প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত প্ৰথম নীতিৰ প্ৰতি কৰ্তব্য, সহমৰ্মিতা আৰু দায়বদ্ধতাৰ প্ৰতীক হৈ থাকিব "সেৱা তীৰ্থ"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সেৱা তীৰ্থ ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰি ভাৰতৰ জনসাধাৰণৰ সেৱাৰ অদম্য সংকল্প দোহাৰি ‘নাগৰিকদেৱো ভৱ’ৰ পৱিত্ৰ মনোভাৱক ইয়াৰ পথ প্ৰদৰ্শক শক্তি বুলি অভিহিত কৰে।

শ্ৰী মোদীয়ে প্ৰকাশ কৰে যে সেৱা তীৰ্থৰ নিষ্ঠাই জনসেৱা আৰু নাগৰিকৰ কল্যাণৰ প্ৰতি গভীৰ দায়বদ্ধতাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ‘সেৱা তীৰ্থ’ ভাৰত প্ৰথম নীতিৰ প্ৰতি কৰ্তব্য, সহমৰ্মিতা আৰু দায়বদ্ধতাৰ এক উজ্জ্বল তথা শক্তিশালী প্ৰতীক।

তেওঁ আশা প্ৰকাশ কৰে যে ই সকলোৰে কল্যাণৰ বাবে নিস্বাৰ্থ সেৱা আৰু অক্লান্ত নিষ্ঠাৰ পথ অনুসৰণ কৰিবলৈ প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰিব আৰু প্ৰতিজন নাগৰিকৰ মংগলৰ বাবে সমৰ্পিত মনোভাবেৰে অগ্ৰসৰ হবলৈ জনসাধাৰণক প্ৰেৰণা যোগাব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সত পোষ্ট কৰে;

“ভাৰতবাসীৰ সেৱাৰ প্ৰতি অদম্য সংকল্প আৰু নাগৰিকদেৱো ভৱৰ পবিত্ৰ মনোভাবেৰে পৰিচালিত সেৱা তীৰ্থ ৰাষ্ট্ৰৰ প্ৰতি বিনম্ৰতাৰে উৎসৰ্গা কৰা হল।"

সেৱা তীৰ্থ সদায় কৰ্তব্য, সহমৰ্মিতা আৰু ভাৰত প্ৰথম নীতিৰ প্ৰতি দায়বদ্ধতাৰ উজ্জ্বল প্ৰতীক হৈ ৰওক। সকলোৰে কল্যাণৰ বাবে নিস্বাৰ্থ সেৱা আৰু অক্লান্ত নিষ্ঠাৰ পথ অনুসৰণ কৰিবলৈ ই প্ৰজন্মৰ পিছত প্ৰজন্মক অনুপ্ৰাণিত কৰক।”

 

 

“देशवासियों की सेवा के अटूट संकल्प और 'नागरिक देवो भव' की पावन भावना को साथ लेकर, आज ‘सेवा तीर्थ’ को राष्ट्र को समर्पित करने का सौभाग्य मिला।

‘सेवा तीर्थ’ कर्तव्य, करुणा और ‘राष्ट्र प्रथम’ के लिए हमारी प्रतिबद्धता का सशक्त प्रतीक है।

मेरी कामना है कि यह आने वाली पीढ़ियों को निःस्वार्थ सेवा और जन-जन के कल्याण के लिए समर्पित होकर आगे बढ़ने को प्रेरित करता रहे।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12

Media Coverage

Indian Railways to roll out the first rake of 20 LHB coaches for Bangladesh Railway on August 12
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 আগষ্ট 2026
August 12, 2026

India Rising on Every Front: Economic Strength, Global Recognition & Self-Reliance Under PM Modi’s Vision