‘হিমাচল দিৱস’ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হিমাচল প্ৰদেশৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰে।
‘এক্স’-ৰ এটা ‘পোষ্ট’ত তেওঁ কয়:
“হিমাচল দিৱস উপলক্ষে ৰাজ্যখনৰ সকলো লোকলৈ অনেক শুভকামনা জনাইছোঁ। গৌৰৱময় সংস্কৃতিৰ বাবে বিখ্যাত এই ৰাজ্যখনৰ মোৰ ভাই-ভনীসকল কঠোৰ পৰিশ্ৰম, প্ৰতিভা আৰু পৰাক্ৰমৰ বাবে জনাজাত। এই বিশেষ উপলক্ষই আপোনালোকৰ জীৱনলৈ সুখ-সমৃদ্ধি আৰু আৰোগ্য কঢ়িয়াই আনক, লগতে আমাৰ দেৱভূমিক উন্নতিৰ পথত আগবঢ়াই নিয়ক, এই কামনাকে কৰিছোঁ।”
हिमाचल दिवस की राज्य के सभी लोगों को अनेकानेक शुभकामनाएं। गौरवशाली संस्कृति के लिए विख्यात इस प्रदेश के मेरे भाई-बहन अपने परिश्रम, प्रतिभा और पराक्रम के लिए जाने जाते हैं। यह विशेष अवसर आप सभी के जीवन में सुख-समृद्धि और आरोग्य लेकर आए, साथ ही हमारी देवभूमि को प्रगति के पथ पर…
— Narendra Modi (@narendramodi) April 15, 2025


