প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণক প্ৰশংসা কৰি কয় যে তেওঁলোকে যোগক দৈনন্দিন জীৱনত আকোৱালি লোৱাৰ লগতে প্ৰেৰণাদায়ক দায়বদ্ধতা দেখুৱাই, স্বাস্থ্য আৰু সুস্থতাৰ বাবে দেশজোৰা আন্দোলনক আৰু অধিক আগুৱাই লৈ গৈছে।

শ্ৰী মোদীয়ে কালি বিশাখাপট্টনমত অনুষ্ঠিত একাদশ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ অনুষ্ঠানত যোগান্ধ্ৰ পদক্ষেপৰ অধীনত ৰাজ্যৰ তৃণমূল পৰ্যায়ৰ উৎসাহ আৰু প্ৰদৰ্শন কৰা সক্ৰিয় সমৰ্থনৰ প্ৰশংসা কৰে।

গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ এটা এক্স পোষ্টৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়।

“যোগে মানুহক আকৌ এবাৰ একত্ৰিত কৰিলে!

যোগক তেওঁলোকৰ জীৱনৰ অংশ হিচাপে গঢ়ি তোলাৰ আন্দোলনক যি ধৰণে শক্তিশালী কৰি তুলিছে তাৰ বাবে অন্ধ্ৰপ্ৰদেশৰ জনসাধাৰণক প্ৰশংসা কৰিলোঁ। #Yogandhraৰ পদক্ষেপ আৰু বিশাখাপট্টনমত অনুষ্ঠিত কাৰ্যসূচীত মইও অংশ লৈছিলো, ই বহুলোকক সদায় সু-স্বাস্থ্য আৰু সুস্থতাৰ দিশত প্ৰেৰণা যোগাব।”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 জুলাই 2026
July 16, 2026

Atmanirbhar to Inclusive: PM Modi’s Blueprint for a Self-Reliant, Empowered & Culturally Rooted Bharat