প্ৰায় ৫,৪৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰিব লগা ‘গুৰুগ্ৰাম মেট্ৰ' ৰে'ল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰে
প্ৰায় ১,৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ‘এইমছ ৰেৱাৰী’ৰ আধাৰশিলা স্থাপন কৰে
কুৰুক্ষেত্ৰৰ জ্যোতিসাৰত পৰীক্ষামূলক সংগ্ৰহালয় 'অনুভৱ কেন্দ্ৰ' উদ্বোধন কৰে
আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক ৰেল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
ৰোহতক-মেহম-হাঁছী শাখাত ৰে’লসেৱাৰ শুভাৰম্ভ কৰে
"হাৰিয়ানাৰ ‘দ্বৈত ইঞ্জিন’ চৰকাৰ বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ"
"বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে হাৰিয়ানাৰ বিকাশ অতি গুৰুত্বপূৰ্ণ হ’ব "
"অনুভৱ কেন্দ্ৰ জ্যোতিসাৰ’-য়ে ভগৱান শ্ৰী কৃষ্ণই ‘ভগৱৎ গীতা’ত প্ৰদান কৰা পাঠৰ সৈতে বিশ্বক পৰিচয় কৰাই দিব"
এই প্ৰকল্পসমূহে নগৰপৰিবহন, স্বাস্থ্য, ৰে’ল আৰু পৰ্যটন সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ খণ্ডলৈ সেৱা আগবঢ়াব। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে অনুষ্ঠিত কৰা প্ৰদৰ্শনীসমূহো পদব্ৰজে পৰিদৰ্শন কৰে।
"আজি জম্মু-কাশ্মীৰত মহিলা, পিছপৰা, দলিত, জনজাতীয় লোকে তেওঁলোকৰ অধিকাৰ লাভ কৰিছে" বুলি তেওঁ লগতে উল্লেখ কৰে।
যোৱা ১০ বছৰত ৩০০ তকৈয়ো অধিক চিকিৎসা মহাবিদ্যালয কাৰ্যকৰী কৰা হৈছে। হাৰিয়ানাতো, প্ৰতিখন জিলাত কমেও এখন চিকিৎসা মহাবিদ্যালয় নিশ্চিত কৰাৰ কাম চলি আছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাৰিয়ানাৰ ৰেৱাৰীত ৯৭৫০ কোটি টকাৰো অধিক মূল্যৰ এলানি উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে নগৰপৰিবহন, স্বাস্থ্য, ৰে’ল আৰু পৰ্যটন সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ খণ্ডলৈ সেৱা আগবঢ়াব। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে অনুষ্ঠিত কৰা প্ৰদৰ্শনীসমূহো পদব্ৰজে পৰিদৰ্শন কৰে।

 

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে বীৰযোদ্ধাৰ জন্মভূমি ৰেৱাৰীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেওঁৰ প্ৰতি অঞ্চলটোৰ জনসাধাৰণে প্ৰদৰ্শন কৰি অহা মৰমৰ কথা উল্লেখ কৰে। ২০১৩ চনত প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ৰেৱাৰীত তেওঁৰ প্ৰথম কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ কথা স্মৰণ কৰাৰ লগতে ৰাইজে আগবঢ়োৱা শুভকামনা কৃতজ্ঞতাৰে সোঁৱৰণ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে জনসাধাৰণৰ আশীৰ্বাদ তেওঁৰ বাবে এক বৃহৎ সম্পদ। তেওঁ বিশ্বত নতুন উচ্চতালৈ উন্নীত হোৱা ভাৰতখনৰ বাবে জনসাধাৰণৰ আশীৰ্বাদক কৃতিত্ব দিয়ে। ‘ইউএই’ আৰু কাটাৰ ভ্ৰমণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বৰ মঞ্চত ভাৰতে লাভ কৰা সন্মান আৰু সদিচ্ছাৰ বাবে ভাৰতৰ জনসাধাৰণক কৃতিত্ব প্ৰদান কৰে। একেদৰে, তেওঁ কয় যে ‘জি-২০’, ‘চন্দ্ৰযান’ আৰু ভাৰতীয় অৰ্থনীতিৰ একাদশৰ পৰা পঞ্চম স্থানলৈ উত্থান, ৰাইজৰ সমৰ্থনৰ বাবে যথেষ্ট সফলতা লাভ কৰিছে। তেওঁ অনাগত বছৰবোৰত ভাৰতক বিশ্বৰ ‘তৃতীয় বৃহত্তম অৰ্থনীতি’ হিচাপে গঢ়ি তোলাৰ বাবে ৰাইজৰ আশীৰ্বাদ বিচাৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে দেশখন ‘বিকশিত ভাৰত’ হোৱাৰ বাবে হাৰিয়ানাৰ উন্নয়ন নিতান্তই প্ৰয়োজন। তেওঁ হাৰিয়ানাৰ উন্নয়নৰ বাবে সুসজ্জিত চিকিৎসালয়ৰ লগতে পথ আৰু ৰে'লপথ নেটৱৰ্কৰ আধুনিকীকৰণৰ বাবে আজি প্ৰায় ১০,০০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ কথা উল্লেখ কৰে। উন্নয়নমূলক প্ৰকল্পসমূহৰ তালিকা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে ‘এইমছ ৰেৱাৰী’, ‘গুৰুগ্ৰাম মেট্ৰ' , কেবাটাও ৰে'লপথ আৰু নতুন ৰে'লগাড়ীৰ চলাচলৰ শুভাৰম্ভ লগতে অভিজ্ঞতামূলক সংগ্ৰহালয়- ‘অনুভৱ কেন্দ্ৰ জ্যোতিসাৰ’ৰ কথা উল্লেখ কৰে। ‘অনুভৱ কেন্দ্ৰ জ্যোতিসাৰ’ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই কেন্দ্ৰই ‘ভগৱৎ গীতা’ত ভগৱান শ্ৰী কৃষ্ণই প্ৰদান কৰা পাঠৰ সৈতে বিশ্বক পৰিচয় কৰাই দিব আৰু ভাৰতীয় সংস্কৃতিত হাৰিয়ানাৰ গৌৰৱময় ভূমিৰ অৱদানক আলোকপাত কৰিব। তেওঁ আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে হাৰিয়ানাৰ জনসাধাৰণক অভিনন্দন জনায়।

 

'মোদীৰ গেৰাণ্টী' সন্দৰ্ভত ৰাষ্ট্ৰীয় আৰু আনকি গোলকীয় গুঞ্জনৰ প্ৰসংগ উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৰেৱাৰী হৈছে 'মোদীৰ গেৰাণ্টী'ৰ প্ৰথম সাক্ষী। তেওঁ এই প্ৰসংগত দেশৰ সন্মান আৰু ‘অযোধ্যা ধাম’ৰ ‘শ্ৰী ৰাম মন্দিৰ’ৰ বিষয়ে প্ৰদান কৰা গেৰাণ্টীৰ কথা স্মৰণ কৰে, যি বাস্তৱত ৰূপায়িত হৈছে। একেদৰে, প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ‘গেৰাণ্টী’ অনুসৰিয়েই ‘অনুচ্ছেদ ৩৭০’ বাতিল কৰা হৈছে। "আজি জম্মু-কাশ্মীৰত মহিলা, পিছপৰা, দলিত, জনজাতীয় লোকে তেওঁলোকৰ অধিকাৰ লাভ কৰিছে" বুলি তেওঁ লগতে উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে ৰেৱাৰীত প্ৰাক্তন সৈনিকসকলক 'এক পদ এক পেঞ্চন'ৰ ‘গেৰাণ্টী’ প্ৰদান কৰাৰ কথা স্মৰণ কৰে আৰু এতিয়ালৈকে প্ৰায় ১ লাখ কোটি টকা প্ৰদান কৰা বুলি তথ্য অৱগত কৰে, য'ত হাৰিয়ানাৰ বহু প্ৰাক্তন সৈনিকেও ইয়াৰ লাভ আদায় কৰিব পাৰিছে। ৰেৱাৰীত প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে অ'আৰঅ'পিৰ হিতাধিকাৰীসকলে এতিয়ালৈকে ৬০০ কোটিতকৈয়ো অধিক টকা লাভ কৰিছে। তেওঁ এইটোও আঙুলিয়াই দিয়ে যে পূৰ্বৰ চৰকাৰে অ'আৰঅ'পি-ৰ বাবে ৫০০ কোটি টকাৰ বাজেটহে নিৰ্ধাৰণ কৰিছিল, যিটো কেৱল ৰেৱাৰীৰ সৈনিকসকলৰ পৰিয়ালে লাভ কৰা পৰিমাণতকৈয়ো কম। ৰেৱাৰীত ‘এইমছ’ স্থাপনৰ ‘গেৰাণ্টী’ আজিৰ আধাৰশিলা স্থাপনৰ জৰিয়তে একেদৰেই পূৰণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি কয় যে তেওঁ ‘ৰেৱাৰী এইমছ’ৰো শুভ উদ্বোধন কৰিবহি। তেওঁ কয় যে ই স্থানীয় নাগৰিকসকলৰ বাবে উন্নত চিকিৎসা আৰু চিকিৎসক হোৱাৰ সুযোগ নিশ্চিত কৰিব। ‘ৰেৱাৰী এইমছ’ দেশৰ ২২ সংখ্যক ‘এইমছ’ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে যোৱা ১০ বছৰত ১৫ খন নতুন ‘এইমছ’লৈ অনুমোদন জনোৱা হৈছে। যোৱা ১০ বছৰত ৩০০ তকৈয়ো অধিক চিকিৎসা মহাবিদ্যালয কাৰ্যকৰী কৰা হৈছে। হাৰিয়ানাতো, প্ৰতিখন জিলাত কমেও এখন চিকিৎসা মহাবিদ্যালয় নিশ্চিত কৰাৰ কাম চলি আছে।

 

প্ৰধানমন্ত্ৰীয়ে বৰ্তমান আৰু বিগত চৰকাৰৰ ভাল আৰু বেয়া শাসনৰ তুলনাত্মক আলোচনা আগবঢ়ায় আৰু যোৱা ১০টা বছৰত হাৰিয়ানাত ‘দ্বৈত ইঞ্জিন’ চৰকাৰৰ উপস্থিতিত আলোকপাত কৰে। তেওঁ জনাই যে দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা নীতিসমূহ ৰূপায়ণৰ কৰাৰ ক্ষেত্ৰত ৰাজ্যখন শীৰ্ষস্থানত আছে। তেওঁ কৃষিখণ্ডত হাৰিয়ানাৰ বিকাশ আৰু ৰাজ্যখনৰ উদ্যোগসমূহৰ সম্প্ৰসাৰণৰ কথাও উল্লেখ কৰে। তেওঁ সেয়া পথেই হওক কিম্বা ৰে'ল বা মেট্ৰ' সেৱাই হওক, দক্ষিণ হাৰিয়ানাত দ্ৰুত গতিত সম্পন্ন হোৱা উন্নয়নৰ কথাও উল্লেখ কৰে, যিটো অঞ্চল কেবা দশক ধৰি পিছ পৰি আছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ‘দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’’ৰ ‘দিল্লী-দৌচা-লালছত’ শাখাৰ প্ৰথম পৰ্যায় ইতিমধ্যে উদ্বোধন কৰা হৈছে বুলি উল্লেখ কৰি ভাৰতৰ আটাইতকৈ দীঘল ‘এক্সপ্ৰেছৱে’ ‘দিল্লী-মুম্বাই এক্সপ্ৰেছৱে’ হাৰিয়ানাৰ গুৰুগ্ৰাম, পালৱাল আৰু নুহ জিলাৰ মাজেৰে পাৰ হৈ গৈছে বুলি জানিবলৈ দিয়ে।

প্ৰধানমন্ত্ৰী মোদীয়ে জানিবলৈ দিয়ে যে ২০১৪ চনৰ আগতে হাৰিয়ানাৰ বাৰ্ষিক ৰে'ল বাজেট গড়ে প্ৰায় ৩০০ কোটি টকা আছিল, এতিয়া যোৱা ১০ বছৰত ৩,০০০ কোটি টকালৈ বৃদ্ধি কৰা হৈছে। তেওঁ ‘ৰোহতক-মেহম-হাঁচী’ আৰু ‘জিন্দ-সোনিপত’ৰ বাবে নতুন ৰে'লপথ আৰু ‘আম্বালা কেণ্ট-দাপ্পাৰ’ৰ দৰে পথছোৱাৰ দ্বৈতকৰণৰ কথা উল্লেখ কৰি কয় যে ই লাখ লাখ লোকক লাভান্বিত কৰাৰ লগতে জীৱনধাৰণৰ সহজতা আৰু ব্যৱসায় কৰাৰ সহজতা বৃদ্ধি কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনত পানী সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ কামৰ প্ৰশংসা কৰে, যিটো এতিয়া যুৱপ্ৰজন্মৰ বাবে নিযুক্তি সৃষ্টি কৰা শ শ বহুজাতিক প্ৰতিষ্ঠানৰ বাসস্থানত পৰিণত হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে কৈছিল যে বস্ত্ৰ আৰু পোছাক উদ্যোগৰ ক্ষেত্ৰত হাৰিয়ানাই নিজৰ বাবে এক বৃহৎ পৰিচিতি গঢ়ি তুলিছে যিয়ে ৩৫ শতাংশতকৈ অধিক কাৰ্পেট ৰপ্তানি কৰে আৰু ভাৰতৰ প্ৰায় ২০ শতাংশ পোছাক নিৰ্মাণ কৰে। হাৰিয়ানাৰ বস্ত্ৰ উদ্যোগক আগুৱাই নিয়া ক্ষুদ্ৰ উদ্যোগসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পানীপত হস্ততাঁত সামগ্ৰীৰ বাবে, ফৰিদাবাদ বস্ত্ৰ উৎপাদনৰ বাবে, ‘গুৰুগ্ৰাম ৰেডিমেড পোছাক’ৰ বাবে গুৰুগ্ৰাম, ‘কাৰিকৰী বস্ত্ৰ’ৰ বাবে সোনিপত ‘টেকনিকেল বস্ত্ৰ’ৰ বাবে ভিৱানী ‘নন-উভেন’ বস্ত্ৰৰ বাবে জনাজাত। প্ৰধানমন্ত্ৰীয়ে বিগত ১০ বছৰত ‘এমএছএমই’ আৰু ক্ষুদ্ৰ উদ্যোগসমূহক লাখ লাখ কোটি টকাৰ সাহায্য প্ৰদান কৰাৰ লগতে ৰাজ্যখনত হাজাৰ হাজাৰ নতুন উদ্যোগ স্থাপন, পুৰণি ক্ষুদ্ৰ উদ্যোগ আৰু কুটিৰ উদ্যোগসমূহ শক্তিশালী হোৱাৰ প্ৰসংগ উল্লেখ কৰে।

 

ৰেৱাৰীত ‘বিশ্বকৰ্মাসকল’ৰ পিতলৰ কাৰুশিল্প আৰু হস্তশিল্পৰ সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ১৮টা বৃত্তিৰ সৈতে সম্পৰ্কিত এনে পৰম্পৰাগত শিল্পীসকলৰ বাবে ‘প্ৰধানমন্ত্ৰী-বিশ্বকৰ্মা যোজনা’ৰ শুভাৰম্ভ কৰাৰ কথা উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়ে যে সমগ্ৰ দেশৰ লাখ লাখ হিতাধিকাৰী ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা’ৰ অংশ হৈ পৰিছে আৰু চৰকাৰে আমাৰ পৰম্পৰাগত শিল্পী আৰু তেওঁলোকৰ পৰিয়ালৰ জীৱন সলনি কৰিবলৈ ১৩,০০০ কোটি টকা ব্যয় কৰিবলৈ আগবাঢ়িছে।

 

"মোদীৰ ‘গেৰাণ্টী’ তেওঁলোকৰ বাবে, যাৰ বেংকসমূহক ‘গেৰাণ্টী’ দিয়াৰ বাবে সম্বল নাই", প্ৰধানমন্ত্ৰীয়ে কয়, তেওঁ ক্ষুদ্ৰ কৃষকসকলক প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি, দৰিদ্ৰ, দলিত, পিছপৰা আৰু ‘অ'বিচি’ সম্প্ৰদায়ক বন্ধকী-মুক্ত ঋণৰ বাবে ‘মুদ্ৰা যোজনা’ আৰু পথৰ দাঁতিৰ বেপাৰীসকলৰ বাবে ‘প্ৰধানমন্ত্ৰী স্বনিধি যোজনা’ প্ৰদানৰ ব্যৱস্থা কৰিছে।

 

ৰাজ্যখনৰ মহিলাসকলৰ কল্যাণ সাধনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিনামূলীয়া গেছ সংযোগ আৰু টেপৰ পানী যোগানৰ লগতে সমগ্ৰ দেশৰ ১০ কোটি মহিলাক হাৰিয়ানাৰ লাখ-লাখ মহিলা তথা আত্মসহায়ক গোটৰ সৈতে সংযোগৰ কথা উল্লেখ কৰে। লগতে এই আত্মসহায়ক গোটসমূহৰ বাবে লাখ-লাখ কোটি টকাৰ আৰ্থিক সাহায্যৰ কথাও উল্লেখ কৰে। লাখপতি দিদি আঁচনি সম্পৰ্কে ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে এইবাৰৰ বাজেটত তেওঁলোকৰ সংখ্যা ৩ কোটিলৈ বৃদ্ধিৰ পৰিকল্পনাৰ সমান্তৰালকৈ এতিয়ালৈকে ১ কোটি মহিলা লাখপতি দিদি হৈ উঠিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে নমো ড্ৰোন দিদি আঁচনিৰ কথাও উল্লেখ কৰে। ইয়াৰ জৰিয়তে মহিলাৰ গোটসমূহক কৃষি খণ্ডত কাম কৰিবলৈ প্ৰশিক্ষণ দিয়া হয়, যাৰ ফলত তেওঁলোকৰ বাবে অতিৰিক্ত আয়ৰ সৃষ্টি হয়।

 

“হাৰিয়ানা এখন বিশাল সম্ভাৱনাপূৰ্ণ ৰাজ্য” বুলি উল্লেখেৰে হাৰিয়ানাৰ প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ উজ্জ্বল ভৱিষ্যতৰ ওপৰত গুৰুত্ব আৰোপ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে আঙুলিয়াই দিয়ে যে ডাবল ইঞ্জিন চৰকাৰে হাৰিয়ানাক এখনি উন্নত ৰাজ্য হিচাপে গঢ়ি তোলাৰ লগতে প্ৰযুক্তি বা বস্ত্ৰশিল্প, পৰ্যটন বা বাণিজ্যই হওঁক প্ৰতিটো খণ্ডতে নতুনকৈ কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ চেষ্টা চলাইছে। “হাৰিয়ানাই বিনিয়োগৰ বাবে এখনি অনুকূল ৰাজ্য হিচাপে আত্মপ্ৰকাশ কৰিছে আৰু বিনিয়োগ বৃদ্ধিৰ অৰ্থ হৈছে নতুন চাকৰিৰ সুযোগ বৃদ্ধি”, এইবুলি কৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ভাষণৰ সামৰণি মাৰে।

এই কাৰ্য্যসূচীত হাৰিয়ানাৰ ৰাজ্যপাল বন্দৰু দত্তাত্ৰেয় আৰু হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল খট্টৰকে প্ৰমুখ্য কৰি হাৰিয়ানা চৰকাৰৰ আন-আন মন্ত্ৰী আৰু বিধায়কসকলো উপস্থিত থাকে।

পটভূমিঃ

প্রধানমন্ত্রীগৰাকীয়ে প্রায় ৫,৪৫০ কোটি টকা ব্যয় সাপেক্ষে উন্নীত হ’বলগীয়া গুৰুগ্রাম মেট্ৰ’ ৰেল প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। মুঠ ২৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই প্ৰকল্পটোৱে মিলেনিয়াম চিটি চেন্টাৰক উদ্যোগ বিহাৰ ফেজ-৫ৰ সৈতে সংযোগেৰে চাইবাৰ চিটিৰ সমীপৰ মৌলছাৰী এভিনিউ ষ্টেচনত ৰেপিড মেট্ৰ’ ৰেলক গুৰুগ্ৰামৰ বৰ্তমানৰ মেট্ৰ’ নেটৱৰ্কৰে একত্ৰিত কৰিব। ইয়াৰ উপৰিও, দ্বাৰকা এক্সপ্ৰেছৱেত ইয়াৰ স্পাৰ থাকিব। নাগৰিকসকলক বিশ্বমানৰ পৰিবেশ অনুকূল, দ্ৰুত নগৰীয়া পৰিবহণ ব্যৱস্থা প্ৰদানৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টি বাস্তৱায়িতকৰণৰ দিশত এই প্ৰকল্পটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচিত হৈছে।

 

সমগ্ৰ দেশতে জনস্বাস্থ্যৰ আন্তঃগাঁথনি সুদৃঢ়কৰণৰ অৰ্থে প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিৰে সংগতি ৰাখি হাৰিয়ানাৰ ৰেৱাৰীত সৰ্ব-ভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠান (AIIMS)ৰ আধাৰশিলা স্থাপন কৰা হৈছে। প্ৰায় ১,৬৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এইমছখনি ২০৩ একৰ মাটিত স্থাপন কৰা হ’ব। ইয়াত ৭২০ খন বিছনাযুক্ত হাস্পতাল কমপ্লেক্স, ১০০ খন আসনৰ মেডিকেল কলেজ, ৬০ খন আসনৰ নাৰ্চিং কলেজ, ৩০ খন বিছনাযুক্ত আয়ুষ ব্লক, অধ্যাপক আৰু কৰ্মচাৰীৰ বাবে থকাৰ ব্যৱস্থা, ইউজি আৰু পিজিৰ ছাত্ৰ-ছাত্ৰীৰ বাবে হোষ্টেলৰ ব্যৱস্থা, নাইট শ্বেল্টাৰ, গেষ্ট হাউচ আদিৰ ব্যৱস্থা থাকিব। এই স্বাস্থ্য প্ৰতিষ্ঠানে হাৰিয়ানাৰ জনসাধাৰণক সৰ্বাংগীন, মানসম্পন্ন আৰু সামগ্ৰিক স্বাস্থ্য সেৱা আগবঢ়াব। এই সুবিধাসমূহৰ ভিতৰত আছে কাৰ্ডিঅ’লজি, গেষ্ট্ৰ’এন্টেৰ’লজি, নেফ্ৰ’লজি, ইউৰ’লজি, নিউৰ’লজি, নিউৰ’চাৰ্জাৰী, মেডিকেল অংক’লজি, চাৰ্জিকেল অংক’লজি, এণ্ডক্ৰাইন’লজি, বাৰ্নছ আৰু প্লাষ্টিক চাৰ্জাৰীকে ধৰি ১৮ টা স্পেচিয়েলিটি আৰু ১৭ টা ছুপাৰ স্পেচিয়েলিটিত ৰোগীসকলৰ যত্ন লোৱা হ’ব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কুৰুক্ষেত্ৰত নৱ-নিৰ্মিত অনুভৱ কেন্দ্ৰ জ্যোতিষৰ উদ্বোধন কৰে। প্ৰায় ২৪০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই সংগ্ৰহালয়। ১৭ একৰৰো অধিক ভূমিত বিস্তৃত এই সংগ্ৰহালয়টোৱে এক লাখ বৰ্গফুটৰো অধিক মজিয়া সামৰি লৈছে। ই মহাভাৰতৰ মহাকাব্যিক আখ্যান আৰু গীতাৰ শিক্ষাক প্ৰাঞ্জলভাৱে জীৱন্ত কৰি তুলিব। সংগ্ৰহালয়টোৱে দৰ্শনাৰ্থীৰ অভিজ্ঞতাক সমৃদ্ধ কৰিবলৈ অগমেন্টেড ৰিয়েলিটি (AR), থ্ৰীডি লেজাৰ আৰু প্ৰজেকচন মেপিংকে ধৰি অত্যাধুনিক প্ৰযুক্তিৰো ব্যৱহাৰ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে একাধিক ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন তথা ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহ হৈছেঃ ৰেৱাৰী-কাঠুৱা ৰেল লাইনৰ (২৭.৭৩ কিলোমিটাৰ) দ্বৈতকৰণ; কাঠুৱা-নাৰনাউল ৰেলপথৰ দ্বৈতকৰণ (২৪.১২ কিলোমিটাৰ); ভীৱানী-দোভ ভলী ৰেলপথৰ দ্বৈতকৰণ (৪২.৩০ কিলোমিটাৰ) আৰু মানহেৰু-বাৱানী খেৰা ৰেল লাইনৰ (৩১.৫০ কিলোমিটাৰ) দ্বৈতকৰণ। এই ৰেলপথসমূহৰ দ্বৈতকৰণে অঞ্চলটোৰ ৰেল আন্তঃগাঁথনিৰ বৰ্ধন ঘটাব আৰু যাত্ৰীবাহী তথা মালবাহী উভয় ৰেলসমূহ সময়মতে চলোৱাত সহায়ক হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ বাবে উৎসৰ্গা কৰা ৰোহটক-মেহাম-হাঁছি ৰে’লপথে (৬৮ কিলোমিটাৰ) ৰোহটক আৰু হিছাৰৰ মাজত যাত্ৰাৰ সময় হ্ৰাস কৰিব।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade

Media Coverage

India’s Agricultural Transformation: How India’s Agri sector transformed over the last decade
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over the mishap at the Visakhapatnam Steel Plant
June 08, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed sadness over the mishap at the Visakhapatnam Steel Plant. The Prime Minister extended his condolences to those who have lost their loved ones and prayed that the injured recover at the earliest. He noted that the local authorities are providing all possible assistance to those affected.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister's National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The Prime Minister added that the injured would be given Rs. 50,000.

The Prime Minister posted on X:

"Saddened by the mishap at the Visakhapatnam Steel Plant. Condolences to those who have lost their loved ones. Praying that the injured recover at the earliest. The local authorities are providing all possible assistance to those affected.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"