ছায়েন্স চিটিত ছামিট অৱ চাক্সেছ পেভিলিয়ন উদ্বোধন
প্ৰধানমন্ত্ৰীৰ দৃষ্টিক প্ৰশংসা উদ্যোগপতিসকলৰ
“ভাইব্ৰেন্ট গুজৰাট কেৱল ব্ৰেণ্ডিঙৰ ইভেন্টেই নহয়, ই বণ্ডিঙৰ ইভেন্টো”
“আমি কেৱল পুনৰ্গঠনৰ কথা চিন্তায়েই নহয়, ৰাজ্যখনৰ ভৱিষ্যতৰ বাবেও পৰিকল্পনা কৰিছিলো আৰু ইয়াৰ বাবে আমি ভাইব্ৰেন্ট গুজৰাট সন্মিলনক প্ৰধান মাধ্যম হিচাপে গঢ়ি তুলিছিলো”
“গুজৰাটৰ মূল আকৰ্ষণ হৈছে সু-শাসন, ন্যায্য আৰু নীতি-নিৰ্ভৰশীল প্ৰশাসন, বিকাশ আৰু স্বচ্ছতাৰ সম-ব্যৱস্থা”
“ভাইব্ৰেন্ট গুজৰাটৰ সফলতাৰ মূল কাৰণ হৈছে ধাৰণা, কল্পনা আৰু ৰূপায়ণ”
“ভাইব্ৰেন্ট গুজৰাট এক অনুষ্ঠানত পৰিণত হৈছে”
“ভাৰতক বিশ্বৰ বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ ২০১৪ৰ লক্ষ্যই আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু বিশেষজ্ঞসকলক আগ্ৰহী কৰি তুলিছে”
“যোৱা ২০ বছৰতকৈ পৰৱৰ্তী ২০ বছৰ অধিক গুৰুত্বপূৰ্ণ”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ ছায়েন্স চিটিত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰ পূৰ্তি উদযাপনৰ কাৰ্য্যসূচী সম্বোধন কৰে। ২০ বছৰ পূৰ্বে ২০০৩ৰ ২৮ ছেপ্টেম্বৰত গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট অনুষ্ঠিত হৈছিল। সময়ৰ লগে-লগে এই সন্মিলন প্ৰকৃততে এক বৈশ্বিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল, ভাৰতৰ অন্যতম প্ৰধান ব্যৱসায়িক সন্মিলনৰ মৰ্য্যাদা লাভ কৰিছিল।

 

ইয়াত উদ্যোগপতিসকলে তেওঁলোকৰ ভাৱনা ব্যক্ত কৰে। 

ৱেলছপুনৰ অধ্যক্ষ বিকে গোৱেংকাই ভাইব্ৰেন্ট গুজৰাটৰ যাত্ৰাক স্মৰণেৰে কয় যে ভাইব্ৰেন্ট গুজৰাট সঁচা অৰ্থত এক বৈশ্বিক অনুষ্ঠানত পৰিণত হৈছে। তেওঁ তেতিয়াৰ মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ কথা ব্যক্ত কৰে, যাৰ বাবে বিনিয়োগৰ প্ৰসাৰ ঘটিছিল। তেওঁ কয় যে এই অনুষ্ঠান আন ৰাজ্যৰ বাবে আদৰ্শ হৈ পৰিছে। প্ৰথম ভাইব্ৰেন্ট গুজৰাটৰ সময়ত শ্ৰী মোদীয়ে তেওঁক শেহতীয়াকৈ ভূমিকম্পৰ ফলত বিধ্বস্ত হোৱা কচ্ছ অঞ্চলত সম্প্ৰসাৰণৰ পৰামৰ্শ আগবঢ়োৱাৰ অভিজ্ঞতাৰ কথা ব্যক্ত কৰে। শ্ৰী গোৱেংকাই কয় যে এই পৰামৰ্শ ঐতিহাসিক হিচাপে প্ৰমাণিত হ’ল আৰু সকলো সমৰ্থনৰ জৰিয়তে তেওঁলোকে অতি কম সময়ৰ ভিতৰতে উৎপাদন আৰম্ভ কৰিছিল। তেওঁ বৰ্তমানৰ কচ্ছৰ স্পন্দনশীলতাৰ ওপৰত আলোকপাতেৰে কয় যে অতি সোনকালেই এই অঞ্চলটো বিশ্বৰ বাবে সেউজ হাইড্ৰজেনৰ কেন্দ্ৰবিন্দু হৈ পৰিব। তেওঁ ২০০৯ত বিশ্বৰ বিত্তীয় সংকটৰ মাজত প্ৰধানমন্ত্ৰীৰ আশাবাদৰ কথাও স্মৰণ কৰে আৰু সেই বছৰতো ভাইব্ৰেন্ট গুজৰাটে যথেষ্ট সফলতা লাভ কৰিছিল বুলি কয়। ৭০ শতাংশৰো অধিক বুজাবুজিৰ চুক্তিত ৰাজ্যখনত বিনিয়োগ দেখা গৈছে বুলিও তেওঁ কয়।

জেট্ৰ’ (দক্ষিণ এছিয়া)ৰ মুখ্য সঞ্চালক প্ৰধান তাকাছি চুজুকিয়ে ভাইব্ৰেন্ট গুজৰাটৰ ২০ বছৰ পূৰ্তিৰ বাবে গুজৰাট চৰকাৰক অভিনন্দন জনাই কয় যে মেক ইন ইণ্ডিয়া পদক্ষেপত জাপানে সৰ্বাধিক অৱদান আগবঢ়াইছে। ২০০৯ ৰপৰা গুজৰাটৰ সৈতে জেট্ৰ’ৰ অংশীদাৰিত্বৰ কথা উল্লেখেৰে চুজুকিয়ে কয় যে গুজৰাটৰ সৈতে সাংস্কৃতিক আৰু ব্যৱসায়িক সম্পৰ্ক সময়ৰ লগে-লগে গভীৰ হৈ উঠিছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গ-দৰ্শনে ইয়াক সমৃদ্ধ কৰিছে। তেখেতৰ পৰামৰ্শ অনুসৰি জেট্ৰ’ই ২০১৩ত আহমেদাবাদত নিজৰ প্ৰকল্প কাৰ্য্যালয় মুকলি কৰিছিল। তেওঁ ভাৰতৰ টাউনশ্বিপসমূহৰ ওপৰতো আলোকপাত কৰে যিয়ে বিনিয়োগক উৎসাহিত কৰিছে আৰু উল্লেখ কৰে যে ২০১৮ত গুজৰাটৰ প্ৰকল্প কাৰ্য্যালয়টো আঞ্চলিক কাৰ্য্যালয়লৈ উন্নীত কৰা হৈছিল। চুজুকিয়ে জনাইছে যে গুজৰাটত প্ৰায় ৩৬০টা জাপানী কোম্পানী আৰু কাৰখানা আছে। তেওঁ ভাৰতৰ অনাগত ব্যৱসায়িক খণ্ড যেনেঃ অৰ্ধপৰিবাহী, সেউজ হাইড্ৰজেন, নবীকৰণযোগ্য শক্তি আৰু ঔষধ খণ্ডত প্ৰৱেশৰ কথাও উল্লেখ কৰে আৰু পৰৱৰ্তী ভাইব্ৰেন্ট গুজৰাটলৈ অৰ্ধপৰিবাহী ইলেক্ট্ৰনিকছত গুৰুত্ব আৰোপকাৰী জাপানী ব্যৱসায়িক প্ৰতিনিধি দল এটাক আমন্ত্ৰণ জনোৱাৰ কথাও অৱগত কৰে। ভাৰতক বিনিয়োগৰ বাবে অনুকূল স্থান হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে চুজুকিয়ে। 

 

আৰ্চেলৰ মিট্টালৰ কাৰ্য্যবাহী অধ্যক্ষ শ্ৰী লক্ষ্মী মিট্টালে কয় যে ভাইব্ৰেন্ট গুজৰাটে আৰম্ভ কৰা এই ধাৰাটোৰ ফলত আন-আন ৰাজ্যতো এনে অনুষ্ঠান আয়োজিত হৈছে। ইয়াৰ ফলশ্ৰুতিত ভাৰত বিশ্ব বিনিয়োগকাৰীৰ বাবে অনুকূল স্থান হৈ পৰিছে। ইয়াৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ দৃষ্টিভংগী আৰু দক্ষতাৰ শলাগ লয়। তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত বৈশ্বিক ঐক্যমত গ্ৰহণকাৰী হিচাপে আত্মপ্ৰকাশ কৰা জি-২০ৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক অভিনন্দন জনায়। শ্ৰী মিট্টালে গুজৰাটৰ আগশাৰীৰ ঔদ্যোগিক ৰাজ্য হিচাপে মৰ্য্যাদা আৰু ই কেনেকৈ বৈশ্বিক প্ৰতিযোগিতামূলক ক্ষমতাক ফলপ্ৰসূভাৱে প্ৰদৰ্শন কৰিছে, সেই সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ৰাজ্যখনৰ আৰ্চেলৰ মিট্টালৰ প্ৰকল্পৰাজি সম্পৰ্কে অৱগত কৰে।

ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিশ বছৰ পূৰ্বে সিঁচা এটি বীজে এতিয়া এক বিশাল আৰু বৈচিত্ৰ্যময় ভাইব্ৰেন্ট গুজৰাটৰ ৰূপ ধাৰণ কৰিছে। ভাইব্ৰেন্ট গুজৰাট সন্মিলনৰ ২০ বছৰ পূৰ্তি উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই তেখেতে আনন্দ প্ৰকাশ কৰে। ভাইব্ৰেন্ট গুজৰাট কেৱল ব্ৰেণ্ডিঙৰ ইভেন্টেই নহয়, ই বণ্ডিঙৰ ইভেন্টো বুলি পুনৰ উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এই সন্মিলনখন তেখেতৰ সৈতে জড়িত এক গাঢ় বন্ধনৰ প্ৰতীক আৰু ৰাজ্যখনৰ ৭ কোটি জনসাধাৰণৰ সামৰ্থ্যৰ প্ৰতীক। “এই বন্ধন মোৰ প্ৰতি জনসাধাৰণৰ অপৰিসীম মৰমৰ ভিত্তিত গঢ় লৈ উঠিছে”, তেখেতে লগতে কয়।  

তেখেতে কয় যে ২০০১ৰ ভূমিকম্পৰ পিছত গুজৰাটৰ কেনে অৱস্থা হৈছিল, সেয়া কল্পনাৰো অগোচৰ। ভূমিকম্পৰ পূৰ্বেও গুজৰাটত দীৰ্ঘদিনীয়া খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। মাধৱপুৰা মাৰ্কেন্টাইল সমবায় বেংকৰ পতনে আন-আন সমবায় বেংকতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। শ্ৰী মোদীয়ে কয় যে সেই সময়ত চৰকাৰৰ ভূমিকাত তেখেত নতুন আছিল বাবে সেয়া তেখেতৰ বাবে এক নতুন অভিজ্ঞতা আছিল। তাৰ মাজতে হৃদয় বিদাৰক গোধৰা কাণ্ডৰ পৰিপ্ৰেক্ষিতত গুজৰাটত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। শ্ৰী মোদীয়ে কয় যে মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ অভিজ্ঞতাৰ অভাৱ সত্ত্বেও গুজৰাট আৰু ইয়াৰ জনসাধাৰণৰ ওপৰত তেওঁৰ সম্পূৰ্ণ আস্থা আছিল।

“পৰিস্থিতি যিয়েই নহওঁক কিয়, মই গুজৰাটক এনে পৰিস্থিতিৰপৰা উদ্ধাৰ কৰিম বুলি অংগীকাৰ কৰিছিলো। আমি কেৱল পুনৰ্গঠনৰ কথাই চিন্তা কৰা নাছিলো, বৰঞ্চ ইয়াৰ ভৱিষ্যতৰ বাবেও পৰিকল্পনা কৰিছিলো আৰু ইয়াৰ বাবে আমি ভাইব্ৰেন্ট গুজৰাট সন্মিলনক এটি প্ৰধান মাধ্যম কৰি তুলিছিলো”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আলোকপাত কৰে যে ভাইব্ৰেন্ট গুজৰাটে ৰাজ্যখনৰ দৃঢ়তা বৃদ্ধি কৰিছে আৰু বিশ্বৰ সৈতে সংযুক্ত হোৱাৰ মাধ্যমত পৰিণত হৈছে। তেখেতে কয় যে এই সন্মিলনে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত গ্ৰহণ আৰু কেন্দ্ৰীভূত দৃষ্টিভংগীক বিশ্ববাসীৰ আগত প্ৰদৰ্শনৰ লগতে দেশৰ উদ্যোগৰ সম্ভাৱনাকো সন্মুখলৈ অনাৰ পথ প্ৰশস্ত কৰি আহিছে। তেখেতে আৰু কয় যে ভাইব্ৰেন্ট গুজৰাটক ফলপ্ৰসূভাৱে ব্যৱহাৰেৰে অসংখ্য খণ্ডত অগণন সুযোগ উপস্থাপন কৰা হৈছে, দেশৰ প্ৰতিভাৰ পুল প্ৰদৰ্শন কৰা হৈছে আৰু ৰাষ্ট্ৰখনৰ ঐশ্বৰিকতা, ভৱিষ্যৎ আৰু সাংস্কৃতিক পৰম্পৰাক উজ্জ্বল কৰি তোলা হৈছে। এই সন্মিলনৰ আয়োজনৰ সময় সন্দৰ্ভত ব্যক্ত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে নৱৰাত্ৰি আৰু গৰ্বাৰ আনন্দৰ সময়তে আয়োজিত ভাইব্ৰেন্ট গুজৰাট ৰাজ্যখনৰ ঔদ্যোগিক উন্নয়নৰ বাবে এক উৎসৱত পৰিণত হ’ল।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ প্ৰতি তেতিয়াৰ কেন্দ্ৰীয় চৰকাৰৰ উদাসীনতাৰ কথা ব্যক্ত কৰে। তেখেতে ‘গুজৰাটৰ উন্নয়নৰ জৰিয়তে দেশৰ উন্নয়ন’ বুলি কোৱাৰ পিছতো গুজৰাটৰ উন্নয়নক ৰাজনৈতিক দৃষ্টিকোণেৰে চোৱাৰ কথা কয়। বিদেশী বিনিয়োগকাৰীসকলে গুজৰাটক বাছি লোৱাৰ মূল আকৰ্ষণ হৈছে সু-শাসন, ন্যায্য আৰু নীতি-নিৰ্ভৰশীল প্ৰশাসন তথা বৃদ্ধি আৰু স্বচ্ছতাৰ সম-ব্যৱস্থা। 

২০০৯ৰ ভাইব্ৰেন্ট গুজৰাটৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ৰাজ্যখনৰ তেতিয়াৰ মুখ্যমন্ত্ৰী হিচাপে তেখেত আগুৱাই গৈ অনুষ্ঠানটো আয়োজনত গুৰুত্ব আৰোপ কৰিছিল। ২০০৯ৰ ভাইব্ৰেন্ট গুজৰাট সন্মিলনৰ সময়ত গুজৰাটৰ সফলতাৰ এক নতুন অধ্যায় ৰচনা হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনৰ সাফল্যৰাজি সম্পৰ্কে কয়। ২০০৩ৰ সংস্কৰণত মাত্ৰ কেইশমান অংশগ্ৰহণকাৰীয়েহে ইয়াত ভাগ লৈছিল; আজি ৪০,০০০ ৰোধিক অংশগ্ৰহণকাৰী আৰু প্ৰতিনিধি তথা ১৩৫খন দেশে এই সন্মিলনত অংশগ্ৰহণ কৰে বুলি তেখেতে জনায়। ইয়াৰোপৰি ২০০৩ত প্ৰদৰ্শক ৩০ জনৰপৰা আজি ২০০০ ৰোধিক হৈছে। 

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাইব্ৰেন্ট গুজৰাটৰ সফলতাৰ মূল কাৰণসমূহ হ’লঃ ধাৰণা, কল্পনা আৰু ৰূপায়ণ। তেখেতে ভাইব্ৰেন্ট গুজৰাটৰ আঁৰৰ ধাৰণা আৰু কল্পনাৰ সাহসক আলোকপাতেৰে কয় যে আন ৰাজ্যসমূহেও ইয়াক অনুসৰণ কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি চৰকাৰৰ প্ৰচেষ্টাৰ ফলশ্ৰুতিত ভাইব্ৰেন্ট গুজৰাট এক অনুষ্ঠানত পৰিণত হৈছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ প্ৰতিখন ৰাজ্যক উপকৃতকৰণৰ লক্ষ্যৰে ভাইব্ৰেন্ট গুজৰাটৰ মনোভাৱত গুৰুত্ব আৰোপ কৰে। এই সন্মিলনে আগবঢ়োৱা সুযোগৰ সুবিধা ল’বলৈ আন ৰাজ্যসমূহক অনুৰোধ জনোৱাৰ কথা তেখেতে ব্যক্ত কৰে। 

বিংশ শতিকাত গুজৰাটৰ পৰিচয় ব্যৱসায়ী ভিত্তিক আছিল বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে বিংশ শতিকাৰপৰা একবিংশ শতিকালৈ পৰিৱৰ্তনৰ ফলত গুজৰাট কৃষিৰ শক্তিশালী আৰু বিত্তীয় কেন্দ্ৰ হিচাপে পৰিগণিত হৈছিল আৰু ৰাজ্যখনে নতুনকৈ লাভ কৰিছিল ঔদ্যোগিক আৰু উৎপাদন বাতাবৰণ হিচাপে পৰিচয়। লগতে তেখেতে উল্লেখ কৰে যে গুজৰাটৰ বাণিজ্য ভিত্তিক সুনাম অধিক শক্তিশালী হৈ উঠিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেধৰণৰ উন্নয়নৰ সফলতাৰ কৃতিত্ব ভাইব্ৰেন্ট গুজৰাটক প্ৰদান কৰে যিয়ে ধাৰণা, উদ্ভাৱন আৰু উদ্যোগৰ ইনকিউবেটৰ হিচাপে কাম কৰি আছে। ফলপ্ৰসূ নীতি নিৰ্ধাৰণ আৰু কাৰ্য্যকৰী প্ৰকল্প ৰূপায়ণৰ ফলশ্ৰুতিত বিগত ২০ বছৰৰ সফলতাৰ কাহিনী আৰু কেছ ষ্টাডিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বস্ত্ৰ আৰু পোছাক উদ্যোগত বিনিয়োগ আৰু নিয়োগ বৃদ্ধিৰ কথা কয় আৰু লগতে উল্লেখ কৰে ৰপ্তানিৰ অভিলেখ বৃদ্ধিৰ কথা। শ্ৰী মোদীয়ে ২০০১ৰ তুলনাত ৯ গুণ বিনিয়োগ বৃদ্ধি পোৱা অটোম’বাইল খণ্ডৰ কথা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “আমি ভাইব্ৰেন্ট গুজৰাট আৰম্ভ কৰোতে আমাৰ উদ্দেশ্য আছিল যে এই ৰাজ্যখন দেশৰ প্ৰগতি-বিকাশৰ ইঞ্জিন হ’ব লাগে। দেশে এই দৃষ্টিভংগী বাস্তৱত পৰিণত হোৱা দেখিছে।” তেখেতে কয় যে ২০১৪ত ভাৰতক বিকাশৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ লক্ষ্যই আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰু বিশেষজ্ঞসকলৰ মাজত চৰ্চা লাভ কৰিছে। “আজি ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুত-বৰ্ধমান অৰ্থনীতি। এতিয়া আমি এনে এটা টাৰ্নিং পইন্টত থিয় দিছো য’ত ভাৰত বিশ্বৰ অৰ্থনৈতিকভাৱে শক্তিশালী দেশ হ’বলৈ আগবাঢ়িছে“, তেখেতে কয়। তেখেতে উদ্যোগপতিসকলক এনে খণ্ডত মনোনিৱেশ কৰিবলৈ কয় যিয়ে ভাৰতক নতুন সম্ভাৱনা ৰূপায়ণত সহায় কৰিব। তেখেতে ষ্টাৰ্টআপ ইক’চিষ্টেম, এগ্ৰি-টেক, ফুড প্ৰচেছিং আৰু শ্ৰী অন্নক গতি প্ৰদানৰ উপায় সম্পৰ্কে আলোচনা কৰিবলৈ কয়।

 

বিত্তীয় সহযোগিতাৰ প্ৰতিষ্ঠানৰ ক্ৰমবৰ্ধমান প্ৰয়োজনীয়তা সম্পৰ্কে ব্যক্ত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গিফ্ট চিটিৰ বৰ্ধিত প্ৰাসংগিকতা সন্দৰ্ভত কয়। “গিফ্ট চিটিয়ে আমাৰ সমগ্ৰ চৰকাৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। ইয়াত কেন্দ্ৰ, ৰাজ্য আৰু আইএফএছচি কৰ্তৃপক্ষই একেলগে কাম কৰি বিশ্বৰ শ্ৰেষ্ঠ নিয়ন্ত্ৰণ বাতাবৰণ সৃষ্টি কৰিযছে। আমি ইয়াক বৈশ্বিক প্ৰতিযোগিতামূলক বিত্তীয় বজাৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰা উচিত”, তেখেতে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া থমকি ৰোৱাৰ সময় নহয়। “যোৱা ২০ বছৰতকৈ পৰৱৰ্তী ২০ বছৰ অধিক গুৰুত্বপূৰ্ণ। ভাইব্ৰেন্ট গুজৰাটে ৪০ বছৰ সম্পূৰ্ণৰ সময়ত ভাৰত স্বাধীনতাৰ শতবাৰ্ষিকীৰপৰা বহু দূৰত নাথাকিব। এই সময়ত ভাৰতে ২০৪৭ৰ ভিতৰত এখনি উন্নত আৰু আত্মনিৰ্ভৰশীল ৰাষ্ট্ৰ হিচাপে পৰিগণিত হোৱাৰ ৰোডমেপ যুগুত কৰিব লাগিব”, সন্মিলনখনি এই দিশত আগবাঢ়িব বুলি আশা প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণি মাৰে। 

এই কাৰ্য্যসূচীত গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, সাংসদ শ্ৰী চিআৰ পাটিল, গুজৰাট চৰকাৰৰ মন্ত্ৰীসকল আৰু উদ্যোগপতিসকল তথা আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

পৃষ্ঠপট

আহমেদাবাদৰ ছায়েন্স চিটিত অনুষ্ঠিত ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ ২০ বছৰ পূৰ্তি উদযাপনৰ কাৰ্য্যসূচীত উদ্যোগ সংস্থা, বাণিজ্য আৰু বাণিজ্য ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিত্ব, যুৱ উদ্যোগী তথা উচ্চ আৰু কাৰিকৰী শিক্ষা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰে।

 

২০ বছৰ পূৰ্বে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত আৰম্ভ হৈছিল ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট। ২০০৩ৰ ২৮ ছেপ্টেম্বৰৰপৰা ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিটৰ যাত্ৰা আৰম্ভ হৈছিল। সময়ৰ লগে-লগে এয়া প্ৰকৃততে এক বৈশ্বিক অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছিল, ভাৰতৰ অন্যতম প্ৰধান ব্যৱসায়িক সন্মিলনৰ মৰ্য্যাদা লাভ কৰিছিল। ২০০৩ত প্ৰায় ৩০০ আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীৰে অনুষ্ঠিত এই সন্মিলনত ২০১৯ত ১৩৫ খনৰো অধিক দেশৰ কেইবা-হাজাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছিল।

যোৱা ২০ বছৰে ভাইব্ৰেন্ট গুজৰাট গ্ল’বেল ছামিট “গুজৰাটক পছন্দৰ বিনিয়োগৰ স্থান হিচাপে গঢ়ি তোলা” ৰপৰা “নৱ্য ভাৰতক গঢ় দিয়া”লৈ ৰূপান্তৰিত হৈছে। ভাইব্ৰেন্ট গুজৰাটৰ অতুলনীয় সফলতা সমগ্ৰ দেশৰ বাবে আদৰ্শ হৈ পৰিছে আৰু ভাৰতৰ আন-আন ৰাজ্যকো এনে বিনিয়োগ সন্মিলনৰ আয়োজনৰ অৰ্থে অনুপ্ৰাণিত কৰিছে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’

Media Coverage

PM Modi inaugurates Micron’s ₹22,516-crore ATMP facility in Gujarat; calls chips ‘Regulator of 21st century’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s speech at the launch of various infrastructure works in Madurai, Tamil Nadu
March 01, 2026
Building high-quality infrastructure is about empowering people: PM
Over the past twelve years, the Government of India has made huge investments in Tamil Nadu’s highway network, ensuring ease of travel for pilgrims and smoother movement of agricultural produce and marine products: PM
Over the last decade, Indian Railways has undergone a historic transformation, emerging as a modern, efficient and people-centric transport system, and is particularly visible in Tamil Nadu: PM
It is a matter of pride that our vision of ‘Make in India’ is boosting self-reliance and creating jobs for our youth: PM
The Union budget positions Tamil Nadu as part of the Rare Earth Corridors, promoting advanced manufacturing, research and technology development: PM
Our collective goal is a developed Tamil Nadu for developed India: PM

Shri R. N. Ravi, L. Murugan, Edappadi K. Palaniswami, Nainar Nagendran, E. V. Velu, and my dear brothers and sisters of Tamil Nadu, Vanakkam!

I feel honoured to be in the sacred and historic city of Madurai. I bow to Meenakshi Amman and Bhagwan Sundareswarar. Today’s event marks a proud chapter in Tamil Nadu’s development journey. We have laid foundation stones, inaugurated and dedicated to the nation, projects worth over Four Thousand Four Hundred Crore Rupees. These projects will transform connectivity, boost the economy, create jobs and transform lakhs of people’s lives. Better roads for farmers to reach markets. Easier travel for pilgrims and tourists. Faster transport for businesses. Building high-quality infrastructure is about empowering people.

Friends,

Over the past twelve years, the Government of India has made huge investments in Tamil Nadu’s highway network. Over Four Thousand Kilometres of highways have been built here since 2014. Today, I am happy to lay the foundation stone for two major national highway projects. First, the four-laning of the Marakkanam–Puducherry section, with an investment of over Two Thousand One Hundred Crore Rupees. This will strengthen coastal tourism, trade and economy in both Tamil Nadu and Puducherry. Second, the four-laning of the Paramakudi–Ramanathapuram stretch. In this project, we are investing over One Thousand Eight Hundred Crore Rupees. It will significantly enhance access to places like Rameswaram and Dhanushkodi. This ensures ease of travel for pilgrims and smoother movement of agricultural produce and marine products.

Friends,

Over the last decade, Indian Railways has undergone a historic transformation. It is emerging as a modern, efficient and people-centric transport system. This transformation is particularly visible in Tamil Nadu. The railway budget allocation for Tamil Nadu has increased nearly nine-fold since our government came in. During 2009 to 2014, the average yearly railway allocation was Eight Hundred and Eighty Crore Rupees. In 2026–27, the allocation has increased to Seven Thousand Six Hundred Crore Rupees.

In Tamil Nadu, more than One Thousand Three Hundred Kilometres of new tracks have been laid. 97% electrification has been achieved. Hundreds of flyovers and underpasses have improved safety and efficiency. Last year, I had the privilege of inaugurating the new Pamban Bridge in Tamil Nadu. It is India’s first vertical lift sea bridge, a symbol of engineering excellence. This bridge in itself has become a major tourist attraction in Tamil Nadu.

Friends,

Right now, 9 Vande Bharat trains and 9 Amrit Bharat trains are benefitting the people of Tamil Nadu. The coaches of such high-speed trains are being manufactured at the Integral Coach Factory in Chennai. It is a matter of pride that our vision of ‘Make in India’ is boosting self-reliance and creating jobs for our youth. Under the Amrit Bharat Station Scheme, Seventy-Seven railway stations are being modernised. These stations blend comfort, accessibility and local identity. Today, we are inaugurating Eight redeveloped stations across Tamil Nadu. The dedication of the Chennai Beach–Chennai Egmore fourth line will benefit thousands of daily commuters in Chennai. I am also pleased to inaugurate Akashvani’s new FM relay transmitters in Kumbakonam, Yercaud and Vellore. These radio stations will be dedicated to your service from today.

Friends,

Infrastructure funding to Tamil Nadu has now tripled, compared to the previous decade. And the Budget of 2026 continues the trend with a strong focus on Tamil Nadu. In this budget, we have proposed Bengaluru–Chennai and Chennai–Hyderabad bullet train corridors. They will revolutionise the economy of this whole region. The budget positions Tamil Nadu as part of the Rare Earth Corridors. Rare Earth Corridors will promote advanced manufacturing, research and technology development.

Friends,

Tamil Nadu has a rich history and heritage. Historic sites such as Adichanallur will be developed into global heritage destinations. Ecotourism initiatives around Lake Pulicat and Podhigai Malai will create new job opportunities while preserving natural ecosystems. Across the nation, around Two Hundred industrial clusters will be identified and supported, to boost manufacturing. We all know that Tamil Nadu is home to many industries and therefore, this scheme will benefit the youth here.

Friends,

Every Indian is inspired to build a developed nation by 2047. Tamil Nadu will play a decisive role in shaping the nation’s destiny. Our collective goal is a developed Tamil Nadu for developed India. The Centre remains fully committed to enabling inclusive development and the state’s progress.

Nandri!