উন্নয়নমূলক প্ৰকল্পসমূহৰ ভিতৰত আছে স্বাস্থ্য, ৰে’ল, পথ, তেল আৰু গেছৰ দৰে খণ্ড
‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ত নতুন দৰ্শন শাৰী চৌহদ উদ্বোধন কৰে
নীলৱান্দে বান্ধৰ বাওঁ কাষৰ নলা-প্ৰণালী উৎসৰ্গা কৰে
'নমো শেতকাৰী মহাসন্মান নিধি যোজনা'ৰ শুভাৰম্ভ কৰে
হিতাধিকাৰীসকলক ‘আয়ুষ্মান কাৰ্ড’ আৰু ‘স্বামিত্ব পত্ৰ’ বিতৰণ কৰে
"সামাজিক ন্যায়ৰ প্ৰকৃত অৰ্থ হৈছে দাৰিদ্ৰৰ পৰা ৰাষ্ট্ৰৰ মুক্তি আৰু দৰিদ্ৰসকলৰ বাবে পৰ্যাপ্ত সুযোগৰ নিশ্চয়তা"
শ্ৰী মোদীয়ে হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড আৰু স্বামিত্ব কাৰ্ডো বিতৰণ কৰে।
দিনটোৰ আৰম্ভণিতে শ্ৰী মোদীয়ে শিৰডীৰ ‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ত পূজা আৰু দৰ্শন কৰে আৰু ‘নীলৱান্দে বান্ধ’ৰ ‘জল পুজন’ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে।
‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ৰ ‘দৰ্শন শাৰী চৌহদ’ৰ বিষয়ে ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে ২০১৮ চনৰ অক্টোবৰ মাহত ইয়াৰ আধাৰশিলা স্থাপনৰ কৰাৰ বিষয়ে অৱগত কৰে আৰু কয় যে এই পদক্ষেপে ভাৰত আৰু বিদেশৰ তীৰ্থযাত্ৰীসকলৰ সুবিধা আৰু বৃদ্ধি কৰিব।
প্ৰধানমন্ত্ৰীয়ে আজি পুৱা ‘ৱাৰকাৰী সম্প্ৰদায়’ৰ বাবা মহাৰাজ সাতাৰকাৰৰ দুখজনক মৃত্যুৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বাবা মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কীৰ্তন আৰু প্ৰবচনৰ দ্বাৰা তেওঁ অব্যাহত ৰখা সামাজিক সজাগতামূলক কৰ্মৰাজীৰ কথা স্মৰণ কৰে, যিয়ে অনাগত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব।
শ্ৰী মোদীয়ে নতুনকৈ আৰম্ভ কৰা ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি’ৰ কথাও উল্লেখ কৰে যিয়ে ১৩,০০০ কোটি টকাৰো অধিক চৰকাৰী পুঁজিৰে লাখ লাখ কাঠমিস্ত্ৰী, সোণোৱাল, কুমাৰ আৰু ভাস্কৰ্যশিল্পীৰ পৰিয়ালক সহায় কৰিবলৈ আৰম্ভ কৰিছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ আহমেদনগৰৰ শিৰডীত স্বাস্থ্য, ৰে'ল, পথ, তেল আৰু গেছৰ দৰে খণ্ডত প্ৰায় ৭৫০০ কোটি টকা ব্যয় সাপেক্ষ এলানি উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই লানি উন্নয়ন মূলক প্ৰকল্পৰ ভিতৰত আছে আহমেদনগৰ অসামৰিক চিকিৎসালয়ত স্থাপন কৰা আয়ুষ চিকিৎসালয়; কুৰ্দুৱাড়ী-লাতুৰ ৰোড ৰে’ল শাখাৰ বৈদ্যুতিকীকৰণ (১৮৬ কিলোমিটাৰ); জলগাঁৱক ভুচাৱলৰ সৈতে সংযোগ কৰা তৃতীয় আৰু চতুৰ্থটো ৰে’লপথ (২৪.৪৬কিলোমিটাৰ); ৰাষ্ট্ৰীয় ঘাইপথ-১৬৬ (পেকেজ-১)ৰ চাংলিৰ পৰা বৰগাঁও শাখালৈ চাৰি লেন; আৰু ‘ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড’ৰ ‘মনমাদ টাৰ্মিনেল’ত অতিৰিক্ত সা-সুবিধাৰ সংযোজন। তেওঁ ‘আহমেদনগৰ অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশু স্বাস্থ্য শাখা’ৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰী মোদীয়ে হিতাধিকাৰীসকলক আয়ুষ্মান কাৰ্ড আৰু স্বামিত্ব কাৰ্ডো বিতৰণ কৰে।

 

অন্যান্য প্ৰকল্পসমূহৰ ভিতৰত শ্ৰী মোদীয়ে ‘নীলৱান্দে বান্ধ’ৰ বাঁও পাৰ (৮৫ কিলোমিটাৰ) নলা-প্ৰণালী ৰাষ্ট্ৰলৈ উৎসৰ্গিতৰ্গা কৰাৰ উপৰি শিৰডীত নতুন দৰ্শনাৰ্থীৰ বাবে নিৰ্মাণ কৰা চৌহদ উদ্বোধন কৰে আৰু ৮৬ লাখতকৈয়ো অধিক কৃষক-হিতাধিকাৰীক লাভান্বিত কৰি 'নমো শেতকাৰী মহাসন্মান নিধি যোজনা' মুকলি কৰে।

দিনটোৰ আৰম্ভণিতে শ্ৰী মোদীয়ে শিৰডীৰ ‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ত পূজা আৰু দৰ্শন কৰে আৰু ‘নীলৱান্দে বান্ধ’ৰ ‘জল পুজন’ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰে।

 

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে সাইবাবাৰ আশীৰ্বাদত ৭৫০০ কোটি টকা ব্যয় সাপেক্ষ এলানি প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হৈছে। বিগত ৫ দশক ধৰি স্থগিত হৈ থকা নীলৱান্দে বান্ধৰ কামৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আজি ইয়াৰ উদ্বোধন সন্দৰ্ভতো মন্তব্য কৰে। তেওঁ সেই স্থানত ‘জল পুজন’ কাৰ্যক্ৰমত অংশগ্ৰহণ কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ সংশ্লিষ্ট সকলোৰে প্ৰতি কৃতজ্ঞতা জনায়। ‘শ্ৰী সাইবাবা সমাধি মন্দিৰ’ৰ ‘দৰ্শন শাৰী চৌহদ’ৰ বিষয়ে ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে ২০১৮ চনৰ অক্টোবৰ মাহত ইয়াৰ আধাৰশিলা স্থাপনৰ কৰাৰ বিষয়ে অৱগত কৰে আৰু কয় যে এই পদক্ষেপে ভাৰত আৰু বিদেশৰ তীৰ্থযাত্ৰীসকলৰ সুবিধা আৰু বৃদ্ধি কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে আজি পুৱা ‘ৱাৰকাৰী সম্প্ৰদায়’ৰ বাবা মহাৰাজ সাতাৰকাৰৰ দুখজনক মৃত্যুৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে বাবা মহাৰাজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কীৰ্তন আৰু প্ৰবচনৰ দ্বাৰা তেওঁ অব্যাহত ৰখা সামাজিক সজাগতামূলক কৰ্মৰাজীৰ কথা স্মৰণ কৰে, যিয়ে অনাগত প্ৰজন্মক অনুপ্ৰেৰণা যোগাই থাকিব।  

"সামাজিক ন্যায়ৰ প্ৰকৃত অৰ্থ হৈছে দৰিদ্ৰ্যৰ পৰা ৰাষ্ট্ৰৰ মুক্তি আৰু দৰিদ্ৰসকলৰ বাবে পৰ্যাপ্ত সুযোগৰ নিশ্চয়তা।" প্ৰসংগক্ৰমে প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ 'সবকা সাথ সবকা বিকাশ'ৰ মন্ত্ৰষাৰো দোহাৰে।  তেওঁ উল্লেখ কৰে যে দৰিদ্ৰ লোকসকলৰ কল্যাণ হৈছে দ্বৈত ইঞ্জিন চৰকাৰৰ সৰ্বোচ্চ প্ৰাথমিকতা আৰু দেশৰ অৰ্থনীতি সম্প্ৰসাৰিত হোৱাৰ দৰেই ইয়াৰ বাবেও পুঁজি বৃদ্ধি কৰা হৈছে বুলি তেওঁ তথ্য দাঙি ধৰে। তেওঁ মহাৰাষ্ট্ৰৰ হিতাধিকাৰীসকলৰ মাজত ১ কোটি ১০ লাখ আয়ুষ্মান কাৰ্ড বিতৰণ কৰাৰ কথা উল্লেখ কৰে, যিয়ে ৫ লাখ টকালৈকে স্বাস্থ্য বীমা লাভৰ সুযোগ প্ৰদান কৰিব, য'ত চৰকাৰে ৭০,০০০ কোটি টকা ব্যয় কৰিছে। তেওঁ দৰিদ্ৰ লোকসকলক বিনামূলীয়া ৰেচন প্ৰদান আৰু তেওঁলোকৰ বাবে পকী ঘৰ নিৰ্মাণৰ বাবে ৪ লাখ কোটি টকাৰ চৰকাৰী ব্যয়ৰ বিষয়েও তথ্য অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে উল্লেখ কৰে যে উক্ত ব্যয় ২০১৪ চনৰ আগৰ দশকতকৈ ছগুণে বেছি। দৰিদ্ৰ লোকসকলৰ ঘৰলৈ টেপ সংযুক্ত নলীৰে পানী যোগান ধৰাৰ কথাও প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে। দৰিদ্ৰ লোকসকলৰ ঘৰলৈ টেপ সংযুক্ত নলীৰে পানী যোগান ধৰাৰ বাবে চৰকাৰে ২ লাখ কোটি টকাতকৈয়ো অধিক টকা ব্যয় কৰিছে বুলি তথ্য দাঙি ধৰে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী জানিবলৈ দিয়ে যে ‘স্বনিধি আঁচনি’ৰ অধীনত পথৰ দাঁতিত বেহা কৰা বেপাৰীসকলে হাজাৰ হাজাৰ টকালৈকে সাহায্য লাভ কৰিছে। শ্ৰী মোদীয়ে নতুনকৈ আৰম্ভ কৰা ‘প্ৰধানমন্ত্ৰী বিশ্বকৰ্মা আঁচনি’ৰ কথাও উল্লেখ কৰে যিয়ে ১৩,০০০ কোটি টকাৰো অধিক চৰকাৰী পুঁজিৰে লাখ লাখ কাঠমিস্ত্ৰী, সোণোৱাল, কুমাৰ আৰু ভাস্কৰ্যশিল্পীৰ পৰিয়ালক সহায় কৰিবলৈ আৰম্ভ কৰিছে।

 

ক্ষুদ্ৰ কৃষকসকলৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি’ৰ কথা উল্লেখ কৰে যাৰ অধীনত ক্ষুদ্ৰ কৃষকসকলে, মহাৰাষ্ট্ৰৰ ক্ষুদ্ৰ কৃষকসকলৰ বাবে নিৰ্দ্ধাৰিত ২৬ হাজাৰ কোটি টকাসহ মুঠ ২ লাখ ৬০ হাজাৰ কোটি টকা লাভ কৰে। তেওঁ আনন্দ প্ৰকাশ কৰে যে মহাৰাষ্ট্ৰ চৰকাৰে 'নমো শেতকাৰী মহাসন্মান নিধি যোজনা' আৰম্ভ কৰিছে যাৰ অধীনত মহাৰাষ্ট্ৰৰ শেতকাৰী পৰিয়ালসমূহে অতিৰিক্ত ভাবে ৬০০০ টকাকৈ লাভ কৰিব, অৰ্থাৎ স্থানীয় ক্ষুদ্ৰ কৃষকসকলে সন্মান নিধিৰ পৰা ১২,০০০ টকাকৈ লাভ কৰিব, তেওঁ কয়।

 

১৯৭০ চনত অনুমোদিত আৰু ৫ দশক ধৰি অমীমাংসিত হৈ থকা ‘নীলৱান্দে প্ৰকল্প’ৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমানৰ চৰকাৰ শাসনলৈ অহাৰ পিছতহে এই প্ৰকল্প সম্পূৰ্ণ হৈছে। "কৃষকৰ নামত ভোটৰ ৰাজনীতি কৰা সকলে আপোনালোকক প্ৰতিটো টোপাল পানীৰ বাবেই হতাশত ভোগাইছিল," তেওঁ মাজতে কয়, "আজি ইয়াত ‘জল পুজন’ সম্পন্ন কৰা হ’ল।" তেওঁ উল্লেখ কৰে যে বিন্ধৰ সোঁ কাষৰ নলাসমূহ সোনকালেই কাৰ্যক্ষম হৈ উঠিব। তেওঁ বালিৰাজা জল সঞ্জীৱনী যোজনাৰ কথাও উল্লেখ কৰে, যিখন যোজনা ৰাজ্যখনৰ খৰাং পীড়িত অঞ্চলসমূহৰ বাবে এক আশীৰ্বাদ হিচাপে চিহ্নিত হৈছে। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰে মহাৰাষ্ট্ৰত আৰু ২৬টা জলসিঞ্চন প্ৰকল্প সম্পূৰ্ণ কৰাৰ দিশত কাম কৰি আছে, যিবোৰ কেবা দশক ধৰি স্থগিত হৈ আছিল, যিকেইটা প্ৰকল্পই অঞ্চলটোৰ কৃষকসকলক যথেষ্ট ভাবে লাভান্বিত কৰি তুলিব।

 

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব সহকাৰে কয় যে কৃষকসকলৰ সৱলীকৰণৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। যোৱা ৭টা বছৰত ‘এমএছপি’ৰ অধীনত ১৩.৫ লাখ কোটি টকাৰ খাদ্যশস্য ক্ৰয় কৰা হৈছে, আনহাতে পূৰ্বৰ চৰকাৰৰ এজন জ্যেষ্ঠ নেতাৰ কাৰ্যকালত এই পৰিমাণ আছিল মাত্ৰ ৩.৫ লাখ কোটি টকা। ২০১৪ চনৰ পিছত ১ লাখ ১৫ হাজাৰ কোটি টকাৰ তৈলবীজ আৰু মাহজাতীয় শস্য ক্ৰয় কৰা হৈছে, যাৰ বিপৰীতে আগতে ৫০০-৬০০ কোটি টকা পৰিমাণৰ ‘এমএছপি’ৰেহে ক্ৰয় কৰা হৈছিল। প্ৰত্যক্ষ লাভ হস্তান্তৰে দুৰ্নীতি আৰু দুৰ্নীতিৰ সুৰুঙা নোহোৱা কৰিছে, তেওঁ কয়।

 

ৰবি শস্যৰ বাবে ‘এমএছপি’ বৃদ্ধিৰ শেহতীয়া কেবিনেট সিদ্ধান্তটোৰ বিষয়ে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বুটৰ ‘এমএছপি’ ১০৫ টকা আৰু ঘেঁহু আৰু ‘চেফ্লাৱাৰ’ৰ ‘এমএছপি’ ১৫০ টকা পৰিমাণে বৃদ্ধি কৰা হৈছে। কুঁহিয়াৰৰ এমএছপি প্ৰতি কুইন্টালত ৩১৫ টকালৈ বৃদ্ধি কৰা হৈছে বুলিও তেওঁ লগতে উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে বিগত ৯টা বছৰত প্ৰায় ৭০,০০০ কোটি টকাৰ ইথানল ক্ৰয় কৰা হৈছে আৰু কুঁহিয়াৰ খেতিয়কসকলৰ হাতলৈ ধন   আহিছে। "কুঁহিয়াৰ খেতিয়কসকলক সময় মতে পৰিশোধ নিশ্চিত কৰাৰ বাবে চেনীকল আৰু সমবায় সমিতিসমূহক হাজাৰ হাজাৰ কোটি টকাৰ সাহায্য প্ৰদান কৰা হৈছে" বুলিও তেওঁ লগতে জানিবলৈ দিয়ে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, "আমাৰ চৰকাৰে সমবায় আন্দোলন শক্তিশালী কৰাৰ বাবে কাম কৰি আছে। সমগ্ৰ দেশতে ২ লাখতকৈয়ো অধিক সমবায় সমিতি গঠন কৰা হৈছে।" উন্নত সঞ্চয় আৰু পুৰণি সংৰক্ষণ সুবিধা নিশ্চিত কৰিবলৈ ‘পিএচি’ আৰু সমবায়সমূহক সুবিধা প্ৰদান কৰা হৈছে। ক্ষুদ্ৰ কৃষকসকলক ‘এফপিঅ'ৰ জৰিয়তে সংগঠিত কৰা হৈছে কিয়নো ৭৫০০ তকৈয়ো অধিক ‘এফপিঅ' ইতিমধ্যে কাৰ্যক্ষম হৈ আছে।

 

ভাষণৰ সামৰণি মাৰিবলৈ গৈ প্ৰধানমন্ত্ৰীয়ে কয়, "মহাৰাষ্ট্ৰ হৈছে অপৰিসীম সামৰ্থ্য আৰু সম্ভাৱনাৰ কেন্দ্ৰ। মহাৰাষ্ট্ৰ যিমানেই দ্ৰুতগতিত বিকশিত হ'ব, ভাৰতো সিমানেই দ্ৰুতগতিৰো বিকশিত হ'ব।" প্ৰধানমন্ত্ৰী মোদীয়ে মুম্বাই আৰু শিৰডীক সংযোগ কৰা ‘বন্দে ভাৰত ৰে'ল’ৰ ‘ফ্লেগ অফ’ কৰাৰ কথাও স্মৰণ কৰে আৰু মহাৰাষ্ট্ৰত ৰে'লৰ নেটৱৰ্ক নিৰন্তৰ ভাৱে সম্প্ৰসাৰিত হৈ থকাৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰে যে জলগাঁও আৰু ভুচাৱলৰ মাজত তৃতীয় আৰু চতুৰ্থটো ৰে'লপথ মুকলি হোৱাৰ লগে লগে ‘মুম্বাই-হাওৰা ৰে'লপথ’ৰে চলাচল সহজ হৈ উঠিব। একেদৰে, চোলাপুৰৰ পৰা বৰগাঁৱলৈ চাৰি লেনযুক্ত পথ নিৰ্মাণৰ ফলত সমগ্ৰ কোঙ্কণ অঞ্চলৰ সংযোগ উন্নত হ'ব, যাৰ ফলত উদ্যোগসমূহৰ লগতে কুঁহিয়াৰ, আঙুৰ আৰু হালধিৰ খেতিয়কসকল উপকৃত হ'ব। "এই সংযোগে কেৱল পৰিবহণৰ বাবেই নহয়, প্ৰগতি আৰু অৰ্থনৈতিক বিকাশৰ বাবেও এক নতুন পথ সৃষ্টি কৰিব", তেওঁ অভিমত ব্যক্ত কৰে।

 

মহাৰাষ্ট্ৰৰ ৰাজ্যপাল শ্ৰী ৰমেশ বাইছ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী একনাথ চিন্দে আৰু ৰজ্যখনৰ উপ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফড়নৱিশ আৰু শ্ৰী অজিত পৱাৰ এই অনুষ্ঠানত উপস্থিত আছিল।

পৃভূমি

প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা শিৰডীত নতুন ‘দৰ্শনাৰ্থীৰ শাৰী চৌহদ’ হৈছে ভক্তসকলৰ বাবে আৰামদায়ক অপেক্ষাক্ষেত্ৰ প্ৰদান কৰাৰ বাবে পৰিকল্পনা কৰা এক অত্যাধুনিক বৃহৎ ভৱন। ইয়াত দহ হাজাৰতকৈয়ো অধিক ভক্তৰ বাবে একত্ৰিত আসনৰ সামৰ্থ্য থকা কেবাটাও প্ৰতীক্ষাগৃহ আছে। ইয়াত শীতাতপ নিয়ন্ত্ৰিত ৰাজহুৱা সুবিধা যেনে ‘ক্ল'কৰুম’, শৌচালয়, ‘বুকিং কাউণ্টাৰ’, ‘প্ৰসাদ কাউণ্টাৰ’, তথ্যকেন্দ্ৰ আদিৰ সুবিধা সম্বলিত কৰা হৈছে। ২০১৮ চনৰ অক্টোবৰ মাহত প্ৰধানমন্ত্ৰীয়ে এই নতুন ‘দৰ্শন শাৰী চৌহদ’ৰ আধাৰশিলা স্থাপন কৰিছিল।

 

প্ৰধানমন্ত্ৰীয়ে ‘নীলৱান্দে বান্ধ’ৰ বাওঁ পাৰ(৮৫ কিলোমিটাৰ)ৰ নলাসমূহৰ প্ৰণালী ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। নলীৰ এক বৃহত্ প্ৰণালীৰে বিতৰণ কৰা ইয়াৰ পানীয়ে ৭ খন তহচিল (আহমেদনগৰ জিলাৰ ৬ খন আৰু নাছিক জিলাৰ ১ খন)ৰ ১৮২ খন গাঁও উপকৃত কৰিব।  ‘নীলৱান্দে বান্ধ’ৰ পৰিকল্পনা প্ৰথমবাৰৰ বাবে ১৯৭০ চনত কৰা হৈছিল। ইয়াক প্ৰায় ৫১৭৭ কোটি টকা ব্যয়েৰে বিকশিত কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে 'নমো শেতকাৰী মহাসন্মেন নিধি যোজনা'ৰ শুভাৰম্ভ কৰে। এই যোজনাই মহাৰাষ্ট্ৰৰ ‘প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি যোজনা’ৰ ৮৬ লাখতকৈয়ো অধিক হিতাধিকাৰীক প্ৰতি বছৰে অতিৰিক্ত ভাবে ৬০০০ টকাকৈ প্ৰদান কৰি লাভান্বিত কৰিব।

প্ৰধানমন্ত্ৰীয়ে ‘আহমেদনগৰ অসামৰিক চিকিৎসালয়ৰ আয়ুষ চিকিৎসালয়’খনকে ধৰি একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা কৰে; কুৰ্দুৱাড়ী-লাতুৰ ৰোড ৰে’ল শাখাৰ বৈদ্যুতিকীকৰণ (১৮৬ কিলোমিটাৰ); জলগাঁৱক ভুচাৱলৰ সৈতে সংযোগ কৰা তৃতীয় আৰু চতুৰ্থটো ৰে’লপথ (২৪.৪৬কিলোমিটাৰ);  ৰাষ্ট্ৰীয় ঘাইপথ-১৬৬ (পেকেজ-১)ৰ চাংলিৰ পৰা বৰগাঁও শাখালৈ চাৰিলেন; আৰু ‘ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেড’ৰ ‘মনমাদ টাৰ্মিনেল’ত অতিৰিক্ত সুবিধা। তেওঁ ‘আহমেদনগৰ অসামৰিক চিকিৎসালয়ত মাতৃ আৰু শিশু স্বাস্থ্য শাখা’ৰ আধাৰশিলাও স্থাপন কৰে। শ্ৰী মোদীয়ে হিতাধিকাৰীসকলক ‘আয়ুষ্মান কাৰ্ড’ আৰু ‘স্বামিত্ব কাৰ্ড’ বিতৰণ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Handloom — weaving India’s heritage into global growth

Media Coverage

Handloom — weaving India’s heritage into global growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM to address the 57th Convocation Ceremony of IIT Delhi on 8th August
August 07, 2026
PM to present Institute's Highest Honours to Meritorious Students
PM to inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at Sonipat Campus of IIT Delhi

Prime Minister Shri Narendra Modi will participate in the 57th Convocation Ceremony of the Indian Institute of Technology (IIT) Delhi as the Chief Guest on 8 August 2026 at 11 AM. He will address over 3000 graduating students including 587 Ph.D. scholars who will be conferred their degrees during the ceremony.

Recognizing outstanding academic excellence, Prime Minister will present the Institute's most prestigious honours, including the President's Gold Medal, Director's Gold Medal, Shankar Dayal Sharma Gold Medal, and Perfect Ten Gold Medals to the meritorious students.

Further emphasising India's commitment to advancing cutting-edge research and artificial intelligence, Prime Minister will inaugurate Param Pragya, an AI-powered high-performance supercomputing facility established at the Sonipat Campus of IIT Delhi. The state-of-the-art facility is expected to significantly enhance the institute's capabilities in AI, data science, advanced computing, and interdisciplinary research.