“হিমাচল প্ৰদেশৰ লেপচাত আমাৰ সাহসী সুৰক্ষা বাহিনীৰ সৈতে দীপাৱলী উদযাপন গভীৰ আৱেগ আৰু গৌৰৱেৰে ভৰা এক অভিজ্ঞতা”
“দেশ আপোনাসৱৰ ওচৰত কৃতজ্ঞ আৰু ঋণী”
“জোৱানসকলনিযুক্ত ঠাইখন মোৰ বাবে মন্দিৰতকৈ কম নহয়। আপোনাসৱ য’তেই নাথাকক কিয়, মই তালৈকে গৈএই উৎসৱ পালন কৰিম”
“সশস্ত্ৰ বাহিনীয়ে ভাৰতৰ গৌৰৱক নতুন শিখৰত উপনীত কৰাইছে”
“যোৱা বৰ্ষটো ৰাষ্ট্ৰ-নিৰ্মাণৰ এক মাইলৰ খুঁটি আছিল”
“যুদ্ধক্ষেত্ৰৰপৰা উদ্ধাৰ অভিযানলৈকে ভাৰতীয় সশস্ত্ৰ বাহিনী জীৱন ৰক্ষাৰ বাবে অংগীকাৰবদ্ধ”
আজি দীপাৱলী উপলক্ষে হিমাচল প্ৰদেশৰ লেপচাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সাহসী জোৱানসকলক সম্বোধন কৰে।

ভাৰত মাতা কী জয়!

ভাৰত মাতা কী জয়!

ভাৰত মাতৃৰ জয়গানৰ এই প্ৰতিধ্বনি, ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ এই ঘোষণা, এই ঐতিহাসিক ভূমি, আৰু এই পৱিত্ৰ দীপাৱলী উৎসৱ। এইটো এটা আচৰিত সংযোগ, এইটো এটা আচৰিত মিলন। সন্তুষ্টি আৰু আনন্দৰে ভৰা এই মুহূৰ্তটোৱে মোৰ, আপোনালোকৰ লগতে দেশবাসীৰ বাবে দীপাৱলীলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। যেতিয়া মই আপোনালোক সকলোৰে সৈতে, সকলো দেশবাসীৰ সৈতে, সীমান্তৰ পৰা, শেষ গাঁওখনৰ পৰা, যাক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ, তাত নিয়োজিত আমাৰ নিৰাপত্তা বাহিনীৰ বন্ধুসকলৰ সৈতে যেতিয়া দীপাৱলী উদযাপন কৰি আছোঁ, তেতিয়া সকলো দেশবাসীলৈ দীপাৱলীৰ এই শুভেচ্ছাও বহুত বিশেষ হৈ পৰে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

মই এতিয়া অতি উচ্চতাত লেপচালৈ গৈ আহিছোঁ। কোৱা হয় যে পৰিয়াল উপস্থিত থকা ঠাইতহে উৎসৱবোৰ হয়। উৎসৱৰ দিনত নিজৰ পৰিয়ালৰ পৰা আঁতৰত সীমান্তত নিয়োজিত হৈ থকাটো নিজে নিজেই কৰ্তব্যনিষ্ঠাৰ পৰাকাষ্ঠা। সকলোৰে নিজৰ পৰিয়াললৈ মনত পৰে কিন্তু আপোনালোকৰ মুখত এই কোণতো কোনো দুখ দেখা নাই। আপোনালোকৰ উৎসাহত নাটনিৰ কোনো নাম-গোন্ধ নাই। উৎসাহেৰে ভৰা, শক্তিৰে ভৰা। কাৰণ, আপোনালোকে জানে যে ১৪০ কোটি দেশবাসীৰ এই বৃহৎ পৰিয়ালটোও আপোনাৰ নিজৰেই। আৰু দেশ সেয়েহে আপোনাৰ ওচৰত কৃতজ্ঞ আৰু ঋণী। সেয়ে দীপাৱলীৰ দিনা প্ৰত্যেক ঘৰত এগছি বন্তি আপোনাৰ মংগলৰ বাবেও জ্বলোৱা হয়। সেইবাবেই প্ৰতিটো পূজাত আপোনাৰ দৰে বীৰৰ বাবেও প্ৰাৰ্থনা হয়। ময়ো প্ৰতিবাৰেই দীপাৱলীত সেনাৰ নিজৰ নিৰাপত্তা বাহিনীৰ জোৱানৰ মাজত এই একে অনুভৱ লৈ যাওঁ। কোৱাও হৈছে - অৱধ তহাঁ জহঁ ৰাম নিৱাসু! অৰ্থাৎ ৰাম য'ত আছে তাতেই অযোধ্যা। মোৰ বাবে মোৰ ভাৰতীয় সেনা য’ত আছে, মোৰ দেশৰ নিৰাপত্তা বাহিনী মোতায়েন কৰা ঠাইখন কোনো মন্দিৰতকৈ কম নহয়। য'ত আপোনালোক, তাতেই মোৰ উৎসৱ। আৰু এই কামটো হয়তো ৩০-৩৫ বছৰতকৈও অধিক সময় হ’ল চাগৈ। যোৱা ৩০-৩৫ বছৰে এনে কোনো দীপাৱলী নাই যাক আপোনালোক সকলোৰে মাজলৈ গৈ মই উদযাপন কৰা নাই। যেতিয়া প্ৰধানমন্ত্ৰী বা মুখ্যমন্ত্ৰী নাছিলোঁ, তেতিয়াও এজন গৰ্বেৰে ভৰা ভাৰতৰ সন্তান হিচাপে মই দীপাৱলীৰ দিনা কোনো নহয় কোনো সীমান্তলৈ জৰুৰ গৈছিলোঁ। আপোনালোকৰ সৈতে মিঠাইৰ উপভোগ তেতিয়াও চলিছিল আৰু মেছৰ খাদ্যও খাইছিলোঁ আৰু এই ঠাইখনৰ নামো তো ছুগাৰ পইণ্ট। আপোনালোকৰ লগত কিছু মিঠাই খাই মোৰ দীপাৱলীও আৰু মধুৰ হৈ পৰিছে।

মোৰ পৰিয়ালৰ সদস্যসকল,

এই ভূমিয়ে বীৰত্বৰ চিয়াঁহীৰে ইতিহাসৰ পাতত নিজৰ খ্যাতি নিজে লিখিছে। আপোনালোকে ইয়াৰ বীৰত্বৰ পৰম্পৰাক অটল, অমৰ আৰু অক্ষত কৰি তুলিছে। আপোনালোকে প্ৰমাণ কৰি দিলে যে - आसन्न मृत्यु के सीने परजो सिंहनाद करते हैं। मर जाता है काल स्वयंपर वे वीर नहीं मरते हैं। আমাৰ সৈনিকসকলৰ ওচৰত সদায় এই বীৰ বসুন্ধৰাৰ ঐতিহ্য আছে, বুকুত সেই জুই আছে যিয়ে সদায় বীৰত্বৰ নিদৰ্শন সৃষ্টি কৰি আহিছে। প্ৰাণক হাতৰ মুঠিত লৈ সদায় আমাৰ সৈন্যসকল আগস্থানত খোজ দি আহিছে। আমাৰ জোৱানসকলে সদায় প্ৰমাণ কৰিছে যে সীমান্তত তেওঁলোক দেশৰ আটাইতকৈ মজবুত দেৱাল।

 

মোৰ সাহসী বন্ধুসকল,

ভাৰতৰ সেনাবাহিনী আৰু নিৰাপত্তা বাহিনীয়ে ৰাষ্ট্ৰ নিৰ্মাণত অহৰহ অৰিহণা যোগাই আহিছে। স্বাধীনতাৰ লগে লগে ইমানবোৰ যুদ্ধত যুঁজ দিয়া আমাৰ সাহসী যোদ্ধাসকল, প্ৰতিটো বিপদত দেশৰ হৃদয় জয় কৰা আমাৰ যোদ্ধাসকল! প্ৰত্যাহ্বানৰ কবলৰ পৰা জয় কাঢ়ি লোৱা আমাৰ সাহসী পুত্ৰ-কন্যা! ভূমিকম্পৰ দৰে দুৰ্যোগত প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা জোৱান! ছুনামীৰ দৰে পৰিস্থিতিত সাগৰৰ বিৰুদ্ধে যুঁজি জীৱন ৰক্ষা কৰা সাহসী মানুহবোৰ! আন্তঃৰাষ্ট্ৰীয় শান্তি অভিযানত ভাৰতৰ বিশ্বব্যাপী মৰ্যাদা বৃদ্ধি কৰা সেনা আৰু নিৰাপত্তা বাহিনী! এনে কি সংকট আছে যাৰ সমাধান আমাৰ বীৰসকলে দিয়া নাই! এনে কোনটো অঞ্চল আছে য'ত তেওঁলোকে দেশৰ সন্মান বৃদ্ধি কৰা নাই। এই বছৰতে মই ৰাষ্ট্ৰসংঘত শান্তিৰক্ষীসকলৰ বাবে মেম’ৰিয়েল হল নিৰ্মাণৰ প্ৰস্তাৱো আগবঢ়াইছিলোঁ আৰু সৰ্বসন্মতিক্ৰমে গৃহীত হৈছিল। আমাৰ সেনাবাহিনী আৰু জোৱানৰ ত্যাগৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এয়া এক বৃহৎ স্বীকৃতি। ইয়াৰ দ্বাৰা বিশ্ব শান্তিৰ প্ৰতি তেওঁলোকৰ অৱদানক অমৰ কৰিব।

বন্ধুসকল,

সংকটৰ সময়ত আমাৰ সেনা আৰু নিৰাপত্তা বাহিনীয়ে দেৱদূত হিচাপে কাম কৰি কেৱল ভাৰতীয়কে নহয়, বিদেশী নাগৰিককো উদ্ধাৰ কৰে। মোৰ মনত আছে, যেতিয়া ভাৰতীয়ক চুডানৰ পৰা উলিয়াই আনিব লগা হৈছিল, তেতিয়া ইমান বিপদ আছিল। কিন্তু ভাৰতৰ বীৰ পুৰুষসকলে কোনো লোকচান নোহোৱাকৈ সফলতাৰে নিজৰ অভিযান সম্পূৰ্ণ কৰিলে। তুৰস্কৰ জনসাধাৰণে এতিয়াও মনত পেলাইছে যে যেতিয়া তাত ভয়ংকৰ ভূমিকম্প হৈছিল, আমাৰ নিৰাপত্তা বাহিনীয়ে কেনেকৈ নিজৰ জীৱনৰ কথা চিন্তা নকৰাকৈ আনৰ জীৱন ৰক্ষা কৰিছিল। পৃথিৱীৰ যিকোনো ঠাইত যদি ভাৰতীয় বিপদত পৰে, ভাৰতীয় বাহিনী, আমাৰ নিৰাপত্তা বাহিনী, তেওঁলোকক বচাবলৈ সদায় সাজু। যুদ্ধৰ পৰা সেৱালৈকে প্ৰতিটো দিশতে ভাৰতৰ সেনা আৰু নিৰাপত্তা বাহিনী আগৰণুৱা হৈ আছে। আৰু সেইবাবেই, আমি আমাৰ শক্তিক লৈ গৌৰৱান্বিত। আমি আমাৰ নিৰাপত্তা বাহিনীক লৈ গৌৰৱান্বিত, আমি আমাৰ জোৱানক লৈ গৌৰৱান্বিত। আপোনালোক সকলোৰে বাবে আমি গৌৰৱান্বিত।

 

মোৰ পৰিয়ালৰ সদস্যসকল,

আজি পৃথিৱীত যি ধৰণৰ পৰিস্থিতি তাত ভাৰতক লৈ আশা অহৰহ বৃদ্ধি পাইছে। ইমান গুৰুত্বপূৰ্ণ সময়ত ভাৰতৰ সীমান্ত সুৰক্ষিত হৈ থকা আৰু দেশত শান্তিৰ পৰিৱেশ বজাই ৰখাটো অতি প্ৰয়োজনীয়। আৰু ইয়াত আপোনালোকৰ বহুত ডাঙৰ ভূমিকা আছে। ভাৰত তেতিয়ালৈকে সুৰক্ষিত যেতিয়ালৈকে  ইয়াৰ সীমাত আপোনালোক হিমালয়ৰ দৰে দৃঢ় আৰু অটল হৈ মোৰ সাহসী বন্ধুসকলে থিয় দি আছে। আপোনালোকৰ সেৱাৰ বাবেই ভাৰত নিৰাপদ আৰু সমৃদ্ধিৰ পথত আগবাঢ়িছে। যোৱা দীপাৱলীৰ পৰা এই দীপাৱলীলৈকে, যিটো এবছৰ পাৰ হৈ গ’ল, সেই সময়ছোৱা বিশেষকৈ ভাৰতৰ বাবে অভূতপূৰ্ব সাফল্যৰে ভৰপূৰ৷ অমৃত কালৰ এটা বছৰ ভাৰতৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ এক প্ৰতীকী বছৰত পৰিণত হৈছে। যোৱা এবছৰত ভাৰতে নিজৰ মহাকাশযান চন্দ্ৰত অৱতৰণ কৰিছে য’লৈ আন কোনো দেশে যাব পৰা নাই। কিছুদিন পিছত ভাৰতে আদিত্য এল ৱানো সফলতাৰে লঞ্চ কৰে। আমি গগনযানৰ সৈতে জড়িত এটা অতি গুৰুত্বপূৰ্ণ পৰীক্ষাও সফলতাৰে সম্পূৰ্ণ কৰিলোঁ। এই এবছৰতে ভাৰতৰ প্ৰথমখন থলুৱা বিমানবাহী জাহাজ আই এন এছ বিক্ৰান্তই নৌসেনাত অন্তৰ্ভুক্ত হয়। এই এবছৰতে ভাৰতে টুমকুৰুত এছিয়াৰ সৰ্ববৃহৎ হেলিকপ্টাৰ কাৰখানা আৰম্ভ কৰিছে। এই এবছৰতে সীমান্তৱৰ্তী অঞ্চলসমূহৰ উন্নয়নৰ বাবে ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম শুভাৰম্ভ কৰা হয়। আপোনালোকে দেখিছে যে ভাৰতে ক্ৰীড়াৰ জগততো নিজৰ পতাকা উৰুৱাইছে। সেনা আৰু নিৰাপত্তা বাহিনীৰ বহু জোৱানে পদক লাভ কৰি ৰাইজৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। যোৱা এবছৰত আমাৰ খেলুৱৈসকলে এছিয়ান আৰু পেৰা গেমছত পদকৰ শতক অৰ্জন কৰে। ১৯ বছৰ অনুৰ্ধ ক্ৰিকেট বিশ্বকাপত আমাৰ মহিলা খেলুৱৈয়ে বিশ্বকাপ জয় কৰিছে। ৪০ বছৰৰ পাছত ভাৰতে সফলতাৰে আয়োজন কৰিছে আই অ’ চিৰ বৈঠক।

বন্ধুসকল,

যোৱা দীপাৱলীৰ পৰা এই দীপাৱলীলৈকে সময়ছোৱাও আছিল ভাৰতীয় গণতন্ত্ৰ আৰু ভাৰতৰ বিশ্বব্যাপী সাফল্যৰ বছৰ। এই এবছৰতে ভাৰতে নতুন সংসদ ভৱনত প্ৰৱেশ কৰিলে। সংসদৰ নতুন ভৱনত প্ৰথম অধিৱেশনতে নাৰী শক্তি বন্দন আইন গৃহীত হয়। এই এবছৰতে দিল্লীত জি-২০ৰ আটাইতকৈ সফল ইভেণ্ট অনুষ্ঠিত হয়। আমি নতুন দিল্লী ঘোষণা আৰু গ্ল’বেল বায়’ফিউৱেল এলায়েন্সৰ দৰে গুৰুত্বপূৰ্ণ চুক্তি কৰিলোঁ৷ এই সময়ছোৱাত ভাৰত ৰিয়েল টাইম পেমেণ্টৰ ক্ষেত্ৰত বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ হিচাপে পৰিগণিত হয়। একে সময়ছোৱাত ভাৰতৰ ৰপ্তানি ৪০০ বিলিয়ন ডলাৰ অতিক্ৰম কৰিলে। এই সময়ছোৱাত ভাৰতে বিশ্বব্যাপী জিডিপিত ৫ম স্থান লাভ কৰে। একে সময়ছোৱাতে আমি ৫জি ব্যৱহাৰকাৰীৰ ভিত্তিত ইউৰোপক অতিক্ৰম কৰিছোঁ।

 

বন্ধুসকল,

যোৱা এবছৰটো জাতি গঠনৰ বাবে এক গুৰুত্বপূৰ্ণ বছৰ। এইবাৰ আমি দেশৰ আন্তঃগাঁথনি উন্নয়নত বহু সফলতা অৰ্জন কৰিছোঁ। আজি ভাৰত বিশ্বৰ দ্বিতীয় বৃহত্তম পথ নেটৱৰ্ক থকা দেশত পৰিণত হৈছে। এই সময়ছোৱাতে আমি বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্ৰুজ সেৱা আৰম্ভ কৰিলোঁ। দেশত প্ৰথম ৰেপিড ৰে'ল সেৱা নমো ভাৰত উপহাৰ দিয়া হয়। ভাৰতত ৩৪টা নতুন পথত বন্দে ভাৰত ৰে’লৰ গতি বৃদ্ধি আৰম্ভ হৈছে। আমি ভাৰত-মধ্যপ্ৰাচ্য-ইউৰোপ অৰ্থনৈতিক কৰিডৰৰ শ্ৰী গণেশ কৰিলোঁ। দিল্লীত দুটি বিশ্বমানৰ কনভেনচন চেণ্টাৰ যশোভূমি আৰু ভাৰত মণ্ডপম উদ্বোধন কৰা হয়। কিউএছ ৱৰ্ল্ড ৰেংকিঙত এছিয়াৰ ভিতৰতে সৰ্বাধিক বিশ্ববিদ্যালয় থকা দেশ হিচাপে পৰিগণিত হৈছে ভাৰত। এই সময়ছোৱাতে কচ্ছৰ ধোৰদো সীমান্তৱৰ্তী গাঁও, মৰুভূমিৰ গাঁও সৰু গাঁও ধোৰদোৱে ৰাষ্ট্ৰসংঘৰ পৰা শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ বঁটা লাভ কৰিছে। আমাৰ শান্তিনিকেতন আৰু হয়ছালা মন্দিৰ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হৈছে।

বন্ধুসকল,

যেতিয়ালৈকে আপোনালোক সীমান্তত সজাগ হৈ থাকে, তেতিয়ালৈকে দেশখনে এক উন্নত ভৱিষ্যতৰ বাবে সম্পূৰ্ণ হৃদয়েৰে কাম কৰি আছে। আজি যদি ভাৰতে নিজৰ পূৰ্ণ শক্তিৰে উন্নয়নৰ অসীম উচ্চতা স্পৰ্শ কৰিছে, তেন্তে ইয়াৰ কৃতিত্বও আপোনালোকৰ শক্তি, সংকল্প আৰু ত্যাগলৈ যায়।

মোৰ পৰিয়ালৰ সদস্যসকল,

ভাৰতে যুগ যুগ ধৰি সংগ্ৰামৰ সন্মুখীন হৈছে, শূন্যৰ পৰা সম্ভাৱনাৰ সৃষ্টি কৰিছে। আমাৰ একবিংশ শতিকাৰ ভাৰতবৰ্ষই এতিয়া আত্মনিৰ্ভৰ ভাৰতৰ পথত ভৰি দিছে। এতিয়া সংকল্পও আমাৰ হ'ব, সম্পদো আমাৰ হ’ব। এতিয়া সাহসো আমাৰ হ'ব, অস্ত্ৰ-শস্ত্ৰও আমাৰ হ'ব। দমো আমাৰ হ’ব আৰু কদমো আমাৰ হ’ব। প্ৰতিটো উশাহত আমাৰ বিশ্বাসো অপৰিসীম হ’ব। খেলুৱৈ আমাৰ খেলো আমাৰ, জয় বিজয় আৰু অজেয় আমাৰ ব্ৰত, ওখ পৰ্বতেই হওক বা মৰুভূমি হওক, অপৰিসীম সাগৰ হওক বা বিশাল সমভূমি হওক, আকাশত উৰি থকা এই ত্ৰিৰংগ সদায় আমাৰ। অমৃত কালৰ এই সময়ত সময়ো আমাৰ হ’ব, সপোন কেৱল সপোন নহ’ব, আমি সাফল্যৰ কাহিনী লিখিম, সংকল্প পাহাৰতকৈও ওখ হ’ব। সাহসেই হ’ব একমাত্ৰ বিকল্প, গতি আৰু মৰ্যাদাক বিশ্বত সন্মান কৰা হ’ব, প্ৰচণ্ড সফলতাৰে ভাৰতৰ প্ৰশংসা হ’ব সকলোতে। কাৰণ, বিক্ৰমে নিজৰ শক্তিৰে যিবোৰ যুদ্ধ কৰে। যিসকলৰ হাতত ক্ষমতা আছে তেওঁলোকে নিজৰ ভাগ্য নিজেই সৃষ্টি কৰে। ভাৰতৰ সেনা আৰু নিৰাপত্তা বাহিনীৰ শক্তি ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। ভাৰতে প্ৰতিৰক্ষা খণ্ডত এক বৃহৎ বিশ্বব্যাপী খেলুৱৈ হিচাপে দ্ৰুতগতিত আত্মপ্ৰকাশ কৰিছে। এটা সময় আছিল যেতিয়া আমি আমাৰ সৰু সৰু প্ৰয়োজনৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল আছিলোঁ। কিন্তু, আজি আমি আমাৰ বন্ধুত্বপূৰ্ণ দেশসমূহৰ প্ৰতিৰক্ষাৰ প্ৰয়োজনীয়তাও পূৰণৰ দিশত আগবাঢ়িছোঁ। ২০১৬ চনত যেতিয়া মই এই অঞ্চলত দীপাৱলী উদযাপন কৰিবলৈ আহিছিলোঁ, তেতিয়াৰ পৰা ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ৮ গুণতকৈও অধিক বৃদ্ধি পাইছে। ১ লাখ কোটিতকৈ অধিক মূল্যৰ প্ৰতিৰক্ষা উৎপাদন আজি দেশত চলি আছে আৰু এয়া নিজৰ বাবে এক অভিলেখ।

 

বন্ধুসকল,

আমি অতি সোনকালে এনে এটা স্থানত থিয় দিম য’ত প্ৰয়োজনৰ সময়ত আমি আন দেশৰ ফালে চাব নালাগিব। ইয়াৰ ফলত আমাৰ সেনাবাহিনী আৰু আমাৰ নিৰাপত্তা বাহিনীৰ মনোবল বৃদ্ধি পাইছে। আমাৰ সেনা আৰু নিৰাপত্তা বাহিনীৰ শক্তি বৃদ্ধি পাইছে। হাইটেক প্ৰযুক্তিৰ সংহতি হওক, বা চিডিএছৰ দৰে গুৰুত্বপূৰ্ণ ব্যৱস্থাই হওক, ভাৰতীয় সেনাই এতিয়া লাহে লাহে আধুনিকতাৰ দিশে আগবাঢ়িছে। হয়, প্ৰযুক্তিৰ এই ক্ৰমবৰ্ধমান বিস্তাৰৰ মাজত মই আপোনালোকক এইটোও ক’ম যে প্ৰযুক্তিৰ ব্যৱহাৰত আমি সদায় মানৱ বুদ্ধিমত্তাক সৰ্বোচ্চ স্থানত ৰাখিব লাগিব। আমি নিশ্চিত কৰিব লাগিব যে প্ৰযুক্তিয়ে যাতে কেতিয়াও মানুহৰ সংবেদনশীলতাক গ্ৰাস নকৰে।

বন্ধুসকল,

আজি থলুৱা সম্পদ আৰু শীৰ্ষ শ্ৰেণীৰ সীমান্তৰ আন্তঃগাঁথনিও আমাৰ শক্তি হৈ পৰিছে। আৰু মই সুখী যে মহিলা শক্তিয়েও ইয়াত ডাঙৰ ভূমিকা লৈছে। বিগত বছৰবোৰত ভাৰতীয় সেনাবাহিনীত ৫০০ৰো অধিক মহিলা বিষয়াক স্থায়ী কমিচন দিয়া হৈছে। আজি মহিলা পাইলটে ৰাফেলৰ দৰে যুদ্ধ বিমান উৰুৱাইছে। প্ৰথমবাৰৰ বাবে যুদ্ধজাহাজতো মহিলা বিষয়াক নিয়োগ কৰা হৈছে। শক্তিশালী, সক্ষম আৰু সম্বলপূৰ্ণ ভাৰতীয় শক্তিসমূহে বিশ্বত আধুনিকতাৰ নতুন আৰ্হি স্থাপন কৰিব।

বন্ধুসকল,

চৰকাৰে আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ প্ৰয়োজনীয়তাৰো সম্পূৰ্ণ যত্ন লৈছে। এতিয়া আমাৰ জোৱানসকলৰ বাবে এনে সাজ-পোছাক তৈয়াৰ কৰা হৈছে, যিয়ে অমানৱীয় উষ্ণতাকো সহ্য কৰিব পাৰে। আজি দেশত এনেধৰণৰ ড্ৰ’ন নিৰ্মাণ কৰা হৈছে, যি জোৱানৰ শক্তিও হৈ পৰিব আৰু তেওঁলোকৰ জীৱনো ৰক্ষা কৰিব। ৱান ৰেংক ৱান পেঞ্চন-OROPৰ জৰিয়তেও এই পৰ্যন্ত ৯০ হাজাৰ কোটি টকা দিয়া হৈছে।

 

বন্ধুসকল,

দেশে জানে যে আপোনালোকৰ প্ৰতিটো খোজেই ইতিহাসৰ দিশ নিৰ্ধাৰণ কৰে। আপোনালোকৰ দৰে বীৰৰ বাবেই কোৱা হৈছে-

शूरमा नहीं विचलित होते,

क्षण एक नहीं धीरज खोते,

विघ्नों को गले लगाते हैं,

काँटों में राह बनाते हैं।

মই নিশ্চিত, আপোনালোকে এনেদৰেই ভাৰত মাতৃৰ সেৱা কৰি যাব। আপোনালোকৰ সমৰ্থনত ৰাষ্ট্ৰই বিকাশৰ নিতৌ নতুন উচ্চতা স্পৰ্শ কৰি থাকিব। আমি সকলোৱে মিলি দেশৰ প্ৰতিটো সংকল্প পূৰণ কৰিম। এই কামনাৰে আকৌ এবাৰ আপোনালোক সকলোকে দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ। মোৰ সৈতে কওক -

ভাৰত মাতা কী - জয়,

ভাৰত মাতা কী - জয়,

ভাৰত মাতা কী - জয়,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

বন্দে মাতৰম,

ভাৰত মাতা কী - জয়,

আপোনালোকক দীপাৱলীৰ বহুত বহুত শুভকামনা!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
First multilingual Indian speech recognition model trained on 65 languages and dialects released

Media Coverage

First multilingual Indian speech recognition model trained on 65 languages and dialects released
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
President’s address on the eve of 80th Independence Day reflects the nation’s strength and inspires renewed determination for a Viksit Bharat: PM
August 14, 2026

Prime Minister Shri Narendra Modi today lauded the address delivered by President of India, Smt. Droupadi Murmu, on the eve of 80th Independence Day noting that it was motivating and thoughtful.

The Prime Minister observed that her thoughts reflect the strength of our nation and the aspirations of every Indian. He stated that her message inspires us all to work with renewed determination for a Viksit Bharat.

In a post on X, the Prime Minister shared:

"A motivating and thoughtful address by Rashtrapati Ji on the eve of Independence Day.

Her thoughts reflect the strength of our nation and the aspirations of every Indian.

Her message inspires us all to work with renewed determination for a Viksit Bharat.

@rashtrapatibhvn"