"অতুল্য ভাৰতক সম্পূৰ্ণৰূপে চাবলৈ মই প্ৰতিগৰাকী আন্তঃৰাষ্ট্ৰীয় অতিথিক অনুৰোধ জনাইছোঁ"
"আমি গৌৰৱান্বিত যে ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকান ইউনিয়ন জি-২০ৰ অংশ হৈ পৰিছিল"
"স্বাধীন স্ব-শাসনৰ মূলতে আছে ন্যায়, আৰু ন্যায় অবিহনে এখন ৰাষ্ট্ৰৰ অস্তিত্বও সম্ভৱ নহয়"
"যেতিয়া আমি সহযোগিতা কৰোঁ, আমি ইজনে সিজনৰ ব্যৱস্থাসমূহ ভালদৰে বুজিব পাৰোঁ। অধিক বুজাবুজিয়ে অধিক সমন্বয় সৃষ্টি কৰে। অধিক সমন্বয়ে উন্নত আৰু দ্ৰুত ন্যায় প্ৰদান কৰে"
"একবিংশ শতিকাৰ সমস্যাবোৰ বিংশ শতিকাৰ দৃষ্টিভংগীৰে মোকাবিলা কৰিব নোৱাৰি। ইয়াৰ বাবে পুনৰ চিন্তা, পুনৰ কল্পনা আৰু সংস্কাৰৰ প্ৰয়োজন আছে"
"মই আপোনাসৱক অতুল্য ভাৰতক সম্পূৰ্ণৰূপে চাবলৈ অনুৰোধ জনাইছোঁ", তেওঁ কয়।
তেওঁ কয় যে ই আফ্ৰিকাৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ মোকাবিলা কৰাত বহু সহায় হব।
তেওঁ কয় যে এইধৰণৰ আলাপ-আলোচনা ন্যায় ব্যৱস্থাৰ কাম-কাজ উদযাপন কৰাৰ লগতে উন্নত আৰু অধিক দক্ষতাৰে ন্যায় প্ৰদানৰ সুযোগ সৃষ্টি কৰাৰ বাবে এক মাধ্যম হৈ পৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত কমনৱেলথ লিগেল এডুকেশ্বন এছ'চিয়েচন (চিএলইএ)-কমনৱেলথ এটৰ্নী এণ্ড ছলিচিটৰ জেনেৰেল কনফাৰেন্স (চিএএছজিচি) ২০২৪ উদ্বোধন কৰে। সন্মিলনৰ বিষয়বস্তু হৈছে "ন্যায় প্ৰদানত আন্তঃসীমান্ত প্ৰত্যাহ্বান"। এই সন্মিলনত অইন বিষয়ৰ লগতে আইন আৰু ন্যায় সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয় যেনে ন্যায়িক পৰিৱৰ্তন আৰু আইনী অনুশীলনৰ নৈতিক দিশ, কাৰ্যবাহী দায়বদ্ধতা; আৰু আধুনিক যুগৰ আইনী শিক্ষাৰ পুনৰ বিবেচনা কৰা,  আদিৰ ওপৰত আলোচনা কৰা হব।

 

সন্মিলনত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে চিএলইএ-কমনৱেলথ এটৰ্নী আৰু ছলিচিটৰ জেনেৰেল কনফাৰেন্স উদ্বোধন কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰে, যত সমগ্ৰ বিশ্বৰ আগশাৰীৰ আইনী বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰিছে আৰু ১.৪ বিলিয়ন ভাৰতীয় নাগৰিকৰ হৈ সকলো আন্তঃৰাষ্ট্ৰীয় অতিথিক আদৰণি জনায়। "মই আপোনাসৱক অতুল্য ভাৰতক সম্পূৰ্ণৰূপে চাবলৈ অনুৰোধ জনাইছোঁ", তেওঁ কয়।

 

সন্মিলনত আফ্ৰিকাৰ প্ৰতিনিধিসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ বিশেষ সম্পৰ্কৰ কথা উল্লেখ কৰে আৰু ভাৰতৰ অধ্যক্ষতাৰ কালত এই গোটটো জি-২০ৰ অংশ হৈ পৰাৰ বাবে গৌৰৱ প্ৰকাশ কৰে। তেওঁ কয় যে ই আফ্ৰিকাৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ মোকাবিলা কৰাত বহু সহায় হব।

 

বিগত কেইমাহমানত সমগ্ৰ বিশ্বৰ আইনী ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে হোৱা বাৰ্তালাপৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কিছুদিন পূৰ্বে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ হীৰক জয়ন্তী উদযাপন আৰু ছেপ্টেম্বৰত ভাৰত মণ্ডপমত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় উকীল সন্মিলনৰ কথা উল্লেখ কৰে। তেওঁ কয় যে এইধৰণৰ আলাপ-আলোচনা ন্যায় ব্যৱস্থাৰ কাম-কাজ উদযাপন কৰাৰ লগতে উন্নত আৰু অধিক দক্ষতাৰে ন্যায় প্ৰদানৰ সুযোগ সৃষ্টি কৰাৰ বাবে এক মাধ্যম হৈ পৰিছে।

 

ভাৰতীয় পৰম্পৰাত ন্যায়ৰ গুৰুত্বৰ ওপৰত জোৰ দি প্ৰধানমন্ত্ৰীয়ে প্ৰাচীন ভাৰতীয় প্ৰবাদ এটিৰ কথা উল্লেখ কৰি কয়: 'न्यायमूलं स्वराज्यं स्यात्', অৰ্থাৎ স্বাধীন স্ব-শাসনৰ মূলতে আছে ন্যায়, আৰু ন্যায় অবিহনে এখন ৰাষ্ট্ৰৰ অস্তিত্বও সম্ভৱ নহয়।

 

আজিৰ সন্মিলনৰ বিষয়বস্তু - ন্যায় প্ৰদানৰ ক্ষেত্ৰত আন্তঃসীমান্ত প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আজিৰ দ্ৰুত পৰিৱৰ্তনশীল পৃথিৱীত বিষয়টোৰ প্ৰাসংগিকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু ন্যায় প্ৰদান সুনিশ্চিত কৰাৰ বাবে একাধিক ৰাষ্ট্ৰ একত্ৰিত হোৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। "যেতিয়া আমি সহযোগিতা কৰোঁ, আমি ইজনে সিজনৰ ব্যৱস্থাসমূহ ভালদৰে বুজিব পাৰোঁ", প্ৰধানমন্ত্ৰীয়ে আৰু কয়, "অধিক বুজাবুজিয়ে অধিক সমন্বয়ৰ সৃষ্টি কৰিছে, সমন্বয়ে উন্নত আৰু দ্ৰুত ন্যায় প্ৰদান কৰে।" প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এনে মঞ্চ আৰু সন্মিলন সেয়েহে গুৰুত্বপূৰ্ণ। 

 

বিমান আৰু সামুদ্ৰিক যান নিয়ন্ত্ৰণৰ দৰে ব্যৱস্থাসমূহৰ মাজত সহযোগিতা আৰু পাৰস্পৰিক নিৰ্ভৰশীলতাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আমি তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰত আমাৰ সহযোগিতা সম্প্ৰসাৰিত কৰিব লাগিব। তেওঁ উল্লেখ কৰে যে ইজনে সিজনৰ অধিকাৰ ক্ষেত্ৰক সন্মান জনাই সহযোগিতা হ'ব পাৰে, কিয়নো যেতিয়া আমি একেলগে কাম কৰোঁ, তেতিয়া অধিকাৰ ক্ষেত্ৰ পলম নকৰাকৈ ন্যায় প্ৰদান কৰাৰ এক সঁজুলি হৈ পৰে।

 

সাম্প্ৰতিক সময়ত অপৰাধৰ প্ৰকৃতি আৰু পৰিসৰৰ আমূল পৰিৱৰ্তনৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ দেশতে অপৰাধীসকলে সৃষ্টি কৰা বিশাল নেটৱৰ্ক আৰু পুঁজি আৰু কাৰ্যকলাপ দুয়োটাতে শেহতীয়া প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ে আঙুলিয়াই দিয়ে। তেওঁ লগতে এই কথাৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে যে এটা অঞ্চলত অৰ্থনৈতিক অপৰাধবোৰ আন অঞ্চলৰ কাৰ্যকলাপত পুঁজি যোগান ধৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে, আৰু ক্ৰিপ্টোকাৰেন্সী আৰু চাইবাৰ ভাবুকি বৃদ্ধিৰ প্ৰত্যাহ্বানসমূহৰ প্ৰতিও দৃষ্টি আকৰ্ষণ কৰে। একৈশ শতিকাৰ সমস্যাসমূহ বিংশ শতিকাৰ দৃষ্টিভংগীৰে মোকাবিলা কৰিব নোৱাৰি বুলি জোৰ দি প্ৰধানমন্ত্ৰীয়ে আইনী ব্যৱস্থাৰ আধুনিকীকৰণ, ব্যৱস্থাক অধিক নমনীয় আৰু আৰু অনুকুল কৰি তোলাসহ পুনৰ বিবেচনা, পুনৰ কল্পনা আৰু সংস্কাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে ন্যায় ব্যৱস্থাক অধিক নাগৰিক-কেন্দ্ৰিক নকৰাকৈ সংস্কাৰ সম্ভৱ নহয়, কিয়নো ন্যায়বিচাৰক সহজতৰ কৰি তোলাই হৈছে ন্যায় প্ৰদানৰ অন্যতম স্তম্ভ। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ সময়ৰ কথা স্মৰণ কৰি তেওঁ কয় যে সান্ধ্যকালীন আদালত স্থাপনৰ ফলত জনসাধাৰণে তেওঁলোকৰ কামৰ সময়ৰ পিছত শুনানিত উপস্থিত থাকিব পাৰিছিল– এনে এক পদক্ষেপ যিয়ে ন্যায় প্ৰদান কৰিছিল আৰু  লগতে সময় আৰু ধন ৰাহি কৰিছিল, যাৰ ফলত শ শ লোক উপকৃত হৈছিল।

 

লোক আদালত বা 'জনসাধাৰণৰ আদালত'ৰ ব্যৱস্থাৰ বিষয়ে ব্যাখ্যা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই ৰাজহুৱা উপযোগিতা সেৱাৰ সৈতে সম্পৰ্কিত সৰু সৰু গোচৰৰ বাবে এক নিষ্পত্তি প্ৰণালী প্ৰদান কৰে আৰু ই হৈছে এক প্ৰাক-মোকৰ্দমা সেৱা য'ত হাজাৰ হাজাৰ গোচৰৰ সমাধান কৰা হয় আৰু ন্যায় প্ৰদান সহজ কৰি তোলা হয়। তেওঁ এনেধৰণৰ পদক্ষেপৰ ওপৰত আলোচনা কৰাৰ পৰামৰ্শ দিয়ে যাৰ বাবে বিশ্বজুৰি ন্যায় প্ৰদান উজু হৈ পৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, "ন্যায় প্ৰদানৰ ক্ষেত্ৰত আইনী শিক্ষা হৈছে এক গুৰুত্বপূৰ্ণ সঁজুলি"। তেওঁ কয় যে আইনী শিক্ষাৰ জৰিয়তে যুৱপ্ৰজন্মৰ মাজত আবেগ আৰু পেছাদাৰী দক্ষতা দুয়োটাৰ পৰিচয় হয়। প্ৰতিটো ক্ষেত্ৰতে মহিলাসকলৰ সম্ভাৱনা উপলব্ধি কৰাৰ বিষয়ে গুৰুত্ব প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিটো ক্ষেত্ৰক শৈক্ষিক পৰ্যায়ত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ কয় যে আইন বিদ্যালয়সমূহত মহিলাৰ সংখ্যা বৃদ্ধিৰ ফলত আইনী বৃত্তিত মহিলাৰ সংখ্যা বৃদ্ধি পাব। তেওঁ লগতে অধিক মহিলাক আইনী শিক্ষালৈ কেনেদৰে আনিব পাৰি সেই বিষয়ে মত বিনিময় কৰাৰ পৰামৰ্শ দিয়ে।

 

পৰিৱৰ্তিত সময় আৰু প্ৰযুক্তিৰ সৈতে তাল মিলাই আইনী শিক্ষাক আগবঢ়াই নিয়াৰ  প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, বৈচিত্ৰ্যময় অভিজ্ঞতাসম্পন্ন তৰুণ আইন প্ৰণেতাসকলৰ প্ৰয়োজনীয়তা আছে। তেওঁ কয় যে অপৰাধ, অনুসন্ধান আৰু প্ৰমাণৰ শেহতীয়া প্ৰৱণতা বুজাৰ ওপৰত গুৰুত্ব দিয়াটো সহায়ক হ'ব।

 

যুৱ আইনী পেছাদাৰীসকলক আৰু অধিক আন্তঃৰাষ্ট্ৰীয় স্তৰত সহায় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰী মোদীয়ে আইন বিশ্ববিদ্যালয়সমূহক দেশসমূহৰ মাজত বিনিময় কাৰ্যসূচী শক্তিশালী কৰিবলৈ আহ্বান জনায়। ভাৰতত অৱস্থিত ফৰেনচিক বিজ্ঞানৰ প্ৰতি সমৰ্পিত বিশ্বৰ একমাত্ৰ বিশ্ববিদ্যালয়ৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে পৰামৰ্শ দিয়ে যে বিভিন্ন দেশৰ শিক্ষাৰ্থী, আইন অনুষদ আৰু বিচাৰকসকলেও ইয়াৰ চমু পাঠ্যক্ৰমৰ সুবিধা গ্ৰহণ কৰা উচিত। তেওঁ লগতে পৰামৰ্শ দিয়ে যে উন্নয়নশীল দেশসমূহে ন্যায় প্ৰদান সম্পৰ্কীয় বহুতো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানত অধিক প্ৰতিনিধিত্ব প্ৰাপ্ত কৰাৰ বাবে একেলগে কাম কৰাৰ আৰু লগতে শিক্ষাৰ্থীসকলক ইণ্টাৰ্নশ্বিপ বিচাৰি উলিওৱাত সহায় কৰক, যাৰ ফলত আইনী ব্যৱস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় সৰ্বশ্ৰেষ্ঠ পদ্ধতিৰ পৰা শিকিবলৈ সক্ষম হয়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতৰ আইন ব্যৱস্থা ঔপনিৱেশিক সময়ৰ পৰা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা গৈছিল, কিন্তু যোৱা কেইবছৰমানত অভিলেখ সংখ্যক সংস্কাৰ দেখা গৈছে। তেওঁ ঔপনিৱেশিক সময়ৰ পৰা হাজাৰ হাজাৰ অপ্ৰচলিত আইন বাতিল কৰাৰ কথা উল্লেখ কৰে, যাৰ মাজৰ কিছুমান আইন মানুহক হাৰাশাস্তি কৰাৰ সঁজুলি হৈছিল। তেওঁ কয় যে ই জীৱনধাৰণৰ সহজতা আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰিছে। "ভাৰতেও বৰ্তমানৰ বাস্তৱতাক প্ৰতিফলিত কৰিবলৈ আইনৰ আধুনিকীকৰণ কৰি আছে", শ্ৰী মোদীয়ে কয়। তেওঁ কয় যে ৩খন নতুন আইনে ১০০ বছৰতকৈও অধিক পুৰণি ঔপনিৱেশিক অপৰাধ আইনৰ স্থান লৈছে। "আগতে শাস্তি আৰু শাস্তিৰ দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এতিয়া, ন্যায় সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। সেয়েহে, নাগৰিকসকলৰ মাজত ভয়ৰ সলনি এক আশ্বাসৰ অনুভূতি দেখা পোৱা গৈছে", তেওঁ মন্তব্য কৰে।

 

প্ৰযুক্তিয়ে ন্যায় ব্যৱস্থাৰ ওপৰতো ইতিবাচক প্ৰভাৱ পেলাব পাৰে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত কেইবছৰমানত ভাৰতে ঠাইসমূহৰ মানচিত্ৰ প্ৰস্তুত কৰিবলৈ আৰু গ্ৰাম্য লোকসকলক স্পষ্ট সম্পত্তি কাৰ্ড প্ৰদান কৰিবলৈ ড্ৰোন ব্যৱহাৰ কৰিছে, যাৰ ফলত বিবাদ হ্ৰাস পাইছে, মোকৰ্দমাৰ সম্ভাৱনা হ্ৰাস কৰিছে আৰু ন্যায় ব্যৱস্থাৰ ওপৰত বোজা হ্ৰাস পাইছে, ইয়াক অধিক দক্ষ কৰি তুলিছে। তেওঁ কয় যে ডিজিটেলকৰণে দেশৰ বহুতো আদালতক অনলাইন প্ৰক্ৰিয়া গ্ৰহণত সহায় কৰিছে,   যিয়ে জনসাধাৰণক দূৰৱৰ্তী স্থানৰ পৰাও ন্যায় লাভ কৰাত সহায় কৰিছে। তেওঁ কয় যে ভাৰতে এইক্ষেত্ৰত ইয়াৰ শিক্ষা আন দেশৰ সৈতে ভাগ বতৰা কৰি সুখী আৰু আমি আন দেশসমূহতো একে ধৰণৰ পদক্ষেপৰ বিষয়ে শিকিবলৈ আগ্ৰহী।

 

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে কয় যে ন্যায় প্ৰদানৰ দিশত আবেগৰ অভিন্ন মূল্যবোধ  ৰাষ্ট্ৰসমূহৰ মাজত ভাগ বতৰা কৰিলে ন্যায় প্ৰদানৰ ক্ষেত্ৰত প্ৰতিটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰা সম্ভৱ। "এই সন্মিলনে এই মনোভাৱ শক্তিশালী কৰক। আহক আমি এনে এখন পৃথিৱী গঢ়ি তোলোঁ য'ত সকলোৱে সময়মতে ন্যায় লাভ কৰিব পাৰে আৰু কোনেও পিছ পৰি থাকিব নালাগে", শ্ৰী মোদীয়ে কয়।

 

 

সন্মিলনত ভাৰতৰ মুখ্য ন্যায়াধীশ ডঃ ডি ৱাই চন্দ্ৰচূড়, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য কান্ত, ভাৰতৰ এটৰ্নী জেনেৰেল ন্যায়াধীশ ডঃ আৰ ভেংকটৰমণী, ভাৰতৰ ছলিচিটৰ জেনেৰেল শ্ৰী তুষাৰ মেহতা আৰু কমনৱেলথ আইন শিক্ষা সংস্থাৰ সভাপতি অধ্যাপক ডঃ এছ শিৱকুমাৰ অনুষ্ঠানত উপস্থিত আছিল।

 

পৃষ্ঠভূমি

এই সন্মিলনত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধি দলৰ লগতে এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চল, আফ্ৰিকা আৰু কেৰিবিয়ান অঞ্চলত বিস্তৃত কমনৱেলথ ৰাষ্ট্ৰসমূহৰ এটৰ্নী জেনেৰেল আৰু ছলিচিটৰ জেনেৰেলৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিনিধিদলৰ অংশগ্ৰহণ কৰে। সন্মিলনখনে কমনৱেলথ আইনী ভ্ৰাতৃত্বৰ বিভিন্ন অংশীদাৰসকলৰ মাজত বাৰ্তালাপৰ বাবে এখন মঞ্চ আগবঢ়াই এক অনন্য মাধ্যম হিচাপে কাম কৰে। ইয়াত আইনী শিক্ষা আৰু আন্তঃৰাষ্ট্ৰীয় ন্যায় প্ৰদানৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাৰ বাবে এক বিস্তৃত ৰোডমেপ বিকশিত কৰাৰ লক্ষ্যৰে এটৰ্নী আৰু ছলিচিটৰ জেনেৰেলৰ বাবে নিৰ্মিত এক বিশেষ ঘূৰণীয়া মেজ সন্মিলনো অন্তৰ্ভুক্ত আছে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report

Media Coverage

Indian public relations industry pegged to reach ₹4,500 cr by 2030: Report
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister’s visit to Indonesia, Australia and New Zealand
July 03, 2026

At the invitation of the President of the Republic of Indonesia, H.E. Mr. Prabowo Subianto, Prime Minister Shri Narendra Modi will pay a visit to Indonesia from 6-8 July, 2026. This will be Prime Minister’s fourth visit to Indonesia and his first bilateral visit since the elevation of India-Indonesia ties to the level of Comprehensive Strategic Partnership in May 2018. During the visit, Prime Minister will hold bilateral discussions with President Prabowo and review the progress made in the partnership. In Jakarta, Prime Minister will address a large gathering of the Indian Diaspora. India and Indonesia share historical and warm people-to-people ties. In keeping with these special bonds, Prime Minister will visit the Prambanan Temple complex at Yogyakarta, a prominent UNESCO world heritage site in Indonesia.

From Indonesia, at the invitation of the Prime Minister of Australia, the Honourable Anthony Albanese MP, Prime Minister will travel to Melbourne from 8-10 July, 2026. In Melbourne, Prime Minister will hold bilateral discussions with Prime Minister Albanese. He will also call on the Governor General of Australia, the Honourable Ms Sam Mostyn AC. During his visit, Prime Minister will also participate in the India-Australia CEOs Forum, where he will address a gathering of top business leaders from both countries. Prime Minister will also address a large gathering of the Indian Diaspora, who constitute a strong pillar of the India-Australia relationship.

From Melbourne, at the invitation of the Prime Minister of New Zealand, Rt Honourable Christopher Luxon, Prime Minister will travel to Auckland for a state visit from 10-11 July, 2026. This will be the first state visit of an Indian Prime Minister to New Zealand in four decades. In Auckland, Prime Minister will hold bilateral discussions with Prime Minister Luxon and review the entire gamut of the bilateral relationship, which has seen significant progress in the last two years, especially in the areas of trade and commerce and defence. While in Auckland, Prime Minister will also interact with prominent business and sports personalities. In a reflection of the strong people-to-people ties that exist between India and New Zealand, Prime Minister will address a large gathering of the Indian Diaspora during the visit.