আধুনিক বিমানবন্দৰ আৰু উন্নত সংযোগৰ আন্তঃগাঁথনিয়ে যিকোনো ৰাজ্যৰ বাবে নতুন সম্ভাৱনা তথা নতুন সুযোগৰ দুৱাৰ হিচাপে কাম কৰে: প্ৰধানমন্ত্ৰী
আজি অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ উন্নয়নৰ নতুন দুৱাৰমুখ হিচাপে আত্মপ্ৰকাশ কৰিছেঃ প্ৰধানমন্ত্ৰী
উত্তৰ-পূৰ্বাঞ্চলে ভাৰতৰ ভৱিষ্যতৰ বিকাশৰ নেতৃত্ব দিবঃ প্ৰধানমন্ত্ৰী

অসমৰ সংযোগ, অৰ্থনৈতিক সম্প্ৰসাৰণ আৰু বিশ্বজোৰা সংযোগৰ ক্ষেত্ৰত এক পৰিৱৰ্তনশীল মাইলৰ খুঁটি হিচাবে  চিহ্নিত কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱন উদ্বোধন কৰে।

এই উপলক্ষ্যে আয়োজিত  সভাত ভাষণ আগবঢ়াই  শ্ৰী মোদীয়ে কয় যে আজি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উন্নয়ন তথা  প্ৰগতিৰ উৎসৱ চলিছে। তেওঁ আলোকপাত কৰে যে যেতিয়া প্ৰগতিৰ পোহৰ মানুহৰ ওচৰ পায়গৈ তেতিয়া জীৱনৰ প্ৰতিটো পথেই নতুন উচ্চতা স্পৰ্শ কৰিবলৈ আৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে অসমৰ ভূমিৰ প্ৰতি তেওঁৰ গভীৰ মোহ আছে, ইয়াৰ জনসাধাৰণৰ মৰম , বিশেষকৈ অসম তথা  উত্তৰ-পূৰ্বাঞ্চলৰ মাতৃ-ভগ্নীসকলৰ মৰমৰ উষ্ণতাই তেওঁক নিৰন্তৰ অনুপ্ৰাণিত কৰাৰ লগতে অঞ্চলটোৰ উন্নয়নৰ বাবে সামূহিক সংকল্পক শক্তিশালী কৰি তোলে।তেওঁ আলোকপাত কৰে যে আজি পুনৰবাৰ অসমৰ উন্নয়নত এক নতুন অধ্যায় সংযোজন কৰা হৈছে। ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ এটি গীতৰ কলি  উল্লেখ কৰি শ্ৰী মোদীয়ে  কয় যে ইয়াৰ অৰ্থ হৈছে মহান ব্ৰহ্মপুত্ৰ নদীৰ পাৰ জিলিকি উঠিব, অন্ধকাৰৰ প্ৰতিখন দেৱাল ভাঙি যাব আৰু এয়া  নিশ্চয় হ’ব,  কাৰণ ই দেশৰ  সংকল্প আৰু গম্ভীৰ প্ৰতিজ্ঞা।

ভূপেন হাজৰিকাৰ গীতৰ কলিবোৰ কেৱল গীত নহয় বৰঞ্চ অসমক ভালপোৱা প্ৰতিগৰাকী  মহান আত্মাৰ গম্ভীৰ সংকল্প । আজি এই সংকল্প পূৰণ হোৱা বুলি মন্তব্য  কৰি শ্ৰী মোদীয়ে কয় যে ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড সোঁত যেনেকৈ কেতিয়াও বন্ধ নহয়, ঠিক তেনেদৰে কেন্দ্ৰ আৰু ৰাজ্যত তেওঁলোকৰ চৰকাৰৰ অধীনত চলি থকা অসমৰ উন্নয়নৰ ধাৰাও নিৰৱচ্ছিন্নভাৱে অব্যাহত থাকিব।

তেওঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত নতুন টাৰ্মিনেল উদ্বোধনেই  এই প্ৰতিশ্ৰুতিৰ প্ৰমাণ বুলি উল্লেখ কৰে। এই নতুন টাৰ্মিনেল ভৱনৰ বাবে অসমবাসী আৰু দেশলৈ তেওঁ  অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে লগতে মন্তব্য কৰে যে কিছু সময়ৰ পূৰ্বে তেওঁ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ বাবে গৌৰৱৰ উৎস গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সৌভাগ্য লভিছিল।  তেওঁ কয় যে শ্ৰী বৰদলৈয়ে অসমৰ পৰিচয়, ভৱিষ্যত, স্বাৰ্থৰ ক্ষেত্ৰত  কেতিয়াও আপোচ কৰা নাছিল। তেওঁৰ প্ৰতিমূৰ্তিয়ে  ভৱিষ্যত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব আৰু সকলোৰে মাজত অসমৰ প্ৰতি গভীৰ গৌৰৱবোধ জগাই তুলিব।

“আধুনিক বিমানবন্দৰৰ সুবিধা আৰু উন্নত সংযোগৰ আন্তঃগাঁথনিয়ে যিকোনো ৰাজ্যৰ বাবে নতুন সম্ভাৱনা তথা সুযোগৰ দুৱাৰ হিচাপে কাম কৰে,  জনসাধাৰণৰ মাজত বৃদ্ধি পোৱা আত্মবিশ্বাস আৰু বিশ্বাসৰ স্তম্ভ হিচাপে থিয় দিয়ে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ মন্তব্য কৰে যে যেতিয়া মানুহে অসমত ঘাইপথ আৰু বিমানবন্দৰ নিৰ্মাণৰ সাক্ষী হয় তেতিয়া তেওঁলোকে নিজেই স্বীকাৰ কৰে যে অৱশেষত অসমৰ বাবে প্ৰকৃত ন্যায় প্ৰাপ্তি  আৰম্ভ হৈছে।তেওঁ  অতীতৰ কথা উল্লেখ কৰি কয় যে পূৰ্বৰ চৰকাৰসমূহে  অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন কেতিয়াও তেওঁলোকৰ এজেণ্ডা ৰখা  নাছিল। তেওঁ উল্লেখ কৰে যে সেই চৰকাৰসমূহৰ নেতাসকলে কৈছিল, “অসম আৰু উত্তৰ-পূবলৈ  কোন যায়?” অঞ্চলটোত আধুনিক বিমানবন্দৰ, ঘাইপথ, আৰু উন্নত ৰে'লপথৰ প্ৰয়োজনীয়তাৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰিছিল । প্ৰধানমন্ত্ৰীয়ে কয় যে এই মানসিকতাৰেই বিৰোধীয়ে দশক দশক ধৰি সমগ্ৰ অঞ্চলটোক অৱহেলা কৰি গৈছিল।

ছয়ৰ পৰা সাত দশকত বিৰোধীয়ে কৰা ভুলসমূহ তেওঁৰ নেতৃত্বত এটা এটাকৈ শুধৰণি কৰা হৈছে বুলি উল্লেখ কৰি  শ্ৰী মোদীয়ে কয় যে বিৰোধী নেতাসকলে উত্তৰ-পূবলৈ যাওক বা নাযাওক, তেওঁ নিজে পিছে অসম আৰু এই অঞ্চললৈ আহিলেই নিজৰ মানুহৰ মাজত থকা যেন  অনুভৱ কৰে।

তেওঁ  কয় যে তেওঁৰ বাবে অসমৰ উন্নয়ন কেৱল এক প্ৰয়োজনীয়তাই নহয়, ই এক দায়িত্ব আৰু এক জবাবদিহিতাও। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বিগত এঘাৰ বছৰত অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে লাখ লাখ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হৈছে। ভাৰতীয় ন্যায় সংহিতা ৰূপায়ণৰ ক্ষেত্ৰত অসম দেশৰ এক নম্বৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ কথা সন্তুষ্টিৰে উল্লেখ কৰি তেওঁ অসমত  আৰু অধিক অগ্ৰগতি তথা  নতুন মাইলৰ খুঁটি সৃষ্টি কৰা বুলি মন্তব্য কৰে।

তেওঁ লগতে কয় যে অসমে  ৫০ লাখৰো অধিক স্মাৰ্ট প্ৰিপেইড মিটাৰ স্থাপন কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। তেওঁ ইয়াৰ বিপৰীতে পূৰ্বৰ সময়ৰ সৈতে তুলনা কৰে , যেতিয়া উৎকোচ বা অনুগ্ৰহ  অবিহনে চৰকাৰী চাকৰি লাভ কৰাটো অসম্ভৱ আছিল। কিন্তু আজি হাজাৰ হাজাৰ যুৱকে এনে প্ৰথা অবিহনেই চাকৰি লাভ কৰিছে।শ্ৰী মোদীয়ে লগতে আলোকপাত কৰে যে তেওঁলোকৰ চৰকাৰৰ অধীনত অসমৰ সংস্কৃতিক প্ৰতিটো মঞ্চতে প্ৰচাৰ কৰা হৈছে।তেওঁ  ২০২৩ চনৰ ১৩ এপ্ৰিলত গুৱাহাটীৰ ষ্টেডিয়ামত ১১ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বিহু নৃত্য প্ৰদৰ্শন কৰাৰ ঐতিহাসিক পৰিঘটনাৰ কথা স্মৰণ কৰে, যি  কৃতিত্ব গিনীজ ৱৰ্ল্ড ৰেকৰ্ডত লিপিবদ্ধ হৈছিল। তেওঁ মন্তব্য কৰে যে এনে নতুন অভিলেখ সৃষ্টি কৰি অসম দ্ৰুতগতিত আগবাঢ়িছে।

 

এই নতুন টাৰ্মিনেল ভৱনৰ জৰিয়তে গুৱাহাটী আৰু অসমৰ ক্ষমতা যথেষ্ট বৃদ্ধি পাব, যাৰ ফলত বছৰি ১.২৫ কোটিতকৈ অধিক যাত্ৰীয়ে  যাত্ৰা কৰিব পাৰিব। এই কথা আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে ইয়াৰ দ্বাৰা বৃহৎ সংখ্যক পৰ্যটকৰ অসম ভ্ৰমণৰ সুবিধা হ’ব আৰু ভক্তসকলৰ বাবে মা কামাখ্যাৰ দৰ্শনো সহজ হ’ব।

তেওঁ কয় যে এই নতুন বিমানবন্দৰৰ টাৰ্মিনেলত ভৰি দিলে ঐতিহ্যৰ লগতে উন্নয়নৰ মন্ত্ৰৰ প্ৰকৃত অৰ্থ স্পষ্টভাৱে প্ৰতিফলিত হয়। প্ৰধানমন্ত্ৰীয়ে  কয় যে বিমানবন্দৰটো অসমৰ প্ৰকৃতি আৰু সংস্কৃতিৰ প্ৰতি লক্ষ্য ৰাখি ডিজাইন কৰা হৈছে, সেউজীয়া পৰিবেশ আৰুঅৰণ্যৰ দৰে পৰিবেশ ৰচনা কৰা হৈছে।

তেওঁ উল্লেখ কৰে যে এই ডিজাইনটো চাৰিওফালে প্ৰকৃতিৰ সৈতে সংযুক্ত কৰা হৈছে , যাতে প্ৰতিগৰাকী  যাত্ৰীয়ে শান্তি আৰু আৰাম অনুভৱ কৰে। তেওঁ নিৰ্মাণত বাঁহৰ বিশেষ ব্যৱহাৰৰ বিষয়ত আলোকপাত কৰি বাঁহ অসমৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ, শক্তি আৰু সৌন্দৰ্য্যৰ প্ৰতীক বুলি মন্তব্য কৰে।

শ্ৰী মোদীয়ে লগতে স্মৰণ কৰে যে তেওঁলোকৰ চৰকাৰে ২০১৭ চনত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি ভাৰতীয় বন আইন, ১৯২৭ সংশোধন কৰি অ-বনাঞ্চলত উৎপাদিত বাঁহক "গছ"ৰ পৰিৱৰ্তে "ঘাঁহ" হিচাপে আইনগতভাৱে পুনৰ শ্ৰেণীভুক্ত কৰিছিল। এই পদক্ষেপৰ ফলত আজি নতুন টাৰ্মিনেলত বাঁহে  এক সুন্দৰ  গাঁথনিৰ সৃষ্টি কৰিছে  বুলিও তেওঁ কয়।

আন্তঃগাঁথনিৰ উন্নয়নে এক অতি উল্লেখযোগ্য বাৰ্তা কঢ়িয়াই আনে বুলি  মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ই উদ্যোগসমূহক উন্নীত কৰে, বিনিয়োগকাৰীসকলক সংযোগৰ বিষয়ত আস্থা প্ৰদান কৰে  আৰু স্থানীয় সামগ্ৰীসমূহ বিশ্বৰ বজাৰত উপনীত হোৱাৰ পথ মুকলি কৰে। তেওঁ   কয় যে সৰ্বাধিক আশ্বাস যুৱক-যুৱতীসকলক দিয়া হয়, যাৰ বাবে নতুন সুযোগৰ সৃষ্টি হয়। “আজি অসমে সীমাহীন সম্ভাৱনাৰে আগবাঢ়ি যোৱা দেখা গৈছে”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

শ্ৰী মোদীয়ে মন্তব্য কৰে যে আজি ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে আৰু ভাৰতৰ ভূমিকাৰো পৰিৱৰ্তন ঘটিছে। তেওঁ আলোকপাত কৰে যে ভাৰত এতিয়া বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ পথত আগবাঢ়িছে। মাত্ৰ ১১ বছৰৰ ভিতৰতে কেনেকৈ এই কাম সম্ভৱ হ’ল বুলি প্ৰশ্ন উত্থাপন কৰি আধুনিক আন্তঃগাঁথনিৰ উন্নয়নে ইয়াত  মুখ্য ভূমিকা গ্ৰহণ কৰা বুলি তেওঁ কয়।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতে এখন উন্নত দেশৰ  সংকল্প পূৰণৰ বাবে আন্তঃগাঁথনিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি ২০৪৭ চনৰ বাবে প্ৰস্তুতি চলাইছে। তেওঁ আলোকপাত কৰে যে এই ভৱিষ্যৎ উন্নয়নৰ অভিযানৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল প্ৰতিখন ৰাজ্য আৰু প্ৰতিটো অঞ্চলৰ অংশগ্ৰহণ নিশ্চিত কৰা ।

তেওঁ উল্লেখ কৰে যে চৰকাৰে অভাৱগ্ৰস্তসকলক অগ্ৰাধিকাৰ দিছে, প্ৰতিখন ৰাজ্যই যাতে একেলগে আগবাঢ়ি যায় আৰু উন্নত ভাৰতৰ অভিযানত অৰিহণা যোগাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰখা হৈছে। অসম তথা উত্তৰ-পূর্বাঞ্চলে এই অভিযানৰ নেতৃত্ব দিয়াত তেওঁ সুখ প্রকাশ কৰে৷

শ্ৰী মোদীয়ে আলোকপাত কৰে যে এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ-পূবক অগ্ৰাধিকাৰ দিয়া হৈছে আৰু আজি অসমে ভাৰতৰ পূব গেটৱে হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ মন্তব্য কৰে যে অসমে আছিয়ান দেশৰ সৈতে ভাৰতক সংযোগ কৰা এখন দলঙৰ ভূমিকা পালন কৰি আছে। তেওঁ দৃঢ়তাৰে কয় যে এই আৰম্ভণি আৰু  বহু আগুৱাই যাব, অসম বহু খণ্ডত উন্নত ভাৰতৰ ইঞ্জিন হৈ পৰিব।

“অসম আৰু সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল ভাৰতৰ উন্নয়নৰ নতুন দুৱাৰমুখ হৈ পৰিছে,” বহু-ম’ডাল সংযোগৰ দৃষ্টিভংগীয়ে এই অঞ্চলৰ অৱস্থা আৰু দিশ দুয়োটাকে ৰূপান্তৰিত কৰা বুলি  শ্ৰী মোদীয়ে মন্তব্য কৰে। তেওঁ উল্লেখ কৰে যে অসমত নতুন দলং নিৰ্মাণৰ গতি, নতুন মোবাইল টাৱাৰ স্থাপনৰ গতি, প্ৰতিটো উন্নয়ন প্ৰকল্পৰ গতিয়ে  সপোনক বাস্তৱত পৰিণত কৰিছে।

 

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰা দলঙে অসমক সংযোগৰ ক্ষেত্ৰত নতুন শক্তি আৰু আত্মবিশ্বাস প্ৰদান কৰিছে বুলি তেওঁ দৃঢ়তাৰে কয় । প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে স্বাধীনতাৰ পিছৰ ছয়-সাতটা দশকত ইয়াত মাত্ৰ তিনিখন ডাঙৰ দলং নিৰ্মাণ কৰা হৈছিল যদিও যোৱা দশকত চাৰিখন নতুন বিশাল  দলং নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈছে, লগতে কেইবাটাও ঐতিহাসিক প্ৰকল্প গঢ় লৈ উঠিছে।

তেওঁ উল্লেখ কৰে যে বগীবিল আৰু ধলা-শদিয়াৰ দৰে দীঘল দলঙে অসমক কৌশলগতভাৱে শক্তিশালী কৰি তুলিছে। তেওঁ  কয় যে ৰে’ল সংযোগৰ ক্ষেত্ৰতো এক বৈপ্লৱিক পৰিৱৰ্তন ঘটিছে, বগীবিল দলঙে উজনি অসম আৰু দেশৰ বাকী অংশৰ মাজৰ দূৰত্ব হ্ৰাস কৰিছে। তেওঁ মন্তব্য কৰে যে গুৱাহাটীৰ পৰা নিউ জলপাইগুৰিলৈ চলি থকা বন্দে ভাৰত এক্সপ্ৰেছে যাতায়তৰ সময় বহু হ্ৰাস কৰিছে। 

শ্ৰী মোদীয়ে লগতে  কয় যে জলপথৰ উন্নয়নৰ ফলত অসমো লাভাৱান্বিত হৈছে, মালবাহী জাহাজৰ  যাতায়ত ১৪০ শতাংশ বৃদ্ধি পাইছে, যিয়ে প্ৰমাণ কৰিছে যে ব্ৰহ্মপুত্ৰ কেৱল নদী নহয়,  বৰঞ্চ অৰ্থনৈতিক শক্তিৰ প্ৰবাহ। তেওঁ কয় যে পাণ্ডুত প্ৰথম জাহাজ মেৰামতিৰ সুবিধা গঢ়ি তোলা হৈছে আৰু বাৰাণসীৰ পৰা ডিব্ৰুগড়লৈ গংগা বিলাস ক্ৰুজকলৈ  চাৰিওফালে  উৎসাহে দেখা দিছে। এইবোৰে  উত্তৰ-পূবক বিশ্বৰ ক্ৰুজ পৰ্যটনৰ মানচিত্ৰত দৃঢ়ভাৱে স্থান দিছে।

অসম আৰু উত্তৰ-পূৰ্বাঞ্চলক উন্নয়নৰ পৰা আঁতৰাই ৰখাৰ বাবে পূৰ্বৰ চৰকাৰসমূহক সমালোচনা কৰি শ্ৰী মোদীয়ে কয় যে নিৰাপত্তা, ঐক্য আৰু অখণ্ডতাৰ ক্ষেত্ৰত দেশখনে গধুৰ মূল্য দিব লাগিব। তেওঁ আলোকপাত কৰে যে বিৰোধীৰ শাসনৰ অধীনত হিংসাই দশক দশক ধৰি বিৰাজ কৰিছিল।  আনহাতে যোৱা ১০–১১ বছৰত ইয়াৰ অন্ত পেলোৱাৰ প্ৰচেষ্টা চলোৱা হৈছে।

 

তেওঁ উল্লেখ কৰে যে উত্তৰ-পূৰ্বাঞ্চলত এসময়ত য’ত হিংসা আৰু ৰক্তপাতৰ প্ৰকোপ বেছি  আছিল তাৰ বিপৰীতে আজি ৪জি আৰু ৫জি প্ৰযুক্তিৰ জৰিয়তে ডিজিটেল সংযোগ এই অঞ্চলসমূহত উপনীত হৈছে।

প্ৰধানমন্ত্ৰীয়ে  কয় যে এসময়ত হিংসা প্ৰভাৱান্বিত বুলি গণ্য কৰা জিলাসমূহ এতিয়া আকাংক্ষিত জিলা হিচাপে গঢ় লৈ উঠিছে আৰু অনাগত সময়ত এই অঞ্চলসমূহেই ঔদ্যোগিক কৰিডৰত পৰিণত হ’ব। তেওঁ উত্তৰ-পূব  সন্দৰ্ভত এক নতুন আত্মবিশ্বাসৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে আৰু ইয়াক আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে উন্নয়নতো সফলতা লাভ কৰিছে।  কাৰণ চৰকাৰে অঞ্চলটোৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষা কৰি আহিছে। তেওঁ আলোকপাত কৰে যে বিৰোধীয়ে এই পৰিচয় মচি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল ।

তেওঁ উল্লেখ কৰে যে এই অন্যায়ৰ শিপা স্বাধীনতাৰ পূৰ্বৰ যুগতেই বিস্তাৰিত হৈছিল , যেতিয়া মুছলিম লীগ আৰু ব্ৰিটিছ চৰকাৰে ভাৰত বিভাজনৰ বাবে পৰিকল্পনা  প্ৰস্তুত কৰি আছিল। সেই সময়ত অসমক অবিভক্ত বংগ অৰ্থাৎ পূব পাকিস্তানৰ অংশ হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাও আছিল।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে কংগ্ৰেছ এই ষড়যন্ত্ৰৰ অংশ হ’বলৈ গৈছিল, কিন্তু শ্ৰী বৰদলৈ জীয়ে নিজৰ দলৰ বিৰুদ্ধে থিয় দি অসমৰ পৰিচয় ধ্বংস কৰাৰ এই চক্ৰান্তৰ বিৰোধিতা কৰিছিল আৰু অসমক দেশৰ পৰা বিচ্ছিন্ন হোৱাৰ পৰা ৰক্ষা কৰিছিল।

তেওঁ  কয় যে তেওঁলোকৰ দলে  দলীয় ভাবনাৰ উৰ্ধলৈ গৈ প্ৰতিজন দেশপ্ৰেমিকক সন্মান জনায় । শ্ৰী অটল বিহাৰী বাজপেয়ী জীৰ নেতৃত্বত যেতিয়া তেওঁলোকৰ চৰকাৰ ক্ষমতালৈ আহিছিল তেতিয়া বৰদলৈ জীক ভাৰতৰত্ন প্ৰদান কৰা হৈছিল।

 

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে স্বাধীনতাৰ পূৰ্বে শ্ৰী বৰদলৈ জীয়ে অসমক ৰক্ষা কৰিছিল যদিও স্বাধীনতাৰ পিছৰ যুগত প্ৰথম শাসকীয় চৰকাৰে পুনৰবাৰ অসম বিৰোধী তথা তাৰ পিছত জাতীয় বিৰোধী কাৰ্যকলাপ আৰম্ভ কৰিছিল ।

তেওঁ আলোকপাত কৰে যে তেওঁলোকে ধৰ্মীয় তুষ্টিকৰণৰ জৰিয়তে ভোটবেংক সম্প্ৰসাৰণৰ ষড়যন্ত্ৰ কৰিছিল, বংগ আৰু অসমত অনুপ্ৰৱেশকাৰীক মুক্ত প্ৰৱেশৰ সুবিধা দিছিল। তেওঁ কয় যে অঞ্চলটোৰ জনগাঁথনিৰ পৰিৱৰ্তন ঘটিছে আৰু এই অনুপ্ৰৱেশকাৰীসকলে বনাঞ্চল আৰু মাটি বেদখল কৰিছে। প্ৰধানমন্ত্ৰীয়ে  কয় যে তাৰ ফলস্বৰূপে সমগ্ৰ অসমৰ  নিৰাপত্তা তথা  পৰিচয় বিপদত পৰিছিল।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনত চৰকাৰে বেদখলৰ পৰা অসমৰ সম্পদ মুক্ত কৰাৰ বাবে অধ্যৱসায়ীভাৱে কাম কৰি আছে। তেওঁ আলোকপাত কৰে যে অসমৰ সম্পদসমূহেৰে  অসমৰ জনসাধাৰণৰ  উপকৃতকাৰ সাধনৰ  বাবে প্ৰতিটো স্তৰতে প্ৰচেষ্টা চলোৱা হৈছে। তেওঁ উল্লেখ কৰে যে কেন্দ্ৰীয় চৰকাৰেও অনুপ্ৰৱেশ বন্ধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে, অবৈধ অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ  বাবে চিনাক্তকৰণ প্ৰক্ৰিয়া চলি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে উচ্চতম ন্যায়ালয়ে অনুপ্ৰৱেশকাৰীক খেদি পঠিওৱাৰ কথা কোৱাৰ সময়তো বিৰোধী আৰু তেওঁলোকৰ মিত্ৰসকলে  মুকলিকৈ ৰাষ্ট্ৰ বিৰোধী এজেণ্ডা গ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে এই পক্ষসমূহে অনুপ্ৰৱেশকাৰীৰ পক্ষত বিবৃতি জাৰি কৰিছে আৰু তেওঁলোকৰ অধিবক্তাই আদালতত তেনেবোৰ বিষয় নিষ্পত্তি কৰিবলৈ অনুৰোধ জনাইছে।

তেওঁ মন্তব্য কৰে যে যেতিয়া নিৰ্বাচন আয়োগে নিকা নিৰ্বাচন নিশ্চিত কৰাৰ বাবে এছআইআৰ  প্ৰক্ৰিয়া চলাই আছে , তেতিয়া এই গোটসমূহে ইয়াৰ বিৰোধিতা কৰিছে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে এনে লোকে অসমীয়া ভাই-ভনীৰ স্বাৰ্থ সুৰক্ষিত নকৰে আৰু আনক তেওঁলোকৰ মাটি তথা  বনাঞ্চল দখল কৰিবলৈ দিব বিচাৰে।

তেওঁলোকৰ জাতি বিৰোধী মানসিকতাই পূৰ্বৰ সময়ৰ হিংসা আৰু অশান্তিৰ পুনৰ সৃষ্টি কৰিব পাৰে বুলিও তেওঁ সকীয়াই দিয়ে। তেওঁ  কয় যে সেয়েহে সজাগ হৈ থকাটো, অসমৰ জনসাধাৰণ একত্ৰিত হৈ থকাটো আৰু অসমৰ উন্নয়ন বিচ্যুত হৈ নপৰাৰ বাবে বিৰোধীৰ ষড়যন্ত্ৰক বিফল  কৰাটো  অতি প্ৰয়োজনীয়।

‘আজি বিশ্বই আশাৰে ভাৰতৰ ফালে চাইছে আৰু ভাৰতৰ ভৱিষ্যতৰ নতুন সূৰ্য্য উদয় উত্তৰ-পূবৰ পৰাই আৰম্ভ হ’ব’, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।তেওঁ আলোকপাত কৰে যে ইয়াৰ বাবে ভাগ-বতৰা কৰা সপোনৰ দিশত কাম কৰিবলৈ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজন, অসমৰ উন্নয়নক আগস্থানত ৰাখি সেয়া কৰিব লাগিব। 

এনে যৌথ প্ৰচেষ্টাই অসমক নতুন উচ্চতালৈ লৈ যাব আৰু উন্নত ভাৰতৰ দৃষ্টিভংগী পূৰণ কৰিব বুলিও তেওঁ আস্থা প্ৰকাশ কৰে। ভাষণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে পুনৰবাৰ নতুন টাৰ্মিনেল উদ্বোধনৰ বাবে অভিনন্দন জ্ঞাপন কৰে।

অনুষ্ঠানত অসমৰ ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য, অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱাল, শ্ৰী কে ৰামমোহন নাইডু, শ্ৰী মুৰলীধৰ মহল, শ্ৰীযুত পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Share your ideas and suggestions for 'Mann Ki Baat' now!
May 05, 2026

Prime Minister Narendra Modi will share 'Mann Ki Baat' on Sunday, May 31st. If you have innovative ideas and suggestions, here is an opportunity to directly share it with the PM. Some of the suggestions would be referred by the Prime Minister during his address.

Share your inputs in the comments section below.