ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ পণ্ডিত দীনদয়াল উপাধ্যায় জংচন-সোণনগৰ ৰে'লৱে লাইন উদ্বোধন কৰে
এনএইচ-৫৬ৰ বাৰাণসী-জৌনপুৰ খণ্ডৰ চাৰি-লেন সম্প্ৰসাৰণ সমৰ্পিত কৰে
বাৰাণসীত কেইবাটাও পৰিকল্পনা উদ্বোধন কৰে
মণিকৰ্ণিকা আৰু হৰিশ্চন্দ্ৰ ঘাটৰ পুনৰ্বিকাশৰ বাবে আধাৰশিলা স্থাপন কৰে
চিআইপিইটি পৰিসৰ কৰ্ছাৰাত ছাত্ৰ-ছাত্ৰীৰ ছাত্ৰাৱাসৰ আধাৰশিলা স্থাপন কৰে
লাভাৰ্থীসকলক পিএম স্বনিধিৰ ঋণ, পিএমএৱাই গ্ৰামীণ গৃহৰ চাবি আৰু আয়ুষ্মান কাৰ্ড বিতৰণ কৰা হয়
জি-২০ৰ প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ লগতে পূজাস্থলীৰ চৌহদ পৰিষ্কাৰ আৰু ভব্য বজাই ৰখাৰ বাবে তেওঁ কাশীবাসীক প্ৰশংসা কৰে।
প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “ইমান বছৰৰ স্বাধীনতাৰ পিছত গণতন্ত্ৰৰ প্ৰকৃত লাভ সঁচাকৈয়ে উপযুক্ত লোকৰ ওচৰলৈ গৈছে।”
ইয়াৰ দ্বাৰা দৰিদ্ৰ, দলিত, অভাৱগ্ৰস্ত, পিছপৰা, জনজাতীয়, সংখ্যালঘু আৰু মহিলা উদ্যোগীসকল উপকৃত হৈছে।
ইয়াৰ ফলত মাল ট্ৰেইনৰ গতি বৃদ্ধিয়েই নহয়, পূৰ্বাঞ্চল আৰু পূব ভাৰতত বহু নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হ’ব।"
তেওঁ কয়, “আপোনালোকে এনেকৈয়ে বেনাৰসৰ চোৱাচিতা কৰি থাকক।”
ভক্তসকলে গংগা নদীত গা ধোৱাৰ সুবিধা লাভ কৰিব ভাসমান চেঞ্জিং ৰুমৰ জেটীৰ পৰা।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত ১২,১০০ কোটিৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত আছে নিৰ্দিষ্ট মালবাহী কৰিডৰৰ পণ্ডিত দীনদয়াল উপাধ্যায় জংচন-সোণ নগৰ ৰেলপথবিদ্যুৎকৰণ বা দুগুণকৰণ সম্পূৰ্ণ হোৱাৰ পিছত তিনিটা ৰেলপথ৫৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-জৌনপুৰ অংশ চাৰিলেনযুক্ত বহল কৰা আৰু বাৰাণসীত কেইবাটাও প্ৰকল্প উৎসৰ্গা কৰা। প্ৰধানমন্ত্ৰীয়ে ১৫টা পি ডব্লিউ ডি পথ নিৰ্মাণ আৰু সংস্কাৰ১৯২টা গ্ৰাম্য খোৱাপানী আঁচনিমণিকৰ্ণিকা আৰু হৰিশচন্দ্ৰ ঘাটৰ পুনৰ নিৰ্মাণ আৰু পুনৰ উন্নয়নছটা ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ গা ধোৱা ঘাটত ভাসমান চেঞ্জিং ৰুমৰ জেটী আৰু চিপেট কমপ্লেক্স কাৰ্ছাৰাত ছাত্ৰ-ছাত্ৰীৰ বাবে ছাত্ৰাৱাস নিৰ্মাণৰ লগতে কেইবাটাও ৰে'লৱে প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।

 

শ্ৰী মোদীয়ে পি এম স্বনিধি ঋণপি এম এ ৱাইৰ গ্ৰাম্য ঘৰৰ চাবি আৰু আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণৰ কামো আৰম্ভ কৰে। সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে মণিকৰ্ণিকা আৰু হৰিশচন্দ্ৰ ঘাটৰ মডেলৰ দৰ্শন কৰে।

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে পবিত্ৰ শ্ৰাৱণ মাহৰ আৰম্ভণিভগৱান বিশ্বনাথ আৰু মাতৃ গংগাৰ আশীৰ্বাদ আৰু বাৰাণসীৰ ৰাইজৰ উপস্থিতিৰে জীৱন ধন্য হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীলৈ হাজাৰ হাজাৰ শিৱভক্তই জল’ আগবঢ়াবলৈ অহাৰ কথা উল্লেখ কৰি অভিলেখ সংখ্যক তীৰ্থযাত্ৰী মহানগৰীলৈ অহাটো নিশ্চিত বুলি কয়। নাগৰিকসকলৰ আতিথ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “যি বাৰাণসীলৈ আহিবতেওঁ সদায় সুখদায়ক অনুভৱ লৈ উভতি যাব।” জি-২০ৰ প্ৰতিনিধিসকলক আদৰণি জনোৱাৰ লগতে পূজাস্থলীৰ চৌহদ পৰিষ্কাৰ আৰু ভব্য বজাই ৰখাৰ বাবে তেওঁ কাশীবাসীক প্ৰশংসা কৰে।

তেওঁ প্ৰায় ১২ হাজাৰ কোটি টকাৰ প্ৰকল্পৰ কথা উল্লেখ কৰেযাৰ আধাৰশিলা আজি স্থাপন কৰা হয়। "এয়া কাশীক ইয়াৰ প্ৰাচীন আত্মাক ধৰি ৰাখি নতুন শৰীৰ দিয়াৰ সংকল্পৰ সম্প্ৰসাৰণ", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ ৰাইজক প্ৰকল্পসমূহৰ বাবে অভিনন্দন জনায়।

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন আঁচনিৰ হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰিছে। যোৱা আলোচনাৰ সময়ত আঁচনিসমূহ ভূমি পৰ্যায়ৰ সৈতে সংযোগ কৰা হোৱা নাছিল বুলিও তেওঁ কয়। তেওঁ কয় যে বৰ্তমান চৰকাৰে লাভাৰ্থীসকলৰ সৈতে আলোচনা আৰু আদান-প্ৰদানৰ এক নতুন পৰম্পৰা আৰম্ভ কৰিছেযাৰ অৰ্থ হৈছে প্ৰত্যক্ষ লাভৰ লগতে প্ৰত্যক্ষ সঁহাৰি। ইয়াৰ ফলত বিভাগ আৰু বিষয়াসকলৰ উন্নত প্ৰদৰ্শন হৈছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে আৰু কয়, “ইমান বছৰৰ স্বাধীনতাৰ পিছত গণতন্ত্ৰৰ প্ৰকৃত লাভ সঁচাকৈয়ে উপযুক্ত লোকৰ ওচৰলৈ গৈছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে লাভাৰ্থী শ্ৰেণীটো সামাজিক ন্যায় আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰকৃত ৰূপত পৰিণত হৈছে কাৰণ চৰকাৰে প্ৰতিখন আঁচনিতে শেষত থিয় হৈ থকা শেষ ব্যক্তিজনলৈকে উপকৃত কৰিবলৈ চেষ্টা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই পদ্ধতিয়ে কমিছন বিচৰা লোকদালাল আৰু কেলেংকাৰী কৰা লোক আঁতৰাই পেলোৱাত সহায় হৈছেযাৰ ফলত দুৰ্নীতি আৰু বৈষম্যৰ অন্ত পৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯ বছৰত চৰকাৰে কেৱল এটা পৰিয়াল আৰু এটা প্ৰজন্মৰ বাবে কাম কৰা নাইবৰং আগন্তুক প্ৰজন্মৰ জীৱন উন্নত কৰাৰ দিশতো কাম কৰিছে। তেওঁ পিএমএৱাইৰ উদাহৰণ দিয়ে যত ৪ কোটিতকৈ অধিক পৰিয়ালক পকা ঘৰ গতাই দিয়া হৈছে আৰু লগতে কয় যে আজি উত্তৰ প্ৰদেশত লাভাৰ্থীসকলক ৪ লাখ পকা ঘৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ঘৰসমূহৰ অধিকাংশই মহিলাৰযাৰ নামত এই সম্পত্তি প্ৰথমবাৰৰ বাবে পঞ্জীয়ন কৰা হৈছে। তেওঁ লগতে কয়, "এই ঘৰবোৰে নিৰাপত্তাৰ ভাৱ জগাই তোলে আৰু ঘৰৰ মালিকৰ আত্মবিশ্বাস বৃদ্ধি কৰে।তেওঁ কয় যে এই পকা ঘৰবোৰে মহিলাসকলক আৰ্থিক নিৰাপত্তা প্ৰদান কৰিব।

চৰকাৰী আঁচনিৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে আয়ুষ্মান ভাৰত আঁচনিখনো ৫ লাখ টকাৰ বিনামূলীয়া চিকিৎসাৰ মাজতে সীমাবদ্ধ নহয়বৰঞ্চ কেইবাটাও প্ৰজন্মক প্ৰভাৱিত কৰেকিয়নো চিকিৎসা ব্যয়ে প্ৰজন্মক দৰিদ্ৰতা আৰু ঋণৰ মাজলৈ ঠেলি দিব পাৰে৷ তেওঁ কয়, “আয়ুষ্মান যোজনাই দুখীয়াক এই ভাগ্যৰ পৰা ৰক্ষা কৰি আছে। সেইবাবেইমই মিছন মোডত ইমান কঠোৰ পৰিশ্ৰম কৰি প্ৰতিজন দুখীয়াৰ বাবে কাৰ্ডৰ উপলব্ধতা নিশ্চিত কৰিছোঁ।” আজিৰ কাৰ্যসূচীত এক কোটি ষাঠী লাখ লোকক আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ আৰম্ভ কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে কয়, “এখন ৰাষ্ট্ৰৰ সম্পদৰ ওপৰত আটাইতকৈ ডাঙৰ দাবী দৰিদ্ৰ আৰু বঞ্চিতসকলৰ ওপৰত নিহিত হৈ আছে।” তেওঁ মুদ্ৰা যোজনাৰ অধীনত ৫০ কোটি জন ধন একাউণ্ট আৰু অসুৰক্ষিত ঋণৰ দৰে আৰ্থিক অন্তৰ্ভুক্তিৰ পদক্ষেপৰ কথা উল্লেখ কৰে। ইয়াৰ দ্বাৰা দৰিদ্ৰদলিতঅভাৱগ্ৰস্তপিছপৰাজনজাতীয়সংখ্যালঘু আৰু মহিলা উদ্যোগীসকল উপকৃত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে পিএম স্বনিধিৰ কথাও উল্লেখ কৰি কয় যে ৰাজপথৰ বেপাৰীৰ অধিকাংশই পিছপৰা সম্প্ৰদায়ৰ পৰা আহিলেও বিগত চৰকাৰসমূহে কেতিয়াও তেওঁলোকৰ বিষয়ত গুৰুত্ব নিদিলে আৰু কেৱল হাৰাশাস্তিহে কৰিছিল। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতেপিএম স্বনিধি আঁচনিৰ জৰিয়তে এতিয়ালৈকে ৩৫ লাখতকৈ অধিক লোক উপকৃত হৈছে আৰু আজি বাৰাণসীত ১.২৫ লাখতকৈ অধিক লাভাৰ্থীক ঋণ প্ৰদান কৰা হৈছে। "দুখীয়াৰ বাবে আত্মসন্মান মোদীৰ গেৰাণ্টিবুলিও কয় প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীয়ে পূৰ্বৰ চৰকাৰসমূহৰ মৌলিক অসততাৰ ওপৰত আলোকপাত কৰেযাৰ ফলত ধনৰ ধাৰাবাহিক নাটনি হৈছিল। তেওঁ কয় যে আজি, “দুখীয়া কল্যাণ হওক বা আন্তঃগাঁথনি হওকবাজেটৰ অভাৱ নাই। কৰদাতা একেব্যৱস্থা একেকেৱল চৰকাৰ সলনি হৈছে। যদি উদ্দেশ্য সলনি হৈছেতেন্তে ইয়াৰ ফলো সন্মুখলৈ আহিছে।বিগত কেলেংকাৰী আৰু কলা বজাৰৰ খবৰৰ ঠাইত নতুন প্ৰকল্পৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপনৰ খবৰ আহিছে। এই পৰিৱৰ্তনৰ উদাহৰণ হিচাপে তেওঁ মালবাহী ৰেলৰ বাবে বিশেষ ট্ৰেকৰ সৈতে জড়িত প্ৰকল্প ইষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ উদাহৰণ উল্লেখ কৰে। তেওঁ কয় যে ২০০৬ চনত কল্পনা কৰা প্ৰকল্পটোত ২০১৪ চনলৈকে এক কিলোমিটাৰ দীঘল ট্ৰেকো নিৰ্মাণ কৰিব পৰা নগল। যোৱা ৯ বছৰত প্ৰকল্পটোৰ এটা ডাঙৰ অংশ সম্পূৰ্ণ হৈছে আৰু এই অঞ্চলত মালবাহী ৰেল চলি আছে। তেওঁ কয়, "আজিও দীনদয়াল উপাধ্যায় জংচনৰ পৰা নতুন সোণনগৰ অংশ উদ্বোধন কৰা হৈছে। ইয়াৰ ফলত মাল ট্ৰেইনৰ গতি বৃদ্ধিয়েই নহয়পূৰ্বাঞ্চল আৰু পূব ভাৰতত বহু নতুন কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টি হব।"

 

দেশৰ দ্ৰুতগতিত ৰেলৰ আকাংক্ষাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে প্ৰায় ৫০ বছৰ পূৰ্বে দেশত প্ৰথমখন ৰাজধানী এক্সপ্ৰেছ চলিছিল যদিও আজিলৈকে মাত্ৰ ১৬টা পথতহে চলাচল কৰিবলৈ সক্ষম হৈছে। তেওঁ ৩০-৩৫ বছৰ পূৰ্বে আৰম্ভ হোৱা শতাব্দী এক্সপ্ৰেছৰ উদাহৰণো উল্লেখ কৰে যদিও বৰ্তমান মাত্ৰ ১৯টা পথতহে চলি আছে। প্ৰধানমন্ত্ৰীয়ে বন্দে ভাৰত এক্সপ্ৰেছৰ কথা উল্লেখ কৰি কয় যে এই ৰেলখন ৪ বছৰৰ কম সময়ৰ ভিতৰতে ২৫টা পথত চলি আছে। প্ৰধানমন্ত্ৰীয়ে কয়, “দেশৰ প্ৰথমখন বন্দে ভাৰত ৰেল বেনাৰসে লাভ কৰিছিল।” তেওঁ জনোৱা মতেআজি গোৰখপুৰৰ পৰা গোৰখপুৰ-লক্ষ্ণৌ আৰু যোধপুৰ-আহমেদাবাদ পথত দুখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেল ফ্লেগ অফ কৰা হৈছে। শ্ৰী মোদীয়ে কয়, “এই বন্দে ভাৰত দেশৰ মধ্যবিত্ত শ্ৰেণীৰ মাজত ইমান ছুপাৰ হিট হৈ পৰিছে আৰু ইয়াৰ চাহিদা বাঢ়িয়েই আছে।” তেওঁ আস্থা প্ৰকাশ কৰে যে বন্দে ভাৰতে দেশৰ প্ৰতিটো কোণ সংযোগ কৰিব সেই দিনটো বহু দূৰত নহয়।

কাশীৰ সৈতে সংযোগ উন্নত কৰাৰ বাবে যোৱা ৯ বছৰত কৰা অভূতপূৰ্ব কামৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ বাবেই বহু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি হৈছে। তেওঁ কয় যে ৭ কোটি পৰ্যটক আৰু ভক্তই কাশী ভ্ৰমণ কৰিছিলযিটো এবছৰৰ ভিতৰত ১২গুণ বৃদ্ধি পাইছে। ইয়াৰ ফলত ৰিক্সা চালকদোকানীৰ পৰা আৰম্ভ কৰি ধাবা আৰু হোটেলত কাম কৰা লোকআৰু বানাৰসী শাৰী উদ্যোগৰ বাবে উন্নত উপাৰ্জনৰ সুযোগ সৃষ্টি হয়। লগতে তেওঁ নাৱৰীয়াসকলক যথেষ্ট উপকৃত হোৱা বুলিও কয় আৰু লগতে সন্ধিয়া গংগা আৰতিৰ সময়ত নাওৰ সংখ্যাক লৈও আচৰিত হোৱাৰ কথা প্ৰকাশ কৰে। তেওঁ কয়, “আপোনালোকে এনেকৈয়ে বেনাৰসৰ চোৱাচিতা কৰি থাকক।

ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আজিৰ এই প্ৰকল্পৰ বাবে সকলোকে অভিনন্দন জ্ঞাপন কৰি বাবাৰ আশীৰ্বাদত বাৰাণসীৰ উন্নয়ন যাত্ৰা আৰু অধিক অব্যাহত থাকিব বুলি আস্থা প্ৰকাশ কৰে।

উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেলউত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীযুত যোগী আদিত্যনাথউত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত কেশৱ প্ৰসাদ মৌৰ্য আৰু শ্ৰীযুত ব্ৰজেশ পাঠককেন্দ্ৰীয় গধুৰ উদ্যোগ মন্ত্ৰী শ্ৰীযুত মহেন্দ্ৰ নাথ পাণ্ডেকেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্য মন্ত্ৰী অধ্যাপক এছপি সিং বাঘেল আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীয়ে ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ পণ্ডিত দীনদয়াল উপাধ্যায় জংচন-সোণ নগৰ ৰেলপথ উচৰ্গা কৰে। ৬৭৬০ কোটি টকাৰো অধিক ব্যয়ৰে নিৰ্মিত এই নতুন লাইনে সামগ্ৰীৰ দ্ৰুত আৰু অধিক কাৰ্যক্ষম চলাচলৰ সুবিধা প্ৰদান কৰিব। ৯৯০ কোটি টকাৰো অধিক ব্যয়ৰে বিদ্যুৎ বা দুগুণ কৰা তিনিটা ৰেলপথো তেওঁ দেশৰ বাবে উৎসৰ্গা কৰে। ইয়াৰ ভিতৰত আছে গাজীপুৰ চহৰ-আউনৰিহাৰ ৰে'ল লাইনআউনৰিহাৰ-জৌনপুৰ ৰে'ল লাইন আৰু ভাটনি-আউনৰিহাৰ ৰেল লাইন। এই প্ৰকল্পসমূহে উত্তৰ প্ৰদেশৰ ৰেলপথৰ ১০০ শতাংশ বিদ্যুৎকৰণ সাধনত সহায় কৰিছে।

২৭৫০ কোটি টকা ব্যয় সাপেক্ষে সম্পূৰ্ণ হোৱা ৫৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাৰাণসী-জৌনপুৰ অংশৰ চাৰিটা লেনলৈ বহল কৰি বাৰাণসীৰ পৰা লক্ষ্ণৌলৈ যাতায়ত সহজ আৰু ক্ষীপ্ৰ কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ বাবে উৎসৰ্গা কৰে।

বাৰাণসীত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিবলগীয়া বহু প্ৰকল্পৰ ভিতৰত ১৮টা পিডব্লিউডি পথ নিৰ্মাণ আৰু সংস্কাৰবি এইচ ইউ কেম্পাছত আন্তঃৰাষ্ট্ৰীয় গাৰ্লছ হোষ্টেল ভৱন নিৰ্মাণচেণ্ট্ৰেল ইনষ্টিটিউট অৱ পেট্ৰ'কেমিকেলছ ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি (চিআইপিইটি) - গাঁও কাৰ্ছাৰাত বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰথানা সিন্ধাউৰাপি এ চি ভুলনপুৰঅগ্নিনিৰ্বাপক বাহিনীৰ থানা পিণ্ড্ৰা আৰু চৰকাৰী আৱাসিক বিদ্যালয় তৰ্ছাদাত আৱাসিক অট্টালিকা আৰু সুবিধাসমূহঅৰ্থনৈতিক অপৰাধ গৱেষণা সংস্থা নিৰ্মাণমোহন কাত্ৰৰ পৰা কনিয়া ঘাটলৈ নলা লাইন আৰু ৰামনা গাঁৱত আধুনিক চেপটেজ ব্যৱস্থাপনা প্ৰণালী৩০টা ডাবল চাইডেড বেকলাইট এল ই ডি ইউনিপোলএন ডি ডি বি গাখীৰ প্লাণ্ট ৰামনগৰত গৰুৰ গোবৰ ভিত্তিক বায়’-গেছ প্লাণ্টআৰু দশশ্বমেধ ঘাটত এটা বিশেষ ভাসমান চেঞ্জিং ৰুমৰ জেটি। ভক্তসকলে গংগা নদীত গা ধোৱাৰ সুবিধা লাভ কৰিব ভাসমান চেঞ্জিং ৰুমৰ জেটীৰ পৰা।

প্ৰধানমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা প্ৰকল্পসমূহৰ ভিতৰত আছিল চৌখণ্ডিকাদিপুৰ আৰু হৰদত্তপুৰ ৰেল ষ্টেচনৰ সমীপত তিনিটা দুইলেনযুক্ত ৰেল অভাৰ ব্ৰীজ (আৰ অ’ বি); ব্যাসনগৰ – পইণ্ট দীনদয়াল উপাধ্যায় জংচন ৰে'ল উৰণীয়া সেতু নিৰ্মাণআৰু ১৫টা পিডব্লিউডি পথ নিৰ্মাণ আৰু সংস্কাৰ। এই প্ৰকল্পসমূহ মুঠ প্ৰায় ৭৮০ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হব।

লগতে প্ৰধানমন্ত্ৰীয়ে জল জীৱন অভিযানৰ অধীনত ৫৫০ কোটিৰো অধিক ব্যয়ৰে নিৰ্মাণ হবলগীয়া ১৯২খন গ্ৰাম্য খোৱাপানী আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ লগে লগে ১৯২খন গাঁৱৰ ৭ লাখ লোকে লাভ কৰিব বিশুদ্ধ খোৱাপানী।

প্ৰধানমন্ত্ৰীয়ে মণিকৰ্ণিকা আৰু হৰিশচন্দ্ৰ ঘাটৰ পুনৰ নিৰ্মাণ আৰু পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। পুনৰ উন্নীত কৰা ঘাটসমূহত ৰাজহুৱা সুবিধাঅপেক্ষাৰ স্থানকাঠ সংৰক্ষণআৱৰ্জনা নিষ্কাশন আৰু পৰিৱেশ অনুকূল শ্মশানৰ ব্যৱস্থা থাকিব।

আধাৰশিলা স্থাপন কৰা আন আন প্ৰকল্পসমূহৰ ভিতৰত দশশ্বমেধ ঘাটত ভাসমান চেঞ্জিং ৰুমৰ জেটীৰ লাইনত বাৰাণসীৰ গংগা নদীৰ ছটা ধৰ্মীয়ভাৱে গুৰুত্বপূৰ্ণ গা ধোৱা ঘাটত ভাসমান চেঞ্জিং ৰুমৰ জেটী আৰু চিপেট কেম্পাছ কাৰছাৰাত ছাত্ৰ ছাত্ৰাবাস নিৰ্মাণ অন্তৰ্ভুক্ত।

অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ লাভাৰ্থীসকলক পিএম স্বনিধি ঋণপি এম এ ৱাই গ্ৰাম্য ঘৰৰ চাবি আৰু আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ কৰে। ইয়াৰ ফলত ৫ লাখ পিএমএৱাই লাভাৰ্থীৰ গৃহ প্ৰৱেশযোগ্য লাভাৰ্থীক ১.২৫ লাখ পিএম স্বনিধি ঋণ প্ৰদান আৰু ২.৮৮ কোটি আয়ুষ্মান কাৰ্ড বিতৰণ আৰম্ভ হব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Successfully Tests Advanced Agni Missile With Multiple Payloads

Media Coverage

India Successfully Tests Advanced Agni Missile With Multiple Payloads
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, a saffron sun has risen from the land of Bengaluru, says PM Modi on witnessing the massive crowd at the Bengaluru rally
PM Modi says women in Karnataka and across the country will never forgive Congress for obstructing greater political participation of women
People repeatedly bring BJP governments back because they trust our governance and development agenda: PM Modi in Bengaluru
NDA forming the government in Assam for the third consecutive time, the BJP receiving such a massive blessing in Bengal for the first time: PM

Prime Minister Narendra Modi today addressed a massive public meeting in Bengaluru, Karnataka and hailed the BJP’s growing support across southern India, asserting that the people of the country are choosing ‘stability, speed and solutions’ over instability and scams. He said that today, a saffron sun has risen from the land of Bengaluru.

Addressing party karyakartas and supporters, PM Modi said, “As a BJP karyakarta myself, I know that only BJP workers can gather in such large numbers, in such an organized manner, this early in the morning. I am deeply grateful to all of you for coming here in such huge numbers.”

Recalling the historic significance of May 10, PM Modi said the day marked the beginning of the First War of Independence in 1857, which later transformed into a nationwide movement against colonial rule.

The PM said that inspired by this spirit, the nation had recently marked the first anniversary of Operation Sindoor. He also informed the gathering that he would be visiting Somnath in Gujarat tomorrow to participate in the celebrations marking 75 years of the reconstruction of the Somnath Temple.

Calling Karnataka a major pillar of BJP’s southern expansion, PM Modi highlighted the NDA’s electoral successes in multiple states and Union Territories. “Puducherry has voted for an NDA government for the second consecutive time, Assam has chosen NDA for the third straight term, BJP has received historic blessings in Bengal, and in Gujarat, BJP has broken all previous records in panchayat and civic polls,” he added.

“These results carry a very strong message, in a world surrounded by instability, the people of India are giving the mantra of stability. The people are saying they want speed, not scams; solutions, not excuses; and politics driven by national interest,” he said.

“When BJP was not as big a party as it is today, Karnataka gave BJP tremendous strength. Today, NDA is in power in Andhra Pradesh, BJP is number one in Karnataka in terms of Lok Sabha representation, BJP is the second-largest force in Telangana, NDA has formed government again in Puducherry and BJP has also opened its account in Tamil Nadu,” he said. Referring to Kerala, the PM expressed confidence about the BJP-NDA’s future prospects in the state.

“There was a time when BJP had only three MLAs in Bengal and today we have a government there with over 200 MLAs. In Kerala too, we have moved from one to three MLAs. The day is not far when BJP-NDA will cross the majority mark there as well,” he remarked.

Launching a sharp attack on the Congress party, PM Modi contrasted BJP’s ‘pro-incumbency’ with what he termed Congress’ growing anti-incumbency. “We have been in power at the Centre for 12 years and BJP-NDA governments are serving in more than 21 states. People repeatedly bring BJP governments back because they trust our governance and development agenda,” he said.

The Prime Minister alleged that Congress governments fail to retain public confidence because of poor governance and internal conflicts. “Congress has no chapter on governance in its political book. In Karnataka, instead of solving people’s problems, the government spends most of its time resolving internal fights. In Himachal Pradesh, government employees are struggling to receive salaries and in Telangana, farmers are being pushed towards distress,” he said.

Accusing Congress of betraying women on the issue of women’s reservation, PM Modi iterated, “For decades, Congress misled the women of this country. BJP ended that politics and enacted the law for 33 percent reservation for women. But Congress remains the biggest anti-women party and opposed the Nari Shakti Vandan legislation.”

He asserted that women in Karnataka and across the country would never forgive Congress for obstructing greater political participation of women.

Referring to Tamil Nadu politics, the PM said Congress had repeatedly depended on its allies for survival but later turned against them for political gains. “Look at Tamil Nadu. For nearly 25-30 years, Congress had a close relationship with the DMK. Time and again, the alliance with DMK rescued Congress from political crises and strengthened it at the Centre. But a power-hungry Congress stabbed DMK in the back at the first available opportunity,” he said.

“The world is facing multiple crises today. The continuing instability in West Asia has impacted the entire world, and India too is affected. At such a time, we must strengthen our sense of restraint and responsibility. We must make every effort to reduce unnecessary expenditure of foreign exchange and protect national resources,” PM Modi said.

Drawing parallels with the collective response during the COVID-19 pandemic, PM Modi called upon citizens to stand united once again in the national interest.