"৯১ টা ‘এফএম ট্ৰেন্সমিটাৰ’ উদ্বোধনে ভাৰতৰ ৰেডিঅ' উদ্যোগলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিব"
"ৰেডিঅ' আৰু ‘মন কী বাত’ৰ জৰিয়তে মই নিজকে দেশৰ শক্তি আৰু দেশবাসীৰ মাজৰ কৰ্তব্যৰ সামূহিক শক্তিৰ সৈতে সংযুক্ত কৰিব পাৰো"
"এক প্ৰকাৰে মই আপোনালোকৰ ‘আকাশবাণী’ৰ দলটোৰে অংশ"
"যিসকলক দূৰণিবটীয়া বুলি গণ্য কৰা হৈছিল তেওঁলোকে এতিয়া অধিক হাৰত সংযুক্ত হোৱাৰ সুযোগ পাব"
"চৰকাৰে প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আছে"
"ডিজিটেল ইণ্ডিয়া’ই কেৱল ৰেডিঅ'ক নতুন শ্ৰোতা প্ৰদান কৰাই নহয়, লগতে এক নতুন চিন্তা প্ৰক্ৰিয়াও প্ৰদান কৰিছে"
"ডিটিএইচ’-য়েই হওক বা ‘এফএম ৰেডিঅ'ই হওক, এই শক্তিয়ে আমাক ভৱিষ্যতৰ ভাৰতখনত উঁকি মাৰিবলৈ এখন খিৰিকী প্ৰদান কৰে। আমি এই ভৱিষ্যতৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব"
"আমাৰ চৰকাৰে সাংস্কৃতিক সংযোগৰ লগতে বৌদ্ধিক সংযোগ শক্তিশালী কৰাৰো ব্যৱস্থা কৰি আছে"
"যিকোনো প্ৰকাৰৰ সংযোগৰ লক্ষ্য হ'ব লাগে দেশ আৰু ইয়াৰ ১৪০ কোটি নাগৰিকক সংযুক্ত কৰাটো"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্স’ ব্যৱস্থাৰে ৯১ টা নতুন ‘১০০ ৱাট ক্ষমতা সম্পন্ন এফএম ট্ৰেন্সমিটা’ৰ উদ্বোধন কৰে। এই উদ্বোধনে দেশৰ ৰেডিঅ' সংযোগক আৰু অধিক উৎসাহিত কৰিব।

এই উপলক্ষে আয়োজিত অনুষ্ঠানত সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই সমাৱেশত অসংখ্য পদ্ম সন্মান বিজয়ীৰ উপস্থিতিৰ কথা উল্লেখ কৰে আৰু তেওঁলোকক আদৰণি জনায়। প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ দিনটো ‘অল ইণ্ডিয়া ৰেডিঅ'ই সমগ্ৰ ভাৰততে ‘এফএম সেৱা’ৰ সম্প্ৰসাৰণৰে ‘অল ইণ্ডিয়া এফএম’ হোৱাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ দিন হিচাপে চিহ্নিত হৈছে। তেওঁ উল্লেখ কৰে যে ‘অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্বাৰা ৯১ টা ‘এফএম ট্ৰেন্সমিটাৰ’ আৰম্ভ কৰাটো ৮৫খন জিলা আৰু দেশৰ ২ কোটি লোকৰ বাবে উপহাৰ স্বৰূপ। প্ৰধানমন্ত্ৰীয়ে কয়, ই এক প্ৰকাৰে ভাৰতৰ বৈচিত্ৰ্য আৰু বৰ্ণাঢ্য ৰঙৰ এক আভাস প্ৰদান কৰে। তেওঁ নতুন ৯১ টা ‘এফএম ট্ৰেন্সমিটাৰে’ সামৰা জিলাসমূহক ‘উচ্চাকাংক্ষী জিলা আৰু খণ্ড’ বুলি উল্লেখ কৰে আৰু এই গুৰুত্বপূৰ্ণ সাফল্যৰ বাবে ‘অল ইণ্ডিয়া ৰেডিঅ'ক অভিনন্দন জনায়। ইয়াৰ দ্বাৰা যথেষ্ট উপকৃত হ'ব বুলি উত্তৰ-পূবাঞ্চলৰ নাগৰিকসকলকো তেওঁ অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰীয়ে ৰেডিঅ'ৰ সৈতে তেওঁৰ প্ৰজন্মৰ আৱেগিক সম্পৰ্ক থকাৰ কথা উল্লেখ কৰে। 'মোৰ বাবে, এটা অতিৰিক্ত সন্তুষ্টি হৈছে যে এগৰাকী ‘হ’ষ্ট’ হিচাপেও মোৰ ৰেডিঅ'ৰ সৈতে সম্পৰ্ক আছে", প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত’ৰ আগন্তুক ১০০ সংখ্যক খণ্ডৰ কথা উল্লেখ কৰি এই মন্তব্য কৰে। তেওঁ কয়, "দেশবাসীৰ সৈতে এনে ধৰণৰ আৱেগিক সম্পৰ্ক কেৱল ৰেডিঅ'ৰ জৰিয়তেহে সম্ভৱ হৈছিল। “ইয়াৰ জৰিয়তে মই দেশৰ শক্তি আৰু দেশবাসীৰ মাজত কৰ্তব্যৰ সামূহিক শক্তিৰ সৈতে জড়িত হব পাৰিছোঁ।" তেওঁ ‘স্বচ্ছ ভাৰত’, ‘বেটী বচাও বেটী পঢ়াও’ আৰু ‘হৰ ঘৰ তিৰঙ্গা’ৰ দৰে পদক্ষেপৰ ক্ষেত্ৰত কাৰ্যসূচীটোৰ ভূমিকাৰ কথা উল্লেখ কৰি কয় যে ‘মন কী বাত’ৰ জৰিয়তে কেউটা পদক্ষেপেই জন-আন্দোলনত পৰিণত হৈছিল। “সেয়েহে, এক প্ৰকাৰে, মই আপোনালোকৰ ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ দলটোৰে অংশ”, প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৯১ টা ‘এফএম ট্ৰেন্সমিটাৰ’ৰ উদ্বোধনে চৰকাৰৰ নীতিসমূহকে আগুৱাই নিছে, যিয়ে এতিয়ালৈকে এই সুবিধাৰ পৰা বঞ্চিত হৈ অহা লোকসকলক প্ৰাথমিকতা প্ৰদান কৰিব। “যিসকলক দূৰনিবটীয়া বুলি গণ্য কৰি অহা হৈছিল তেওঁলোকে এতিয়া অধিক হাৰত সংযুক্ত হোৱাৰ সুযোগ পাব”বুলিও প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। ‘এফএম ট্ৰেন্সমিটাৰ’ৰ সফুলসমূহৰ তালিকা দাঙি ধৰি প্ৰধানমন্ত্ৰীয়ে সময়মতে গুৰুত্বপূৰ্ণ তথ্য প্ৰেৰণ, সামূহিক নিৰ্মাণৰ প্ৰচেষ্টা, কৃষি পদ্ধতিৰ সৈতে সম্পৰ্কিত বতৰৰ শেহতীয়া বতৰা, কৃষকসকলৰ বাবে খাদ্য আৰু পাচলিৰ দৰৰ তথ্য, কৃষিত ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰৰ ফলত হোৱা লোকচানৰ বিষয়ে আলোচনা, কৃষিৰ বাবে উন্নত যন্ত্ৰপাতি সংগ্ৰহ কৰা, মহিলা আত্ম-সহায়ক গোটসমূহক নতুন বজাৰ পদ্ধতিৰ বিষয়ে অৱগত কৰা আৰু দুৰ্যোগৰ সময়ত সামগ্ৰিক ভাবে সমাজখনকে সহায় কৰাৰ কথা উল্লেখ কৰে। ভাষণ প্ৰসংগত তেওঁ ‘এফএম’ৰ ‘ইনফোটেইনমেণ্ট প্ৰমূল্য’ৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰযুক্তিৰ গণতান্ত্ৰিকীকৰণৰ বাবে নিৰন্তৰ ভাৱে কাম কৰি আছে। “যদি ভাৰতে ইয়াৰ সম্পূৰ্ণ সম্ভাৱনাৰ সদ্ব্যৱহাৰৰ কথা চিন্তা কৰে তেন্তে কোনো ভাৰতীয়ই সুযোগৰ অভাৱ অনুভৱ নকৰাটো গুৰুত্বপূৰ্ণ হ’ব”, প্ৰধানমন্ত্ৰীয়ে কয়। ইয়াৰ বাবে আধুনিক প্ৰযুক্তিক প্ৰৱেশসাধ্য আৰু ব্যয়সাধ্য কৰি তোলাটো হ’ব মূল চাবিকাঠি। তেওঁ সকলো গাঁৱলৈ ‘অপ্টিকেল ফাইবাৰ’ আৰু তথ্যৰ প্ৰৱেশ সহজ কৰাৰ ক্ষেত্ৰত আটাইতকৈ সুলভ দৰৰ ডাটাৰ কথা উল্লেখ কৰি এই কথাৰ ব্যাখ্যা দাঙি ধৰে। তেওঁ কয় যে এইটোৱে গাঁওসমূহত ডিজিটেল উদ্যোগক এক নতুন উত্সাহ প্ৰদান কৰিছে। একেদৰে, ‘ইউপিআই’-য়ে ক্ষুদ্ৰ ব্যৱসায় আৰু পথৰ দাঁতিৰ বেপাৰী-পোহাৰীসকলক বেঙ্কিং সেৱা প্ৰাপ্ত কৰাত সহায় কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে বিগত কেইটামান বছৰত দেশত সংঘটিত হোৱা প্ৰযুক্তি বিপ্লৱে ৰেডিঅ’ আৰু বিশেষকৈ ‘এফএম’ক এক নতুন ৰূপত গঢ়ি তুলিছে। ইণ্টাৰনেটৰ উত্থানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ‘পডকাষ্ট’ আৰু ‘অনলাইন এফএম’ৰ জৰিয়তে অভিনৱ উপায়েৰে ৰেডিঅ’ ৰাইজৰ সন্মুখলৈ আহিছে। “ডিজিটেল ইণ্ডিয়া’ই কেৱল ৰেডিঅ’ক নতুন শ্ৰোতা প্ৰদান কৰাই নহয়, এক নতুন চিন্তা প্ৰক্ৰিয়াও প্ৰদান কৰিছে”। প্ৰধানমন্ত্ৰীয়ে কয় যে প্ৰতিটো সম্প্ৰচাৰ মাধ্যমত একেই বিপ্লৱ দেখা যাব পাৰে। তেওঁ জানিবলৈ দিয়ে যে দেশৰ সৰ্ববৃহৎ ‘ডিটিএইচ প্লেটফৰ্ম’ ‘ডিডি ফ্ৰী ডিছ’ৰ সেৱা ৪ কোটি ৩০ লাখ ঘৰলৈ প্ৰদান কৰা হৈছে, যাৰ জৰিয়তে বিশ্বৰ ঘটনাপ্ৰবাহৰ তথ্য সীমান্তৱৰ্তী অঞ্চলৰ কোটি কোটি গ্ৰামীন পৰিয়ালত ততমুহূৰ্ততে উপনীত হব পৰা হৈছে। তেওঁ লগতে উল্লেখ কৰে যে শিক্ষা আৰু মনোৰঞ্জন সমাজৰ সেই শ্ৰেণীসমূহৰ কাষলৈকো গৈছে যি কেবা দশক ধৰি ইয়াৰ পৰা বঞ্চিত হৈ আহিছিল। “ইয়াৰ ফলত সমাজৰ বিভিন্ন শ্ৰেণীৰ মাজৰ বৈষম্য আঁতৰ হৈছে আৰু সকলোকে মানসম্পন্ন তথ্য প্ৰদান কৰা হৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ জনাই যে ‘ডিটিএইচ চেনেল’সমূহত বিভিন্ন ধৰণৰ শিক্ষামূলক পাঠ্যক্ৰম উপলব্ধ হয়, য’ত একাধিক বিশ্ববিদ্যালয়ৰ জ্ঞান পোনপটীয়াকৈ ঘৰসমূহলৈ সম্প্ৰচাৰিত হৈ আহিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশৰ কোটি কোটি শিক্ষাৰ্থীৰ বাবে বিশেষকৈ ক’ৰোনা কালত ই যথেষ্ট সহায়ক হৈ উঠিছিল। “ডিটিএইচ-য়েই হওঁক বা ‘এফএম ৰেডিঅ’ই হওঁক, এই শক্তিয়ে আমাক ভৱিষ্যতৰ ভাৰতত উঁকি মাৰিবলৈ এখন খিৰিকী প্ৰদান কৰিছে। আমি এই ভৱিষ্যতৰ বাবে নিজকে প্ৰস্তুত কৰিব লাগিব”, শ্ৰী মোদীয়ে মন্তব্য কৰে। 

প্ৰধানমন্ত্ৰীয়ে ভাষিক বৈচিত্ৰ্যৰ প্ৰসংগ উথ্থাপন কৰি কয় যে সকলো ভাষাতে আৰু বিশেষকৈ ২৭টা উপভাষা থকা অঞ্চলসমূহত ‘এফএম’-ৰ ‘ট্ৰেন্সমিচন’ হ’ব। “এই সংযোগে কেৱল যোগাযোগৰ সঁজুলিবোৰৰে সংযোগ নকৰে, কিন্তু ই মানুহকো সংযুক্ত কৰে। ই হৈছে এইখন চৰকাৰৰ কৰ্ম সংস্কৃতিৰ প্ৰতিফলন”, প্ৰধানমন্ত্ৰীয়ে অবয়াৱয়িক সংযোগৰ উত্তৰণৰ লগতে সামাজিক সংযোগৰ প্ৰসংগতো গুৰুত্ব আৰোপ কৰে। “আমাৰ চৰকাৰে সাংস্কৃতিক সংযোগ আৰু বৌদ্ধিক সংযোগো শক্তিশালী কৰি আহিছে”বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। তেওঁ প্ৰকৃত নায়কসকলক সন্মান জনাই পদ্ম আৰু অন্যান্য বঁটাসমূহক প্ৰকাতাৰ্থতে ‘জন বঁটা’ হিচাপে চিহ্নিত কৰাৰ উদাহৰণ দি এই কথা ব্যাখ্যা কৰে। “পূৰ্বৰ তুলনাত পৰামৰ্শৰ ভিত্তিত প্ৰদানৰ পৰিৱৰ্তে, এতিয়া ৰাষ্ট্ৰ আৰু সমাজৰ সেৱাৰ বাবেহে ‘পদ্ম সন্মান’ প্ৰদান কৰা হৈছে” বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰীয়ে। 

 

দেশৰ বিভিন্ন প্ৰান্তত তীৰ্থস্থান আৰু ধৰ্মীয় স্থানসমূহৰ পুনৰুজ্জীৱিতকৰণৰ পিছত পৰ্যটনৰ উন্নতি হৈছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৰ্যটনস্থলীসমূহলৈ অহা লোকৰ সংখ্যা বৃদ্ধি হোৱাটো দেশত সাংস্কৃতিক সংযোগ বৃদ্ধিৰো প্ৰমাণ। তেওঁ ‘জনজাতীয় স্বাধীনতা সংগ্ৰামীসকলৰ সংগ্ৰহালয়’, ‘বাবাচাহেব আম্বেদকাৰৰ পঞ্চতৃথ’, ‘প্ৰধানমন্ত্ৰী সংগ্ৰহালয়’ আৰু ‘ৰাষ্ট্ৰীয় সমৰ স্মাৰক’ৰ উদাহৰণ দাঙি ধৰাৰ লগতে কয় যে এনে পদক্ষেপে দেশত বৌদ্ধিক আৰু আৱেগিক সংযোগক এক নতুন মাত্ৰা প্ৰদান কৰিছে। 

ভাষণৰ সামৰণি মাৰি প্ৰধানমন্ত্ৰীয়ে ‘অল ইণ্ডিয়া ৰেডিঅ’ৰ দৰে সকলো যোগাযোগ মাধ্যমৰ দৃষ্টিভংগী আৰু লক্ষ্যপ্ৰসংগত গুৰুত্ব আৰোপ কৰি কয় যে সংযোগ যি প্ৰকাৰৰে নহওঁক কিয়, ইয়াৰ উদ্দেশ্য হৈছে দেশ আৰু ইয়াৰ ১৪০ কোটি নাগৰিকক সংযুক্ত কৰা। তেওঁ বিশ্বাস ব্যক্ত কৰে যে সকলো অংশীদাৰেই এই দৃষ্টিভংগীৰে আগবাঢ়ি যাব যাৰ ফলত নিৰন্তৰ আলোচনাৰ জৰিয়তে দেশ শক্তিশালী হৈ উঠিব।

 

পটভূমি

দেশত ‘এফএম সংযোগ’ৰ পৰিসৰ বৃদ্ধিৰ বাবে চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ অংশ হিচাপে, ১৮খন ৰাজ্য আৰু ২ খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৮৫ খন জিলাত ৯১ টা নতুন ‘১০০ ৱাট ক্ষমতা সম্পন্ন এফএম ট্ৰেন্সমিটাৰ’ স্থাপন কৰা হৈছে। এই সম্প্ৰসাৰণৰ এক বিশেষ গুৰুত্ব হৈছে ‘উচ্চাকাংক্ষী’ জিলা আৰু সীমান্তৱৰ্তী অঞ্চলসমূহলৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰা। সামৰি লোৱা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ ভিতৰত আছে বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা, পশ্চিম বংগ, অসম, মেঘালয়, নাগালেণ্ড, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, অন্ধ্ৰ প্ৰদেশ, কেৰালা, তেলেংগানা, ছত্তীশগড়, গুজৰাট, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, লাডাখ আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ। এআইআৰ-ৰ এফএম সেৱাৰ এই সম্প্ৰসাৰণ অতিৰিক্ত ২ কোটি লোকক এতিয়া সামৰি ল’ব যিসকলে মাধ্যমটোত প্ৰৱেশাধিকাৰ লাভ কৰা নাছিল। ইয়াৰ ফলত প্ৰায় ৩৫,০০০ বৰ্গ কিলোমিটাৰ এলেকালৈ ইয়াৰ সম্প্ৰচাৰ বিস্তাৰিত হ’ব।

জনসাধাৰণৰ কাষ চপাৰ ক্ষেত্ৰত ৰেডিঅ'ই পালন কৰা গুৰুত্বপূৰ্ণ ভূমিকাক লৈ দৃঢ় বিশ্বাসী হৈ আহিছে  প্ৰধানমন্ত্ৰী। সৰ্বাধিক সংখ্যক দৰ্শকৰ কাষ চাপিবলৈ মাধ্যমটোৱে বহণ কৰা অনন্য শক্তিক ব্যৱহাৰ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ‘মন কী বাত’ কাৰ্যসূচী আৰম্ভ কৰে, যি এতিয়া ইয়াৰ যুগান্তকাৰী ১০০ সংখ্য খণ্ডৰ প্ৰাকক্ষণত উপস্থিত হৈছেহি।

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
State Visit of Prime Minister to Seychelles
June 28, 2026

As part of Prime Minister Shri Narendra Modi’s State Visit to Seychelles from 27-29 June 2026, Prime Minister and the President of Seychelles, H.E. Dr. Patrick Herminie today held official talks at the State House in Victoria, Mahe.

The talks covered the full spectrum of bilateral relations, with the leaders agreeing to further strengthen cooperation in health, education, capacity building, digital transformation, sustainable development, social infrastructure, renewable energy, maritime security and defence. They also exchanged views on regional and global developments, including challenges in the Indian Ocean region, such as illegal fishing, drug trafficking and piracy. Both leaders expressed satisfaction at the progress made in the implementation of projects and initiatives under the Special Economic Package announced by India. Prime Minister reaffirmed India’s commitment to supporting the development priorities of Seychelles and to further deepen the close and enduring partnership between the two countries.

Following the official talks, both leaders released a joint commemorative logo marking 50 years of the establishment of diplomatic relations between the two countries. Several MoUs/agreements in the fields of Capacity Building, UPI, Health, Agriculture, Shipping, Space, Extradition and Line of Credit were exchanged thereafter. The amount of the Line of Credit stands at INR 1250 crores. The full list of MoUs/agreements may be seen here [link]. In addition, several announcements in the fields of food security, infrastructure, health, vocational training, maritime security and defence were made in support of the development needs of Seychelles. The details of these announcements may be seen here [link]. Seychelles also announced that it is joining the Coalition for Disaster Resilient Infrastructure [CDRI].

Later in the day, Prime Minister addressed an Extraordinary Sitting of the National Assembly of Seychelles, becoming the first Indian Prime Minister to do so. In his address, he highlighted the historical bonds of friendship between India and Seychelles and underscored the shared values of democracy, rule of law and people-centric governance that guide the two countries. He noted that mutual trust and close cooperation have shaped a robust partnership spanning development cooperation, maritime security, technology, innovation, health and capacity building. Prime Minister also called for enhanced parliamentary exchanges between the two democracies. The full address of Prime Minister may be seen here [link]

The Leader of Opposition of Seychelles, H.E. Mr. Bernard Georges, also called on Prime Minister. The two leaders discussed India-Seychelles bilateral ties and conveyed their strong support to further build the special friendship between the two countries.