ৰাজ্যখনৰ প্ৰায় ৫ কোটি হিতাধিকাৰীয়ে পিএমজিকেএৱাই ৰ লাভ অৰ্জন কৰিছে
বান আৰু বৰষুণৰ সময়ছোৱাত ভাৰত চৰকাৰ আৰু সমগ্ৰ দেশেই মধ্য প্ৰদেশৰ কাষত থিয় দিছেঃ প্ৰধানমন্ত্ৰী
ক’ৰোনা সংকটটোৰে মোকাবিলাৰ অৰ্থে কৌশল নিৰ্ধাৰণত, ভাৰতে দৰিদ্ৰসকলক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছেঃ প্ৰধানমন্ত্ৰী
কেৱল ৮০ কোটিৰো অধিক নাগৰিকে বিনামূলীয়া ৰেচন লাভ কৰাই নহয় বৰঞ্চ ৮ কোটিৰো অধিক দৰিদ্ৰ পৰিয়ালে বিনামূলীয়া গেছ চিলিণ্ডাৰ লাভ কৰিছে
২০ কোটিৰো অধিক মহিলাৰ জন-ধন একাউন্টলৈ পোনপটীয়াভাৱে ৩০ হাজাৰ কোটিৰো অধিক টকা হস্তান্তৰ কৰা হৈছে
শ্ৰমিক আৰু কৃষকসকলৰ একাউন্টলৈ হাজাৰ-হাজাৰ কোটি টকা হস্তান্তৰ কৰা হয়
‘দ্বৈত-ইঞ্জিনৰ চৰকাৰ’ত, ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহৰ পৰিপূৰণ আৰু অগ্ৰগতি সাধন তথা ইয়াৰ শক্তি বৃদ্ধি কৰেঃ প্ৰধানমন্ত্ৰী
পূৰ্বে, তেওঁলোকে মাথো মিছা সহানুভূতিৰ বাহিৰে কেতিয়াও কোনো সুবিধা আগবঢ়োৱা নাছিল। মাটিৰ মানুহৰ কাম কৰাৰ ধৰণ পৃথক আছিল, আমি এই কষ্ট প্ৰত্যক্ষ কৰিছোঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মধ্য প্ৰদেশৰ প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা (PMGKAY) ৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। কোনো যোগ্য লোক বাদ পৰি নাযাবলৈ আঁচনিখন সন্দৰ্ভত অধিক সজাগতা সৃষ্টিৰ অৰ্থে এটি বিশাল অভিযান ৰাজ্য চৰকাৰখনে হাতত লয়। ৰাজ্যখনে ৭ আগষ্ট, ২০২১ ক প্ৰধান মন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা দিৱস হিচাপে পালন কৰে। এই কাৰ্য্যসূচীত মধ্য প্ৰদেশৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰী উপস্থিত থাকে। মধ্য প্ৰদেশৰ প্ৰায় ৫ কোটি হিতাধিকাৰীয়ে আঁচনিখনৰ লাভ অৰ্জন কৰিছে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে মধ্য প্ৰদেশৰ বৰষুণ আৰু বান পৰিস্থিতিৰে আৰম্ভ কৰে যিয়ে ৰাজ্যখনৰ জীৱন আৰু জীৱিকাক প্ৰভাৱিত কৰিছে। তেখেতে আশ্বাস প্ৰদান কৰি কয় যে এই জটিল সময়ত, ভাৰত চৰকাৰ আৰু সমগ্ৰ দেশেই তেওঁলোকৰ কাষত থিয় দিছে।

ক’ৰোনা মহামাৰীক শতিকাৰ এটা দুৰ্যোগ হিচাপে অভিহিত কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজ দিবলৈ সমগ্ৰ ৰাষ্ট্ৰই এক হিচাপে থিয় দিছে। তেখেতে দোহাৰে যে সংকটটোৰে মোকাবিলাৰ অৰ্থে কৌশল নিৰ্ধাৰণতভাৰতে দৰিদ্ৰসকলক সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰিছে। ঠিক প্ৰথম দিনটোৰেপৰা, দৰিদ্ৰ আৰু শ্ৰমিকসকলৰ খাদ্য আৰু নিয়োগত মনোযোগ প্ৰদান কৰা হয়। কেৱল ৮০ কোটিৰো অধিক নাগৰিকে বিনামূলীয়া ৰেচন লাভ কৰাই নহয় বৰঞ্চ ৮ কোটিৰো অধিক দৰিদ্ৰ পৰিয়ালে বিনামূলীয়া গেছ চিলিণ্ডাৰ লাভ কৰিছে। ২০ কোটিৰো অধিক মহিলাৰ জন-ধন একাউন্টলৈ পোনপটীয়াভাৱে ৩০ হাজাৰ কোটি টকা হস্তান্তৰ কৰা হৈছে। একেদৰে, শ্ৰমিক আৰু কৃষকসকলৰ একাউন্টলৈ হাজাৰ-হাজাৰ কোটি টকা হস্তান্তৰ কৰা হয়। তেখেতে তদুপৰি অৱগত কৰে যে ৯ আগষ্টত প্ৰায় ১০-১১ কোটি কৃষক পৰিয়ালৰ বেংক একাউন্টলৈ হাজাৰ-হাজাৰ কোটি টকা হস্তান্তৰ কৰা হ’ব।

শেহতীয়াভাৱে ৫০ কোটি ভেকচিন পালি প্ৰদানৰ সফলতাৰ কথা উল্লেখ কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে মাথো এটা সপ্তাহতে বিশ্বখনৰ বহু দেশৰ জনসংখ্যাৰ সমান লোকক ভেকচিন প্ৰদান কৰিছে। “এয়া হৈছে নব্য ভাৰতৰ নতুন সামৰ্থ্য, কিয়নো ভাৰত আত্মনিৰ্ভৰ হৈ উঠিছে” তেখেতে কয়। তেখেতে এই ভেকচিন সুৰক্ষিত আৰু কাৰ্য্যকৰী দুয়োটাই বুলি কয় আৰু টীকাকৰণক অধিক ত্বৰান্বিতকৰণৰ আহ্বান জনায়।

তেখেতে কয় যে সমগ্ৰ বিশ্বখনতে জীৱিকাৰ ওপৰত অভূতপূৰ্ব সংকটৰ এই সময়ছোৱাত ভাৰতত ন্যূনতম ক্ষতি হোৱাটো নিশ্চিত কৰিবলৈ অবিৰামভাৱে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহলৈ লাখ-লাখ কোটি টকাৰ সাহায্য উপলব্ধ কৰি তোলা হৈছে যাতে এইসমূহ কাৰ্য্যক্ষম হৈ থাকে আৰু অংশীদাৰসকলৰ জীৱিকা সুনিশ্চিত কৰি তোলে। ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ দৰে পদক্ষেপৰাজি, ফেয়াৰ ৰেন্টৰ বাবে আঁচনি, পিএম স্বনিধিৰ জৰিয়তে ব্যয়সাধ্য আৰু সহজ লোন, আন্তঃগাঁথনিমূলক প্ৰকল্পসমূহে শ্ৰমিক শ্ৰেণীটোক বহুলাংশে সহায় কৰিছে।

ৰাজ্যখনত দ্বৈত ইঞ্জিনৰ চৰকাৰৰ উপযোগিতা সন্দৰ্ভত ব্যক্ত কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে এমএছপিত অভিলেখসংখ্যক ক্ৰয়ৰ বাবে ৰাজ্য চৰকাৰখনক প্ৰশংসা কৰে। মধ্য প্ৰদেশত, এই বৰ্ষত, ১৭ লাখৰো অধিক কৃষকৰপৰা ঘেঁহু ক্ৰয় কৰা হয় আৰু তেওঁলোকৰ একাউন্টত ২৫ হাজাৰ কোটি টকা পোনপটীয়াভাৱে জমা কৰা হয়। ৰাজ্যখনত এই বৰ্ষত সৰ্বাধিক সংখ্যক ঘেঁহু ক্ৰয় কেন্দ্ৰ স্থাপন কৰা হয়। দ্বৈত-ইঞ্জিনৰ চৰকাৰৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিসমূহ পৰিপূৰণ আৰু অগ্ৰগতি সাধন তথা ইয়াৰ শক্তি বৃদ্ধি কৰে। শ্ৰী শিৱৰাজ সিং চৌহানৰ নেতৃত্বতপূৰ্বে মধ্য প্ৰদেশৰ থকা অসুস্থ ৰাজ্যৰ ভাৱমূৰ্তি দূৰ হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

বৰ্তমান আমোলত চৰকাৰী আঁচনিসমূহৰ ক্ষীপ্ৰ হস্তান্তৰ সন্দৰ্ভত ব্যক্ত কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ চৰকাৰী ব্যৱস্থাসমূহৰ স্খলনৰ কথা উল্লেখ কৰে। তেখেতে কয় যে তেওঁলোকে দৰিদ্ৰ সন্দৰ্ভত প্ৰশ্ন কৰে আৰু হিতাধিকাৰীসকলক বিবেচনা নকৰাকৈয়ে তেওঁলোকক প্ৰত্যুত্তৰ প্ৰদান কৰে। এইদৰে ভবা হৈছিল যে দৰিদ্ৰ লোকসকলৰ বেংক একাউন্ট, পথ, গেছৰ সংযোগ, টয়লেট, পাইপৰ পানী, লোনৰ দৰে সুবিধাসমূহৰ কোনো প্ৰয়োজন নাই। এই মিছা ভাৱনাই দৰিদ্ৰ লোকসকলক বহু দীঘলীয়া সময় ধৰি বঞ্চিত কৰি ৰাখে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, দৰিদ্ৰ লোকসকলৰ দৰে, বৰ্তমানৰ নেতৃত্বয়ো জটিল পৰিস্থিতিৰ মাজেৰে আহি আজিৰ অৱস্থাত উপনীত হৈছেহি আৰু পৰিস্থিতিটো অনুধাৱন কৰিছে। যোৱা বছৰকেইটাত, দৰিদ্ৰ লোকসকলক সুদৃঢ় আৰু সবল কৰিবলৈ সঁচা আৰু অৰ্থবহ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। আজি পথসমূহে প্ৰতিখন গাঁৱক স্পৰ্শ কৰিছে, নতুন নিয়োগৰ সুযোগ বৃদ্ধি পাইছে, কৃষকসকলে বজাৰ লাভ সহজ হৈ পৰিছে আৰু অসুস্থতাৰ বেলিকা সঠিক সময়ত দৰিদ্ৰ লোকসকল গৈ চিকিৎসালয় পাবলৈ সক্ষম হৈছে।

আজি ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উপলক্ষে, প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৯০৫ ৰ ৭ আগষ্টত স্বদেশী আন্দোলনৰ সূচনাৰ কথা স্মৰণ কৰে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে গ্ৰামাঞ্চলৰ লোক, দৰিদ্ৰ লোক আৰু জনজাতীয় লোকসকলক সবলীকৰণৰ অৰ্থে দেশখনত এটি বৃহৎ অভিযান অব্যাহত আছে আৰু এই অভিযানে আমাৰ হস্তশিল্প, হস্ততাঁত আৰু বস্ত্ৰশিল্পৰ নৈপুন্যতাক উৎসাহিত আৰু প্ৰোৎসাহিত কৰিছে। এয়া হৈছে ভকেল ফৰ লোকেল হোৱাৰ এটি আন্দোলন, এই ভাৱনাৰেই ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস পালন কৰা হৈছে বুলি তেখেতে কয়। খাদীৰ প্ৰসংগ টানি আনি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে পাহৰণিৰ গৰ্ভত বিলীন হোৱা খাদী আজি এটি প্ৰাণোচ্ছল ব্ৰেণ্ড হিচাপে পৰিগণিত হৈছে। “আমি স্বাধীনতাৰ ১০০ বছৰৰ দিশত অগ্ৰসৰ হোৱাৰ পৰিপ্ৰেক্ষিতত, আমি খাদীৰ স্বতন্ত্ৰতাৰ অৰ্থে ভাৱনা সুদৃঢ় কৰিব লাগে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে জনসাধাৰণক আগন্তুক উৎসৱসমূহত কিছু স্থানীয় হস্তশিল্পজাত পণ্য ক্ৰয় কৰিবলৈ আহ্বান জনায়।

সামৰণিত প্ৰধানমন্ত্ৰীগৰাকীয়ে উৎসৱৰ সময়ছোৱাত কৰোনাৰ কথা পাহৰি নাযাবলৈ সতৰ্ক কৰি দিয়ে। তেখেতে মহামাৰীটোৰ তৃতীয়টো ঢৌ ৰোধ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰে আৰু জনসাধাৰণক সকলো সতৰ্কতা ব্যৱস্থা মানি চলিবলৈ আহ্বান জনায়। “প্ৰত্যেকেই এখনি সুস্থ ভাৰত আৰু সমৃদ্ধিশালী ভাৰতৰ সংকল্প গ্ৰহণ কৰিব লাগে” বুলি কৈ শ্ৰী মোদীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে শেহতীয়াভাৱে গুজৰাট আৰু উত্তৰ প্ৰদেশৰ পিএমজিকেএৱাইৰ হিতাধিকাৰীসকলৰ সৈতেও মত-বিনিময় কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth