প্ৰায় ৫,৪৫০ কোটি টকা ব্যয়েৰে বিকশিত কৰিব লগা ‘গুৰুগ্ৰাম মেট্ৰ' ৰে'ল প্ৰকল্প’ৰ আধাৰশিলা স্থাপন কৰে
প্ৰায় ১,৬৫০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ‘এইমছ ৰেৱাৰী’ৰ আধাৰশিলা স্থাপন কৰে
কুৰুক্ষেত্ৰৰ জ্যোতিসাৰত পৰীক্ষামূলক সংগ্ৰহালয় 'অনুভৱ কেন্দ্ৰ' উদ্বোধন কৰে
আধাৰশিলা স্থাপন কৰাৰ লগতে একাধিক ৰেল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
ৰোহতক-মেহম-হাঁছী শাখাত ৰে’লসেৱাৰ শুভাৰম্ভ কৰে
"হাৰিয়ানাৰ ‘দ্বৈত ইঞ্জিন’ চৰকাৰ বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ"
"বিকশিত ভাৰত গঢ়ি তোলাৰ বাবে হাৰিয়ানাৰ বিকাশ অতি গুৰুত্বপূৰ্ণ হ’ব "
"অনুভৱ কেন্দ্ৰ জ্যোতিসাৰ’-য়ে ভগৱান শ্ৰী কৃষ্ণই ‘ভগৱৎ গীতা’ত প্ৰদান কৰা পাঠৰ সৈতে বিশ্বক পৰিচয় কৰাই দিব"
এই প্ৰকল্পসমূহে নগৰপৰিবহন, স্বাস্থ্য, ৰে’ল আৰু পৰ্যটন সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ খণ্ডলৈ সেৱা আগবঢ়াব। শ্ৰী মোদীয়ে অনুষ্ঠানটোৰ সৈতে অনুষ্ঠিত কৰা প্ৰদৰ্শনীসমূহো পদব্ৰজে পৰিদৰ্শন কৰে।
"আজি জম্মু-কাশ্মীৰত মহিলা, পিছপৰা, দলিত, জনজাতীয় লোকে তেওঁলোকৰ অধিকাৰ লাভ কৰিছে" বুলি তেওঁ লগতে উল্লেখ কৰে।
যোৱা ১০ বছৰত ৩০০ তকৈয়ো অধিক চিকিৎসা মহাবিদ্যালয কাৰ্যকৰী কৰা হৈছে। হাৰিয়ানাতো, প্ৰতিখন জিলাত কমেও এখন চিকিৎসা মহাবিদ্যালয় নিশ্চিত কৰাৰ কাম চলি আছে।

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

বীৰৰ জন্মভূমি ৰেৱাৰীৰ পৰা সমগ্ৰ হাৰিয়ানালৈ ৰাম-ৰাম! যেতিয়াই মই ৰেৱাৰীলৈ আহো, বহুতো পুৰণি স্মৃতিয়ে মনত ভূমুকি মাৰেহি। ৰেৱাৰীৰ সৈতে মোৰ সম্পৰ্ক নিতান্তই পৃথক। মই জানো ৰেৱাৰীৰ মানুহে মোদীক বাৰুকৈয়ে ভাল পায়। আৰু অলপ আগতে মাত্ৰ মোৰ বন্ধু ৰাও ইন্দ্ৰজিৎ জীয়ে কোৱাৰ দৰে, মুখ্যমন্ত্ৰী মনোহৰ লালজীয়ে কোৱাৰ দৰে ২০১৩ চনত যেতিয়া ‘ভাৰতীয় জনতা পাৰ্টী’য়ে মোক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছিল, মোৰ প্ৰথম কাৰ্যসূচী ৰেৱাৰীত অনুষ্ঠিত হৈছিল আৰু সেই সময়ত ৰেৱাৰীয়ে ‘২৭২’ অতিক্ৰম কৰাৰ আশীৰ্বাদ দিছিল। আৰু আপোনালোকৰ সেই আশীৰ্বাদ বাস্তৱ হৈছিল। এতিয়াও মানুহে কৈছে যে মই আকৌ এবাৰ ৰেৱাৰীলৈ আহিছোঁ, গতিকে আপোনালোকৰ আশীৰ্বাদ হৈছে, এইবাৰ ৪০০ পাৰ, এন ডি এ চৰকাৰ ৪০০ পাৰ, অৰ্থাত এনডিএই ৪০০ অতিক্ৰম কৰি চৰকাৰ গঠন কৰিব।

 

বন্ধুসকল,

গণতন্ত্ৰত আসনৰ সংখ্যা নিতান্তই গুৰুত্বপূৰ্ণতো হয়েই, কিন্তু, তাৰ লগতে জনতা-জনাৰ্দ্দনৰ আশীৰ্বাদ হৈছে মোৰ বাবে বহুত ডাঙৰ সম্পদ। আজি যে ভাৰতে সমগ্ৰ বিশ্বতে নতুন উচ্চতাত উপনীত হ’বলৈ সক্ষম হৈছে, এয়া আপোনালোক সকলোৰে আশীৰ্বাদৰ বাবেই হৈছে, ই আপোনালোকৰ আশীৰ্বাদৰে সম্ভৱ হোৱা এক আশ্চৰ্য। দুদেশীয় ভ্ৰমণৰ পিছত মই যোৱা নিশা ভাৰতলৈ উভতি আহিছোঁ। ভাৰতে আজি ‘ইউএই’ আৰু কাটাৰত যি ধৰণৰ সন্মান লাভ কৰিছে, প্ৰতিটো কোণৰ পৰাই ভাৰতে শুভকামনা লাভ কৰিছে। সেই সন্মান কেৱল মোদীৰ নহয়। সেই সন্মান আপোনালোক সকলোৰে, প্ৰতিগৰাকী ভাৰতীয়ৰে। ভাৰতে সফলতাৰে ‘জি-২০ সন্মিলন’ অনুষ্ঠিত কৰিছে, সেয়ও আপোনালোকৰ আশীৰ্বাদৰেই সম্ভৱ হৈছে। ভাৰতৰ ত্ৰিৰংগ পতাকা চন্দ্ৰত উত্তোলিত হৈছে, য'ত কোনো উপস্থিত হ'বগৈ পৰা নাছিল, সেয়াও আপোনালোকৰ আশীৰ্বাদৰেই সম্ভৱ হৈছিল। ১০টা বছৰত ভাৰত ১১ নম্বৰৰ পৰা ৫ নম্বৰ অৰ্থনৈতিক মহাশক্তি লৈ উঠিল, আপোনালোকৰ আশীৰ্বাদৰ বাবেই এয়া সম্ভৱ হ’ল। আৰু এতিয়া মই মোৰ তৃতীয়টো কাৰ্যকালত, আগন্তুক বছৰচেৰেকত ভাৰতক ‘বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি’ হিচাপে গঢ়ি তুলিবলৈ মোক আপোনালোকৰ আশীৰ্বাদৰ প্ৰয়োজন।

হাৰিয়ানাৰ মোৰ ভাই-ভনীসকল,

উন্নত ভাৰত গঢ়ি তুলিবলৈ হাৰিয়ানাৰ বিকাশ অতি গুৰুত্বপূৰ্ণ। আৰু হাৰিয়ানা তেতিয়াহে বিকশিত হ'ব যেতিয়া ইয়াত আধুনিক পথ নিৰ্মাণ কৰা হ'ব। হাৰিয়ানা তেতিয়াহে বিকশিত হ'ব যেতিয়া ৰে’লপথৰ আধুনিক ‘নেটৱৰ্ক’ গঢ়ি উঠিব। হাৰিয়ানা তেতিয়াহে বিকশিত হ'ব যেতিয়া ডাঙৰ আৰু ভাল চিকিৎসালয় স্থাপিত হ’ব। অলপ আগতে মাত্ৰ মই প্ৰায় ১০,০০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্প হাৰিয়ানাক হস্তান্তৰ কৰাৰ সুযোগ পাইছোঁ। ইয়াত ‘ৰেৱাৰী এইমছ’, ‘গুৰুগ্ৰাম মেট্ৰ' সেৱা’, বহুতো ৰে’লপথ, নতুন ৰে’লৰ চলাচলৰ আৰম্ভণি সামৰি লোৱা হৈছে। তাৰে ভিতৰত ‘জ্যোতিসাৰ’ত ‘কৃষ্ণ চাৰ্কিট’ পৰিকল্পনাৰে নিৰ্মিত এটা আধুনিক আৰু বিশাল সংগ্ৰহালয়ো আছে। আৰু ভগৱান ৰামৰ আশীৰ্বাদ এনেকুৱা যে আজিকালি মই সকলো ঠাইতে এনে ধৰণৰ ধাৰ্মিক কামৰ সৈতে সংযোগ স্থাপন কৰাৰ সুযোগ পোৱা হৈছোঁ, এয়া হৈছে ৰামজীৰ কৃপা। এই সংগ্ৰহালয়টোৱে ভগৱান কৃষ্ণৰ ‘গীতা বাৰ্তা’ আৰু এই পবিত্ৰ ভূমিখণ্ডৰ ভূমিকাৰ বিষয়ে বিশ্বক পৰিচিত কৰিব। এই সুবিধাসমূহৰ বাবে মই ৰেৱাৰীকে ধৰি সমগ্ৰ হাৰিয়ানাবাসীক অভিনন্দন জনাইছোঁ।

 

ভাই-ভনীসকল,

আজিকালি দেশ আৰু বিশ্বত মোদীৰ ‘গেৰাণ্টী’ৰ বিষয়ে যথেষ্ট আলোচনা চলিবলৈ লৈছে। আৰু ৰেৱাৰী আকৌ মোদীৰ ‘গেৰাণ্টী’ৰ প্ৰথম সাক্ষী আছিল। ইয়াত, প্ৰধানমন্ত্ৰী পদৰ এগৰাকী প্ৰাৰ্থী হিচাপে মই দেশক কিছুমান ‘গেৰাণ্টী’ দিছিলো। দেশখনে বিচাৰিছিল যে বিশ্বত ভাৰতৰ বিশ্বাসযোগ্যতা বৃদ্ধি পাওক। এয়া আমি কৰি দেখুৱালোঁ। দেশখনে বিচাৰিছিল যে অযোধ্যাত এটা বিশাল ৰাম মন্দিৰ নিৰ্মাণ কৰা হওক। আজি সমগ্ৰ দেশে ‘বিৰাজে ৰাম লাল্লা’ৰ বিশাল ৰাম মন্দিৰ দৰ্শন কৰিবলৈ লৈছে। তদুপৰি, আমাৰ ভগৱান ৰামক কাল্পনিক বুলি কোৱা কংগ্ৰেছৰ লোকসকলে, যিসকলে কেতিয়াও অযোধ্যাত ভগৱান ৰামৰ মন্দিৰ নিৰ্মাণ হোৱাটো বিচৰা নাছিল, তেওঁলোকে ‘জয় চিয়া ৰাম’ উচ্চাৰণ কৰিবলৈ আৰম্ভ কৰিছে।

বন্ধুসকল,

কংগ্ৰেছে কেবা দশক ধৰি জম্মু আৰু কাশ্মীৰৰ পৰা ‘অনুচ্ছেদ ৩৭০’ আঁতৰোৱাত বাধা দি আহিছিল। মই আপোনালোকক ‘গেৰাণ্টী’ দিছিলো যে মই জম্মু আৰু কাশ্মীৰৰ পৰা ‘অনুচ্ছেদ ৩৭০’ আঁতৰোৱাৰ ব্যৱস্থা কৰিম। আজি কংগ্ৰেছৰ হেজাৰ চেষ্টা স্বত্বেও ইতিহাসৰ পৃষ্ঠাৰ পৰা ‘অনুচ্ছেদ-৩৭০’ হেৰাই যাবলৈ বাধ্য হৈছে। আজি জম্মু-কাশ্মীৰৰ মহিলা, দলিত, পিছপৰা শ্ৰেণী, জনজাতীয় লোকসকলে তেওঁলোকৰ অধিকাৰ লাভ কৰিছে। সেয়েহে ৰাইজে আন এটা প্ৰস্তাৱ লৈছে আৰু ৰাইজে কৈছে, আপোনালোকে কৈছে- ‘যিজনে ৩৭০ আঁতৰাইছিল সেই বিজেপিক ৩৭০খন আসনৰে তিলক পিন্ধোৱা হ'ব’। বিজেপিৰ ৩৭০ খন আসনেই এন ডি এক ৪০০ৰ ঘৰ অতিক্ৰম কৰাব।

বন্ধুসকল,

এই ৰেৱাৰীতে মই প্ৰাক্তন সৈনিকসকলক ‘এক পদ এক পেঞ্চন’ ব্যৱস্থা বলবত্কৰণৰ ‘গেৰাণ্টী’ দিছিলো। কংগ্ৰেছে মাত্ৰ ৫০০ কোটি টকা দেখুৱাই ‘এক পদ এক পেঞ্চন’ কাৰ্যকৰী কৰিম বুলি মিছা মাতিছিল। ৰেৱাৰীৰ বীৰভূমিত গ্ৰহণ কৰা সেই সংকল্প মই আপোনালোকৰ আশীৰ্বাদেৰে পূৰণ কৰিছো। এই পৰ্যন্ত, ‘অ’আৰঅ’পি’-ৰ অধীনত, ‘এক পদ এক পেঞ্চন’ৰ অধীনত প্ৰাক্তন সৈনিকসকলে প্ৰায় এক লাখ কোটি টকা লাভ কৰিছে। আৰু ইয়াৰ দ্বাৰা লাভান্বিত হোৱা হিতাধিকাৰীসকলৰ ভিতৰত হাৰিয়ানাৰ প্ৰাক্তন সৈনিকসকলো আছে। কেৱল ৰেৱাৰীৰ সৈনিকসকলৰ পৰিয়ালৰ বিষয়ে ক'লে, তেওঁলোকে ‘অ'আৰঅ'পি’ৰ পৰা ৬০০ কোটি টকাৰো অধিক লাভ কৰিছে। আপোনালোকে মোক কওকচোন, ৰেৱাৰীৰ সৈনিকসকলৰ পৰিয়ালে লাভ কৰা ধনৰ পৰিমাণতকৈ কংগ্ৰেছে সমগ্ৰ দেশৰ প্ৰাক্তন সৈনিকসকলৰ বাবে বাজেটত ৰখা ধনৰ পৰিমাণ কম নাছিলনে, মাত্ৰ ৫০০ কোটি। এনে মিছা কথা আৰু প্ৰৱঞ্চনাৰ বাবেই দেশখনে কংগ্ৰেছক প্ৰত্যাখ্যান কৰিছে।

 

বন্ধুসকল,

মই ৰেৱাৰীৰ বাসিন্দা আৰু হাৰিয়ানাৰ পৰিয়ালসমূহকো ইয়াত ‘এইমছ’ স্থাপন কৰাৰ ‘গেৰাণ্টী’ দিছিলো। আজি ইয়াত ‘এইমছ’ নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আৰু আমাৰ ৰাও ইন্দ্ৰজিতে এই কামটোৰ বাবে নেৰানেপেৰাকৈ, তেওঁ কথা কম কয়, কিন্তু তেওঁ যিটো কৰিম বুলি ভাবে তাৰ বাবে উঠি-পৰি লাগি থাকে। আজি ‘এইমছ’ৰ আধাৰশিলা স্থাপন কৰা হৈছে, সেয়েহে মই ‘গেৰাণ্টী’ দিছো, আৰু মই আপোনালোকক ক'ম যে আজি আধাৰশিলা স্থাপন কৰা হৈছে। আৰু উদ্বোধনো আমিয়েই কৰিমহি। আৰু ইয়াৰ জৰিয়তে আপোনালোকে উন্নত চিকিৎসা লাভতো কৰিবই, যুৱক-যুৱতীসকলে চিকিৎসক হোৱাৰ সুযোগো পাব। আৰু নিযুক্তি আৰু স্ব-নিয়োজনৰ বাবে বহুতো সুযোগ ওলাব। দেশৰ ২২ সংখ্যক ‘এইমছ’খন ৰেৱাৰীত নিৰ্মাণ কৰা হৈছে। যোৱা ১০টা বছৰত ১৫খন নতুন ‘এইমছ’লৈ অনুমোদন জনোৱা হৈছে। স্বাধীনতাৰ পৰা ২০১৪ চনলৈকে দেশত প্ৰায় ৩৮০ খন চিকিৎসা মহাবিদ্যালয়হে আছিল। যোৱা ১০টা বছৰত ৩০০তকৈয়ো অধিক নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছে। হাৰিয়ানাতো প্ৰতিখন জিলাত কমেও এখন চিকিৎসা মহাবিদ্যালয় স্থাপন কৰাৰ কাম দ্ৰুত গতিত চলি আছে।

বন্ধুসকল,

মই বহুতো ‘গেৰাণ্টী’ গণিব পাৰোঁ যিবোৰ মোৰ দেশবাসীৰ আশীৰ্বাদত পূৰণ কৰা হৈছে। কিন্তু, কংগ্ৰেছৰ ‘ট্ৰেক ৰেকৰ্ড’ কি? কংগ্ৰেছৰ ‘ট্ৰেক ৰেকৰ্ড’ হৈছে দেশৰ জনসংখ্যাৰ আধাতকৈ অধিক লোকক কেবা দশক ধৰি সৰু সৰু প্ৰয়োজনীয়তাসমূহৰ পৰা বঞ্চিত কৰি ৰখা, ত্ৰস্তমান কৰি ৰখা। কংগ্ৰেছৰ ‘ট্ৰেক ৰেকৰ্ড’ হ'ল কেৱল এটা পৰিয়ালৰ স্বাৰ্থক দেশ আৰু দেশবাসীৰ স্বাৰ্থতকৈ অধিক বুলি ভবা। কংগ্ৰেছৰ ‘ট্ৰেক ৰেকৰ্ড’ হৈছে ইতিহাসৰ আটাইতকৈ ডাঙৰ কেলেংকাৰীৰ। সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদক উত্সাহিত কৰাৰো এক ‘ট্ৰেক ৰেকৰ্ড’ আছে কংগ্ৰেছৰ। সেনা আৰু সামৰিক বাহিনী দুয়োকে দুৰ্বল কৰাৰ এক ‘ট্ৰেক ৰেকৰ্ড’ আছে কংগ্ৰেছৰ। এই কথাবোৰ মনত ৰখাটো গুৰুত্বপূৰ্ণ, কিয়নো আজিও কংগ্ৰেছ দল একে, নেতা একে, উদ্দেশ্য একে আৰু তেওঁলোকৰ আনুগত্যও একেটা পৰিয়ালৰ বাবেই। গতিকে নীতিও একেই হ'ব, য'ত লুণ্ঠন, দুৰ্নীতি আৰু ধ্বংস থাকিব।

বন্ধুসকল,

কংগ্ৰেছে ভাবে যে ক্ষমতাত থকাটো তেওঁলোকৰ জন্মসিদ্ধ অধিকাৰ। সেয়েহে দৰিদ্ৰৰ এই পুত্ৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছৰে পৰা তেওঁলোকে মোৰ বিৰুদ্ধে এটাৰ পিছত এটাকৈ ষড়যন্ত্ৰ কৰি আহিছে। কিন্তু ঈশ্বৰৰূপী জনতা-জনাৰ্দ্দনৰ আশীৰ্বাদ মোৰ লগত আছে। কংগ্ৰেছৰ প্ৰতিটো ষড়যন্ত্ৰৰ সন্মুখত, ৰাইজে ঢাল হিচাপে থিয় দিয়েহি। কংগ্ৰেছে যিমানেই ষড়যন্ত্ৰ কৰে, ৰাইজে মোক সিমানেই শক্তিশালী কৰে, তেওঁলোকৰ আশীৰ্বাদ দিয়ে। এইবাৰো, কংগ্ৰেছে মোৰ বিৰুদ্ধে সকলো অস্ত্ৰকে এৰিবলৈ ধৰিছে। কিন্তু দেশৰ জনসাধাৰণৰ সুৰক্ষা কৱচ, আৰু যেতিয়া  জনসাধাৰণ সুৰক্ষা কৱচ লগত থাকে, জনতা-জনাৰ্দ্দনৰ আশীৰ্বাদ থাকে, মাতৃ আৰু ভগ্নীসকলৰ আশীৰ্বাদ ঢাল হিচাপে থিয় হয়হি, তেতিয়া তেওঁলোকে সংকটবোৰ অতিক্ৰম কৰাই নিয়ে আৰু দেশকো আগুৱাই লৈ যায়। আৰু সেয়া হৈছে আপোনালোকৰ আশীৰ্বাদ, দেশৰ কোণে কোণে মই এই কথা অনুভৱ কৰি আহিছোঁ। সেয়েহে মানুহে কৈছে- এন ডি এ চৰকাৰ, ৪০০ পাৰ। এন ডি এ চৰকাৰ, ৪০০ পাৰ। এন ডি এ চৰকাৰ, ৪০০ পাৰ। এন ডি এ চৰকাৰ, ৪০০ পাৰ।

 

বন্ধুসকল,

এটা পৰিয়ালৰ মোহত আৱদ্ধ কংগ্ৰেছ, হাৰিয়ানাৰো সেই একেই পৰিস্থিতি, আজি ই নিজৰ ইতিহাসৰ আটাইতকৈ দুখজনক পৰ্যায়ৰ মাজেৰে আগবাঢ়িছে। তেওঁলোকৰ নেতাই নিজৰ এটা ‘ষ্টাৰ্ট-আপ’কে চম্ভালিব পৰা নাই, এইসকল লোকে আকৌ দেশখন চম্ভলাৰ সপোন দেখে। আজি কংগ্ৰেছৰ অৱস্থা চাওক, কংগ্ৰেছৰ পুৰণি নেতাসকলে এজন এজনকৈ দলটো এৰি যাবলৈ লৈছে। যিসকলে এটা সময়ত তেওঁলোকৰ সৈতে জোঁট বান্ধিব বিচাৰিছিল তেওঁলোকেও এতিয়া এইসকলৰ পৰা আঁতৰি যাবলৈ ধৰিছে। আজি পৰিস্থিতি এনেকুৱা হৈছেগৈ যে কংগ্ৰেছৰ নিজৰ কৰ্মীও বাকী থকাগৈ নাই। য'ত কংগ্ৰেছ শাসনত আছে, তেওঁলোকে আনকি নিজৰ চৰকাৰখনকো চম্ভালিব পৰা নাই। আজি হিমাচলত দৰমহা আৰু পেঞ্চন দিবলৈকো অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। কৰ্ণাটকত উন্নয়নমূলক আঁচনিৰ কামো কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাই।

ভাই-ভনীসকল,

এফালে কংগ্ৰেছৰ অপশাসন আছে আৰু আনফালে বিজেপিৰ সুশাসন আছে। ইয়াত ১০ বছৰৰ বাবে এটা ‘ডাবল ইঞ্জিন’ চৰকাৰ আছে। সেয়েহে, দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে যি আঁচনিয়েই মোদীয়ে যুগুতাইছে, সেইবোৰৰ ১০০ শতাংশ ৰূপায়ণৰ ক্ষেত্ৰত হাৰিয়ানা শীৰ্ষস্থানত আছে। হাৰিয়ানাই কৃষিৰ ক্ষেত্ৰতো অভূতপূৰ্ব অগ্ৰগতি লাভ কৰিছে আৰু উদ্যোগসমূহৰ পৰিসৰো নিৰন্তৰ ভাৱে বৃদ্ধি পাইছে। উন্নয়নৰ ক্ষেত্ৰত পিছ পৰি থকা দক্ষিণ হাৰিয়ানা আজি দ্ৰুত গতিত আগবাঢ়িছে। পথেই হওক, ৰে'লৱে’ বা ‘মেট্ৰো’ৱেই হওক, এই প্ৰকল্পসমূহৰ সৈতে সম্পৰ্কিত যিবোৰ ডাঙৰ প্ৰকল্প আছে, সেইবোৰ এই অংশটোৰ মাজেৰে পাৰ হৈ গৈছে। ‘দিল্লী-দৌচা-লালসোত এক্সপ্ৰেছৱে’’ৰ প্ৰথম পৰ্যায় উদ্বোধন কৰা হৈছে। দেশৰ আটাইতকৈ দীঘল ‘এক্সপ্ৰেছৱে’’ হাৰিয়ানাৰ গুৰুগ্ৰাম, পালৱাল আৰু নুহ জিলাৰ মাজেৰে পাৰ হৈ গৈছে।

বন্ধুসকল,

২০১৪ চনৰ আগতে হাৰিয়ানাত ৰে'লৱে’ৰ বিকাশৰ বাবে গড় বাজেট আছিল প্ৰতি বছৰে ৩০০ কোটি টকা, ৩০০ কোটি টকা। এই বছৰ হাৰিয়ানাৰ ৰে'লৱে’ৰ বাবে প্ৰায় ৩,০০০ কোটি টকাৰ বাজেট ধাৰ্য কৰা হৈছে। এতিয়া চাওক ৩০০ কোটি, আৰু ক'ত ৩০০০ কোটি। আৰু এই পাৰ্থক্যটো যোৱা ১০টা বছৰত আহিছে। ‘ৰোহতক-মেহম-হাঁচী’, ‘জিন্দ-সোনিপত’ৰ দৰে নতুন ৰে'লপথ আৰু ‘আম্বালা কেণ্ট-ডাপ্পাৰ’ৰ দৰে ৰেলপথৰ দ্বৈতকৰণৰ ফলত লাখ লাখ লোক উপকৃত হ'ব। যেতিয়া এনে সুবিধাবোৰ নিৰ্মিত হয়, জীৱন সহজ হৈ উঠে আৰু ব্যৱসায় সহজ হৈ উঠে।

 

ভাই-ভনীসকল,

এই অঞ্চলৰ কৃষকসকলৰ পানীৰ যথেষ্ট সমস্যা আছিল। ৰাজ্য চৰকাৰেও এই সমস্যা সমাধানৰ বাবে এক প্ৰশংসনীয় কাম কৰিছে। আজি হাৰিয়ানাৰ পৰা বিশ্বৰ শ শ ডাঙৰ কোম্পানীয়ে কাম কৰি আছে। বহু সংখ্যক যুৱকে ইয়াত নিযুক্তি লাভ কৰিছে।

বন্ধুসকল,

হাৰিয়ানাই বস্ত্ৰ আৰু পোছাক উদ্যোগতো সুনাম অৰ্জন কৰিছে। দেশৰ পৰা ৰপ্তানি কৰা ৩৫ শতাংশতকৈয়ো অধিক কাৰ্পেট আৰু প্ৰায় ২০ শতাংশ পোছাক হাৰিয়ানাত তৈয়াৰ কৰা হয়। হাৰিয়ানাৰ বস্ত্ৰ উদ্যোগক আমাৰ ক্ষুদ্ৰ উদ্যোগসমূহে উত্সাহিত কৰি আহিছে। পানীপত আজি হস্ততাঁত সামগ্ৰীৰ বাবে, ফৰিদাবাদ বস্ত্ৰ উৎপাদনৰ বাবে, গুৰুগ্ৰাম ৰেডিমেড পোছাকৰ বাবে, সোনিপত ‘টেকনিকেল বস্ত্ৰ’ৰ বাবে, আৰু ভিৱানী ‘নন উভেন’ পোছাকৰ বাবে বিখ্যাত। যোৱা ১০টা বছৰত কেন্দ্ৰীয় চৰকাৰে ‘এমএছএমই’ আৰু ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে লাখ লাখ কোটি টকা প্ৰদান কৰিছে। ইয়াৰ ফলত পুৰণি ক্ষুদ্ৰ উদ্যোগ আৰু কুটিৰ উদ্যোগসমূহ কেৱল শক্তিশালী হোৱাই নহয়, হাৰিয়ানাতো হাজাৰ হাজাৰ নতুন উদ্যোগ স্থাপন কৰা হৈছে।

বন্ধুসকল,

ৰেৱাৰী বিশ্বকৰ্মা বন্ধুসকলৰ কাৰিকৰীৰ বাবেও জনাজাত। ইয়াৰ পিতলৰ কাৰুকাৰ্য আৰু হস্তশিল্প বহুতেই বিখ্যাত। প্ৰথমবাৰৰ বাবে আমি ১৮টা ব্যৱসায়ৰ সৈতে জড়িত এনে পৰম্পৰাগত শিল্পীসকলৰ বাবে ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা’ নামৰ এখন ডাঙৰ আঁচনি আৰম্ভ কৰিছো। সমগ্ৰ দেশৰ লাখ লাখ হিতাধিকাৰীয়ে ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা যোজনা’ত যোগদান কৰিছে। বিজেপি চৰকাৰে এই আঁচনিখনত ১৩ হাজাৰ কোটি টকা ব্যয় কৰিবলৈ আগবাঢ়িছে। এই আঁচনিয়ে এই পৰম্পৰাগত শিল্পী আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ জীৱন সলনি কৰিব।

ভাই-ভনীসকল,

মোদীৰ ‘গেৰাণ্টী’ সেইকল লোকৰ বাবে যিসকলৰ ‘গেৰাণ্টী’ দিবলৈ সম্বল নাই। দেশৰ ক্ষুদ্ৰ কৃষকজনৰ বেংকসমূহক ‘গেৰাণ্টী’ দিবলৈ সম্বল নাছিল। মোদীয়ে তেওঁলোকক ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ ‘গেৰাণ্টী’ দিছিল। দেশৰ দৰিদ্ৰ, দলিত, পিছপৰা শ্ৰেণী আৰু ‘অ'বিচি’ পৰিয়ালসমূহৰ পুত্ৰ আৰু কন্যাসকলৰ বাবে বেংকত ‘গেৰাণ্টী’ দিবলৈ সম্বল নাছিল। মোদীয়ে ‘মুদ্ৰা আঁচনি’ আৰম্ভ কৰিছিল আৰু ‘গেৰাণ্টী’ নোলোৱাকৈয়ে ঋণ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰিছিল। দেশৰ বহুতো বন্ধুৱে পথৰ দাঁতিত সৰু-সুৰা ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰি আহিছিল। এইসকল বন্ধুৱে কেবা দশক ধৰি চহৰসমূহত এই কাম কৰি আহিছে। তেওঁলোকৰ ওচৰত ‘গেৰাণ্টী’ দিবলৈ সম্বল নাছিল। ‘প্ৰধানমন্ত্ৰী স্বনিধি আঁচনি’ৰে এওলোকৰ ‘গেৰাণ্টী’ও মোদীয়ে লৈছে।

 

বন্ধুসকল,

১০ বছৰ আগলৈকে গাঁওবোৰত আমাৰ ভগ্নীসকলৰ অৱস্থা কি আছিল? ভগ্নীসকলৰ বেছিভাগ সময় পানী অনাৰ বাবে, ৰন্ধা-বঢ়া কৰাৰ বাবে, খৰি লুৰা বা অন্যান্য ব্যৱস্থাত অতিবাহিত হৈছিল। মোদীয়ে বিনামূলীয়া গেছ সংযোগৰ আঁচনি আনিছিল, ঘৰলৈ পানীৰ নলৰ আঁচনি আনিছিল। আজি হাৰিয়ানাৰ গাঁৱৰ মোৰ ভগ্নীসকলে সুবিধা লাভ কৰিছে আৰু সময় ৰাহি হৈছে। কেৱল এয়াই নহয়, ভগ্নীসকলে যাতে তেওঁলোকৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ এই সময় ব্যৱহাৰ কৰিব পাৰে তাৰ ব্যৱস্থাও কৰা হৈছে। যোৱা ১০টা বছৰত, আমি সমগ্ৰ দেশৰ ১০ কোটি ভগ্নীক আত্ম-সহায়ক গোটৰ সৈতে সংযুক্ত কৰিছো। হাৰিয়ানাৰো লাখ লাখ ভগ্নী আছে। ভগ্নীসকলৰ এই গোটবোৰক লাখ লাখ কোটি টকাৰ সহায় আগবঢ়োৱা হৈছে। মোৰ প্ৰয়াস হৈছে অধিক সংখ্যক ভগ্নীক ‘লাখপতি দিদি’ কৰি তোলা। এতিয়ালৈকে ১ কোটি ভগ্নী ‘লাখপতি দিদি’ হৈছে। আমি কেইদিনমান আগতে অনা বাজেটত, ৩ কোটি ভগ্নীক লাখপতি কৰি তুলিবলৈ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আমি নমো ‘ড্ৰোন দিদি আঁচনি’ও আৰম্ভ কৰিছো। ইয়াৰ অধীনত, ভগ্নীসকলৰ গোটসমূহক ‘ড্ৰোন’ চলাবলৈ প্ৰশিক্ষণ দিয়া হ'ব আৰু ‘ড্ৰোন’ প্ৰদান কৰা হ'ব। এই ‘ড্ৰোন’সমূহ খেতিৰ বাবে ব্যৱহাৰ কৰা হ'ব আৰু ই ভগ্নীসকলৰ বাবে অতিৰিক্ত ধন উপাৰ্জন কৰিব।

 

বন্ধুসকল,

হাৰিয়ানা হৈছে আশ্চৰ্যকৰ সম্ভাৱনাৰ ৰাজ্য। মই প্ৰথমবাৰৰ বাবে ভোট দিবলৈ যোৱা হাৰিয়ানাৰ ভোটাৰসকলক, যিসকলৰ বয়স ১৮-২০-২২ বছৰ তেওঁলোকক বিশেষভাৱে ক'ব বিচাৰো যে আপোনালোকৰ ভৱিষ্যত অতি উজ্জ্বল হ'ব। ‘দ্বৈত ইঞ্জিন’ চৰকাৰে আপোনালোকৰ বাবে এখন উন্নত হাৰিয়ানা গঢ়ি তুলিবলৈ প্ৰয়াস কৰি আছে। প্ৰযুক্তিৰ পৰা বস্ত্ৰলৈ, পৰ্যটনৰ পৰা বাণিজ্যলৈকে, আমি প্ৰতিটো খণ্ডত নতুন নিযুক্তিৰ সুযোগ সৃষ্টিৰ বাবে চেষ্টা কৰি আছো। আজি সমগ্ৰ বিশ্বই ভাৰতত বিনিয়োগ কৰিবলৈ আগ্ৰহী। আৰু হাৰিয়ানা বিনিয়োগৰ বাবে এখন ভাল ৰাজ্য হিচাপে উদীয়মান হৈছে। আৰু বৰ্ধিত বিনিয়োগৰ অৰ্থই হৈছে নতুন চাকৰিৰ সুযোগৰো বৃদ্ধি। সেয়েহে, ‘দ্বৈত ইঞ্জিন’ চৰকাৰে এনেদৰে আপোনালোকৰ আশীৰ্বাদ এনেদৰেই লাভ কৰি থকটো খুবেই গুৰুত্বপূৰ্ণ হব। আকৌ এবাৰ ‘এইমছ’ৰ বাবে হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্পসমূহৰ বাবে আপোনালোক সকলোকে বহুত বহুত অভিনন্দন জনাইছোঁ। মোৰ সৈতে কওক –

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

ভাৰত মাতা কী জয়,

বহুত বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era

Media Coverage

India’s Defence Exports Explode: ₹40,000 Crore Milestone Signals a New Manufacturing Era
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s remarks during inauguration of Swaminarayan Hindu Temple in Paris
September 06, 2026

पूज्य महंत स्वामी, फ्रांस सरकार के सम्मानित प्रतिनिधिगण, उपस्थित अतिथिगण, इंडियन कम्युनिटी के मेरे साथी, देश दुनिया से जुड़े सभी हरि भक्त, देवियों और सज्जनों, जय स्वामीनारायण!

आज फ्रांस की राजधानी पेरिस में भव्य स्वामीनारायण मंदिर का लोकार्पण हो रहा है। यह लोकार्पण भारत और फ्रांस के सांस्कृतिक संबंधों का नया युग स्तंभ है। पूज्य संत जनों और सनातन परंपरा के श्रेष्ठ जनों के आशीर्वाद के साथ आज इस लोकार्पण का मंच ‘वसुधैव कुटुम्बकम’ के भाव का मंच बन गया है। भगवान स्वामीनारायण की कृपा और हमारे संतों का स्नेह, संतों का आशीर्वाद, मेरा सौभाग्य है कि मुझे ऐसे पुण्य अवसरों से जुड़ने का अवसर हमेशा मिलता रहता है। आज भी मैं भले ही पेरिस में आप सबके बीच उपस्थित नहीं हूं, लेकिन मन से और हृदय से, मैं स्वयं को आपके बीच ही अनुभव कर रहा हूं।

साथियों,

आज इस अवसर पर मैं परम पूज्य प्रमुख स्वामी जी महाराज का भी श्रद्धापूर्वक स्मरण करता हूं। प्राचीन काल में भारत का जो सांस्कृतिक आध्यात्मिक वैभव था, उन्होंने उसके पुनर्जागरण का एक अभियान शुरू किया था। आज उसका प्रकाश यूरोप समेत पूरी दुनिया में फैल रहा है। 2024 में अबू धाबी में भव्य मंदिर का लोकार्पण हुआ था। आज वहां हजारों लोग दर्शन करने जाते हैं और अब यहां पेरिस में स्वामीनारायण मंदिर का निर्माण सृजन की यह निरंतरता, यह संतों की संकल्प शक्ति का ही प्रमाण है। मैं पुनीत कार्य के लिए पूज्य महंत स्वामी का आभार प्रकट करता हूं, मैं उनके चरणों में प्रणाम करता हूं। मैं BAPS स्वामीनारायण संस्था को और करोड़ों हरि भक्तों को इस अवसर पर हृदय की गहराई से बधाई देता हूं।

साथियों,

BAPS के माध्यम से जब अलग-अलग देश में मंदिरों की प्राण प्रतिष्ठा होती है, तो वहां भारत के प्राचीन विचार और मानवीय मूल्य भी साथ-साथ ही जाते हैं और भारत का विचार कहता है ‘समानं मनः सह चित्तमेषाम्’ अर्थात हमारे मन समान हो, हमारे हृदय साथ जुड़े। इसलिए आज जब फ्रांस में इतना भव्य मंदिर बनकर तैयार हुआ है, यह फ्रांस की विविधता को तो समृद्ध करेगा ही, इससे भारत और फ्रांस के सांस्कृतिक संबंधों को भी ऊर्जा मिलेगी।

साथियों,

बीते वर्षों में भारत और फ्रांस के संबंध नई ऊंचाइयों तक पहुंचे हैं। मेरे मित्र, प्रेसिडेंट मैक्रों के साथ मिलकर दोनों देश एक Special Global Strategic Partnership बना रहे हैं। Technology, AI और Defence से लेकर Space और Climate Action तक हम एक नई गति और नई ऊर्जा के साथ मिलकर के आगे बढ़ रहे हैं। हम 2026 को India-France Year of Innovation के रूप में भी सेलिब्रेट कर रहे हैं। भारत-फ्रांस की ये Strategic Partnership इसलिए भी खास है, क्योंकि ये हमारे पुराने सांस्कृतिक-राजनैतिक सम्बन्धों की मजबूत बुनियाद पर टिकी है। इतिहास गवाह है, फ्रांस में भारतीय सैनिकों के बलिदान का इतिहास आज भी मन-मंदिर में जीवित है। भाषा से जुड़े विषयों में रुचि रखने वाले लोग यह भी जानते हैं कि फ्रेंच स्कॉलर्स ने संस्कृत को लोकप्रिय बनाने में कितनी अहम भूमिका निभाई है। रामकृष्ण परमहंस और स्वामी विवेकानंद पर रोमाँ रोलाँ की की लेखनी हमारी सोसाइटीज़ को और करीब लाई है। पेरिस से पुडुचेरी के अरबिंदो आश्रम तक 'The mother' की spiritual journey, उसने कितने ही भारतीय और फ्रेंच साधकों को inspire किया है।

साथियों,

दशकों पहले श्रील प्रभुपाद स्वामी भी फ्रांस आए थे। इस्कॉन के जरिए भारत फ्रांस के बीच आध्यात्मिक सम्बन्धों का नया अध्याय उन्होंने शुरू किया था। आज योग भी भारत-फ्रांस के people to people कनेक्ट का एक माध्यम बन चुका है। 'इंटरनेशनल योगा डे' पर एफिल टॉवर के सामने से आने वाली तस्वीरें फ्रांस में योग की लोकप्रियता का उदाहरण बनती हैं और अब BAPS के इस भव्य मंदिर के जरिए, हमारे उन सांस्कृतिक सम्बन्धों में एक नया अध्याय जुड़ रहा है।

साथियों,

इन दिनों, भारत फ्रांस Joint Ventures की संभावनाओं पर बातें होती हैं। स्वामीनारायण मंदिर ने इस संभावना में भी एक नया आयाम जोड़ा है। यह मंदिर 'मेड इन इंडिया' है और 'बिल्ट इन फ्रांस' है। इसके काफी पत्थरों को भारत में तराशा गया है। भारत की प्राचीन प्रतिभा यहाँ फ्रांस में आधुनिक इंजीनियरिंग से आकर जुड़ चुकी है। पेरिस में इस भव्य मंदिर ने आकार लिया है। इसलिए, मैं आशा करता हूँ, यह मंदिर सदियों तक भारत और फ्रांस के बीच सहयोग और संभावनाओं का भी प्रतीक बनकर उभरेगा।

साथियों,

स्वामीनारायण मंदिर हमेशा से भक्ति के साथ-साथ सेवा का माध्यम भी रहे हैं। मुझे बताया गया है, यह मंदिर भी सेवा प्रकल्पों का वैसा ही केंद्र बनेगा। मुझे विश्वास है कि यहाँ से भारतीय संस्कृति के जो स्वर निकलेंगे, उनका लाभ पूरे यूरोप में लोगों को मिलेगा। भविष्य में मुझे जब भी समय मिलेगा, मैं इस मंदिर में दर्शन करने का प्रयास अवश्य करूंगा। इन्हीं शब्दों के साथ, एक बार फिर आज के इस लोकार्पण समारोह में सम्मिलित सभी अतिथिगणों को, सभी परिवारों को, सभी हरि भक्तों को और पूरी Indian Diaspora को मेरी ओर से इस शुभारंभ पर्व की ढेरों शुभकामनाएं!

बहुत-बहुत धन्यवाद!

मर्सी बोकू!

जय स्वामीनारायण!