“ভাৰতীয় ৰে’লৱেৰ ইতিহাসৰ অন্যতম বিৰল দৃষ্টান্ত যে এগৰাকী প্ৰধানমন্ত্ৰীয়ে অতি কম সময়ৰ ভিতৰতে দুবাৰকৈ একেটা ৰে’ল ষ্টেচন ভ্ৰমণ কৰিছে”
“ভাৰতে এতিয়া নতুন চিন্তা আৰু দৃষ্টিভংগীৰে কাম কৰি আছে”
‘বন্দে ভাৰত ভাৰতৰ উৎসাহ আৰু উত্তেজনাৰ প্ৰতীক। ই আমাৰ দক্ষতা, আত্মবিশ্বাস আৰু সামৰ্থ্যক প্ৰতিনিধিত্ব কৰে”
“তেওঁলোক ভোট বেংকৰ তুষ্টিকৰণত ব্যস্ত আছিল, আমি নাগৰিকৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ (সন্তুষ্টিকৰণ)”
“‘এক ষ্টেচন এক সামগ্ৰী’ৰ অধীনত চলি থকা ৬০০ বিপণী আৰু কম সময়ৰ ভিতৰতে এক লাখ ক্ৰয় সম্পূৰ্ণ”
“ভাৰতীয় ৰে’লৱেই দেশৰ সাধাৰণ পৰিয়ালৰ বাবে সুবিধাৰ সমাৰ্থক হৈ পৰিছে”
“আজি মধ্যপ্ৰদেশে ধাৰাবাহিক উন্নয়নৰ এক নতুন কাহিনী লিখিছে”
“এসময়ত ৰাজ্যখনক ‘বিমাৰু’ বুলি কোৱা উন্নয়নৰ প্ৰায়বোৰ পৰিমাপতে মধ্যপ্ৰদেশৰ প্ৰদৰ্শন প্ৰশংসনীয়”
“ভাৰতৰ দুখীয়া, ভাৰতৰ মধ্যবিত্ত শ্ৰেণী, ভাৰতৰ আদিবাসী, ভাৰতৰ দলিত-পিছপৰা, প্ৰতিজন ভাৰতীয় মোৰ সুৰক্ষা ঢাল হৈ পৰিছে”
সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাণী কমলাপতি-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ পৰিদৰ্শন কৰাৰ লগতে ৰে’লৰ শিশু আৰু কৰ্মচাৰীসকলৰ সৈতেও মত বিনিময় কৰে

ভাৰত মাতা কী জয়

ভাৰত মাতা কী জয়

মধ্যপ্ৰদেশৰ ৰাজ্যপাল শ্ৰী মংগুভাই পেটেল, মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ জী, ৰে'লমন্ত্ৰী অশ্বিনী জী, গণ্যমান্য ব্যক্তিসকল আৰু বৃহত্ সংখ্যাত আহি ইয়াত উপস্থিত হোৱা ভূপালৰ মোৰ মৰমৰ!

পোণপ্ৰথমে মই ইন্দোৰৰ মন্দিৰত ৰাম নৱমীৰ দিনা সংঘটিত ঘটনাটোৰ বাবে শোক প্ৰকাশ কৰিছো। যিসকলে এই দুৰ্ঘটনাত আমাক অকালতে এৰি গ’ল, তেওঁলোকৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে মৃতকসকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। আঘাতপ্ৰাপ্ত হোৱা আৰু চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা তীৰ্থযাত্ৰীসকলৰ আশু আৰোগ্য কামনা কৰিছো।

বন্ধুসকল,

আজি মধ্য প্ৰদেশে প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলগাড়ী লাভ কৰিছে। ‘বন্দে ভাৰত এক্সপ্ৰেছ’-য়ে ভূপাল আৰু দিল্লীৰ মাজৰ যাত্ৰা দ্ৰুত কৰিব। এই ৰে'লখনে পেছাদাৰী, যুৱ, ব্যৱসায়ীসকলৰ বাবে নতুন সুবিধাৰ সৃষ্টি কৰিব।

বন্ধুসকল,

এই অনুষ্ঠানটো য'ত অনুষ্ঠিত হৈ আছে, আপোনালোকে মোক আধুনিক আৰু বিশাল পৰিসৰত নিৰ্মাণ কৰা ৰাণী কামলাপতি ষ্টেশ্যনটো উদ্বোধন কৰাৰ সৌভাগ্য প্ৰদান কৰিছিল। আজি, আপোনালোকে মোক ইয়াৰ পৰা দিল্লীলৈ লাচল কৰিবলগীয়া ভাৰতৰ শেহতীয়া বন্দে ভাৰত ৰে'লগাড়ীখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰিছে। ৰে'ল বিভাগৰ ইতিহাসত কদা-কাদচিতহে সম্ভৱতঃ এজন প্ৰধানমন্ত্ৰীয়ে ইমান কম সময়ৰ ভিতৰতে একেটা ষ্টেশ্যনলৈ ঘূৰি অহিব লগা দৰে ঘটনা সংঘটিত হৈছে। কিন্তু, আধুনিক ভাৰতত নতুন কৰ্ম-ব্যৱস্থা গঢ়ি উঠিছে, নতুন পৰম্পৰা গঢ়ি উঠিছে। আজিৰ অনুষ্ঠানটোও ইয়াৰ এক ভাল উদাহৰণ।

বন্ধুসকল,

মুহূৰ্তচেৰেক আগতে মাত্ৰ মই যাত্ৰী হিচাপে যোৱা আমাৰ স্কুলীয়া শিশুসকলৰ মাজত কেইটামান মুহূৰ্ত অতিবাহিত কৰিছিলো, আৰু তেওঁলোকৰ সৈতে কথা-বতৰা পাতিছিলো। এই ৰেলখনৰ বিষয়ে তেওঁলোকৰ যি কৌতূহল আৰু উৎসাহ দেখিছিলো সেয়া সঁচাকৈয়ে চাবলগীয়া আছিল। অৰ্থাৎ এক প্ৰকাৰে বন্দে ভাৰত ৰে'ল হৈছে উন্নত ভাৰতৰ উৎসাহ আৰু উদ্দীপণাৰ প্ৰতীক। আৰু যেতিয়া এই কাৰ্যসূচীটো ঠিৰাং কৰা হৈছিল, মোক কোৱা হৈছিল যে ১ তাৰিখে এটা কাৰ্যসূচী আছে। মই কলো, '১ এপ্ৰিলতনো কিয় ঠিক কৰিলে?' বাতৰি কাকতত যেতিয়া এই বিষয়ে বাতৰি ওলাব যে মোডীজীয়ে ১ এপ্ৰিলত ‘বন্দে ভাৰত ৰে'ল’ৰ ‘ফ্লেগ অফ’ কৰিব, তেতিয়া আমাৰ কংগ্ৰেছৰ বন্ধুসকলে নিশ্চিতভাৱেই বিবৃতি দিব যে মোদীজীয়ে ‘এপ্ৰিল ফুল’ কৰিব। কিন্তু আপোনালোকে দেখিছে যে ৰেলখন ১ এপ্ৰিলতে চলিবলৈ আৰম্ভ কৰিছে।

বন্ধুসকল,

এয়া আমাৰ দক্ষতা, আমাৰ শক্তি, আমাৰ আত্মবিশ্বাসৰ প্ৰতীক। আৰু ভূপাললৈ অহা এই ৰেলখনে পৰ্যটনক আটাইতকৈ বেছিকৈ সহায় কৰিব। ইয়াৰ ফলত সাঁচী স্তুপ, ভীমবেটকা, ভোজপুৰ আৰু উদয়গিৰি গুহাৰ দৰে পৰ্যটন স্থলীলৈ যাতায়াত বৃদ্ধি পাব। আৰু আপোনালোকে জানে যে যেতিয়া পৰ্যটন বাঢ়ে, নিযুক্তিৰ সুযোগো বাঢ়িবলৈ ধৰে, মানুহৰ উপাৰ্জনো বৃদ্ধি পায়। অৰ্থাৎ এই ‘বন্দে ভাৰত’-ও জনসাধাৰণৰ উপাৰ্জন বৃদ্ধিৰ মাধ্যম হৈ উঠিব, অঞ্চলটোৰ উন্নয়নৰ বাবেও এক মাধ্যম হৈ উঠিব।

বন্ধুসকল,

একবিংশ শতিকাৰ ভাৰতে এতিয়া এক নতুন চিন্তাধাৰা, নতুন দৃষ্টিভংগীৰে কাম কৰি আছে। পূৰ্বৰ চৰকাৰসমূহে তোষণত ইমান ব্যস্ত আছিল যে তেওঁলোকে দেশবাসীৰ সন্তুষ্টিৰ প্ৰতি মনোযোগেই দিয়া নাছিল। তেওঁলোক ভোট বেংকৰ তুষ্টিকৰণত ব্যস্ত আছিল। ইয়াৰ বিপৰীতে আমি দেশবাসীৰ সন্তুষ্টিৰ বাবে সমৰ্পিত। পূৰ্বৱৰ্তী চৰকাৰসমূহে আৰু এটা বিষয়ত বিশেষ গুৰুত্ব দিছিল। তেওঁলোকে দেশৰ এটা পৰিয়ালক দেশৰ প্ৰথম পৰিয়াল বুলি বিবেচনা কৰিছিল। তেওঁলোকে দেশৰ দৰিদ্ৰ পৰিয়ালসমূহক, দেশৰ মধ্যবিত্ত পৰিয়ালসমূহক তেওঁলোকৰ নিজৰ ভাগ্যৰ ওপৰত এৰি দিছিল। এই পৰিয়ালসমূহৰ আশা, প্ৰত্যাশাৰ খবৰ ল’বলৈ কোনো নাছিল।  ইয়াৰ এক জীৱন্ত উদাহৰণ হৈছে আমাৰ ভাৰতীয় ৰে’ল। ভাৰতীয় ৰে’ল প্ৰকৃততে সাধাৰণ ভাৰতীয়সকলৰ ভ্ৰমণ-সাৰথী। পিতৃ-মাতৃ, সন্তান, ককা-আইতা, সকলোৱে একেলগে যদি যাত্ৰা কৰিব লাগে তেনেহ'লে দশকৰ পিচত দশক ধৰি সৰ্সাধাৰণৰ আটাইতকৈ ডাঙৰ উপায়টোৱেই হৈছে ৰেলগাড়ী। সাধাৰণ ভাৰতীয় পৰিয়ালৰ এই ভ্ৰমণ-সাৰথীবিধৰ কি সময়ৰ লগে লগে আধুনিকীকৰণ হোৱা উচিত নহয়? ৰে’লৰ অৱস্থা তথৈবচ কৰি ৰখাটো ভাল কথা হৈছিল নে বাৰু?

বন্ধুসকল,

স্বাধীনতাৰ পিছত ভাৰতে এক বৃহৎ ‘ৰে’ল নেটৱৰ্ক’ গঢ়ি তুলিছিল। যদি চৰকাৰে বিচাৰিলেহেতেন, তেন্তে তেওঁলোকে অতি দ্ৰুতগতিত ৰে'লৰ আধুনিকীকৰণৰ পদক্ষেপ গ্ৰহণ কৰিব পাৰিলেহেঁতেন। কিন্তু ৰাজনৈতিক লাভালাভৰ বাবেই, প্ৰতিশ্ৰুতিৰে জনপ্ৰিয় হবলৈ কৰা অপচেষ্টাৰ বাবেই, ৰে'লৰ বিকাশ সাধনৰ চিন্তা ত্যাগ কৰা হৈছিল। পৰিস্থিতি এনেকুৱা আছিল যে স্বাধীনতাৰ ইমান দশকৰ পাছতো আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ ৰে’লৰে সংযোজিত হোৱা নাছিল। ২০১৪ চনত যেতিয়া আপোনালোকে মোক সেৱা আগবঢ়োৱাৰ সুযোগ দিছিল, মই সিদ্ধান্ত লৈছিলো যে এতিয়া আৰু এনে হবলৈ দিয়া নহ'ব, এতিয়া ৰে'লৱে পুনৰুজ্জীৱিত হ'ব। যোৱা ৯টা বছৰত ‘ভাৰতীয় ৰে'লৱে’ক বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ‘ৰে'ল নেটৱৰ্ক’ হিচাপে গঢ়ি তোলাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টায়াস কৰি আহিছে। ২০১৪ চনৰ আগতে ভাৰতীয় ৰে'লৰ বিষয়ে কেনে খবৰ আহিছিল সেয়া আপোনালোকে ভালদৰেই জানে। ইমান ডাঙৰ ৰেল নেটৱৰ্কত হাজাৰ হাজাৰ ৰখীয়াবিহীন গেট আছিল। সেয়ে প্ৰায়েই দুৰ্ঘটনাৰ খবৰ পোৱা গৈছিল। স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মৃত্যুৰ খবৰবোৰ হৃদয়বিদাৰক আছিল। আজি, ‘ব্ৰডগজ নেটৱৰ্ক’ ৰখীয়াবিহীন ‘লেভেল ক্ৰছিং’ৰ পৰা মুক্ত হৈছে। ইয়াৰ আগলৈকে ৰে'লৰ দুৰ্ঘটনা আৰু জীৱন আৰু সা-সম্পত্তিৰ ক্ষয়-ক্ষতিৰ ঘটনা প্ৰতিদিনেই ঘটি আহিছিল। আজি ভাৰতীয় ৰে'লৱে যথেষ্ট সুৰক্ষিত হৈ উঠিছে। যাত্ৰীসকলৰ সুৰক্ষাব্যৱস্থা শক্তিশালী কৰাৰ বাবে, ৰে'লৱেত ‘মে’ড ইন ইণ্ডিয়া’ ‘কৱচ প্ৰণালী’ৰ ব্যৱহাৰ সম্প্ৰসাৰিত কৰা হৈছে।

বন্ধুসকল,

 

এতিয়া কেৱল দুৰ্ঘটনাৰ পৰাই সুৰক্ষা প্ৰদানৰ দিহা কৰা নহয়, বৰং, যাত্ৰাৰ সময়তো যদি এজন যাত্ৰীয়ে অভিযোগ কৰে, তেন্তে তৎক্ষণাৎ ব্যৱস্থা লোৱা হয়। আনকি জৰুৰীকালীন অৱস্থাতো, অতি কম সময়ৰ ভিতৰতে সহায় প্ৰদান কৰা হয়। আমাৰ ভগ্নী আৰু কন্যাসকল এনে ব্যৱস্থাৰ দ্বাৰা আটাইতকৈ বেছিকৈ লাভান্বিত হৈছে। আগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ যথেষ্ট অভিযোগ আছিল। কিছু সময় ৰেল ষ্টেচনত থকাটোও শাস্তি যেন লাগিছিল। ভুতৰ ওপৰত দানহৰ দৰে আকৌ প্ৰায়বোৰ ৰেলেই কেইবা ঘণ্টা পলমকৈ চলিছিল। আজি পৰিৱেশো পৰিষ্কাৰ পৰিচ্ছন্ন আৰু ৰেলৰ বিলম্ব হোৱাৰ অভিযোগো নিৰন্তৰ কমিবলৈ ধৰিছে। আগতে পৰিস্থিতি এনেকুৱা আছিল যে, মানুহে অভিযোগ কৰিবলৈকে এৰি দিছিল। কোনোবাই অভযোগ কৰিলেও শুনোতা নাছিলেই। আপোনালোকৰ মনত চাগৈ মনত আছে, আগতে টিকটৰ ক'লা বেহাৰ অভিযোগ সাধাৰণ কথাৰ দৰেই আছিল। প্ৰতিদিনে, এই প্ৰসংগত কৰা ‘ষ্টিং অপাৰেশ্যন’বোৰ সংবাদ মাধ্যমত দেখুওৱা হৈছিল। কিন্তু আজি প্ৰযুক্তি ব্যৱহাৰ কৰি আমি এনে বহুতো সমস্যা সমাধান কৰিছো।

বন্ধুসকল,

আজি ভাৰতীয় ৰে'লে দেশৰ প্ৰতিটো কোণলৈ দেশৰ কাৰুশিল্পী আৰু কাৰিকৰসকলৰ সামগ্ৰীসমূহ লৈ যোৱাৰ বাবে এক উৎকৃষ্ট মাধ্যম হৈ উঠিছে। যাত্ৰীসকলে এক ষ্টেশ্যন এক সামগ্ৰী শীৰ্ষক আঁচনিৰ অধীনত বিখ্যাত কাপোৰ, শিল্পকলা, চিত্ৰ, হস্তশিল্প, বাচন আদি ক্ৰয় কৰিব পৰা হৈছে। দেশত প্ৰায় ৬০০টা বিপনী স্থাপন কৰা হৈছে। মই সুখী যে অতি কম সময়ৰ ভিতৰতে এক লাখতকৈও অধিক যাত্ৰীয়ে তেওঁলোকৰ পৰা সা-সামগ্ৰী ক্ৰয় কৰিছে।

বন্ধুসকল,

আজি ভাৰতীয় ৰে'লৱে দেশৰ সাধাৰণ পৰিয়ালসমূহৰ বাবে সুবিধাৰ সমাৰ্থক হৈ উঠিছে। আজি দেশৰ বহুতো ৰে'ল ষ্টেশ্যনৰ আধুনিকীকৰণৰ ব্যৱস্থা কৰা হৈছে। আজি দেশৰ ৬ হাজাৰ ষ্টেশ্যনত ৱাইফাই সুবিধা প্ৰদান কৰা হৈছে। দেশৰ ৯০০তকৈয়ো অধিক মুখ্য ৰেল ষ্টেশ্যনত চিচিটিভি স্থাপন কাম সম্পূৰ্ণ হৈছে। আমাৰ ‘বন্দে ভাৰত এক্সপ্ৰেছ’তো সমগ্ৰ দেশতে, আমাৰ যুৱ প্ৰজন্মৰ মাজত অতিকে জনপ্ৰিয় হৈ উঠিছে। এই ৰেলসমূহৰ আসনবোৰ গোটেই বছৰজুৰি পূৰ্ণ হৈ থকা হৈছে। দেশৰ প্ৰতিটো কোণৰ পৰা বন্দে ভাৰত চলাবলৈ দাবী উঠিছে। আগতে, সাংসদসকলৰ চিঠিবোৰ আহিছিল, চিঠিবোৰ কিহৰ পৰা আহিছিল?  সাংসদসকলে লিখিছিল যে এই ষ্টেশ্যনত ৰেলখন ৰখোৱাৰ ব্যৱস্থা কৰিব লাগে, এতিয়া আহে, ৰেলখন দুটা ষ্টেশ্যনত ৰয়, তিনিটাত ৰোৱাৰ ব্যৱস্থা কৰিব লাগে, ইয়াত ৰ'ব লাগে, তাত ৰ'ব লাগে। আজি মোৰ সন্তোষ লাগে, যেতিয়া সাংসদসকলে যিমান সম্ভৱ সোনকালে আমাৰ ইয়াত বন্দে ভাৰতৰ সেৱা আৰম্ভ কৰিব লাগে চিঠি লিখে।

বন্ধুসকল,

ৰে'ল যাত্ৰীসকলৰ সুবিধা বৃদ্ধিৰ বাবে চলোৱা এই অভিযান অতি দ্ৰুত গতিৰে অব্যাহত আছে। এই বছৰৰ বাজেটতো ৰে'লৱেক এক অভিলেখ পৰিমাণৰ পুঁজি প্ৰদান কৰা হৈছে। এটা সময় আছিল যেতিয়া ৰেলপথৰ বিকাশৰ লগে লগে লোকচানৰ কথা কোৱা হৈছিল। কিন্তু যদি বিকাশৰ ইচ্ছা থাকে, যদি উদ্দেশ্য স্পষ্ট হয় আৰু আনুগত্য দৃঢ় হয়, তেন্তে নতুন পথো মুকলি হয়। যোৱা ৯টা বছৰত, আমি ৰে'লৱেৰ বাজেট নিৰন্তৰ বৃদ্ধি কৰি আহিছো। এইবাৰ মধ্য প্ৰদেশৰ ৰেলসেৱা উন্নত কৰাৰ বাবে ১৩,০০০ কোটি টকাৰো অধিক পুঁজিৰ আৱণ্টন দিয়া হৈছে। ২০১৪ চনৰ আগতে, মধ্য প্ৰদেশৰ বাবে ৰে'ল বাজেট গড় পুঁজিৰ পৰিমাণ আছিল প্ৰতি বছৰে ৬০০ কোটি টকা। ৬০০ ক'ত আৰু আজিৰ ১৩ হাজাৰ কোটি টকা ক'ত?

বন্ধুসকল,

বৈদ্যুতিকীকৰণৰ কামো আজি ৰে'লৱেৰ আধুনিকীকৰণৰ এক উদাহৰণ। আজি আপোনালোকে শুনিছে যে দেশৰ কিছু অংশত ‘ৰে’ল নেটৱৰ্ক’ৰ ১০০ শতাংশ বৈদ্যুতিকৰণ সম্পূৰ্ণ হৈছে। তেনে ১১ খন ৰাজ্যৰ ভিতৰত মধ্য প্ৰদেশো আছে য'ত ১০০ শতাংশ বৈদ্যুতিকীকৰণ সম্পূৰ্ণ হৈছে। ২০১৪ চনৰ আগতে প্ৰতি বছৰে গড়ে ৬০০ কিলোমিটাৰ ৰে’লপথৰ বৈদ্যুতিকীকৰণ সম্ভৱ হৈছিল। এতিয়া প্ৰতি বছৰে গড়ে ৬০০০ কিলোমিটাৰ বৈদ্যুতিকীকৰণ সম্ভৱ হৈছে। এয়া হৈছে আমাৰ চৰকাৰৰ কামৰ গতি।

বন্ধুসকল,

মই সুখী যে মধ্য প্ৰদেশে আজি পুৰণি দিনবোৰ এৰি থৈ আহিছে। এতিয়া মধ্য প্ৰদেশে নিৰন্তৰ ভাৱে উন্নয়নৰ এক নতুন কাহিনী লিখি আছে। কৃষিয়েই হওঁক বা উদ্যোগেই হওঁক, আজি মধ্য প্ৰদেশৰ শক্তিয়ে ভাৰতৰ শক্তি বৃদ্ধি কৰিছে। উন্নয়নৰ বেছিভাগ মাপকাঠিত এসময়ত ৰুগীয়া বুলি কোৱা মধ্য প্ৰদেশৰ প্ৰদৰ্শন আজি প্ৰশংসনীয়। আজি মধ্য প্ৰদেশ দৰিদ্ৰসকলৰ বাবে ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত আছে। মধ্য প্ৰদেশেও প্ৰতিটো পৰিয়ালক পানী যোগান ধৰে। আমাৰ মধ্য প্ৰদেশৰ কৃষকসকলেও ঘেঁহুকে ধৰি বহুতো শস্য উৎপাদনত নতুন অভিলেখ স্থাপন কৰিছে। উদ্যোগৰ ক্ষেত্ৰত এই ৰাজ্যখনে নিৰন্তৰ নতুন অভিলেখৰ দিশে আগবাঢ়ি আছে। এই সকলো প্ৰচেষ্টাৰ সৈতে যুৱ প্ৰজন্মৰ বাবে অন্তহীন সুযোগৰ সম্ভাৱনাও ইয়াত সৃষ্টি কৰা হৈছে।

বন্ধুসকল,

দেশত উন্নয়নৰ বাবে অব্যাহত থকা এই সমূহ প্ৰচেষ্টাৰ মাজতে মই আপোনালোক সকলো দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছো। আমাৰ দেশত এনে কিছুমান লোক আছে যিসকলে ২০১৪ চনৰ পৰাই এই কথাত দৃঢ় হৈ বহি আছে আৰু ৰাজহুৱাভাৱেও তেওঁলোকৰ সংকল্প ঘোষণা কৰিছে যে– আমি মোদীৰ ভাবমূৰ্তি কলুষিত কৰিহে এৰিম। ইয়াৰ বাবে, এই লোকসকলে বিভিন্ন প্ৰকাৰৰ লোকক চুপাৰি দি থৈছে আৰু নিজেও নেতৃত্ব লৈ আছে। কিছুমান লোক এই লোকসকলক সমৰ্থন কৰিবলৈ দেশৰ ভিতৰত আছে আৰু কিছুমানে দেশৰ বাহিৰত থাকি তেওঁলোকৰ কাম কৰি আছে। এই লোকসকলে যিকোনো প্ৰকাৰে মোদীৰ ভাবমূৰ্তি কলুষিত কৰিবলৈ নিৰন্তৰ চেষ্টা কৰি আহিছে। কিন্তু আজি ভাৰতৰ দৰিদ্ৰ, ভাৰতৰ মধ্যবিত্ত শ্ৰেণী, ভাৰতৰ জনজাতীয় লোক, দলিত আৰু পিছপৰা লোকসকল, আজি প্ৰতিগৰাকী ভাৰতীয় মোদীৰ ৰক্ষা কৱচৰ ভূমিকাত অৱতীৰ্ণ হৈছে। আৰু সেইকাৰণেই এই লোকসকল হতবাক হৈ পৰিছে। এই লোকসকলে নতুন কৌশল অৱলম্বন কৰিছে। ২০১৪ চনত তেওঁলোকে মোদীৰ ইমেজ, মোদীৰ ভাবমূৰ্তি কলুষিত কৰাৰ প্ৰতিশ্ৰুতি গ্ৰহণ কৰিছিল। এতিয়া এই লোকসকলে সংকল্প লৈছে- মোডী তোৰ কবৰ খান্দিম। তেওঁলোকৰ ষড়যন্ত্ৰৰ মাজত, আপোনালোকে, প্ৰতিগৰাকী দেশবাসীয়ে দেশৰ উন্নয়ন, ৰাষ্ট্ৰ নিৰ্মাণৰ ওপৰত গুৰুত্ব দিব লাগিব। আমি উন্নত ভাৰতত মধ্য প্ৰদেশৰ ভূমিকা আৰু বৃদ্ধি কৰিব লাগিব। এই নতুন ‘বন্দে ভাৰত এক্সপ্ৰেছ’ হৈছে এই সংকল্পৰে এটা অংশ। আকৌ এবাৰ মধ্যপ্ৰদেশৰ সকলো নাগৰিক ভাই-ভনী আৰু ভূপালৰ নাগৰিক ভাই-ভনীসকলক এই আধুনিক ৰে'লখনৰ বাবে বহু অভিনন্দন জনাইছো। আমাৰ সকলোৰে যাত্ৰা মংগলময় হওঁক, এই শুভকামনাৰে আপোনালোকক বহুত ধন্যবাদ।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Silicon Sprint: Why Google, Microsoft, Intel And Cognizant Are Betting Big On India

Media Coverage

Silicon Sprint: Why Google, Microsoft, Intel And Cognizant Are Betting Big On India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Meets Italy’s Deputy Prime Minister and Minister of Foreign Affairs and International Cooperation, Mr. Antonio Tajani
December 10, 2025

Prime Minister Shri Narendra Modi today met Italy’s Deputy Prime Minister and Minister of Foreign Affairs and International Cooperation, Mr. Antonio Tajani.

During the meeting, the Prime Minister conveyed appreciation for the proactive steps being taken by both sides towards the implementation of the Italy-India Joint Strategic Action Plan 2025-2029. The discussions covered a wide range of priority sectors including trade, investment, research, innovation, defence, space, connectivity, counter-terrorism, education, and people-to-people ties.

In a post on X, Shri Modi wrote:

“Delighted to meet Italy’s Deputy Prime Minister & Minister of Foreign Affairs and International Cooperation, Antonio Tajani, today. Conveyed appreciation for the proactive steps being taken by both sides towards implementation of the Italy-India Joint Strategic Action Plan 2025-2029 across key sectors such as trade, investment, research, innovation, defence, space, connectivity, counter-terrorism, education and people-to-people ties.

India-Italy friendship continues to get stronger, greatly benefiting our people and the global community.

@GiorgiaMeloni

@Antonio_Tajani”

Lieto di aver incontrato oggi il Vice Primo Ministro e Ministro degli Affari Esteri e della Cooperazione Internazionale dell’Italia, Antonio Tajani. Ho espresso apprezzamento per le misure proattive adottate da entrambe le parti per l'attuazione del Piano d'Azione Strategico Congiunto Italia-India 2025-2029 in settori chiave come commercio, investimenti, ricerca, innovazione, difesa, spazio, connettività, antiterrorismo, istruzione e relazioni interpersonali. L'amicizia tra India e Italia continua a rafforzarsi, con grandi benefici per i nostri popoli e per la comunità globale.

@GiorgiaMeloni

@Antonio_Tajani