Iপ্রধানমন্ত্রীয়ে সদ্য নিয়োগপ্রাপ্তসকলৰ সৈতে মতবিনিময় কৰে
“এই চৰকাৰে নিয়মিত ৰোজগাৰ মেলাৰ আয়োজন কৰিছে”
“কেন্দ্রীয় চৰকাৰৰ চাকৰিত নিয়োগ সংক্রান্তীয় প্রক্রিয়া নির্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰাৰ উদ্যোগ লোৱা হৈছে”
“স্বচ্ছ নিয়োগ প্রক্রিয়া আৰু পদোন্নতিয়ে যুৱ সম্প্রদায়ৰ মাজত আস্থা অর্জন কৰিছে”
“নাগৰিকসকল সর্বদা সঠিক’ – এই ভাবনাৰে তেওঁলোকৰ বাবে কাম কৰক”
“বর্তমান সময়ৰ প্রজন্মৰ বাবে প্রযুক্তিৰ মাধ্যমত নিজে নিজে বহু কথা শিকাৰ সুন্দৰ সুযোগ সৃষ্টি হৈছে”
“আজি ভাৰতত স্বনির্ভৰ কর্মসংস্থানৰ সম্ভাৱনা বৃদ্ধিৰ কাৰণে দ্রুত উন্নয়ন হৈছে”
“দেশক আগবঢ়াই লৈ যোৱাৰ বাবে আপোনালোক দক্ষ হৈ উঠিব লাগিব, এই কাৰণে বহু কথা জানিব লাগিব”

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ভিডিঅ' কনফাৰেঞ্চৰ মাধ্যমত ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী দপ্তৰত আৰু সংস্থাত কর্মী নিয়োগৰ বাবে ৭১ হাজাৰ নিয়োগপত্র প্ৰদান কৰে। কর্মসংস্থান সৃষ্টিক প্রধানমন্ত্রীয়ে অগ্রাধিকাৰ দি আহিছে। তেওঁৰ সেই অঙ্গীকাৰ পূৰণৰ বাবে ৰোজগাৰ মেলা এটা গৰুত্বপূৰ্ণ পদক্ষেপ। অধিক কর্মসংস্থান সৃষ্টি তথা যুৱ সম্প্রদায়ৰ ক্ষমতায়ন আৰু দেশৰ উন্নয়নত তেওঁলোকৰ অংশগ্রহণ নিশ্চিত কৰিবলৈ ৰোজগাৰ মেলাই অনুঘটকৰ কাম কৰিব।

প্রধানমন্ত্রীয়ে এই অনুষ্ঠানত সদ্য নিয়োগপ্রাপ্তসকলৰ সৈতে মতবিনিময় কৰে।

পশ্চিমবঙ্গৰ শ্রীমতী সুপ্রভা বিশ্বাসে ৰোজগাৰ মেলাত পাঞ্জাব নেচনেল বেঙ্কৰ নিয়োগপত্র পাইছে। প্রধানমন্ত্রীয়ে প্রথমে তেওঁৰ সৈতে কথা পাতে। শ্রীমতী বিশ্বাসে নিয়োগ সংক্রান্তীয় প্রক্রিয়া দ্রুত সম্পন্ন কৰাৰ বাবে প্রধানমন্ত্রীক ধন্যবাদ জনায়। শ্রী মোদীয়ে তেওঁক পঢ়াশুনা চলাই যোৱাৰ পৰামৰ্শ দিছে। iGOT মডিউলৰ উপযোগিতা সম্পর্কে বিস্তাৰিত জনাই শ্রীমতী বিশ্বাসে প্রধানমন্ত্রীক নানা তথ্য অৱগত কৰে। তেওঁৰ চাকৰিত ডিজিটেল পদ্ধতিত লেনদেনৰ বিষয় সন্দৰ্ভত প্রধানমন্ত্রীয়ে প্রশ্ন কৰে। তেওঁ আশা প্রকাশ কৰিছে যে প্রতিটো ক্ষেত্রত মহিলাসকলে আৰু উৎসাহেৰে কামত যোগ দিব।

জম্মু-কাশ্মীৰৰ শ্রীনগৰৰ শ্রী ফৈজল শওকত শাহে শ্রীনগৰ এনআইটি-ত জুনিয়ৰ এছিষ্টেণ্ট হিচাপে নিয়োগ পাইছে। প্রধানমন্ত্রীৰ সৈতে মতবিনিময়ৰ সময়ত তেওঁ জনায় যে তেওঁৰ পৰিয়ালৰ তেঁৱেই প্রথম সদস্য যি চৰকাৰী চাকৰি পালে। চাকৰি প্রাপ্তিত ফৈজলৰ ঘনিষ্ঠ মহলত কি প্রতিক্রিয়া সেই বিষয়ে প্রধানমন্ত্রীয়ে জানিব বিচৰাত ফৈজলে জনায় যে তেওঁৰ বন্ধুসকলো চৰকাৰী চাকৰিত যোগদানৰ বিষয়ত অনুপ্রাণিত হৈছে। ফৈজলেও iGOT মডিউলৰ সুবিধাৰ প্রসঙ্গটো প্রধানমন্ত্রীক জনাইছে। শ্রী মোদীয়ে আশা প্রকাশ কৰিছে যে ফৈজলৰ দৰে যুৱক-যুৱতীসকলে জম্মু-কাশ্মীৰক নতুন এক উচ্চতালৈ লৈ যাব। তেওঁ ফৈজলকো লেখাপঢ়া চলাই যোৱাৰ পৰামর্শ দিয়ে।

মণিপুৰৰ শ্রীমতী বানেই চোঙে গুৱাহাটীৰ এইমছ-ত নাৰ্ছিং অফিচাৰ হিচাপে নিয়োগপত্র পাইছে। ইয়াৰ ফলত উত্তৰ-পূর্বাঞ্চলত স্বাস্থ্যক্ষেত্রত কাম কৰাৰ যি সপোন তেওঁ দেখিছিল সেয়া পূৰণ হ'ল। আন বহুতৰ দৰে শ্রীমতী চোঙো তেওঁৰ পৰিয়ালৰ প্রথম সদস্য যি চৰকাৰী চাকৰি পালে। নিয়োগ প্রক্রিয়াৰ সময়ত তেওঁ কোনো বাধা-বিপত্তিৰ সন্মুখীন হ'বলগা হৈছিল নেকি সেই বিষয়ে প্রধানমন্ত্রীয়ে জানিব বিচাৰে। শ্রীমতী চোঙে জনায় যে কর্মক্ষেত্রত যৌন দুৰ্ব্যৱহাৰ প্ৰতিৰোধ কৰাৰ বাবে কি কি কৰা উচিত, সেই বিষয়ে নানা তথ্য তেওঁ সংগ্রহ কৰিছে। উত্তৰ-পূর্বাঞ্চলত নিয়োগপত্র পোৱাৰ বাবে প্রধানমন্ত্রীয়ে তেওঁক অভিনন্দন জনায় আৰু কয় যে সংশ্লিষ্ট অঞ্চলৰ উন্নয়নৰ বাবে তেওঁৰ চৰকাৰ অঙ্গীকাৰবদ্ধ।

বিহাৰৰ ভিন্নভাৱে সক্ষম শ্রী ৰাজু কুমাৰে পূর্ব ৰে'লত জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে নিয়োগপত্র পাইছে। ভিন্নভাৱে সক্ষম হিচাপে তেওঁৰ জীৱনৰ নানা অভিজ্ঞতাৰ কথা ৰাজুৱে জনায়। এই প্রসঙ্গত তেওঁ তেওঁৰ সহকর্মী তথা পৰিয়ালৰ সদস্যসকলৰ পৰা কেনেদৰে সাহায্য পাইছে সেই বিষয়েও জনাইছে। ৰাজুৱে ‘কর্মযোগী প্রাৰম্ভ পাঠ্যক্রম’-ৰ আঠটা কোৰ্ছ কৰিছে। তেওঁ জনায় যে ইয়াৰ ফলত কামৰ চাপ থকা সত্ত্বেও কেনেদৰে দায়িত্ব পালন কৰা যায় সেই সম্পর্কে তেওঁ ধাৰণা পাইছে। ভৱিষ্যতে তেওঁ ইউপিএছচিৰ চিভিল ছার্ভিচৰ পৰীক্ষা দিয়াৰ বাবে প্রস্তুতি চলাব। প্রধানমন্ত্রীয়ে তেওঁক শুভেচ্ছা জনাইছে।

কোল ইণ্ডিয়া লিমিটেডত মেনেজমেণ্ট ট্রেইনি হিচাপে তেলেঙ্গানাৰ শ্রী কান্নামালা ভামসি কৃষ্ণই এই মেলাত তেওঁৰ নিয়োগপত্র পাইছে। প্রধানমন্ত্রীয়ে কয় যে কান্নামালাৰ পিতৃ-মাতৃৰ কঠোৰ পৰিশ্রমৰ কথা তেওঁ শুনিছে। শ্রী মোদীয়ে তেওঁক শুভেচ্ছা জনাইছে। শ্রী কৃষ্ণই এই মডিউলটো খুব উপযোগী বুলি উল্লেখ কৰি মোবাইল ফোনতো সহজেই ইয়াক ডাউনলোড কৰিব পাৰি বুলি জনাইছে। প্রধানমন্ত্রীয়ে তেওঁক শুভেচ্ছা জনাই আশা কৰিছে যে চাকৰি জীৱনতো তেওঁ শিক্ষা গ্রহণ বজাই ৰাখিব।

অনুষ্ঠানত প্রধানমন্ত্রীয়ে কয় যে ২০২৩ চনৰ এইখনেই প্রথম ৰোজগাৰ মেলা। এই মেলাৰ মাধ্যমত ৭১ হাজাৰ পৰিয়ালে চৰকাৰী চাকৰিৰ স্বাদ পাইছে। এই কাৰণেই তেওঁ তেওঁলোকক অভিনন্দন জনায়। সদ্য নিয়োগপ্রাপ্তসকলক অভিনন্দন জনাই শ্রী মোদীয়ে কয় যে এই নিয়োগে কেৱল তেওঁলোকৰ জীৱনতেই নতুন আশাৰ সঞ্চাৰ কৰিছে তেনে নহয়, দেশৰ কোটি কোটি পৰিয়ালৰ মাজতো আশাৰ সঞ্চাৰ কৰিছে। “বর্তমান চৰকাৰে নিয়মিত ৰোজগাৰ মেলাৰ আয়োজন কৰিছে। সেয়ে, অনাগত দিনত লক্ষ লক্ষ নতুন নতুন পৰিয়ালৰ সদস্যসকলেও চৰকাৰী চাকৰি পাব বুলি তেওঁ জনায়। ইতিমধ্যেই বিভিন্ন এনডিএ শাসিত ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলত নিয়মিত ৰোজগাৰ মেলাৰ আয়োজন কৰাৰ উদ্যোগ লোৱা হৈছে।” তেওঁ জনায় যে কালি অসম চৰকাৰে এখন ৰোজগাৰ মেলাৰ আয়োজন কৰে। মধ্যপ্রদেশ, উত্তৰপ্রদেশ, মহাৰাষ্ট্র আৰু উত্তৰাখণ্ডই খুব শীঘ্রেই এই মেলাৰ আয়োজন কৰিব। শ্রী মোদীয়ে কয়, “চৰকাৰৰ গৃহীত বিভিন্ন সিদ্ধান্ত যে বাস্তৱায়িত হয় সেই কথা ৰোজগাৰ মেলা আয়োজনৰ মাজেৰে প্রতিফলিত।”

প্রধানমন্ত্রীয়ে কয় যে সদ্য নিয়োগপ্রাপ্তসকলৰ চকুৱেমুখে আনন্দৰ ছাপ তেওঁ দেখা পাইছে। আজি যিসকলে নিয়োগপত্র পালে তেওঁলোকৰ অধিকাংশই খুব সাধাৰণ পৰিয়ালৰ পৰা অহা, আনকি এওঁলোকৰ পৰিয়ালত যোৱা পাঁচটা প্রজন্মৰ কোনেও ইয়াৰ আগতে চৰকাৰী চাকৰি কৰা নাই। যিহেতু স্বচ্ছ প্রক্রিয়াত নিয়োগ সম্পন্ন হৈছে সেয়ে, চাকৰিপ্রার্থীসকল আনন্দিত বুলিও তেওঁ মন্তব্য কৰে। “আপোনালোকে নিশ্চয় মন কৰিছে যে এতিয়া নিয়োগ প্রক্রিয়াত যথেষ্ট পৰিৱৰ্তন আহিছে কেন্দ্রীয় চৰকাৰী চাকৰিত নিয়োগ সংক্রান্তীয় প্রক্রিয়া নির্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰাৰ উদ্যোগ লোৱা হৈছে।”

শ্রী মোদীয়ে কয় যে আজি চৰকাৰৰ প্রতিটো কামত স্বচ্ছতা আৰু দ্রুততা দেখা যায়। এটা সময় আছিল যেতিয়া স্বাভাৱিক পদোন্নতিৰ প্রক্রিয়াও বিতর্কৰ নানা কাৰণত যথাযথ সময়ত নহৈছিল। বর্তমান চৰকাৰে এই সমস্যাবোৰৰ সমাধান কৰি স্বচ্ছভাৱে যাতে এই কামবোৰ হয় সেয়া নিশ্চিত কৰিছে। “স্বচ্ছ নিয়োগ প্রক্রিয়া আৰু পদোন্নতিয়ে যুৱ সম্প্ৰদায়ৰ মাজত আস্থা অর্জন কৰিছে।”

আজি যিসকলে নিয়োগপত্র হাতত পালে তেওঁলোকৰ জীৱনৰ নতুন এক অধ্যায় সূচিত হৈছে বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে দেশৰ উন্নয়নত অনাগত দিনত তেওঁলোক চৰকাৰী ব্যৱস্থাপনাৰ অংশীদাৰ হৈ উঠিছে। সদ্য নিয়োগপ্রাপ্তসকলৰ বহুতেই অনাগত দিনত জনসাধাৰণৰ সৈতে চৰকাৰী মতবিনিময় কৰিব। তেওঁলোকে তেতিয়া চৰকাৰৰ প্রতিনিধি হিচাপে কাম কৰিব আৰু নিজৰ বুলি বিভিন্ন প্রকল্প বাস্তৱায়িত কৰিব। এই প্রসঙ্গত তেওঁ শিল্প-বাণিজ্য মহলত এটা প্রচলিত প্রবাদ তুলি ধৰি সদ্য নিয়োগপ্রাপ্তসকলক “ ‘নাগৰিকসকল সর্বদা সঠিক’ – এই ভাবনাৰে তেওঁলোকৰ বাবে কাম কৰক” – বুলি পৰামৰ্শ দিয়ে। ইয়াৰ ফলত নিয়োগপ্রাপ্তসকলৰ মাজত পৰিসেৱা প্রদানৰ মানসিকতা আৰু শক্তিশালী হ'ব। প্রধানমন্ত্রীয়ে কয় যে চৰকাৰী কোনো সংস্থাত যেতিয়াই কোনোবাই নিয়োগপত্র পায় তেতিয়া তাক চাকৰি হিচাপে বিবেচনা কৰা নহয়, বৰং চৰকাৰী কাম পাইছে বুলি ভবা হয়। সেয়ে, এইসকল নিয়োগপ্রাপ্তক তেওঁ ১৪০ কোটি ভাৰতবাসীক সেৱা কৰাৰ আনন্দ উপভোগ কৰাৰ পৰামর্শ দিয়ে, যাৰ ইতিবাচক প্রভাৱ মানুহৰ মাজত পৰিব।

iGOT কর্মযোগী প্লেটফর্মত অনলাইনৰ মাধ্যমত বহু চৰকাৰী কর্মচাৰীয়ে নানা কোৰ্ছ কৰিছে বুলি উল্লেখ কৰি শ্রী মোদীয়ে কয় যে চৰকাৰী স্তৰত প্ৰশিক্ষণৰ সমান্তৰালকৈ এই প্লেটফর্মেও তেওঁলোকক সমৃদ্ধ হোৱাত সহায় কৰে। প্রধানমন্ত্রীয়ে এই প্রসঙ্গত তেওঁৰ নিজৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে তেওঁৰ ভিতৰত যি ছাত্রসত্ত্বা আছে তেওঁ তাক কেতিয়াও নষ্ট হ'বলৈ নিদিয়ে। “নিজৰ পৰা বহুত কিবা শিকাৰ মাধ্যমত এজন শিক্ষার্থীয়ে তেওঁৰ দক্ষতা বঢ়াব পাৰে, ইয়াৰ ফলত তেওঁৰ প্রতিষ্ঠানৰ আৰু দেশৰ দক্ষতাও বৃদ্ধি পাব।”

শ্রী মোদীয়ে কয় যে বর্তমান দ্রুত পৰিৱৰ্তনশীল ভাৰতত কর্মসংস্থান আৰু স্বনির্ভৰ হৈ উঠাৰ বহু সুযোগ সৃষ্টি হৈছে। “আজি ভাৰতত স্বনির্ভৰ কৰ্মসংস্থানৰ সম্ভাৱনা বৃদ্ধিৰ কাৰণে দ্রুত উন্নয়ন হৈছে।”

প্রধানমন্ত্রীয়ে জনায় যে যোৱা আঠ বছৰত লক্ষ লক্ষ কর্মসংস্থানৰ সুযোগ সৃষ্টি হৈছে। দেশৰ পৰিকাঠামোগত ক্ষেত্রত উন্নয়নৰ কাৰণেই যি সম্ভৱ হৈছে। এই প্রসঙ্গত তেওঁ পৰিকাঠামো ক্ষেত্রত কোটি কোটি বিনিয়োগৰ প্রসঙ্গটো তুলি ধৰে আৰু কয় যে নৱ-নির্মিত এটা ৰাস্তাই কর্মসংস্থানৰ বহু সুযোগ লৈ আহে। নতুন ৰাস্তা বা ৰে'লপথৰ কাষত নতুন নতুন বজাৰ গঢ়ি উঠে। এই ৰাস্তাৰে খাদ্যশস্য সহজেই এঠাইৰ পৰা অন্য ঠাইলৈ যায়। ইয়াৰ সমান্তৰালকৈ, পর্যটনৰো সুযোগ সৃষ্টি হয়।

প্রত্যেক গাঁৱত ব্রডবেণ্ড পৰিসেৱা পৌঁছাই দিয়াৰ বাবে ‘ভাৰত-নেট’ প্রকল্প আজি বাস্তৱায়িত হৈছে। প্রধানমন্ত্রীয়ে কয় যে ইয়াৰ ফলত য'ত য'ত ইণ্টাৰনেটৰ সংযোগ পৌঁছি গৈছে, তাত নতুন কর্মসংস্থানৰ সৃষ্টি হৈছে। যিসকল প্রযুক্তি ব্যৱহাৰত সিমান পাকৈত নহয়, সেইসকলেও ইয়াৰ উপকাৰিতা বুজিব পাৰিছে। গ্রামাঞ্চলত অনলাইন পৰিসেৱাৰ মাধ্যমত শিল্পোদ্যোগৰ নতুন এক সুযোগ সৃষ্টি হৈছে। শ্রী মোদীয়ে কয় যে দ্বিতীয় আৰু তৃতীয় শ্রেণীৰ চহৰসমূহত নতুন শিল্পোদ্যোগৰ প্রসাৰ ঘটিছে। ইয়াৰ ফলত বিশ্বত যুৱ সম্প্রদায় নতুন পৰিচিতি লৈ আগুৱাই আহিছে।

সদ্য নিয়োগপ্রাপ্তসকলক আকৌ এবাৰ অভিনন্দন জনাই প্রধানমন্ত্রীয়ে কয় যে তেওঁলোকে দেশৰ মানুহক সেৱা কৰাৰ এটা সুযোগ পাইছে। তেওঁ তেওঁলোকক শিকাৰ অভ্যাস বজাই ৰখাৰ পৰামর্শ দিয়ে। “দেশক আগবঢ়াই লৈ যোৱাৰ বাবে আপোনালোক দক্ষ হৈ উঠিব লাগিব, এই কাৰণে বহু কথা জানিব লাগিব।”

 

প্রেক্ষাপট

প্রধানমন্ত্রীয়ে কর্মসংস্থান সৃষ্টিক অগ্রাধিকাৰ দি আহিছে। তেওঁৰ সেই অঙ্গীকাৰ পূৰণৰ বাবে ৰোজগাৰ মেলা এটা গুৰুত্বপূৰ্ণ পদক্ষেপ। অধিক কর্মসংস্থান সৃষ্টি আৰু যুৱ সম্প্রদায়ৰ ক্ষমতায়ন তথা দেশৰ উন্নয়নত তেওঁলোকৰ অংশগ্রহণক নিশ্চিত কৰিবলৈ ৰোজগাৰ মেলাই অনুঘটকৰ কাম কৰিব।

দেশৰ বিভিন্ন প্রান্তৰ পৰা জুনিয়ৰ ইঞ্জিনিয়াৰ, ট্রেইন চালক, প্রযুক্তিবিদ, পৰিদর্শক, ছাব-ইন্সপেক্টৰ, কনষ্টেবল, ষ্টেনোগ্রাফাৰ, জুনিয়ৰ একাউণ্টেণ্ট, গ্রামীণ ডাক সেৱক, আয়কৰ পৰিদর্শক, শিক্ষক, নাৰ্ছ, চিকিৎসক, ছচিয়েল ছিকিউৰিটি অফিচাৰসহ কেন্দ্রীয় চৰকাৰৰ বিভিন্ন পদত চাকৰিপ্রার্থীসকলক বাছনি কৰা হৈছে।

বিষয়াসকলৰ বাবে ‘কর্মযোগী প্রাৰম্ভ মডিউল’ বুলি যি ব্যৱস্থাপনা গঢ়ি তোলা হৈছে, আজিৰ কর্মসূচীত সেয়া উপস্থাপিত কৰা হয়। বিভিন্ন চৰকাৰী দপ্তৰত সদ্য নিযুক্তসকলে এই মডিউলৰ মাধ্যমত অনলাইনত ওৰিয়েণ্টেশ্যন কোৰ্ছ কৰিব পাৰিব।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List

Media Coverage

Proud Moment For Every Indian: PM Modi On Sarnath Being Inscribed On UNESCO World Heritage List
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses gratitude to brave soldiers on Kargil Vijay Diwas
July 26, 2026

Prime Minister Shri Narendra Modi today stated that on Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India.

The Prime Minister noted that their valour in the face of the most formidable conditions will forever remain a source of national pride. He observed that their unwavering patriotism and devotion to duty will continue to inspire generations.

In a post on X, the Prime Minister shared:

"On Kargil Vijay Diwas, our nation expresses gratitude to the brave soldiers for their extraordinary courage and commitment towards securing India. Their valour in the face of the most formidable conditions will forever remain a source of national pride. Their unwavering patriotism and devotion to duty will continue to inspire generations."