"ভাৰতত, আমি এআই উদ্ভাৱনী চেতনা প্ৰত্যক্ষ কৰিছোঁ"
"চৰকাৰৰ নীতি আৰু কাৰ্যসূচীও 'সকলোৰে বাবে এআই'ৰ দ্বাৰা পৰিচালিত হয়"
"ভাৰত এআইৰ দায়িত্বশীল আৰু নৈতিক ব্যৱহাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ"
"ইয়াত কোনো সন্দেহ নাই যে এআই ৰূপান্তৰকাৰী, সেয়ে ইয়াক আৰু অধিক স্বচ্ছ কৰাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে"
"এআইৰ ওপৰত আস্থা তেতিয়াহে বৃদ্ধি পাব যেতিয়া সম্পৰ্কিত নৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশবোৰ সমাধান হব "
"আপস্কিলিং আৰু ৰিস্কিলিঙক এআই বিকাশ বক্ৰৰ অংশ কৰক"
"এআইৰ নৈতিক ব্যৱহাৰৰ বাবে এক বৈশ্বিক পৰিকাঠামো প্ৰস্তুত কৰিবলৈ আমি একেলগে কাম কৰিব লাগিব"
"যিকোনো তথ্য বা সামগ্ৰী এআই উৎপন্ন হোৱা বুলি চিহ্নিত কৰিবলৈ এটা ছফ্টৱেৰ ৱাটাৰমাৰ্ক প্ৰৱৰ্তন কৰিব পাৰি"
"এক অডিট প্ৰক্ৰিয়া অন্বেষণ কৰক যিয়ে এআই সঁজুলিবোৰক সেইবোৰৰ সামৰ্থ্য অনুসৰি ৰঙা, হালধীয়া বা সেউজীয়ালৈ শ্ৰেণীবদ্ধ কৰিব পাৰে"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত গ্লবেল পাৰ্টনাৰশ্বিপ  অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স (জিপিএআই)শীৰ্ষ সন্মিনল শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে গ্লবেল এআই এক্সপোতো অংশ লয়। গ্লবেল পাৰ্টনাৰশ্বিপ  অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হৈছে এক বহু অংশীদাৰী পদক্ষেপ, যাৰ লক্ষ্য ২৯খন সদস্য দেশে এআই সম্পৰ্কিত অগ্ৰাধিকাৰসমূহৰ ওপৰত অত্যাধুনিক গৱেষণা আৰু প্ৰয়োগমূলক কাৰ্যকলাপসমূহক সমৰ্থন কৰি এআই সম্পৰ্কিত তত্ত্ব আৰু অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰা। ভাৰত ২০২৪ বৰ্ষত গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰধান অধ্যক্ষ।

 

অনুষ্ঠানত উপস্থিত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে অহা বছৰ ভাৰতে জিপিএআই সন্মিলনৰ অধ্যক্ষতা কৰাক লৈ আনন্দ প্ৰকাশ কৰে, যি সময়ত সমগ্ৰ বিশ্বই কৃত্ৰিম বুদ্ধিমত্তাক লৈ বিতৰ্ক কৰি আছে। উদ্ভৱ হোৱা ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰতিখন ৰাষ্ট্ৰৰ ওপৰত নিহিত দায়িত্বৰ কথা উল্লেখ কৰে আৰু এআইৰ বিভিন্ন উদ্যোগৰ নেতৃবৃন্দৰ সৈতে বাৰ্তালাপ কৰা আৰু জিপিএআই সন্মিলন সন্দৰ্ভত আলোচনা কৰাৰ কথা সোঁৱৰণ কৰে। তেওঁ কয় যে এআইয়ে প্ৰতিখন দেশৰ ওপৰত প্ৰভাৱ পেলাইছে, সেয়া সৰু হওঁক বা ডাঙৰ হওঁক আৰু সাৱধানতাৰে আগবাঢ়ি যাবলৈ পৰামৰ্শ দিয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে জিপিএআই সন্মিলনত হোৱা আলোচনাই মানৱতাৰ মৌলিক শিপাক দিশ প্ৰদান কৰিব আৰু সুৰক্ষিত কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে আজি ভাৰত এআই প্ৰতিভা আৰু এআই সম্পৰ্কীয় ধাৰণাসমূহৰ ক্ষেত্ৰত অগ্ৰণী। তেওঁ কয়, ভাৰতত এআইৰ প্ৰতি এক এক উত্সাহ দেখা গৈছে, কিয়নো ভাৰতীয় যুৱশক্তিয়ে এআই প্ৰযুক্তিৰ পৰীক্ষণ কৰি আছে আৰু তাক আগুৱাই নিছে। সন্মিলনৰ এআই প্ৰদৰ্শনীত প্ৰদৰ্শিত সামগ্ৰীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই যুৱক-যুৱতীসকলে প্ৰযুক্তিৰ জৰিয়তে সামাজিক পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰি আছে। প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ আৰম্ভ কৰা এআই কৃষি চেটবটৰ বিষয়ে অৱগত কৰে যিয়ে কৃষকসকলক কৃষিৰ বিভিন্ন দিশত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্যসেৱা আৰু বহনক্ষম উন্নয়নৰ লক্ষ্যৰ ক্ষেত্ৰত এআইৰ ব্যৱহাৰৰ বিষয়েও ব্যাখ্যা কৰে।

 

চৰকাৰে সকলোৰে বাবে এআইৰ মনোভাৱৰে ইয়াৰ নীতি আৰু কাৰ্যসূচীৰ খচৰা প্ৰস্তুত কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ভাৰতৰ উন্নয়নমন্ত্ৰ হৈছে 'সবকা সাথ সবকা বিকাশ'। তেওঁ কয় যে চৰকাৰে সামাজিক বিকাশ আৰু সামগ্ৰিক বিকাশৰ বাবে এআইৰ সামৰ্থ্যৰ সৰ্বাধিক সুবিধা লোৱাৰ লগতে ইয়াৰ দায়িত্বশীল আৰু নৈতিক ব্যৱহাৰৰ বাবেও প্ৰতিপ্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰ ওপৰত ৰাষ্ট্ৰীয় কাৰ্যসূচী আৰম্ভ কৰাৰ বিষয়ে অৱগত কৰে আৰু শীঘ্ৰে আৰম্ভ হ'বলগীয়া এআই মিছনৰ বিষয়ে অৱগত কৰে যাৰ উদ্দেশ্য হৈছে এআইৰ কম্পিউটিং ক্ষমতা প্ৰতিষ্ঠা কৰা। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত ষ্টাৰ্টআপ আৰু উদ্ভাৱকসকলক উন্নত সেৱা প্ৰদান কৰা হ'ব আৰু লগতে কৃষি, স্বাস্থ্যসেৱা আৰু শিক্ষাৰ ক্ষেত্ৰত এআই এপ্লিকেশ্বনৰ প্ৰচাৰ কৰা হ'ব। তেওঁ লগতে শৈক্ষিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ জৰিয়তে টায়াৰ ২ আৰু ৩ চহৰলৈ এআই সম্পৰ্কীয় দক্ষতা লৈ যোৱাৰ কথাও উল্লেখ কৰে। এআই উদ্যোগৰ প্ৰচাৰ কৰা ভাৰতৰ ৰাষ্ট্ৰীয় এআই পৰ্টেলৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এআইআৰএডব্লিউএটি উদ্যোগৰ কথা উল্লেখ কৰি কয় যে প্ৰতিটো গৱেষণা পৰীক্ষাগাৰ, উদ্যোগ আৰু ষ্টাৰ্টআপৰ বাবে অতি শীঘ্ৰেই উমৈহতীয়া মঞ্চ মুকলি কৰা হ'ব।

 

এআইৰ মহত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন ভৱিষ্যত ৰচনা কৰাৰ বাবে এআই আটাইতকৈ ডাঙৰ আধাৰ হৈ পৰিছে। যিহেতু এআইয়ে মানুহক সংযোগ কৰিব পাৰে, ই কেৱল অৰ্থনৈতিক বিকাশেই নিশ্চিত নকৰে, ই সমতা আৰু সামাজিক ন্যায়ো সুনিশ্চিত কৰে। তেওঁ এআইক অধিক সামগ্ৰিক কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে ‘এআইৰ বিকাশ যাত্ৰা যিমান বেছি অধিক সমাৱেশী হব, পৰিণামো সিমানেই অধিক সমাৱেশী হব’। তেওঁ কয়, বিগত শতিকাত প্ৰযুক্তিৰ অসম প্ৰৱেশাধিকাৰৰ কাৰণে সমাজত বৈষম্য অধিক বৃদ্ধি পাইছে। তেওঁ কয়, ইয়াৰ পৰা পৰিত্ৰাণৰ বাবে, প্ৰযুক্তিবিদ্যাক সমাৱেশী গুণক বনোৱাৰ বাবে গণতান্ত্ৰিক মূল্যবোধক অৱহেলা কৰা উচিত নহয়। তেওঁ কয়, ‘এআইৰ বিকাশৰ দিশ সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰে মানৱীয় আৰু প্ৰমূল্যবোধৰ ওপৰত নিৰ্ভৰ কৰে’।  

 

প্ৰধানমন্ত্ৰীয়ে এই বিষয়ে গুৰুত্ব আৰোপ কৰে যে যিকোনো ব্যৱস্থাক বহনক্ষম কৰি তুলিবলৈ ইয়াক পৰিৱৰ্তনশীল, স্বচ্ছ আৰু বিশ্বাসযোগ্য কৰি তোলাটো গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয়, ‘ইয়াত কোনো সন্দেহ নাই যে এআই পৰিৱৰ্তনশীল, কিন্তু ইয়াক আৰু অধিক স্বচ্ছ কৰাটো আমাৰ ওপৰত নিৰ্ভৰ কৰে।’ তেওঁ কয়, ব্যৱহাৰ কৰা তথ্যবোৰ স্বচ্ছ আৰু পক্ষপাতিত্বৰ পৰা মুক্ত ৰখাটো এক ভাল আৰম্ভণি হ'ব। তেওঁ কয় যে সকলো দেশক আশ্বাস দিয়াটো অতি প্ৰয়োজনীয় যে এআইৰ উন্নয়ন যাত্ৰাত কাকো পিছ পেলোৱা নহ'ব। সম্পৰ্কিত নৈতিক, অৰ্থনৈতিক আৰু সামাজিক দিশবোৰ সমাধান কৰিলেহে এআইৰ ওপৰত বিশ্বাস বৃদ্ধি হ'ব। তেওঁ কয়, এইটো কৰাৰ এটা উপায় হ'ল আপস্কিলিং আৰু ৰিস্কিলিঙক এআই বিকাশ বক্ৰৰ অংশ কৰা। বৈশ্বিক দক্ষিণলৈ তথ্য সুৰক্ষা আৰু আশ্বাসেও বহু চিন্তা দূৰ কৰিব।

 

এআইৰ নেতিবাচক দিশসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একবিংশ শতিকাত উন্নয়নৰ বাবে ইয়াৰ আটাইতকৈ শক্তিশালী সঁজুলি হোৱাৰ সম্ভাৱনা থাকিলেও ই ধ্বংসৰ ক্ষেত্ৰতো এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। ডীপফেক, চাইবাৰ নিৰাপত্তা, তথ্য চুৰি আৰু সন্ত্ৰাসবাদী সংগঠনসমূহে এআই সঁজুলিৰ ওপৰত হাত দিয়াৰ প্ৰত্যাহ্বানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰোধী ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ভাৰতৰ জি২০ অধ্যক্ষতাৰ সময়ত দায়িত্বশীল-মানৱকেন্দ্ৰিক এআই শাসনৰ বাবে এক ৰূপৰেখা তৈয়াৰ কৰাৰ ভাৰতৰ প্ৰস্তাৱৰ ওপৰত আলোকপাত কৰি কয়, জি২০ নতুন দিল্লী ঘোষণাপত্ৰই ‘এআই সিদ্ধান্তৰ প্ৰতি’ সকলো দেশৰ প্ৰতিশ্ৰুতি নিশ্চিত কৰিছে। তেওঁ বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয়ত চুক্তি আৰু প্ৰটোকলৰ দৰে একেলগে কাম কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু উচ্চ বিপদাশংকা বা সীমান্ত এআই সঁজুলিৰ পৰীক্ষা আৰু বিকাশকে ধৰি এআইৰ নৈতিক ব্যৱহাৰৰ বাবে এক পৰিকাঠামো সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। দৃঢ়বিশ্বাস, প্ৰতিশ্ৰুতি, সমন্বয় আৰু সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিশ্বক এই দিশত এক মুহূৰ্তও অপচয় নকৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয়, ‘আমি এক প্ৰদত্ত সময়সীমাৰ ভিতৰত বৈশ্বিক পৰিকাঠামো সম্পূৰ্ণ কৰিব লাগিব। মানৱতাৰ সুৰক্ষাৰ বাবে এনে কৰাটো অতি গুৰুত্বপূৰ্ণ"।

 

এআইক বৈশ্বিক আন্দোলন বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে সহযোগিতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ এআইৰ বিশ্বাসযোগ্যতা বৃদ্ধিৰ বাবে বহুকেইটা প্ৰশ্নৰ পৰামৰ্শ দিছিল যেনে, সঁজুলিৰ পৰীক্ষা আৰু প্ৰশিক্ষণৰ বাবে ডাটা ছেট, যিকোনো সামগ্ৰী বজাৰত মুকলি কৰাৰ আগতে পৰীক্ষাৰ দৈৰ্ঘ্য আৰু সময়। তেওঁ লগতে সুধিছিল যে কোনো তথ্য বা সামগ্ৰীক এআই জেনেৰেটেড হিচাপে চিহ্নিত কৰাৰ বাবে এটি ছফ্টৱেৰ ৱাটাৰমাৰ্ক প্ৰৱৰ্তন কৰিব পাৰি নেকি?

 

চৰকাৰৰ অংশীদাৰসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে প্ৰমাণ আধাৰিত সিদ্ধান্ত গ্ৰহণৰ বাবে বিভিন্ন প্ৰকল্পৰ ডাটা অনুসন্ধান কৰিবলৈ এআই সঁজুলিবোৰক প্ৰশিক্ষণ দিবলৈ ডাটা ব্যৱহাৰ ডাটা ব্যৱহাৰ কৰিব পাৰিনে নাই চাবলৈ কয়। এআই সঁজুলিবোৰক সেইবোৰৰ সামৰ্থ অনুযায়ী ৰঙা, হালধীয়া বা সেউজীয়ালৈ শ্ৰেণীবদ্ধ কৰিব পৰা এনে কোনো অডিট প্ৰক্ৰিয়া থাকিব পাৰে নেকি সেই বিষয়ে তেওঁ প্ৰশ্ন কৰে। ‘আমি এনে এক প্ৰতিষ্ঠানিক ব্যৱস্থা প্ৰতিষ্ঠা কৰিব পাৰো নেকি যিয়ে পৰ্যাপ্ত কৰ্মসংস্থাপন সুনিশ্চিত কৰিব? আমি মানসন্মত বৈশ্বিক এআই শিক্ষা পাঠ্যক্ৰম প্ৰৱৰ্তন কৰিব পাৰোনে? আমি এআইচালিত ভৱিষ্যতৰ বাবে মানুহক প্ৰস্তুত কৰাৰ বাবে মান নিৰ্দ্ধাৰণ কৰিব পাৰোনে?’

 

ভাৰতত শ শ ভাষা আৰু হাজাৰ হাজাৰ উপভাষাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ডিজিটেল অন্তৰ্ভুক্তি বৃদ্ধিৰ বাবে স্থানীয় ভাষাত ডিজিটেল সেৱা উপলব্ধ কৰাৰ বাবে এআই ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিয়ে। তেওঁ লগতে এআই ব্যৱহাৰ কৰি এতিয়া ব্যৱহাৰ নোহোৱা ভাষাবোৰ পুনৰুজ্জীৱিত কৰিবলৈ, সংস্কৃত ভাষাৰ সমৃদ্ধ জ্ঞানআধাৰ আৰু সাহিত্যক আগুৱাই নিবলৈ আৰু বৈদিক গণিতৰ লুপ্ত সংস্কৰণবোৰ পুনৰ একত্ৰিত কৰিবলৈ পৰামৰ্শ দিয়ে।

 

ভাষণ সমাপ্ত কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বাস ব্যক্ত কৰে যে জিপিএআই সন্মিলন ধাৰণা বিনিময়ৰ বাবে এক উৎকৃষ্ট সুযোগ আৰু প্ৰতিজন প্ৰতিনিধিৰ বাবে এক মহান শিক্ষণ অভিজ্ঞতা হিচাপে প্ৰমাণিত হ'ব। প্ৰধানমন্ত্ৰীয়ে কয়, অনাগত দিনত আপোনাসৱে এআইৰ বিভিন্ন দিশৰ ওপৰত গৰুত্ব দিব। মই আশা কৰোঁ যে এই ফলাফলসমূহ কাৰ্যকৰী হলে নিশ্চিতভাৱে এক দায়িত্বশীল আৰু বহনক্ষম ভৱিষ্যত গঢ়ি তোলাৰ পথ প্ৰশস্ত হব।

 

কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স, তথ্য আৰু প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ, তথ্য আৰু প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰাজীৱ চন্দ্ৰশেখৰ, জিপিএআইৰ বিদায়ী অধ্যক্ষ আৰু জাপান চৰকাৰৰ নীতি সমন্বয়, আভ্যন্তৰীণ পৰিক্ৰমা আৰু যোগাযোগ মন্ত্ৰালয়ৰ উপমন্ত্ৰী শ্ৰী হিৰোশি য়োশিদা আৰু ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব শ্ৰী কৃষ্ণন উপস্থিত আছিল।

 

পৃষ্ঠভূমি

গ্লবেল পাৰ্টনাৰশ্বিপ  অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্স হৈছে এক বহু অংশীদাৰী পদক্ষেপ, যাৰ লক্ষ্য ২৯খন সদস্য দেশে এআই সম্পৰ্কিত অগ্ৰাধিকাৰসমূহৰ ওপৰত অত্যাধুনিক গৱেষণা আৰু প্ৰয়োগমূলক কাৰ্যকলাপসমূহক সমৰ্থন কৰি এআই সম্পৰ্কিত তত্ত্ব আৰু অনুশীলনৰ মাজৰ ব্যৱধান দূৰ কৰা। ভাৰত ২০২৪ বৰ্ষত গ্লবেল পাৰ্টনাৰশ্বিপ অন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ প্ৰধান অধ্যক্ষ। ২০২০ বৰ্ষত জিপিএআইৰ অন্যতম প্ৰতিষ্ঠাতা সদস্য, জিপিএআইৰ বৰ্তমানৰ আগন্তুক সমৰ্থন অধ্যক্ষ আৰু ২০২৪ বৰ্ষত  জিপিএআইৰ মুখ্য অধ্যক্ষ হিচাপে ভাৰতে ১২ ডিচেম্বৰৰ পৰা ১৪ডিচেম্বৰলৈকে বাৰ্ষিক জিপিএআই সন্মিলনৰ আয়োজন কৰিছে।

 

 

 

 

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘All set for BRICS 2026!': PM Modi shares video of preparations at venue ahead of mega Summit

Media Coverage

‘All set for BRICS 2026!': PM Modi shares video of preparations at venue ahead of mega Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”