সন্মানীয়, মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি লুলা,

দুয়োখন দেশৰ প্ৰতিনিধিসকল,

সংবাদ মাধ্যমৰ বন্ধুসকল,

নমস্কাৰ

"বোৱা টাৰ্ডে"!

ৰিঅ’ আৰু ব্ৰাজিলিয়াত উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আমাজনৰ সৌন্দৰ্য আৰু আপোনালোকৰ সৌৰ্হাদ্যই আমাক সঁচাকৈয়ে স্পৰ্শ কৰিছে।

আজি ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱাটো কেৱল মোৰ বাবেই নহয়, ১৪০ কোটি ভাৰতীয়ৰ বাবে অতি গৌৰৱ আৰু আৱেগৰ মুহূৰ্ত। এই সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি, ব্ৰাজিলৰ চৰকাৰ আৰু ব্ৰাজিলৰ জনসাধাৰণক আন্তৰিক ধন্যবাদ জনাইছো।

 

বন্ধুসকল,

ভাৰত আৰু ব্ৰাজিলৰ মাজত কৌশলগত অংশীদাৰিত্বৰ মুখ্য কৃতিত্ব হৈছে মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাৰ। আমাৰ সম্পৰ্ক গভীৰ কৰাত তেওঁ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

তেওঁৰ সৈতে হোৱা প্ৰতিখন বৈঠকে মোক দুয়োখন ৰাষ্ট্ৰৰ প্ৰগতি আৰু কল্যাণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিবলৈ অনুপ্ৰাণিত কৰিছে। মই এই সন্মান ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় দায়বদ্ধতা আৰু আমাৰ দীৰ্ঘস্থায়ী বন্ধুত্বৰ প্ৰতি উৎসৰ্গা কৰিছো।

বন্ধুসকল,

আজিৰ আলোচনাত আমি সকলো ক্ষেত্ৰতে সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হৈছো। আমি অহা পাঁচ বছৰত দ্বিপাক্ষিক বাণিজ্য ২০ বিলিয়ন ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছো।

ভাৰতৰ জনসাধাৰণে ক্ৰিকেটক যেনেকৈ ভাল পায়, ঠিক তেনেদৰেই ব্ৰাজিলৰ জনসাধাৰণো ফুটবলৰ প্ৰতি আগ্ৰহী। বলটো বাউণ্ডেৰীৰ ওপৰেৰে পাৰ কৰাই হওক বা গ’লত পঠিওৱাই হওক, দুয়োগৰাকী খেলুৱৈ একেটা দলত থাকিলে ২০ বিলিয়ন ডলাৰৰ অংশীদাৰীত্ব অৰ্জন কৰাটো কঠিন নহয়। আমি একেলগে ভাৰত-মেৰ্কোছাৰ অগ্ৰাধিকাৰমূলক বাণিজ্য চুক্তি (পিটিএ)ৰ সম্প্ৰসাৰণৰ বাবেও কাম কৰিম।

বন্ধুসকল,

শক্তি খণ্ডত আমাৰ সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি হৈ আছে। আমাৰ দুয়োখন দেশে পৰিবেশ আৰু পৰিষ্কাৰ শক্তিক উচ্চ অগ্ৰাধিকাৰ দিয়ে। এই খণ্ডত সহযোগিতা বৃদ্ধিৰ বাবে আজি স্বাক্ষৰিত হোৱা চুক্তিয়ে আমাৰ সেউজ লক্ষ্যসমূহক নতুন দিশ আৰু গতি প্ৰদান কৰিব। এই বছৰৰ শেষৰফালে ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া আগন্তুক চি অ’ পি ৩০ সন্মিলনৰ বাবে মই ৰাষ্ট্ৰপতি লুলাক শুভেচ্ছা জনাইছো।

 

বন্ধুসকল,

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আমাৰ বৰ্ধিত সহযোগিতাই দুয়োখন দেশৰ মাজত গভীৰ পাৰস্পৰিক বিশ্বাসক প্ৰতিফলিত কৰে। আমি প্ৰতিৰক্ষা উদ্যোগসমূহক সংযোগ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে এই অংশীদাৰিত্ব অধিক শক্তিশালী কৰিম।

কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰৰ ক্ষেত্ৰত আমাৰ সহযোগিতা সম্প্ৰসাৰিত হৈ আছে। ইয়াৰ জৰিয়তে অন্তৰ্ভুক্তিমূলক উন্নয়ন আৰু মানৱ-কেন্দ্ৰিক উদ্ভাৱনৰ বাবে আমাৰ উমৈহতীয়া দৃষ্টিভংগী প্ৰতিফলিত হৈছে।

দুয়োপক্ষই ব্ৰাজিলত ইউ পি আই গ্ৰহণৰ ক্ষেত্ৰতো একেলগে কাম কৰি আছে। ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু মহাকাশৰ দৰে ক্ষেত্ৰত ব্ৰাজিলৰ সৈতে ভাৰতৰ সফল অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰি আমি আনন্দিত হ'ম।

কৃষি আৰু পশুপালনৰ ক্ষেত্ৰত আমাৰ সহযোগিতা কেইবা দশক ধৰি অব্যাহত আছে। আমি এতিয়া কৃষি গৱেষণা আৰু খাদ্য সংসাধনৰ দৰে ক্ষেত্ৰতো একেলগে কাম কৰি আছো। স্বাস্থ্য খণ্ডতো আমি আমাৰ সফল সহযোগিতা ত্বৰান্বিত কৰিছো। আমি ব্ৰাজিলত আয়ুৰ্বেদ আৰু পৰম্পৰাগত ঔষধৰ সম্প্ৰসাৰণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছো।

বন্ধুসকল,

জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্ক আমাৰ সম্পৰ্কৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ। দুয়োখন দেশৰ ক্ৰীড়াৰ প্ৰতি থকা উমৈহতীয়া আবেগো আমাক সংযোগ কৰাৰ ক্ষেত্ৰত এক শক্তিশালী বান্ধোন হিচাপে পৰিগণিত হৈছে।

আমি ভাৰত-ব্ৰাজিলৰ সম্পৰ্ক উৎসৱৰ দৰে প্ৰাণৱন্ত, ফুটবলৰ দৰে উৎসাহী আৰু ছাম্বাৰ দৰে হৃদয়সংযোগী হোৱাটো বিচাৰো... এই সকলোবোৰ দীঘলীয়া ভিছা কাউণ্টাৰত শাৰী নপতাকৈ! এই মনোভাৱেৰে আমি আমাৰ দুয়োখন দেশৰ মাজত বিশেষকৈ পৰ্যটক, শিক্ষাৰ্থী, খেলুৱৈ আৰু ব্যৱসায়ীসকলৰ তথা জনসাধাৰণৰ মাজত পাৰস্পৰিক বিনিময় সূচল কৰি তুলিবলৈ একেলগে কাম কৰিম।

 

বন্ধুসকল,

আন্তৰ্জাতিক পৰ্যায়ত ভাৰত আৰু ব্ৰাজিলে সদায় ঘনিষ্ঠ সমন্বয়ৰে কাম কৰি আহিছে। দুখন আগশাৰীৰ অন্যতম গণতান্ত্ৰিক দেশ হিচাপে আমাৰ সহযোগিতা কেৱল গ্লোবেল ছাউথৰ বাবেই নহয়, সমগ্ৰ মানৱতাৰ বাবেও প্ৰাসংগিক। আমি দৃঢ়ভাৱে বিশ্বাস কৰো যে গ্লোবেল ছাউথৰ উদ্বেগ আৰু অগ্ৰাধিকাৰসমূহক আন্তৰ্জাতিক মঞ্চৰ সন্মুখলৈ অনাটো আমাৰ নৈতিক দায়িত্ব।

সম্প্ৰতি বিশ্ব উত্তেজনা আৰু অনিশ্চয়তা ভৰা সময়ৰ মাজেৰে অগ্ৰসৰ হৈছে। মোৰ বন্ধুৱে ইতিমধ্যে এই বিষয়ে বিশদভাৱে বৰ্ণনা কৰিছে সেয়েহে মই ইয়াৰ পুনৰাবৃত্তি নকৰো। ভাৰত-ব্ৰাজিলৰ মিত্ৰতা সুস্থিৰতা আৰু ভাৰসাম্যৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাপে পৰিগণিত হৈছে। আমি সম্পূৰ্ণ সন্মত যে সকলো বিবাদ আলোচনা আৰু কূটনীতিৰ জৰিয়তে সমাধান কৰা উচিত।

 

সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত আমাৰ দৃষ্টিভংগী উমৈহতীয়া-শূন্য সহনশীলতা আৰু শূন্য দ্বৈত মনোভাৱ। আমি দৃঢ়ভাৱে বিশ্বাস কৰো যে সন্ত্ৰাসবাদৰ ক্ষেত্ৰত দ্বৈত মনোভাৱৰ কোনো স্থান নাই। আমি সন্ত্ৰাসবাদ আৰু ইয়াক সমৰ্থন কৰাসকলৰ তীব্ৰ বিৰোধিতা কৰো।

সন্মানীয়,

আকৌ এবাৰ, এই সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান আৰু আপোনাৰ দীৰ্ঘস্থায়ী বন্ধুত্বৰ বাবে মই ১৪০ কোটি ভাৰতীয়ৰ ফালৰ পৰা আপোনাক আন্তৰিক কৃতজ্ঞতা জনাইছো। মই এই সুযোগতে আপোনালোককো ভাৰত ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছো।

ধন্যবাদ।

"মুইটো অব্ৰিগাডো!"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves

Media Coverage

Khichdi To Moringa Paratha: 7 Traditional Foods PM Modi Loves
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 26 আগষ্ট 2026
August 26, 2026

Accountability Meets Ambition: Record Low NPAs, Record Defence Output, Record Digital Adoption Under the Leadership of PM Modi