প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাল্মীকি জয়ন্তীৰ শুভ উপলক্ষত ৰাষ্ট্ৰবাসীক সম্ভাষণ জনায়।
শ্ৰী মোদীয়ে অতীজৰে পৰা ভাৰতীয় সমাজ আৰু পাৰিবাৰিক জীৱনত মহৰ্ষি বাল্মিকীৰ বিশুদ্ধ আৰু আদৰ্শ চিন্তাধাৰাৰ গভীৰ প্ৰভাৱত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সামাজিক সম্প্ৰীতিৰে বদ্ধমূল মহৰ্ষি বাল্মিকীৰ শিক্ষাই ৰাষ্ট্ৰখনক অনুপ্ৰাণিত আৰু আলোকিত কৰি আহিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;
“মহৰ্ষি বাল্মীকি জয়ন্তী উপলক্ষে সকলো দেশবাসীকে আন্তৰিক শুভেচ্ছা জনালোঁ। অতীজৰে পৰা ভাৰতীয় সমাজ আৰু পাৰিবাৰিক জীৱনক মহৰ্ষি বাল্মিকীৰ বিশুদ্ধ আৰু আদৰ্শ চিন্তাধাৰাই গভীৰভাৱে প্ৰভাৱিত কৰি আহিছে। সামাজিক সম্প্ৰীতিৰে বদ্ধমূল মহৰ্ষি বাল্মিকীৰ শিক্ষাই ৰাষ্ট্ৰখনক অনুপ্ৰাণিত আৰু আলোকিত কৰি ৰাখিছে।”
सभी देशवासियों को महर्षि वाल्मीकि जयंती की हार्दिक शुभकामनाएं। प्राचीनकाल से ही हमारे समाज और परिवार पर उनके सात्विक और आदर्श विचारों का गहरा प्रभाव रहा है। सामाजिक समरसता पर आधारित उनके वैचारिक प्रकाशपुंज देशवासियों को सदैव आलोकित करते रहेंगे। pic.twitter.com/VJWk5ayJo8
— Narendra Modi (@narendramodi) October 7, 2025


