চীনৰ হাংঝৌত চলি থকা এছিয়ান পেৰা গেমছত ভাৰতীয় খেলুৱৈসকলে ইতিহাস সৃষ্টি কৰি শততম পদক লাভ কৰাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আনন্দ প্ৰকাশ কৰে।

তেওঁ এই ঐতিহাসিক কৃতিত্বৰ বাবে খেলুৱৈ, প্ৰশিক্ষক আৰু তেওঁলোকৰ সমগ্ৰ ‘ছাপ’ৰ্ট ছিষ্টেম’টোক প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰি লিখিছে: “এছিয়ান পেৰা গেমছত ১০০ পদক! এক অতুলনীয় আনন্দৰ মুহূৰ্ত। এই সফলতা আমাৰ খেলুৱৈসকলৰ নিৰ্মল প্ৰতিভা, কঠোৰ পৰিশ্ৰম, আৰু দৃঢ়তাৰ ফল।”

এই উল্লেখযোগ্য মাইলৰ খুঁটিয়ে আমাক সকলোকে অপৰিসীম গৌৰৱান্বিত কৰিছে। আমাৰ খেলুৱৈসকলৰ অবিশ্বাস্য প্ৰদৰ্শন, প্ৰশিক্ষক আৰু তেওঁলোকৰ সৈতে কাম কৰা সমগ্ৰ ‘চা”ৰ্ট ছিষ্টেম’টোৰ প্ৰতি মই মোৰ গভীৰ কৃতজ্ঞতা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছো।

এই জয়বোৰে আমাক সকলোকে অনুপ্ৰাণিত কৰে। আমাৰ যুৱক-যুৱতীসকলৰ বাবে একোৱেই অসম্ভৱ নহয় বুলি তেওঁলোকে সোঁৱৰাই দিয়ে।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending

Media Coverage

Centre releases Rs 1.09 lakh crore tax devolution; Uttar Pradesh gets biggest share to accelerate development spending
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026