জম্মু-কাশ্মীৰত ১৫০০ কোটিতকৈ অধিক মূল্যৰ ৮৪টা বৃহৎ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন
১৮০০ কোটি টকাৰ কৃষি আৰু সংশ্লিষ্ট খণ্ডত প্ৰতিযোগিতামূলকতা উন্নয়ন (জেকেচিআইপি) প্ৰকল্পৰ শুভাৰম্ভ
“চৰকাৰৰ উদ্দেশ্য আৰু নীতিৰ ওপৰত মানুহৰ বিশ্বাস আছে”
“আমাৰ চৰকাৰে ৰাইজৰ আশা পূৰণ কৰি নিজৰ কৰ্মক্ষমতা প্ৰদৰ্শন কৰে আৰু ফলাফল আনে” ;
“এই লোকসভা নিৰ্বাচনত জনতাৰ জনাদেশৰ ডাঙৰ বাৰ্তা হ’ল সুস্থিৰতা”
“অটল জীৰ ইনছানিয়াত, জামহুৰিয়াত আৰু কাশ্মীৰীয়তৰ দৃষ্টিভংগী আজি বাস্তৱত পৰিণত হোৱা আমি প্ৰত্যক্ষ কৰিছো”
“গণতন্ত্ৰৰ পতাকা উচ্চ কৰি ৰখাৰ বাবে আপোনালোকৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিবলৈ আহিছো”
‘আজি ভাৰতৰ সংবিধান সঁচা অৰ্থত জম্মু-কাশ্মীৰত কাৰ্যকৰী হৈছে। ৩৭০নং অনুচ্ছেদৰ প্ৰাচীৰ ভাঙি পেলোৱা হৈছে”
এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে এখন প্ৰদৰ্শনী পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চলৰ কৃতী যুৱক-যুৱতীৰ সৈতে মত বিনিময় কৰে।
তেওঁ লগতে কয়, ‘গণতন্ত্ৰৰ পতাকা উচ্চ কৰি ৰখাৰ বাবে আপোনালোকৰ প্ৰচেষ্টাৰ বাবে মই ধন্যবাদ জনাইছো।
“অৱশেষত প্ৰকৃতাৰ্থত জম্মু-কাশ্মীৰে ভাৰতৰ সংবিধান গ্ৰহণ কৰিলে”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “৩৭০নং অনুচ্ছেদৰ প্ৰাচীৰ ভাঙি পেলোৱা হৈছে।”
লেফটেনেণ্ট গৱৰ্ণৰ সিনহাৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় যে উপত্যকাটোলৈ অহা ২ কোটিৰো অধিক পৰ্যটকৰ সংখ্যা এক অভিলেখ আৰু ই স্থানীয় অৰ্থনীতিত যথেষ্ট অৰিহণা যোগায়।

জম্মু-কাশ্মীৰৰ উপ ৰাজ্যপাল শ্ৰী মনোজ সিনহাজী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহকৰ্মী শ্ৰী প্ৰতাপৰাও যাদৱজী, গণ্যমান্য ব্যক্তিসকল, জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণৰ পৰা সংযোজিত হোৱা মোৰ যুৱ বন্ধুসকল, আৰু  মোৰ প্ৰিয় ভাই-ভনীসকল!

বন্ধুসকল,

আজি পুৱা যেতিয়া মই দিল্লীৰ পৰা শ্ৰীনগৰলৈ আহিবলৈ প্ৰস্তুতি চলাই আছিলো, কিয় জানো মোৰ মনটো উৎসাহেৰে ভৰি উঠিছিল। আৰু মই আচৰিত হৈ ভাবিছিলো আজিনো মোৰ মনটো কিয় ইমান উৎসাহিত হৈছে। এনেদৰে ভাবি থাকোতেই মোৰ মনলৈ ইয়াৰ দুটা কাৰণ আহিছিল। অৱশ্যে ইয়াৰ তৃতীয় কাৰণ এটাও নথকা নহয়। যিহেতু মই ইয়াত দীৰ্ঘদিন ধৰি বাস কৰিছিলো আৰু কাম কৰিছিলো, সেয়ে মই বিগত সময়ৰ বহু লোকক চিনি পাওঁ। ইয়াৰ বিভিন্ন এলেকাৰ সৈতে এটা গভীৰ সম্পৰ্ক আছে। গতিকে স্মৃতিবোৰ সতেজ হোৱাটো নিতান্তই স্বাভাৱিক। পিচে, দুটা কাৰণৰ দিশে মোৰ ধ্যান স্বাভাৱিকভবেই আকৰ্ষিত হৈছিল। আজিৰ এই কাৰ্যসূচীত জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰ সৈতে সম্পৰ্কিত কাম আৰু দ্বিতীয়তে লোকসভা নিৰ্বাচনৰ পিছত কাশ্মীৰৰ ভাই-ভনীসকলৰ সৈতে এয়া হৈছে মোৰ প্ৰথম সাক্ষাৎ।

 

বন্ধুসকল,

মই যোৱা সপ্তাহত ইটালীত অনুষ্ঠিত ‘জি-৭ সন্মিলন’ত অংশগ্ৰহণ কৰি আহিছোঁ। আৰু যিদৰে মনোজ জীয়ে উল্লেখ কৰিছে একেৰাহে তিনিবাৰকৈ এখন চৰকাৰ গঠন কৰিব পৰাটো, এই ধাৰাবাহিকতাই বিশ্বব্যাপী এক বৃহৎ প্ৰভাৱ পেলাইছে। ই আমাৰ দেশলৈ চোৱাৰ দৃষ্টিভংগী সলনি কৰিছে। পৃথিৱীৰ আন দেশবোৰে ভাৰতৰ সৈতে তেওঁলোকৰ সম্পৰ্কক প্ৰাথমিকতা প্ৰদান কৰি শক্তিশালী কৰিবলৈ লৈছে। আজি আমি বহুত ভাগ্যৱান। আজি ভাৰতৰ নাগৰিকসকলৰ মনোভাৱ এনে হৈছে যে, আমাৰ এইখন দেশে ক'ব পাৰে যে আমাৰ সমাজত, আমাৰ সমাজৰ এই আকাংক্ষা সৰ্বকালৰ উচ্চতাত উপনীত হৈছে। আৰু সৰ্বকালৰ এই উচ্চাকাংক্ষা, ই আক্ষৰিক অৰ্থতে দেশৰ বাবে আটাইতকৈ ডাঙৰ শক্তি। যিটো আজি ভাৰতৰ ভাগ্যত সম্ভৱ হৈছে। যেতিয়া আকাংক্ষা অধিক হয়, তেতিয়া চৰকাৰৰ পৰা জনসাধাৰণে প্ৰত্যাশাও যথেষ্ট বেছিকৈ কৰে। এই চৰ্তবোৰেৰে আমাক বিচাৰ কৰাৰ পিছত তৃতীয়বাৰৰ বাবে ৰাইজে আমাৰ চৰকাৰক নিৰ্বাচিত কৰিছে। এখন উচ্চাকাংক্ষী সমাজে কাকো দ্বিতীয়বাৰ সুযোগ নিদিয়ে। ইয়াৰ বাবে কেৱল এটা সূচকেই আছে, সেয়া হৈছে– প্ৰদৰ্শন। আপোনালোকৰ সেৱাৰ সময়ত কেনেধৰণৰ প্ৰদৰ্শন দাঙি ধৰিছে? আৰু সেয়াতো তেওঁলোকে তেওঁলোকৰ চকুৰ সন্মুখতে দেখিছে। ই সামাজিক মাধ্যমৰ জৰিয়তে কাম নকৰে, ই ভাষণৰ জৰিয়তেও সম্ভৱ নহয়, আৰু এইযে দেশখনে অনুভৱ কৰিছে, সেই প্ৰদৰ্শনক দেখিছে, তাৰেই ফলস্বৰূপে আজি এখন চৰকাৰে তৃতীয়বাৰৰ বাবে আপোনালোক সকলোকে সেৱা আগবঢ়োৱাৰ সুযোগ পাইছে। ৰাইজৰ কেৱল আমাৰ ওপৰতহে বিশ্বাস আছে আৰু এই বিশ্বাস তেওঁলোকৰ আকাংক্ষাবোৰক কেৱল আমাৰ চৰকাৰেহে পূৰণ কৰিব পাৰিব। আমাৰ চৰকাৰৰ উদ্দেশ্য আৰু আমাৰ নীতিৰ ওপৰত জনতাৰ বিশ্বাস আছে, এই উদ্দেশ্য, এই নীতিৰ ওপৰত তেওঁলোকে মোহৰ মাৰিছে। আৰু এই উচ্চাকাংক্ষী সমাজখনে ধাৰাবাহিক প্ৰদৰ্শন বিচাৰে, ই দ্ৰুত গতিত ফলাফল বিচাৰে। তেওঁলোকে আৰু বিলম্ব হোৱাটো মানি ল’ব নোখোজে। এনে হৈছে, চলি যায়, হৈ যাব, আমি চাম বাৰু, এইটো কৰিম বাৰু, আমি পুনৰ লগ পাম, এনেধৰণৰ কথা কোৱাৰ যুগ এতিয়া অচল হ’ল। মানুহে এতিয়া কয়, বাৰু কওকচোন মোক আজি সন্ধিয়ালৈ কি হ'ব? আজিৰ মেজাজটোৱেই এনেকুৱা। জনসাধাৰণৰ প্ৰত্যাশা অনুসৰণ কৰি আমাৰ চৰকাৰে প্ৰদৰ্শন কৰি দেখুৱাই আৰু ফলাফল সম্ভৱ কৰি দেখুৱায়। এই প্ৰদৰ্শনৰ আধাৰতে ৬০ বছৰৰ পিছত, ৬টা দশকৰ পিছত, আমাৰ দেশে একেৰাহে তৃতীয়বাৰৰ বাবে কোনো এখন চৰকাৰক নিৰ্বাচিত কৰিছে। আৰু এই নিৰ্বাচনৰ ফলাফলে, তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ ঘটনাই সমগ্ৰ বিশ্বক এক ডাঙৰ বাৰ্তা প্ৰদান কৰিছে।

বন্ধুসকল,

লোকসভা নিৰ্বাচনত লাভ কৰা জনাদেশৰ বহুত ডাঙৰ বাৰ্তাটো হৈছে স্থিৰতা, স্থিৰতাৰ বাৰ্তা। দেশখনে আজিৰ পৰা ২০ বছৰ আগতে, অৰ্থাৎ এক প্ৰকাৰে যোৱাটো শতিকা আছিল, সেইটো আছিল একবিংশ শতিকা, সেইটো আছিল বিংশ শতিকা। যোৱা শতিকাৰ শেহৰ দশকটোত এক দীঘলীয়া সময়ৰ বাবে দেশে অস্থিৰ চৰকাৰ দেখিবলৈ পাইছিল। আপোনালোকৰ মাজৰ বহুত যুৱকে, যিসকলৰ হয়তো তেতিয়া জন্মই হোৱা নাছিল। আপোনালোকে আচৰিত হ'ব যে ইমান এখন ডাঙৰ দেশ আৰু ১০ বছৰত ৫ বাৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল। অৰ্থাৎ দেশখনে কেৱল নিৰ্বাচনেই অনুষ্ঠিত কৰি থাকিবলগীয়া হৈছিল আৰু কোনো কামেই নাছিল। আৰু সেই অস্থিৰতাৰ বাবে, অনিশ্চয়তাৰ বাবে, যেতিয়া ভাৰতে উৰণৰ বাবে সাজু হোৱাৰ সময় হৈছিল, আমি ভূপাতিত হৈ গৈছিলো। আমাৰ দেশৰ বহুত ক্ষতি হৈছিল। সেইছোৱা সময়ক এৰি থৈ ভাৰতে এতিয়া স্থিৰ চৰকাৰৰ এক নতুন যুগত প্ৰৱেশ কৰিছে। ই আমাৰ গণতন্ত্ৰক শক্তিশালী কৰিছে। আৰু আপোনালোকে গণতন্ত্ৰ শক্তিশালী কৰাত বহুত ডাঙৰ ভূমিকা পালন কৰিছে। অটলজীয়ে দিয়া মানৱতা, গণতন্ত্ৰ আৰু ‘কাশ্মীৰিয়ত’ৰ দৃষ্টিভংগী আমি আজি ইয়াক বাস্তৱত পৰিণত হোৱা দেখিছো। এই নিৰ্বাচনত আপোনালোকে গণতন্ত্ৰক বিজয়ী কৰিছে। আপোনালোকে যোৱা ৩৫-৪০ বছৰৰ অভিলেখ ভংগ কৰিছে। এই কথাই সূচাই যে ইয়াৰ যুৱপ্ৰজন্মৰ মন গণতন্ত্ৰৰ প্ৰতি কিমান আস্থাশীলতাৰে পৰিপূৰ্ণ। আৰু মই আজি এই কাৰ্যসূচীসমূহলৈ যে আহিছোঁ। পিচে, মোৰ মনে কৈছে মই কাশ্মীৰৰ উপত্যকালৈ গৈ আকৌ এবাৰ কাশ্মীৰৰ মোৰ ভাই-ভনীসকলৰ মুখামুখী হৈ তেওঁলোকক ধন্যবাদ জনাওঁগৈ। তেওঁলোকে এই নিৰ্বাচনত উৎসাহেৰে অংশগ্ৰহণ কৰিছে, তেওঁলোকে গণতন্ত্ৰৰ ধ্বজা উত্তোলন কৰিছে, সেয়েহে মই আপোনালোকক ধন্যবাদ জনাবলৈ ইয়ালৈ আহিছোঁ। ভাৰতৰ গণতন্ত্ৰ আৰু সংবিধানৰ দ্বাৰা প্ৰস্তুত কৰা পথ অনুসৰণ কৰি এইটো হৈছে এটা নতুন অধ্যায় লিখাৰ আৰম্ভণি। যদি আমাৰ বিৰোধীসকলেও কাশ্মীৰৰ মোৰ ভাই-ভনীসকলক প্ৰশংসা কৰিলেহেঁতেন, তেওঁলোকৰ মনোবল বৃদ্ধি কৰিলেহেঁতেন তেন্তে মই আৰু  অধিক সুখী হ'লোহেঁতেন। কিন্তু কি হ’ব, বিৰোধীয়ে এনেবোৰ ভাল কামতো দেশক হতাশেই কৰি আহিছে।

 

বন্ধুসকল,

জম্মু আৰু কাশ্মীৰলৈ অহা এই পৰিৱৰ্তনটো হৈছে যোৱা ১০ বছৰত আমাৰ চৰকাৰে চলোৱা প্ৰচেষ্টাৰ ফল। স্বাধীনতাৰ পিছত আমাৰ ছোৱালীহঁত আৰু সমাজৰ অন্যান্য দুৰ্বল শ্ৰেণীবোৰ তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল। আমাৰ চৰকাৰে ‘সবকা সাথ, সবকা বিকাশ’ৰ মন্ত্ৰ সাৰোগত কৰি সকলোকে অধিকাৰ আৰু সুযোগ প্ৰদান কৰিছে। পাকিস্তানৰ পৰা অহা শৰণাৰ্থী, আমাৰ ‘বাল্মীকি সম্প্ৰদায়’ আৰু অনাময় কৰ্মীসকলৰ পৰিয়ালে প্ৰথমবাৰৰ বাবে স্থানীয় সংস্থাৰ নিৰ্বাচনত ভোটদানৰ অধিকাৰ লাভ কৰিছে। ‘বাল্মীকি সম্প্ৰদায়’ৰ বাবে অনুসূচিত জাতিৰ সুবিধা লাভ কৰাৰ বাবে উথ্থাপিত বহু বছৰ পুৰণি দাবী পূৰণ কৰা হৈছে। প্ৰথমবাৰৰ বাবে অনুসূচিত সম্প্ৰদায়ৰ বাবে বিধানসভাত আসন সংৰক্ষণ কৰা হৈছে। 'পদ্দাৰী জনজাতি', 'পাহাৰী জাতীয়  গোট', 'গড্ডা ব্ৰাহ্মণ' আৰু 'কলী' আদি এই সকলো সম্প্ৰদায়কো অনুসূচিত জাতিৰ মৰ্যাদা দিয়া হৈছে। পঞ্চায়ত, পৌৰসভা আৰু পৌৰ নিগমত প্ৰথমবাৰৰ বাবে ‘অ'বিচি সংৰক্ষণ’ কাৰ্যকৰী কৰা হৈছে। সংবিধানৰ প্ৰতি আত্মসমৰ্পণৰ অৰ্থনো কি বাৰু? সংবিধানৰ অন্তঃকৰণৰ মাহাত্ম্যনো কি বাৰু? সংবিধানে ১৪০ কোটি দেশবাসীৰ জীৱন সলনি কৰাৰ বাবে, তেওঁলোকক অধিকাৰ প্ৰদান কৰাৰ বাবে, তেওঁলোকক অংশীদাৰ কৰাৰ সুযোগ প্ৰদান কৰে। আমাৰ সংবিধানৰ দৰে ইমান মহামূল্য সম্পদ থকা স্বত্বেও আগতে ইয়াক অস্বীকাৰ কৰা হৈছিল। দিল্লীত বহি থকা শাসকসকলে ইয়াৰ বিষয়ে চিন্তা কৰা নাছিল। স্বাধীনতাৰ ইমান বছৰৰ ধৰি এয়া কৰা নাছিল। আজি মই সুখী যে আমি সংবিধানক ধিঁয়াই জীয়াই আছো, আমি সংবিধান গ্ৰহণ কৰি কাশ্মীৰৰ জীৱন সলনি কৰাৰ নতুন নতুন উপায় বিচাৰি আছোঁ। আজি জম্মু আৰু কাশ্মীৰত ভাৰতৰ সংবিধান সঁচাকৈয়ে কাৰ্যকৰী হৈছে। আৰু যিসকলে সংবিধান কাৰ্যকৰী কৰা নাই তেওঁলোক দোষী, তেওঁলোক হৈছে অপৰাধী, কাশ্মীৰৰ যুৱক, কাশ্মীৰৰ কন্যা, কাশ্মীৰৰ জনসাধাৰণৰ ওচৰত অপৰাধী। আৰু এই সকলোবোৰ ঘটি আছে কিয়নো সকলোকে বিভাজিত কৰি ৰখা ‘অনুচ্ছেদ ৩৭০’-ৰ দেৱালখন এতিয়া ঢলি পৰিছে।

 

ভাই-ভনীসকল,

কাশ্মীৰ উপত্যকাত আমি যি পৰিৱৰ্তন দেখিবলৈ পাইছো, সমগ্ৰ বিশ্বই আজি ইয়াক দেখিছে। মই ‘জি-২০’ গোটত ইয়ালৈ অহা লোকসকলক দেখিছোঁ। সেই দেশবোৰৰ মানুহে যিয়েই লগ পাইছে, তেওঁলোকে কাশ্মীৰকো প্ৰশংসা কৰি আহিছে। যিধৰণে আতিথ্য প্ৰদান কৰা হৈছিল, বৰকৈ প্ৰশংসা কৰে তেওঁলোকে। আজি যেতিয়া শ্ৰীনগৰত ‘জি-২০’ৰ দৰে এক আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান অনুষ্ঠিত হয়, প্ৰতিগৰাকী কাশ্মীৰীৰ বুকু গৌৰৱেৰে ভৰি উঠে। আজি যেতিয়া আমাৰ ল'ৰা-ছোৱালীয়ে সন্ধিয়ালৈকে ‘লাল চক’ত খেলে, হাঁহি-ধেমালি কৰে, তেতিয়া প্ৰতিগৰাকী ভাৰতীয়ও আনন্দেৰে মুখৰ হৈ উঠে। আজি, যেতিয়া ইয়াত চিনেমা হল আৰু বজাৰবোৰত এক উচ্চলতা দেখিবলৈ পোৱা যায় তেতিয়া সকলোৰে মুখবোৰ উজলি উঠে। কিছুদিন আগৰ সেই ছবিবোৰ মোৰ এতিয়াও মনত আছে, যেতিয়া ডাল হ্ৰদৰ পাৰত ‘স্পৰ্টছ কাৰ’ৰ এক সুন্দৰ কাৰ্যক্ৰম অনুষ্ঠিত হৈছিল। সমগ্ৰ বিশ্বই দেখিছিল যে আমাৰ কাশ্মীৰ কিমান আগবাঢ়িছে, এতিয়া ইয়াত পৰ্যটনৰ নতুন অভিলেখৰ আলোচনা চলে। আৰু কাইলৈ ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ নহয় জানো। সেয়াও পৰ্যটকৰ আকৰ্ষণৰ কাৰক হৈ উঠিবলৈ আগবাঢ়িছে। যোৱা বছৰ, মনোজজীয়ে অলপ আগতে কোৱাৰ দৰে, জম্মু আৰু কাশ্মীৰলৈ অভিলেখ ভংগকাৰী ২ কোটিতকৈয়ো অধিক পৰ্যটক ইয়ালৈ আহিছিল। ই স্থানীয় লোকসকলৰ জীৱিকাই গতি লাভ কৰে, নিযুক্তি বৃদ্ধি কৰে, উপাৰ্জন বৃদ্ধি কৰে, ব্যৱসায় সম্প্ৰসাৰিত কৰে।

বন্ধুসকল,

মই দিনে-ৰাতিয়ে ইয়াকে কৰি থাকো। মোৰ দেশৰ বাবে কিবা নহয় কিবা কৰি থাকো। মই মোৰ দেশবাসীৰ বাবে কিবা নহয় কিবা কৰি থাকো। আৰু মই যি কৰি আছো, মই ভাল উদ্দেশ্যৰে কৰি আছোঁ। কাশ্মীৰৰ পূৰ্বৱৰ্তী প্ৰজন্মই যি ভূগিছিল তাৰ পৰা বাহিৰ হোৱাৰ পথ প্ৰশস্ত কৰিবলৈ মই এক আন্তৰিক সমৰ্পণেৰে কামত লাগি আছোঁ। দূৰত্ব হৃদয়ৰেই হওক বা দিল্লীৰে হওক, আমি সকলো দূৰত্বকে নোহোৱা কৰিবলৈ সকলো প্ৰচেষ্টাই কৰি আছো। সকলোৱে গণতন্ত্ৰৰ লাভবোৰ কাশ্মীৰৰ প্ৰতিটো অঞ্চল, প্ৰতিটো পৰিয়ালেই যাতে লাভ কৰিব পাৰে তাৰ বাবে আমি সকলোৱে একেলগে কাম কৰিব লাগিব। আগতেও কেন্দ্ৰীয় চৰকাৰৰ পৰা ধন আহিছিল। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা প্ৰতিটো পইচা আপোনালোকৰ ভালৰ বাবে খৰচ কৰা হৈছে। আমি নিশ্চিত কৰোঁ যে যি কামৰ বাবে দিল্লীৰ পৰা টকা উলিয়াই দিয়া হৈছে, সেই কামতে যাতে সেই ধন খৰচ কৰা হয় সেয়া নিশ্চিত কৰি আহিছো আৰু ফলাফলো দৃশ্যমান হৈছে। জম্মু আৰু কাশ্মীৰৰ লোকসকলে স্থানীয় পৰ্যায়ত তেওঁলোকৰ প্ৰতিনিধি বাছনি কৰা উচিত, তেওঁলোকৰ জৰিয়তে আপোনালোকৰ সমস্যাবোৰ সমাধান কৰাৰ উপায় বিচাৰি উলিওৱা উচিত, ইয়াতকৈ আৰু কি ভাল হ'ব পাৰে? সেয়েহে, এতিয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিও আৰম্ভ হৈছে। আৰু বেছি দিন নাই যেতিয়া আপোনালোকে আপোনালোকৰ ভোটেৰে জম্মু আৰু কাশ্মীৰৰ নতুন চৰকাৰ বাছনি কৰিব। সেই দিনটো সোনকালেই আহিব যেতিয়া জম্মু আৰু কাশ্মীৰে পুনৰ এখন ৰাজ্য হিচাপে ইয়াৰ ভৱিষ্যত অধিক উন্নত কৰিব।

 

বন্ধুসকল,

জম্মু আৰু কাশ্মীৰৰ উন্নয়নৰে সম্পৰ্কিত ১৫০০ কোটি টকাৰো অধিক মূল্যৰ প্ৰকল্পসমূহ অলপ আগতে ইয়াত উদ্বোধন কৰা হৈছে। কৃষি আৰু আনুষঙ্গিক খণ্ডৰ বাবে ১৮০০ কোটি টকাৰ প্ৰকল্পও আৰম্ভ কৰা হৈছে। এই প্ৰকল্পসমূহৰ বাবে মই জম্মু-কাশ্মীৰৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ। মই ইয়াত ৰাজ্যিক প্ৰশাসনকো অভিনন্দন জনাইছোঁ যে তেওঁলোকে চৰকাৰী চাকৰিতো দ্ৰুত গতিত নিযুক্তি দি আছে। যোৱা ৫ বছৰত প্ৰায় ৪০ হাজাৰ চৰকাৰী নিযুক্তি প্ৰদান কৰা হৈছে। বৰ্তমান, প্ৰায় দুই হাজাৰ যুৱক-যুৱতীয়েতো এই কাৰ্যসূচীতে নিযুক্তি পত্ৰ লাভ কৰিছে। কাশ্মীৰত কোটি কোটি টকাৰ বিনিয়োগে স্থানীয় যুৱক-যুৱতীসকলৰ বাবে হাজাৰ হাজাৰ নতুন চাকৰি সৃষ্টি কৰিছে।

ভাই-ভনীসকল,

পথ আৰু ৰে'ল সংযোগ, শিক্ষা আৰু স্বাস্থ্যৰ সৈতে সম্পৰ্কিত আন্তঃগাঁথনি, বা বিদ্যুৎ আৰু পানী, জম্মু-কাশ্মীৰত প্ৰতিটো দিশত বৃহৎ পৰিমাণৰ কাম কৰা হৈছে। ‘প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনি’ৰ অধীনত ইয়াত হাজাৰ হাজাৰ কিলোমিটাৰ নতুন পথ নিৰ্মাণ কৰা হৈছে। জম্মু আৰু কাশ্মীৰত নতুন ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক্সপ্ৰেছৱে’ নিৰ্মাণ কৰা হৈছে। কাশ্মীৰ উপত্যকাও ৰে’ল সংযোগৰ সৈতে সংযুক্ত হৈ আছে। চেনাব নদীৰ ওপৰত নিৰ্মিত পৃথিৱীৰ সৰ্বোচ্চ ৰে'লৱে’ দলঙৰ ছবি দেখি প্ৰতিগৰাকী ভাৰতীয়ই গৌৰৱেৰে ভৰি উঠিছে। উত্তৰ কাশ্মীৰৰ ‘গুৰেজ উপত্যকা’ প্ৰথমবাৰৰ বাবে ‘পাৱাৰ গ্ৰিড’ৰ সৈতে সংযুক্ত হৈছে। কৃষি, উদ্যানশস্য, হস্ততাঁত উদ্যোগ, ক্ৰীড়া বা ‘ষ্টাৰ্ট-আপ’-য়েই হওক কাশ্মীৰৰ সকলোৰে বাবে সুযোগ হৈ উঠিছে। আৰু মই এইমাত্ৰ ‘ষ্টাৰ্টআপ জগত’ৰ সৈতে জড়িত যুৱসকলক লগ পাই আহিছোঁ। মোৰ আহোতে সেইকাৰণেই পলম হৈছিল, কিয়নো মই তেওঁলোকৰ কথাবোৰ ইমানেই শুনিব বিচাৰিছিলো, তেওঁলোকেও বহুত কথা ক'ব বিচাৰিছিল, তেওঁলোকৰ আত্মবিশ্বাসে মোক বাৰুকৈয়ে উৎসাহিত কৰিছিল আৰু ইয়াৰ যুৱক-যুৱতীসকলে ভাল পঢ়া-শুনা আৰু ভাল ‘কেৰিয়াৰ’ এৰি নিজকে ‘ষ্টাৰ্টআপ’ৰে সংযুক্ত কৰিছে আৰু তেওঁলোকে এয়া কৰি দেখুৱাইছেও। মোক কৈছে বোলে কোনোবাই দুবছৰ আগতে আৰম্ভ কৰিছিল, কোনোবাই হয়তো তিনিবছৰ আগতে আৰম্ভ কৰিছিল আৰু আজি তেওঁলোকে এটা নাম কৰিছে। আৰু ইয়াত সকলো ধৰণৰ ‘ষ্টাৰ্টআপ’ আছে। ‘আয়ুৰ্বেদ’ৰ সৈতে সম্পৰ্কিত বিষয়ো আছে, খাদ্য সম্পৰ্কীয় বিষয়ো আছে। তথ্য প্ৰযুক্তিৰ নতুন পৰাক্ৰম দেখিবলৈ পাইছোঁ, ‘চাইবাৰ নিৰাপত্তা’ৰ আলোচনাও হোৱা দেখিছে। ‘ফেশ্বন ডিজাইন’, পৰ্যটনক শক্তিসমৃদ্ধ কৰিব পৰা ‘হোম ষ্টে’’ৰ পৰিকল্পনাও দেখিছো। অৰ্থাৎ, সম্ভৱতঃ জম্মু আৰু কাশ্মীৰত ইমানবোৰ ক্ষেত্ৰত ‘ষ্টাৰ্টআপ’ হ'ব পাৰে আৰু জম্মু আৰু কাশ্মীৰৰ মোৰ যুৱক-যুৱতীসকলে ‘ষ্টাৰ্টআপ’ৰ পৃথিৱীখনত তেওঁলোকৰ ভূমিকা পালন কৰি আছে, এয়া দেখিবলৈ পোৱাটো মোৰ বাবে সঁচায়ে এক সুখৰ মুহূৰ্ত আছিল। মই এই সকলো যুৱক-যুৱতীক অভিনন্দন জনাইছোঁ।

 

বন্ধুসকল,

 

আজি জম্মু-কাশ্মীৰ ‘ষ্টাৰ্ট-আপ’, ‘দক্ষতা বিকাশ’ আৰু ‘ক্ৰীড়া’ৰ এক ডাঙৰ কেন্দ্ৰ হৈ উঠিছে। আৰু মোৰ অভিমত যে জম্মু আৰু কাশ্মীৰৰ আশ্চৰ্যজনক ক্ৰীড়া প্ৰতিভা আছে। আৰু এতিয়া মই দৃঢ়ভাৱে বিশ্বাস কৰোঁ যে আমি যিকোনো আন্তঃগাঁথনি নিৰ্মাণ কৰি আছো, আমি সেইবোৰ বস্তুৰ ব্যৱস্থা কৰি আছো আৰু নতুন নতুন ক্ৰীড়াক উদগণি দি আছো। বৃহৎ পৰিমাণত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া জগতত জম্মু-কাশ্মীৰৰ ল’ৰা-ছোৱালীহঁতৰ নাম উজলি উঠিব। আৰু জম্মু আৰু কাশ্মীৰৰ ল’ৰা-ছোৱালীহঁতে মোৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিব, সেই দৃশ্য মই নিজ চকুৰে দেখিবলৈ পাইছোঁ।

 

বন্ধুসকল,

 

মোক কোৱা হৈছিল যে কৃষিখণ্ডত প্ৰায় ৭০ টা ‘ষ্টাৰ্ট-আপ’ গঢ়ি উঠিছে। অৰ্থাৎ, মই কৃষিখণ্ডত বিপ্লৱ দেখিছো। আৰু কৃষিৰ আধুনিকীকৰণৰ বাবে নতুন প্ৰজন্মৰ এয়া হৈছে দৃষ্টিভংগী। বিশ্ববজাৰলৈ চোৱাৰ তেওঁলোকৰ দৃষ্টিভংগী সঁচাকৈয়ে অনুপ্ৰেৰণাদায়ক। যোৱা কেইবছৰমানত ইয়াত ৫০ খনতকৈয়ো অধিক স্নাতক মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। এই সংখ্যাটো কিন্তু সৰু নহয়। যদি আপোনালোকে স্বাধীনতাৰ পিছৰ ৫০-৬০টা বছৰ  লক্ষ্য কৰে আৰু এই ১০ বছৰলৈ লক্ষ্য কৰে তেন্তে আপোনালোকে আকাশ-পাতালৰ পাৰ্থক্য দেখিবলৈ পাব। ‘পলিটেকনিক’ৰ আসন বৃদ্ধি হোৱাৰ ফলত ইয়াৰ যুৱক যুৱতীসকলে নতুন দক্ষতা শিকাৰ সুযোগ পাইছে। আজি জম্মু-কাশ্মীৰত ‘আইআইটি’, ‘আইআইএম’, ‘এইমছ’ নিৰ্মাণ কৰা হৈছে আৰু বহুতো নতুন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হৈছে। পৰ্যটন আৰু আতিথ্য খণ্ডত স্থানীয় পৰ্যায়তো দক্ষতা প্ৰস্তুত কৰা হৈছে। ‘পৰ্যটক গাইড’-ৰ বাবে ‘অনলাইন পাঠ্যক্ৰমে’ই হওক, বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত যুৱ পৰ্যটন ক্লাব গঠনেই হওক, এই সকলোবোৰ কাম আজি কাশ্মীৰত বৃহৎ পৰিমাণে কৰা হৈছে।

 

বন্ধুসকল,

 

কাশ্মীৰৰ ছোৱালীহঁত জম্মু আৰু কাশ্মীৰত কৰা উন্নয়নমূলক কামৰ পৰা যথেষ্ট লাভান্বিত হৈছে। চৰকাৰে পৰ্যটন, তথ্য প্ৰযুক্তি আৰু অন্যান্য দক্ষতাৰ ক্ষেত্ৰত ‘আত্ম-সহায়ক গোট’ৰ সৈতে জড়িত ভগ্নীসকলক প্ৰশিক্ষণ দিয়াৰ বাবে এক অভিযান চলাই আছে। দুদিন আগতে দেশত 'কৃষি সখী' কাৰ্যসূচী আৰম্ভ কৰা হৈছে। আজি, জম্মু-কাশ্মীৰত ১২০০ৰো অধিক ভগ্নীয়ে 'কৃষি সখী' হিচাপে কাম কৰি আছে। নমো ‘ড্ৰোন দিদি আঁচনি’ৰ অধীনত, জম্মু আৰু কাশ্মীৰৰ কন্যাসকলকো প্ৰশিক্ষণ দিয়া হৈছে। তেওঁলোক ‘পাইলট’ হৈ উঠিছে। যেতিয়া মই কেইমাহমান আগতে দিল্লীত এই আঁচনিখন আৰম্ভ কৰিছিলো, জম্মু আৰু কাশ্মীৰৰ ‘ড্ৰোন দিদি’সকলেও ইয়াত যোগদান কৰিছিল। এই সকলোবোৰ প্ৰচেষ্টাই কাশ্মীৰৰ মহিলাসকলৰ উপাৰ্জন বৃদ্ধি কৰিছে, তেওঁলোকক নতুন নিযুক্তিৰ সুযোগ প্ৰদান কৰা হৈছে। আমাৰ চৰকাৰে দেশৰ ৩ কোটি ভগ্নীক ‘কোটিপতি’ কৰাৰ লক্ষ্যৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে।

 

ভাই-ভনীসকল,

 

পৰ্যটন আৰু ক্ৰীড়াক্ষেত্ৰত ভাৰত বিশ্বৰ এক মুখ্য শক্তি হোৱাৰ দিশত আগবাঢ়িছে। এই দুয়োটা খণ্ডতে জম্মু আৰু কাশ্মীৰৰ যথেষ্ট সম্ভাৱনা আছে। আজি জম্মু-কাশ্মীৰৰ প্ৰতিখন জিলাতে উৎকৃষ্ট ক্ৰীড়া আন্তঃগাঁথনি নিৰ্মাণ কৰা হৈছে। ‘খেলো ইণ্ডিয়া’-ৰ প্ৰায় ১০০টা কেন্দ্ৰ ইয়াত নিৰ্মাণ কৰা হৈছে। জম্মু-কাশ্মীৰৰ প্ৰায় ৪,৫০০ যুৱক-যুৱতীক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে প্ৰশিক্ষণ দিয়া হৈছে। এই সংখ্যাটো বাৰুকৈয়ে ডাঙৰ। শীতকালীন ক্ৰীড়াৰ ক্ষেত্ৰত, জম্মু আৰু কাশ্মীৰ ভাৰতৰ ৰাজধানী হৈ উঠিছে। ফেব্ৰুৱাৰী মাহত ইয়াত অনুষ্ঠিত হোৱা ‘চতুৰ্থ খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়া’ত সমগ্ৰ দেশৰ ৮০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এনে ধৰণৰ অনুষ্ঠানে ভৱিষ্যতে ইয়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ বাবে নতুন সম্ভাৱনা সৃষ্টি কৰিব।

 

বন্ধুসকল,

 

এই নতুন শক্তি, এই নতুন উৎসাহ আৰু ইয়াৰ বাবে আপোনালোক সকলোৱেই অভিনন্দনৰ অধিকাৰী। কিন্তু শান্তি আৰু মানৱতাৰ শত্ৰুসকলে জম্মু আৰু কাশ্মীৰৰ প্ৰগতি পছন্দ নকৰে। আজি তেওঁলোকে শেষ প্ৰচেষ্টা চলাই আছে জম্মু-কাশ্মীৰৰ উন্নয়ন কেনেকৈ বন্ধ কৰিব পাৰি, ইয়াত শান্তিৰ বাতাবৰণ স্থাপন নহওক। সন্ত্ৰাসৰ শেহতীয়া ঘটনাবোৰ চৰকাৰে অতি গুৰুত্ব সহকাৰে লৈছে। গৃহমন্ত্ৰীয়ে জম্মু আৰু কাশ্মীৰ প্ৰশাসনৰ সহযোগত সকলো ব্যৱস্থাৰ পৰ্যালোচনা কৰিছে। মই আপোনালোকক আশ্বাস দিছো যে আমি জম্মু আৰু কাশ্মীৰৰ শত্ৰুসকলক এটা শিক্ষা দিবলৈ চেষ্টাৰ কোনো ধৰণৰ ত্ৰুটি নকৰোঁ। জম্মু আৰু কাশ্মীৰৰ নতুন প্ৰজন্মই স্থায়ী শান্তিৰে জীয়াই থাকিব। আমি জম্মু আৰু কাশ্মীৰে বাছনি কৰা প্ৰগতিৰ পথ শক্তিশালী কৰিম। আকৌ এবাৰ, এই বিবিধ নতুন প্ৰকল্পৰ বাবে মই আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু কাইলৈ সমগ্ৰ বিশ্বলৈ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বাৰ্তা শ্ৰীনগৰৰ ভূমিৰ পৰা প্ৰেৰিত হ'ব, ইয়াতকৈ ভাল উপলক্ষ কি হ'ব পাৰে। মোৰ শ্ৰীনগৰ আকৌ এবাৰ বিশ্ব মঞ্চত জিলিকি উঠিব। আপোনালোক সকলোলৈকে মোৰ শুভেচ্ছা জনালোঁ। বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
French Space companies announce key agreements with Indian firms at Paris Space Summit

Media Coverage

French Space companies announce key agreements with Indian firms at Paris Space Summit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister expresses grief over loss of lives in mishap in Nanded
September 11, 2026
Prime Minister announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to a mishap in Nanded, Maharashtra.

The Prime Minister conveyed his thoughts to the bereaved families in this hour of grief and prayed for the speedy recovery of the injured.

Shri Modi announced that an ex-gratia of Rs. 2 lakh from the Prime Minister’s National Relief Fund (PMNRF) would be given to the next of kin of each deceased. The injured would be given Rs. 50,000.

In a post on X, the Prime Minister’s Office said;

“Saddened by the loss of lives due to a mishap in Nanded, Maharashtra. My thoughts are with the bereaved families in this hour of grief. Praying for the speedy recovery of the injured.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”