নগৰনাৰত এনএমডিচি ষ্টীল লিমিটেড উৎসৰ্গা কৰে
জগদলপুৰ ৰেল ষ্টেচনৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন
ছত্তিশগড়ত একাধিক ৰেল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সেয়া ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে
তাৰোকী-ৰায়পুৰ ডিইএমইউ ৰেল সেৱাৰ আৰম্ভণি
“দেশৰ প্ৰতিখন ৰাজ্য়, প্ৰতিখন জিলা আৰু প্ৰতিটো গ্ৰামাঞ্চল উন্নত হ’লেহে বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱায়িত হ’ব”
“বিকশিত ভাৰতৰ বাবে শাৰিৰীক, সামাজিক, ডিজিটেল আন্তঃগাঁথনি ভৱিষ্য়তৰ প্ৰয়োজন অনুসৰি হ’ব লাগে”
“এখন বৃহৎ তীখা উৎপাদনকাৰী ৰাজ্য হোৱাৰ সুফল ছত্তিশগড়ে লাভ কৰিছে।”
“বাষ্টাৰৰ নিৰ্মিত তীখাই দেশৰ সেনাক অধিক শক্তিশালী কৰাৰ লগতে প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰতো ভাৰতৰ শক্তিশালী স্থিতি হ'ব।”
“অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ছত্তিশগড়ত ৩০টাৰো অধিক ষ্টেচন উন্নীত কৰা হৈছে”
“ছত্তিশগড় ৰাইজৰ জীৱনৰ মান সুগম কৰাৰ বাবে চৰকাৰে সকলো প্ৰকাৰে প্ৰচেষ্টা অব্য়াহত ৰাখিছে”
“ছত্তিশগড়ৰ উন্নয়ন যাত্ৰাত চৰকাৰে সহযোগিতা আগবঢ়াই যাব আৰু ৰাষ্ট্ৰৰ ভাগ্য সলনি কৰাৰ ক্ষেত্ৰত ৰাজ্যই নিজৰ ভূমিকা পালন কৰি যাব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তিশগড়ৰ বাষ্টৰৰ জগদলপুৰত প্ৰায় ২৭ হাজাৰ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি সেয়া ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত বাষ্টাৰ জিলাৰ নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ ২৩,৮০০ কোটিতকৈ অধিক মূল্যৰ ষ্টীল প্লাণ্ট আৰু লগতে একাধিক ৰে’ল আৰু পথ প্ৰকল্প আছে। তেওঁ তাৰোকী-ৰায়পুৰ ডিইএমইউ ৰেল সেৱাৰো আৰম্ভণি কৰে।

 

সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, দেশৰ প্ৰতিখন ৰাজ্য, প্ৰতিখন জিলা আৰু প্ৰতিখন গাঁও উন্নত হ’লেহে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত হ’ব। এই সংকল্পসমূহ পূৰণ কৰিবলৈ আজি প্ৰায় ২৭ হাজাৰ কোটি টকাৰ প্ৰকল্পসমূহ আৰম্ভ কৰা হৈছে বুলি উল্লেখ কৰি উন্নয়নমূলক প্ৰকল্পসমূহৰ বাবে ছত্তিশগড়বাসীক অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিকশিত ভাৰতৰ বাবে শাৰিৰীক, সামাজিক আৰু ডিজিটেল আন্তঃগাঁথনি ভৱিষ্যতৰ প্ৰয়োজন অনুসৰি হ’ব লাগে। তেওঁ জনোৱা মতে আন্তঃগাঁথনিৰ বাবে এইবাৰৰ ব্যয় ছগুণ বৃদ্ধিৰে ১০ লাখ কোটি টকা।

ৰেল, পথ, বিমানবন্দৰ, বিদ্যুৎ প্ৰকল্প, পৰিবহণ, দৰিদ্ৰ লোকৰ ঘৰ, আৰু শিক্ষা আৰু স্বাস্থ্যসেৱা প্ৰতিষ্ঠান আদি প্ৰকল্পত তীখাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যোৱা ৯ বছৰত তীখা উৎপাদনত চৰকাৰে ৰাষ্ট্ৰক স্বাৱলম্বী কৰি তোলাৰ বাবে অনেক পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰীয়ে আজি নগৰনাৰৰ অন্যতম আধুনিক তীখা উদ্যোগ উদ্বোধনৰ পাচত এই সন্দৰ্ভত আলোকপাত কৰি কয় যে “এখন বৃহৎ তীখা উৎপাদনকাৰী ৰাজ্য হোৱাৰ সুফল ছত্তিশগড়ে লাভ কৰিছে”। তেওঁ লগতে কয় যে এই উদ্যোগত উৎপাদিত তীখাই দেশৰ অটোমোবাইল, অভিযান্ত্ৰিক আৰু প্ৰতিৰক্ষা উৎপাদন খণ্ডক নতুন শক্তি প্ৰদান কৰিব। শ্ৰী মোদীয়ে কয় “বাষ্টাৰত উৎপাদিত তীখাই প্ৰতিৰক্ষা ৰপ্তানি বৃদ্ধি কৰাৰ লগতে দেশৰ প্ৰতিৰক্ষা বাহিনীক শক্তিশালী কৰিব”। তেওঁ আঙুলিয়াই দিয়ে যে এই তীখা উদ্যোগটোৱে বাষ্টাৰ আৰু ওচৰৰ অঞ্চলৰ প্ৰায় ৫০ হাজাৰ যুৱক-যুৱতীক কৰ্মসংস্থাপনৰ সুযোগ দিব। তেওঁ লগতে কয় যে “নতুন তীখা উদ্যোগটোৱে কেন্দ্ৰীয় চৰকাৰে বাষ্টাৰৰ দৰে আকাংক্ষিত জিলাসমূহৰ উন্নয়নক অগ্ৰাধিকাৰ দিয়াত নতুন গতি প্ৰদান কৰিব”।

 

কেন্দ্ৰীয় চৰকাৰে যোগাযোগ ব্য়ৱস্থাৰ ওপৰত গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ছত্তিশগড়ৰ অৰ্থনৈতিক কৰিড’ৰ আৰু আধুনিক ঘাইপথৰ কথা উল্লেখ কৰে। তেওঁ লগতে জনাই যে ২০১৪ চনৰ তুলনাত ছত্তিশগড়ৰ ৰে’ল বাজেট প্ৰায় ২০ গুণ বৃদ্ধি কৰা হৈছে। স্বাধীনতাৰ ইমান বছৰৰ পাছত তাৰোকীয়ে নতুন ৰেলপথ লাভ কৰিছে। এখন নতুন ডিইএমইউ ৰেলে দেশৰ মানচিত্ৰত তাৰোকীক সংযোগ কৰি ৰাজধানী ৰায়পুৰলৈ যাতায়ত সুগম কৰিছে। জগদলপুৰ আৰু দান্তৱাড়াৰ মাজত দুটা শাৰীত ৰেল লাইন কৰাৰ প্ৰকল্পই লজিষ্টিক খৰচ হ্ৰাস কৰাৰ লগতে যাতায়তত সুগম কৰিব।

ছত্তিশগড়ত ৰেলপথৰ ১০০% বিদ্যুৎ সংযোগৰ কাম সম্পূৰ্ণ হোৱাত প্ৰধানমন্ত্ৰীয়ে আনন্দ প্ৰকাশ কৰিছে। ৰাজ্যত বন্দে ভাৰত ৰেলগাড়ীও চলি আছে। ‘অমৃত ভাৰত ষ্টেচন যোজনাৰ অধীনত ছত্তিশগড়ত ৩০টাতকৈও অধিক ষ্টেচন উন্নীতকৰণ হৈছে। ইতিমধ্যে ইয়াৰে ৭টা ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰা হৈছে। বিলাসপুৰ, ৰায়পুৰ আৰু দুৰ্গ ষ্টেচনৰ সমান্তৰালকৈ আজি জগদলপুৰ ষ্টেচন এই তালিকাত সংযোজন কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। ‘অনাগত দিনত জগদলপুৰ ষ্টেচন মহানগৰীৰ মূল কেন্দ্ৰ হিচাপে পৰিগণিত হ’ব আৰু ইয়াত যাত্ৰীৰ সুবিধাসমূহ উন্নীত কৰা হ’ব। যোৱা ৯ বছৰত ৰাজ্যৰ ১২০টাতকৈও অধিক ষ্টেচনত বিনামূলীয়া ৱাই-ফাইৰ সুবিধা প্ৰদান কৰা হৈছে”, তেওঁ লগতে কয়।

 

শ্ৰী মোদীয়ে কয় যে “চৰকাৰে ছত্তিশগড়ৰ জনসাধাৰণৰ জীৱন সহজ কৰি তুলিবলৈ সকলো সম্ভৱপৰ প্ৰচেষ্টা চলাইছে”, আজিৰ প্ৰকল্পসমূহে উন্নয়নৰ গতি আৰু অধিক আগুৱাই নিব, নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব আৰু ৰাজ্যখনত নতুন উদ্যোগসমূহক উৎসাহিত কৰিব। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে যে চৰকাৰে ছত্তীশগড়ৰ উন্নয়ন যাত্ৰাৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখিব আৰু ৰাষ্ট্ৰৰ ভাগ্য সলনি কৰাৰ ক্ষেত্ৰত ৰাজ্যই নিজৰ ভূমিকা পালন কৰি যাব। এই উপলক্ষে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰি ৰাজ্যখনৰ উন্নয়নৰ প্ৰতি চিন্তাশীল হোৱাৰ বাবে ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী বিশ্বভূষণ হৰিচন্দনক প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে।

 অন্য়ৰ লগতে ৰাজ্য়পাল শ্ৰী বিশ্বভূষণ হৰিচন্দন আৰু সাংসদ শ্ৰী মোহন মান্দভী এই অনুষ্ঠানত উপস্থিত থাকে।

 

পৃষ্ঠভূমি

আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগীক প্ৰেৰণা যোগাব পৰা পদক্ষেপৰ অংশস্বৰূপে প্ৰধানমন্ত্ৰীয়ে বাষ্টাৰ জিলাৰ নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ তীখা উদ্যোগটো ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। গ্ৰীণফিল্ড প্ৰকল্প হিচাপে স্বীকৃত ২৩,৮০০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মিত এই তীখা উদ্যোগটো হৈছে উচ্চমানৰ তীখা উৎপাদন প্ৰকল্প। নগৰনাৰত থকা এনএমডিচি ষ্টীল লিমিটেডৰ ষ্টীল প্লাণ্টে উদ্যোগটোৰ লগতে আনুষাংগিক আৰু তলৰ উদ্যোগত হাজাৰ হাজাৰ লোকক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব। এই উদ্য়োগে বাষ্টাৰক বিশ্বৰ তীখাৰ মানচিত্ৰত স্থান দিব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত উৎসাহ দিব।

 

প্ৰধানমন্ত্ৰীৰ সমগ্ৰ দেশতে ৰেলসেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি এই কাৰ্যসূচীৰ সময়তে একাধিক ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সেয়া ৰাষ্ট্ৰৰ নামত সমৰ্পন কৰা হয়। প্ৰধানমন্ত্ৰীয়ে আন্তগড় আৰু তাৰোকিৰ মাজত নতুন ৰে’লপথ আৰু জগদলপুৰ আৰু দান্তৱাড়াৰ মাজত ৰেলপথ দুশাৰী কৰাৰ প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত বৰিদন্দ-সুৰজপুৰ ৰেল লাইন দুশাৰীকৰণ প্ৰকল্প আৰু জগদলপুৰ ষ্টেচন পুনৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তাৰোকি-ৰায়পুৰ ডিইএমইউ ৰেল সেৱাৰো আৰম্ভণি কৰে। এই ৰে’ল প্ৰকল্পসমূহে ৰাজ্যৰ জনজাতীয় অঞ্চলসমূহলৈ যোগাযোগৰ উন্নতি সাধন কৰিব। উন্নত ৰেল আন্তঃগাঁথনি আৰু নতুন ৰেল সেৱাই স্থানীয় জনসাধাৰণক উপকৃত কৰাৰ লগতে অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৪৩ৰ ‘কুংকুৰিৰ পৰা ছত্তিশগড়-ঝাৰখণ্ড সীমান্ত অংশ’লৈ পথ উন্নীতকৰণ প্ৰকল্পও ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে। নতুন পথটোৱে যোগাযোগৰ উন্নতি সাধন কৰাৰ লগতে অঞ্চলটোৰ জনসাধাৰণক উপকৃত কৰিব।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Ecommerce order volumes up 31% during Independence Day sales

Media Coverage

Ecommerce order volumes up 31% during Independence Day sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of self-respect, courage and steadfastness
August 18, 2026

The Prime Minister, Shri Narendra Modi has shared a Sanskrit Subhashitam highlighting the importance of living with self-respect, courage and dignity. He emphasised that true valour and strength lie in remaining steadfast in one’s principles and values, without compromising them under any circumstances.

The Prime Minister shared a Sanskrit Subhashitam-

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।
अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”

The Subhashitam conveys that a person should always live with self-respect, courage and dignity. True valor and strength lie in never compromising one's principles and values under any circumstances, but remaining steadfast in one's ideals with truth, patience and self-pride.

The Prime Minister wrote on X;

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।

अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”