সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰ এতিয়া ছায়া যুদ্ধ নহয়, বৰং সুচিন্তিত ৰণনীতি, সেয়েহে প্ৰতিক্ৰিয়াও একেধৰণে হ'বঃ প্ৰধানমন্ত্ৰী
আমি ‘বসুধৈৱ কুটুম্বকম’ আদৰ্শত বিশ্বাস কৰো, আমি কাৰো সৈতে শত্ৰুতা নিবিচাৰো, আমি প্ৰগতি বিচাৰো যাতে আমি বিশ্বৰ কল্যাণত অৰিহণা যোগাব পাৰোঃ প্ৰধানমন্ত্ৰী
২০৪৭ চনৰ ভিতৰত ভাৰত উন্নত ৰাষ্ট্ৰত পৰিণত হ’ব লাগিব, কোনো আপোচ নচলিব, আমি স্বাধীনতাৰ ১০০ বছৰ এনেদৰে উদযাপন কৰিম যাতে সমগ্ৰ বিশ্বই ‘বিকশিত ভাৰত’ৰ প্ৰশংসা কৰেঃ প্ৰধানমন্ত্ৰী
নগৰীয়া অঞ্চলসমূহ আমাৰ বিকাশৰ কেন্দ্ৰ, আমি নগৰ-নিকায়সমূহক অৰ্থনীতিৰ বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিব লাগিবঃ প্ৰধানমন্ত্ৰী
সম্প্ৰতি দেশত আমাৰ প্ৰায় দুই লাখ ষ্টাৰ্ট-আপ আছে, যাৰ অধিকাংশই দ্বিতীয়-তৃতীয় স্তৰৰ চহৰত থকাৰ লগতে আমাৰ কন্যাসকলে ইয়াৰ নেতৃত্ব দিছেঃ প্ৰধানমন্ত্ৰী
আমাৰ দেশত এক বৃহৎ পৰিবৰ্তন অনাৰ অপৰিসীম সম্ভাৱনা আছে, অপাৰেচন সিন্দূৰ এতিয়া ১৪০ কোটি নাগৰিকৰ দায়িত্বঃ প্ৰধানমন্ত্ৰী
আমি আমাৰ ব্ৰেণ্ড ‘মেড ইন ইণ্ডিয়া’ক লৈ গৌৰৱান্বিত হোৱা উচিতঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত গুজৰাট নগৰীয়া বিকাশৰ ২০ বছৰ উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নগৰ উন্নয়ন বৰ্ষ ২০২৫ৰ শুভাৰম্ভ কৰে। সমাবেশত সম্বোধন কৰি তেওঁ কয় যে যোৱা দুদিন ধৰি বদোদৰা, দাহোদ, ভুজ, আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণৰ সময়ত তেওঁ অপাৰেচন সিন্দূৰৰ সফলতাৰ অনুনাদ আৰু উৰি থকা ত্ৰিৰংগাৰ জৰিয়তে দেশপ্ৰেমৰ উচ্ছ্বাস অনুভৱ কৰি আহিছে। এয়া দৃষ্টিনন্দন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই অনুভূতি কেৱল গুজৰাটতে নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিটো কোণত আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "ভাৰতে সন্ত্ৰাসবাদৰ কণ্টক আঁতৰাবলৈ মনস্থ কৰাৰ লগতে ইয়াক সম্পূৰ্ণ দৃঢ় বিশ্বাসৰে সম্পন্ন কৰিছিল।"

ভাৰতক ৩ টা ভাগত বিভক্ত কৰাৰ ঠিক পিছতে ১৯৪৭ চনত ভাৰতৰ ওপৰত হোৱা প্ৰথমটো সন্ত্ৰাসবাদী আক্ৰমণৰ কথা মনত পেলাই শ্ৰী মোদীয়ে কয় যে পাকিস্তানে সন্ত্ৰাসবাদীসকলক আশ্ৰয় দি এটা অংশ দখল কৰিছিল। তেওঁ চৰ্দাৰ পেটেলৰ দৃষ্টিভংগীৰ কথা স্মৰণ কৰি কয় যে পাকিস্তান অধিকৃত কাশ্মীৰ (পি অ' কে) পুনৰ দখল নোহোৱালৈকে ভাৰতীয় সেনাবাহিনী থমকি ৰোৱা উচিত নাছিল। অৱশ্যে, তেওঁ কয় যে পেটেলৰ পৰামৰ্শ অনুসৰণ কৰা হোৱা নাছিল। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে সন্ত্ৰাসবাদৰ এই ঐতিহ্য যোৱা ৭৫ বছৰ ধৰি অব্যাহত আছে আৰু পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ ইয়াৰ আন এক ভয়ংকৰ ৰূপ। তেওঁ দৃঢ়তাৰে কয় যে কূটনৈতিক খেল খেলিলেও পাকিস্তানে বাৰে বাৰে যুদ্ধত ভাৰতৰ সামৰিক শক্তিৰ সন্মুখীন হৈছিল। তেওঁ উল্লেখ কৰে যে তিনিবাৰ ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তানক নিৰ্ণায়কভাৱে পৰাস্ত কৰি স্পষ্ট কৰি দিছিল যে পাকিস্তানে প্ৰত্যক্ষ সামৰিক সংঘৰ্ষত জয়লাভ কৰিব নোৱাৰে। পাকিস্তানে নিজৰ সীমাবদ্ধতা উপলব্ধি কৰাৰ কথা স্বীকাৰ কৰি শ্ৰী মোদীয়ে কয় যে চুবুৰীয়া দেশে ছায়া যুদ্ধৰ আশ্রয় লৈছে। তেওঁ ব্যাখ্যা কৰে যে প্ৰশিক্ষিত উগ্ৰপন্থীসকলক পদ্ধতিগত সামৰিক প্ৰশিক্ষণৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰোৱা হৈছিল, যাৰ লক্ষ্য আছিল শান্তিপূৰ্ণভাৱে তীৰ্থযাত্ৰা কৰাসকলৰ দৰে নিৰীহ আৰু নিৰস্ত্ৰ নাগৰিকক আক্ৰমণ কৰা।

 

ভাৰতৰ গভীৰ সাংস্কৃতিক মূল্যবোধৰ ওপৰত আলোকপাত কৰি, সমগ্ৰ বিশ্বক এটা পৰিয়াল হিচাপে গণ্য কৰা বসুধৈৱ কুটুম্বকমৰ দৰ্শনৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতে বহু শতিকা ধৰি এই পৰম্পৰা বজাই ৰাখিছে আৰু চুবুৰীয়া দেশসমূহৰ সৈতে শান্তিপূৰ্ণ আৰু সমন্বয়ৰ সম্পৰ্ক বিচাৰি আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে যদিও ভাৰতে সদায় শান্তি আৰু সুস্থিৰতাৰ পোষকতা কৰি আহিছে যদিও দেশখনে বাৰে বাৰে প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ ফলত কঠোৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ প্ৰয়োজন আহি পৰিছে। তেওঁ কয় যে ঐতিহাসিকভাৱে যাক ছায়া যুদ্ধ বুলি কোৱা হৈছে, বিশেষকৈ ৬ মে'ৰ ঘটনাৰ পাছত সেয়া এতিয়া বিকশিত হৈছে। তেওঁ দৃঢ়তাৰে কয় যে শেহতীয়া ঘটনাসমূহৰ প্ৰতি লক্ষ্য ৰাখি এনে কাৰ্যক ছায়া যুদ্ধ বুলি উল্লেখ কৰাটো ভুল হ'ব। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ২২ মিনিটৰ ভিতৰত চিনাক্ত কৰা ৯ টা সন্ত্ৰাসবাদী ঘাটি ধ্বংস কৰা হৈছিল আৰু কেমেৰাত আবদ্ধ কৰাৰ জৰিয়তে ঘটনাৰ সম্পূৰ্ণ স্বচ্ছতা নিশ্চিত কৰা হৈছিল, যাতে কোনো প্ৰমাণ সন্দৰ্ভত প্ৰশ্ন উত্থাপিত হ’ব নোৱাৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে কয় যে শেহতীয়া ঘটনাসমূহে প্ৰমাণ কৰে যে এয়া কেৱল ছায়া যুদ্ধ নহয়, বৰঞ্চ পাকিস্তানৰ এক ইচ্ছাকৃত আৰু পৰিকল্পিত সামৰিক কৌশল। তেওঁ উল্লেখ কৰে যে ৬ মে'ৰ ঘটনাৰ পাছত, পাকিস্তানত সন্ত্ৰাসবাদীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পূৰ্ণ সন্মানৰে সম্পন্ন কৰা হৈছিল, আনকি তেওঁলোকৰ কফিনসমূহ ৰাষ্ট্ৰীয় পতাকাৰে আবৃত্ত কৰা হৈছিল, লগতে পাকিস্তানী সামৰিক বাহিনীয়ে অভিবাদনো জনাইছিল-এইসমূহৰ জৰিয়তে স্পষ্ট হৈ উঠিছিল যে এয়া বিচ্ছিন্ন উগ্ৰপন্থী কাৰ্যকলাপ নাছিল, কিন্তু এক গঠনমূলক যুদ্ধৰ দৃষ্টিভংগীৰ অংশ আছিল। তেওঁ লগতে কয় যে যদি এনে কৌশল ব্যৱহাৰ কৰা হয়, তেন্তে সমপৰ্যায়ৰ নিৰ্ণায়ক প্ৰতিক্ৰিয়া প্ৰদৰ্শন কৰা হ'ব।

প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতে সদায় প্ৰগতি আৰু সকলোৰে কল্যাণৰ বাবে কাম কৰি অহাৰ লগতে সংকটৰ সময়ত সহায় আগবঢ়াই আহিছে। অৱশ্যে এই প্ৰচেষ্টা সত্বেও ৰাষ্ট্ৰখনে প্ৰায়ে হিংসাত্মক প্ৰতিশোধৰ সন্মুখীন হোৱা বুলি তেওঁ উল্লেখ কৰে। বিগত কেইবা দশক ধৰি দেশখনক কেনেদৰে অৱমূল্যায়ন কৰা হৈছিল, তাৰ উপলব্ধি কৰিবলৈ তেওঁ যুৱ প্ৰজন্মক আহ্বান জনায়। স্থগিত ৰখা সিন্ধু জল চুক্তি সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ জলসম্পদ সম্পৰ্কীয় বিষয়সমূহৰ ওপৰত আলোকপাত কৰি কয় যে যদিও নদীৰ ওপৰত বান্ধ নিৰ্মাণ কৰা হৈছিল, তথাপিও ষাঠি বছৰ ধৰি সঠিক ৰক্ষণাবেক্ষণ আৰু গেদ নিষ্কাশনক অৱহেলা কৰা হৈছিল। তেওঁ মন্তব্য কৰিছিল যে পানী নিয়ন্ত্ৰণৰ বাবে নিৰ্ধাৰিত দুৱাৰবোৰ খোল নোখোৱাৰ পৰিপ্ৰেক্ষিতত সংৰক্ষণ ক্ষমতা যথেষ্ট হ্ৰাস পাইছিল-সম্পূৰ্ণ ব্যৱহাৰৰ পৰা মাত্ৰ দুইৰ পৰা তিনি শতাংশলৈ। তেওঁ ভাৰতীয়সকলে পানীৰ অধিকাৰ লাভ কৰিব লাগিব বুলি দৃঢ়তাৰে উল্লেখ কৰি কয় যে এতিয়াও গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হোৱা নাই যদিও প্ৰাৰম্ভিক ব্যৱস্থা আৰম্ভ হৈছে।

ভাৰতে কোনো শত্ৰুতা নিবিচাৰে আৰু শান্তি আৰু সমৃদ্ধি বিচাৰে বুলি গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে প্ৰগতি আৰু বিশ্ব কল্যাণত অৰিহণা যোগোৱাৰ বাবে ৰাষ্ট্ৰৰ প্ৰতিশ্ৰুতিৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে দৃঢ় সংকল্পৰে ভাৰত নিজৰ নাগৰিকসকলৰ কল্যাণৰ প্ৰতি সমৰ্পিত হৈ আছে। ২৬ মে'ৰ তাৎপৰ্য প্ৰতিফলিত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে ই ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম শপত গ্ৰহণৰ অনুষ্ঠান আয়োজিত হৈছিল। সেই সময়ত বিশ্ব অৰ্থনীতিত ভাৰত একাদশ স্থানত আছিল। তেওঁ ক’ভিড-১৯ৰ বিৰুদ্ধে যুঁজ, চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সমস্যা আৰু প্ৰাকৃতিক দুৰ্যোগকে ধৰি সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ কথা স্বীকাৰ কৰে। এই বাধাসমূহ অতিক্ৰমী ভাৰতে লাভ কৰা দ্ৰুত অৰ্থনৈতিক বিকাশৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে দেশ বিশ্বৰ একাদশ স্থানৰ পৰা চতুৰ্থ স্থানলৈ উন্নীত হৈছে। প্ৰধানমন্ত্ৰীয়ে উন্নয়নৰ বাবে দেশৰ দৃষ্টিভংগী আৰু প্ৰগতিৰ প্ৰতি ইয়াৰ অটল দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে। তেওঁ গুজৰাটত থকা নিজৰ শিপাৰ কথা স্মৰণ কৰি তেওঁৰ লালন-পালনৰ পৰা লাভ কৰা শিক্ষা আৰু মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ নাগৰিকসকলে তেওঁৰ ওপৰত অৰ্পণ কৰা আকাংক্ষা আৰু সপোনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ উন্নতিৰ বাবে কঠোৰ পৰিশ্ৰম অব্যাহত ৰখাৰ প্ৰতিশ্ৰুতি দিয়ে।

 

নগৰ উন্নয়নৰ প্ৰতি গুজৰাট চৰকাৰৰ প্ৰতিশ্ৰুতিত সন্তোষ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্যখনে ২০০৫ চনত এই পদক্ষেপ আৰম্ভ কৰিছিল আৰু এতিয়া দুটা দশকৰ প্ৰগতি প্ৰতিফলিত কৰিছে। তেওঁ উল্লেখ কৰে যে চৰকাৰে কেৱল সাফল্য উদযাপন কৰাৰ পৰিবৰ্তে যোৱা ২০ বছৰৰ পৰা লাভ কৰা শিক্ষা ব্যৱহাৰ কৰি পৰৱৰ্তী প্ৰজন্মৰ বাবে নগৰ উন্নয়নৰ উদ্দেশ্যে ভৱিষ্যত-কেন্দ্ৰিক পৰিকল্পনা প্ৰস্তুত কৰিছে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এতিয়া গুজৰাটৰ জনসাধাৰণৰ আগত উপস্থাপন কৰা এই পৰিকল্পনাই বহনক্ষম প্ৰগতিৰ বাবে এক গঠনমূলক দৃষ্টিভংগীক সূচায়। তেওঁ ৰাজ্য চৰকাৰ, মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ দলটোক এক অগ্ৰগামী নগৰ উন্নয়নৰ ৰণনীতি গঢ়াত তেওঁলোকৰ সমৰ্পিত প্ৰচেষ্টাৰ বাবে অভিনন্দন জনায়।

ভাৰতৰ উল্লেখযোগ্য অৰ্থনৈতিক উত্থানৰ ওপৰত গুৰুত্ব আৰোপ কৰি আন্তৰ্জাতিক প্ৰতিযোগীসকলক অতিক্ৰম কৰাটো এক গৌৰৱৰ মুহূৰ্ত বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে বিশ্ব অৰ্থনীতিৰ ৰেংকিঙত ভাৰত ষষ্ঠ স্থানৰ পৰা পঞ্চম স্থানলৈ উন্নীত হোৱাৰ সময়ত নাগৰিকসকলৰ মাজত বিশেষকৈ যুৱক-যুৱতীসকলৰ উৎসাহৰ কথা উল্লেখ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতৰ প্ৰাক্তন ঔপনিৱেশিক শাসক গ্ৰেট ব্ৰিটেইনক অতিক্ৰম কৰাটো এক ঐতিহাসিক মাইলৰ খুঁটি আছিল। শ্ৰী মোদীয়ে কয় যে ভাৰত এতিয়া চতুৰ্থ বৃহৎ অৰ্থনীতিত পৰিণত হোৱাৰ পাছত তৃতীয় স্থানত উপনীত হোৱাৰ চাপ তীব্ৰতৰ হৈ উঠিছে। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ২০৪৭ চনৰ ভিতৰত ভাৰত এখন সম্পূৰ্ণৰূপে উন্নত ৰাষ্ট্ৰ হ'ব লাগিব, এক সমৃদ্ধিশালী, শক্তিশালী দেশ হিচাপে আন্তৰ্জাতিক স্বীকৃতিৰ সৈতে দেশে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব লাগিব। স্বাধীনতা আন্দোলনৰ সমান্তৰালভাৱে শ্ৰী মোদীয়ে ভগত সিং, ৰাজগুৰু, নেতাজী সুভাষ চন্দ্ৰ বসু, বীৰ সাভাৰকাৰ, শ্যামজী কৃষ্ণ বাৰ্মা, মহাত্মা গান্ধী আৰু চৰ্দাৰ পেটেলৰ দৰে নেতাসকলে আগবঢ়োৱা ত্যাগৰ কথা উল্লেখ কৰে। তেওঁ উল্লেখ কৰিছিল যে সেই সময়ৰ ১ কোটি জনসংখ্যা স্বাধীনতাৰ বাবে যুঁজিবলৈ সংকল্পবদ্ধ নহ’লে ১৯৪৭ চনত স্বাধীনতা লাভ কৰাটো সম্ভৱ নহ’লহেঁতেন। তেওঁ দৃঢ়তাৰে কয় যে যদি বিগত প্ৰজন্মই ২০-৩৫ বছৰত ঔপনিৱেশিক শাসকসকলক উৎখাত কৰিব পাৰে, তেন্তে আজিৰ ১৪০ কোটি নাগৰিকে অহা ২৫ বছৰৰ ভিতৰত উন্নত ভাৰতৰ সপোন বাস্তৱায়িত কৰিব পাৰিব। ২০৩৫ চনৰ পৰৱৰ্তী কালৰ প্ৰতি লক্ষ্য ৰাখি শ্ৰী মোদীয়ে গুজৰাটৰ ৭৫ সংখ্যক বাৰ্ষিকী উপলক্ষে পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে উদ্যোগ, কৃষি, শিক্ষা আৰু ক্ৰীড়াৰ দৰে খণ্ডসমূহত ৰাজ্যখনৰ ভৱিষ্যত গঠনৰ বাবে এতিয়াৰে পৰা প্ৰস্তুতি আৰম্ভ কৰা উচিত। তেওঁ গুজৰাটৰ প্ৰগতি দেশৰ বিকাশৰ গতিপথৰ সৈতে সুসংগত হোৱাটো নিশ্চিত কৰিবলৈ এক সামূহিক সংকল্পৰ আহ্বান জনায়। তেওঁ ২০৩৬ চনত অলিম্পিক আয়োজনৰ বাবে ভাৰতৰ আকাংক্ষাৰ কথাও উল্লেখ কৰি বিশ্বক নেতৃত্ব দিয়াৰ বাবে ৰাষ্ট্ৰৰ প্ৰস্তুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰতিষ্ঠা কালৰ পাছৰে পৰা গুজৰাটৰ উল্লেখযোগ্য যাত্ৰাৰ কথা উল্লেখ কৰে। তেওঁ ইয়াৰ প্ৰাৰম্ভিক বছৰসমূহত আগুৰি থকা সংশয়ৰ কথা স্মৰণ কৰি কয় যে সেই সময়ত ভৌগোলিক আৰু অৰ্থনৈতিক সীমাবদ্ধতাৰ উদ্ধৃতি দি ৰাজ্যখনৰ উন্নয়নৰ সম্ভাৱনাৰ ওপৰত প্ৰশ্ন উত্থাপিত হৈছিল। তেওঁ ৰাজ্যখনৰ সফলতাৰ আঁৰত গঠনমূলক পৰিকল্পনা আৰু কৌশলগত পদক্ষেপৰ কথা উল্লেখ কৰি নিমখ উৎপাদনৰ বাবে জনাজাত ভূমিৰ পৰা হীৰা উদ্যোগৰ এক গোলকীয় নেতৃত্বলৈ গুজৰাটৰ ৰূপান্তৰৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰশাসনৰ প্ৰত্যাহ্বানসমূহৰ বিষয়েও আলোচনা কৰি গুৰুত্ব আৰোপ কৰে যে স্থবিৰ হৈ পৰা চৰকাৰী বিভাগসমূহে প্ৰায়ে প্ৰগতি বাধাগ্ৰস্ত কৰে। তেওঁ বিভিন্ন মন্ত্ৰালয়ে ফলপ্ৰসূভাৱে সহযোগিতা কৰা এক সম্পূৰ্ণ চৰকাৰী দৃষ্টিভংগীৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ ২০০৫ চনত নগৰ উন্নয়ন, আন এটা বছৰত কন্যা শিশুৰ শিক্ষা আৰু আন এটা পৰ্যায়ত পৰ্যটনৰ দৰে গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে নিৰ্দিষ্ট বছৰবোৰ উৎসৰ্গিত কৰাৰ গুজৰাটৰ আৰ্হিৰ কথা উল্লেখ কৰে। তেওঁ "কুচ দিন তো গুজৰো গুজৰাট মে" অভিযানৰ কথা স্মৰণ কৰে, যিয়ে পৰ্যটনৰ বিকাশ কৰাত সহায় কৰিছিল আৰু সোমনাথ, দ্বাৰকা আৰু অম্বাজীৰ দৰে তীৰ্থ স্থানৰ বিকাশ ঘটিছিল। তদুপৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰাৰম্ভিক পৰ্যায়ত প্ৰতিৰোধৰ সন্মুখীন হোৱা আহমেদাবাদত পৰিবহণ সম্প্ৰসাৰণ খণ্ডকে ধৰি নগৰ উন্নয়নৰ ক্ষেত্ৰত তেওঁৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰে। তেওঁ বৰ্ণনা কৰিছিল যে চহৰৰ বাহিৰত আহমেদাবাদৰ ৰঙা বাছবোৰ প্ৰৱৰ্তন কৰাৰ প্ৰাৰম্ভিক প্ৰচেষ্টা আমোলাতন্ত্ৰ আৰু ৰাজনৈতিক বাধাৰ সন্মুখীন হৈছিল যদিও দৃঢ়তাৰ ফলত গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক বিকাশ ঘটিছিল। একেদৰে তেওঁ চহৰব্যাপী উন্নয়নৰ বাবে বেদখলসমূহ পৰিষ্কাৰ কৰাৰ প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ কৰাৰ লগতে জনসাধাৰণে লাভালাভ দেখাৰ পাছত প্ৰাৰম্ভিক বিৰোধিতা কেনেদৰে ব্যাপক ৰাজহুৱা সমৰ্থনত পৰিণত হৈছিল, সেই বিষয়ে ব্যাখ্যা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে গুজৰাটত নগৰীয়া পুনৰ বিকাশৰ প্ৰচেষ্টাৰ প্ৰতি ব্যাপক প্ৰতিৰোধৰ কথা স্মৰণ কৰে, বিশেষকৈ ৰাজনৈতিক বিৰোধী আৰু সংবাদ মাধ্যমৰ পৰা। অৱশ্যে তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে যেতিয়া নেতাসকলে সততাৰে আৰু ৰাজহুৱা কল্যাণৰ বাবে সিদ্ধান্ত লয়, দীৰ্ঘম্যাদী ফলাফলে সেই সিদ্ধান্তসমূহ উচিত বুলি প্ৰমাণ কৰে। তেওঁ উল্লেখ কৰে যে নিৰ্বাচনী বিপৰ্যয়ৰ প্ৰাৰম্ভিক আশংকা স্বত্বেও, চৰকাৰৰ নগৰ পৰিবৰ্তনৰ পদক্ষেপৰ ফলত নিৰ্বাচনী বিজয় আৰু ব্যাপক প্ৰশংসাৰ জোৱাৰ উঠিছিল। প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰ প্ৰগতিৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে। তেওঁ ভাৰতৰ চতুৰ্থ বৃহৎ অৰ্থনীতিৰ পৰা তৃতীয়লৈ আগবাঢ়ি যোৱাৰ বাবে বৰ্ধিত আশাৰ কথা স্বীকাৰ কৰে আৰু আশ্বাস দিয়ে যে এনে উচ্চাকাংক্ষা দৃঢ় সংকল্পৰে অনুসৰণ কৰা হ'ব।

জনসংখ্যা বৃদ্ধিৰ ফলত নগৰ কেন্দ্ৰবোৰ কেৱল সম্প্ৰসাৰণ হোৱাৰ পৰিবৰ্তে অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰলৈ বিকশিত হোৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয়, "চহৰবোৰে অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে গতিশীল কেন্দ্ৰ হিচাপে কাম কৰিব লাগিব, আৰু পৌৰ নিগমসমূহে এইসমূহৰ ৰূপান্তৰৰ বাবে সক্ৰিয়ভাৱে পৰিকল্পনা কৰিব লাগিব"। তেওঁ সমগ্ৰ দেশৰ পৌৰ আৰু মহানগৰীয় কৰ্তৃপক্ষক তেওঁলোকৰ নিজ নিজ চহৰৰ বাবে অৰ্থনৈতিক বিকাশৰ লক্ষ্য নিৰ্ধাৰণ কৰাৰ আহ্বান জনায়। শ্ৰী মোদীয়ে তেওঁলোকক তেওঁলোকৰ স্থানীয় অৰ্থনীতিৰ বৰ্তমান অৱস্থাৰ মূল্যায়ন কৰিবলৈ আৰু এবছৰৰ ভিতৰত ইয়াক উন্নত কৰাৰ উপায়ৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ উৎসাহিত কৰাৰ লগতে উৎপাদিত সামগ্ৰীৰ মান উন্নত কৰা আৰু অৰ্থনৈতিক কাৰ্যকলাপৰ বাবে নতুন পথ চিনাক্ত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে কেৱল বজাৰ কমপ্লেক্স নিৰ্মাণ কৰাৰ পৰিবৰ্তে নগৰ-নিকায়সমূহে কৃষিভিত্তিক উদ্যোগসমূহক সমৰ্থন কৰিবলৈ আৰু স্থানীয় বজাৰৰ ভিতৰত মূল্য সংযোজনমূলক পদক্ষেপসমূহ ৰূপায়ণ কৰিবলৈ সম্পূৰ্ণ অধ্যয়ন কৰা উচিত। তেওঁ মন্তব্য কৰিছিল যে যদিও বৃহৎ উদ্যোগসমূহ পৰম্পৰাগতভাৱে মহানগৰ অঞ্চলৰ চাৰিওফালে সমৃদ্ধ হৈ উঠাৰ বিপৰীতে বিকাশশীল প্ৰায় দুই লাখ ষ্টাৰ্টআপৰ বেছিভাগেই দ্বিতীয় আৰু তৃতীয় স্তৰৰ চহৰত অৱস্থিত, যাৰ জৰিয়তে এক গুৰুত্বপূৰ্ণ পৰিবৰ্তন প্ৰতিফলিত হয়। তেওঁ গৌৰৱেৰে স্বীকাৰ কৰে যে ইয়াৰে বহুতো উদ্যোগৰ নেতৃত্ব মহিলাৰ দ্বাৰা কৰা হৈছে, যি অৰ্থনৈতিক আৰু উদ্যোগশীলতা বিপ্লৱৰ এক নতুন ঢৌৰ ইংগিত দিয়ে। শ্ৰী মোদীয়ে শিক্ষা আৰু ক্ৰীড়াৰ ক্ষেত্ৰতো একেধৰণৰ অগ্ৰগতিৰ ওপৰত আলোকপাত কৰে। তেওঁ লগতে কয় যে নগৰীয়া অৰ্থনৈতিক পৰিৱৰ্তনৰ ওপৰত ভাৰতৰ গুৰুত্বৰ জৰিয়তে মাইলৰ খুঁটি প্ৰাপ্ত কৰাৰ ক্ষেত্ৰত স্থানীয় অৰ্থনীতি শক্তিশালী কৰাটো মূল চাবিকাঠি বুলি পুনৰ নিশ্চিত কৰি ৰাষ্ট্ৰখনৰ চতুৰ্থৰ পৰা তৃতীয় বৃহৎ বিশ্ব অৰ্থনীতিলৈ যাত্ৰা ত্বৰান্বিত হ’ব।

এক শক্তিশালী শাসন আৰ্হিৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি তেওঁ কয় যে কিছুমান দৃঢ় মানসিকতাই ঐতিহাসিকভাৱে ভাৰতৰ সামৰ্থ্য হ্ৰাস কৰিবলৈ চেষ্টা কৰিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে যে কেনেদৰে আদৰ্শগত বিৰোধীয়ে প্ৰায়ে উন্নয়নমূলক নীতিৰ বিৰুদ্ধে প্ৰতিৰোধৰ সৃষ্টি কৰাৰ লগতে পদক্ষেপৰ সমালোচনা এক পুনৰাবৃত্তিৰ আৰ্হি যেন হৈ পৰিছে। তেওঁ নগৰ উন্নয়নৰ প্ৰতি চৰকাৰৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে আৰু আমোলাতন্ত্ৰৰ বাধা অতিক্ৰম কৰিবলৈ কেনেদৰে উচ্চাকাংক্ষী জিলা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল, সেই বিষয়ে বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে প্ৰায় ৪০ টা উন্নয়নমূলক মাপকাঠিৰ ওপৰত ভিত্তি কৰি প্ৰায় ১০০ খন জিলা চিনাক্ত কৰা হৈছিল, আৰু দীৰ্ঘম্যাদী ৰণনীতিৰ সৈতে সমৰ্পিত বিষয়াসকলক নিয়োগ কৰা হৈছিল। তেওঁ কয় যে এই পদক্ষেপ এতিয়া উন্নয়নশীল ৰাষ্ট্ৰসমূহৰ বাবে এক আদৰ্শ হৈ পৰিছে, যিয়ে ফলপ্ৰসূ প্ৰশাসনৰ ওপৰত মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিছে।

 

গুজৰাটৰ পৰিবৰ্তনক উদাহৰণ হিচাপে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰ্যটনৰ গুৰুত্ব দোহাৰে। তেওঁ মন্তব্য কৰে যে এসময়ত মৰুভূমিৰ দৃশ্যপটৰ বাবে উপেক্ষিত হোৱা কচ্ছ এতিয়া কেনেদৰে এক আকৰ্ষণীয় পৰ্যটনস্থলী হৈ উঠিছে। তেওঁ উল্লেখ কৰে যে বিশ্বৰ আটাইতকৈ ওখ প্ৰতিমূৰ্তিৰ দৰে বৃহৎ প্ৰচেষ্টাই ধাৰণাবোৰক পুনৰ গঠন কৰিছে আৰু আঞ্চলিক অৰ্থনীতিৰ উন্নতি সাধন কৰিছে। ইয়াৰ উপৰি তেওঁ ভাদনগৰৰ দৰে স্থানৰ ঐতিহাসিক গুৰুত্বৰ ওপৰত আলোকপাত কৰি ইয়াৰ সংগ্ৰহালয়ক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত ঐতিহ্য কেন্দ্ৰ হিচাপে বৰ্ণনা কৰে। ভাৰতৰ সামুদ্ৰিক ঐতিহ্যৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে বৰ্তমান বিশ্বৰ অন্যতম বৃহৎ সামুদ্ৰিক সংগ্ৰহালয় থকা লোথালৰ বিষয়ে উল্লেখ কৰে। তেওঁ গিফ্ট চিটি ধাৰণাক কেন্দ্ৰ কৰি থকা প্ৰাৰম্ভিক সংশয়বাদৰ কথা স্মৰণ কৰে, যি এতিয়া বিত্তীয় কেন্দ্ৰৰ বাবে এক মানস্বৰূপ হৈ পৰিছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে প্ৰভাৱশালী ফলাফল প্ৰদান কৰিবলৈ অগ্ৰণী ধাৰণাসমূহ দৃঢ় বিশ্বাসৰে ৰূপায়ণ কৰিব লাগিব। তেওঁ সবৰমতী ৰিভাৰফ্ৰণ্ট, বিশ্বৰ সৰ্ববৃহৎ ষ্টেডিয়ামৰ নিৰ্মাণ আৰু ষ্টেচু অব ইউনিটীকে ধৰি কেইবাটাও সফল বৃহৎ পৰিসৰৰ প্ৰকল্পৰ কথা উল্লেখ কৰি পৰিবৰ্তনমূলক পদক্ষেপসমূহ কাৰ্যকৰী কৰাৰ ভাৰতৰ সামৰ্থ্য প্ৰদৰ্শন কৰে। তেওঁ ভাৰতৰ সামৰ্থ্যৰ বিষয়ে নিজৰ অটল আশাবাদৰ কথা পুনৰ দোহাৰে আৰু দেশৰ উল্লেখযোগ্য প্ৰগতিৰ সামৰ্থ্যৰ ওপৰত আস্থা প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে গুজৰাট চৰকাৰক অতীতৰ পদক্ষেপসমূহ পুনৰীক্ষণ কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ জনায় আৰু ভাৰতৰ উন্নয়নত গুজৰাটৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ৰাজ্যখনক ৰাষ্ট্ৰৰ বাবে উচ্চ মান স্থাপন অব্যাহত ৰাখিবলৈ আহ্বান জনায় আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ওপৰত তেওঁৰ বিশ্বাস দোহাৰে।

 

৬ মে'ত আৰম্ভ কৰা অপাৰেচন সিন্দূৰৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি, এই অভিযান মূল পৰিসৰ নেওচি সম্প্ৰসাৰিত হ'ব বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে ৰাষ্ট্ৰীয় প্ৰগতিৰ প্ৰতি জীৱনজোৰা প্ৰতিশ্ৰুতিৰ প্ৰতীক হিচাপে ২০৪৭ চনত স্বাধীনতাৰ ১০০ বছৰ উদযাপনৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়ত ভাৰতক এখন উন্নত ৰাষ্ট্ৰত পৰিণত কৰাৰ সংকল্প পুনৰ নিশ্চিত কৰে। তেওঁ বিদেশী সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি চতুৰ্থ বৃহৎ অৰ্থনীতিৰ পৰা তৃতীয়লৈ উন্নীত হোৱাৰ ভাৰতৰ উচ্চাকাংক্ষা দোহাৰে। শ্ৰী মোদীয়ে নাগৰিকসকলক তেওঁলোকৰ দৈনন্দিন ব্যৱহাৰৰ মূল্যায়ন কৰিবলৈ, বিদেশী সামগ্ৰী চিনাক্ত কৰিবলৈ আৰু স্থানীয়ভাৱে নিৰ্মিত বিকল্পৰ সৈতে সলনি কৰিবলৈ আহ্বান জনায়। আনকি ধৰ্মীয় উৎসৱৰ বাবে মূৰ্তিৰ দৰে পৰম্পৰাগতভাৱে পূজনীয় সামগ্ৰীসমূহ আমদানি কৰাৰ উদাহৰণ উল্লেখ কৰি তেওঁ ঘৰুৱা উৎপাদনক অগ্ৰাধিকাৰ দিয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। "অপাৰেচন সিন্দূৰ কেৱল এক সামৰিক পদক্ষেপ নহয়, প্ৰতিজন ভাৰতীয় নাগৰিকে বিনিময় কৰা এক দায়িত্ব", শ্ৰী মোদীয়ে পুনৰ অৰ্থনৈতিক আত্মনিৰ্ভৰশীলতাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি, স্থানীয় উৎপাদন বৃদ্ধি আৰু থলুৱা উদ্যোগসমূহক সমৰ্থন কৰাৰ বাবে এক জিলা, এক সামগ্ৰীৰ কৌশলৰ পোষকতা কৰে। তেওঁ স্মৰণ কৰে যে অতীতত কেনেদৰে বিদেশী সামগ্ৰী বিচাৰা হৈছিল, কিন্তু আজি ভাৰতৰ ঘৰুৱাভাৱে বিশ্বমানৰ সামগ্ৰী উৎপাদন কৰাৰ ক্ষমতা আছে।

ৰাষ্ট্ৰীয় গৌৰৱক উৎসাহিত কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিকসকলক মেড ইন ইণ্ডিয়া সামগ্ৰী সন্দৰ্ভত গৌৰৱ কৰিবলৈ আৰু দেশৰ অগ্ৰগতি উদযাপন কৰিবলৈ আহ্বান জনায়। তেওঁৰ ভাষণ সমাপ্ত কৰি তেওঁ পুনৰ কয় যে প্ৰতিজন ভাৰতীয়ই ৰাষ্ট্ৰৰ অৰ্থনীতি শক্তিশালী কৰা আৰু ইয়াৰ আন্তৰ্জাতিক স্থিতি নিশ্চিত কৰাত অৰিহণা যোগাব লাগিব। নগৰ উন্নয়নত ইয়াৰ নেতৃত্ব আৰু ৰাষ্ট্ৰৰ আন্তঃগাঁথনিগত বিকাশৰ বাবে পথ প্ৰদৰ্শক শক্তি হিচাপে ইয়াৰ ভূমিকাক স্বীকাৰ কৰি তেওঁ গুজৰাট চৰকাৰৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।

 

গুজৰাটৰ ৰাজ্যপাল শ্ৰী আচাৰ্য্য দেৱব্ৰত, গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্রভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী মনোহৰ লাল আৰু শ্ৰী চি আৰ পাটিলকে ধৰি বহু বিশিষ্ট ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
IRCTC disables 3cr user IDs, flags 6cr; scales up AI-based kitchen monitoring

Media Coverage

IRCTC disables 3cr user IDs, flags 6cr; scales up AI-based kitchen monitoring
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM shares a Sanskrit Subhashitam emphasizing nature's conservation on World Environment Day
June 05, 2026

Prime Minister Shri Narendra Modi today extended his best wishes to everyone on World Environment Day, applauding all those passionate about environmental conservation.

The Prime Minister remarked that this day serves to reaffirm the commitment to protecting the environment and furthering sustainable growth, highlighting the numerous government initiatives over the last decade that have expanded green cover and increased the population of several animal species.

Shri Modi noted that the people of India have demonstrated how collective efforts, robust policies, belief in science, and innovation can significantly improve the environment.

The Prime Minister observed that India takes immense pride in its biological diversity, which supports countless species and livelihoods through diverse ecosystems.

Highlighting noteworthy strides in special species recovery, Shri Modi pointed out that conservation efforts for the Great Indian Bustard, snow leopards, sloth bears, and Cheetahs offer a glimpse of how sustained commitment can help restore wildlife and ecosystems.

The Prime Minister added that initiatives like ‘Ek Ped Maa Ke Naam’ have made significant contributions towards adding nearly 1.1 lakh hectares of forest every year.

Shri Modi affirmed that guided by the principle of ‘One Earth, One Family and One Future’, India will continue working towards a cleaner, greener, and more sustainable planet through the spirit of Mission LiFE.

The Prime Minister emphasized that this deep cultural ethos is beautifully reflected in traditional Indian wisdom, sharing a sacred Sanskrit Subhashitam to reinforce the message of environmental stewardship.

In a series of posts on X, the Prime Minister shared:

"Best wishes to everyone on World Environment Day. I would like to applaud all those passionate about environmental conservation. This is a day to reaffirm our commitment to protecting our environment and furthering growth that is sustainable. Numerous efforts by our Government over the last decade highlight our work in this direction. Some of India’s key successes include expanding green cover and a rise in the population of several animals. The people of India have shown how collective efforts, policies, belief in science and innovation can improve our environment.” 

“We in India are very proud of our biological diversity. Our diverse ecosystems support countless species and livelihoods. Our efforts in special recovery have also been noteworthy. Conservation efforts for the Great Indian Bustard, snow leopards, sloth bears and Cheetahs have given a glimpse of how sustained commitment can help restore wildlife and ecosystems. Initiatives such as ‘Ek Ped Maa Ke Naam’ have made significant contributions towards adding nearly 1.19 lakh hectares of forest every year.” 

“Guided by the principle of ‘One Earth, One Family and One Future’, we will continue working towards a cleaner, greener and more sustainable planet through the spirit of Mission LiFE.” 

“प्रकृति का संरक्षण केवल एक दायित्व नहीं, बल्कि हमारी संस्कृति और संस्कारों का भी अभिन्न हिस्सा है।

मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।
माध्वीर्नः सन्त्वोषधीः॥"

May the air flow pleasantly and beneficially around us, may the rivers provide life-giving and nourishing water, and may herbs and plants bring health and well-being to all living beings.