India is ready to protect humanity with not one but two 'Made in India' coronavirus vaccines: PM Modi
When India took stand against terrorism, the world too got the courage to face this challenge: PM
Whenever anyone doubted Indians and India's unity, they were proven wrong: PM Modi
Today, the whole world trusts India: PM Modi

নমস্কাৰ!

দেশ বিদেশত বাস কৰা মোৰ ভাৰতীয় ভ্ৰাতৃ-ভগ্নীসকল, নমস্কাৰ!

আপোনালোক সকলোলৈ ২০২১ বৰ্ষৰ অশেষ শুভেচ্ছা যাঁচিলো৷

আজি বিশ্বৰ বিভিন্ন প্ৰান্তৰ সৈতে আমি ইণ্টাৰনেটৰ জৰিয়তে সংযোজিত হৈ থাকিলেও আমাৰ সকলোৰে মন মা ভাৰতীৰ সৈতে সংযোজিত হৈ আছে, পৰস্পৰে পৰস্পৰৰ প্ৰতি আপোনত্বৰ ভাৱেৰে জড়িত হৈ আছে৷

বন্ধুসকল,

সমগ্ৰ বিশ্বত মা ভাৰতীৰ গৌৰৱ বৃদ্ধি কৰা আপোনালোক সতীৰ্থসকলক প্ৰতি বছৰে প্ৰবাসী ভাৰতীয়ৰ সন্মান দিয়াৰ পৰম্পৰা আছে৷ ভাৰতৰত্ন স্বৰ্গীয় অটল বিহাৰী বাজপেয়ীজীৰ মাৰ্গদৰ্শনত যি যাত্ৰাৰ সূচনা ঘটিছিল তাত এই পৰ্যন্ত ৬০খন বিভিন্ন দেশত বাসত কৰা প্ৰায় ২৪০ গৰাকী মহানুভৱকক এই সন্মান প্ৰদান কৰা হৈছে৷ এইবাৰো ইয়াৰ ঘোষণা কৰা হ’ব৷ ঠিক সেইদৰে সমগ্ৰ বিশ্বৰ সহস্ৰাধিক সতীৰ্থই ‘ভাৰতক জানক’ শীৰ্ষক কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে৷ এই সংখ্যাই এয়াই সূচীত কৰিছে যে শিপাৰ পৰা দূৰত গ’লেও নতুন প্ৰজন্মই কিন্তু এতিয়াও এই সম্পৰ্ক পৰিত্যাগ কৰিব পৰা নাই৷ এই কুইজৰ ১৫ গৰাকী বিজেতাও আজি এই ভাৰ্চুৱেল সমাৰোহত আমাৰ সৈতে উপস্থিত আছে৷

মই সকলো বিজেতাক অভিনন্দন জনাইছো, শুভকামনা জনাইছো আৰু লগতে এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা অংশগ্ৰহণকাৰীসকলকো অভিনন্দন জনাইছো৷ আজি মই এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো অংশগ্ৰহণকাৰীক আহ্বান জনাইছো যে অহাবাৰ যেতিয়া এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব তেতিয়া ইয়াত নিজৰ যত্নৰ সৈতে ১০জন নতুন লোককো জড়িত কৰোৱাব৷ এই শৃংখলটো চলি থাকিব লাগে, বাঢ়ি থাকিব লাগে আৰু অন্যকো জড়িত কৰোৱাব লাগে৷ বহুলোকে বিদেশৰ পৰা ভাৰতলৈ পঢ়িবলৈ আহে, অধ্যয়ন সমাপ্ত কৰাৰ পিছত যেতিয়া তেওঁলোক নিজৰ দেশলৈ উভতি যায় তেতিয়া তেওঁলোককো এই কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাব লাগে৷ কুইজ প্ৰতিযোগিতাৰ এম্বেচাদৰ হ’ব লাগে৷ কাৰণ বিশ্বত ভাৰতৰ পৰিচয় সাব্যস্ত কৰিবলৈ নতুন প্ৰজন্মই ভাৰতক জনাৰ জিজ্ঞাসা বৃদ্ধিৰ বাবে প্ৰযুক্তি এক সৰল উপায়৷ আৰু সেইবাবে মই আপোনালোকক আহ্বান জনাইছো যে আপোনালোক সকলোৱে এই শৃংখল আগুৱাই নিয়ক৷

 

বন্ধুসকল,

বিগত বৰ্ষটো আমাৰ বাবে যথেষ্ট প্ৰত্যাহ্বানজনক আছিল৷ কিন্তু এই প্ৰত্যাহ্বানৰ মাজত সমগ্ৰ বিশ্বতে বিয়পি থকা আমাৰ ভাৰতীয় প্ৰবাসীসকলে যিদৰে কাম কৰিলে, যিদৰে নিজৰ কৰ্তব্য পালন কৰিলে সেয়া ভাৰতৰ বাবে অতিশয় গৌৰৱৰ কথা৷ এয়াইতো আমাৰ পৰম্পৰা, এয়াইতো আমাৰ মাটিৰ সংস্কাৰ৷

সেইবাবে ছ’চিয়েল আৰু ৰাজনৈতিক নেতৃত্বৰ বাবে সমগ্ৰ বিশ্বতে ভাৰতীয় মূলৰ সতীৰ্থসকলৰ ওপৰত বিশ্বাস বৃদ্ধি হ’বলৈ ধৰিছে৷ আমাৰ আজিৰ এই আয়োজনৰ মুখ্য অতিথি, সুৰিনামৰ নতুন ৰাষ্ট্ৰপতি শ্ৰীমান চন্দ্ৰিকা প্ৰসাদ সন্তোখীজী, তেওঁ স্বয়ং এই সেৱাভাৱৰ এক উৎকৃষ্ট উদাহৰণ৷ আৰু মই এয়াও কম যে এই ক’ৰোনাৰ সময়ছোৱাত বিদেশত থকা আমাৰ বহু ভাৰতীয় ভ্ৰাতৃ-ভগ্নীয়ে নিজৰ জীৱন হেৰুৱাইছে, মই তেওঁলোকৰ তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা প্ৰকাশ কৰিছো৷ পৰমাত্মাই তেওঁলোকক শক্তি দিয়ক, মই এই প্ৰাৰ্থনা কৰিছো৷

আজি সুৰিনামৰ ৰাষ্ট্ৰপতি মহোদয়ে তেওঁৰ উৎসাহমূলক শব্দ আৰু ভাৰতৰ প্ৰতি তেওঁৰ যি স্নেহভাৱ প্ৰদৰ্শিত কৰিলে, সেয়াই আমাৰ সকলোৰে হৃদয় স্পৰ্শ কৰিলে৷ তেওঁৰ প্ৰতিটো শব্দত, প্ৰতিটো ভাৱত ভাৰতৰ প্ৰতি যি আপোনত্ব আছে, সেয়া প্ৰকট হৈ উঠিছিল আৰু আমাক অনুপ্ৰেৰিত কৰি আছিল৷ তেওঁৰ দৰে মইও আশা কৰিছো যে আমি অতি শীঘ্ৰেই সাক্ষাৎ কৰিম আৰু ভাৰতত সুৰিনামৰ ৰাষ্ট্ৰপতি মহোদয়ৰ ভব্য স্বাগত কৰিবলৈ অৱকাশ লাভ কৰিম৷ বিগত বৰ্ষত প্ৰবাসী ভাৰতীয়সকলে প্ৰতিটো ক্ষেত্ৰত নিজৰ পৰিচয় সাব্যস্ত কৰিছে আৰু শক্তিশালী কৰিছে৷

বন্ধুসকল,

মই বিগত মাহসমূহত বহু দেশৰ মুৰব্বীৰ সৈতে আলোচনা কৰিছো৷ তেওঁলোকে এটা কথাৰ ওপৰত বিশেষভাৱে জোৰ দি কৈছে যে কিদৰে তেওঁলোকৰ দেশত প্ৰবাসী ভাৰতীয় চিকিৎসক, পেৰামেডিকছ আৰু সাধাৰণ ভাৰতীয় নাগৰিকে সেৱা আগবঢ়াইছে৷ আৰু প্ৰতিজন নাগৰিকে সেৱা এই কঠিন পৰিস্থিতিত আগবঢ়াইছে৷ এই বিশ্বৰ প্ৰতিখন দেশৰ পৰা শুনিবলৈ পাইছো আৰু গৰ্ব অনুভৱ হৈছে৷ আৰু আপোনালোকে আণ্ডাজ লগাব পাৰে যে যেতিয়া ফোনত মই আপোনালোকৰ প্ৰশংসা শুনিবলৈ পাও, বিশ্বৰ বিভিন্ন নেতাই বহু সময় ধৰি আপোনালোকৰ গুণগান গায় তেতিয়া মন মোৰ সন্তোষেৰে ভৰি পৰিছিল, গৌৰৱ হৈছিল৷ আপোনালোকৰ এই সংস্কাৰ বিশ্বৰ বিভিন্ন প্ৰান্তত উদ্ভাসিত হৈ উঠিছে৷ কোন এনেকুৱা ভাৰতীয় হ’ব যাৰ এয়া ভাল নালাগিব৷

আপোনালোক সকলোৱে, য’তেই আপোনালোক আছে কেৱল তাতেই নহয় বৰঞ্চ ভাৰতত ক’ভিডৰ সৈতে মোকাবিলা কৰাতো সহযোগিতা প্ৰদান কৰিছে৷ পিএম কেয়াৰ্ছ-লৈ আপোনালোকে যি বৰঙণি আগবঢ়াইছে, তাৰ জৰিয়তে ভাৰতৰ স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি সশক্ত হৈছে৷

ইয়াৰ বাবে মই আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ৷ বন্ধুসকল, ভাৰতৰ মহান সন্ত আৰু দাৰ্শনিক, সন্ত থিৰুৱল্লুৱৰে বিশ্বৰ সবাতোকৈ প্ৰাচীন ভাষা তামিলত এইদৰে কৈছে-

केए-डरीयाक केट्टअ इड्डत्तुम वड़न्गुन्ड्रा।

नाडेन्प नाट्टिन तलई।

ইয়াৰ অৰ্থ হ’ল- বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ভূমি সেয়াই যিয়ে নিজৰ বিৰোধীৰ পৰা বেয়াখিনি নিশিকে আৰু কোনোবা যদি কষ্টত আছে তেন্তে তেওঁৰ কল্যাণৰ বাবে কেতিয়াও পিছ নোহঁহকে৷

বন্ধুসকল,

আপোনালোক সকলোৱে এই মন্ত্ৰেৰে উজ্বীৱিত হৈছে৷ আমাৰ ভাৰতৰ এয়াই হ’ল বৈশিষ্ট৷ শান্তিৰ সময়তেই হওক অথবা সংকটৰ সময়তেই হওক, আমি ভাৰতীয়সকলে প্ৰতিটো পৰিস্থিতিৰ সৈতে হাতত হাত থৈ মোকাবিলা কৰিছো৷ সেইবাবেই এই মহান ভূমিক লৈ এক পৃথক ব্যৱহাৰ আমি দেখা পাইছো৷ যেতিয়া ভাৰতে ঔপনিৱেশকতাবাদৰ বিৰুদ্ধে আন্দোলন কৰিলে, সেয়া বিশ্বৰ অনেক দেশৰ স্বাধীনতাৰ সংঘৰ্ষৰ বাবে প্ৰেৰণা হৈ উঠিল৷ যেতিয়া ভাৰতে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে থিয় দিলে তেতিয়া বিশ্বইও এই প্ৰত্যাহ্বানৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰেৰণা লাভ কৰিলে৷

বন্ধুসকল,

ভাৰতত আজি দুৰ্নীতি নিঃশেষ কৰিবলৈ প্ৰযুক্তিৰ ব্যৱহাৰ অধিক কৰি তোলা হৈছে৷ লক্ষ, কোটি টকা যি প্ৰথমে ভুল হাতলৈ গৈছিল সেয়া আজি প্ৰত্যক্ষভাৱে হিতাধিকাৰীৰ একাউণ্টলৈ গৈছে৷ আপোনালোকে দেখিছে, ভাৰতে যি নতুন ব্যৱস্থাৰ সৃষ্টি কৰিছে, ক’ৰোনাৰ সময়ত বিভিন্ন বৈশ্বিক সংস্থাইও ইয়াৰ প্ৰশংসা কৰিছে৷

আধুনিক প্ৰযুক্তিৰ সহায়ত দৰিদ্ৰতম ব্যক্তিক সশক্ত কৰাৰ যি অভিযান আজি ভাৰতত চলিব ধৰিছে তাৰ চৰ্চা বিশ্বৰ প্ৰতিটো প্ৰান্তত, প্ৰতিটো স্তৰত হ’বলৈ ধৰিছে৷ ভ্ৰাতৃ আৰু ভগ্নীসকল, নৱীকৰণ শক্তিৰ ক্ষেত্ৰত উন্নত দেশকো যে আমি নেতৃত্ব প্ৰদান কৰিব পাৰো সেয়া আমি দেখুৱাইছো৷ আজি ভাৰতে দিয়া এক সূৰ্য, এক বিশ্ব, এক গ্ৰীড, এই মন্ত্ৰৰ দ্বাৰা বিশ্বক আহ্বান জনোৱা হৈছে৷

বন্ধুসকল,

ভাৰতৰ ইতিহাস সাক্ষী যে ভাৰতৰ সামৰ্থ, ভাৰতীয়ৰ সামৰ্থক লৈ যিসকলে আশংকা কৰিছিল, তেওঁলোক ভুল বুলি প্ৰমাণিত হৈছে৷ দাসত্বৰ সময়ছোৱাত বিদেশৰ ডাঙৰ ডাঙৰ বিদ্বানে কৈছিল যে ভাৰত স্বাধীন নহ’ব কাৰণ ই বিভাজিত৷ সেই আশংকা ভুল বুলি প্ৰমাণিত হ’ল আৰু আমি স্বাধীনতা লাভ কৰিলো৷

বন্ধুসকল,

যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল তেতিয়া এয়াও কোৱা হৈছিল যে ইমান দুখীয়া তথা নিৰক্ষৰ দেশ এখন খণ্ডিত হৈ পৰিব, ইয়াত গণতন্ত্ৰ অসম্ভৱ৷ আজিৰ সত্য এয়াই যে ভাৰত ঐক্যৱদ্ধও আৰু বিশ্বৰ আটাইতকৈ শক্তিশালী গণতান্ত্ৰিক দেশ যি অনুনাদশীল আৰু জীৱন্ত৷

ভ্ৰাতৃ আৰু ভগ্নীসকল,

স্বাধীনতাৰ পিছৰে পৰা দশকজুৰি এই ভাৱ বিনিময় হৈ থাকিল যে ভাৰত দৰিদ্ৰ, নিৰক্ষৰৰ দেশ৷ সেয়ে ইয়াত বিজ্ঞান আৰু বিনিয়োগৰ সম্ভাৱনা কম৷ আজি ভাৰতৰ মহাকাশ কাৰ্যসূচী, Tech Startup eco-system ত অগ্ৰণী হিচাপে বিবেচিত হৈছে৷ ক’ভিডৰ প্ৰত্যাহ্বানৰ সময়তো বহু নতুন ইউনিকৰ্ণ আৰু শতাধিক নতুন ষ্টাৰ্ট-আপ ভাৰতৰ পৰা ওলাইছে৷

বন্ধুসকল,

মহামাৰীৰ এই সময়ছোৱাত আমাৰ সামৰ্থ কি, আমাৰ ক্ষমতা কিমান সেয়া প্ৰদৰ্শিত কৰিছে৷ ইমান ডাঙৰ গণতান্ত্ৰিক দেশে যি ঐক্যৱদ্ধতাৰ সৈতে থিয় হ’ল তাৰ আদৰ্শ বিশ্বত ক’তো দেখিবলৈ পোৱা নাযায়৷ পিপিই কিটেই হওক, মাস্কেই হওক, ভেণ্টিলেটৰেই হওক অথবা পৰীক্ষণ কিটেই হওক, প্ৰথমে এয়া ভাৰতৰ বাহিৰৰ পৰাহে আহিছিল৷

আজি এই ক’ৰোনাৰ সময়ছোৱাতেই ভাৰতে নিজৰ ক্ষমতা বৃদ্ধি কৰিলে আৰু স্বনিৰ্ভৰশীল হৈ উঠিল৷ বৰঞ্চ বহু সামগ্ৰী ৰপ্তানিও কৰিবলৈ ধৰিলে৷ আজি ভাৰতত বিশ্বৰ ভিতৰতে মৃত্যুৰ হাৰ কম আৰু দ্ৰুত গতিত আৰোগ্যৰ সংখ্যা বৃদ্ধি হ’বলৈ ধৰিছে৷

আজি ভাৰতে এটা নহয় বৰঞ্চ দুটাকৈ মেড ইন ইণ্ডিয়া ক’ৰোনা প্ৰতিষেধকৰ সৈতে মানৱতাৰ সুৰক্ষাৰ বাবে প্ৰস্তুত৷ বিশ্বৰ ফাৰ্মাচী হোৱাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ সকলো আৱশ্যকীয় ঔষধ প্ৰদন কৰাৰ কাম ভাৰতে পূৰ্বেও কৰিছিল আৰু আজিও কৰি আছে৷ বিশ্বই আজি কেৱল ভাৰতৰ প্ৰতিষেধকৰ বাবেই অপেক্ষা কৰি থকা নাই বৰঞ্চ বিশ্বৰ সবাতোকৈ বৃহৎ টীকাকৰণৰ কাম ভাৰতে কিদৰে পৰিচালনা কৰিব, তাৰ ওপৰতো দৃষ্টি নিৱদ্ধ কৰিছে৷

বন্ধুসকল,

এই বৈশ্বিক মহামাৰীৰ সময়ছোৱাত ভাৰতে যি শিকিলে, সেয়াই এতিয়া আত্মনিৰ্ভৰ ভাৰত অভিযানৰ প্ৰেৰণা হৈ উঠিছে৷ আমাৰ ইয়াত কোৱা হয়, शतहस्त समाह सहस्रहस्त सं किर অৰ্থাৎ শতাধিক হাতেৰে উপাৰ্জন কৰা আৰু সহস্ৰাধিক হাতেৰে দান কৰা৷ ভাৰতৰ আত্মনিৰ্ভৰতাৰ অন্তৰালত এই ভাৱধাৰাই অন্তৰ্নিহিত হৈ আছে৷ কোটি কোটি ভাৰতীয় পৰিশ্ৰমেৰে যি সামগ্ৰী ভাৰতত উৎপাদিত হ’ব, যি সমাধান ভাৰতত প্ৰস্তুত হ’ব, তাৰ দ্বাৰা সমগ্ৰ বিশ্বই লাভান্বিত হ’ব৷

বিশ্বই এই কথা কেতিয়াও পাহৰিব নোৱাৰে যে যেতিয়া ৱাই-টু-কেৰ সময়ত ভাৰতৰ ভূমিকা কি আছিল, ভাৰতে কিদৰে বিশ্বক চিন্তামুক্ত কৰিছিল, এই সমস্যাৰ সময়ত আমাৰ ফাৰ্মা উদ্যোগে যি ভূমিকা পালন কৰিছে তাৰ দ্বাৰা সমগ্ৰ বিশ্ব উপকৃত হৈছে৷

বন্ধুসকল,

আজি সমগ্ৰ বিশ্বই ভাৰতৰ ওপৰত ইমানেই বিশ্বাস কৰিছে যে তাৰ অন্তৰালত আপোনালোক প্ৰবাসী ভাৰতীয়ৰ ভূমিকা অপৰিসীম হিচাপে বিবেচিত হৈছে৷ আপোনালোকে য’লৈকে গৈছে তাতেই ভাৰতক, ভাৰতীয়ত্বক লৈ গৈছে৷ আপোনালোকে ভাৰতীয়ত্বক ধাৰণ কৰিছে৷ আৰু আপোনালোকে চাওক, খাদ্যই হওক, ফেশ্বন, পৰিয়ালৰ মূল্যবোধ অথবা ব্যৱসায়িক মূল্যবোধ, সকলোতেই আপোনালোকে ভাৰতীয়ত্বৰ প্ৰসাৰ কৰিছে৷

মই সদায়েই এই কথা মানি আহিছো যে যদি ভাৰতৰ সংস্কৃতি সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈছে তেন্তে সেয়া আলোচনী, কুকবুক অথবা মেনুৱেলতকৈ অধিক আপোনালোক সকলোৰে জীৱনৰ বাবে, আপোনালোক সকলোৰে আচৰণৰ বাবে, আপোনালোক সকলোৰে ব্যৱহাৰৰ বাবে সম্ভৱ হৈছে৷ বৰঞ্চ ভাৰতত আপোনালোক সকলোৱে ভাৰতৰ বাবে এক জিজ্ঞাসাৰ সৃষ্টি কৰিছে৷

আজি যেতিয়া ভাৰত আত্মনিৰ্ভৰ হৈ উঠাৰ বাবে আগবাঢ়িছে তাতেও ব্ৰেণ্ড ইণ্ডিয়াৰ পৰিচয় সাব্যস্ত কৰিবলৈ আপোনালোকৰ ভূমিকা অপৰিসীম হৈ উঠিছে৷ যেতিয়া আপোনালোকে মেই ইন ইণ্ডিয়া সামগ্ৰীৰ ব্যৱহাৰ অধিকতম ৰূপত কৰিব তেতিয়া আপোনালোকৰ নিকটৱৰ্তী লোকেও ইয়াৰ ওপৰত বিশ্বাস কৰিব৷ আপোনালোকৰ সহকৰ্মীয়ে, বন্ধুয়ে যেতিয়া মেড ইন ইণ্ডিয়া সামগ্ৰী ব্যৱহাৰ কৰা দেখা পাব, তেতিয়া আপোনালোকৰ গৌৰৱ হ’ব নে নহয়?

চাহৰ পৰা আৰম্ভ কৰি বস্ত্ৰ আৰু থেৰাপীলৈ এয়া সকলো হ’ব পাৰে৷ খাদী সমগ্ৰ বিশ্বৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠাত মই সন্তোষ লাভ কৰিছো৷ ইয়াৰ দ্বাৰা আপোনালোকে ভাৰতৰ ৰপ্তানিৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে ভাৰতৰ সমৃদ্ধ বৈচিত্ৰতাকো বিশ্বত উপস্থাপন কৰিব পাৰিব৷ তাতোকৈ ডাঙৰ কথা, আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অধীনত আপোনালোকে বিশ্বৰ দৰিদ্ৰতম দেশতো ব্যয়সাধ্য আৰু গুণগতমানৰ সামগ্ৰী যোগানৰ এক যোগসূত্ৰ হৈ পৰিব৷

বন্ধুসকল,

ভাৰতত বিনিয়োগেই হওক অথবা বৃহৎ সংখ্যাত Remittancesৰ অৱদানেই হওক, আপোনালোক যোগদান অতুলনীয় হিচাপে বিবেচিত হৈছে৷ আপোনালোকৰ বিশেষজ্ঞতা, আপোনালোকৰ বিনিয়োগ, আপোনালোকৰ নেটৱৰ্ক, আপোনালোকৰ অভিজ্ঞতাৰ লাভ প্ৰতিজন ভাৰতীয়, সমগ্ৰ ভাৰতে সৰ্বদা গৌৰৱ কৰে৷ ইয়াৰ বাবে প্ৰতিটো আৱশ্যকীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

আপোনালোকৰ মাজৰে বহু লোকে এয়া জানে যে কিছু সপ্তাহ পূৰ্বে প্ৰথমবাৰলৈ ‘বৈশ্বিক ভাৰতীয় বৈজ্ঞানিক সন্মিলন’ অৰ্থাৎ ‘বৈভৱ’ৰ আয়োজন কৰা হৈছিল৷ এই সন্মিলনত ৭০খন দেশ ২৫ হাজাৰতকৈও অধিক বিজ্ঞানী আৰু বিশেষজ্ঞসকলে প্ৰায় চাৰে সাতশ ঘণ্টা পৰ্যন্ত বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা কৰিছিল৷ ইয়াৰে ৮০ টা বিষয়ৰ ওপৰত প্ৰায় ১০০টা প্ৰতিবেদন নিষ্কাশিত হ’ল যি বিভিন্ন ক্ষেত্ৰত প্ৰযুক্তি আৰু প্ৰণালীৰ বিকাশত কামত আহিব৷ এই সংবাদ এতিয়া এনেদৰে অব্যাহত থাকিব৷ ইয়াৰোপৰি বিগত মাহত ভাৰতে শিক্ষাৰ পৰা আৰম্ভ কৰি উদ্যমিতাৰ সাৰ্থক পৰিৱৰ্তনৰ বাবে গাঁথনিগত সংস্কাৰ কৰিছে৷ ইয়াৰ দ্বাৰা আপোনালোকৰ বিনিয়োগৰ বাবে সুবিধাৰ প্ৰসাৰণ ঘটিছে৷ নিৰ্মাণৰ প্ৰচাৰৰ বাবে Production Linked Subsidies Scheme অতি কম সময়তে জনপ্ৰিয় হৈ উঠিছে আৰু আপোনালোকেই ইয়াৰ ভৰপূৰ লাভ আদায় কৰিব পাৰিব৷

বন্ধুসকল,

ভাৰত চৰকাৰে প্ৰতিটো সময়, প্ৰতিটো পল আপোনালোকৰ সৈতে আছে৷ বিশ্বত ক’ৰোনাৰ লকডাউনত বিদেশত আৱদ্ধ ৪৫ লাখতকৈও অধিক ভাৰতীয়ক বন্দে ভাৰত অভিযানৰ অধীনত সুৰক্ষা প্ৰদান কৰা হৈছে৷ বিদেশৰ ভাৰতীয় সম্প্ৰদায়ে যাতে সময়মতে সহায় লাভ কৰে তাৰ বাবে যথাসম্ভৱ প্ৰয়াস কৰা হৈছে৷ মহামাৰীৰ সময়ত বিদেশত থকা ভাৰতীয়সকলৰ ৰোজগাৰ যাতে সুৰক্ষিত হৈ থাকে তাৰবাবে কূটনৈতিক প্ৰয়াসো কৰা হৈছে৷

গাল্ফসহিতে অনেকে দেশৰ পৰা উভতি অহা সতীৰ্থসকলৰ বাবে 'Skilled Workers Arrival Database for Employment Support' অৰ্থাৎ ‘স্বদেশ’ নামৰ এক নতুন পদক্ষেপৰ সৃষ্টি কৰা হৈছে৷ এই ডাটাবেছৰ উদ্দেশ্য বন্দে ভাৰত অভিযানৰ পৰা উভতি অহা কৰ্মীৰ দক্ষতা মেপিং কৰা আৰু তেওঁলোকক ভাৰতীয় তথা বিদেশীৰ উদ্যোগৰ সৈতে জড়িত কৰা৷

বন্ধুসকল,

ইয়াৰ পৰা আমি স্বাধীনতাৰ ৭৫তম বৰ্ষলৈ আগবাঢ়িছো৷ আগন্তুক প্ৰবাসী ভাৰতীয় দিৱস স্বাধীনতাৰ ৭৫তম বৰ্ষৰ সমাৰোহৰ সৈতেও জড়িত হ’ব৷

মহাত্মা গান্ধী, নেতাজী সুভাষ চন্দ্ৰ বসু আৰু স্বামী বিবেকানন্দৰ দৰে অসংখ্য মহান ব্যক্তিত্বৰ প্ৰেৰণাৰে সমগ্ৰ বিশ্বৰ ভাৰতীয় সম্প্ৰদায়ে স্বাধীনতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল৷ এনে সময়ত সেই মহান সতীৰ্থসকলকো স্মৰণ কৰাৰ দিন সমাগত হৈছে৷

সমগ্ৰ বিশ্বতে বিয়পি থকা ভাৰতীয় সম্প্ৰদায়ৰ লোকক আৰু আমাৰ অভিযানৰ সৈতে জড়িত সকলো লোকক মই এটা ডিজিটেল প্লেটফ’ৰ্ম সৃষ্টিৰ বাবে আহ্বান জনাইছো৷ সেই প’ৰ্টেলত এনে প্ৰবাসী ভাৰতীয়ৰ তথ্য থাকিব যিয়ে স্বাধীনতাৰ সময়ত বিশেষ ভূমিকা পালন কৰিছিল৷ যিসকলে বিদেশত থাকিও ভাৰতৰ স্বাধীনতাৰ বাবে ভূমিকা গ্ৰহণ কৰিছিল তেওঁলোকৰ তথ্য ইয়াত সম্বলিত কৰা হ’ব৷

আৰু মই এয়াও বিচাৰিম যে এতিয়া যি কুইজ প্ৰতিযোগিতাৰ বাবে কুইজ প্ৰস্তুত কৰা হ’ব তাত বিশ্বৰ এনে ভাৰতীয় সম্প্ৰদায়ৰ যোগদানৰ ওপৰতো কুইজৰ এটা পৃথক অধ্যায় থাকক৷

এনে পদক্ষেপে আমাৰ সম্বন্ধ অধিক শক্তিশালী কৰিব, আগন্তুক প্ৰজন্মক অনুপ্ৰাণিত কৰিব৷ আজি আপোনালোক ইমান বৃহৎ সংখ্যাত ভাৰ্চুৱেলী সন্মিলিত হৈছে৷ ক’ৰোনাৰ বাবে কায়িকভাৱে সাক্ষাৎ কৰিব নোৱাৰিলেও ভাৰতৰ প্ৰতিজন নাগৰিকে আপোনালোক সুৰক্ষিত আৰু সুস্থ হৈ থকাটো বিচাৰে৷

এই কামনাৰ সৈতে পুনৰবাৰ সুৰিনামৰ ৰাষ্ট্ৰপতি মহোদয়ক হৃদয়েৰে কৃতজ্ঞতা প্ৰকাশ কৰিছো৷ তেওঁ যি প্ৰেৰণা আমাক প্ৰদান কৰিছে সেয়া সঁচাকৈয়ে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিছে৷ মই তেওঁক বিশেষভাৱে ধন্যবাদ প্ৰদান কৰিছো৷

অশেষ ধন্যবাদ!

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators

Media Coverage

India Inc's $3.4-trillion club: AI, IPL, defence are new wealth creators
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM chairs 52nd PRAGATI Meeting
June 24, 2026
PM reviews four key infrastructure projects worth around ₹30,000 crore spanning four states across Road, Power, Industrial Corridor and Metro Rail sectors
PM emphasises use of PM GatiShakti National Master Plan and timely updation of project, utility and infrastructure data on the portal for efficient planning
PM asks Ministries and State Governments to resolve pending issues in a mission-mode manner and ensure close monitoring
PM reviews TB Mukt Bharat Abhiyan and emphasizes need to leverage latest digital technologies including AI
PM reviews grievances related to Cyber Crime and Digital Arrest and stresses timely action, coordinated response and e-Zero FIR registration mechanism

Prime Minister Shri Narendra Modi chaired the 52nd meeting of PRAGATI, the ICT-enabled, multi-modal platform aimed at fostering Pro-Active Governance and Timely Implementation, by seamlessly integrating efforts of the Central and State Governments, earlier today at Seva Teerth.

During the meeting, the Prime Minister reviewed four critical infrastructure projects across the Road, Power, Industrial Corridor and Metro Rail sectors, covering four States and costing around ₹30,000 crore. These projects, important for economic growth, regional connectivity, industrial development and public welfare, were reviewed with focus on timelines, inter-agency coordination, issue resolution and timely completion.

Prime Minister underlined that delays in infrastructure projects not only lead to cost escalation, but also deprive people and industries of timely benefits. He asked the concerned Ministries and State Governments to resolve pending issues in a mission-mode manner and ensure close monitoring at the highest level.

Prime Minister emphasised the use of PM GatiShakti National Master Plan for efficient planning and timely implementation of infrastructure projects. He also underlined the need for regular and timely updation of project details, utilities, infrastructure layers, clearances and other field-level information on the portal. He further emphasised that the platform must reflect the latest ground situation so that bottlenecks can be identified in advance, inter-agency coordination can be improved and decisions can be taken on the basis of reliable, real-time data.

Prime Minister reviewed TB Mukt Bharat Abhiyan and emphasised the need to leverage latest digital technologies including Artificial Intelligence. He suggested a team of NCC cadets and MY Bharat volunteers, for awareness, patient follow-up and community mobilisation.

Prime Minister also reviewed grievances related to Cyber Crime and Digital Arrest. He expressed concern over the rising misuse of digital platforms to defraud citizens and stressed that such matters require coordinated, sensitive and time-bound handling by all concerned agencies. He noted that citizens should not be made to run from one department or agency to another. He also emphasized the need for clear ownership, faster response, better coordination among law enforcement agencies, banks and digital platforms, and stronger public awareness campaigns.

Prime Minister observed that in cases involving cyber fraud, timely action is crucial to prevent financial loss and restore public confidence. He asked all stakeholders to work in close coordination to strengthen prevention, reporting, investigation and grievance redressal mechanisms. He also emphasised that States should work towards enabling e-Zero FIR mechanisms for faster registration and response in cyber fraud cases.