বিশ্ব চিন্তামগ্ন সময়তে ভাৰতে আশাৰ সঞ্চাৰ কৰিছেঃ প্ৰধানমন্ত্ৰী
আজি ভাৰতে প্ৰতিটো খণ্ডতে, প্ৰতিটো ক্ষেত্ৰতে অভূতপূৰ্ব গতিৰে কাম কৰি আছেঃ প্ৰধানমন্ত্ৰী
ভাৰত আজি এখন উন্নয়নশীল দেশ আৰু উদীয়মান শক্তি উভয়েঃ প্ৰধানমন্ত্ৰী
উচ্চ শিখৰত আৰোহণৰ সম্ভাৱনা থকা বিশ্বৰ অন্যতম দেশ ভাৰতঃ প্ৰধানমন্ত্ৰী
ভাৰত এতিয়া আগন্তুক চিন্তাৰে আগবাঢ়িছেঃ প্ৰধানমন্ত্ৰী
ভাৰতৰ ১৪০ কোটি জনসাধাৰণে বিকশিত ভাৰতৰ সংকল্প গ্ৰহণ কৰিছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণেৰে বিশ্বক ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ নতুন পথ দেখুৱাইছেঃ প্ৰধানমন্ত্ৰী
ভাৰতে ডিজিটেল উদ্ভাৱন আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সহাৱস্থানক প্ৰদৰ্শন কৰিছেঃ প্ৰধানমন্ত্ৰী
তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।
তেখেতে আলোকপাত কৰে যে ভাৰত বিশ্বৰ পৰিস্থিতি আৰু ইয়াৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰদ্বাৰা প্ৰভাৱিত হ’লেও ইয়াত ইতিবাচকতাৰ ভাৱ এটা আছে, যাক অনুভৱ কৰিব পাৰি।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত এনডিটিভি ৱৰ্ল্ড ছামিট, ২০২৪-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলো গণ্যমান্য ব্যক্তিক আদৰণি জনাই কয় যে এই সন্মিলনত একাধিক বিষয়ত আলোচনা হ’ব। তেখেতে ভিন্ন খণ্ডৰ বিশ্ব নেতাসকলৰ উপস্থিতিৰ কথাও উল্লেখ কৰে, যিয়ে নিজ-নিজ মতামত আগবঢ়াব।

 

বিগত ৪-৫ বছৰৰ পৰিক্ৰমাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভৱিষ্যতৰ উদ্বেগ সম্পৰ্কে আলোচনা এক উমৈহতীয়া বিষয় হৈ আহিছে। তেখেতে উল্লেখ কৰে যে ক’ভিড মহামাৰীৰ শেহতীয়া প্ৰত্যাহ্বান, ক’ভিডৰ পিছৰ অৰ্থনৈতিক চাপ, মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যা, জলবায়ু পৰিৱৰ্তন, অব্যাহত যুদ্ধ, যোগান শৃংখলত ব্যাঘাত জন্মা, নিৰীহ লোকৰ মৃত্যু, ভূ-ৰাজনৈতিক উত্তেজনা আৰু সংঘাত সকলো বিশ্ব সন্মিলনত আলোচনাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। সেই সময়তে ভাৰতত অব্যাহত আলোচনাৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতে নিজৰ শতিকাৰ বিষয়ে আলোচনা কৰি আছে বুলি কয়। “বৈশ্বিক অশান্তিৰ এই যুগত ভাৰত আশাৰ ৰেঙণি হৈ পৰিছে। বিশ্ব চিন্তা মগ্ন সময়ত ভাৰতে আশাৰ সঞ্চাৰ কৰিছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। তেখেতে আলোকপাত কৰে যে ভাৰত বিশ্বৰ পৰিস্থিতি আৰু ইয়াৰ সন্মুখত থকা প্ৰত্যাহ্বানসমূহৰদ্বাৰা প্ৰভাৱিত হ’লেও ইয়াত ইতিবাচকতাৰ ভাৱ এটা আছে, যাক অনুভৱ কৰিব পাৰি।

 

“আজি ভাৰতে প্ৰতিটো খণ্ড আৰু ক্ষেত্ৰতে অভূতপূৰ্ব গতিৰে কাম কৰি আছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। চৰকাৰৰ তৃতীয়টো কাৰ্য্যকালৰ ১২৫ দিন সম্পূৰ্ণ হোৱাৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে দেশত কৰা কৰ্মৰাজিৰ কথা কয়। তেখেতে দৰিদ্ৰ লোকসকলৰ বাবে ৩ কোটি নতুন পকী ঘৰত চৰকাৰৰ অনুমোদন, ৯ লাখ কোটি টকা মূল্যৰ আন্তঃগাঁথনি প্ৰকল্পৰ শুভাৰম্ভ, ১৫ খন নতুন বন্দে ভাৰত ৰেলৰ ফ্লেগ-অফ, ৮ টা নতুন বিমানবন্দৰৰ আধাৰশিলা স্থাপন, যুৱক-যুৱতীসকলৰ বাবে ২ লাখ কোটি টকা মূল্যৰ পেকেজ আদিৰ কথা উল্লেখ কৰে। একেদৰে, কৃষক ৰাইজৰ বেংক একাউন্টলৈ ২১,০০০ কোটি টকা হস্তান্তৰ, ৭০-বছৰ-উৰ্ধ নাগৰিকৰ বাবে বিনামূলীয়া চিকিৎসা আঁচনি, প্ৰায় ৫ লাখ ঘৰৰ ছাদত সৌৰ উদ্যোগ স্থাপন, এক পেড় মা কে নাম অভিযানৰ অধীনত ৯০ কোটি গছপুলি ৰোপণ, চেনচেক্স আৰু নিফটি প্ৰায় ৫-৭ শতাংশ বৃদ্ধি আৰু ভাৰতৰ বৈদেশিক মুদ্ৰাৰ মজুত ৭০০ বিলিয়ন ডলাৰলৈ বৃদ্ধিৰ কথা কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে বিগত ১২৫ দিনত ভাৰতত অনুষ্ঠিত বৈশ্বিক অনুষ্ঠানসমূহৰ কথাও উল্লেখেৰে আন্তঃৰাষ্ট্ৰীয় এছএমইউ, গ্ল’বেল ফিনটেক ফেষ্টিভেল, গ্ল’বেল ছেমিকণ্ডাক্টৰ ইক’চিষ্টেমৰ আলোচনা, নবীকৰণযোগ্য শক্তি আৰু অসামৰিক বিমান পৰিবহণৰ বাবে আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ কথা উল্লেখ কৰে। “এয়া কেৱল পৰিঘটনাৰ তালিকা নহয়, বৰঞ্চ ভাৰতৰ সৈতে জড়িত আশাৰ তালিকা যিয়ে দেশৰ দিশ আৰু বিশ্বৰ আশাক দেখুৱাইছে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে আৰু কয় যে এইসমূহ এনে এক বিষয় যিয়ে বিশ্বৰ ভৱিষ্যৎ গঢ় দিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে তৃতীয়টো কাৰ্য্যকালত ভাৰতৰ বৃদ্ধি ইমানেই ত্বৰান্বিত হৈছে যে বহু ৰেটিং এজেন্সীয়ে বৃদ্ধিৰ পূৰ্বাভাস বৃদ্ধি কৰিছে। তেখেতে মাৰ্ক মবিয়াছৰ দৰে বিশেষজ্ঞৰ উৎসাহৰ কথাও উল্লেখ কৰে, যিয়ে বৈশ্বিক ফাণ্ডসমূহক ভাৰতৰ শ্বেয়াৰ বজাৰত নিজৰ ধনৰ কমেও ৫০% বিনিয়োগ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। “যেতিয়া এনে অভিজ্ঞ বিশেষজ্ঞসকলে ভাৰতত বৃহৎ বিনিয়োগৰ পোষকতা কৰে, তেতিয়া এনে কাৰ্য্যই আমাৰ সম্ভাৱনাৰ বিষয়ে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে”, তেখেতে লগতে কয়।

“আজিৰ ভাৰত এখনি উন্নয়নশীল ৰাষ্ট্ৰ আৰু উদীয়মান শক্তি উভয়ে”, প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে উল্লেখেৰে কয় যে ভাৰতে দৰিদ্ৰতাৰ প্ৰত্যাহ্বানসমূহ বুজি পায় আৰু প্ৰগতিৰ পথ প্ৰশস্ত কৰিব জানে। তেখেতে চৰকাৰে দ্ৰুতগতিত অব্যাহত ৰখা নীতি-নিৰ্ধাৰণ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়া আৰু নতুন সংস্কাৰ সাধনৰ ওপৰত আলোকপাত কৰে। আত্মতুষ্টিৰ বিষয়টোৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে মানসিকতাই কোনো এখন ৰাষ্ট্ৰকেই আগুৱাই নিব নোৱাৰে। তেখেতে কয় যে বিগত ১০ বছৰত ২৫ কোটি লোকে দৰিদ্ৰতাৰ গ্ৰাসৰপৰা মুক্তি লাভ কৰিছে আৰু ১২ কোটি শৌচাগাৰ নিৰ্মাণ কৰা হৈছে তথা ১৬ কোটি গেছ সংযোগৰ ব্যৱস্থা কৰা হৈছে, কিন্তু সেয়াই যথেষ্ট নহয়।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে বিগত ১০ বছৰত ভাৰতে ৩৫০ খনৰো অধিক চিকিৎসা মহাবিদ্যালয় আৰু ১৫ খনৰো অধিক এইমছ স্থাপন তথা ১.৫ লাখৰো অধিক ষ্টাৰ্টআপ স্থাপনেৰে ৮ কোটি যুৱক-যুৱতীক মুদ্ৰা ঋণ প্ৰদান কৰিছে। “এয়াই যথেষ্ট নহয়”, ভাৰতৰ যুৱক-যুৱতীসকলৰ নিৰন্তৰ অগ্ৰগতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেখেতে কয় যে বিশ্বৰ অন্যতম কনিষ্ঠ ৰাষ্ট্ৰ হিচাপে ভাৰতৰ সম্ভাৱনাই আমাক বহু শিখৰলৈ নিব পাৰে তথা দ্ৰুত আৰু দক্ষতাৰে আমাৰ হাতত বহুখিনি সাধন কৰিবলগীয়া কাৰ্য্য আছে।

ৰাষ্ট্ৰখনৰ মানসিকতাৰ পৰিৱৰ্তন সন্দৰ্ভত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে চৰকাৰসমূহে প্ৰায়ে নিজৰ কৃতিত্বক পূৰ্বৰ প্ৰশাসনৰ সৈতে তুলনা কৰে, ১০-১৫ বছৰ পিছলৈ ঘূৰি চাই সেইসমূহক অতিক্ৰম কৰাটোক সফলতা বুলি বিবেচনা কৰে। তেখেতে কয় যে ভাৰতে এই পন্থা সলনি কৰিছে আৰু সফলতা এতিয়া কৃতিত্বৰদ্বাৰা নহয়, ভৱিষ্যতৰ অভিমুখে গতিপথৰ দ্বাৰাহে পৰিমাপ কৰিব পাৰি। প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ আগন্তুক দৃষ্টিভংগী সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কয় যে ভাৰত এতিয়া ভৱিষ্যতকেন্দ্ৰিক দৃষ্টিভংগীৰে আগবাঢ়িছে। “২০৪৭ৰ ভিতৰত এখনি বিকশিত ভাৰতৰ আমাৰ লক্ষ্য কেৱল চৰকাৰৰ দৃষ্টিভংগীয়েই নহয়, বৰঞ্চ এই লক্ষ্যই ১৪০ কোটি ভাৰতীয়ৰ আকাংক্ষাকে প্ৰতিফলিত কৰে। ই এতিয়া কেৱল জনসাধাৰণৰ অংশগ্ৰহণৰ অভিযান নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় আস্থাৰ আন্দোলনহে”, শ্ৰী মোদীয়ে কয়। তেখেতে উল্লেখ কৰে যে চৰকাৰে এখনি বিকশিত ভাৰতৰ বাবে কাম আৰম্ভৰ সময়ত লাখ-লাখ নাগৰিকে তেওঁলোকৰ পৰামৰ্শেৰে বৰঙণি আগবঢ়াইছিল। তেখেতে অৱগত কৰে যে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু ভিন্ন অনুষ্ঠানত বিতৰ্ক আৰু আলোচনা অনুষ্ঠিত হৈছিল আৰু এই ইনপুটসমূহৰ ভিত্তিত চৰকাৰে আগন্তুক ২৫ বছৰৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। “আজি বিকশিত ভাৰত সন্দৰ্ভত আলোচনা আমাৰ ৰাষ্ট্ৰীয় চেতনাৰেই অংশ আৰু ৰাজহুৱা শক্তিক ৰাষ্ট্ৰীয় শক্তিলৈ ৰূপান্তৰিতকৰণৰ এক নিদৰ্শন হৈ পৰিছে”, তেখেতে লগতে কয়।

এআইৰ কথা কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এয়া এআইৰ যুগ আৰু বিশ্বৰ বৰ্তমান তথা ভৱিষ্যৎ এআইৰ সৈতে জড়িত। শ্ৰী মোদীয়ে কয় যে যেতিয়া আকাংক্ষিত ভাৰত আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ শক্তি একত্ৰিত হয়, তেতিয়া উন্নয়নৰ গতি দ্ৰুত হোৱাটো স্বাভাৱিক। শ্ৰী মোদীয়ে আলোকপাত কৰে যে কৃত্ৰিম বুদ্ধিমত্তা কেৱল ভাৰতৰ বাবে এক প্ৰযুক্তিয়েই নহয়, বৰঞ্চ ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগৰ দুৱাৰমুখ। তেখেতে এইবাৰ ভাৰত এআই মিছন আৰম্ভৰ কথা উল্লেখেৰে স্বাস্থ্যসেৱা, শিক্ষা আৰু ষ্টাৰ্ট-আপৰ দৰে ভিন্ন খণ্ডত এআইৰ ব্যৱহাৰ বৃদ্ধিত গুৰুত্ব আৰোপ কৰে। “ভাৰত বিশ্বমানৰ এআই সমাধান প্ৰদানৰ বাবে অংগীকাৰবদ্ধ আৰু কোৱাডৰ দৰে প্লেটফৰ্মৰ জৰিয়তে আমি ইয়াক আগুৱাই নিবলৈ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছোঁ”, তেখেতে কয়। আকাংক্ষিত ভাৰতৰ ওপৰত গুৰুত্ব আৰোপেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে মধ্যবিত্ত শ্ৰেণী, সাধাৰণ নাগৰিক, ক্ষুদ্ৰ ব্যৱসায়ী, এমএছএমই, যুৱক-যুৱতী আৰু নাৰী সবলীকৰণ চৰকাৰৰ নীতি-নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ মূল কথা হৈ পৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোগাযোগৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য অগ্ৰগতি ৰাষ্ট্ৰীয় আকাংক্ষা পূৰণৰ এক প্ৰধান উপাদান হিচাপে আঙুলিয়াই দি কয় যে চৰকাৰে দ্ৰুত, সৰ্বাংগীন ‘ফিজিকেল’ সংযোগত গুৰুত্ব আৰোপ কৰিছে, যি উন্নয়নশীল সমাজৰ বাবে অতিশয় প্ৰয়োজনীয়, বিশেষকৈ ভাৰতৰ দৰে বিশাল আৰু বৈচিত্ৰ্যময় দেশ এখনত ইয়াৰ প্ৰয়োজনীয়তা অধিক। ইয়াৰ বাবেই প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিমান যাত্ৰাত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে। সুলভ মূল্যৰ বিমান যাত্ৰাৰ দৃষ্টিভংগীক স্মৰণেৰে তেখেতে কয় যে ‘হাৱাই চেণ্ডেল’ পিন্ধাসকলে বিমান যাত্ৰাৰ ব্যয় বহন কৰিব পাৰিব লাগে আৰু ৮ বছৰে কাৰ্য্যক্ষম উড়ান আঁচনিৰ কথা উল্লেখ কৰে। তেখেতে কয় যে টায়াৰ-২ আৰু টায়াৰ-৩ চহৰত নতুন বিমানবন্দৰ নেটৱৰ্কে জনসাধাৰণৰ বাবে বিমান যাত্ৰাক সুলভ কৰি তুলিছে। উড়ান আঁচনিৰ সফলতাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে উড়ানৰ অধীনত প্ৰায় ৩ লাখ বিমানে চলাচল কৰিছে, য’ত এতিয়ালৈকে ১.৫ কোটি সাধাৰণ নাগৰিকে যাত্ৰা কৰিছে। তেখেতে আৰু কয় যে এই পদক্ষেপৰ অধীনত ৬০০ৰো অধিক পথ আছে, যিয়ে বেছিভাগেই সৰু চহৰসমূহক সংযোগ কৰে। তেখেতে আঙুলিয়াই দিয়ে যে ২০১৪ত প্ৰায় ৭০টা বিমানবন্দৰৰ তুলনাত ভাৰতত বিমানবন্দৰৰ সংখ্যা ১৫০ৰো অধিক হৈছে।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ যুৱক-যুৱতীসকলক বিশ্বৰ বিকাশৰ চালিকা শক্তি হিচাপে সবলীকৰণৰ অৰ্থে চৰকাৰৰ দায়বদ্ধতাত গুৰুত্ব আৰোপেৰে শিক্ষা, দক্ষতা বিকাশ, গৱেষণা আৰু নিয়োগত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি কয়। তেখেতে কয় যে বিগত ১০ বছৰত গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ ফলাফল এতিয়া দৃশ্যমান হৈছে আৰু শেহতীয়াকৈ টাইমছ হায়াৰ এডুকেচন ৰেংকিঙত প্ৰতিফলিত হোৱা গৱেষণাৰ মানদণ্ডৰ ক্ষেত্ৰত বিশ্বজুৰি ভাৰতৰ সৰ্বাধিক অগ্ৰগতিৰ কথা উল্লেখ কৰে। তেখেতে উল্লেখ কৰে যে বিগত ৮–৯ বছৰত আন্তঃৰাষ্ট্ৰীয় ৰেংকিঙত ভাৰতীয় বিশ্ববিদ্যালয়সমূহৰ অংশগ্ৰহণ ৩০ৰ পৰা ১০০ৰো অধিকলৈ বৃদ্ধি পাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে ভাৰতত দাখিল কৰা পেটেন্ট আৰু ট্ৰেডমাৰ্কৰ পৰিসংখ্যা সৰ্বকালৰ সৰ্বোচ্চ স্তৰত থকাৰ সমান্তৰালকৈ যোৱা দহ বছৰত কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিঙত ভাৰতৰ উপস্থিতি ৩০০%ৰো অধিক বৃদ্ধি পাইছে। তেখেতে কয় যে ভাৰত দ্ৰুতগতিত গৱেষণা আৰু উন্নয়নৰ এক বৈশ্বিক কেন্দ্ৰত পৰিণত হৈছে, য’ত বিশ্বৰ ২৫০০ৰো অধিক কোম্পানীয়ে এতিয়া ভাৰতত গৱেষণা কেন্দ্ৰ স্থাপন কৰিছে আৰু দেশখনৰ ষ্টাৰ্টআপ বাতাবৰণৰ অভূতপূৰ্ব বৃদ্ধি ঘটিছে।

বিশ্বাসযোগ্য বন্ধু হিচাপে ভাৰতৰ বৰ্ধিত বৈশ্বিক প্ৰাধান্যৰ ওপৰত আলোকপাতেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতে কেইবাটাও ক্ষেত্ৰত বিশ্বৰ ভৱিষ্যতক দিশ প্ৰদানৰ ক্ষেত্ৰত আগভাগ লৈছে। ক’ভিড-১৯ মহামাৰীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে ভাৰতে অত্যাৱশ্যকীয় ঔষধ আৰু ভেকচিনৰ ক্ষমতাৰপৰা লাখ-লাখ টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন। “ইয়াৰ জৰিয়তে ভাৰত লাভান্বিত হ’লহেঁতেন, কিন্তু মানৱতা হেৰাই গ’লহেঁতেন। এইবোৰ আমাৰ মূল্যবোধ নহয়। আমি এই প্ৰত্যাহ্বানমূলক সময়ত শ-শ দেশক ঔষধ আৰু জীৱন ৰক্ষাকাৰী ভেকচিন যোগান ধৰিছিলোঁ।“ তেখেতে লগতে কয়, “মই সন্তুষ্ট যে ভাৰতে কঠিন মুহূৰ্তত বিশ্বক সহায় কৰিবলৈ সক্ষম হৈছিল।” শক্তিশালী আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক গঢ়ি তোলাৰ দিশত ভাৰতৰ দায়বদ্ধতাক অধিক সুদৃঢ়কৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতৰ সম্পৰ্কৰ ভেটি হৈছে বিশ্বাস আৰু নিৰ্ভৰযোগ্যতা। বিশ্বয়ো এই কথা বুজি পাইছে। বিশ্বৰ বাকী অংশৰ সৈতে ভাৰতৰ সুসম সম্পৰ্কৰ কথা উল্লেখৰে শ্ৰী মোদীয়ে কয়, “ভাৰত এনে এখন দেশ যাৰ প্ৰগতিৰ বাবে আনে ঈৰ্ষা নকৰে। আমাৰ প্ৰগতিৰ বাবে বিশ্বখন আনন্দিত হয়, কাৰণ ইয়াৰদ্বাৰা সমগ্ৰ বিশ্বই লাভৱান হয়।” বিশ্বলৈ ভাৰতৰ চহকী অৱদানৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে বিগত সময়ছোৱাত ভাৰতে বিশ্বৰ বিকাশৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা পালন কৰি আহিছে, লগতে কয় যে ইয়াৰ ধাৰণা, উদ্ভাৱন আৰু সামগ্ৰীয়ে যুগ-যুগ ধৰি বিশ্বত এক সুনিৰ্দিষ্ট স্থান গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ঔপনিৱেশিকৰণৰ বাবে ভাৰতে উদ্যোগ বিপ্লৱৰ সুবিধা ল’ব নোৱাৰিলে। “এয়া উদ্যোগ ৪.০ৰ যুগ। ভাৰত এতিয়া দাস নহয়। আমি স্বাধীনতা লাভৰ ৭৫ বছৰ হ’ল, আৰু সেয়েহে, এতিয়া আমি দৃঢ়তাৰে সাজু হৈছোঁ”, শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে উদ্যোগ ৪.০ৰ বাবে প্ৰয়োজনীয় দক্ষতা আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত দ্ৰুতগতিত কাম কৰি আছে। তেখেতে উল্লেখ কৰে যে বিগত দশকত তেখেতে জি-২০ আৰু জি-৭ সন্মিলনকে প্ৰমুখ্য কৰি ভিন্ন বৈশ্বিক মঞ্চত অংশগ্ৰহণ কৰি আহিছে। ইয়াত ভাৰতৰ ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনিৰ বিষয়ে গভীৰ আলোচনা হৈছে। আধাৰ আৰু ডিজিলকাৰৰ দৰে ভাৰতৰ উদ্ভাৱনক প্ৰশংসা কৰা পল ৰোমাৰৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখেৰে তেখেতে কয় যে আজি সমগ্ৰ বিশ্বই ভাৰতৰ ডিপিআইক চাইছে। তেখেতে কয় যে ভাৰতে প্ৰযুক্তিৰ গণতান্ত্ৰিকৰণেৰে বিশ্বক এক নতুন আৰ্হি প্ৰদান কৰিছে আৰু জেএএম ত্ৰিনিটি—জন ধন, আধাৰ আৰু ম’বাইলৰ ওপৰত আলোকপাত কৰে, যিয়ে দ্ৰুত আৰু লিকেজমুক্ত সেৱা প্ৰদানৰ বাবে এক শক্তিশালী ব্যৱস্থা প্ৰশস্ত কৰিছে। তেখেতে ইউপিআয়ে দৈনিক ৫০ কোটিৰো অধিক ডিজিটেল লেনদেনৰ সুবিধা প্ৰদানৰ কথাও স্পৰ্শেৰে কয় যে ইয়াৰ আঁৰৰ চালিকা শক্তি নিগম নহয়, বৰঞ্চ আমাৰ ক্ষুদ্ৰ দোকানী আৰু ৰাজপথৰ বিক্ৰেতাসকলহে। তেখেতে আন্তঃগাঁথনি প্ৰকল্প নিৰ্মাণত প্ৰত্যাহ্বান নিৰ্মূলকৰণৰ অৰ্থে স্থাপন কৰা পিএম গতি শক্তি মঞ্চৰ কথাও উল্লেখ কৰে, যিয়ে এতিয়া লজিষ্টিক বাতাবৰণক ৰূপান্তৰিতকৰণত সহায় কৰিছে। একেদৰে অ’এনডিচি মঞ্চ অনলাইন খুচুৰা বিক্ৰীৰ ক্ষেত্ৰত গণতান্ত্ৰিকতা আৰু স্বচ্ছতা বৃদ্ধি কৰা এক উদ্ভাৱন হিচাপে প্ৰমাণিত হৈছে। শ্ৰী মোদীয়ে কয় কয় যে ভাৰতে ডিজিটেল উদ্ভাৱন আৰু গণতান্ত্ৰিক প্ৰমূল্যবোধেৰে সহাৱস্থান কৰিব পাৰে বুলি প্ৰদৰ্শন কৰিছে আৰু প্ৰযুক্তি নিয়ন্ত্ৰণ তথা বিভাজনৰ পৰিৱৰ্তে অন্তৰ্ভুক্তি, স্বচ্ছতা আৰু সবলীকৰণৰ আহিলা বুলি ধাৰণাটোক সুদৃঢ় কৰি তুলিছে।

 

শ্ৰী মোদীয়ে আজিৰ যুগৰ জৰুৰী প্ৰয়োজনীয়তাসমূহত গুৰুত্ব আৰোপেৰে একবিংশ শতিকা মানৱ ইতিহাসৰ আটাইতকৈ উল্লেখযোগ্য সময় বুলি উল্লেখ কৰে। সুস্থিৰতা, বহনক্ষমতা আৰু সমাধানক সময়ৰ আহ্বান বুলি কয়। তেখেতে উল্লেখ কৰে যে এই উপাদানসমূহ মানৱতাৰ উন্নত ভৱিষ্যতৰ বাবে অপৰিহাৰ্য্য, ভাৰতে ইয়াৰ সমাধানৰ বাবে চেষ্টা কৰিছে। ভাৰতীয় জনসাধাৰণৰ অদম্য সমৰ্থনৰ কথা উল্লেখেৰে তেখেতে কয় যে জনসাধাৰণে শেহতীয়াকৈ হাৰিয়ানাত হোৱা নিৰ্বাচনত ছয় দশকৰ ভিতৰত পোন-প্ৰথমবাৰৰ বাবে সুস্থিৰতাৰ এক শক্তিশালী বাৰ্তা প্ৰেৰণেৰে একেৰাহে তৃতীয়বাৰৰ বাবে চৰকাৰ এখনক নিজৰ কাৰ্য্যভাৰ প্ৰদান কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে জলবায়ু পৰিৱৰ্তনৰ বিশ্ব সংকটৰ ওপৰত আলোকপাতেৰে কয় যে ই সমগ্ৰ মানৱ জাতিয়ে সন্মুখীন হোৱা সংকট। বিশ্ব জলবায়ু প্ৰত্যাহ্বানৰ ক্ষেত্ৰত ভাৰতৰ ন্যূনতম অৱদান থকাৰ পিছতো দেশখনে ইয়াৰে মোকাবিলাকৰণত আগভাগ লৈছে বুলিও তেখেতে কয়। শ্ৰী মোদীয়ে ব্যাখ্যা কৰে যে চৰকাৰে সেউজ পৰিৱৰ্তনক বিকাশৰ মূল চালক হিচাপে গঢ়ি তুলিছে আৰু লগতে কয় যে ভাৰতৰ উন্নয়ন পৰিকল্পনাৰ মূলতে আছে বহনক্ষমতা। এই প্ৰতিশ্ৰুতিৰ উদাহৰণ দাঙি ধৰি পিএম সূৰ্য্যঘৰ মুফ্ট বিজুলী আঁচনি আৰু কৃষিৰ বাবে সৌৰ পাম্প আঁচনি, ইভি বিপ্লৱ, ইথানল ব্লেণ্ডিং কাৰ্য্যসূচী, বৃহৎ বায়ু শক্তি পাম, এলইডি লাইট অভিযান, সৌৰ চালিত বিমানবন্দৰ আৰু বাঅ’গেছ প্লান্টৰ কথা উল্লেখ কৰে। তেখেতে আৰু কয় যে প্ৰতিটো কাৰ্য্যসূচীয়ে এটি সেউজ ভৱিষ্যৎ আৰু সেউজ নিয়োগৰ প্ৰতি থকা দৃঢ় দায়বদ্ধতাক প্ৰতিফলিত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে সুস্থিৰতা আৰু বহনক্ষমতাৰ সমান্তৰালভাৱে ভাৰতে বৈশ্বিক প্ৰত্যাহ্বানৰাজিৰে মোকাবিলাকৰণৰ অৰ্থে সমাধান প্ৰদানৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰিছে। তেখেতে কয় যে বিগত দশকত ভাৰতে এই প্ৰত্যাহ্বানসমূহেৰে মোকাবিলাকৰণৰ বাবে অপৰিহাৰ্য্য অসংখ্য পদক্ষেপ গ্ৰহণ কৰিছে, য’ত আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট, দুৰ্য্যোগ প্ৰতিৰোধী আন্তঃগাঁথনিৰ বাবে মিত্ৰজোঁট, ভাৰত-মধ্যপ্ৰাচ্য অৰ্থনৈতিক কৰিডৰ, গ্ল’বেল বাঅ’ফুৱেল এলায়েন্সৰ লগতে যোগ, আয়ুৰ্বেদ, মিছন লাইফ আৰু মিছন বাজৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰা হৈছে। “এই সকলোবোৰ পদক্ষেপে বিশ্বৰ জৰুৰী সমস্যাসমূহৰ সমাধান বিচাৰি ভাৰতৰ দায়বদ্ধতাক প্ৰতিনিধিত্ব কৰে”, তেখেতে কয়।

 

ভাৰতৰ বিকাশৰ বাবে গৌৰৱ প্ৰকাশেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰত আগবাঢ়ি যোৱাৰ লগে-লগে বিশ্বখন অধিক লাভৱান হ’ব।“ তেখেতে এনে এটি ভৱিষ্যতৰ কল্পনা কৰিছে, য’ত ভাৰতৰ শতিকাটো সকলো মানৱতাৰ বাবে উপযোগী হৈ পৰিব। শ্ৰী মোদীয়ে বিশ্বৰ সুস্থিৰতা আৰু শান্তিক প্ৰোৎসাহনৰ ক্ষেত্ৰত ভাৰতৰ প্ৰচেষ্টাৰ তাৎপৰ্য্যত গুৰুত্ব আৰোপেৰে ভাষণৰ সামৰণি মাৰে।

 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Small towns emerge big growth driver for connected TV in India

Media Coverage

Small towns emerge big growth driver for connected TV in India
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates H.E. President Hakainde Hichilema on re-election as President of Zambia
August 20, 2026

The Prime Minister, Shri Narendra Modi, has extended his heartiest congratulations to President H.E. Hakainde Hichilema on his re-election as the President of Zambia.

The Prime Minister said that India greatly values its multifaceted partnership with Zambia.

Shri Modi expressed his desire to work together with President Hakainde Hichilema to further strengthen the relations between India and Zambia under his leadership.

The Prime Minister said in a X post;

“Heartiest Congratulations to President Hakainde Hichilema on being re-elected as the President of Zambia.

India greatly values its multifaceted partnership with Zambia and I look forward to working together to further strengthen our relations under his leadership.

@HHichilema”