Inaugurates, dedicates to nation and lays foundation stone for multiple development projects worth over Rs 34,400 crore in Chhattisgarh
Projects cater to important sectors like Roads, Railways, Coal, Power and Solar Energy
Dedicates NTPC’s Lara Super Thermal Power Project Stage-I to the Nation and lays foundation Stone of NTPC’s Lara Super Thermal Power Project Stage-II
“Development of Chhattisgarh and welfare of the people is the priority of the double engine government”
“Viksit Chhattisgarh will be built by empowerment of the poor, farmers, youth and Nari Shakti”
“Government is striving to cut down the electricity bills of consumers to zero”
“For Modi, you are his family and your dreams are his resolutions”
“When India becomes the third largest economic power in the world in the next 5 years, Chhattisgarh will also reach new heights of development”
“When corruption comes to an end, development starts and creates many employment opportunities”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত, বিকশিত ছত্তীশগড়’ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৩৪,৪০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, ৰেলপথ, কয়লা, শক্তি, সৌৰশক্তিকে প্ৰমুখ্য কৰি একাধিক গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লৈছে।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ছত্তীশগড়ৰ সকলো বিধানসভা সমষ্টিৰপৰা এই কাৰ্য্যসূচীত উপস্থিত লাখ-লাখ লোকক আদৰণি জনায়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে যুৱক, মহিলা, দৰিদ্ৰ লোক, কৃষকসকলক সবলীকৰণ আৰু আধুনিক আন্তঃগাঁথনিৰদ্বাৰা এখনি বিকশিত ছত্তীশগড় গঢ়ি তোলা হ’ব। তেখেতে কয় যে আজি যিসমূহ প্ৰকল্প উদ্বোধন কৰা হৈছে বা আধাৰশিলা স্থাপন কৰা হৈছে, সেইসমূহে ছত্তীশগড়ৰ জনসাধাৰণৰ বাবে নতুন সুযোগৰ সৃষ্টি কৰিব।

আজি এনটিপিচিৰ ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু ১,৬০০ মেগাৱাট ক্ষমতাৰে পৰ্য্যায়-IIৰ আধাৰশিলা স্থাপনৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়া কম খৰচতে নাগৰিকসকলে বিদ্যুৎ লাভ কৰিব। ছত্তীশগড়ক সৌৰশক্তিৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টা সন্দৰ্ভতো উল্লেখেৰে ৰাজনন্দগাঁও আৰু ভিলাইত সৌৰশক্তি কেন্দ্ৰ উৎসৰ্গাৰ কথা ব্যক্ত কৰে। “চৰকাৰে উপভোক্তাৰ বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাসলৈ চেষ্টা কৰিছে”, প্ৰধানমন্ত্ৰী মোদীয়ে কয়। তেখেতে আৰু কয় যে বৰ্তমান দেশজুৰি ১ কোটি পৰিয়ালক সামৰি লোৱা পিএম সূৰ্য্যঘৰ বিনামূলীয়া বিদ্যুৎ আঁচনি প্ৰৱৰ্তন কৰা হৈছে। তেখেতে জনোৱা অনুসৰি, চৰকাৰে ছাদৰ ওপৰৰ সৌৰ পেনেল স্থাপনৰ বাবে পোনপটীয়াকৈ বেংক একাউন্টত আৰ্থিক সাহায্য প্ৰদান কৰিব। য’ত ৩০০ ইউনিট বিদ্যুৎ বিনামূলীয়া হ’ব আৰু উৎপাদিত অতিৰিক্ত বিদ্যুৎ চৰকাৰে পুনৰ ক্ৰয় কৰিব, যাৰ ফলত হাজাৰ-হাজাৰ নাগৰিকৰ বাবে অতিৰিক্ত আয়ৰ সৃষ্টি হ’ব। তেখেতে লগতে কয় যে চৰকাৰে কৃষিভূমিত ক্ষুদ্ৰ সৌৰ উদ্যোগ স্থাপনত কৃষকসকলক সহায়েৰে অন্নদাতাসকলকক শক্তি দাতালৈ ৰূপান্তৰিতকৰণত গুৰুত্ব আৰোপ কৰিছে।

ছত্তীশগড়ৰ ডাবল ইঞ্জিনৰ চৰকাৰক গেৰান্টী পৰিপূৰণৰ বাবে প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে ৰাজ্যখনৰ লাখ-লাখ কৃষকে ইতিমধ্যে বানচ কৰিছে, যি প্ৰক্ৰিয়া দুবছৰ ধৰি অব্যাহত আছিল। পিএম আৱাস আৰু হৰঘৰ নল ছে জলৰ দৰে আঁচনিয়ে নতুন গতি লাভ কৰিছে বুলিও তেখেতে কয়। ভিন্ন পৰীক্ষাত সংঘটিত অনিয়মৰ তদন্ত অব্যাহত আছে আৰু প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ মহিলাসকলক মেহতাৰী বন্দন যোজানাৰ বাবে অভিনন্দন জনায়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ছত্তীশগড় হৈছে কঠোৰ পৰিশ্ৰমী কৃষক, প্ৰতিভাৱান যুৱক-যুৱতী আৰু প্ৰাকৃতিক প্ৰাচুৰ্য্য আছে। তেখেতে ৰাজ্যখনত অগ্ৰগতিৰ অভাৱৰ বাবে পূৰ্বৰ চৰকাৰসমূহ তথা স্বাৰ্থপৰ বংশগত ৰাজনীতিক সমালোচনা কৰে। তেখেতে কয়, “মোদীৰ বাবে আপোনালোক তেখেতৰ পৰিয়াল আৰু আপোনালোকৰ সপোন তেখেতৰ সংকল্প। সেইবাবেই মই আজি বিকশিত ভাৰত আৰু বিকশিত ছত্তীশগড়ৰ কথা কৈছোঁ।” তেখেতে আৰু কয়, “১৪০ কোটি ভাৰতীয়ৰ প্ৰতিজনকে এই সেৱকে তেখেতৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ নিশ্চয়তা দিছে” আৰু ২০১৪ত তেখেতে বিশ্বখনৰ দৃষ্টিত ভাৰতৰ ভাৱমূৰ্তিৰে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিতকৰণৰ নিশ্চয়তাৰ কথা মনত পেলাই দিয়ে। একেদৰে তেখেতে কয় যে যিসকলে দৰিদ্ৰ নাগৰিকৰ ধন শৰাধ কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই ধন দৰিদ্ৰৰ কল্যাণৰ বাবে আঁচনিত ব্যৱহাৰ কৰা হৈছে বুলিও তেখেতে কয়। তেখেতে বিনামূলীয়া ৰেচন, বিনামূলীয়া চিকিৎসা সেৱা, সুলভ মূল্যৰ ঔষধ, আৱাস, পাইপেৰে পানী, গেছ সংযোগ আৰু দৰিদ্ৰ লোকে শৌচাগাৰ লাভৰ কথা উল্লেখ কৰে। বিকশিত ভাৰত সংকল্প যাত্ৰাত মোদীৰ নিশ্চয়তাৰ বাহন প্ৰতিখন গাঁৱলৈ যোৱা দেখা গ’ল।

১০ বছৰ পূৰ্বে মোদীৰ নিশ্চয়তাৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে আমাৰ পূৰ্বপুৰুষসকলৰ সপোন আৰু আকাংক্ষাৰ এখনি ভাৰত গঢ়াৰ কথা উল্লেখেৰে কয় যে আজি এনে এখনি উন্নত ভাৰতৰ উত্থান ঘটিছে। তেখেতে ডিজিটেল ইণ্ডিয়া পদক্ষেপৰ কথা উল্লেখ কৰে। তেখেতে জনোৱা মতে, বৰ্তমানৰ চৰকাৰে প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাৰ জৰিয়তে দেশৰ জনসাধাৰণৰ বেংক একাউন্টলৈ ৩৪ লাখ কোটি টকাৰো অধিক ধন হস্তান্তৰ কৰিছে, মুদ্ৰা আঁচনিৰ অধীনত যুৱক-যুৱতীসকলক নিয়োগ আৰু আত্ম-নিয়োগৰ বাবে ২৮ লাখ কোটি টকাৰ সহায় আগবঢ়াইছে। একেদৰে, পিএম কিষাণ সন্মান নিধিৰ অধীনত ২.৭৫ লাখ কোটি টকাৰ সহায় আগবঢ়োৱা হৈছে। তেখেতে লগতে স্বচ্ছতাৰ অভাৱৰ বাবে পূৰ্বৰ চৰকাৰসমূহৰ সময়ত ধন হস্তান্তৰৰ ক্ষেত্ৰত হোৱা লিকেজৰ কথাও আঙুলিয়াই দিয়ে। “দুৰ্নীতিৰ অৱসান ঘটা মাত্ৰেকে উন্নয়নৰ সূচনা হয় আৰু একাধিক নিয়োগৰ সুযোগ সৃষ্টি কৰে।”

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজিৰ প্ৰকল্পসমূহে এখনি বিকশিত ছত্তীশগড় গঢ়াত সহায় কৰিব আৰু অহা ৫ বছৰত ভাৰতে বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থনীতি হিচাপে আত্মপ্ৰকাশ কৰা মাত্ৰেকে ছত্তীশগড়ো উন্নয়নৰ নতুন শিখৰত উপনীত হ’ব। “এয়া এক বৃহৎ সুযোগ, বিশেষকৈ নৱাগত ভোটাৰ আৰু স্কুল তথা কলেজত পঢ়ি থকা যুৱক-যুৱতীসকলৰ বাবে। বিকশিত ছত্তীশগড়ে তেওঁলোকৰ সপোন পূৰণ কৰিব”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কৈ তেখেতৰ ভাষণৰ সামৰণি মাৰে।

 

পটভূমি

প্ৰধানমন্ত্ৰীগৰাকীয়ে এনটিপিচিৰ লাৰা ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট, ষ্টেজ-II (২x৮০০ মেগাৱাট) ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে আৰু এনটিপিচিৰ লাৰা ছুপাৰ থাৰ্মেল পাৱাৰ প্ৰজেক্ট, ষ্টেজ-II (২x৮০০ মেগাৱাট)ৰ আধাৰশিলা স্থাপন কৰে। ষ্টেচনটোৰ পৰ্য্যায়-I প্ৰায় ১৫,৮০০ কোটি টকাৰ বিনিয়োগেৰে নিৰ্মাণ কৰা হৈছে যদিও প্ৰকল্পটোৰ পৰ্য্যায়-II, পৰ্যায়-I চৌহদৰ উপলব্ধ ভূমিত নিৰ্মাণ কৰা হ’ব, যাৰ ফলত সম্প্ৰসাৰণৰ বাবে কোনো অতিৰিক্ত মাটিৰ প্ৰয়োজন নহয় আৰু ইয়াৰ লগতে বিনিয়োগৰ প্ৰয়োজন হ’ব ১৫,৫৩০ কোটি টকাৰ। অতি দক্ষ ছুপাৰ ক্রিটিকেল টেকন’লজি (ষ্টেজ-I) আৰু আল্ট্ৰা ছুপাৰ ক্রিটিকেল টেকন’লজি (ষ্টেজ-IIৰ বাবে) সজ্জিত এই প্ৰকল্পটোৱে কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চাউথ ইষ্টাৰ্ন ক’লফিল্ডছ লিমিটেডৰ তিনিটা মূল ফাৰ্ষ্ট মাইল কানেক্টিভিটি (FMC) প্ৰকল্প উদ্বোধন কৰে। মুঠ ৬০০ কোটি টকাৰো অধিক ব্যয় সাপেক্ষে ইয়াক নিৰ্মাণ কৰা হয়।

 

অঞ্চলটোত নবীকৰণযোগ্য শক্তিৰ উৎপাদন বৃদ্ধিৰ এটি পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰজনণ্ডগাঁৱত সৌৰ পিভি প্ৰকল্পৰ উদ্বোধন কৰে। প্ৰায় ৯০০ কোটি টকা ব্যয় সাপেক্ষে এয়া নিৰ্মাণ কৰা হৈছে। এই প্ৰকল্পটোৱে বছৰি প্ৰায় ২৪৩.৫৩ মিলিয়ন ইউনিট শক্তি উৎপাদন কৰিব আৰু ২৫ বছৰৰ ভিতৰত প্ৰায় ৪.৮৭ মিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাস কৰিব।

অঞ্চলটোৰ ৰেল আন্তঃগাঁথনিক সুদৃঢ়কৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিলাসপুৰ – উছলাপুৰ উৰণীয়া সেতু উৎসৰ্গা কৰে। প্ৰায় ৩০০ কোটি টকা ব্যয়সাপেক্ষে এই সেতু নিৰ্মাণ কৰা হৈছে। ইয়াৰ ফলত যানজঁট হ্ৰাস পাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভিলাইত ৫০ মেগাৱাটৰ সৌৰশক্তি কেন্দ্ৰও উৎসৰ্গা কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-৪৯ৰ ৫৫.৬৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশৰ দুটা লেনলৈ উন্নীতকৰণৰ কাম ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পই দুখন গুৰুত্বপূৰ্ণ চহৰ বিলাসপুৰ আৰু ৰায়গড়ৰ মাজত যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ঘাইপথ-১৩০ৰ ৫২.৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ অংশৰ দুটা লেনলৈ উন্নীতকৰণৰ কাম ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। এই প্ৰকল্পই ৰায়পুৰ আৰু কোৰবা চহৰৰ সৈতে অম্বিকাপুৰ চহৰৰ যোগাযোগ ব্যৱস্থাৰ বৰ্ধন ঘটাব আৰু অঞ্চলটোৰ অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰিব।

 

 

 

 

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's IT industry to hit $315 billion in FY26 as AI revenues reach $10-12 billion: Nasscom

Media Coverage

India's IT industry to hit $315 billion in FY26 as AI revenues reach $10-12 billion: Nasscom
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Condoles the Passing of Thiru R. Nallakannu
February 25, 2026

The Prime Minister has expressed his condolences over the passing of Thiru R. Nallakannu, highlighting his grassroots connect and his tireless efforts to give a voice to the underprivileged.

The Prime Minister noted that Thiru R. Nallakannu was widely respected by people from every section of society and his simplicity was noteworthy. The Prime Minister shared that his thoughts are with the family and admirers during this time.

The Prime Minister shared on X;

"Thiru R. Nallakannu will be remembered for his grassroots connect and efforts to give voice to the underprivileged, workers and farmers. He was widely respected by people from every section of society. Equally noteworthy was his simplicity. My thoughts are with his family and admirers."