প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰ মুকলি
এইমছ দেওঘৰত মাইলৰখুঁটি সদৃশ ১০,০০০সংখ্যক জন ঔষধি কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা
দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধিৰ কাৰ্যসূচী আৰম্ভ
“বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লক্ষ্য হৈছে চৰকাৰী আঁচনিসমূহৰ পৰিপূৰকতা লাভ কৰা আৰু সমগ্ৰ দেশৰ নাগৰিকসকলৰ ওচৰলৈ সুবিধাসমূহ পোৱাটো নিশ্চিত কৰা”
‘‘মোদী কি গেৰাণ্টী বাহন’ এতিয়ালৈকে ১২,০০০ৰো অধিক গাওঁ পঞ্চায়তত উপনীত হৈছে য’ত প্ৰায় ৩০ লাখ নাগৰিক ইয়াৰ সৈতে জড়িত হৈছে”
। প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ দেওঘৰ, ওড়িশাৰ ৰায়গড়, অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম, অৰুণাচল প্ৰদেশৰ নামচাই, জম্মু-কাশ্মীৰৰ আৰ্নিয়াৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে।
ভাৰতৰ জনসাধাৰণেই ইয়াক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে”, তেওঁ লগতে কয়। শেহতীয়াকৈ সমাপ্ত হোৱা উৎসৱৰ বতৰত ‘ভোকেল ফৰ লোকেল’ৰ উদ্গনিৰ কথাও তেওঁ উল্লেখ কৰে।
“মোদীৰ নিশ্চয়তা আৰম্ভ হয় য’ত আনৰ পৰা আশা শেষ হয়”, শ্ৰী মোদীয়ে কয়৷
লগতে যুৱক-যুৱতীসকলক মাই ভাৰতৰ স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰি মাই ভাৰত অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰও মুকলি কৰে। কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত মাইলৰ খুঁটিসদৃশ ১০,০০০সংখ্যক জন ঔষধি কেন্দ্ৰ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। তদুপৰি শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধিৰ কাৰ্যসূচীও আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে চলিত বৰ্ষৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰাৰ লগতে জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০লৈ বৃদ্ধি কৰা এই দুয়োটা পদক্ষেপৰ কথা ঘোষণা কৰে। এই কাৰ্যসূচীয়ে তেওঁৰ প্ৰতিশ্ৰুতিসমূহ পূৰণৰ চিন স্বৰূপ। প্ৰধানমন্ত্ৰীয়ে ঝাৰখণ্ডৰ দেওঘৰ, ওড়িশাৰ ৰায়গড়, অন্ধ্ৰপ্ৰদেশৰ প্ৰকাশম, অৰুণাচল প্ৰদেশৰ নামচাই, জম্মু-কাশ্মীৰৰ আৰ্নিয়াৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে।

 

সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ আজি ১৫ দিন সম্পূৰ্ণ হৈছে আৰু এতিয়া গতি বাঢ়িছে। ভিবিএছৱাই ভানৰ নামকৰণ ‘বিকাশ ৰথ’ৰ পৰা ‘মোদী কি গেৰাণ্টী বাহন’লৈ সলনি হোৱা জনসাধাৰণৰ মৰম আৰু অংশগ্ৰহণক লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ প্ৰতি থকা আস্থাৰ বাবে নাগৰিকসকলক ধন্যবাদ জনায়। ভিবিএছৱাইৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰি তেওঁ সুখ প্ৰকাশ কৰে আৰু তেওঁলোকৰ মনোভাৱ, উৎসাহ আৰু সংকল্পৰ প্ৰশংসা কৰে। তেওঁ জনোৱা মতে ‘‘মোদী কি গেৰাণ্টী বাহন’ এতিয়ালৈকে ১২,০০০তকৈ অধিক গাঁও পঞ্চায়তত উপনীত হৈছে য’ত প্ৰায় ৩০ লাখ নাগৰিকে ইয়াৰ সৈতে জড়িত হৈ পৰিছে। তেওঁ ভিবিএছৱাইত মহিলাসকলৰ অংশগ্ৰহণকো প্ৰশংসা কৰে। “প্ৰতিখন গাঁৱৰ প্ৰতিজন ব্যক্তিয়ে উন্নয়নৰ অৰ্থ বুজি পায়”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভিবিএছৱাই চৰকাৰী পদক্ষেপৰ পৰা ৰাজহুৱা আন্দোলনলৈ ৰূপান্তৰিত হৈছে। ন-পুৰণি হিতাধিকাৰী আৰু ভিবিএছৱাইৰ সৈতে জড়িতসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত বৰ্ধিত ডিজিটেল কাৰ্যকলাপ পৰ্যবেক্ষণ কৰি শ্ৰী মোদীয়ে তেওঁলোকক নমো এপত এনে ফটো আৰু ভিডিঅ’ আপলোড কৰিবলৈ আহ্বান জনায় কাৰণ তেওঁ ইয়াক দৈনিক নিৰীক্ষণ কৰে। “যুৱক-যুৱতীসকল ভিবিএছৱাইৰ ৰাষ্ট্ৰদূত হৈ পৰিছে”, তেওঁ কয়। ‘মোদী কি গেৰাণ্টী বাহন’ক আদৰণি জনোৱাৰ বাবে একাধিক স্থানত অভিযান চলোৱাৰ বাবে গাঁৱৰ স্বচ্ছতাৰ ওপৰত ভিবিএছৱাইৰ প্ৰভাৱো তেওঁ পৰ্যবেক্ষণ কৰে। ‘ভাৰত এতিয়া অনবদ্য আৰু অক্লান্ত। ভাৰতৰ জনসাধাৰণেই ইয়াক উন্নত দেশ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে”, তেওঁ লগতে কয়। শেহতীয়াকৈ সমাপ্ত হোৱা উৎসৱৰ বতৰত ‘ভোকেল ফৰ লোকেল’ৰ উদ্গনিৰ কথাও তেওঁ উল্লেখ কৰে।

ভিবিএছৱাইৰ সফলতাৰ বাবে প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ ওপৰত থকা আস্থা আৰু চৰকাৰৰ প্ৰচেষ্টাক কৃতিত্ব দিয়ে। ঘৰ, শৌচাগাৰ, বিদ্যুৎ, গেছ সংযোগ, বীমা বা বেংক একাউণ্টৰ দৰে মৌলিক সুবিধাৰ পৰা বঞ্চিত হোৱাৰ সময়ত চৰকাৰে নাগৰিকৰ মৌলিক প্ৰয়োজনীয়তাক আওকাণ কৰাক লৈ উদ্বেগ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উৎকোচৰ দৰে দুৰ্নীতিৰ প্ৰাদুৰ্ভাৱৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতিৰ কথা আঙুলিয়াই কয় যে চৰকাৰৰ ওপৰত নাগৰিকৰ আস্থাৰ অভাৱ হৈছিল। তেওঁ কয় যে বৰ্তমানৰ চৰকাৰখনেই বেয়া শাসনক সুশাসনলৈ ৰূপান্তৰিত কৰিছে আৰু নিৰ্ধাৰিত লক্ষ্যৰ ১০০শতাংশত উপনীত হোৱাৰ সংকল্প লৈছে। ‘চৰকাৰে নাগৰিকসকলৰ প্ৰয়োজনীয়তা চিনাক্ত কৰি তেওঁলোকৰ অধিকাৰ প্ৰদান কৰিব লাগে। এয়া স্বাভাৱিক ন্যায়, এয়া সামাজিক ন্যায়”, প্ৰধানমন্ত্ৰীয়ে কয়৷ এই পন্থাৰ বাবেই প্ৰধানমন্ত্ৰীয়ে কয় যে এক নতুন আকাংক্ষাৰ সৃষ্টি হৈছে আৰু কোটি কোটি নাগৰিকৰ মাজত অৱহেলাৰ অনুভূতিৰ অন্ত পৰিছে। “মোদীৰ নিশ্চয়তা আৰম্ভ হয় য’ত আনৰ পৰা আশা শেষ হয়”, শ্ৰী মোদীয়ে কয়৷

“উন্নত ভাৰতৰ সংকল্প মোদী বা কোনো চৰকাৰৰ নহয়, সকলোকে উন্নয়নৰ পথত লৈ যোৱাৰ সংকল্প”, প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে। তেওঁ কয় যে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ লক্ষ্য হৈছে চৰকাৰী আঁচনি আৰু সুবিধাসমূহ পিছ পৰি ৰোৱাসকলৰ মাজলৈ লৈ যোৱা। তেওঁ নমো এপত হোৱা পৰিঘটনাসমূহ তীক্ষ্ণভাৱে নিৰীক্ষণ কৰি থকা বুলিও জনায় আৰু জনজাতীয় অঞ্চলত ড্ৰোন প্ৰদৰ্শন, স্বাস্থ্য পৰীক্ষা শিবিৰ আৰু ছিকেল চেল এনিমিয়াৰ পৰিদৰ্শন শিবিৰৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে ভিবিএছৱাইৰ আগমনৰ লগে লগে বহু পঞ্চায়তে ইতিমধ্যে ১০০শতাংশ লক্ষ্যত উপনীত হৈ আৰু পিছ পৰি থকাসকলক অধিক তথ্য প্ৰদান কৰা হৈছে। তেওঁ উজ্জ্বলা আৰু আয়ুষ্মান কাৰ্ডৰ দৰে বহু আঁচনিৰ সৈতে তাৎক্ষণিকভাৱে হিতাধিকাৰীক সংযোগ কৰা হৈছে বুলি উল্লেখ কৰি প্ৰথম পৰ্যায়ত ৪০হাজাৰৰো অধিক হিতাধিকাৰীক উজ্জ্বলা গেছ সংযোগ দিয়াৰ কথা অৱগত কৰে। লগতে যুৱক-যুৱতীসকলক মাই ভাৰতৰ স্বেচ্ছাসেৱক হিচাপে পঞ্জীয়ন কৰি মাই ভাৰত অভিযানত যোগদান কৰিবলৈ আহ্বান জনায়।

 

ভিবিএছৱাইৰ আৰম্ভণিতে ‘বিকশিত ভাৰত’ৰ ৪টা অমৃত স্তম্ভৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ নাৰী শক্তি, যুৱ শক্তি, ভাৰতৰ কৃষক আৰু দৰিদ্ৰ পৰিয়ালক স্মৰণ কৰি কয় যে এই চাৰিটা ধৰ্মৰ অগ্ৰগতিৰ ফলত হ’ব ভাৰতক এখন উন্নত দেশ কৰি তুলিব। শ্ৰী মোদীয়ে কয় যে চৰকাৰে জীৱন ধাৰণৰ মান উন্নত কৰাৰ লগতে দৰিদ্ৰ পৰিয়ালৰ পৰা দৰিদ্ৰতা দূৰ কৰিবলৈ, যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন আৰু স্ব-নিয়োগৰ সুযোগ সৃষ্টি, ভাৰতৰ মহিলাসকলক তেওঁলোকৰ সমস্যাসমূহ মোকাবিলা কৰি সবলীকৰণ, ভাৰতৰ আয় আৰু সামৰ্থ্য উন্নত কৰাৰ বাবে চেষ্টা কৰে কৃষকসকলক। “দুখীয়া, মহিলা, কৃষক আৰু যুৱক-যুৱতীসকলৰ সমস্যা সম্পূৰ্ণৰূপে সমাধান নোহোৱালৈকে মই ক্ষান্ত নহওঁ”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে কৃষিক্ষেত্ৰত ড্ৰোন ব্যৱহাৰৰ জৰিয়তে মহিলা সবলীকৰণ আৰু দৰিদ্ৰ পৰিয়ালৰ বাবে কম মূল্যত ঔষধ যোগান ধৰাৰ সৈতে জড়িত আন দুটা উন্নয়নৰ কথা স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰ মুকলি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত ড্ৰোন দিদিৰ ঘোষণা স্মৰণ কৰি আগন্তুক সময়ত ড্ৰোন পাইলটৰ প্ৰশিক্ষণৰ লগতে ১৫,০০০ আত্মসহায়ক গোটৰ বাবে ড্ৰোন উপলব্ধ কৰা হ’ব বুলি অৱগত কৰে। তেওঁ আলোকপাত কৰে যে আত্মসহায়ক গোটৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী কৰাৰ বাবে চলি থকা অভিযানক ড্ৰোন দিদিয়ে শক্তিশালী কৰি তুলিব আৰু আয়ৰ অতিৰিক্ত উপায় প্ৰদান কৰিব। ‘প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে দেশৰ কৃষকসকলে অতি কম খৰচতে ড্ৰোনৰ দৰে আধুনিক প্ৰযুক্তি আকোঁৱালী ল’ব পাৰিব যিয়ে সময়, ঔষধ আৰু সাৰ ৰাহি কৰাত সহায় কৰিব।

 

১০ হাজাৰ জন ঔষধি কেন্দ্ৰ উদ্বোধনৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ই দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ বাবে সুলভ মূল্যত ঔষধ ক্ৰয়ৰ কেন্দ্ৰত পৰিণত হৈছে। “জন ঔষধি কেন্দ্ৰক এতিয়া ‘মোদীৰ ঔষধৰ দোকান’ বুলি কোৱা হৈছে”, প্ৰধানমন্ত্ৰীয়ে লগতে কয় আৰু নাগৰিকসকলক তেওঁলোকৰ মৰমৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ জনোৱা মতে, এনে কেন্দ্ৰত প্ৰায় ২০০০ বিধ ঔষধ ৮০ৰ পৰা ৯০ শতাংশ ৰেহাইত বিক্ৰী কৰা হয়। জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ৰ পৰা ২৫ হাজাৰলৈ আৰু অধিক বৃদ্ধিৰ কাৰ্যসূচী আৰম্ভ কৰাৰ বাবে নাগৰিকসকলক বিশেষকৈ দেশৰ মহিলাসকলক অভিনন্দন জ্ঞাপন কৰে। লগতে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আৰু ৫ বছৰৰ বাবে বৃদ্ধি হোৱাত সুখ প্ৰকাশ কৰে। “মোদীৰ নিশ্চয়তাৰ অৰ্থ হৈছে পূৰণৰ নিশ্চয়তা”, তেওঁ লগতে কয়।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে এই সমগ্ৰ অভিযান আৰম্ভ কৰাত সমগ্ৰ চৰকাৰী ব্যৱস্থা আৰু চৰকাৰী কৰ্মচাৰীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। কিছুবছৰ পূৰ্বে গ্ৰাম স্বৰাজ অভিযানৰ সফলতাৰ কথাও স্মৰণ কৰি দেশৰ প্ৰায় ৬০ হাজাৰ গাঁৱত দুটা পৰ্যায়ত এই অভিযান চলোৱাৰ লগতে ৭খন আঁচনি হিতাধিকাৰীৰ ওচৰলৈ লৈ যোৱা বুলিও অৱগত কৰে। “আকাংক্ষিত জিলাসমূহৰ হাজাৰ হাজাৰ গাঁও ইয়াত অন্তৰ্ভুক্ত কৰা হৈছিল”, তেওঁ লগতে কয়। এই অভিযানৰ লগত জড়িত চৰকাৰী প্ৰতিনিধিসকলে দেশ আৰু সমাজ সেৱাৰ বাবে কৰা প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে। “সম্পূৰ্ণ সততাৰে দৃঢ় হৈ থাকক, প্ৰতিখন গাঁৱত এই সুবিধা পাবগৈ। বিকশিত ভাৰত সংকল্প যাত্ৰা কেৱল সকলোৰে প্ৰচেষ্টাতহৈ সফল হ’ব”, এই মন্তব্যৰে শ্ৰী মোদীয়ে ভাষণ সামৰে৷

অনুষ্ঠানত কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ সিং টোমৰ উপস্থিত থকাৰ লগতে একাধিক স্থানৰ পৰা ভাৰ্চুৱেলী বহু হিতাধিকাৰী আৰু অন্যান্য অংশীদাৰে যোগদান কৰে৷

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Surat, Gujarat
June 02, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed deep pain over the tragic mishap in Surat district, Gujarat. He extended his heartfelt condolences to those who have lost their loved ones and prayed for the earliest recovery of the injured. The Prime Minister noted that rescue operations are underway and authorities are providing all possible assistance at the accident site.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. Shri Modi also noted that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister posted on X:

"Deeply pained to hear about a mishap in Surat district, Gujarat. My condolences to those who have lost their loved ones. May the injured recover at the earliest. Rescue operations are underway and authorities are providing all possible assistance at the accident site.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"