প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১৫ নবেম্বৰত ইন্দোনেছিয়াৰ বালিত ৮০০জনৰো অধিক ভাৰতীয় বংশোদ্ভুত আৰু ভাৰতৰ বন্ধুসকলৰ সৈতে মতবিনিময় কৰে। ইন্দোনেছিয়াৰ বিভিন্ন প্ৰান্তৰ পৰা এই প্ৰাণৱন্ত লোকসকল একত্ৰিত হৈছিল।

তেওঁৰ ভাষণত প্রধানমন্ত্রীয়ে ভাৰতীয় আৰু ইন্দোনেছীয় সভ্যতাৰ মাজত নিবিড় যোগাযোগৰ কথা উল্লেখ কৰে। তেওঁ কয়, ‘বালি যাত্রা’ৰ দৰে প্রাচীন প্রথাই উভয় দেশৰ মাজত সাংস্কৃতিক আৰু বাণিজ্যিক যোগাযোগৰ বিষয়টোক তুলি ধৰে। দুয়োখন দেশৰ বিভিন্ন ক্ষেত্রত সাদৃশ্যৰ প্রসঙ্গও প্রধানমন্ত্রীয়ে উল্লেখ কৰে।

শ্রী মোদীয়ে ভাৰতীয় সম্প্ৰদায়ৰ কঠোৰ পৰিশ্ৰম আৰু অধ্যৱসায়ৰ স্বভাৱজাত দিশটো উল্লেখ কৰে। ইয়াৰ ফলত বিদেশত বসবাস কৰি থকা ভাৰতীয়সকলে দেশৰ মুখ উজ্জ্বল কৰিছে বুলি তেওঁ মন্তব্য কৰে। ভাৰত-ইন্দোনেছিয়াৰ মাজত সম্পর্কৰ ইতিবাচক দিশৰ কথা উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে এই সম্পর্কক মজবুত কৰাৰ ক্ষেত্রত ইন্দোনেছিয়াত বসবাস কৰি থকা ভাৰতীয়সকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছে।

প্রধানমন্ত্রীয়ে ভাৰতৰ বিকাশ যাত্রা আৰু বিভিন্ন ক্ষেত্রৰ সাফল্যৰ কথা উল্লেখ কৰে। ডিজিটেল প্রযুক্তি, অর্থ, স্বাস্থ্য, টেলিকম আৰু মহাকাশৰ দৰে নানা ক্ষেত্রত ভাৰত আগুৱাই গৈছে। বিশ্বৰ ৰাজনৈতিক আৰু অর্থনৈতিক চাহিদাৰ দিশটো বিবেচনা কৰি ভাৰতৰ উন্নয়নৰ পৰিকল্পনা কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। আত্মনিৰ্ভৰ ভাৰতে বিশ্বৰ কল্যাণ নিশ্চিত কৰিব।

প্রধানমন্ত্রীয়ে অহা ৮-১০ জানুৱাৰীত মধ্যপ্ৰদেশৰ ইন্দোৰত প্রবাসী ভাৰতীয় দিৱস সন্মিলনত যোগ দিবলৈ ইন্দোনেছিয়াত বসবাস কৰি থকা ভাৰতীয় আৰু ভাৰতৰ বন্ধুসকলক আমন্ত্রণ জনায়। ইয়াৰ উপৰিও এই অনুষ্ঠানৰ পাছত গুজৰাটত যি ঘুড়ি উৎসৱৰ আয়োজন কৰা হৈছে তালৈও তেওঁ সকলোকে অংশগ্রহণৰ বাবে আমন্ত্রণ জনায়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'

Media Coverage

Nepal praises India's efforts in times of crisis; calls PM Modi 'exceptionally generous'
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 আগষ্ট 2026
August 30, 2026

Tiranga in Tashkent, Relief in Nepal: Soft Power Meets First Responder

Vocal for Local, Nari Shakti, Real Heroes: Mann Ki Baat’s Atmanirbhar Hour