১৬ খন ‘অটল আৱাসিক বিদ্যালয়’ উদ্বোধন কৰে
"কাশী সাংসদ সংস্কৃতিক মহোৎসৱ’ৰ দৰে প্ৰচেষ্টাই এই প্ৰাচীন চহৰখনৰ সাংস্কৃতিক জীৱন্ততা শক্তিশালী কৰিব"
মহাদেৱৰ আশীৰ্বাদত কাশীয়ে উন্নয়নৰ অভূতপূৰ্ব মাত্ৰা স্পৰ্শ কৰিছে"
"কাশী আৰু সংস্কৃতি একে শক্তিৰ দুটা নাম"
তেওঁ কয় যে ‘জি-২০ সন্মিলন’ৰ সফলতাৰ ক্ষেত্ৰতো ভগৱান মহাদেৱৰ আশীৰ্বাদ প্ৰাপ্ত হৈছে।
স্থানীয় উৎসৱ আৰু উদযাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ সকলো বস্তুয়েই সংগীত আৰু কলাত নিমজ্জিত হৈ আছে।
প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ কেইবাগৰাকী মহান সংগীতজ্ঞৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে আধুনিক প্ৰযুক্তিৰ সহায়ত দেশৰ হাজাৰ হাজাৰ বিদ্যালয়ৰ আধুনিকীকৰণৰ বাবে ‘প্ৰধানমন্ত্ৰী শ্ৰী অভিযান’ সন্দৰ্ভতো আলোকপাত কৰে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ ‘ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ’ত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ ২০২৩’ৰ সামৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১১১৫ কোটি টকা ব্যয়েৰে সমগ্ৰ উত্তৰ প্ৰদেশত নিৰ্মিত ১৬খন ‘অটল আৱাসিক বিদ্যালয়’ উদ্বোধন কৰে। শ্ৰী মোদীয়ে কাশী সাংসদ খেল প্ৰতিযোগিতাৰ পঞ্জীয়নৰ বাবে যুগুতোৱা ‘পৰ্টেল’টো মুকলি কৰে। তেওঁ ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ’ৰ বিজয়ীসকলক পুৰস্কাৰসমূহো প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে অনুষ্ঠানটোৰ পূৰ্বে ‘অটল আৱাসিক বিদ্যালয়’ৰ শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপো কৰে।

 

সমবেত সকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভগৱান মহাদেৱৰ আশীৰ্বাদত কাশীৰ প্ৰতি সন্মান নিৰন্তৰ বৃদ্ধি পাইছে আৰু চহৰখনৰ বাবে নীতিসমূহে নতুন উচ্চতাত উপনীত হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘জি-২০ সন্মিলন’ৰ সফলতাত কাশীৰ অৱদানৰ কথা উল্লেখ কৰে আৰু উল্লেখ কৰে যে যিসকলে চহৰখন ভ্ৰমণ কৰিছিল তেওঁলোকে কাশীৰ সেৱা, সোৱাদ, সংস্কৃতি আৰু সংগীত তেওঁলোকৰ লগত লৈ উভতি গৈছে। তেওঁ কয় যে ‘জি-২০ সন্মিলন’ৰ সফলতাৰ ক্ষেত্ৰতো ভগৱান মহাদেৱৰ আশীৰ্বাদ প্ৰাপ্ত হৈছে।  

তেওঁ কয় যে মহাদেৱৰ আশীৰ্বাদত কাশীয়ে উন্নয়নৰ অভূতপূৰ্ব মাত্ৰা স্পৰ্শ কৰিছে। বাৰাণসীত তেওঁ আজি ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে ১৬ খন ‘অটল আৱাসিক বিদ্যালয়’ উৎসৰ্গা কৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ কাশীৰ বাসিন্দাসকলৰ লগতে শ্ৰমিকসকলৰ পৰিয়ালসমূহক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে বিশেষ ভাবে গুৰুত্ব আৰোপ কৰি কয় যে ২০১৪ চনৰ পৰা এইটো সমষ্টিৰ সাংসদ হিচাপে কাশীৰ উন্নয়নৰ বাবে তেওঁ পোষণ কৰি অহা দৃষ্টিভংগী অৱশেষত বাস্তৱত পৰিণত হৈছে। তেওঁ ‘কাশী সংস্কৃতিক মহোৎসৱ’ত জনসাধাৰণৰ বিশাল অংশগ্ৰহণক প্ৰশংসা কৰে আৰু অঞ্চলটোৰ বিভিন্ন প্ৰতিভাৰ সৈতে সংযোগ স্থাপনৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। মহোৎসৱৰ এয়া কেৱল ‘প্ৰথম সংস্কৰণ’ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে প্ৰায় ৪০,০০০ শিল্পীয়ে অংশগ্ৰহণ কৰিছিল আৰু লাখ লাখ দৰ্শনাৰ্থীয়ে কাৰ্যক্ৰম চাবলৈ অনুষ্ঠানস্থলীত ভিৰ কৰিছিলহি। তেওঁ বিশ্বাস ব্যক্ত কৰে যে ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ’-য়ে অনাগত সময়ত জনসাধাৰণৰ সমৰ্থনত নিজৰ বাবে এক নতুন পৰিচয় সৃষ্টি কৰিব পাৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে কাশী বিশ্বৰ পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ উঠিছে।    

 

শ্ৰী মোদীয়ে কয় যে কাশী আৰু সংস্কৃতি একেটো শক্তিৰ দুটা নাম আৰু ভাৰতৰ সাংস্কৃতিক ৰাজধানী হোৱাৰ গৌৰৱ বহণ কৰিছে কাশীয়ে। তেওঁ কয় যে চহৰখনৰ প্ৰতিটো কোণতে সংগীত প্ৰবাহিত হোৱাটো স্বাভাৱিক, অৱশ্যে, এই হৈছে স্বয়ং নটৰাজৰে চহৰ। মহাদেৱক সকলো কলাৰ উৎস বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই কলাসমূহ ভাৰত মুনিৰ দৰে প্ৰাচীন ঋষিসকলে বিকশিত কৰি এক প্ৰণালীত পৰিণত কৰিছে। স্থানীয় উৎসৱ আৰু উদযাপনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কাশীৰ সকলো বস্তুয়েই সংগীত আৰু কলাত নিমজ্জিত হৈ আছে।   

 

প্ৰধানমন্ত্ৰীয়ে চহৰখনৰ শাস্ত্ৰীয় সংগীতৰ গৌৰৱময় সংস্কৃতি আৰু আঞ্চলিক গীতসমূহৰ ওপৰত আলোকপাত কৰে আৰু উল্লেখ কৰে যে চহৰখন তবলা, শ্বেহনাই, চিতাৰ, সাৰংগী আৰু বীণাৰ দৰে বাদ্যযন্ত্ৰৰ সংমিশ্ৰণত সংগীতময় হৈছে। তেওঁ উল্লেখ কৰে যে বাৰাণসীয়ে ‘খেয়াল’, ‘থুমৰী’, ‘দাদৰা’, ‘চাইতি’ আৰু ‘কাজৰী’ৰ দৰে সংগীত-শৈলী শতিকা ধৰি সংৰক্ষণ কৰাৰ লগতে গুৰু-শিষ্য পৰম্পৰাক সংৰক্ষিত কৰি আহিছে, যিয়ে প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি ভাৰতৰ সুমধুৰ আত্মাক জীয়াই ৰাখিছে। প্ৰধানমন্ত্ৰীয়ে ‘তেলিয়া ঘৰাণা’, ‘পিয়াৰী ঘৰাণা’ আৰু ‘ৰামপুৰা কবিৰচৌৰা মুহাল্লা’ৰ সংগীতজ্ঞসকলৰ কথাও উল্লেখ কৰি কয় যে বাৰাণসীয়ে সংগীতৰ জগতখনত বহুতো মহান ব্যক্তি গঢ় দিছে যিয়ে বিশ্ব মঞ্চত তেওঁলোকৰ প্ৰতিভাৰ স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰীয়ে বাৰাণসীৰ কেইবাগৰাকী মহান সংগীতজ্ঞৰ সৈতে বাৰ্তালাপ কৰাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।    

 

আজি মুকলি কৰা ‘কাশী সাংসদ খেল প্ৰতিযোগিতা’ৰ ‘পৰ্টেল’টোৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে খেল প্ৰতিযোগিতাই হওক বা কাশী সাংসদ সংস্কৃতিক মহোৎসৱেই হওক, এয়া কেৱল কাশীত নতুন পৰম্পৰাৰ আৰম্ভণিহে। তেওঁ ঘোষণা কৰি কয় যে এতিয়া ‘কাশী সাংসদ জ্ঞান প্ৰতিযোগিতা’ও আয়োজন কৰা হ'ব। "কাশীৰ সংস্কৃতি, ৰন্ধনপ্ৰণালী আৰু কলা সম্পৰ্কে সজাগতা বৃদ্ধি কৰাৰ প্ৰয়াস কৰা হৈছে," তেওঁ কয়। "কাশী সাংসদ জ্ঞান প্ৰতিযোগিতা বিভিন্ন স্তৰত কাশীৰ গ্ৰাম্য আৰু নগৰ অঞ্চলসমূহত আনুষ্ঠিত কৰা হ'ব।"    

 

প্ৰধানমন্ত্ৰীয়ে কয় যে চহৰখনৰ লোকসকল কাশীৰ বিষয়ে আটাইতকৈ জ্ঞানী লোক আৰু প্ৰতিগৰাকী বাসিন্দা হৈছে কাশীৰ একোগৰাকী প্ৰকৃত ‘ব্ৰেণ্ড এম্বেছেডৰ’। এই জ্ঞান সঠিকভাৱে অৱগত কৰিব পৰাকৈ তেওঁলোকক সুসজ্জিত কৰি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে চহৰখনক সঠিকভাৱে বৰ্ণনা কৰিব পৰা উন্নত মানৰ ‘টুৰিষ্ট গাইড’ ব্যৱস্থা শক্তিশালী কৰাৰো প্ৰস্তাৱ দিয়ে। ইয়াৰ বাবে তেওঁ কয় যে ‘কাশী সংসদ টুৰিষ্ট গাইড প্ৰতিযোগিতা’ৰো আয়োজন কৰা হ'ব। "মই এয়া কৰিব বিচাৰিছোঁ, কাৰণ, মই বিচাৰো যে বিশ্বই মোৰ কাশীৰ বিষয়ে জানাক। মই বিচাৰো যে কাশীৰ টুৰিষ্ট গাইডসকল বিশ্বৰ আটাইতকৈ সন্মানীয় ‘গাইড’ হিচাপে পৰিগণিত হওক," তেওঁ কয়।    

 

সংস্কৃত শিকিবলৈ বিশ্বৰ বহু পণ্ডিত কাশীলৈ আহে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই বিশ্বাসৰ কথা মনত ৰাখি আজি ১১০০ কোটি টকা ব্যয়েৰে ‘অটল আৱাসিক বিদ্যালয়’ উদ্বোধন কৰা হৈছে বুলি মন্তব্য কৰে। তেওঁ গুৰুত্ব আৰোপ কৰে যে শ্ৰমিককে ধৰি সমাজৰ দুৰ্বল শ্ৰেণীৰ লোকসকলৰ সন্তানসকলক মানসম্পন্ন শিক্ষা প্ৰদান কৰাৰ বাবে এই বিদ্যালয়সমূহ উদ্বোধন কৰা হৈছে। "ক’ভিড মহামাৰীৰ সময়ত প্ৰাণ হেৰুওৱা সকলৰ সন্তানক শূন্য মাচুলত এই বিদ্যালয়সমূহত ভৰ্তি কৰা হ'ব," প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয় যে সাধাৰণ পাঠ্যক্ৰমৰ উপৰিও সংগীত, কলা, কাৰুশিল্প, প্ৰযুক্তি আৰু ক্ৰীড়াৰ সুবিধাও উপলব্ধ কৰা হ'ব। প্ৰধানমন্ত্ৰীয়ে জনজাতীয় সমাজৰ বাবে ১ লাখ একলব্য আৱাসিক বিদ্যালয়ৰ বিকশিত কৰাৰ কথা উল্লেখ কৰে। "নতুন শৈক্ষিক নীতিৰ সৈতে চৰকাৰে চিন্তাধাৰাক সম্পূৰ্ণৰূপে পৰিৱৰ্তন কৰিছে। বিদ্যালয়সমূহ আধুনিক হৈ উঠিছে আৰু শ্ৰেণীসমূহ ‘স্মাৰ্ট’ হৈ উঠিছে," তেওঁ কয়। শ্ৰী মোদীয়ে আধুনিক প্ৰযুক্তিৰ সহায়ত দেশৰ হাজাৰ হাজাৰ বিদ্যালয়ৰ আধুনিকীকৰণৰ বাবে ‘প্ৰধানমন্ত্ৰী শ্ৰী অভিযান’ সন্দৰ্ভতো আলোকপাত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে চহৰখনৰ বাবে কৰা সকলো প্ৰচেষ্টাত কাশীৰ জনসাধাৰণৰ সম্পূৰ্ণ সহযোগিতাৰ কথা কৃতজ্ঞতাৰে স্বীকাৰ কৰে।

     

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সন্তানৰ যত্ন লোৱাৰ বাবে সকলো ৰাজ্যৰ বাবে উপলব্ধ বাজেটৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে বহুতো ৰাজ্যই নিৰ্বাচনকেন্দ্ৰীক সুবিধাবাদী উদ্দেশ্যৰে এই পুঁজি ব্যৱহাৰ কৰিছিল আনহাতে মুখ্যমন্ত্ৰী যোগীজীৰ অধীনত উত্তৰ প্ৰদেশে সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ শিশুসকলৰ ভৱিষ্যতৰ বাবে ইয়াৰ সদ্ব্যৱহাৰ কৰিছে। প্ৰধানমন্ত্ৰীয়ে আৱাসিক বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক তেওঁলোকৰ আত্মবিশ্বাসৰ বাবে প্ৰশংসা কৰে। "মই ন-দি ক’ব পাৰো যে অহা ১০বছৰৰ ভিতৰত আপোনালোকে এই বিদ্যালয়সমূহৰ পৰা কাশীৰ গৌৰৱ ওলাই অহা দেখিবলৈ পাব," তেওঁ ভাষণৰ সামৰণি মাৰে।

 

এই অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ আৰু উত্তৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰীসকল উপস্থিত আছিল।

পৃষ্ঠভূমি

কাশীৰ সাংস্কৃতিক জীৱন্ততা শক্তিশালী কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে পোষণ কৰা দৃষ্টিভংগীৰ সুবাদত ‘কাশী সাংসদ সংস্কৃতিক মহোৎসৱ’ৰ ধাৰণা আৰম্ভ হৈছিল। মহোৎসৱত ১৭টা শাখাত ৩৭,০০০ ৰো অধিক ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল, যিয়ে সংগীত, বাদ্যযন্ত্ৰ বজোৱা, ‘নুক্কড় নাটক’, নৃত্য আদিত তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰিছিল। ‘ৰুদ্ৰাক্ষ আন্তঃৰাষ্ট্ৰীয় সহযোগিতা আৰু সন্মিলন কেন্দ্ৰ’ত অনুষ্ঠিত কাৰ্যসূচীৰ সময়ত দক্ষ অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ সাংস্কৃতিক পাৰদৰ্শিতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব।

 

মানদসম্পন্ন শিক্ষাত প্ৰৱেশাধিকাৰৰ পৰিসৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে সমগ্ৰ উত্তৰ প্ৰদেশত প্ৰায় ১১১৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা ১৬খন ‘অটল আৱাসিক বিদ্যালয়’ ক’ভিড-১৯ মহামাৰীৰ ফলত ক্ষতিগ্ৰস্ত শ্ৰমিক, নিৰ্মাণ শ্ৰমিক আৰু অনাথ শিশুসকলৰ বাবে আৰম্ভ কৰা হৈছে, যাৰ উদ্দেশ্য হৈছে শিশুসকলৰ সামগ্ৰিক বিকাশত মানসম্পন্ন শিক্ষা আৰু সহযোগিতা আগবঢ়োৱা। প্ৰতিখন বিদ্যালয়ত শ্ৰেণীকোঠা, ক্ৰীড়া ক্ষেত্ৰ, মনোৰঞ্জনক্ষেত্ৰ, একোটা ক্ষুদ্ৰ প্ৰেক্ষাগৃহ, ছাত্ৰাবাস, ভোজনালয় আৰু কৰ্মচাৰীৰ বাবে আৱাসিক ‘ফ্লেট’ৰ সৈতে ১০-১৫ একৰ এলেকাত নিৰ্মাণ কৰা হয়। এই আৱাসিক বিদ্যালয়সমূহৰ প্ৰতিখনতে অৱশেষত ১,০০০ শিক্ষাৰ্থীক থকামেলাৰ সুযোগ প্ৰদান কৰিব । 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment

Media Coverage

Moving beyond Western paradigms: The geopolitical lesson of India’s multi-alignment
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles loss of lives in a mishap in Surat, Gujarat
June 02, 2026
PM announces ex-gratia from PMNRF

Prime Minister Shri Narendra Modi today expressed deep pain over the tragic mishap in Surat district, Gujarat. He extended his heartfelt condolences to those who have lost their loved ones and prayed for the earliest recovery of the injured. The Prime Minister noted that rescue operations are underway and authorities are providing all possible assistance at the accident site.

The Prime Minister has announced an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) for the next of kin of each deceased. Shri Modi also noted that Rs. 50,000 would be provided to those who sustained injuries in the incident.

The Prime Minister posted on X:

"Deeply pained to hear about a mishap in Surat district, Gujarat. My condolences to those who have lost their loved ones. May the injured recover at the earliest. Rescue operations are underway and authorities are providing all possible assistance at the accident site.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM"