প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি ইউ এ ইৰ ৰাষ্ট্ৰপতি মহামহিম শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ সৈতে টেলিফোনিক বাৰ্তালাপ কৰে।

দুয়োগৰাকী নেতাই ভাৰত আৰু ইউ এ ইৰ মাজত দ্বিপাক্ষিক সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ বাবে পাৰস্পৰিক প্ৰতিশ্ৰুতি পুনৰ দোহাৰে। তেওঁলোকে দ্বিপাক্ষিক সহযোগিতাৰ বিভিন্ন খণ্ডত হোৱা উল্লেখযোগ্য অগ্ৰগতিৰ ইতিবাচক মূল্যায়ন কৰে আৰু দুয়োখন দেশৰ জনসাধাৰণৰ পাৰস্পৰিক লাভালাভৰ বাবে সহযোগিতাক অধিক বিকশিত আৰু গভীৰ কৰাত গুৰুত্ব আৰোপ কৰে।

মহামহিম শ্বেখ মহম্মদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ভাৰতৰ ইতিহাসত দ্বিতীয় সৰ্বাধিক সময়ৰ বাবে সেৱা আগবঢ়োৱা প্ৰধানমন্ত্ৰী হোৱাৰ বাবে উষ্ম অভিনন্দন জ্ঞাপন কৰে  আৰু ৰাষ্ট্ৰৰ সেৱাত তেওঁৰ অবিৰত সফলতা কামনা কৰি শুভেচ্ছা জনায়।

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বিনীত শুভেচ্ছা আৰু ভাৰতবাসীৰ প্ৰতি প্ৰকাশ কৰা মৰমৰ বাবে মহামহিমগৰাকীক ধন্যবাদ জ্ঞাপন কৰে।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
PM-KISAN crosses ₹4.27 lakh crore disbursal, over 9.35 crore farmers benefit

Media Coverage

PM-KISAN crosses ₹4.27 lakh crore disbursal, over 9.35 crore farmers benefit
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 25 মাৰ্চ 2026
March 25, 2026

PM Modi’s Blueprint for a Stronger India: Empowerment, Infrastructure & Economic Resilience in Action