জম্মু-কাশ্মীৰত ১৫০০ কোটিতকৈ অধিক মূল্যৰ ৮৪টা বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন
১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডত প্ৰতিযোগিতামূলকতা উন্নয়ন (জেকেচিআইপি) প্ৰকল্পৰ শুভাৰম্ভ
“চৰকাৰৰ উদ্দেশ্য আৰু নীতিৰ ওপৰত মানুহৰ বিশ্বাস আছে”
“আমাৰ চৰকাৰে ৰাইজৰ আশা পূৰণ কৰি নিজৰ কৰ্মক্ষমতা প্ৰদৰ্শন কৰে আৰু ফলাফল আনে” ;
“এই লোকসভা নিৰ্বাচনত জনতাৰ জনাদেশৰ ডাঙৰ বাৰ্তা হ’ল সুস্থিৰতা”
“অটল জীৰ ইনছানিয়াত, জামহুৰিয়াত আৰু কাশ্মীৰীয়তৰ দৃষ্টিভংগী আজি বাস্তৱত পৰিণত হোৱা আমি প্ৰত্যক্ষ কৰিছো”
“গণতন্ত্ৰৰ পতাকা উচ্চ কৰি ৰখাৰ বাবে আপোনালোকৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিবলৈ আহিছো”
‘আজি ভাৰতৰ সংবিধান সঁচা অৰ্থত জম্মু-কাশ্মীৰত কাৰ্যকৰী হৈছে। ৩৭০নং অনুচ্ছেদৰ প্ৰাচীৰ ভাঙি পেলোৱা হৈছে”
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰে।
তেওঁ লগতে কয়, ‘গণতন্ত্ৰৰ পতাকা উচ্চ কৰি ৰখাৰ বাবে আপোনালোকৰ প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জনাইছো।
“অৱশেষত প্ৰকৃতাৰ্থত জম্মু-কাশ্মীৰে ভাৰতৰ সংবিধান গ্ৰহণ কৰিলে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “৩৭০নং অনুচ্ছেদৰ প্ৰাচীৰ ভাঙি পেলোৱা হৈছে।”
লেফটেনেণ্ট গৱৰ্ণৰ সিনহাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে উপত্যকাটোলৈ অহা ২ কোটিৰো অধিক পৰ্যটকৰ সংখ্যা এক অভিলেখ আৰু ই স্থানীয় অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায়।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ শ্ৰীনগৰস্থিত শ্বেৰ-ই-কাশ্মীৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন কেন্দ্ৰত (এছকেআইচিচি) ‘যুৱ সবলীকৰণ, পৰিৱৰ্তিত জম্মু আৰু কাশ্মীৰ’ শীৰ্ষক অনুষ্ঠানত ভাষণ আগবঢ়ায়। প্ৰধানমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰত পথ, পানী যোগান আৰু উচ্চ শিক্ষাৰ আন্তঃগাঁথনি আদি খণ্ডক সামৰি ১৫০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। লগতে ১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডৰ প্ৰতিযোগিতামূলকতা উন্নীতকৰণ প্ৰকল্প (জেকেচিআইপি)ৰো শুভাৰম্ভ কৰে। শ্ৰী মোদীয়ে ২০০গৰাকী নতুন চৰকাৰী নিযুক্তিপ্ৰাপ্তক নিয়োগ পত্ৰও বিতৰণ কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰে।

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰ ভ্ৰমণক লৈ উচাহ প্ৰকাশ কৰি ইয়াৰ দুটা নিৰ্দিষ্ট কাৰণ উল্লেখ কৰে। তেওঁ কয়, “প্ৰথমে আজিৰ অনুষ্ঠানটো জম্মু-কাশ্মীৰৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ উদ্বোধনী আৰু আধাৰশিলা স্থাপনৰ সৈতে জড়িত আৰু দ্বিতীয়তে, লোকসভা নিৰ্বাচনৰ পিছত জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ সৈতে এইখন প্ৰথম বৈঠক।” শেহতীয়াকৈ জি-৭ সন্মিলনৰ বাবে ইটালী ভ্ৰমণৰ কথা সুঁৱৰি প্ৰধানমন্ত্ৰীয়ে তিনিটা কাৰ্যকালৰ বাবে চৰকাৰৰ ধাৰাবাহিকতাৰ প্ৰভাৱৰ ওপৰত আলোকপাত কৰে, কিয়নো ইয়াৰ ফলত ভাৰতৰ প্ৰতি বিশ্বৰ দৃষ্টিভংগী সলনি হৈছে। তেওঁ লগতে কয় যে ভাৰতীয়সকলৰ সৰ্বকালৰ উচ্চাকাংক্ষা দেশৰ আটাইতকৈ ডাঙৰ শক্তি। তেওঁ কয় যে এই উচ্চাকাংক্ষাৰ ফলত চৰকাৰৰ পৰা বহু আশাৰ সৃষ্টি হয় আৰু এই পটভূমিত চৰকাৰৰ তৃতীয়টো ধাৰাবাহিক কাৰ্যকাল বিশেষ কাৰণ আকাংক্ষিত সমাজৰ একমাত্ৰ পৰিমাপ হ’ল কৰ্মক্ষমতা। “চৰকাৰৰ উদ্দেশ্য আৰু নীতিৰ ওপৰত মানুহৰ বিশ্বাস আছে”, তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই লোকসভা নিৰ্বাচনত জনতাৰ জনাদেশৰ ডাঙৰ বাৰ্তা হ’ল সুস্থিৰতা। তেওঁ যোৱা শতিকাৰ শেষৰ দশকত অস্থিৰ চৰকাৰৰ দীঘলীয়া পৰ্যায়ৰ কথা স্মৰণ কৰে, যেতিয়া দেশত ১০ বছৰত ৫টা নিৰ্বাচন অনুষ্ঠিত হৈছিল যাৰ ফলত উন্নয়ন স্তব্ধ হৈ পৰিছিল। “সেই পৰ্যায়টো এৰি ভাৰতে এতিয়া সুস্থিৰ চৰকাৰৰ নতুন পৰ্যায়ত প্ৰৱেশ কৰিছে যাৰ ফলত গণতন্ত্ৰ শক্তিশালী হৈছে।” গণতন্ত্ৰৰ এই শক্তিশালীকৰণত জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ ভূমিকাও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘আমি অটল জীৰ ইনছানিয়াট, জামহুৰিয়াত আৰু কাশ্মীৰিয়তৰ দৃষ্টিভংগীক আজি বাস্তৱত পৰিণত হোৱা দেখিবলৈ পাইছো। শেহতীয়া নিৰ্বাচনত অভিলেখ সৃষ্টিকাৰী ভোটাৰৰ ভোটদানৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গণতন্ত্ৰৰ প্ৰতি জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ আস্থাক প্ৰশংসা কৰে। তেওঁ লগতে কয়, ‘গণতন্ত্ৰৰ পতাকা উচ্চ কৰি ৰখাৰ বাবে আপোনালোকৰ প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জনাইছো।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ‘জম্মু-কাশ্মীৰৰ ৰূপান্তৰ বিগত ১০ বছৰত চৰকাৰে কৰা কামৰ ফল। অঞ্চলটোৰ মহিলা আৰু নিম্ন আয়ৰ পটভূমিৰ লোকসকল তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা বুলি আঙুলিয়াই দি প্ৰধানমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰখনে ‘সবকা সাথ সবকা বিকাশ’ মন্ত্ৰ গ্ৰহণ কৰি সুযোগ অনা আৰু তেওঁলোকৰ অধিকাৰ পুনৰুদ্ধাৰৰ দিশত কাম কৰিছিল। প্ৰধানমন্ত্ৰীয়ে কয় কৰে যে পাকিস্তানৰ পৰা প্ৰব্ৰজন কৰা শৰণাৰ্থী, বাল্মিকী সম্প্ৰদায়ৰ লোক আৰু ছাফাই কৰ্মচাৰীৰ পৰিয়ালে প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ লাভ কৰে। বাল্মিকী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া ইচ্ছা পূৰণেৰে অনুসূচিত জাতি শাখাত অন্তৰ্ভুক্ত হোৱাৰ লগতে অনুসূচিত জাতি জনগোষ্ঠীৰ বাবে বিধানসভাৰ আসন সংৰক্ষণ, পোদ্দাৰী জনজাতি, পাহাৰীয়া জাতি, গড্ডা ব্ৰাহ্মণ আৰু ক’লি জনগোষ্ঠীক অনুসূচিত জাতি শাখাত অন্তৰ্ভুক্ত কৰাৰ কথাও উল্লেখ কৰে। পঞ্চায়ত, নগৰ পালিকা আৰু নগৰ নিগম নিৰ্বাচনত অ’বিচি সংৰক্ষণ প্ৰযোজ্য কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ভাৰতৰ সংবিধানৰ শক্তি আৰু ইয়াৰ আগ্ৰহ আৰু মনোভাৱৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই  ১৪০ কোটি ভাৰতীয় নাগৰিকৰ অধিকাৰ সুনিৰ্দিষ্ট কৰে আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ অংশীদাৰ হোৱাৰ সুযোগ প্ৰদান কৰে। ভাৰতৰ সংবিধান গ্ৰহণ নকৰা আৰু স্বাধীনতাৰ পিছৰে পৰা জম্মু-কাশ্মীৰৰ প্ৰতি দেখুওৱা অৱহেলাৰ বাবেও প্ৰধানমন্ত্ৰী মোদীয়ে আক্ষেপ প্ৰকাশ কৰে। ‘মই আনন্দিত যে আজি আমি ভাৰতৰ সংবিধানক পালন কৰি আছো। সংবিধানৰ জৰিয়তে আমি কাশ্মীৰৰ মুখখন চিৰকাললৈ সলনি কৰাৰ নতুন উপায় বিচাৰি পাইছো”, প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়। “অৱশেষত প্ৰকৃতাৰ্থত জম্মু-কাশ্মীৰে ভাৰতৰ সংবিধান গ্ৰহণ কৰিলে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “৩৭০নং অনুচ্ছেদৰ প্ৰাচীৰ ভাঙি পেলোৱা হৈছে।”

 

বিগত ১০ বছৰত কাশ্মীৰত সংঘটিত পৰিঘটনাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে কাশ্মীৰ উপত্যকাৰ শেহতীয়া পৰিৱৰ্তনৰ সাক্ষী বিশ্ববাসী। জি-২০ সন্মিলনৰ সময়ত উপত্যকাটোৰ জনসাধাৰণে কৰা আতিথ্যৰ বাবে প্ৰশংসাৰ পাত্ৰ। উপত্যকাত জি-২০ সন্মিলনৰ দৰে বৈশ্বিক অনুষ্ঠানৰ আয়োজনে কাশ্মীৰৰ জনসাধাৰণক গৌৰৱান্বিত কৰি তুলিছে বুলিও তেওঁ কয়। ল’ৰা-ছোৱালীয়ে সন্ধিয়ালৈকে লাল চ’কত খেলা-ধূলা কৰি থকা দেখি প্ৰতিজন ভাৰতীয়ৰ হৃদয় আনন্দৰে ভৰি পৰে। ঠিক সেইদৰে উপত্যকাৰ ব্যস্ত বজাৰবোৰে সকলোৰে মুখ পোহৰাই তুলিছে৷ চলিত বৰ্ষৰ মাৰ্চ মাহত ডাল হ্ৰদৰ সমীপত অনুষ্ঠিত স্প’ৰ্টছ কাৰ শ্ব’ৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে সমগ্ৰ বিশ্বই সেই অনুষ্ঠানটো চাইছিল, যিটো উপত্যকাটোৰ অগ্ৰগতিৰ সাক্ষ্য হিচাপে ধৰা দিছে। কাশ্মীৰৰ পৰ্যটন কেনেদৰে চৰ্চাৰ বিষয় হৈ পৰিছে সেই কথা উল্লেখ কৰি তেওঁ কয় যে কাইলৈৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কাৰ্যসূচীয়ে ইয়ালৈ আৰু অধিক পৰ্যটকক আকৰ্ষণ কৰিব। লেফটেনেণ্ট গৱৰ্ণৰ সিনহাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে উপত্যকাটোলৈ অহা ২ কোটিৰো অধিক পৰ্যটকৰ সংখ্যা এক অভিলেখ আৰু ই স্থানীয় অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায়।

“মই নিজকে সম্পূৰ্ণ নিষ্ঠা আৰু সততাৰে উৎসৰ্গিত কৰিছো যাতে বিগত প্ৰজন্মৰ দুৰ্দশাৰ পৰা ওলাই অহাৰ পথ বিচাৰি পোৱা যায়। হৃদয়ৰ হওক বা দিল্লীৰ (দিল য়া দিল্লী) সকলো দূৰত্ব আঁতৰাবলৈ সকলো সম্ভৱপৰ প্ৰচেষ্টা চলাইছো”, প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয়। তেওঁ গণতন্ত্ৰৰ ফল যাতে প্ৰতিটো পৰিয়াল আৰু ব্যক্তিৰ ওচৰলৈ যায় তাৰ বাবে সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে কেন্দ্ৰীয় সাহায্যৰ প্ৰতিটো পইচা জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ কল্যাণৰ বাবে ব্যয় কৰা হয়। “জম্মু-কাশ্মীৰৰ জনসাধাৰণে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি তেওঁলোকৰ জৰিয়তে নিজৰ সমস্যাসমূহ মোকাবিলা কৰাতকৈ আৰু কি ভাল হ’ব পাৰে। সেইবাবেই  বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ হৈছে। আপোনালোকে আপোনালোকৰ ভোটেৰে জম্মু-কাশ্মীৰৰ নতুন চৰকাৰ নিৰ্বাচন কৰিবলৈ বেছি দিন নাই। অতি সোনকালে সেই দিন আহিব যেতিয়া জম্মু-কাশ্মীৰে পুনৰবাৰ ৰাজ্য হিচাপে নিজৰ ভৱিষ্যত গঢ় দিব”, প্ৰধানমন্ত্ৰীয়ে কয়।

 

আজি আধাৰশিলা স্থাপন বা উদ্বোধন কৰা প্ৰকল্পসমূহৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ১৫০০ কোটিতকৈ অধিক মূল্যৰ বৃহৎ উন্নয়নমূলক প্ৰকল্প আৰু ১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ড (জেকেচিআইপি) প্ৰকল্পৰ কথা উল্লেখ কৰে। চৰকাৰী চাকৰিত দ্ৰুত নিযুক্তিৰ বাবে কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনক প্ৰশংসা কৰি বিগত ৫ বছৰত প্ৰায় ৪০ হাজাৰ নিযুক্তি হোৱা বুলি অৱগত কৰে। তেওঁ জম্মু-কাশ্মীৰত বৃহৎ বিনিয়োগৰ ইতিবাচক প্ৰভাৱৰ কথাও উল্লেখ কৰে।

কাশ্মীৰৰ অগ্ৰগতিৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে আজি উপত্যকাটোত ৰে’ল সংযোগ, শিক্ষা, স্বাস্থ্য আন্তঃগাঁথনি, বিদ্যুৎ আৰু পানীকে ধৰি প্ৰায় প্ৰতিটো ক্ষেত্ৰতে বৃহৎ উন্নয়নমূলক কামৰ সাক্ষী হৈছে। প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত হাজাৰ হাজাৰ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে বুলি আলোকপাত কৰি তেওঁ লগতে কয় যে নতুন ঘাইপথ আৰু এক্সপ্ৰেছৱেৰ উপৰিও উপত্যকাটো ৰে’লৱেৰ সৈতেও সংযোগ কৰিবলৈ লোৱা হৈছে। চেনাব ৰে’ল দলঙৰ মোহনীয় দৃশ্যই সকলোকে গৌৰৱেৰে ভৰাই তোলে। উল্লেখযোগ্য যে উত্তৰ কাশ্মীৰৰ গুৰেজ উপত্যকাত প্ৰথমবাৰৰ বাবে গ্ৰীড সংযোগৰ সুবিধা লাভ কৰিছিল। শ্ৰী মোদীয়ে পুনৰ কয় যে আজি উপত্যকাখন কৃষিৰ পৰা উদ্যান শস্যৰ পৰা আৰম্ভ কৰি ক্ৰীড়া আৰু ষ্টাৰ্ট-আপলৈকে প্ৰতিটো ক্ষেত্ৰতে সুযোগেৰে ভৰি পৰিছে।

 

বিগত ১০ বছৰত কাশ্মীৰত যি উন্নয়ন হৈছে তাৰ প্ৰশংসা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উপত্যকাটো ক্ৰমান্বয়ে ষ্টাৰ্ট-আপ, দক্ষতা বিকাশ আৰু ক্ৰীড়াৰ এক প্ৰধান কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। তেওঁ আঙুলিয়াই দিয়ে যে উপত্যকাটোৰ প্ৰায় ৭০ শতাংশ কৃষি খণ্ডই ষ্টাৰ্ট-আপক সামৰি লৈছে আৰু লগতে কয় যে বিগত কেইবছৰমানৰ পৰা উপত্যকাটোত ৫০খনতকৈও অধিক ডিগ্ৰী কলেজ স্থাপন কৰা হৈছে। “পলিটেকনিকত আসন বৃদ্ধি পাইছে আৰু নতুন দক্ষতা শিকাৰ সুযোগো বৃদ্ধি পাইছে। আইআইটি, আইআইএম, আৰু এইমছ নিৰ্মাণৰ লগতে বহু নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে।’ পৰ্যটন আৰু আতিথ্য খণ্ডতো স্থানীয় পৰ্যায়তো দক্ষতা বিকাশ কৰা হৈছে বুলিও তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে পৰ্যটন গাইডৰ বাবে অনলাইন পাঠ্যক্ৰম প্ৰৱৰ্তনৰ পৰামৰ্শও আগবঢ়ায় আৰু স্কুল-কলেজ-বিশ্ববিদ্যালয়ত যুৱ পৰ্যটন ক্লাব স্থাপনৰ পৰামৰ্শ আগবঢ়ায়। এই সকলোবোৰ কাম আজি কাশ্মীৰত হৈ আছে।

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ নাৰীশক্তিৰ ওপৰত উন্নয়নমূলক কামৰ ইতিবাচক প্ৰভাৱৰ ওপৰত আলোকপাত কৰে। তেওঁ স্থানীয় আত্মসহায়ক গোটৰ মহিলাসকলক পৰ্যটন আৰু আইটি প্ৰশিক্ষণৰ কথা উল্লেখ কৰে।

 

দুদিন পূৰ্বে কৃষি সখী কাৰ্যসূচীৰ আৰম্ভণিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনায় যে জম্মু-কাশ্মীৰৰ ১২০০ৰো অধিক মহিলাই কৃষি সখী হিচাপে কাম কৰি আছে। নমো ড্ৰোন দিদি কাৰ্যসূচীৰ কথা উনুকিয়াই তেওঁ কয় যে জম্মু-কাশ্মীৰৰ কন্যাসকলক এই আঁচনিৰ অধীনত প্ৰশিক্ষণ দিয়া হৈছে। “মহিলাৰ আয়ৰ উন্নতি আৰু জীৱিকাৰ সুযোগ প্ৰদানৰ বাবে চৰকাৰে এই প্ৰচেষ্টাসমূহ আগবঢ়াইছে”, তেওঁ লগতে কয়।

এই দুটা খণ্ডত জম্মু-কাশ্মীৰৰ সম্ভাৱনাক লক্ষ্য কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “ভাৰত পৰ্যটন আৰু ক্ৰীড়াৰ ক্ষেত্ৰত বিশ্ব শক্তিৰ এক বৃহৎ শক্তি হোৱাৰ দিশত আগবাঢ়িছে।” তেওঁ জম্মু-কাশ্মীৰৰ প্ৰতিখন জিলাতে উৎকৃষ্ট ক্ৰীড়া আন্তঃগাঁথনিৰ উন্নয়নৰ ওপৰত আলোকপাত কৰি প্ৰায় ১০০টা খেলো ইণ্ডিয়া কেন্দ্ৰ নিৰ্মাণৰ কথা উল্লেখ কৰে। তেওঁ জনায় যে জম্মু-কাশ্মীৰৰ প্ৰায় ৪৫০০ যুৱক-যুৱতীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। শীতকালীন ক্ৰীড়াৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জম্মু-কাশ্মীৰ ভাৰতৰ শীতকালীন ক্ৰীড়াৰ ৰাজধানী হৈ পৰিছে। ইয়াৰ উপৰিও চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সমাপ্ত হোৱা খেলো ইণ্ডিয়া শীতকালীন গেমছৰ চতুৰ্থ সংস্কৰণৰ বিষয়েও উল্লেখ কৰি তেওঁ কয়, য’ত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ৮০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল। “এনেধৰণৰ অনুষ্ঠানে ভৱিষ্যতে ইয়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠানৰ বাবে নতুন সম্ভাৱনাৰ সৃষ্টি কৰিব”, তেওঁ লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ জনসাধাৰণক উন্নয়নৰ বিৰুদ্ধে থিয় দিয়া শান্তি আৰু মানৱতাৰ শত্ৰুসকলক সকীয়াই দিয়ে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “জম্মু-কাশ্মীৰৰ উন্নয়ন ৰুদ্ধ কৰাৰ বাবে, ইয়াত যাতে শান্তি প্ৰতিষ্ঠা নহয় তাৰ বাবে এইটো তেওঁলোকৰ অন্তিম প্ৰচেষ্টা”, তেওঁ দৃঢ়তাৰে কয় যে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদী কৰ্মকাণ্ডক গুৰুত্বসহকাৰে লক্ষ্য লৈছে জম্মু-কাশ্মীৰ প্ৰশাসনৰ সহযোগত সকলো ব্যৱস্থা পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয়, ‘মই আপোনালোকক আশ্বাস দিছো যে জম্মু-কাশ্মীৰৰ শত্ৰুক উচিত শিক্ষা দিয়াত কোনো ত্ৰুটি নকৰে। জম্মু-কাশ্মীৰৰ নতুন প্ৰজন্মই স্থায়ী শান্তিৰে জীয়াই থাকিব। আমি জম্মু-কাশ্মীৰে বাছি লোৱা প্ৰগতিৰ পথ শক্তিশালী কৰিম”। আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে জম্মু-কাশ্মীৰবাসীক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

 

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ জনসাধাৰণক উন্নয়নৰ বিৰুদ্ধে থিয় দিয়া শান্তি আৰু মানৱতাৰ শত্ৰুসকলক সকীয়াই দিয়ে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়, “জম্মু-কাশ্মীৰৰ উন্নয়ন ৰুদ্ধ কৰাৰ বাবে, ইয়াত যাতে শান্তি প্ৰতিষ্ঠা নহয় তাৰ বাবে এইটো তেওঁলোকৰ অন্তিম প্ৰচেষ্টা”, তেওঁ দৃঢ়তাৰে কয় যে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সন্ত্ৰাসবাদী কৰ্মকাণ্ডক গুৰুত্বসহকাৰে লক্ষ্য লৈছে জম্মু-কাশ্মীৰ প্ৰশাসনৰ সহযোগত সকলো ব্যৱস্থা পৰ্যালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয়, ‘মই আপোনালোকক আশ্বাস দিছো যে জম্মু-কাশ্মীৰৰ শত্ৰুক উচিত শিক্ষা দিয়াত কোনো ত্ৰুটি নকৰে। জম্মু-কাশ্মীৰৰ নতুন প্ৰজন্মই স্থায়ী শান্তিৰে জীয়াই থাকিব। আমি জম্মু-কাশ্মীৰে বাছি লোৱা প্ৰগতিৰ পথ শক্তিশালী কৰিম”। আজিৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে জম্মু-কাশ্মীৰবাসীক অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণ সামৰে।

 

এই উপলক্ষে অনুষ্ঠানত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা আৰু কেন্দ্ৰীয় আয়ুস (স্বতন্ত্ৰ দায়িত্ব) ৰাজ্যিক মন্ত্ৰী শ্ৰী প্ৰতাপৰাও যাদৱ উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

 

 

 

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity

Media Coverage

From welfare to opportunity: How DPI 2.0 and AI will unlock India’s productivity
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
State Visit of Prime Minister to Seychelles
June 28, 2026

As part of Prime Minister Shri Narendra Modi’s State Visit to Seychelles from 27-29 June 2026, Prime Minister and the President of Seychelles, H.E. Dr. Patrick Herminie today held official talks at the State House in Victoria, Mahe.

The talks covered the full spectrum of bilateral relations, with the leaders agreeing to further strengthen cooperation in health, education, capacity building, digital transformation, sustainable development, social infrastructure, renewable energy, maritime security and defence. They also exchanged views on regional and global developments, including challenges in the Indian Ocean region, such as illegal fishing, drug trafficking and piracy. Both leaders expressed satisfaction at the progress made in the implementation of projects and initiatives under the Special Economic Package announced by India. Prime Minister reaffirmed India’s commitment to supporting the development priorities of Seychelles and to further deepen the close and enduring partnership between the two countries.

Following the official talks, both leaders released a joint commemorative logo marking 50 years of the establishment of diplomatic relations between the two countries. Several MoUs/agreements in the fields of Capacity Building, UPI, Health, Agriculture, Shipping, Space, Extradition and Line of Credit were exchanged thereafter. The amount of the Line of Credit stands at INR 1250 crores. The full list of MoUs/agreements may be seen here [link]. In addition, several announcements in the fields of food security, infrastructure, health, vocational training, maritime security and defence were made in support of the development needs of Seychelles. The details of these announcements may be seen here [link]. Seychelles also announced that it is joining the Coalition for Disaster Resilient Infrastructure [CDRI].

Later in the day, Prime Minister addressed an Extraordinary Sitting of the National Assembly of Seychelles, becoming the first Indian Prime Minister to do so. In his address, he highlighted the historical bonds of friendship between India and Seychelles and underscored the shared values of democracy, rule of law and people-centric governance that guide the two countries. He noted that mutual trust and close cooperation have shaped a robust partnership spanning development cooperation, maritime security, technology, innovation, health and capacity building. Prime Minister also called for enhanced parliamentary exchanges between the two democracies. The full address of Prime Minister may be seen here [link]

The Leader of Opposition of Seychelles, H.E. Mr. Bernard Georges, also called on Prime Minister. The two leaders discussed India-Seychelles bilateral ties and conveyed their strong support to further build the special friendship between the two countries.