Transparency and accountability are requisite for democratic and participative governance: PM Modi
Empowered citizens are strongest pillars of our democracy: PM Modi
Five Pillars of Information highways- Ask, Listen, Interact, Act and Inform, says PM Modi
India is rapidly moving towards becoming a digitally empowered society: PM Narendra Modi
A new work culture has developed; projects are now being executed with a set time frame: PM Modi
GeM is helping a big way in public procurement of goods and services. This has eliminated corruption: PM Modi
Over 1400 obsolete laws have been repealed by our Government: Prime Minister

 

প্রধানমন্ত্রীয়ে আজি নতুন দিল্লীত কেন্দ্রীয় তথ্য আয়োগ(চিআইচি)ৰ নতুন ভৱন উদ্বোধন কৰে।

তেওঁ উল্লেখ কৰে যে এই ভৱনটো নিৰ্ধাৰিত দিনৰ আগেয়ে নিৰ্মাণ সম্পূৰ্ণ কৰে আৰু ইয়াৰ বাবে নিৰ্মাণ কাৰ্যৰ সৈতে জড়িত সকলো এজেন্সিক তেওঁ অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে ‘পৰিবেশ অনুকূল গৃহ-৪’ ৰেটিংযুক্ত ভৱনসমূহত শক্তিৰ ৰাহি হোৱাৰ উপৰি পৰিবেশ সংৰক্ষণৰ কামতো যথেষ্ট সুবিধা হ’ব।

কেন্দ্রীয় তথ্য আয়োগৰ কাম-কাজৰ মাজত সংহতি আৰু সমন্বয় সাধনৰ কাম এই নতুন ভৱনটিত উন্নত হৈ উঠিব বুলি তেওঁ আশা প্রকাশ কৰে।

 

কেন্দ্রীয় তথ্য আয়োগৰ মোবাইল এপৰ শুভাৰম্ভ প্রসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ জৰিয়তে নাগৰিকসকলে অতি সহজেই তেওঁলোকে আবেদন জনাব পৰাৰ লগতে আয়োগৰ বিভিন্ন তথ্যও তেওঁলোকে আহৰণ কৰিবলৈ সক্ষম হ’ব।

প্রধানমন্ত্রীয়ে কয় যে গণতান্ত্রিক আৰু অংশীদাৰিত্বমূলক প্রশাসনিক আন্তঃগাঁথনিৰ মূল চর্তই হ’ল স্বচ্ছতা আৰু দায়বদ্ধতা। কেন্দ্রীয় তথ্য আয়োগ এই ক্ষেত্রত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। বিশ্বস্ত আৰু নির্ভৰযোগ্য প্রশাসন আৰু পৰিচালনৰ ক্ষেত্রত এই ধৰণৰ প্রতিষ্ঠানসমূহে এক অনুঘটকৰ দায়িত্ব পালন কৰে বুলি কয়।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ গণতন্ত্রৰ এগৰাকী ‘সবল নাগৰিক’ হৈছে আমাৰ গণতন্ত্ৰৰ বলিষ্ঠ স্তম্ভ। বিগত চাৰ বছৰ ধৰি বিভিন্ন প্ৰচেষ্টা আৰু আঁচনিৰ জৰিয়তে সাধাৰণ লোকৰ ওচৰত তথ্যৰ যোগান ধৰাৰ উপৰি, তেওঁলোকৰ সবলীকৰণৰ দায়িত্বও পালন কৰিছে কেন্দ্রীয় চৰকাৰে। প্রসংগক্ৰমে তেওঁ আধুনিক তথ্য যোগানৰ পাঁচটি মূল স্তম্ভৰ কথাও ব্যাখ্যা কৰে।

প্রধানমন্ত্রীৰ মতে প্রথম স্তম্ভটি হৈছে ‘প্ৰশ্ন’। এই প্রসংগত নাগৰিককেন্দ্রিক  MyGov  মঞ্চটিৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। দ্বিতীয়টৌ স্তম্ভ হৈছে পৰামৰ্শ। প্রধানমন্ত্রীয়ে কয় যে চিপিজিআৰএএমএছ অথবা ছ’চিয়েল মিডিয়াৰ জৰিয়তে পোৱা বিভিন্ন প্রস্তাৱ আৰু পৰামর্শৰ খতিয়ান পাবলৈ তেওঁৰ চৰকাৰ বিশেষভাবে আগ্রহী।

তৃতীয় স্তম্ভ হৈছে বাৰ্তালাপ। তেওঁ কয় যে চৰকাৰ আৰু দেশৰ নাগৰিকসকলৰ মাজত এই স্তম্ভটিয়ে যোগাযোগ ৰক্ষা কৰে। ‘সক্রিয়তা’ক তেওঁ চতুর্থ স্তম্ভ হিচাপে চিহ্নিত কৰে। প্রধানমন্ত্রীৰ মতে জিএছটি ৰূপায়ণৰ সময়ত বিভিন্ন অভিযোগ আৰু পৰামর্শসমূহক সক্রিয়ভাবে প্ৰযোজ্য কৰাৰ চেষ্টা কৰা হয়।

পঞ্চম স্তম্ভ হৈছে তথ্য। প্রধানমন্ত্রীয়ে কয় যে চৰকাৰৰ কামেই হ’ল তাৰ কাম আৰু আঁচনি সম্পর্কে নাগৰিকসকলক অবগত কৰা। তেওঁ কয় যে চৰকাৰে অনলাইন ডেছবোর্ডৰ জৰিয়তে সঠিক সময়ত সকলো তথ্য লাভ কৰাৰ ব্যৱস্থা আৰম্ভ কৰিছে। ‘সৌভাগ্য’ আৰু ‘উজ্জ্বলা’ৰ দৰে দুখন আঁচনি ৰূপায়ণৰ অগ্রগতি সন্দৰ্ভত এইদৰে তথ্যৰ যোগান ধৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো তথ্য সাধাৰণভাবে জানিব খুজিলে, সেয়া নিয়মিতভাবে সংশ্লিষ্ট দপ্তৰ তথা মন্ত্রালয়সমূহৰ ৱেব পোর্টেলত আপলোড কৰা হয়। নাগৰিক সেৱাৰ মানদণ্ডক অধিক উন্নত কৰি তুলিবলৈ ডিজিটেল প্রযুক্তিৰ আশ্রয় গ্রহণ কৰা হৈছে। একেদৰে বিভিন্ন প্রকল্পৰ কাম-কাজ সন্দৰ্ভত তাৎক্ষণিক তথ্য সংগ্রহৰ ব্যৱস্থাও আৰম্ভ হৈছে। যোৱা সপ্তাহত ‘প্রগতি’ৰ মঞ্চত এটি ড্রোন কেমেৰাৰ সাহায্যত কেদাৰনাথৰ পুনর্নিমাণ কার্যসূচীৰ অগ্রগতিৰ খতিয়ান লোৱা হয় বুলি উল্লেখ কৰে প্রধানমন্ত্রীয়ে। তেওঁ কয় যে ‘প্রগতি’ৰ মঞ্চত অনুষ্ঠিত বৈঠকসমূহৰ সুবাদতে ৯ লাখ কোটি টকাৰো অধিক বিনিয়োগৰ বিভিন্ন প্রকল্প ৰূপায়ণত যথেষ্ট গতি বৃদ্ধি হৈছে।

যোগান আৰু নিষ্পত্তি বিভাগ বন্ধ কৰি দিয়াৰ সম্পর্কত প্রধানমন্ত্রীয়ে কয় যে বর্তমান ৰাজহুৱা প্ৰস্তুতকৰণ ব্যৱস্থা ই-মার্কেট বা জিইএমৰ মঞ্চৰ জৰিয়তে আৰম্ভ হৈছে। ইয়াৰ ফলত দুর্নীতি দমনৰ সমান্তৰালভাৱে চৰকাৰী প্ৰস্তুতকৰণ ব্যৱস্থাত স্বচ্ছতাও নিশ্চিত কৰাও সম্ভৱ হৈছে। চৰকাৰৰ সৈতে সাধাৰণ মানুহৰ যোগাযোগৰ ক্ষেত্রত কোনো মানুহকে ব্যক্তিগতভাবে উপস্থিত থকাৰ বাবে এতিয়া আৰু সময় নষ্ট কৰিব লগা নহয়।

পদ্ধতিগত ব্যবৱস্থাসমূহৰ স্বচ্ছতা প্রসাৰৰ ফলত চৰকাৰী কাম-কাজত জনসাধাৰণে এতিয়া আৰু অধিক আস্থা ৰাখিব পাৰিছে বুলি মন্তব্য কৰে প্রধানমন্ত্রীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে নাগৰিকসকলে তেওঁলোকৰ অধিকাৰ আৰু কর্তব্যৰ প্ৰতি সজাগ হোৱা উচিৎ। কেন্দ্রীয় তথ্য আয়োগও সঠিকভাবে কাম কৰি যোৱাৰ বিষয়টোক গুৰুত্ব সহকাৰে ব্যাখ্যা কৰিব পাৰে। তেওঁ কয় যে বর্তমানৰ পৰিস্থিতি আৰু ভৱিষ্যতেৰ প্ৰত্যাহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দায়িত্বশীল প্রত্যেক প্রতিষ্ঠানৰ অধিকাৰ আৰু কর্তব্যৰ মাজত ভাৰসাম্য ৰাখি চলা উচিৎ।

Click here to read PM's speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nandan Nilekani to S Somnath: Meet the experts on Centre's exam reform task-force

Media Coverage

Nandan Nilekani to S Somnath: Meet the experts on Centre's exam reform task-force
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Shilpa Kanchugarakoppalu Shyla on winning Bronze in Women’s Shot Put F57 at Commonwealth Games 2026
July 28, 2026

The Prime Minister, Shri Narendra Modi, has congratulated Shilpa Kanchugarakoppalu Shyla on winning the Bronze medal in the Women’s Shot Put F57 Final at the Glasgow Commonwealth Games 2026.

The Prime Minister said that Shilpa’s personal best throw made the achievement even more remarkable.

Shri Modi congratulated her on the accomplishment.

The Prime Minister wrote on X;

“A brilliant performance by Shilpa Kanchugarakoppalu Shyla at the Commonwealth Games 2026!

Congratulations to Shilpa for having won the Bronze Medal in the Women's Shot Put F57 Final and that too with a personal best throw. This is indeed a remarkable accomplishment.

#CWG2026”