“হিমাচল প্ৰদেশৰ লেপচাত আমাৰ সাহসী সুৰক্ষা বাহিনীৰ সৈতে দীপাৱলী উদযাপন গভীৰ আৱেগ আৰু গৌৰৱেৰে ভৰা এক অভিজ্ঞতা”
“দেশ আপোনাসৱৰ ওচৰত কৃতজ্ঞ আৰু ঋণী”
“জোৱানসকলনিযুক্ত ঠাইখন মোৰ বাবে মন্দিৰতকৈ কম নহয়। আপোনাসৱ য’তেই নাথাকক কিয়, মই তালৈকে গৈএই উৎসৱ পালন কৰিম”
“সশস্ত্ৰ বাহিনীয়ে ভাৰতৰ গৌৰৱক নতুন শিখৰত উপনীত কৰাইছে”
“যোৱা বৰ্ষটো ৰাষ্ট্ৰ-নিৰ্মাণৰ এক মাইলৰ খুঁটি আছিল”
“যুদ্ধক্ষেত্ৰৰপৰা উদ্ধাৰ অভিযানলৈকে ভাৰতীয় সশস্ত্ৰ বাহিনী জীৱন ৰক্ষাৰ বাবে অংগীকাৰবদ্ধ”
আজি দীপাৱলী উপলক্ষে হিমাচল প্ৰদেশৰ লেপচাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাহসী জোৱানসকলক সম্বোধন কৰে।

আজি দীপাৱলী উপলক্ষে হিমাচল প্ৰদেশৰ লেপচাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাহসী জোৱানসকলক সম্বোধন কৰে।

জোৱানসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী উৎসৱ আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসাৰ প্ৰতিধ্বনিৰ সমন্বয় দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক উজ্জ্বল মুহূৰ্ত। জোৱানসকলৰবাবেই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ,দেশৰ অন্তিমখন গাঁওক বৰ্তমান প্ৰথমখন গাঁও বুলি গণ্য কৰা হৈছে।

 

স্বকীয় অভিজ্ঞতা ব্যক্তৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সাধাৰণতে পৰিয়ালৰসৈতে উৎসৱ পালন কৰা হয় আৰু সেই উৎসৱৰ দিনা পৰিয়ালৰপৰা আঁতৰত থকাৰ পৰিস্থিতিক কৰ্তব্যৰ প্ৰতি ভক্তি আখ্যা দিয়া হয়। তেখেতে কয় যে ১৪০ কোটি ভাৰতীয়ক পৰিয়াল হিচাপে গণ্যকৰণৰ অনুভৱে নিৰাপত্তাৰক্ষীসকলক উদ্দেশ্যবোধৰ ভাৱ দি যায়। “ইয়াৰ বাবে দেশ আপোনালোকৰ ওচৰত কৃতজ্ঞ আৰু ঋণী। সেইবাবেই প্ৰতিঘৰ গৃহস্থীতে আপোনাসৱৰ সুৰক্ষাৰ বাবে এগচিকৈ‘চাকি’ প্ৰজ্জ্বলন কৰা হয়”, তেখেতে কয়। “জোৱানসকলনিযুক্ত ঠাইখন মোৰ বাবে মন্দিৰতকৈ কম নহয়। আপোনাসৱ যতেই নাথাকক কিয়, মই তালৈকে গৈএই উৎসৱ পালন কৰিম। এয়া হয়তো ৩০-৩৫ বছৰেঅব্যাহত আছে”, তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জোৱানসকলক আৰু সশস্ত্ৰ বাহিনীৰ ত্যাগৰ পৰম্পৰাক শ্ৰদ্ধা জনায়। “আমাৰ সাহসী জোৱানসকলে নিজকে সীমান্তৰ আটাইতকৈ শক্তিশালী দেৱাল হিচাপে প্ৰতিপন্ন কৰিছে”, তেখেতে কয়। “আমাৰ সাহসী জোৱানসকলে সদায় পৰাজয়ৰ বিপৰীতে বিজয় কাঢ়ি লৈ নাগৰিকৰ হৃদয় জয় কৰি আহিছে।” ৰাষ্ট্ৰ-নিৰ্মাণত সশস্ত্ৰ বাহিনীৰ অৱদান সন্দৰ্ভত আলোকপাত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে ভূমিকম্প আৰু ছুনামীৰ দৰে প্ৰাকৃতিক দুৰ্য্যোগৰ লগতে আন্তঃৰাষ্ট্ৰীয় শান্তি অভিযানৰ কথা উল্লেখ কৰে। এই ক্ষেত্ৰসমূহত সশস্ত্ৰ বাহিনীয়ে অগণন জীৱন ৰক্ষা কৰিছে। “সশস্ত্ৰ বাহিনীয়ে ভাৰতৰ গৌৰৱক নতুন শিখৰত উপনীত কৰাইছে”, তেখেতেকয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা বৰ্ষত ৰাষ্ট্ৰসংঘত শান্তিৰক্ষীসকলৰ বাবে এটি স্মৃতিসৌধৰ প্ৰস্তাৱৰ কথাও উল্লেখ কৰে।এই প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল আৰু ইয়াৰ জৰিয়তে বিশ্ব শান্তি প্ৰতিষ্ঠাৰ দিশত তেওঁলোকৰ অৱদান অমৰ হৈ থাকিব বুলিও কয়।

 

কেৱল ভাৰতীয়সকলৰ বাবেই নহয়, বিদেশী নাগৰিককোউদ্ধাৰ অভিযানত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ভূমিকা সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে চুডানৰ অস্থিৰতাৰেপৰা সম্পন্ন হোৱা সফল উচ্ছেদ আৰু তুৰস্কত হোৱা ভূমিকম্পৰ পিছত উদ্ধাৰ অভিযানৰ কথা স্মৰণ কৰে। “যুদ্ধক্ষেত্ৰৰপৰা উদ্ধাৰ অভিযানলৈকে ভাৰতীয় সশস্ত্ৰ বাহিনী জীৱন ৰক্ষাৰ বাবে অংগীকাৰবদ্ধ”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে লগতে কয় যে প্ৰতিজন নাগৰিকে দেশৰ সশস্ত্ৰ বাহিনীক লৈ গৌৰৱ অনুভৱ কৰে।

সাম্প্ৰতিক বিশ্ব পৰিস্থিতিত ভাৰত সৃষ্ট বৈশ্বিক প্ৰত্যাশাৰ কথাউল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ সুৰক্ষিত সীমান্ত, শান্তি আৰু সুস্থিৰতাৰ গুৰুত্ব পুনৰবাৰ উল্লেখ কৰে। “ভাৰত সুৰক্ষিত কাৰণ ইয়াৰ সীমা হিমালয় সদৃশ দৃঢ়তাৰে সাহসী জোৱানসকলে সুৰক্ষিত কৰি ৰাখিছে।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা দীপাৱলীৰ পিছত বিগত এবছৰৰ সাফল্যৰ বৰ্ণনাৰে চন্দ্ৰযানৰ অৱতৰণ, আদিত্য এল১, গগণযানৰ সৈতে জড়িত পৰীক্ষা, থলুৱা বিমানবাহী জাহাজ আইএনএছ বিক্ৰান্ত, টুমকুৰ হেলিকপ্টাৰ কাৰখানা, ভাইব্ৰেন্ট ভিলেজ অভিযানআৰু ক্ৰীড়া ক্ষেত্ৰৰ কৃতিত্বৰ কথা উল্লেখ কৰে। যোৱা এবছৰত নতুন সংসদ ভৱন, নাৰীশক্তি বন্দন অধিনিয়ম, জি-২০, জৈৱ ইন্ধন মিত্ৰতা, বিশ্বত ৰিয়েল-টাইম পেমেন্টৰ ক্ষেত্ৰত প্ৰাধান্য, ৰপ্তানিৰ ক্ষেত্ৰত ৪০০ বিলিয়ন ডলাৰ অতিক্ৰম, বিশ্বৰ ৫ম সৰ্ববৃহৎ অৰ্থনীতি, ৫জি ৰোল আউটত অগ্ৰগতিৰ কথা উল্লেখ কৰে। “যোৱা বৰ্ষটো ৰাষ্ট্ৰ-নিৰ্মাণৰ এক মাইলৰ খুঁটি আছিল”, তেখেতে কয়। তেখেতে কয় যে ভাৰতে আন্তঃগাঁথনি উন্নয়নত যথেষ্ট অগ্ৰগতি লাভেৰে বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ পথ নেটৱৰ্ক, সুদীৰ্ঘ নদী ক্ৰুজ সেৱা, দ্ৰুত ৰেল সেৱা নমো ভাৰত, ৩৪টা নতুন পথত বন্দে ভাৰত, ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ কৰিডৰ, ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত শান্তি নিকেতন আৰু হয়ছালা মন্দিৰ কমপ্লেক্সক অন্তৰ্ভুক্ত কৰা দেশ হিচাপে পৰিগণিত হয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনৰ সীমান্ত পহৰা দি থকালৈকে দেশখনে উন্নত ভৱিষ্যতৰ বাবে চেষ্টা কৰিব পাৰে। তেখেতে ভাৰতৰ উন্নয়নৰ কৃতিত্ব সশস্ত্ৰ বাহিনীৰ শক্তি, সংকল্প আৰু ত্যাগক প্ৰদান কৰে।

ভাৰতে নিজৰ সংগ্ৰামৰপৰা সম্ভাৱনা সৃষ্টি কৰা বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰখনে এতিয়া আত্মনিৰ্ভৰ ভাৰতৰ পথত অগ্ৰসৰ হৈছে। তেখেতে প্ৰতিৰক্ষা খণ্ডত ভাৰতৰ অভূতপূৰ্ব বৃদ্ধি আৰু বৈশ্বিকপ্লেয়াৰ হিচাপে ইয়াৰ উত্থানত আলোকপাতেৰে কয় যে ভাৰতৰ সেনা আৰু নিৰাপত্তা বাহিনীৰ শক্তি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। তেখেতে কয় যে ৰাষ্ট্ৰখন আগেয়ে সৰু-সৰু প্ৰয়োজনীয়তাৰ বাবেও আনৰ ওপৰত নিৰ্ভৰশীল আছিল, আনহাতে আজি ই বন্ধুত্বপূৰ্ণ ৰাষ্ট্ৰসমূহৰ প্ৰয়োজনীয়তা পূৰণ কৰি আছে। ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৮ গুণৰো অধিক বৃদ্ধি পোৱা বুলি তেখেতে অৱগত কৰে।“আজি দেশত ১ লাখ কোটিৰো অধিক মূল্যৰ প্ৰতিৰক্ষা উৎপাদন অব্যাহত আছে। এয়া নিজেই এক অভিলেখ”, তেখেতে লগতে কয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে উন্নত প্ৰযুক্তিবিদ্যা আৰু চিডিএছৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ একত্ৰীকৰণৰ কথা উল্লেখেৰে কয় যে ভাৰতীয় সেনা অহৰহ অধিক আধুনিক হৈ পৰিছে। তেখেতে লগতে কয় যে অদূৰ ভৱিষ্যতে ভাৰতে আৰু প্ৰয়োজনৰ সময়ত আন দেশৰ ফালে চাব নালাগে। প্ৰযুক্তিৰ এই ক্ৰমবৰ্ধমান প্ৰসাৰৰ মাজতে শ্ৰী মোদীয়ে সশস্ত্ৰ বাহিনীক প্ৰযুক্তিৰ ব্যৱহাৰত মানৱীয় বুজাবুজিক সদায় সৰ্বোচ্চ কৰি ৰাখিবলৈ আহ্বান জনায়। তেখেতেকয় যে প্ৰযুক্তিয়ে কেতিয়াও মানুহৰ সংবেদনশীলতাক আগুৰি ধৰিব নালাগে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়,“আজি থলুৱা সম্পদ আৰু উন্নত-মানৰ সীমান্তৰ আন্তঃগাঁথনিও আমাৰ শক্তি হৈ পৰিছে। আৰু মই সুখী যে ইয়াত নাৰীশক্তিয়েও এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।” তেখেতে বিগত এবছৰত ৫০০ গৰাকী মহিলা বিষয়াৰ কমিচনিং, ৰাফেল যুঁজাৰু বিমানৰ মহিলা পাইলট আৰু যুদ্ধজাহাজত মহিলা বিষয়া নিযুক্তিৰ কথা উল্লেখ কৰে। সশস্ত্ৰ বাহিনীৰ প্ৰয়োজনীয়তাৰ যত্ন লোৱাৰ গুৰুত্ব সম্পৰ্কে কোৱাৰ সময়ত প্ৰধানমন্ত্ৰীগৰাকীয়ে অতিপাত শীতৰ বাবে উপযুক্ত সাজ-পোছাক, জোৱান বৃদ্ধি তথা সুৰক্ষাৰ বাবে ড্ৰোন আৰু ওৱান ৰেংক ওৱান পেঞ্চন (OROP) আঁচনিৰ অধীনত ৯০ হাজাৰ কোটি টকা প্ৰদানৰ কথা উল্লেখ কৰে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে এটি শ্লোক আবৃত্তিৰেসম্বোধনৰ সামৰণি মাৰি কয় যে সশস্ত্ৰ বাহিনীৰ প্ৰতিটো পদক্ষেপেই ইতিহাসৰ দিশ নিৰ্ধাৰণ কৰে। সশস্ত্ৰ বাহিনীয়ে ভাৰত মাতৃক একে দৃঢ়তাৰে সেৱা আগবঢ়াই যাব বুলি আস্থা প্ৰকাশেৰে তেখেতে কয়, “আপোনালোকৰ সহযোগত ৰাষ্ট্ৰখনে উন্নয়নৰ নতুন শিখৰ স্পৰ্শ কৰিব। আমি একেলগে দেশখনৰ প্ৰতিটো সংকল্প পূৰণ কৰিম।”

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's first privately developed orbital rocket Vikram-1 set for maiden launch on July 18

Media Coverage

India's first privately developed orbital rocket Vikram-1 set for maiden launch on July 18
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.