নগৰনাৰত এনএমডিচি ষ্টীল লিমিটেড উৎসৰ্গা কৰে
জগদলপুৰ ৰেল ষ্টেচনৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন
ছত্তিশগড়ত একাধিক ৰেল আৰু পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে সেয়া ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে
তাৰোকী-ৰায়পুৰ ডিইএমইউ ৰেল সেৱাৰ আৰম্ভণি
“দেশৰ প্ৰতিখন ৰাজ্য়, প্ৰতিখন জিলা আৰু প্ৰতিটো গ্ৰামাঞ্চল উন্নত হ’লেহে বিকশিত ভাৰতৰ স্বপ্ন বাস্তৱায়িত হ’ব”
“বিকশিত ভাৰতৰ বাবে শাৰিৰীক, সামাজিক, ডিজিটেল আন্তঃগাঁথনি ভৱিষ্য়তৰ প্ৰয়োজন অনুসৰি হ’ব লাগে”
“এখন বৃহৎ তীখা উৎপাদনকাৰী ৰাজ্য হোৱাৰ সুফল ছত্তিশগড়ে লাভ কৰিছে।”
“বাষ্টাৰৰ নিৰ্মিত তীখাই দেশৰ সেনাক অধিক শক্তিশালী কৰাৰ লগতে প্ৰতিৰক্ষা ৰপ্তানিৰ ক্ষেত্ৰতো ভাৰতৰ শক্তিশালী স্থিতি হ'ব।”
“অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ছত্তিশগড়ত ৩০টাৰো অধিক ষ্টেচন উন্নীত কৰা হৈছে”
“ছত্তিশগড় ৰাইজৰ জীৱনৰ মান সুগম কৰাৰ বাবে চৰকাৰে সকলো প্ৰকাৰে প্ৰচেষ্টা অব্য়াহত ৰাখিছে”
“ছত্তিশগড়ৰ উন্নয়ন যাত্ৰাত চৰকাৰে সহযোগিতা আগবঢ়াই যাব আৰু ৰাষ্ট্ৰৰ ভাগ্য সলনি কৰাৰ ক্ষেত্ৰত ৰাজ্যই নিজৰ ভূমিকা পালন কৰি যাব”

জয় জোহাৰ!

ছত্তীশগড়ৰ ৰাজ্যপাল শ্ৰী বিশ্বভূষণ হৰিচন্দনজীৰ লগতে সংসদৰ মোৰ দুজন জনপ্ৰিয় সহকৰ্মী আৰু ৰাজ্যখনৰ বিধানসভাৰ প্ৰতিনিধি, সাংসদ, জিলা পৰিষদ, তালুকা পৰিষদৰ প্ৰতিনিধি আৰু মহিলা আৰু ভদ্ৰলোকসকল,

 

উন্নত ভাৰতৰ সপোন তেতিয়াহে সঁচা হ'ব যেতিয়া প্ৰতিখন ৰাজ্য, প্ৰতিখন জিলা আৰু প্ৰতিখন গাঁৱৰ বিকাশ হ'ব। এই সংকল্পক শক্তিশালী কৰাৰ বাবে আজি প্ৰায় ২৭,০০০ কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰা হৈছে। মই আপোনালোক সকলোকে আৰু ছত্তীশগড়ৰ জনসাধাৰণক আন্তৰিক অভিনন্দন জনাইছো।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

বিকশিত ভাৰতৰ বাবে ভৌতিক, ডিজিটেল আৰু সামাজিক আন্তঃগাঁথনিও ভৱিষ্যতৰ প্ৰয়োজনীয়তা অনুসৰি হব লাগে। এইকাৰণেই আমাৰ চৰকাৰে যোৱা ন বছৰত আন্তঃগাঁথনিৰ বাবে হোৱা ব্যয় কেইবাবাৰো বৃদ্ধি কৰিছে। এই বছৰ আন্তঃগাঁথনিৰ ব্যয় ১০ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে ,যি আগৰ তুলনাত ৬ গুণ বেছি।

 

বন্ধুসকল,

আজি দেশত নিৰ্মাণ হৈ থকা ৰে'ল, পথ, বিমানব ন্দৰ, বিদ্যুৎ প্ৰকল্প, বাহন, দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ, বিদ্যালয়-মহাবিদ্যালয়-চিকিৎসালয়ত তীখাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰত যাতে তীখা উৎপাদনত স্বাৱলম্বী হয় তাৰ বাবে যোৱা ন বছৰত কেইবাটাও পদক্ষেপ লোৱা হৈছে। তীখা উৎপাদনকাৰী এক প্ৰধান ৰাজ্য হোৱাৰ বাবে, ছত্তীশগড় ইয়াৰ পৰা যথেষ্ট লাভান্বিত হৈছে। ইয়াৰ অংশ হিচাপে আজি নগৰনাৰত ভাৰতৰ অন্যতম আধুনিক তীখা প্ৰকল্প উদ্বোধন কৰা হৈছে। ইয়াত উৎপাদন কৰা তীখাই ভাৰতৰ অটোমোবাইল, অভিযান্ত্ৰিক আৰু দ্ৰুতগতিত বৰ্ধিত প্ৰতিৰক্ষা উৎপাদন খণ্ডত অৰিহণা যোগাব, নতুন শক্তি প্ৰদান কৰিব। বস্তাৰত যি তীখা উৎপাদিত হয় তাৰ ফলত আমাৰ সেনাও শক্তিশালী হব আৰু দেশৰ প্ৰতিৰক্ষা ৰপ্তানিও বৃদ্ধি হ'ব। এই তীখা প্ৰকল্পটোৰ ফলস্বৰূপে বস্তাৰ আৰু ইয়াৰ আশে-পাশে থকা প্ৰায় ৫০,০০০ যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিব। বস্তাৰৰ দৰে উচ্চাকাংক্ষী জিলাসমূহৰ বিকাশৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়াৰ ফলত এই তীখা প্ৰকল্পটোৰ পৰা এক উল্লেখনীয় সাফল্য লাভ কৰিব। এই সাফল্যৰ বাবে মই বস্তাৰ আৰু ছত্তীশগড়ৰ যুৱসকলক আন্তৰিক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

কেন্দ্ৰীয় চৰকাৰে যোৱা ন বছৰত যোগাযোগ ব্যৱস্থাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। ছত্তীশগড়েও অৰ্থনৈতিক কৰিডৰ আৰু আধুনিক ঘাইপথ লাভ কৰিছে। ছত্তীশগড়ৰ বাবে ৰেল বাজেট ২০১৪ চনৰ আগৰ তুলনাত প্ৰায় ২০ গুণ বৃদ্ধি কৰা হৈছে। ৰাজ্যখনত বৰ্তমান কেইবাটাও মুখ্য ৰেল প্ৰকল্প চলি আছে। স্বাধীনতাৰ কেইবা বছৰৰ পিছতো ছত্তীশগড়ৰ তাড়োকীয়ে এতিয়ালৈকে ৰে'লৱে মানচিত্ৰত স্থান পোৱা নাছিল। আজি, তাড়োকীয়ে এটা নতুন ৰে'ল লাইনৰ উপহাৰ লাভ কৰিছে। ইয়ে কেৱল জনজাতীয় সম্প্ৰদায়সমূহকেই সুবিধা প্ৰদান কৰা নাই, লগতে কৃষি, বনাঞ্চল আৰু বনজাত সামগ্ৰী পৰিবহনত সহায় কৰিব। ৰায়পুৰ-অণ্টাগড় ডেমু ৰেলৰ সৈতে তাড়োকি এতিয়া সংযুক্ত হৈছে, যাৰ ফলত ৰাজধানী ৰায়পুৰলৈ যাত্ৰা সহজ হৈ পৰিছে। জগদলপুৰ-দান্তেৱাড়া দ্বৈত ৰে'ল লাইন প্ৰকল্পৰ ফলত যাতায়ত সহজ হ'ব আৰু উদ্যোগসমূহৰ বাবে লজিষ্টিক ব্যয় হ্ৰাস হ'ব। এই সকলো ৰে'ল প্ৰকল্পই অঞ্চলটোত অসংখ্য নতুন নিযুক্তিৰ সুযোগ সৃষ্টি কৰিব।

 

বন্ধুসকল,

মই আনন্দিত যে ছত্তীশগড়ত ৰে'লপথৰ ১০০% বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে। ই কেৱল ৰেলৰ গতিয়েই বৃদ্ধি নকৰে, ছত্তীশগড়ৰ বায়ু পৰিষ্কাৰ কৰি ৰখাত অৰিহণা যোগাব। ছত্তীশগড়ত ৰে'লৱে নেটৱৰ্কৰ সম্পূৰ্ণ বৈদ্যুতিকৰণৰ পিছত, ৰাজ্যখনত বন্দে ভাৰত এক্সপ্ৰেছৰ স়ঞ্চালনো আৰম্ভ কৰা হ'ব।

বন্ধুসকল,

ভাৰত চৰকাৰে অদূৰ ভৱিষ্যতে ছত্তীশগড়ৰ ৰেল ষ্টেচনসমূহ পুনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে। অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত ৰাজ্যখনৰ ৩০টাতকৈও অধিক ষ্টেচন চিনাক্ত কৰা হৈছে, আৰু ইয়াৰে সাতটা ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা ইতিমধ্যে স্থাপন কৰা হৈছে। বিলাসপুৰ, ৰায়পুৰ আৰু দূৰ্গ ষ্টেচনৰ উপৰিও জগদলপুৰ ষ্টেচনকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। আগন্তুক দিনত, জগদলপুৰ ষ্টেচন চহৰখনৰ বাবে এক মুখ্য কেন্দ্ৰ হৈ পৰিব, আৰু ইয়াত যাত্ৰীৰ সুবিধাসমূহ বৃদ্ধি কৰা হব। যোৱা ন বছৰত ৰাজ্যখনৰ ১২০টাতকৈও অধিক ষ্টেচনত বিনামূলীয়া ৱাই-ফাই সুবিধা প্ৰদান কৰা হৈছে।

 

বন্ধুসকল,

 

ভাৰত চৰকাৰে ছত্তীশগড়ৰ জনসাধাৰণ, প্ৰতিগৰাকী ভগ্নী, কন্যা আৰু যুৱক-যুৱতীৰ জীৱন সুগম কৰাৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলাই আছে। আজি প্ৰকল্পসমূহৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ ফলত ছত্তীশগড়ত প্ৰগতিৰ গতি ত্বৰান্বিত হব, নতুন নিযুক্তিৰ সুযোগ সৃষ্টি হব আৰু ই নতুন ব্যৱসায়ক উৎসাহিত কৰিব। মই আপোনাসৱক আশ্বাস দিব বিচাৰো যে আমি এই নিৰন্তৰ গতিৰে ছত্তীশগড়ক আগুৱাই নিম। ছত্তীশগড়ে ভাৰতৰ ভাগ্য সলনি কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই প্ৰকল্পসমূহৰ বাবে মই ছত্তীশগড়ৰ জনসাধাৰণক আকৌ এবাৰ অভিনন্দন জনাইছোঁ। যিহেতু এইটো এটা সৰু চৰকাৰী কাৰ্যসূচী, সেয়ে মই আপোনাসৱৰ অধিক সময় নলওঁ।

মই মাত্ৰ ১০ মিনিটৰ পিছত আন এটা ৰাজহুৱা কাৰ্যসূচীত ছত্তীশগড়ৰ সৈতে সম্পৰ্কিত বিভিন্ন বিষয় সন্দৰ্ভত নাগৰিকসকলৰ সৈতে অধিক ভাগ বতৰা কৰিম। মই তাত ছত্তীশগড়ৰ নাগৰিকসকলৰ সৈতে উন্নয়নৰ বহুতো দিশ ভাগ বতৰা কৰিম। ইয়াত ৰাজ্যপালৰ উপস্থিতিয়ে ৰাজ্যখনৰ প্ৰতিনিধিত্বক সূচায়। ছত্তীশগড়ৰ প্ৰতি ৰাজ্যপালৰ চিন্তা, ছত্তীশগড়ৰ উন্নয়নৰ বাবে তেওঁৰ চিন্তা, ই নিজেই এক ইতিবাচক বাৰ্তা। সকলোকে বহুত বহুত ধন্যবাদ। নমস্কাৰ!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Ecommerce order volumes up 31% during Independence Day sales

Media Coverage

Ecommerce order volumes up 31% during Independence Day sales
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of self-respect, courage and steadfastness
August 18, 2026

The Prime Minister, Shri Narendra Modi has shared a Sanskrit Subhashitam highlighting the importance of living with self-respect, courage and dignity. He emphasised that true valour and strength lie in remaining steadfast in one’s principles and values, without compromising them under any circumstances.

The Prime Minister shared a Sanskrit Subhashitam-

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।
अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”

The Subhashitam conveys that a person should always live with self-respect, courage and dignity. True valor and strength lie in never compromising one's principles and values under any circumstances, but remaining steadfast in one's ideals with truth, patience and self-pride.

The Prime Minister wrote on X;

“उद्यच्छेदेव न नमेदुद्यमो ह्येव पौरुषम्।

अप्यपर्वणि भज्येत न नमत्वेव कस्यचित्॥”