সন্তানৰ ভৱিষ্যতক লৈ আত্মবিশ্বাস প্ৰকট কৰিলে উৰিষ্যাৰ কৃষকে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’ও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ‘১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ’টো আনুষ্ঠানিক ভাবে মুকলি কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০লৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে এই দুয়োটা পদক্ষেপৰ কথা ঘোষণা কৰে, মহিলা ‘এছএইচজি’সমূহক ‘ড্ৰোন’ প্ৰদান কৰে। প্ৰণিধানযোগ্য যে এই বছৰৰ আৰম্ভণিতে ‘স্বাধীনতা দিৱস’ৰ ভাষণত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। আজিৰ কাৰ্যসূচীটোৱে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাটোকে চিহ্নিত কৰে।

 

উৰিষ্যা ৰায়গড়াৰ পূৰ্ণ চন্দ বেনিয়া নামৰ এগৰাকী কৃষকক প্ৰধানমন্ত্ৰীয়ে 'জয় জগন্নথ' বুলি অভিবাদন জনায়। শ্ৰী বেনিয়াজী হৈছে একাধিক চৰকাৰী আঁচনিৰ হিতাধিকাৰী। হিতাধিকাৰীজনে ‘উজ্জ্বলা’ৰ দৰে আঁচনিৰ দ্বাৰা তেওঁৰ জীৱন কেনেদৰে সলনি হৈছিল তাৰ বৰ্ণনা কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰীক জনায় যে এতিয়া তেওঁ নিজৰ সন্তানৰ বাবে এক উজ্জ্বল ভৱিষ্যতৰ সপোন দেখি আত্মবিশ্বাসী অনুভৱ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁক ‘সংকল্প যাত্ৰা’ত জড়িত থকা বিষয়াসকলৰ পৰা তেওঁৰ লাভৰ বাবে আৰু কি আঁচনি উপলব্ধ আছে সেই বিষয়ে অনুসন্ধান কৰিবলৈ আহ্বান জনায়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PLI 2.0: India bets big on making more of the smartphone at home

Media Coverage

PLI 2.0: India bets big on making more of the smartphone at home
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 মে’ 2026
May 29, 2026

Every Sector, Every Citizen: How PM Modi’s Vision is Transforming India Across All Fronts