India is ready to protect humanity with not one but two 'Made in India' coronavirus vaccines: PM Modi
When India took stand against terrorism, the world too got the courage to face this challenge: PM
Whenever anyone doubted Indians and India's unity, they were proven wrong: PM Modi
Today, the whole world trusts India: PM Modi

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি প্রবাসী ভাৰতীয় দিৱস সন্মিলনৰ উদ্বোধন কৰে। অনুষ্ঠানত প্রধানমন্ত্রীয়ে ক’ৰোনা মহামাৰীৰ সময়ত প্রবাসী ভাৰতীয়সকলে যিসমূহ দেশত থাকে সেই সকলো দেশত তেওঁলোকৰ ভূমিকাৰ প্রশংসা কৰে। তেওঁ কয় যে বিভিন্ন ৰাষ্ট্র প্রধানসকলৰ সৈতে আলোচনাৰ সময়ত যেতিয়া সেইসকল ৰাষ্ট্রপ্রধানে তেওঁলোকৰ দেশত চিকিৎসক, পেৰা মেডিকেল কর্মী অথবা সাধাৰণ নাগৰিক হিচাপে ভাৰতীয়সকলৰ ভূমিকাৰ প্রশংসা কৰে, তেতিয়া তেওঁ গৌৰৱ অনুভৱ কৰে। ক’ভিডৰ বিৰুদ্ধে প্রবাসী ভাৰতীয়সকলে ভাৰততো যি অৱদান আছে সেই প্রসংগও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে৷

ৱাইটুকে সংকটৰ মোকাবিলাৰ সময়ত ভাৰতৰ ভূমিকা আৰু ভাৰতীয় ঔষধ প্ৰস্তুতকাৰী সংস্থাসমূহৰ বিভিন্ন প্ৰচেষ্টাৰ কথা উল্লেখ কৰি মানৱজাতিৰ কল্যাণাৰ্থে ভাৰতৰ দক্ষতাৰ কথাও সদৰি কৰে প্ৰধানমন্ত্ৰীয়ে৷ বিশ্বৰ বিভিন্ন সংকটৰ মোকাবিলাত ভাৰত সদায়েই সন্মুখৰ শাৰীত আছে। সাম্রাজ্যবাদ আৰু সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতে যি নেতৃত্ব প্ৰদান কৰিছে তাৰ ফলত সমগ্ৰ পৃথিৱীয়ে এইবোৰ সমস্যা দূৰীকৰণৰ শক্তি আহৰণ কৰিছে৷

প্রধানমন্ত্রীয়ে কয় যে ভাৰতীয় খাদ্যাভ্যাস, সাজ-পাৰ, পাৰিবাৰিক মূল্যবোধ আৰু বাণিজ্যিক মূল্যবোধৰ প্রতি সমগ্ৰ বিশ্বই যি আস্থা প্ৰদৰ্শন কৰিছে তাৰ কৃতিত্ব প্রবাসী ভাৰতীয়সকলৰ। প্রবাসী ভাৰতীয়সকলৰ আচাৰ-ব্যৱহাৰে ভাৰতীয় জীৱনশৈলী আৰু মুল্যবোধৰ প্রতি উৎসাহ যোগায়৷ সেয়া কৌতুহলৰ পৰা ক্রমশঃ ৰীতিত পৰিণত হৈছে৷ প্রধানমন্ত্রীয়ে কয় যে ভাৰতে আত্মনির্ভৰ হোৱাৰ যি লক্ষ্য, সেই ক্ষেত্ৰত প্রবাসী ভাৰতীয়সকলে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে৷ তেওঁলোকে ভাৰতত উৎপাদিত সামগ্ৰী ব্যৱহাৰৰ জৰিয়তে এইবোৰ প্রতি বিশ্বাস গঢ়ি তুলিব পাৰে৷ প্রধানমন্ত্রীয়ে ভাৰতীয় সম্প্রদায়ক এই মহামাৰীৰ মোকাবিলা কৰাত দেশৰ ক্ষমতা সম্পর্কে বিশদ ব্যাখ্যা আগবঢ়ায়৷ তেওঁ কয় যে আন্তঃৰাষ্ট্ৰীয়ভাবে এই ভাইৰাছৰ বিৰুদ্ধে যুঁজত এই ধৰণৰ গণতান্ত্রিক ঐক্যতাৰ আৰু দ্বিতীয় একো উদাহৰণ নাই। প্রথমতে পিপিই কিট, মাস্ক, ভেণ্টিলেটৰ বা নমুনা পৰীক্ষাৰ কিট প্ৰস্তুতৰ ক্ষেত্রত আনৰ ওপৰত যি নির্ভৰশীল হবলগীয়া হৈছিল সেই অৱস্থাৰ পৰা ভাৰত বাহিৰ হৈ আহি আত্মনির্ভৰ হৈছে আৰু বিদেশলৈ এইবোৰ সামগ্ৰী ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে। বিশ্বৰ ঔষধৰ ভাণ্ডাৰ হিচাপে ভাৰতে সমগ্ৰ বিশ্বক সহায় কৰে। বৃহত্তম টিকাকৰণ কর্মসূচীত কিদৰে ভাৰতে প্রস্তুতি লৈছে, সমগ্ৰ বিশ্বই ইয়া ফালে চাই ৰৈছে। ভাৰতত দেশীয় পদ্ধতিত দুটি টিকা প্ৰস্তুত কৰা হৈছে।

 

প্রধানমন্ত্রীয়ে দুর্নীতিৰ মোকাবিলা কৰাত মহামাৰীৰ সময়ত বেংক একাউণ্টত পোনপটীয়াকৈ ধন পঠোৱাৰ বিষয়টো আন্তঃৰাষ্ট্ৰীয় সম্প্রদায়ে প্রশংসা কৰা বুলি উল্লেখ কৰে। একেদৰে দৰিদ্র লোকসকলৰ সবলীকৰণ আৰু নবীকৰণযোগ্য ইন্ধনৰ ক্ষেত্রত বিভিন্ন প্ৰচেষ্টাৰ ফলত ভাৰতৰ গৌৰৱ বৃদ্ধি পাইছে৷

প্রধানমন্ত্রীয়ে ভাৰতৰ মহাকাশ কাৰ্যসূচী আৰু বিভিন্ন প্রযুক্তিৰ নতুন প্ৰচেষ্টাৰ সম্পর্কে উল্লেখ কৰি কয় যে নিৰক্ষৰ ভাৰতৰ দীর্ঘদিনীয়া সপোন ইয়াৰ জৰিয়তে পুৰণ হৈছে। বৰ্তমান শিক্ষাৰ পৰা আৰম্ভ কৰি উদ্যোগসহ বিভিন্ন ক্ষেত্রত যি সংস্কাৰ সাধন কৰা হৈছে, তাৰ সুফল পোৱাৰ বাবে তেওঁ প্রবাসী ভাৰতীয়সকলক আহ্বান জনায়৷ এই প্রসংগত দেশত উৎপাদন উদ্যোগক জনপ্রিয় কৰি তোলাৰ বাবে উৎপাদনভিত্তিক ৰাজসাহায্য আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে।

প্রধানমন্ত্রীয়ে প্রবাসী ভাৰতীয়সকলৰ আশ্বাস দি কয় যে মাতৃভূমিয়ে তেওঁলোকৰ সকলো ধৰণৰ সহায় কৰিব৷ তেওঁ বন্দে ভাৰত মিচনৰ কথা উল্লেখ কৰে। য’ত ৪৫ লাখতকৈ অধিক ভাৰতীয়ক ক’ৰোনাৰ সময়ত দেশলৈ ঘূৰাই অনা হৈছে। তেওঁ বিদেশত বসবাস কৰা ভাৰতীয়সকলৰ কর্মক্ষেত্রত অধিকাৰৰ বাবে কূটনৈতিক প্ৰচেষ্টাৰ কথাও সদৰি কৰে৷ উপসাগৰীয় অঞ্চলকে ধৰি বিভিন্ন দেশৰ পৰা যিসকল প্ৰব্ৰজিত শ্ৰমিক ঘুৰি আহিছে তেওঁলোকৰ বাবে বৰ্হিৰাষ্ট্ৰ পৰা অহা দক্ষ শ্ৰমিকৰ নিযুক্তি সহায়ৰ ডাটাবেছ(স্বদেশ) প্রকল্পৰ কথাও প্রধানমন্ত্রীয়ে উল্লেখ কৰে৷ প্রবাসী ভাৰতীয়সকলৰ সৈতে আৰু উন্নত যোগাযোগ গঢ়ি তোলাৰ বাবে গ্ল’বেল প্রবাসী সম্পৰ্ক প’ৰ্টেল প্ৰস্তুত কৰা হৈছে।

ছুৰিনামৰ ৰাষ্ট্রপতি শ্রী চন্দ্রিকাপৰসাদ ছান্তোখীয়ে অনুষ্ঠানত নেতৃত্বৰ লগতে মূল ভাষণ আগবঢ়োৱাৰ বাবে প্রধানমন্ত্রীয়ে ধন্যবাদ জনায়৷ শ্রী ছান্তোখীৰ সৈতে শীঘ্ৰে সাক্ষাৎ হ’ব বুলি সদৰি কৰি তেওঁ আশাপ্রকাশ কৰে।প্ৰধানমন্ত্ৰী মোদীয়ে প্রবাসী ভাৰতীয়ৰ সন্মান আৰু প্রশ্নোত্তৰ প্রতিযোগিতাৰ বিজয়ীসকলৰ অভিনন্দন জনায়৷

প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস উদযাপনত প্রবাসীসকলৰ অংশগ্রহণৰ আহ্বান জনায়৷ ভাৰতৰ স্বাধীনতা আন্দোলনত প্রবাসী ভাৰতীয়সকলৰ ভূমিকা সম্বলিত বিভিন্ন তথ্য এক ডিজিটেল প্লেটফৰ্মত ৰখাৰ বাবে তেওঁ প্রবাসী ভাৰতীয়সকলৰ লগতে বিভিন্ন ভাৰতীয় দূতাবাসৰ কর্মীসকলৰ এটা প’ৰ্টেল প্ৰস্তুত কৰাৰ প্রস্তাৱ দিয়ে৷

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha

Media Coverage

Gyan Bharatam Portal Houses Over 88,800 Manuscripts, Government Informs Lok Sabha
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses delight as Sarnath is inscribed on the UNESCO World Heritage List
July 25, 2026

Prime Minister Shri Narendra Modi today expressed that it is a proud moment for every Indian, sharing his delight that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

He noted that Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

Shri Modi highlighted that this recognition celebrates India’s profound civilisational and spiritual heritage. The Prime Minister observed that it will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

In a post on X, the Prime Minister shared:

 "A proud moment for every Indian!

Delighted that Sarnath in Uttar Pradesh has been inscribed on the UNESCO World Heritage List.

Sarnath has a close association with Lord Buddha, whose timeless message of wisdom, compassion and harmony inspires the world.

This recognition celebrates India’s profound civilisational and spiritual heritage. It will also inspire more people across the world to come to Sarnath and connect with the ideals of Lord Buddha.

@UNESCO"