“ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম বিৰল দৃষ্টান্ত যে এগৰাকী প্ৰধানমন্ত্ৰীয়ে অতি কম সময়ৰ ভিতৰতে দুবাৰকৈ একেটা ৰে’ল ষ্টেচন ভ্ৰমণ কৰিছে”
“ভাৰতে এতিয়া নতুন চিন্তা আৰু দৃষ্টিভংগীৰে কাম কৰি আছে”
‘বন্দে ভাৰত ভাৰতৰ উৎসাহ আৰু উত্তেজনাৰ প্ৰতীক। ই আমাৰ দক্ষতা, আত্মবিশ্বাস আৰু সামৰ্থ্যক প্ৰতিনিধিত্ব কৰে”
“তেওঁলোক ভোট বেংকৰ তুষ্টিকৰণত ব্যস্ত আছিল, আমি নাগৰিকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ (সন্তুষ্টিকৰণ)”
“‘এক ষ্টেচন এক সামগ্ৰী’ৰ অধীনত চলি থকা ৬০০ বিপণী আৰু কম সময়ৰ ভিতৰতে এক লাখ ক্ৰয় সম্পূৰ্ণ”
“ভাৰতীয় ৰে’লৱেই দেশৰ সাধাৰণ পৰিয়ালৰ বাবে সুবিধাৰ সমাৰ্থক হৈ পৰিছে”
“আজি মধ্যপ্ৰদেশে ধাৰাবাহিক উন্নয়নৰ এক নতুন কাহিনী লিখিছে”
“এসময়ত ৰাজ্যখনক ‘বিমাৰু’ বুলি কোৱা উন্নয়নৰ প্ৰায়বোৰ পৰিমাপতে মধ্যপ্ৰদেশৰ প্ৰদৰ্শন প্ৰশংসনীয়”
“ভাৰতৰ দুখীয়া, ভাৰতৰ মধ্যবিত্ত শ্ৰেণী, ভাৰতৰ আদিবাসী, ভাৰতৰ দলিত-পিছপৰা, প্ৰতিজন ভাৰতীয় মোৰ সুৰক্ষা ঢাল হৈ পৰিছে”
সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰাৰ লগতে ৰে’লৰ শিশু আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ভূপালৰ ৰাণী কমলাপতি ৰে’লৱে ষ্টেচনত ভূপাল-নতুন দিল্লীৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ পতাকা জোকাৰি শুভাৰম্ভ কৰে। সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰাৰ লগতে ৰে’লৰ শিশু আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে।

 
.

ইন্দোৰৰ এটা মন্দিৰত ৰাম নৱমীৰ সময়ত সংঘটিত শোকাৱহ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ বিদেহী আত্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন  কৰে। লগতে এই দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশবাসীক প্ৰথমখন বন্দে ভাৰত ৰে’ল লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে এই ৰে’লখনে দিল্লী আৰু ভূপালৰ মাজত যাতায়তৰ সময় হ্ৰাস কৰাৰ লগতে পেছাদাৰী আৰু যুৱক-যুৱতীসকলৰ বাবে বহু সা-সুবিধাৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰে যে আজিৰ অনুষ্ঠান অনুষ্ঠিত হোৱা ৰাণী কমলাপতি ষ্টেচনৰ সভাস্থলী উদ্বোধন কৰাৰো সৌভাগ্য হৈছিল তেওঁৰ। ভাৰতৰ অত্যাধুনিক বন্দে ভাৰত এক্সপ্ৰেছ দিল্লীলৈ ফ্লেগ অফ কৰাৰ সুযোগ পোৱাৰ বাবেও তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ কয় যে আজি ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম বিৰল দৃষ্টান্ত যে এজন প্ৰধানমন্ত্ৰীয়ে অতি কম সময়ৰ ভিতৰতে দুবাৰকৈ একেটা ৰে’ল ষ্টেচন ভ্ৰমণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আজিৰ এই অনুষ্ঠানটো আধুনিক ভাৰতত সৃষ্টি হোৱা এক নতুন ব্যৱস্থা আৰু নতুন পৰম্পৰাৰ এক প্ৰধান উদাহৰণ।

প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে একাংশ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰি ল’ৰা-ছোৱালীৰ মাজত ৰে’লখনক লৈ যি কৌতুহল আৰু উৎসাহ অনুভৱ কৰে সেই বিষয়ে আলোকপাত কৰে। ‘এক প্ৰকাৰে বন্দে ভাৰত ভাৰতৰ উৎসাহ আৰু উৎসাহৰ প্ৰতীক। ই আমাৰ দক্ষতা, আত্মবিশ্বাস আৰু সামৰ্থ্যক প্ৰতিনিধিত্ব কৰে”, তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে অঞ্চলটোৰ পৰ্যটনৰ বাবে এই ৰে’লখনৰ উপকাৰিতাৰ ওপৰতো আলোকপাত কৰে কাৰণ সাঁচি, ভীমবেটকা, ভোজপুৰ আৰু উদয়াগিৰি গুহাবোৰে অধিক পৰ্যটক লাভ কৰিবলৈ আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা কৰ্মসংস্থাপন, আয় আৰু স্বনিয়োজনৰ সুবিধাও উন্নত হ’ব।

একবিংশ শতিকাৰ ভাৰতৰ নতুন চিন্তাধাৰা আৰু দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিকৰ প্ৰয়োজনীয়তা পূৰণৰ মূল্যত পূৰ্বৰ চৰকাৰে কৰা তুষ্টিকৰণৰ কথা সোঁৱৰাই দিয়ে। তেওঁ লগতে কয়, ‘তেওঁলোক ভোট বেংকৰ তুষ্টিকৰণত ব্যস্ত আছিল, আমি নাগৰিকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ (সন্তুষ্টিকাৰণ)”। ভাৰতীয় ৰে’লৱে, সাধাৰণ পৰিয়াল পৰিবহণ বুলি কোৱা লোকসকলক প্ৰধানমন্ত্ৰীয়ে প্ৰশ্ন কৰে যে ইয়াক পূৰ্বে কিয় উন্নীতকৰণ আৰু আধুনিকীকৰণ কৰা হোৱা নাছিল।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত সময়ত চৰকাৰসমূহে স্বাধীনতাৰ পিছত ভাৰতে অধিগ্ৰহণ কৰা ইতিমধ্যে থকা ৰে’ল নেটৱৰ্কটো সহজেই উন্নীত কৰিব পাৰিলেহেঁতেন কিন্তু ন্যস্ত ৰাজনৈতিক স্বাৰ্থৰ বাবে ৰে’লৱেৰ উন্নয়ন বলিদান দিয়া হ’ল। স্বাধীনতাৰ কেইবা দশকৰ পিছতো উত্তৰ-পূবৰ ৰাজ্যসমূহ ৰে’ল নেটৱৰ্কৰ সৈতে সংযোগ হোৱা নাছিল বুলি প্ৰধানমন্ত্ৰীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় ৰে’লৱেক বিশ্বৰ শ্ৰেষ্ঠ ৰে’ল নেটৱৰ্ক হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে চেষ্টা কৰিছে। ২০১৪ চনৰ পূৰ্বে ভাৰতীয় ৰে’লৱে লাভ কৰা নেতিবাচক প্ৰচাৰৰ ওপৰত পোহৰ পেলাই প্ৰধানমন্ত্ৰীয়ে এই বিস্তৃত ৰে’ল নেটৱৰ্কত হাজাৰ হাজাৰ মানৱবিহীন ৰে’ল গেটে মাৰাত্মক দুৰ্ঘটনা সংঘটিত কৰা বিষয়টো উল্লেখ কৰে। তেওঁ জনায় যে ব্ৰড গজ নেটৱৰ্ক আজি মানৱবিহীন ৰে’ল গেটৰ পৰা মুক্ত। তেওঁ লগতে উল্লেখ কৰে যে ইয়াৰ পূৰ্বে ৰে’ল দুৰ্ঘটনাত প্ৰাণহানি আৰু সম্পত্তিৰ ক্ষতিসাধন কৰা বাতৰিবোৰ সাধাৰণ কথা আছিল যদিও ভাৰতীয় ৰে’লৱে আজি বহুত বেছি সুৰক্ষিত হৈ পৰিছে। তেওঁ মেড ইন ইণ্ডিয়া ‘কৱচ’ৰ পৰিসৰ বৃদ্ধি কৰি যাত্ৰীৰ নিৰাপত্তা সুদৃঢ় কৰাৰ বাবে আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে সজোৰে কয় যে সুৰক্ষাৰ পন্থা কেৱল দুৰ্ঘটনাতে সীমাবদ্ধ নহয়, বৰঞ্চ যাত্ৰাৰ সময়ত যিকোনো জৰুৰীকালীন অৱস্থাৰ তৎক্ষণাত গুৰুত্ব দিয়া হয়, যিটো মহিলাসকলৰ বাবে অপৰিসীম উপকাৰ হয় বুলিও তেওঁ কয়। টিকটৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, সময়োপযোগীতা আৰু ক’লা বজাৰ এই সকলোবোৰ প্ৰযুক্তি আৰু যাত্ৰীসকলৰ প্ৰতি চিন্তাৰ কৰি সমাধান কৰা হৈছে।

শ্ৰী মোদীয়ে কয় যে ‘এক ষ্টেচন এক সামগ্ৰী’ পদক্ষেপৰ জৰিয়তে ৰে’লৱে স্থানীয় কাৰিকৰৰ সামগ্ৰী এঠাইৰ পৰা আন ঠাইলৈ লৈ যোৱাৰ এক শক্তিশালী আহিলা হিচাপে আত্মপ্ৰকাশ কৰিছে। এই আঁচনিৰ অধীনত যাত্ৰীসকলে জিলাখনৰ স্থানীয় সামগ্ৰী যেনে হস্তশিল্প, শিল্প, বাচন-বৰ্তন, বস্ত্ৰশিল্প, পেইন্টিং ইত্যাদি খোদ ষ্টেচনতে ক্ৰয় কৰিব পাৰিব। ইতিমধ্যে দেশত প্ৰায় ৬০০টা বিপনী কাৰ্যক্ষম হৈ আছে আৰু এক লাখৰো অধিক ক্ৰয় কৰা হৈছে।

প্ৰধানমন্ত্ৰীয়ে কয়, “আজি ভাৰতীয় ৰে’লৱে দেশৰ সাধাৰণ পৰিয়ালৰ বাবে সুবিধাৰ সমাৰ্থক হৈ পৰিছে।” এই সন্দৰ্ভত তেওঁ ৰেলৱে ষ্টেচন আধুনিকীকৰণ, ৬০০০ ষ্টেচনত ৱাইফাইৰ সুবিধা আৰু ৯০০ ষ্টেচনত চিচিটিভিৰ দৰে উন্নীতকৰণৰ তালিকা প্ৰস্তুত কৰে। তেওঁ যুৱক-যুৱতীসকলৰ মাজত বন্দে ভাৰতৰ জনপ্ৰিয়তা আৰু দেশৰ চুকে-কোণৰ পৰা বন্দে ভাৰতৰ ক্ৰমৱৰ্ধমান চাহিদাৰ ওপৰত আলোকপাত কৰে।

প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ বাজেটত ৰে’লৱেৰ বাবে অভিলেখ পৰিমাণৰ ধন আবণ্টনৰ কথা উল্লেখ কৰে। “যেতিয়া ইচ্ছা থাকে, উদ্দেশ্য স্পষ্ট আৰু দৃঢ়তা সুদৃঢ় হয়, তেতিয়াই নতুন পথৰ উন্মেষ ঘটে”, তেওঁ কয়। শ্ৰী মোদীয়ে জনায় যে বিগত ৯ বছৰত ৰে’ল বাজেট অবিৰতভাৱে বৃদ্ধি কৰা হৈছিল আৰু মধ্যপ্ৰদেশে ৰে’ল সম্পৰ্কীয় বাজেটত ১৩,০০০ কোটি টকা আবণ্টন পাইছিল, যিটো ২০১৪ চনৰ আগৰ বছৰবোৰত গড়ে ৬০০ কোটি টকা আছিল।

ৰে’লৱেৰ আধুনিকীকৰণৰ উদাহৰণ দি প্ৰধানমন্ত্ৰীয়ে দেশৰ একাংশ অঞ্চলত প্ৰতি দুদিনৰ মূৰে মূৰে ৰে’ল নেটৱৰ্কৰ ১০০ শতাংশ বিদ্যুতীকৰণৰ কাম সাধন হৈ থকা বুলি আলোকপাত কৰে। তেওঁ জনায় যে ১০০ শতাংশ বিদ্যুৎ সংযোগ সাধন হোৱা ১১খন ৰাজ্যৰ ভিতৰত মধ্যপ্ৰদেশকো অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ২০১৪ চনৰ পিছত বছৰি ৰে’লপথৰ গড় বিদ্যুতীকৰণ ৬০০ কিলোমিটাৰৰ পৰা ৬০০০ কিলোমিটাৰলৈ দহগুণ বৃদ্ধি পাইছে।

‘আজি মধ্যপ্ৰদেশে নিৰন্তৰ উন্নয়নৰ এক নতুন কাহিনী লিখিছে। কৃষিয়েই হওক বা উদ্যোগেই হওক, আজি মধ্যপ্ৰদেশৰ শক্তিয়ে ভাৰতৰ শক্তি সম্প্ৰসাৰণ কৰিছে”, প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ পুনৰ কয় যে উন্নয়নৰ প্ৰায়বোৰ পৰিমাপতে মধ্যপ্ৰদেশৰ প্ৰদৰ্শন প্ৰশংসনীয়, যাক এসময়ত ৰাজ্যখনক ‘বিমাৰু’ বুলি কোৱা হৈছিল। প্ৰধানমন্ত্ৰীয়ে দৰিদ্ৰ লোকৰ বাবে আৱাস নিৰ্মাণৰ ক্ষেত্ৰত মধ্যপ্ৰদেশ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত থকাৰ উদাহৰণ দাঙি ধৰে। তেওঁ লগতে কয় যে ৰাজ্যখনেও প্ৰতিটো ঘৰতে পানী যোগান ধৰাৰ ক্ষেত্ৰতো এক সুন্দৰ কাম কৰি আছে। তেওঁ লগতে ৰাজ্যৰ কৃষকসকলক স্পৰ্শ কৰি ঘেঁহুকে ধৰি বহু শস্যৰ উৎপাদনত নতুন অভিলেখ সৃষ্টি কৰাৰ কথা উল্লেখ কৰে। তেওঁ ৰাজ্যখনৰ উদ্যোগসমূহৰ বিষয়েও স্পৰ্শ কৰি কয় যে ই অহৰহ নতুন মানদণ্ডৰ দিশে আগবাঢ়িছে, যাৰ ফলত যুৱক-যুৱতীসকলৰ বাবে অন্তহীন সুযোগৰ সৃষ্টি হৈছে।

প্ৰধানমন্ত্ৰীয়ে দেশৰ ভিতৰ-বাহিৰ উভয়ৰে পৰা তেওঁৰ ভাবমূৰ্তি কুৎসিত কৰাৰ একত্ৰিত প্ৰচেষ্টা সন্দৰ্ভত ৰাইজক সতৰ্ক কৰি দিয়ে। “ভাৰতৰ দৰিদ্ৰ, ভাৰতৰ মধ্যবিত্ত শ্ৰেণী, ভাৰতৰ জনজাতীয়, ভাৰতৰ দলিত-পিছপৰা, প্ৰতিজন ভাৰতীয় মোৰ সুৰক্ষা ঢাল হৈ পৰিছে”, তেওঁ জনসাধাৰণক দেশৰ উন্নয়নত মনোনিৱেশ কৰি থাকিবলৈ কয়। ‘উন্নত ভাৰতত মধ্যপ্ৰদেশৰ ভূমিকা আৰু অধিক বৃদ্ধি কৰিব লাগিব। এই নতুন বন্দে ভাৰত এক্সপ্ৰেছ এই সংকল্পৰ এটা অংশ”, এই মন্তব্যৰে তেওঁ ভাষণ সামৰে।

অনুষ্ঠানত মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগু ভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ উপস্থিত থাকে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's strong growth outlook intact despite global volatility: Govt

Media Coverage

India's strong growth outlook intact despite global volatility: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over mishap in Coimbatore
April 17, 2026

The Prime Minister, Shri Narendra Modi, has expressed deep anguish over the mishap in Coimbatore, Tamil Nadu.

Shri Modi said that he is distressed to hear about the incident and extended his heartfelt condolences to those who have lost their loved ones. He also prayed for the speedy recovery of those injured in the mishap.

The Prime Minister’s Office posted on X;

“Distressed to hear about the mishap in Coimbatore, Tamil Nadu. I extend my heartfelt condolences to those who have lost their loved ones in the mishap. Prayers for the speedy recovery of those injured: PM @narendramodi”