বন্দে মাতৰমৰ অন্তৰ্নিহিত দৰ্শন হৈছে ভাৰত, মা ভাৰতী আৰু ভাৰতৰ চিৰন্তন ধাৰণাঃ প্ৰধানমন্ত্ৰী
ভাৰত স্বাধীন হ'ব, মা ভাৰতীয়ে নিজ হাতেৰে পৰাধীনতাৰ শিকলি চিঙি পেলাব আৰু ভাৰত মাতাৰ সন্তানসকলে নিজেই নিজৰ ভাগ্য নিৰ্মাণ কৰিব - ঔপনিৱেশিক যুগত বন্দে মাতৰম গীতটি এই সংকল্পৰ ইস্তাহাৰ আছিলঃ প্ৰধানমন্ত্ৰী
বন্দে মাতৰম ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কণ্ঠস্বৰ, প্ৰতিগৰাকী বিপ্লৱীৰ মুখত প্ৰতিধ্বনিত হোৱা এটা শ্লোগান, প্ৰতিজন ভাৰতীয়ৰ আবেগ প্ৰকাশ কৰা এটা কণ্ঠস্বৰ হৈ উঠিছিলঃ প্ৰধানমন্ত্ৰী
বন্দে মাতৰম, স্বাধীনতা সংগ্ৰামৰ শ্বহীদসকলৰ সংগীত হৈ উঠাৰ লগতে, এই গীত এক কালজয়ী অনুপ্ৰেৰণা, এই গীতে আমাক কেৱল স্বাধীনতা কেনেকৈ লাভ কৰা হৈছিল সেয়াই নহয়, আমি কেনেদৰে স্বাধীনতা সুৰক্ষিত কৰি ৰাখিব লাগিব সেয়াও সোঁৱৰায়ঃ প্ৰধানমন্ত্ৰী
যেতিয়াই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়, এই শব্দগুচ্ছ আমাৰ হৃদয়ৰ পৰা স্বয়ংক্ৰিয়ভাৱে উচ্চাৰিত হয় - ভাৰত মাতা কি জয়! বন্দে মাতৰম!: প্রধানমন্ত্রী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম"ৰ ১৫০ বছৰীয়া স্মৃতিচাৰণ অনুষ্ঠান উদ্বোধন কৰে। এই উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে বন্দে মাতৰম কেৱল এটা শব্দ নহয়-এয়া এক মন্ত্ৰ, এক শক্তি, এক সপোন আৰু এক গুৰুত্বপূৰ্ণ সংকল্প। বন্দে মাতৰম মা ভাৰতীৰ প্ৰতি ভক্তি আৰু আধ্যাত্মিক সমৰ্পণৰ প্ৰতীক বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই শব্দটোৱে আমাক আমাৰ ইতিহাসৰ সৈতে সংযোগ কৰে, আমাৰ বৰ্তমানক আত্মবিশ্বাসেৰে ভৰাই তোলে আৰু আমাৰ ভৱিষ্যতক এই বিশ্বাসৰ সাহসৰে অনুপ্ৰাণিত কৰে যে কোনো সংকল্পয়েই পূৰণ কৰাটো অসম্ভৱ নহয় আৰু কোনো লক্ষ্যই আমাৰ সামৰ্থ্যৰ আওতাৰ বাহিৰত নহয়।

বন্দে মাতৰমৰ সমবেত পৰিবেশনক অভিব্যক্তিৰ পৰিধি অতিক্ৰমী এক প্ৰকৃত উৎকৃষ্ট অভিজ্ঞতা আখ্যা দি শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই গীতৰ জৰিয়তে বহু কণ্ঠস্বৰৰ মাজত এক একক ছন্দ, এক একত্ৰিত স্বৰ, এক উমৈহতীয়া ৰোমাঞ্চ আৰু এক নিৰবিচ্ছিন্ন প্ৰবাহৰ উদ্ভৱ হৈছিল। তেওঁ হৃদয়ক শক্তিৰে ৰোমাঞ্চিত কৰি তোলা প্ৰতিধ্বনি আৰু সম্প্রীতিৰ ঢৌৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰই বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপন কৰা এই ৭ নৱেম্বৰ দিনটো ঐতিহাসিক। এই পবিত্ৰ উপলক্ষই আমাৰ নাগৰিকসকলক নতুন অনুপ্ৰেৰণা তথা নতুন শক্তি প্ৰদান কৰিব বুলি তেওঁ দৃঢ়তাৰে কয়। ইতিহাসৰ পৃষ্ঠাবোৰত এই দিনটোৰ তাৎপৰ্য চিহ্নিত কৰিবলৈ, বন্দে মাতৰমৰ প্ৰতি উৎসৰ্গিত এক বিশেষ স্মাৰক মুদ্ৰা আৰু ডাক টিকট মুকলি কৰা হয়। মা ভাৰতীৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা ভাৰতৰ সকলো সাহসী তথা প্ৰখ্যাত ব্যক্তিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি শ্ৰী মোদীয়ে উপস্থিত সকলোকে অভিনন্দন জ্ঞাপন কৰাৰ লগতে বন্দে মাতৰমৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে প্ৰতিজন নাগৰিকক তেওঁৰ শুভেচ্ছা জ্ঞাপন কৰে।

 

প্ৰতিটো গীত আৰু প্ৰতিটো কবিতাই এক নিবৃত আৱেগ আৰু এক বিশেষ বাৰ্তা বহন কৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে বন্দে মাতৰম গীতৰ অন্তৰ্নিহিত ভাৱ সন্দৰ্ভত আলোকোপাত কৰে। তেওঁ দৃঢ়তাৰে কয় যে এই গীতটিৰ অন্তৰ্নিহিত ভাৱ হৈছে ভাৰত-মা ভাৰতী-ভাৰতৰ চিৰন্তন ধাৰণা। মানৱ সভ্যতাৰ সূচনা কালৰে পৰা প্ৰতিটো যুগক এটা অধ্যায় হিচাপে পঢ়ি, বিভিন্ন ৰাষ্ট্ৰৰ উত্থান, বিভিন্ন শক্তিৰ উত্থান, নতুন সভ্যতাৰ বিবর্তন, শূন্যৰ পৰা মহানতালৈ এইসমূহৰ যাত্ৰা  তথা অৱশেষত বিলুপ্তিৰ সাক্ষী হৈ এই ধাৰণা গঢ় লবলৈ আৰম্ভ কৰে বুলি তেওঁ ব্যাখ্যা কৰে। তেওঁ লগতে কয় যে ভাৰতে ইতিহাসৰ নিৰ্মাণ আৰু উন্মোচন, বিশ্বৰ পৰিৱৰ্তনশীল ভূগোল পৰ্যবেক্ষণ কৰিছিল। এই অসীম মানৱ যাত্ৰাৰ পৰা, ভাৰতে শিকিছিল, নতুন সিদ্ধান্তত উপনীত হৈছিল আৰু সেইবোৰৰ ওপৰত ভিত্তি কৰি, দেশখনৰ সভ্যতাৰ মূল্যবোধ তথা আদৰ্শ গঢ় লৈ উঠিছিল আৰু এক পৃথক সাংস্কৃতিক পৰিচয়ৰ বাট মুকলি ভাৰতে শক্তি আৰু নৈতিকতাৰ মাজৰ ভাৰসাম্য উপলব্ধি কৰি অতীতৰ প্ৰতিকূলতা নেওচি বিশুদ্ধ সোণৰ দৰে এখন সংস্কৃত ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল।

ভাৰতৰ ধাৰণা আৰু ইয়াৰ আঁৰৰ দাৰ্শনিক শক্তি বিশ্ব শক্তিৰ উত্থান আৰু পতনৰ পৰা পৃথক বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে যেতিয়া এই চেতনা লিখিত আৰু ছন্দময় ৰূপত প্ৰকাশ কৰা হৈছিল, ই বন্দে মাতৰমৰ দৰে সৃষ্টিৰ জন্ম দিছিল। "সেয়েহে,ঔপনিৱেশিক যুগত ভাৰত স্বাধীন হ'ব, মা ভাৰতীয়ে নিজ হাতেৰে পৰাধীনতাৰ শিকলি চিঙি পেলাব আৰু ভাৰত মাতাৰ সন্তানসকলে নিজেই নিজৰ ভাগ্য নিৰ্মাণ কৰিব - বন্দে মাতৰম গীতটি এই সংকল্পৰ ইস্তাহাৰ আছিল” বুলি শ্ৰীমোদীয়ে কয়।

 

গুৰুদেৱ ৰবীন্দ্ৰনাথ ঠাকুৰে বঙ্কিমচন্দ্ৰৰ আনন্দমঠ কেৱল এখন উপন্যাস নহয়-ই এখন মুক্ত ভাৰতৰ সপোন বুলি কোৱা কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আনন্দমঠত বন্দে মাতৰম গীতটিৰ গভীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি উল্লেখ কৰে যে বঙ্কিম বাবুৰ ৰচনাৰ প্ৰতিটো শাৰী, প্ৰতিটো শব্দ আৰু প্ৰতিটো আৱেগে গভীৰ অৰ্থ বহন কৰে। এই গীতটো ঔপনিৱেশিক যুগত ৰচনা কৰা হৈছিল যদিও গীতটিৰ শব্দগুচ্ছ কেতিয়াও সেই শতিকাৰ ছায়াত সীমাবদ্ধ নাছিল বুলি তেওঁ উল্লেখ কৰে। এই গীতটি দাসত্বৰ স্মৃতিৰ পৰা মুক্ত আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে বন্দে মাতৰম গীতটি প্ৰতিটো যুগ যুগান্তৰলৈ প্ৰাসংগিক হৈ আছে। শ্ৰী মোদীয়ে গীতটোৰ প্ৰথম শাৰী-"সুজলাম সুফলাম মলয়জ শীতলম শস্যশ্যামলাম মাতৰম"-ৰ উদ্ধৃতিৰে গীতটিক প্ৰকৃতিৰ ঐশ্বৰিক আশীৰ্বাদত অলংকৃত আমাৰ মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আখ্যা দিয়ে।

 

সহস্ৰ বছৰ ধৰি ই ভাৰতৰ পৰিচয় হিচাপে পৰিগণিত হৈ আহিছে বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে দেশৰ নদী, পৰ্বত, অৰণ্য, গছ-গছনি তথা উৰ্বৰ মাটিৰ সদায় প্ৰচুৰ উৎপাদন ক্ষমতা আছে। বহু শতিকা ধৰি বিশ্বই ভাৰতৰ সমৃদ্ধিৰ কাহিনী শুনি আহিছে। মাত্ৰ কেইটামান শতিকাৰ আগতে, বিশ্বৰ জিডিপিৰ প্ৰায় এক-চতুৰ্থাংশ ভাৰতৰ আছিল। অৱশ্যে, তেওঁ উল্লেখ কৰিছিল যে যেতিয়া বঙ্কিম বাবুৱে বন্দে মাতৰম ৰচনা কৰিছিল, তেতিয়া ভাৰত সেই সোণালী যুগৰ পৰা বহু আঁতৰি আহিছিল। বিদেশী আক্ৰমণ, লুণ্ঠন আৰু শোষণমূলক ঔপনিৱেশিক নীতিয়ে দেশক দৰিদ্ৰতা আৰু ক্ষুধাৰ্ত কৰি তুলিছিল। তথাপি, বঙ্কিম বাবুৱে আত্মবিশ্বাসেৰে উদ্বুদ্ধ হৈ সকলো প্ৰত্যাহ্বান নেওচি সম্ভাৱ্য এক সমৃদ্ধিশালী ভাৰতৰ দৃষ্টিভংগীৰ আহ্বান জনাইছিল। এনেদৰে, তেওঁ স্পষ্ট আহ্বান জনাইছিল-বন্দে মাতৰম।

 

ঔপনিৱেশিক যুগত ব্ৰিটিছে ভাৰতক নিম্ন আৰু পিছপৰা হিচাপে প্ৰতিপন্ন কৰি তেওঁলোকৰ শাসনক ন্যায়সঙ্গত কৰিবলৈ চেষ্টা কৰিছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে বন্দে মাতৰমৰ প্ৰথম শাৰীয়েই এই ভুৱা প্ৰচাৰক শক্তিশালীভাৱে নস্যাৎ কৰিছিল। সেয়েহে, বন্দে মাতৰম কেৱল স্বাধীনতাৰ গীত নাছিল- এই গীতে লাখ লাখ ভাৰতীয়ৰ মনত এখন মুক্ত ভাৰতৰ দৃষ্টিভংগী উপস্থাপন কৰিছিলঃ এখন  সুজলা সুফলা ভাৰতৰ সপোন।

এই দিনটোৱে বন্দে মাতৰমৰ অসাধাৰণ যাত্ৰা আৰু প্ৰভাৱ বুজিবলৈ এক সুযোগ প্ৰদান কৰে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। যেতিয়া বঙ্কিম বাবুৱে ১৮৭৫ চনত বংগদৰ্শনত বন্দে মাতৰম গীতটি প্ৰকাশ কৰিছিল, তেতিয়া কিছুমানে এয়া কেৱল এটা গীত হিচাপে গ্ৰহণ কৰিছিল। কিন্তু শীঘ্ৰেই, বন্দে মাতৰম ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কণ্ঠস্বৰ হৈ উঠিছিল-প্ৰতিজন বিপ্লৱীৰ মুখত ফুটি উঠা এটা শ্লোগান, প্ৰতিজন ভাৰতীয়ৰ আবেগৰ অভিব্যক্তি হৈ উঠিছিল এই গীত। তেওঁ উল্লেখ কৰিছিল যে স্বাধীনতা আন্দোলনৰ এনে কোনো অধ্যায় নাই য'ত বন্দে মাতৰমৰ আভাস পোৱা নাযায়। ১৮৯৬ চনত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতা অধিৱেশনত বন্দে মাতৰম গীত পৰিবেশন কৰিছিল। ব্ৰিটিছসকলে দেশক বিভক্ত কৰাৰ উদ্দেশ্যে এক ভয়ংকৰ অভিসন্ধিৰে ১৯০৫ চনত বংগ বিভাজন কৰাৰ সময়ত বন্দে মাতৰম গীতটি সেই ষড়যন্ত্ৰৰ বিৰুদ্ধে শিলৰ দৰে থিয় হৈছিল। বংগ বিভাজনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সময়ত পথৰ প্ৰতিবাদী সমদলসমূহত এক ঐক্যবদ্ধ কণ্ঠস্বৰৰে বন্দে মাতৰম প্ৰতিধ্বনিত হৈছিল বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

 

বাৰিসাল অধিৱেশনৰ সময়ত প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলী চলোৱাৰ পাছতো তেওঁলোকৰ ওঁঠত বন্দে মাতৰম ধ্বনি ফুটি উঠা বুলি স্মৰণ কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বিদেশৰ ভূমিৰ পৰা সংগ্ৰাম অব্যাহত ৰখা বীৰ সভৰকাৰৰ দৰে স্বাধীনতা সংগ্ৰামীসকলে ইজনে সিজনক বন্দে মাতৰম ধ্বনিৰে অভিবাদন জনাইছিল। বহুতো বিপ্লৱীয়ে ফাঁচীকাঠত থিয় হৈও বন্দে মাতৰম উচ্চাৰণ কৰিছিল। ইতিহাসৰ অগণিত ঘটনা, অগণিত তাৰিখ, বিভিন্ন অঞ্চল আৰু ভাষাৰে ভৰা এক বিশাল ৰাষ্ট্ৰত এনে বহু আন্দোলন দেখা গৈছিল য’ত প্ৰতিটো কণ্ঠত বন্দে মাতৰম শ্লোগান, সংকল্প, গীত প্ৰতিধ্বনিত হৈছিল বুলি তেওঁ উল্লেখ কৰে। তেওঁ মহাত্মা গান্ধীৰ ১৯২৭ চনৰ মন্তব্যৰ উদ্ধৃতিৰে কয় যে বন্দে মাতৰমে আমাৰ সন্মুখত এক অবিভক্ত ভাৰতৰ ছবি উপস্থাপন কৰিছে। শ্ৰী অৰবিন্দই বন্দে মাতৰমক কেৱল এটা গীত হিচাপে নহয়, বৰঞ্চ আভ্যন্তৰীণ শক্তিক জাগ্ৰত কৰা এটা মন্ত্ৰ হিচাপে গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে।  প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে ভিকাজী কামাই শৈলী প্ৰস্তুত কৰা পতাকাখনৰ মাজত বন্দে মাতৰম শব্দটো আছিল।

 

ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা সময়ৰ লগে লগে ইয়াৰ প্ৰাৰম্ভিক ৰূপৰ পৰা বৰ্তমানৰ ত্ৰিৰংগালৈ বিকশিত হোৱাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে, যেতিয়াই পতাকা উত্তোলন কৰা হয়, প্ৰতিজন ভাৰতীয়ৰ হৃদয়ৰ পৰা সহজাতভাৱে গুঞ্জৰি উঠা শব্দৰাজি অপৰিৱৰ্তিত হৈ আছে- এয়া হৈছে ভাৰত মাতা কি জয়! আৰু বন্দে মাতৰম! ৰাষ্ট্ৰই ৰাষ্ট্ৰীয় গীত বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপন কৰাৰ লগে লগে ই দেশৰ মহান নায়কসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। বন্দে মাতৰম মন্ত্ৰ পাঠ কৰাৰ সময়ত বৰফৰ টুকুৰাৰ ওপৰত দৃঢ়ভাৱে থিয় হৈ থকা, বন্দে মাতৰম জপ কৰাৰ সময়ত চাবুকৰ আঘাত সহ্য কৰা, বন্দে মাতৰমৰ প্ৰাৰ্থনা কৰাৰ সময়ত ফাঁচী আঁকোৱালি লোৱা অগণন শ্বহীদৰ প্ৰতি এয়া এক শ্ৰদ্ধাঞ্জলি।

প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে যে আজি, ১৪০ কোটি ভাৰতীয়ই ৰাষ্ট্ৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰি বন্দে মাতৰম শ্লোগান দিয়া প্ৰতিগৰাকী জ্ঞাত, অজ্ঞাত আৰু অখ্যাত ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে, যিসকলৰ নাম ইতিহাসৰ পৃষ্ঠাত কেতিয়াও লিপিবদ্ধ কৰা হোৱা নাছিল।

এই ভূমি আমাৰ মাতৃভূমি, এই ৰাষ্ট্ৰ আমাৰ মাতৃ আৰু আমি এই ৰাষ্ট্ৰৰ সন্তান বুলি দৃঢ়তাৰে উল্লেখ কৰি বৈদিক শ্লোকৰ উদ্ধৃতিৰে শ্ৰী মোদীয়ে কয় যে বৈদিক যুগৰ পৰাই ভাৰতৰ জনসাধাৰণে মাতৃ ৰূপত ৰাষ্ট্ৰক পূজা কৰি আহিছে। এই বৈদিক চিন্তাই বন্দে মাতৰমৰ জৰিয়তে স্বাধীনতা সংগ্ৰামত নতুন চেতনা জগাই তোলা বুলি তেওঁ উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যিসকলে ৰাষ্ট্ৰক কেৱল এক ভূ-ৰাজনৈতিক সত্তা হিচাপে দেখে, তেওঁলোকৰ বাবে ৰাষ্ট্ৰক মাতৃ হিচাপে বিবেচনা কৰাৰ ধাৰণাটো আচৰিত যেন লাগিব পাৰে। কিন্তু ভাৰতৰ কথাটো বেলেগ। ভাৰতত মাতৃ হৈছে জন্মদাতা, লালন-পালন কৰোঁতা আৰু যেতিয়া তেওঁৰ সন্তান বিপদত পৰে, তেতিয়া তেৱেঁই অশুভৰ বিনাশক হয়। বন্দে মাতৰমৰ শাৰীবোৰৰ উদ্ধৃতিৰে তেওঁ উল্লেখ কৰে প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে আমাক পথ প্ৰদৰ্শন কৰা আৰু শত্ৰুক পৰাস্ত কৰাৰ মা ভাৰতীৰ অপৰিসীম শক্তি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মাতৃ হিচাপে ৰাষ্ট্ৰ আৰু শক্তিৰ ঐশ্বৰিক মূৰ্তি হিচাপে মাতৃৰ ধাৰণাটোৱে এক স্বাধীনতা আন্দোলনৰ সূচনা কৰিছিল যিয়ে পুৰুষ আৰু মহিলা উভয়কে সমানভাৱে অন্তৰ্ভুক্ত কৰাৰ সংকল্প লৈছিল। তেওঁ লগতে কয় যে এই দৃষ্টিভংগীয়ে ভাৰতক আকৌ এবাৰ এনে এখন ৰাষ্ট্ৰৰ সপোন দেখিবলৈ সক্ষম কৰিলে য'ত নাৰী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যিসকলে ৰাষ্ট্ৰক কেৱল এক ভূ-ৰাজনৈতিক সত্তা হিচাপে দেখে, তেওঁলোকৰ বাবে ৰাষ্ট্ৰক মাতৃ হিচাপে বিবেচনা কৰাৰ ধাৰণাটো আচৰিত যেন লাগিব পাৰে। কিন্তু ভাৰতৰ কথাটো বেলেগ। ভাৰতত মাতৃ হৈছে জন্মদাতা, লালন-পালন কৰোঁতা আৰু যেতিয়া তেওঁৰ সন্তান বিপদত পৰে, তেতিয়া তেৱেঁই অশুভৰ বিনাশক হয়। বন্দে মাতৰমৰ শাৰীবোৰৰ উদ্ধৃতিৰে তেওঁ উল্লেখ কৰে প্ৰতিকূল পৰিস্থিতিৰ মাজেৰে আমাক পথ প্ৰদৰ্শন কৰা আৰু শত্ৰুক পৰাস্ত কৰাৰ মা ভাৰতীৰ অপৰিসীম শক্তি আছে। প্ৰধানমন্ত্ৰীয়ে কয় যে মাতৃ হিচাপে ৰাষ্ট্ৰ আৰু শক্তিৰ ঐশ্বৰিক মূৰ্তি হিচাপে মাতৃৰ ধাৰণাটোৱে এক স্বাধীনতা আন্দোলনৰ সূচনা কৰিছিল যিয়ে পুৰুষ আৰু মহিলা উভয়কে সমানভাৱে অন্তৰ্ভুক্ত কৰাৰ সংকল্প লৈছিল। তেওঁ লগতে কয় যে এই দৃষ্টিভংগীয়ে ভাৰতক আকৌ এবাৰ এনে এখন ৰাষ্ট্ৰৰ সপোন দেখিবলৈ সক্ষম কৰিলে য'ত নাৰী শক্তি ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত শীৰ্ষস্থানত আছে।

বন্দে মাতৰাম স্বাধীনতাৰ শ্বহীদসকলৰ সংগীত হোৱাৰ লগতে এই গীতে স্বাধীনতা সুৰক্ষিত কৰাৰ বাবেও আমাক অনুপ্ৰাণিত কৰে বুলি মত প্ৰকাশ কৰি শ্ৰী মোদীয়ে বঙ্কিম বাবুৰ মূল ৰচনাৰ শাৰীবোৰ উদ্ধৃত কৰি উল্লেখ কৰে যে মা ভাৰতী হৈছে জ্ঞান প্ৰদানকাৰী সৰস্বতী, সমৃদ্ধি প্ৰদানকাৰী লক্ষ্মী আৰু অস্ত্ৰ-শস্ত্ৰ তথা শক্তি প্ৰদানকাৰী দুৰ্গাৰ মূৰ্তি। প্ৰধানমন্ত্ৰীয়ে কয় যে এই দৃষ্টিভংগীৰ জৰিয়তে জ্ঞান, বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত শীৰ্ষস্থানত থকা, শিক্ষা আৰু উদ্ভাৱনৰ শক্তিৰে সমৃদ্ধ তথা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল এখন ৰাষ্ট্ৰ গঢ়ি তুলিব বিচৰা হৈছে।

শেহতীয়া বছৰবোৰত বিশ্বই ভাৰতৰ প্ৰকৃত ৰূপৰ উত্থান প্ৰত্যক্ষ কৰিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ভাৰতৰ অভূতপূৰ্ব প্ৰগতি আৰু বিশ্বৰ পঞ্চম বৃহত্তম অৰ্থনীতি হিচাপে ইয়াৰ উত্থানৰ ওপৰত আলোকপাত কৰে। তেওঁ মন্তব্য কৰে যে যেতিয়া প্ৰতিকূলতাই সন্ত্ৰাসবাদৰ জৰিয়তে ভাৰতৰ নিৰাপত্তা আৰু সন্মানৰ ওপৰত আক্ৰমণ কৰাৰ স্পৰ্দ্ধা দেখুৱায়, তেতিয়া মানৱতাৰ সেৱাত সাধাৰণ নাৰী এগৰাকীৰ মনোভাৱক প্ৰতিফলিত কৰাৰ সমান্তৰালকৈ সন্ত্ৰাসবাদ ধ্বংসৰ বাবে ১০বিধ অস্ত্ৰৰে সজ্জ্বিত হৈ দুৰ্গাৰ ৰূপ ধাৰণ কৰাৰ নতুন ভাৰতৰ সামৰ্থ্য বিশ্বই প্ৰত্যক্ষ কৰে।

 

বন্দে মাতৰম সম্পৰ্কীয় আন এটা গুৰুত্বপূৰ্ণ দিশ সম্বোধন কৰি ইয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে স্বাধীনতা সংগ্ৰামৰ সময়ত বন্দে মাতৰমৰ মনোভাৱে সমগ্ৰ দেশক আলোকিত কৰিছিল। অৱশ্যে, তেওঁ দুখ প্ৰকাশ কৰিছিল যে ১৯৩৭ চনত বন্দে মাতৰমৰ আত্মাস্বৰূপ গুৰুত্বপূৰ্ণ কেইটামান ফাঁকি পৃথক কৰা হৈছিল। গীতটো খণ্ডিত হৈ আছিল। তেওঁ দৃঢ়তাৰে কৈছিল যে এই বিভাজনে দেশ বিভাজনৰ বীজ ৰোপণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে এই মহান ৰাষ্ট্ৰীয় মন্ত্ৰৰ প্ৰতি কিয় এনে অন্যায় কৰা হ’ল বুলি প্ৰশ্ন কৰে আৰু আজিৰ প্ৰজন্মই এই ইতিহাস বুজি পোৱাটো উচিত বুলি গুৰুত্ব আৰোপ কৰে। তেওঁ সতৰ্ক কৰি দিয়ে যে সেই একেই বিভাজনমূলক মানসিকতাই আজিও দেশৰ বাবে এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰি আছে।

আমি এই শতিকাক ভাৰতৰ শতিকাত পৰিণত কৰিব লাগিব বুলি দৃঢ়তাৰে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত আৰু ইয়াৰ জনসাধাৰণৰ এই লক্ষ্যত উপনীত হোৱাৰ শক্তি আছে। তেওঁ এই সংকল্প বাস্তৱায়িত কৰিবলৈ আত্মবিশ্বাসৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এই যাত্ৰাত আমি আমাক বিপথে পৰিচালিত কৰিব বিচৰা নেতিবাচক মানসিকতাৰ লোকসকলৰ মুখামুখি হ'ম যিসকলে সন্দেহ আৰু দ্বিধাৰ বীজ সিঁচাৰ চেষ্টা কৰিব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে এই সন্দৰ্ভত সতৰ্ক কৰি দিয়ে। এনে মুহূৰ্তত, তেওঁ ৰাষ্ট্ৰখনক আনন্দমঠৰ পৰা খণ্ডটো সুঁৱৰিবলৈ আহ্বান জনায়, য’ত ভৱনন্দে বন্দে মাতৰম গায় আৰু আন এটা চৰিত্ৰই কেৱল এজন ব্যক্তিয়ে অকলে কি কৰিব পাৰে সেই বিষয়ে প্ৰশ্ন কৰে। তেতিয়া বন্দে মাতৰমৰ পৰা অনুপ্ৰেৰণাৰ সৃষ্টি হয়-কোটি কোটি সন্তান আৰু কোটি কোটি লোকৰ সমৰ্থন থকা এগৰাকী মাতৃ কেনেকৈ শক্তিহীন হ’ব পাৰে? প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰত মাতাৰ ওচৰত ১৪০ কোটি শিশু আৰু ২৮০ কোটি হাত আছে, যাৰ ভিতৰত ৬০ শতাংশতকৈও অধিক যুৱক-যুৱতী। তেওঁ উল্লেখ কৰে যে ভাৰতৰ বিশ্বৰ সৰ্ববৃহৎ জনগাঁথনিৰ আশীৰ্বাদ আছে, আৰু সেয়াই হৈছে আমাৰ ৰাষ্ট্ৰ আৰু মা ভাৰতীৰ শক্তি। শ্ৰী মোদীয়ে এটা প্ৰশ্ন উত্থাপন কৰে যে আজি আমাৰ বাবে অসম্ভৱ কি আছে? কিহে আমাক বন্দে মাতৰমৰ মূল সপোন পূৰণ কৰাত বাধা দিব পাৰে?

 

আজি, আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীয়ে সফলতা লাভ কৰাৰ লগে লগে, ৰাষ্ট্ৰই মেক ইন ইণ্ডিয়াৰ সংকল্পৰ সৈতে আগবাঢ়ি যোৱাৰ সমান্তৰালকৈ আমি ২০৪৭ চনৰ ভিতৰত এক উন্নত ভাৰতৰ লক্ষ্যৰ দিশে নিৰন্তৰভাৱে আগুৱাই যোৱা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই অতুলনীয় যুগত প্ৰতিটো নতুন সাফল্যই আমাৰ মুখলৈ অনা স্বতঃস্ফূৰ্ত শ্লোগান হৈঠে বন্দে মাতৰম! তেওঁ উল্লেখ কৰে যে যেতিয়া ভাৰত চন্দ্ৰৰ দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথম দেশ হিচাপে পৰিগণিত হয়, যেতিয়া নতুন ভাৰতৰ প্ৰতিধ্বনি মহাকাশৰ আটাইতকৈ দূৰ কোণত গুঞ্জৰিত হয়, তেতিয়া প্ৰতিজন নাগৰিকে গৌৰৱেৰে ঘোষণা কৰে-বন্দে মাতৰম! প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে যেতিয়া আমি আমাৰ কন্যাসকলক মহাকাশ প্ৰযুক্তিৰ পৰা ক্ৰীড়ালৈকে বিভিন্ন ক্ষেত্ৰত শীৰ্ষত উপনীত হোৱা দেখিছোঁ, যেতিয়া আমি তেওঁলোকক যুঁজাৰু বিমান উৰুৱাই থকা দেখিছোঁ, তেতিয়া প্ৰতিজন গৌৰৱান্বিত ভাৰতীয়ৰ পৰা উত্থাপন হোৱা শ্লোগানটো হ’ল-বন্দে মাতৰম!

 

আজি এক পদবী এক পেন্সন আঁচনি ৰূপায়ণৰ ১১ বছৰ সম্পূৰ্ণ হোৱাৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে যেতিয়া আমাৰ সশস্ত্ৰ বাহিনীয়ে শত্ৰুৰ কুৎসিত উদ্দেশ্য ধূলিস্যাৎ কৰে, যেতিয়া সন্ত্ৰাসবাদ, নক্সালবাদ আৰু মাওবাদী বিদ্ৰোহ নিৰ্ণায়কভাৱে পৰাজিত হয়, তেতিয়া আমাৰ নিৰাপত্তা বাহিনীয়ে ঘোষণা কৰে-বন্দে মাতৰম!

 

মা ভাৰতীৰ প্ৰতি এই শ্ৰদ্ধাৰ মনোভাৱে আমাক এখন উন্নত ভাৰতৰ লক্ষ্যৰ দিশত পথ প্ৰদৰ্শন কৰিব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে আস্থা প্ৰকাশ কৰে যে বন্দে মাতৰমৰ মন্ত্ৰই এই অমৃত কাল যাত্ৰাৰ সময়ছোৱাত মা ভাৰতীৰ অগণন শিশুক শক্তিশালী আৰু অনুপ্ৰাণিত কৰি থাকিব। সামৰণি মাৰি তেওঁ পুনৰবাৰ সকলো নাগৰিকক বন্দে মাতৰমৰ  ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ বাবে অভিনন্দন জনায়।

 

এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাট, দিল্লীৰ উপ-ৰাজ্যপাল শ্ৰী বিনয় কুমাৰ ছাক্সেনা, দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাৰ লগতে অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে।

 

পটভূমি

এই কাৰ্যসূচী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এক স্মাৰক ডাকটিকট আৰু মুদ্ৰাও উন্মোচন কৰে। এই কাৰ্যসূচীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা আৰু ৰাষ্ট্ৰীয় গৌৰৱ তথা একতাৰ উদগনি অব্যাহত ৰখা কালজয়ী ৰচনাৰ  ১৫০ বছৰ উদযাপন কৰি ২০২৫ চনৰ ৭ নৱেম্বৰৰ পৰা ২০২৬ চনৰ ৭ নৱেম্বৰলৈকে বছৰজোৰা দেশজোৰা স্মৃতিচাৰণৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।

এই উদযাপনত মূল কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি সমাজৰ সকলো শ্ৰেণীৰ নাগৰিকৰ অংশগ্ৰহণেৰে ৰাজহুৱা স্থানত "বন্দে মাতৰম" ৰ সম্পূৰ্ণ সংস্কৰণৰ সমবেত সংগীত পৰিৱেশন কৰা হয়।

 

২০২৫চনত বন্দে মাতৰমৰ  ১৫০ বছৰ পূৰ্ণ হ’ব। বঙ্কিমচন্দ্ৰ চেটাৰ্জীৰ ৰচনা আমাৰ ৰাষ্ট্ৰীয় গীত "বন্দে মাতৰম" ১৮৭৫ চনৰ ৭ নৱেম্বৰত অক্ষয় নৱমীৰ শুভক্ষণ উপলক্ষে লিখা হৈছিল। বন্দে মাতৰম প্ৰথমবাৰৰ বাবে তেওঁৰ উপন্যাস আনন্দমঠৰ অংশ হিচাপে সাহিত্য আলোচনী বংগদৰ্শনত প্ৰকাশ পাইছিল। মাতৃভূমিক শক্তি, সমৃদ্ধি আৰু দেৱতাৰ মূৰ্তি হিচাপে আহ্বান জনোৱা গীতটোৱে ভাৰতৰ একতা আৰু আত্মসন্মানৰ জাগ্ৰত মনোভাৱক কাব্যিক অভিব্যক্তি প্ৰদান কৰিছিল। ই অতি সোনকালেই ৰাষ্ট্ৰৰ প্ৰতি ভক্তিৰ এক স্থায়ী প্ৰতীক হৈ পৰিছিল।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rashtrapati Bhavan replaces colonial-era texts with Indian literature in 11 classical languages

Media Coverage

Rashtrapati Bhavan replaces colonial-era texts with Indian literature in 11 classical languages
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister greets citizens on National Voters’ Day
January 25, 2026
PM calls becoming a voter an occasion of celebration, writes to MY-Bharat volunteers

The Prime Minister, Narendra Modi, today extended greetings to citizens on the occasion of National Voters’ Day.

The Prime Minister said that the day is an opportunity to further deepen faith in the democratic values of the nation. He complimented all those associated with the Election Commission of India for their dedicated efforts to strengthen India’s democratic processes.

Highlighting the importance of voter participation, the Prime Minister noted that being a voter is not only a constitutional privilege but also a vital duty that gives every citizen a voice in shaping India’s future. He urged people to always take part in democratic processes and honour the spirit of democracy, thereby strengthening the foundations of a Viksit Bharat.

Shri Modi has described becoming a voter as an occasion of celebration and underlined the importance of encouraging first-time voters.

On the occasion of National Voters’ Day, the Prime Minister said has written a letter to MY-Bharat volunteers, urging them to rejoice and celebrate whenever someone around them, especially a young person, gets enrolled as a voter for the first time.

In a series of X posts; Shri Modi said;

“Greetings on #NationalVotersDay.

This day is about further deepening our faith in the democratic values of our nation.

My compliments to all those associated with the Election Commission of India for their efforts to strengthen our democratic processes.

Being a voter is not just a constitutional privilege, but an important duty that gives every citizen a voice in shaping India’s future. Let us honour the spirit of our democracy by always taking part in democratic processes, thereby strengthening the foundations of a Viksit Bharat.”

“Becoming a voter is an occasion of celebration! Today, on #NationalVotersDay, penned a letter to MY-Bharat volunteers on how we all must rejoice when someone around us has enrolled as a voter.”

“मतदाता बनना उत्सव मनाने का एक गौरवशाली अवसर है! आज #NationalVotersDay पर मैंने MY-Bharat के वॉलंटियर्स को एक पत्र लिखा है। इसमें मैंने उनसे आग्रह किया है कि जब हमारे आसपास का कोई युवा साथी पहली बार मतदाता के रूप में रजिस्टर्ड हो, तो हमें उस खुशी के मौके को मिलकर सेलिब्रेट करना चाहिए।”