ছাৰ এম এম বিশ্বেশ্বৰায়লৈ শ্ৰদ্ধাঞ্জলি
“‘সবকা প্ৰয়াস’ৰ জৰিয়তে ভাৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ পথত অগ্ৰসৰ হৈছে”
“কৰ্ণাটকত দৰিদ্ৰ লোকক সেৱা আগবঢ়োৱা ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানৰ গৌৰৱময় পৰম্পৰা আছে”
‘আমাৰ চৰকাৰে দুখীয়াৰ কল্যাণৰ বাবে কাম কৰে। কানাড়াকে ধৰি সকলো ভাৰতীয় ভাষাতে চিকিৎসা শিক্ষাৰ বিকল্প সুবিধা দিয়া হৈছে”
“আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিছো”
“স্বাস্থ্য সম্পৰ্কীয় নীতিত আমি মহিলাক শীৰ্ষ অগ্ৰাধিকাৰ দিছো”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চিক্কাবল্লাপুৰত শ্ৰী মধুসুদন সাই চিকিৎসা বিজ্ঞান আৰু গৱেষণা প্ৰতিষ্ঠান উদ্বোধন কৰে। এছএমএছআইএমএছআৰে সকলোকে চিকিৎসা শিক্ষা আৰু মানসম্পন্ন চিকিৎসা সেৱা-সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব। ২০২৩ চনৰ শিক্ষাবৰ্ষত এই প্ৰতিষ্ঠানটোৰ কাৰ্য-কাজ আৰম্ভ হ’ব।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে চিক্কাবল্লাপুৰ আধুনিক ভাৰতৰ অন্যতম স্থপতিবিদ ছাৰ এম এম বিশ্বেশ্বৰায়ৰ জন্মস্থান বুলি উল্লেখ কৰি তেওঁৰ সমাধিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ সংগ্ৰহালয় পৰিদৰ্শন কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। “মই এই গুণবান ব্যক্তিৰ জন্মভূমিক মূৰ দোঁৱাইছো”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ সজোৰে কয় যে চিক্কাবল্লাপুৰৰ ভূমি ছাৰ বিশ্বেশ্বৰায়ৰ বাবে নতুন নতুন উদ্ভাৱনৰ পৰা কৃষক আৰু সাধাৰণ জনতাৰ বাবে নতুন অভিযান্ত্ৰিক প্ৰকল্প গঢ়ি তোলাৰ প্ৰেৰণাৰ উৎস আছিল।

প্ৰধানমন্ত্ৰীয়ে সত্য সাই গ্ৰামক সেৱাৰ এক আচৰিত আৰ্হি বুলি অভিহিত কৰে। শিক্ষা আৰু স্বাস্থ্যৰ পদক্ষেপৰ জৰিয়তে প্ৰতিষ্ঠানটোৱে গ্ৰহণ কৰি থকা অভিযানক তেওঁ প্ৰশংসা কৰে। তেওঁ কয় যে আজি চিকিৎসা মহাবিদ্যালয়খনৰ উদ্বোধনে এই অভিযানক আৰু অধিক শক্তিশালী কৰি তুলিছে।

প্ৰধানমন্ত্ৰীয়ে অমৃত কালত দেশখনক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ সংকল্প আৰু ইমান কম সময়ৰ ভিতৰতে এনে এক বৃহৎ সংকল্পত উপনীত হ’বলৈ জনসাধাৰণৰ কৌতুহলৰ কথা উল্লেখ কৰে। “এয়া মাথো এটা উত্তৰ, এটা শক্তিশালী, সংকল্পবদ্ধ আৰু সম্বলপূৰ্ণ উত্তৰ অৰ্থাৎ সবকা প্ৰয়াস। এই কথা নিশ্চিতভাৱে প্ৰতিজন দেশবাসীৰ প্ৰচেষ্টাত উপলব্ধি হ’ব”, প্ৰধানমন্ত্ৰীয়ে কয়।

তেওঁ ‘বিকশিত ভাৰত’ৰ যাত্ৰাত সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানৰ ভূমিকা আৰু সন্ত, আশ্ৰম আৰু মঠসমূহৰ মহান পৰম্পৰাৰ ওপৰত আলোকপাত কৰে। এই সামাজিক আৰু ধৰ্মীয় সংস্থাসমূহে বিশ্বাস আৰু আধ্যাত্মিক দিশৰ লগতে দৰিদ্ৰ, দলিত, পিছপৰা আৰু আদিবাসীসকলক শক্তিশালী কৰি আহিছে। “আপোনালোকৰ প্ৰতিষ্ঠানে কৰা কামে ‘সবকা প্ৰয়াস’ৰ মনোভাৱক শক্তিশালী কৰে,” প্ৰধানমন্ত্ৰীয়ে কয়।

প্ৰধানমন্ত্ৰীয়ে শ্ৰী সত্য সাই বিশ্ববিদ্যালয়ৰ মূলমন্ত্ৰ ‘যোগ কৰ্মসু কৌশলম’ৰ ওপৰত বিশদভাৱে কয় অৰ্থাৎ কাৰ্য্যত বিশেষজ্ঞতাই হ’ল যোগ। শ্ৰী মোদীয়ে চিকিৎসা ক্ষেত্ৰত চৰকাৰৰ প্ৰচেষ্টাৰে সেই কথাৰ উদাহৰণ দাঙি ধৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পূৰ্বে দেশত ৩৮০খনতকৈও কম চিকিৎসা মহাবিদ্যালয় আছিল যদিও বৰ্তমান এই সংখ্যা ৬৫০খনতকৈও অধিক হৈছে। এসময়ত উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা দেশৰ আকাংক্ষিত জিলাসমূহত ৪০খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণৰ সম্পৰ্কেও তেওঁ আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ৯ বছৰত দেশত চিকিৎসা পাঠ্যক্ৰমৰ আসনৰ সংখ্যা দুগুণ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে আগন্তুক ১০ বছৰত দেশত যিমান সংখ্যক চিকিৎসা উত্তীৰ্ণ হ’ব, সেই সংখ্যা স্বাধীনতাৰ সময়ৰ পৰা ভাৰতত উত্তীৰ্ণ হোৱা চিকিৎসকৰ সংখ্যাৰ সমান হ’ব। দেশত চলি থকা উন্নয়নৰ সুফল কৰ্ণাটকেও লাভ কৰা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে অৱগত কৰে যে ৰাজ্যখনত দেশৰ প্ৰায় ৭০খন চিকিৎসা মহাবিদ্যালয় আছে আৰু চিক্কাবল্লাপুৰত উদ্বোধন কৰা চিকিৎসা মহাবিদ্যালয়খন দ্বৈত ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাৰ নিদৰ্শন। তেওঁ এইবাৰৰ বাজেটৰ অংশ হিচাপে দেশৰ ডেৰ শতাধিক নাৰ্চিং প্ৰতিষ্ঠান গঢ়ি তোলাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰি কয় যে ইয়াৰ দ্বাৰা নাৰ্চিং খণ্ডত যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ সৃষ্টি হ’ব।

চিকিৎসা শিক্ষাত ভাষাৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে চিকিৎসা শিক্ষাত স্থানীয় ভাষাৰ প্ৰসাৰৰ বাবে বিগত সময়ত বিশেষ প্ৰচেষ্টা নোলোৱাৰ বাবে দূখ প্ৰকাশ কৰে। তেওঁ কয় যে এই ৰাজনৈতিক দলসমূহে গাঁও আৰু পিছপৰা ঠাইৰ যুৱক-যুৱতীসকলে চিকিৎসা আৰু অভিযান্ত্ৰিক বৃত্তিত স্থান লাভ কৰা বিচৰা নাছিল। ‘আমাৰ চৰকাৰে দুখীয়াৰ কল্যাণৰ বাবে কাম কৰে। সেয়েহে কানাড়াকে ধৰি সকলো ভাৰতীয় ভাষাতে চিকিৎসা শিক্ষাৰ বিকল্প সুবিধা দিয়া হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

দেশত দীৰ্ঘদিন ধৰি চলি থকা ৰাজনীতিত দৰিদ্ৰ লোকক কেৱল ভোট বেংক হিচাপেহে গণ্য কৰা প্ৰথাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দুখ প্ৰকাশ কৰে। ‘আমাৰ চৰকাৰে দুখীয়াক সেৱা আগবঢ়োৱাটো সৰ্বোচ্চ কৰ্তব্য হিচাপে বিবেচনা কৰিছে। আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাস্থ্যক অগ্ৰাধিকাৰ দিছো”, শ্ৰী মোদীয়ে কয়। তেওঁ জন ঔষধি কেন্দ্ৰ বা সুলভ মূল্যৰ ঔষধৰ উদাহৰণ দি জনায় যে আজি সমগ্ৰ দেশতে প্ৰায় ১০ হাজাৰ জন ঔষধি কেন্দ্ৰ আছে, ইয়াৰে ১০০০ৰো অধিক কৰ্ণাটকত অৱস্থিত। তেওঁ লগতে কয় যে এনে পদক্ষেপে দৰিদ্ৰ লোকে ঔষধৰ ক্ষেত্ৰত হাজাৰ হাজাৰ কোটি টকা সঞ্চয় কৰিবলৈ সক্ষম হৈছে।

প্ৰধানমন্ত্ৰীয়ে অতীতৰ প্ৰসংগ উল্লেখ কৰে যেতিয়া দুখীয়া লোকে চিকিৎসাৰ বাবে চিকিৎসালয়ৰ খৰচ বহন কৰিব পৰা নাছিল। তেওঁ সজোৰে কয় যে বৰ্তমান চৰকাৰে দৰিদ্ৰ লোকৰ এই চিন্তাৰ প্ৰতি লক্ষ্য ৰাখি আয়ুষ্মান ভাৰত যোজনাৰ দ্বাৰা ইয়াৰ সমাধান কৰি দৰিদ্ৰ পৰিয়ালৰ বাবে চিকিৎসালয়ৰ দুৱাৰ মুকলি কৰিছে। কৰ্ণাটকৰ লাখ লাখ জনতাও এই আঁচনিৰ দ্বাৰা উপকৃত হোৱা বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “চৰকাৰে দৰিদ্ৰ লোকক ৫ লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ নিশ্চয়তা দিছে।” প্ৰধানমন্ত্ৰীয়ে ব্যয়বহুল অস্ত্ৰোপচাৰ পদ্ধতি যেনে হৃদযন্ত্ৰৰ অস্ত্ৰোপচাৰ, আঁঠু সংৰোপন কৰা আৰু ডায়েলাইছিছ আদিৰ উদাহৰণ দি ব্যয়বহুল মাচুল হ্ৰাস কৰাৰ বাবে চৰকাৰে প্ৰয়োজনীয় সকলো পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰে।

“স্বাস্থ্য সম্পৰ্কীয় নীতিত আমি মাতৃ আৰু ভগ্নীসকলক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছো”, প্ৰধানমন্ত্ৰীয়ে কয়। আমাৰ মাতৃসকলৰ স্বাস্থ্য আৰু পুষ্টিৰ উন্নতি হ’লে সমগ্ৰ প্ৰজন্মৰ স্বাস্থ্য উন্নত হয় বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ প্ৰতি চৰকাৰে বিশেষ গুৰুত্ব দিয়া বুলি উল্লেখ কৰে৷ শৌচাগাৰ নিৰ্মাণ, বিনামূলীয়া গেছ সংযোগ প্ৰদান, নলযোগে পানী যোগান ধৰা, প্ৰতিটো পৰিয়ালত বিনামূলীয়াকৈ চেনিটেৰী পেড প্ৰদান কৰা আৰু পুষ্টিকৰ খাদ্যৰ বাবে পোনপটীয়াকৈ বেংকযোগে ধন হস্তান্ত কৰা ইত্যাদি পদক্ষেপৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷ তেওঁ স্তন কেন্সাৰৰ প্ৰতি চৰকাৰে দিয়া বিশেষ মনোযোগৰ ওপৰত আলোকপাত কৰি গাঁৱে-ভূঞে স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ মুকলি কৰাৰ লগতে প্ৰাৰম্ভিক পৰ্যায়তে এনে ৰোগৰ পৰীক্ষাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলি অৱগত কৰে। ৰাজ্যত ৯ হাজাৰৰো অধিক স্বাস্থ্য আৰু আৰোগ্য কেন্দ্ৰ স্থাপনৰ বাবে প্ৰধানমন্ত্ৰীয়ে বোম্মাই জী আৰু তেওঁৰ দলটোক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এএনএম আৰু আশা কৰ্মীসকলক শক্তিশালী আৰু সবলীকৰণ কৰাৰ বাবে কৰ্ণাটক চৰকাৰক প্ৰশংসা কৰে। তেওঁ জনোৱা মতে কৰ্ণাটকৰ ৫০ হাজাৰ এএনএম আৰু আশা কৰ্মী আৰু প্ৰায় ১ লাখ পঞ্জীয়নভুক্ত নাৰ্ছ আৰু স্বাস্থ্যকৰ্মীয়ে আধুনিক গেজেট লাভ কৰাৰ লগতে দ্বৈত ইঞ্জিন চৰকাৰে তেওঁলোকক সম্ভৱপৰ সকলো সা-সুবিধা প্ৰদানৰ চেষ্টা চলাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাস্থ্যৰ সমান্তৰালকৈ দ্বৈত ইঞ্জিন চৰকাৰে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ প্ৰতিও সম্পূৰ্ণ মনোযোগ দিছে। কৰ্ণাটকক গাখীৰ আৰু ৰেচমৰ ভূমি আখ্যা দি প্ৰধানমন্ত্ৰীয়ে গো পালন কৃষকৰ বাবে কিষাণ ক্ৰেডিট কাৰ্ডৰ বিষয়ে অৱগত কৰে, য’ত ১২ হাজাৰ কোটি ব্যয়ৰে গৰু-ম’হৰ বাবে এক বৃহৎ টিকাকৰণ অভিযান হাতত লোৱা হৈছে। দুগ্ধ সমবায়ত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ বাবেও দ্বৈত ইঞ্জিন চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। গাঁৱৰ মহিলাৰ আত্মসহায়ক গোটকো সৱলীকৰণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয়। “যেতিয়া দেশ সুস্থ হ’ব আৰু ‘সবকা প্ৰয়াস’ উন্নয়নৰ প্ৰতি নিষ্ঠাবান হ’ব, তেতিয়া আমি উন্নত ভাৰতৰ লক্ষ্যত দ্ৰুতগতিত উপনীত হ’ম”, তেওঁ কয়।

ভাষণৰ শেষত প্ৰধানমন্ত্ৰীয়ে ভগৱান সাই বাবা আৰু প্ৰতিষ্ঠানৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্কৰ কথা স্মৰণ কৰে। তেওঁ কয় “মই ইয়াৰ অতিথি নহয়, মই এই ঠাই আৰু ভূমিৰে অংশ। প্ৰতিবাৰেই আপোনালোকৰ মাজলৈ আহিলেই সম্পৰ্কটো নবীকৰণ হয় আৰু হৃদয়ত অধিক শক্তিশালী সম্পৰ্কৰ আকাংক্ষাৰ উন্মেষ ঘটে”, তেওঁ শেষত কয়।

এই উপলক্ষে সভাত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৰাজ বোম্মাই, শ্ৰী সত্য সাই সঞ্জীৱনী চেণ্টাৰ ফৰ চাইল্ড হাৰ্ট কেয়াৰৰ অধ্যক্ষ ডাঃ চি শ্ৰীনিবাস আৰু সদগুৰু শ্ৰী মধুসুদন সাইৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
The entrepreneurs building a self-reliant India

Media Coverage

The entrepreneurs building a self-reliant India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 জুলাই 2026
July 21, 2026

Self-Reliance Is No Longer a Slogan — It’s Happening Across Engines, UPI, Vaccines & FDI Under the Leadership of PM Modi