ঐতিহাসিক দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ‘মহামহিম’ ডনাল্ড জে ট্ৰাম্পৰ সৈতে কথা পাতি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৪৭ সংখ্যক ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ ঐতিহাসিক দ্বিতীয়টো কাৰ্যকালৰ বাবে তেওঁক অভিনন্দন জ্ঞাপন কৰে।
দুয়োগৰাকী নেতাই পাৰস্পৰিক ভাৱে লাভজনক আৰু বিশ্বাসযোগ্য অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। তেওঁলোকে প্ৰযুক্তি, বাণিজ্য, বিনিয়োগ, শক্তি আৰু প্ৰতিৰক্ষাৰ বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে ইয়াক আগুৱাই নিয়াৰ ব্যৱস্থা সন্দৰ্ভত আলোচনা কৰে।
দুয়োগৰাকী নেতাই পশ্চিম এছিয়া আৰু ইউক্ৰেইনৰ পৰিস্থিতিকে ধৰি গোলকীয় বিষয়সমূহত মত বিনিময় কৰে আৰু বিশ্বশান্তি, সমৃদ্ধি আৰু নিৰাপত্তাৰ বাবে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে।
নেতাদ্বয়ে যোগাযোগত থাকিবলৈ আৰু পাৰস্পৰিকভাৱে সুবিধাজনক তাৰিখত অচিৰেই মিলিত হ'বলৈ সন্মতি প্ৰকাশ কৰে।


