"অতুল্য ভাৰতক সম্পূৰ্ণৰূপে চাবলৈ মই প্ৰতিগৰাকী আন্তঃৰাষ্ট্ৰীয় অতিথিক অনুৰোধ জনাইছোঁ"
"আমি গৌৰৱান্বিত যে ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকান ইউনিয়ন জি-২০ৰ অংশ হৈ পৰিছিল"
"স্বাধীন স্ব-শাসনৰ মূলতে আছে ন্যায়, আৰু ন্যায় অবিহনে এখন ৰাষ্ট্ৰৰ অস্তিত্বও সম্ভৱ নহয়"
"যেতিয়া আমি সহযোগিতা কৰোঁ, আমি ইজনে সিজনৰ ব্যৱস্থাসমূহ ভালদৰে বুজিব পাৰোঁ। অধিক বুজাবুজিয়ে অধিক সমন্বয় সৃষ্টি কৰে। অধিক সমন্বয়ে উন্নত আৰু দ্ৰুত ন্যায় প্ৰদান কৰে"
"একবিংশ শতিকাৰ সমস্যাবোৰ বিংশ শতিকাৰ দৃষ্টিভংগীৰে মোকাবিলা কৰিব নোৱাৰি। ইয়াৰ বাবে পুনৰ চিন্তা, পুনৰ কল্পনা আৰু সংস্কাৰৰ প্ৰয়োজন আছে"
"মই আপোনাসৱক অতুল্য ভাৰতক সম্পূৰ্ণৰূপে চাবলৈ অনুৰোধ জনাইছোঁ", তেওঁ কয়।
তেওঁ কয় যে ই আফ্ৰিকাৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ মোকাবিলা কৰাত বহু সহায় হব।
তেওঁ কয় যে এইধৰণৰ আলাপ-আলোচনা ন্যায় ব্যৱস্থাৰ কাম-কাজ উদযাপন কৰাৰ লগতে উন্নত আৰু অধিক দক্ষতাৰে ন্যায় প্ৰদানৰ সুযোগ সৃষ্টি কৰাৰ বাবে এক মাধ্যম হৈ পৰিছে।

বিশিষ্ট আইনী বিজ্ঞসকল, বিশ্বৰ বিভিন্ন দেশৰ অতিথিসকল, আৰু সন্মানীয় দৰ্শক সদস্যসকল। আপোনালোক সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ।

বন্ধুসকল,

এই সন্মিলন উদ্বোধন কৰিবলৈ পাই আনন্দিত হৈছোঁ। মই সুখী যে সমগ্ৰ বিশ্বৰ পৰা আগশাৰীৰ আইনী লোক ইয়াত আছে। এক দশমিক চাৰি বিলিয়ন ভাৰতীয়ৰ হৈ আমাৰ সকলো আন্তঃৰাষ্ট্ৰীয় অতিথিক মই আদৰণি জনাইছোঁ। অতুলনীয় ভাৰতৰ সম্পূৰ্ণৰূপে অভিজ্ঞতা ল'বলৈ মই আপোনালোক সকলোকে আহ্বান জনাইছোঁ।

 

বন্ধুসকল,

মোক কোৱা হৈছে যে ইয়াত আফ্ৰিকাৰ পৰা অহা বহু বন্ধু আছে। আফ্ৰিকান ইউনিয়নৰ সৈতে ভাৰতৰ বিশেষ সম্পৰ্ক আছে। আমি গৌৰৱান্বিত যে ভাৰতৰ অধ্যক্ষতাৰ সময়ত আফ্ৰিকান ইউনিয়ন জি-২০ৰ এটা অংশ হৈ পৰিল৷ ইয়াৰ দ্বাৰা আফ্ৰিকাৰ জনসাধাৰণৰ আকাংক্ষাৰ মোকাবিলা কৰাত বহুখিনি সহায়ক হ’ব।

বন্ধুসকল,

যোৱা কেইমাহমানত, বহুবাৰ আইনী ভ্ৰাতৃত্ববোধৰ সৈতে মত বিনিময় কৰিছোঁ। কিছুদিন আগতে, মই ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱা উদযাপনত আছিলোঁ। যোৱা ছেপ্টেম্বৰ মাহত এই স্থানতে মই আন্তঃৰাষ্ট্ৰীয় উকীল সন্মিলনলৈ আহিছিলোঁ। এনে পাৰস্পৰিক ক্ৰিয়াই আমাৰ সকলোকে আমাৰ ন্যায় ব্যৱস্থাৰ কামৰ শলাগ লোৱাত সহায় কৰে। এইবোৰ হৈছে উন্নত আৰু দ্ৰুত ন্যায় প্ৰদানৰ বাবেও সংকল্প লোৱাৰ সুযোগ।

বন্ধুসকল,

ভাৰতীয় চিন্তাধাৰাত ন্যায়ক অত্যন্ত গুৰুত্ব দিয়া হৈছে। প্ৰাচীন ভাৰতীয় চিন্তাবিদসকলে কৈছিল: न्यायमूलं स्वराज्यं स्यात्। ইয়াৰ অৰ্থ হৈছে স্বতন্ত্ৰ আত্মশাসনৰ মূলতে ন্যায়। ন্যায় অবিহনে এটা জাতিৰ অস্তিত্বও সম্ভৱ নহয়।

বন্ধুসকল,

এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘ন্যায় প্ৰদানৰ ক্ষেত্ৰত সীমাৰ সিপাৰৰ প্ৰত্যাহ্বান’ (Cross-Border Challenges in Justice Delivery)। এখন অতি সংযুক্ত, দ্ৰুতগতিত পৰিৱৰ্তিত পৃথিৱীত এইটো এটা অতি প্ৰাসংগিক বিষয়। কেতিয়াবা এখন দেশত ন্যায় নিশ্চিত কৰিবলৈ আন দেশৰ সৈতে কাম কৰাৰ প্ৰয়োজন হয়। যেতিয়া আমি সহযোগিতা কৰোঁ তেতিয়া আমি পৰস্পৰে পৰস্পৰৰ ব্যৱস্থাবোৰ ভালদৰে বুজিব পাৰিম। অধিক বুজাবুজিয়ে অধিক সহযোগিতা আনে। সহযোগিতাই উন্নত আৰু দ্ৰুত ন্যায় প্ৰদানৰ ক্ষেত্ৰত সহায় কৰে। গতিকে এনে মঞ্চ আৰু সন্মিলন গুৰুত্বপূৰ্ণ।

 

বন্ধুসকল,

আমাৰ ব্যৱস্থাসমূহে ইতিমধ্যে বহু ডমেইনত ইটোৱে সিটোৰ সৈতে কাম কৰে। যেনে বিমান পৰিবহণ নিয়ন্ত্ৰণ আৰু সামুদ্ৰিক যাতায়ত। একেদৰে আমি তদন্ত আৰু ন্যায় প্ৰদানৰ ক্ষেত্ৰতো সহযোগিতা সম্প্ৰসাৰণ কৰিব লাগিব। পৰস্পৰে পৰস্পৰৰ অধিকাৰক্ষেত্ৰক সন্মান কৰিও সহযোগিতা হ’ব পাৰে। যেতিয়া আমি একেলগে কাম কৰোঁ, তেতিয়া বিচাৰ ক্ষমতা ন্যায় প্ৰদানৰ আহিলা হৈ পৰে, বিলম্ব নহয়।

বন্ধুসকল,

শেহতীয়াকৈ, অপৰাধৰ স্বৰূপ আৰু পৰিসৰৰ আমূল পৰিৱৰ্তন দেখা গৈছে। বিভিন্ন দেশ আৰু অঞ্চলত অপৰাধীৰ বহল নেটৱৰ্ক আছে। তেওঁলোকে পুঁজি আৰু পৰিচালনা দুয়োটাৰে বাবে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰে। এটা অঞ্চলৰ অৰ্থনৈতিক অপৰাধৰ সহায়ত আন অঞ্চলৰ কাৰ্য্যকলাপৰ বাবে ধন আগবঢ়োৱা হৈছে। ক্ৰিপ্টোকাৰেন্সী আৰু চাইবাৰ ভাবুকিৰ উত্থানে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। একবিংশ শতিকাৰ প্ৰত্যাহ্বানসমূহ ২০ শতিকাৰ দৃষ্টিভংগীৰে যুঁজিব নোৱাৰি। পুনৰ চিন্তা, পুনৰ কল্পনা আৰু সংস্কাৰৰ প্ৰয়োজন। ইয়াৰ ভিতৰত ন্যায় প্ৰদান কৰা আইনী ব্যৱস্থাৰ আধুনিকীকৰণো অন্তৰ্ভুক্ত। ইয়াৰ ভিতৰত আছে আমাৰ ব্যৱস্থাপ্ৰণালীসমূহক অধিক নমনীয় আৰু সামঞ্জস্যপূৰ্ণ কৰা।

বন্ধুসকল,

সংস্কাৰৰ কথা কওঁতে ন্যায় ব্যৱস্থাক অধিক নাগৰিককেন্দ্ৰিক কৰি তোলাৰ ওপৰত গুৰুত্ব দিয়াটো প্ৰয়োজন। ন্যায়ৰ সহজতা ন্যায় প্ৰদানৰ এক স্তম্ভ। এই ক্ষেত্ৰত, ভাগ-বতৰা কৰিবলৈ ভাৰতৰ বহু শিক্ষণ আছে । ২০১৪ চনত, ভাৰতৰ জনসাধাৰণে মোক প্ৰধানমন্ত্ৰী হোৱাৰ দায়িত্ব দি আশীৰ্বাদ দিছিল। তাৰ আগতে মই গুজৰাট ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে কাম কৰিছিলোঁ। তেতিয়া আমি সন্ধিয়াৰ আদালত স্থাপন কৰাৰ সিদ্ধান্ত লৈছিলোঁ। ই মানুহক তেওঁলোকৰ কৰ্মৰ সময়ৰ পিছত আদালতৰ শুনানিত উপস্থিত হোৱাত সহায় কৰিছিল। ইয়াৰ ফলত ন্যায় পোৱাৰ লগতে সময় আৰু ধনৰো ৰাহি হ’ল। ইয়াৰ দ্বাৰা লাখ লাখ লোক উপকৃত হৈছিল।

 

বন্ধুসকল,

ভাৰতৰ লোক আদালাতৰ এক অনন্য ধাৰণাও আছে। ইয়াৰ অৰ্থ হৈছে পিপলছ ক’ৰ্ট। এই আদালতসমূহে ৰাজহুৱা উপযোগী সেৱাৰ সৈতে জড়িত সৰু সৰু গোচৰসমূহৰ নিষ্পত্তিৰ ব্যৱস্থা প্ৰদান কৰে। এইটো এটা প্ৰি-লিটিগেচন প্ৰক্ৰিয়া। এনে আদালতে হাজাৰ হাজাৰ গোচৰ নিষ্পত্তি কৰি সহজে ন্যায় প্ৰদান কৰাটো নিশ্চিত কৰিছে। এনে পদক্ষেপৰ ওপৰত আলোচনা সমগ্ৰ বিশ্বতে যথেষ্ট মূল্যৱান হ’ব পাৰে।

বন্ধুসকল,

ন্যায় প্ৰদানৰ ক্ষেত্ৰত আইনী শিক্ষা এক মূল আহিলা। শিক্ষা হ’ল য’ত যুৱ মনৰ মাজত আবেগ আৰু পেছাদাৰী দক্ষতা দুয়োটাৰে পৰিচয় হয়। বিশ্বজুৰি প্ৰতিটো ডমেইনলৈ অধিক মহিলাক কেনেকৈ আনিব পাৰি সেই সম্পৰ্কে আলোচনা চলি আছে। তেনে কৰাৰ প্ৰথম পদক্ষেপ হ’ল প্ৰতিটো ডমেইনক শৈক্ষিক পৰ্যায়ত অন্তৰ্ভুক্ত কৰা। আইন বিদ্যালয়ত মহিলাৰ সংখ্যা বৃদ্ধি হ’লে আইনী বৃত্তিতো মহিলাৰ সংখ্যা বৃদ্ধি পাব। এই সন্মিলনত অংশগ্ৰহণকাৰীসকলে অধিক মহিলাক আইনী শিক্ষালৈ কেনেকৈ আনিব পাৰি সেই সম্পৰ্কে ধাৰণা বিনিময় কৰিব পাৰে।

বন্ধুসকল,

বিশ্বক প্ৰয়োজন এনে যুৱ আইনী মন যাৰ বৈচিত্ৰ্যপূৰ্ণ এক্সপ’জাৰ আছে। আইনী শিক্ষাও পৰিৱৰ্তিত সময় আৰু প্ৰযুক্তিৰ লগত খাপ খুৱাব লাগিব। অপৰাধ, তদন্ত আৰু প্ৰমাণৰ শেহতীয়া ধাৰাসমূহ বুজি পোৱাৰ ওপৰত গুৰুত্ব দিলে সহায়ক হ’ব।

বন্ধুসকল,

আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অধিক প্ৰকাশ পোৱা যুৱ আইনী পেছাদাৰীসকলক সহায় কৰাৰ প্ৰয়োজন আছে। আমাৰ উন্নতমানৰ আইন বিশ্ববিদ্যালয়সমূহে দেশসমূহৰ মাজত বিনিময় কাৰ্যসূচী শক্তিশালী কৰিব পাৰে। উদাহৰণস্বৰূপে, ভাৰতত হয়তো বিশ্বৰ একমাত্ৰ বিশ্ববিদ্যালয় ফৰেনছিক বিজ্ঞানৰ বাবে নিবেদিত। ইয়াত চুটি পাঠ্যক্ৰম অন্বেষণ কৰাত বিভিন্ন দেশৰ ছাত্ৰ-ছাত্ৰী, আইন অধ্যাপক আনকি বিচাৰককো সহায় কৰিব পাৰি। তদুপৰি, ন্যায় প্ৰদানৰ সৈতে জড়িত বহুতো আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠান আছে। উন্নয়নশীল দেশসমূহে একেলগে কাম কৰি ইয়াত অধিক প্ৰতিনিধিত্ব লাভ কৰিব পাৰে। আমাৰ ছাত্ৰ-ছাত্ৰীসকলকো এনে শিক্ষানুষ্ঠানত ইন্টাৰ্ণশ্বিপ বিচাৰি উলিওৱাত সহায় কৰিব পাৰি। ইয়াৰ দ্বাৰা আমাৰ আইনী ব্যৱস্থাসমূহে আন্তঃৰাষ্ট্ৰীয় উত্তম পদ্ধতিৰ পৰা শিকিব পাৰিব।

 

বন্ধুসকল,

ভাৰতে ঔপনিৱেশিক যুগৰ পৰাই আইনী ব্যৱস্থা উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা আমি ইয়াৰ কেইবাটাও সংস্কাৰ কৰিলোঁ। উদাহৰণস্বৰূপে, ঔপনিৱেশিক যুগৰ হাজাৰ হাজাৰ অচল আইন ভাৰতে নাইকীয়া কৰি পেলাইছে। এনে কিছুমান আইন মানুহৰ হাৰাশাস্তিৰ আহিলা হোৱাৰ সম্ভাৱনা আছিল। ইয়াৰ ফলত জীৱন-যাপনৰ সহজতা আৰু ব্যৱসায় কৰাত সহজতা বৃদ্ধি পাইছে। বৰ্তমানৰ বাস্তৱতাক প্ৰতিফলিত কৰিবলৈ ভাৰতেও আইনসমূহ আধুনিকীকৰণ কৰি আছে। এতিয়া ১০০ বছৰতকৈও অধিক পুৰণি ঔপনিৱেশিক অপৰাধমূলক আইনসমূহৰ ঠাইত ৩টা নতুন আইন প্ৰণয়ন কৰা হৈছে। ইয়াৰ পূৰ্বে শাস্তি আৰু শাস্তিমূলক দিশৰ ওপৰত গুৰুত্ব দিয়া হৈছিল। এতিয়া ন্যায় নিশ্চিত কৰাত গুৰুত্ব দিয়া হৈছে। গতিকে নাগৰিকৰ ভয়ৰ সলনি আশ্বাসৰ ভাব থাকে।

 

বন্ধুসকল,

ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰযুক্তিয়েও ইতিবাচক প্ৰভাৱ পেলাব পাৰে। যোৱা কেইবছৰমানৰ পৰা ভাৰতে ড্ৰ’ন ব্যৱহাৰ কৰি ঠাইৰ মানচিত্ৰ নিৰ্মাণ কৰি গ্ৰাম্য লোকক স্পষ্ট সম্পত্তিৰ কাৰ্ড প্ৰদান কৰিছে। বিবাদ কমি গৈছে। মামলাৰ সম্ভাৱনা কমি গৈছে। আৰু ন্যায় ব্যৱস্থাৰ বোজা কমি গৈছে, যাৰ ফলত ই অধিক কাৰ্যক্ষম হৈ পৰিছে। ডিজিটেলাইজেশ্যনে ভাৰতৰ বহু আদালতক অনলাইনত কাৰ্য্যবিধি লোৱাতো সহায় কৰিছে। ইয়াৰ ফলত দূৰৈৰ স্থানৰ পৰাও মানুহে ন্যায় লাভ কৰাত সহায় হৈছে। ভাৰতে এই সন্দৰ্ভত নিজৰ শিক্ষা আন দেশৰ সৈতে ভাগ-বতৰা কৰি সুখী। আন দেশৰ অনুৰূপ পদক্ষেপৰ বিষয়েও আমি জানিবলৈ আগ্ৰহী।

বন্ধুসকল,

ন্যায় প্ৰদানৰ প্ৰতিটো প্ৰত্যাহ্বান মোকাবিলা কৰিব পাৰি। কিন্তু যাত্ৰা আৰম্ভ হয় এটা ভাগ-বতৰা কৰা মূল্যৰ পৰা। ন্যায়ৰ প্ৰতি আমি এক আবেগ ভাগ-বতৰা কৰিব লাগিব। এই সন্মিলনে এই মনোভাবক শক্তিশালী কৰক। আহক আমি এনে এখন পৃথিৱী গঢ়ি তোলোঁ য’ত সকলোৱে সময়মতে ন্যায়ৰ সুবিধা লাভ কৰিব আৰু কোনোৱেই পিছ পৰি নাথাকে।

ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Scan, withdraw, done: EPFO 3.0 plans instant PF access via ATMs and UPI

Media Coverage

Scan, withdraw, done: EPFO 3.0 plans instant PF access via ATMs and UPI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian wrestlers for outstanding performance at 2026 U23 Asian Championships
May 28, 2026

The Prime Minister, Shri Narendra Modi today congratulated Indian wrestlers for their outstanding performance at the 2026 U23 Asian Championships held in Da Nang, Vietnam.

Shri Modi said that Our Men’s Freestyle and Women’s Wrestling teams won the Team Titles at the Championships.

The Prime Minister noted that the Men’s Freestyle Wrestling team secured 9 medals, including 4 Gold medals, registering India’s highest-ever overall medal haul in the history of the U23 Asian Championships.

He further said that the women wrestling contingent won 10 medals, including 6 Gold medals.

The Prime Minister also highlighted that the Greco-Roman team recorded its highest-ever overall medal count with 8 medals.

Congratulating the wrestlers, the Prime Minister conveyed his best wishes for their future endeavours.

The Prime Minister wrote on X;

“An outstanding performance by our wrestlers!

Our Men’s Freestyle and Women’s Wrestling teams won the Team Titles at the 2026 U23 Asian Championships in Da Nang, Vietnam.

The Men’s Freestyle Wrestling team secured 9 medals, including 4 Golds, thus registering India’s highest-ever overall medal haul at the U23 Asian Championships history. The women wrestling contingent won 10 medals, including 6 Golds. The Greco-Roman team also recorded its highest-ever overall medal count with 8 medals.

Congratulations to our wrestlers. My best wishes for the endeavours ahead.”