মহামহিম ৰাষ্ট্ৰপতি বৰিক, দুয়োখন দেশৰ প্ৰতিনিধিবৰ্গ, সংবাদ মাধ্যমৰ বন্ধুসকল, নমস্কাৰ!

ৰাষ্ট্ৰপতি বৰিকৰ এয়া প্ৰথম ভাৰত ভ্ৰমণ। ভাৰতৰ প্ৰতি তেওঁৰ দৃঢ় বন্ধুত্ববোধ আৰু আমাৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সঁচাকৈয়ে আচৰিত। ইয়াৰ বাবে মই তেওঁক আন্তৰিক অভিনন্দন জনাইছো, আৰু তেওঁক আৰু তেওঁৰ বিশিষ্ট প্ৰতিনিধি দলটোক উষ্ম আদৰণি জনাইছো।

বন্ধুসকল,

লেটিন আমেৰিকাত ভাৰতৰ বাবে চিলি এখন গুৰুত্বপূৰ্ণ বন্ধু দেশ আৰু অংশীদাৰ দেশ। আজি আমাৰ আলোচনাত আমি আগন্তুক দশকত আমাৰ সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ বাবে কেইবাটাও নতুন পদক্ষেপ চিনাক্ত কৰিলোঁ। আমি পাৰস্পৰিক বাণিজ্য আৰু বিনিয়োগৰ সম্প্ৰসাৰণক আদৰণি জনাইছো আৰু আমি এই কথাত একমত যে অধিক সহযোগিতাৰ বাবে অনাবৃত সম্ভাৱনা আছে।আজি আমি আমাৰ দলসমূহক পাৰস্পৰিকভাৱে উপকাৰী ব্যাপক অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ ওপৰত আলোচনা আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছো। ক্ৰিটিকেল মিনাৰেলছৰ ক্ষেত্ৰত অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। স্থিতিস্থাপক যোগান আৰু মূল্য শৃংখল স্থাপনৰ প্ৰচেষ্টা চলোৱা হ’ব। কৃষিক্ষেত্ৰত আমি ইজনে সিজনৰ শক্তিৰ সহায় লৈ খাদ্য সুৰক্ষা বৃদ্ধিৰ বাবে সহযোগিতা কৰিম।

ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি, নবীকৰণযোগ্য শক্তি, ৰে’লৱে, মহাকাশ আৰু অধিক ক্ষেত্ৰত চিলিৰ সৈতে নিজৰ ইতিবাচক অভিজ্ঞতা ভাগ-বতৰা কৰিবলৈ ভাৰত সাজু। আমি চিলিক এন্টাৰ্কটিকাৰ দুৱাৰমুখ হিচাপে দেখিছোঁ। এই গুৰুত্বপূৰ্ণ অঞ্চলটোত সহযোগিতা শক্তিশালী কৰাৰ বাবে আজিৰ উদ্দেশ্য পত্ৰৰ চুক্তিক আমি আদৰণি জনাইছো। ভাৰত চিলিৰ স্বাস্থ্য সুৰক্ষাক সহায় কৰাৰ ক্ষেত্ৰত এক বিশ্বাসযোগ্য অংশীদাৰ হৈ আহিছে, আৰু আমি এই সহযোগিতা আৰু অধিক শক্তিশালী কৰিবলৈ সন্মত হৈছে। চিলিৰ জনসাধাৰণে যোগক সুস্থ জীৱনশৈলীৰ অংশ হিচাপে গ্ৰহণ কৰাটো আনন্দৰ বিষয়। ৪ নৱেম্বৰক চিলিত ৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰাটো সঁচাকৈয়ে প্ৰেৰণাদায়ক। আমি চিলিত আয়ুৰ্বেদ আৰু পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ সহযোগিতা বৃদ্ধিৰ সুযোগো অন্বেষণ কৰিলোঁ।

 

প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি আমাৰ গভীৰ পাৰস্পৰিক বিশ্বাসৰ প্ৰতীক। এই ক্ষেত্ৰত আমি ইজনে সিজনৰ প্ৰয়োজন অনুসৰি প্ৰতিৰক্ষা উদ্যোগিক উৎপাদন আৰু যোগান শৃংখল সৃষ্টিৰ বাবে আগবাঢ়ি যাম। সংগঠিত অপৰাধ, ড্ৰাগছ সৰবৰাহ, সন্ত্ৰাসবাদৰ দৰে সাধাৰণ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আমি দুয়োখন দেশৰ সংস্থাসমূহৰ মাজত সহযোগিতা বৃদ্ধি কৰিম।বিশ্বব্যাপী ভাৰত আৰু চিলিয়ে এই কথাত একমত যে সকলো উত্তেজনা আৰু বিবাদ আলোচনাৰ জৰিয়তে সমাধান কৰিব লাগে। আমি একমতত উপনীত হওঁ যে বিশ্বজনীন প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ আৰু অন্যান্য প্ৰতিষ্ঠানসমূহৰ সংস্কাৰ প্ৰয়োজনীয় হৈ পৰিছে। আমি একেলগে বিশ্ব শান্তি আৰু সুস্থিৰতাৰ দিশত অৰিহণা যোগাই যাম।

বন্ধুসকল,

যদিও ভাৰত আৰু চিলি বিশ্বৰ মানচিত্ৰৰ বিভিন্ন মূৰত অৱস্থিত আৰু বিশাল মহাসাগৰৰ দ্বাৰা আমি পৃথক, তথাপিও আমাৰ মাজত কিছুমান অনন্য প্ৰাকৃতিক সাদৃশ্য আছে। ভাৰতৰ হিমালয় আৰু চিলিৰ এণ্ডিজ পাহাৰে হাজাৰ হাজাৰ বছৰ ধৰি দুয়োখন দেশৰ জীৱনশৈলী গঢ় দি আহিছে। ভাৰত মহাসাগৰৰ ঢৌ ভাৰতত যি শক্তিৰে বৈ আছে, ঠিক সেইদৰে প্ৰশান্ত মহাসাগৰৰ ঢৌৱে চিলিৰ পাৰ স্পৰ্শ কৰে। দুয়োখন দেশ কেৱল প্ৰকৃতিৰ দ্বাৰাই সংযুক্ত নহয়, আমাৰ সংস্কৃতিও পাৰস্পৰিকভাৱে ঘনিষ্ঠ হৈ আহিছে আৰু এই বৈচিত্ৰ্যতাক আকোৱালি লৈছে।

 

চিলিৰ মহান কবি তথা নোবেল বঁটা বিজয়ী "গেব্ৰিলা মিষ্ট্ৰালে" ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু অৰবিন্দ ঘোষৰ ধাৰণাৰে প্ৰেৰণা লাভ কৰিছিল। একেদৰে ভাৰততো চিলিৰ সাহিত্যৰ শলাগ লোৱা হৈছে। ভাৰতীয় ছবি, খাদ্য, শাস্ত্ৰীয় নৃত্যৰ প্ৰতি চিলিৰ জনসাধাৰণৰ মাজত ক্ৰমাৎ বৃদ্ধি পোৱা আগ্ৰহ আমাৰ সাংস্কৃতিক সম্পৰ্কৰ এক জীয়া উদাহৰণ। চিলিক নিজৰ ঘৰ বুলি গণ্য কৰা ভাৰতীয় মূলৰ প্ৰায় চাৰি হাজাৰ লোক আজি আমাৰ উমৈহতীয়া ঐতিহ্যৰ ৰক্ষক। তেওঁলোকৰ প্ৰতি ৰাষ্ট্ৰপতি বৰিক আৰু তেওঁৰ চৰকাৰৰ যত্ন আৰু সহায়ৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। দুয়োখন দেশৰ মাজত সাংস্কৃতিক বিনিময় কাৰ্যসূচী সন্দৰ্ভত আজি যি ঐকমত্যত উপনীত হৈছে, তাক আমি আদৰণি জনাইছো। দুয়োখন দেশৰ মাজত ভিছা প্ৰক্ৰিয়া সৰলীকৰণৰ বিষয়েও আমি আলোচনা কৰিলোঁ। ভাৰত আৰু চিলিৰ মাজত ছাত্ৰ আদান-প্ৰদান বৃদ্ধিৰ দিশত আমি কাম কৰি যাম।
 

মহামহিম,

আপোনাৰ এই ভ্ৰমণে আমাৰ সম্পৰ্কত নতুন শক্তি আৰু উৎসাহ কঢ়িয়াই আনিছে। এই শক্তিয়ে আমাৰ দ্বিপাক্ষিক সম্পৰ্কৰ লগতে সমগ্ৰ লেটিন আমেৰিকা অঞ্চলত আমাৰ সহযোগিতাত নতুন গতি আৰু দিশ প্ৰদান কৰিব। আপোনাৰ সুখদায়ক যাত্ৰা কামনা কৰিলোঁ। আপোনাক অশেষ ধন্যবাদ! গ্ৰেচিয়াছ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI

Media Coverage

India's services exports rise by 12.7 pc in April despite West Asia crisis: RBI
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 30 মে’ 2026
May 30, 2026

Viksit Bharat in Motion: How PM Modi is Building a Self-Reliant Global India”