পাইপলাইনে কেৰালা আৰু কৰ্ণাটকৰ জনসাধাৰণৰ অৰ্থে ইজ অৱ লিভিঙৰ অগ্ৰগতি সাধন কৰিবঃ প্ৰধানমন্ত্ৰী
সুনীল অৰ্থনীতিয়ে আত্মনিৰ্ভৰ ভাৰতৰ এটা গুৰুত্বপূৰ্ণ উৎস হ’বলৈ আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইন ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিলে। ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ সৃষ্টিৰ অৰ্থে এই কাৰ্যসূচী এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটি হৈ ৰ’ব। কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰীকে ধৰি কৰ্ণাটক আৰু কেৰালাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।

এই কাৰ্যসূচীত ভাষণ প্ৰদান কৰি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কেৰালা আৰু কৰ্ণাটক প্ৰাকৃতিক গেছৰ পাইপলাইনেৰে সংযোজিত হোৱাৰ বাবে আজিৰ দিনটোক ৰাজ্য দুখনৰ বাবে এটা গুৰুত্বপূৰ্ণ মাইলৰ খুটা হিচাপে অভিহিত কৰে। ৰাজ্য দুখনৰ অৰ্থনৈতিক বিকাশত এই পাইপলাইনে ইতিবাচক প্ৰভাৱ বিস্তাৰ কৰিব বুলি তেখেতে কয়। তেখেতে কয়, গেছ নিৰ্ভৰ অৰ্থনীতিৰ ক্ষীপ্ৰ সম্প্ৰসাৰণ হৈছে আত্ম নিৰ্ভৰ ভাৰতৰ নিশ্চিতিৰ মূল আৰু ইয়াক ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ৰ অৰ্থে চৰকাৰৰ ইচ্ছাৰ আঁৰৰ কাৰক বুলি কয়।

এই পাইপলাইনৰ উপযোগিতাসমূহ ব্যক্ত কৰি, তেখেতে কয় যে এই পাইপলাইনে উভয় ৰাজ্যৰ ইজ অৱ লিভিঙৰ অগ্ৰগতি সাধন কৰিব আৰু দুয়োখন ৰাজ্যৰ দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী আৰু উদ্যোগীসকলৰ ব্যয় লাঘৱ কৰিব। তেখেতে কয়, এই পাইপলাইন বহু চহৰৰ গেছ বিতৰণ ব্যৱস্থাৰ মাধ্যম হৈ পৰিব আৰু এই চহৰসমূহৰ চিএনজি নিৰ্ভৰ পৰিবহণ ব্যৱস্থাৰ আধাৰ সৃষ্টি কৰিব। তেখেতে কয়, এই পাইপলাইনে মাঙ্গলুৰু শোধনাগাৰলৈ স্বচ্ছ শক্তি আগবঢ়াব আৰু উভয় ৰাজ্যতে প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰাত এটা মূল ভূমিকা পালন কৰিব। তেখেতে লগতে কয়, প্ৰদূষণৰ মাত্ৰা হ্ৰাসে নিযুত-নিযুত গছৰ পুলি শ্ৰী বৃদ্ধিৰে পৰিবেশৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ বিস্তাৰ কৰিব যিয়ে জনসাধাৰণৰ স্বাস্থ্যৰ অগ্ৰগতি সাধন আৰু তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় ব্যয় হ্ৰাসত সহায় কৰিব। তেখেতে কয় যে কম প্ৰদূষণ আৰু নিৰ্মল বায়ুয়ে মহানগৰখনলৈ অধিক পৰ্যটকক আকৰ্ষিত কৰিব। তেখেতে লগতে কয় যে এই পাইপলাইনৰ নিৰ্মাণে ১.২ নিযুত কৰ্ম দিনৰ নিয়োগ সৃষ্টি কৰিব আৰু নিয়োগ আৰু আত্ম-সংস্থাপনৰ এটা নতুন বাতাবৰণৰ সৃষ্টি কৰিব আৰু ইয়াৰ সৰবৰাহৰ পাছত সাৰ, পেট্ৰ’কেমিকেল আৰু শক্তি খণ্ডক সহায় আগবঢ়াব। তদুপৰি ই ভাৰতক দেশখনৰ বাবে কেইবা হাজাৰ কোটি বৈদেশিক বিনিময় সঞ্চয়ত সহায় আগবঢ়াব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সমগ্ৰ বিশ্বৰ বিশেষজ্ঞসকলে কৈছে যে ২১শ শতিকাটোত, যিসমূহ ৰাষ্ট্ৰই যোগাযোগ আৰু স্বচ্ছ শক্তিত অধিক গুৰুত্ব প্ৰদান কৰিছে, সেইসমূহ ৰাষ্ট্ৰই নতুন শিখৰত আৰোহণ কৰিব। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে দেশখনে এতিয়া প্ৰত্যক্ষ কৰি থকা যোগাযোগত কামৰ তীব্ৰতা পূৰ্বৰ দশকসমূহত কেতিয়াও দেখা নগৈছিল। তেখেতে তদুপৰি কয়, ২০১৪ ৰ পূৰ্বে ২৭ বছৰত, মাত্ৰ ১৫ হাজাৰ কিঃমিঃৰ প্ৰাকৃতিক গেছৰ পাইপলাইন নিৰ্মাণ কৰা হৈছিল। কিন্তু, এতিয়া ৰাষ্ট্ৰজুৰি ১৬ হাজাৰ কিঃমিঃৰৰো অধিক গেছ পাইপলাইনৰ কাম অব্যাহত আছে যাৰ অহা ৫-৬ বছৰত সম্পূৰ্ণ হ’ব। তেখেতে তদুপৰি পূৰ্বে কেতিয়াও প্ৰত্যক্ষ নকৰা এই চৰকাৰৰদ্বাৰা আগবঢ়োৱা বৰ্ধিত চিএনজি ইন্ধন ষ্টেচন, পিএনজি সংযোগ আৰু এলপিজি সংযোগৰ উদাহৰণ দাঙি ধৰে। তেখেতে কয়, এই বৰ্ধিত সংযোগে কেৰাচিনৰ নাটনি হ্ৰাস কৰিছে আৰু বহু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলে নিজকে কেৰাচিন মুক্ত বুলি ঘোষণা কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ২০১৪ ৰপৰা, চৰকাৰখনে অন্বেষণ আৰু উৎপাদন, প্ৰাকৃতিক গেছ, বিপণন আৰু বিতৰণকে ধৰি সমগ্ৰ তেল আৰু গেছ খণ্ডত ভিন্ন সংস্কাৰ সাধন কৰিছে। তেখেতে ঘোষণা কৰি কয় যে এই গেছৰ বহু পৰিবেশগত লাভা-লাভ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰখনে ‘ওৱান নেশ্যন ওৱান গেছ গ্ৰীড’ লক্ষ্যত উপনীত আৰু ইয়াক গেছ-ভিত্তিক অৰ্থনীতিলৈ পৰ্যবসিত কৰাৰ পৰিকল্পনা কৰিছে। তেখেতে কয়, ভাৰতৰ শক্তি ভাণ্ডাৰত প্ৰাকৃতিক গেছৰ শ্বেয়াৰ ৬ শতাংশৰপৰা ১৫ শতাংশলৈ বৃদ্ধি কৰিবলৈ চৰকাৰখনে নীতি ব্যৱস্থা গ্ৰহণ কৰি আছে। “গেইলৰ কোচি-মাঙ্গলুৰু প্ৰাকৃতিক গেছৰ পাইপলাইনৰ উৎসৰ্গা হৈছে ওৱান নেশ্যন ওৱান গেছ গ্ৰীড অভিমুখে আমাৰ যাত্ৰাৰ এটা অংশ। এটা উত্তম ভৱিষ্যতৰ অৰ্থে স্বচ্ছ শক্তি গুৰুত্বপূৰ্ণ। এই পাইপলাইনে স্বচ্ছ শক্তি লাভৰ অগ্ৰগতিত সহায় কৰিব” প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনৰ ভৱিষ্যতৰ শক্তিৰ প্ৰয়োজনীয়তাৰ অৰ্থে প্ৰস্তুতিৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। এই লক্ষ্যত উপনীত হ’বলৈ, এফালেদি প্ৰাকৃতিক গেছৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে, আনফালেদি শক্তিৰ উৎসসমূহৰ বৈচিত্ৰ্যতা সাধন কৰা হৈছে। তেখেতে এই কথাটোৰ উদাহৰণৰ জৰিয়তে ব্যাখ্যা আগবঢ়াই কয় যে গুজৰাটত বিশ্বৰ সৰ্ববৃহৎ নৱীকৰণযোগ্য শক্তি প্ৰকল্প স্থাপন কৰিবলৈ আগবঢ়া হৈছে আৰু জৈৱইন্ধনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেখেতে উপস্থিতসকলক জনাই যে চাউল আৰু কুঁহিয়াৰৰপৰা ইথানল লাভৰ অৰ্থে আন্তৰিকতাৰে কাম অব্যাহত আছে। ১০ বছৰত ২০ শতাংশ পৰ্যন্ত পেট্ৰ’লত ইথানল মিশ্ৰণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিজন নাগৰিককে সাশ্ৰয়ী, প্ৰদূষণ-মুক্ত ইন্ধন আৰু বিদ্যুৎ আগবঢ়াবলৈ চৰকাৰখন অংগীকাৰবদ্ধ।

 

এই দুই উপকূলৱৰ্তী ৰাজ্যক প্ৰধানমন্ত্ৰীগৰাকীয়ে কোৱা মতে, তেখেতে ক্ষীপ্ৰ আৰু সন্তুলিত উপকূলৱৰ্তী অঞ্চলৰ উন্নয়নৰ তেখেতৰ দৃষ্টিৰ আধাৰশিলা স্থাপন কৰিলে। তেখেতে কয় যে কৰ্ণাটক, কেৰালা আৰু আন দক্ষিণ ভাৰতীয় ৰাজ্যসমূহৰ দৰে উপকূলৱৰ্তী ৰাজ্যসমূহত সুনীল অৰ্থনীতিৰ উন্নয়নৰ অৰ্থে বিস্তৃত পৰিকল্পনা ৰূপায়ণৰ অৱস্থাত আছে। তেখেতে কয়, এই সুনীল অৰ্থনীতিয়ে আত্মনিৰ্ভৰ ভাৰতৰ এটা গুৰুত্বপূৰ্ণ উৎস হ’বলৈ আগবাঢ়িছে। মাল্টি-মডেল যোগাযোগত গুৰুত্ব আৰোপেৰে বন্দৰ আৰু উপকূলৱৰ্তী পথসমূহ সংযোজিত হৈছে। আমি আমাৰ উপকূলৱৰ্তী অঞ্চলসমূহক ইজ অৱ লিভিং আৰু ইজ অৱ ডুয়িং বিজনেছৰ এটা আদৰ্শ ভূমিকালৈ ৰূপান্তৰিতকৰণৰ লক্ষ্যেৰে কাম কৰি আছো, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

উপকূলৱৰ্তী অঞ্চলসমূহৰ মৎস্যজীৱী সমাজৰ ভূমিকাৰ কথা অনুধাৱন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোক কেৱল মহাসাগৰৰ প্ৰাচুৰ্য্যৰ ওপৰতে নিৰ্ভৰশীল নহয় বৰঞ্চ তেওঁলোক ইয়াৰ প্ৰতিপালকো। ইয়াৰ বাবে, উপকূলৱৰ্তী বাতাবৰণ সুৰক্ষিত আৰু সমৃদ্ধ কৰি তুলিবলৈ চৰকাৰখনে বহু পদক্ষেপ গ্ৰহণ কৰিছে। গভীৰ সমুদ্ৰত মৎস্য চিকাৰেৰে মৎস্যজীৱীসকলক সহায়ৰ পদক্ষেপ, পৃথক মীন বিভাগ, একুৱাকালচাৰেৰে জড়িত লোকসকললৈ সাশ্ৰয়ী লোন আৰু কিষাণ ক্ৰেডিট কাৰ্ড আগবঢ়োৱা কাৰ্যই উদ্যোগী আৰু সাধাৰণ মৎস্যজীৱী উভয়কে সহায় কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি শেহতীয়াকৈ শুভাৰম্ভ কৰা ২০ হাজাৰ কোটি টকীয়া মৎস্য সম্পদা যোজনাৰ কথা সদৰী কৰি কয় যে এই আঁচনিয়ে কেৰালা আৰু কৰ্ণাটকৰ কেইবা লাখ মৎস্যজীৱীক পোনপটীয়াভাৱে লাভান্বিত কৰিব। মীন সম্পৰ্কীয় ৰপ্তানিত ভাৰতে ক্ষীপ্ৰতাৰে অগ্ৰগতি লাভ কৰি আছে। ভাৰতক মানসম্পন্ন সংসাধিত সাগৰীয়-খাদ্য কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিবলৈ সকলো পদক্ষেপ গ্ৰহণ কৰা হৈছে। সামুদ্ৰিক উদ্ভিদৰ বৰ্ধিত চাহিদা পৰিপূৰণত ভাৰতে এটা গুৰু ভূমিকা পালন কৰিব পাৰে, ইয়াৰ অৰ্থে কৃষকসকলক সামুদ্ৰিক উদ্ভিদৰ কৃষিৰ অৰ্থে উৎসাহিত কৰা হৈছে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen

Media Coverage

UPI goes live at Eiffel Tower and French airports as India-France digital ties strengthen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting the importance of prudence and thoughtful decision-making
June 16, 2026

The Prime Minister, Shri Narendra Modi said that the doors to happiness and prosperity open through actions guided by patience, wisdom and foresight. He noted that every decision requires careful understanding, as success is built on steps taken with due thought and consideration.

The Prime Minister shared a Sanskrit Subhashitam-

“सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥”

The Subhashitam conveys that one should never undertake any task without thinking, for doing so without thinking can lead to great calamities. Conversely, success and prosperity automatically seek out and choose the person who thinks carefully.

The Prime Minister wrote on X;

“धैर्य, विवेक और दूरदर्शिता से किए गए कार्यों से ही सुख-समृद्धि के द्वार खुलते हैं। इसलिए हर निर्णय में पूरी समझदारी जरूरी है, क्योंकि सोच-समझकर उठाया गया कदम ही सफलता का आधार बनता है।

सहसा विदधीत न क्रियामविवेकः परमापदां पदम्।

वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः॥”