৱে হিতাধিকাৰীক সংযোগ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰথম পৰ্যায়ত ৪০হাজাৰৰো অধিক হিতাধিকাৰীক উজ্জ্বলা গেছ সংযোগ দিয়াৰ কথা অৱগত কৰে। লগতে যুৱক-যুৱতীসকলক মাই ভাৰতৰ স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰি মাই ভাৰত অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়।

 

ভিবিএছৱাইৰ আৰম্ভণিতে ‘বিকশিত ভাৰত’ৰ ৪টা অমৃত স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নাৰী শক্তি, যুৱ শক্তি, ভাৰতৰ কৃষক আৰু দৰিদ্ৰ পৰিয়ালক স্মৰণ কৰি কয় যে এই চাৰিটা ধৰ্মৰ অগ্ৰগতিৰ ফলত হ’ব ভাৰতক এখন উন্নত দেশ কৰি তুলিব। শ্ৰী মোদীয়ে কয় যে চৰকাৰে জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ পৰা দৰিদ্ৰতা দূৰ কৰিবলৈ, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগ সৃষ্টি, ভাৰতৰ মহিলাসকলক তেওঁলোকৰ সমস্যাসমূহ মোকাবিলা কৰি সবলীকৰণ, ভাৰতৰ আয় আৰু সামৰ্থ্য উন্নত কৰাৰ বাবে চেষ্টা কৰে কৃষকসকলক। “দুখীয়া, মহিলা, কৃষক আৰু যুৱক-যুৱতীসকলৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান নোহোৱালৈকে মই ক্ষান্ত নহওঁ”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কৃষিক্ষেত্ৰত ড্ৰোন ব্যৱহাৰৰ জৰিয়তে মহিলা সবলীকৰণ আৰু দৰিদ্ৰ পৰিয়ালৰ বাবে কম মূল্যত ঔষধ যোগান ধৰাৰ সৈতে জড়িত আন দুটা উন্নয়নৰ কথা স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰ মুকলি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত ড্ৰোন দিদিৰ ঘোষণা স্মৰণ কৰি আগন্তুক সময়ত ড্ৰোন পাইলটৰ প্ৰশিক্ষণৰ লগতে ১৫,০০০ আত্মসহায়ক গোটৰ বাবে ড্ৰোন উপলব্ধ কৰা হ’ব বুলি অৱগত কৰে। তেওঁ আলোকপাত কৰে যে আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে চলি থকা অভিযানক ড্ৰোন দিদিয়ে শক্তিশালী কৰি তুলিব আৰু আয়ৰ অতিৰিক্ত উপায় প্ৰদান কৰিব। ‘প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ কৃষকসকলে অতি কম খৰচতে ড্ৰোনৰ দৰে আধুনিক প্ৰযুক্তি আকোঁৱালী ল’ব পাৰিব যিয়ে সময়, ঔষধ আৰু সাৰ ৰাহি কৰাত সহায় কৰিব।

 

১০ হাজাৰ জন ঔষধি কেন্দ্ৰ উদ্বোধনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে সুলভ মূল্যত ঔষধ ক্ৰয়ৰ কেন্দ্ৰত পৰিণত হৈছে। “জন ঔষধি কেন্দ্ৰক এতিয়া ‘মোদীৰ ঔষধৰ দোকান’ বুলি কোৱা হৈছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয় আৰু নাগৰিকসকলক তেওঁলোকৰ মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ জনোৱা মতে, এনে কেন্দ্ৰত প্ৰায় ২০০০ বিধ ঔষধ ৮০ৰ পৰা ৯০ শতাংশ ৰেহাইত বিক্ৰী কৰা হয়। জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫ হাজাৰলৈ আৰু অধিক বৃদ্ধিৰ কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে নাগৰিকসকলক বিশেষকৈ দেশৰ মহিলাসকলক অভিনন্দন জ্ঞাপন কৰে। লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আৰু ৫ বছৰৰ বাবে বৃদ্ধি হোৱাত সুখ প্ৰকাশ কৰে। “মোদীৰ নিশ্চয়তাৰ অৰ্থ হৈছে পূৰণৰ নিশ্চয়তা”, তেওঁ লগতে কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে এই সমগ্ৰ অভিযান আৰম্ভ কৰাত সমগ্ৰ চৰকাৰী ব্যৱস্থা আৰু চৰকাৰী কৰ্মচাৰীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। কিছুবছৰ পূৰ্বে গ্ৰাম স্বৰাজ অভিযানৰ সফলতাৰ কথাও স্মৰণ কৰি দেশৰ প্ৰায় ৬০ হাজাৰ গাঁৱত দুটা পৰ্যায়ত এই অভিযান চলোৱাৰ লগতে ৭খন আঁচনি হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱা বুলিও অৱগত কৰে। “আকাংক্ষিত জিলাসমূহৰ হাজাৰ হাজাৰ গাঁও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল”, তেওঁ লগতে কয়। এই অভিযানৰ লগত জড়িত চৰকাৰী প্ৰতিনিধিসকলে দেশ আৰু সমাজ সেৱাৰ বাবে কৰা প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে। “সম্পূৰ্ণ সততাৰে দৃঢ় হৈ থাকক, প্ৰতিখন গাঁৱত এই সুবিধা পাবগৈ। বিকশিত ভাৰত সংকল্প যাত্ৰা কেৱল সকলোৰে প্ৰচেষ্টাতহৈ সফল হ’ব”, এই মন্তব্যৰে শ্ৰী মোদীয়ে ভাষণ সামৰে৷

অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ উপস্থিত থকাৰ লগতে একাধিক স্থানৰ পৰা ভাৰ্চুৱেলী বহু হিতাধিকাৰী আৰু অন্যান্য অংশীদাৰে যোগদান কৰে৷

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Exclusive: Just two friends in a car, says Putin on viral carpool with PM Modi

Media Coverage

Exclusive: Just two friends in a car, says Putin on viral carpool with PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
List of Outcomes: State Visit of the President of the Russian Federation to India
December 05, 2025

MoUs and Agreements.

Migration and Mobility:

Agreement between the Government of the Republic of India and the Government of the Russian Federation on Temporary Labour Activity of Citizens of one State in the Territory of the other State

Agreement between the Government of the Republic of India and the Government of the Russian Federation on Cooperation in Combating Irregular Migration

Health and Food safety:

Agreement between the Ministry of Health and Family Welfare of the Republic of India and the Ministry of Health of the Russian Federation on the cooperation in the field of healthcare, medical education and science

Agreement between the Food Safety and Standards Authority of India of the Ministry of Health and Family Welfare of the Republic of India and the Federal Service for Surveillance on Consumer Rights Protection and Human Well-being (Russian Federation) in the field of food safety

Maritime Cooperation and Polar waters:

Memorandum of Understanding between the Ministry of Ports, Shipping and Waterways of the Government of the Republic of India and the Ministry of Transport of the Russian Federation on the Training of Specialists for Ships Operating in Polar Waters

Memorandum of Understanding between the Ministry of Ports, Shipping and Waterways of the Republic of India and the Maritime Board of the Russian Federation

Fertilizers:

Memorandum of Understanding between M/s. JSC UralChem and M/s. Rashtriya Chemicals and Fertilizers Limited and National Fertilizers Limited and Indian Potash Limited

Customs and commerce:

Protocol between the Central Board of Indirect taxes and Customs of the Government of the Republic of India and the Federal Customs Service (Russian Federation) for cooperation in exchange of Pre-arrival information in respect of goods and vehicles moved between the Republic of India and the Russian federation

Bilateral Agreement between Department of Posts, Ministry of Communications of the Republic of India between and JSC «Russian Post»

Academic collaboration:

Memorandum of Understanding on scientific and academic collaboration between Defence Institute of Advanced Technology, Pune and Federal State Autonomous Educational Institution of Higher Education "National Tomsk State University”, Tomsk

Agreement regarding cooperation between University of Mumbai, Lomonosov Moscow State University and Joint-Stock Company Management Company of Russian Direct Investment Fund

Media Collaboration:

Memorandum of Understanding for Cooperation and Collaboration on Broadcasting between Prasar Bharati, India and Joint Stock Company Gazprom-media Holding, Russian Federation.

Memorandum of Understanding for Cooperation and Collaboration on Broadcasting between Prasar Bharati, India and National Media Group, Russia

Memorandum of Understanding for Cooperation and Collaboration on Broadcasting between Prasar Bharati, India and the BIG ASIA Media Group

Addendum to Memorandum of Understanding for cooperation and collaboration on broadcasting between Prasar Bharati, India, and ANO "TV-Novosti”

Memorandum of Understanding between "TV BRICS” Joint-stock company and "Prasar Bharati (PB)”

Announcements

Programme for the Development of Strategic Areas of India - Russia Economic Cooperation till 2030

The Russian side has decided to adopt the Framework Agreement to join the International Big Cat Alliance (IBCA).

Agreement for the exhibition "India. Fabric of Time” between the National Crafts Museum &Hastkala Academy (New Delhi, India) and the Tsaritsyno State Historical, Architectural, Art and Landscape Museum-Reserve (Moscow, Russia)

Grant of 30 days e-Tourist Visa on gratis basis to Russian nationals on reciprocal basis

Grant of Group Tourist Visa on gratis basis to Russian nationals