প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শক্তি আৰু নৱীকৰণযোগ্য শক্তি খণ্ডৰ বাজেটৰ ব্যৱস্থাসমূহৰ ফলপ্ৰসূ ৰূপায়ণৰ অৰ্থে আলোচনা সন্দৰ্ভত এখনি ৱেবিনাৰ সম্বোধন কৰে। এই কাৰ্যসূচীত উপস্থিত থাকে কেন্দ্ৰীয় শক্তি আৰু নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী (স্বতন্ত্ৰ দায়িত্ব); অংশীদাৰ আৰু শক্তি খণ্ডটোৰ বিভাগীয় বিশেষজ্ঞসকল, উদ্যোগ আৰু সংস্থাসমূহৰ প্ৰতিনিধিসকল, ডিচকমৰ এমডি, নৱীকৰণযোগ্য শক্তিৰ অৰ্থে ৰাজ্যিক ন’ডেল সংস্থাসমূহৰ চিইঅ’সকল, উপভোক্তা গোটসমূহ আৰু শক্তি মন্ত্ৰালয় আৰু নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দেশখনৰ প্ৰগতিত শক্তি খণ্ডই এটা বৃহৎ ভূমিকা পালন কৰিছে আৰু ইজ অৱ লিভিং আৰু ইজ অৱ ডুয়িং বিজনেছ উভয়লৈ বৰঙণি যোগাইছে। ৱেবিনাৰখনি সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ই হৈছে চৰকাৰখন আৰু ব্যক্তিগত খণ্ডসমূহৰ মাজত থকা বিশ্বাসৰ ইংগিত আৰু এই খণ্ডটোৰ বাবে বাজেটৰ ঘোষণাসমূহৰ ক্ষীপ্ৰ ৰূপায়ণৰ অৰ্থে পন্থাৰ সন্ধানৰ বাবে এটি প্ৰচেষ্টা।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে খণ্ডটোৰ বাবে চৰকাৰখনৰ পন্থা সামগ্ৰিক আৰু চাৰিটা মন্ত্ৰই এই পন্থাক চালিত কৰিছে যথাঃ প্ৰসাৰণ (Reach), শক্তিবৃদ্ধি (Reinforce), সংস্কাৰ (Reform) আৰু নৱীকৰণযোগ্য শক্তি (Renewable energy) প্ৰসাৰণৰ অৰ্থে অন্তিম প্ৰান্তলৈ যোগাযোগ ব্যৱস্থা আৱশ্যকীয়। ক্ষমতাৰ প্ৰতিষ্ঠাপনৰদ্বাৰা এই প্ৰসাৰণৰ শক্তিবৃদ্ধি কৰিব লাগে, ইয়াৰ বাবে সংস্কাৰৰ প্ৰয়োজন হয়। এই সকলোবোৰৰ সৈতে নৱীকৰণযোগ্য শক্তি হৈছে সময়ৰ দাবী, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি কয় যে প্ৰসাৰণৰ অৰ্থে, চৰকাৰখনে প্ৰতিখন গাঁও আৰু প্ৰতিঘৰ গৃহস্থীক স্পৰ্শ কৰাত গুৰুত্ব আৰোপ কৰিছে। ক্ষমতাৰ শক্তিবৃদ্ধিৰ অৰ্থে, শক্তি ঘাটি দেশৰপৰা ভাৰত হৈ পৰিছে অতিৰিক্ত শক্তিসম্পন্ন দেশ। কেইটামান বছৰত, ভাৰতে ১৩৯ গিগা ৱাট ক্ষমতাৰ সংযোজন ঘটাই আৰু ওৱান নেশ্যন-ওৱান গ্ৰীড-ওৱান ফ্ৰিকুয়েন্সী লক্ষ্যত উপবিষ্ট হয়। আৰ্থিক আৰু পৰিচালন দক্ষতাৰ উন্নয়ন সাধনৰ অৰ্থে ২ লাখ ৩২ হাজাৰ কোটি টকা মূল্যৰ ব’ণ্ডসহ উদয় আঁচনিৰ দৰে সংস্কাৰ সাধন কৰা হয়। পাৱাৰগ্ৰীডৰ সম্পত্তিসমূহৰ নগদীকৰণৰ অৰ্থে, আন্তঃগাঁথনি বিনিয়োগ ন্যাস –InvIT প্ৰতিষ্ঠা কৰা যায় যাক শীঘ্ৰেই বিনিয়োগকাৰীসকলৰ বাবে মুকলি কৰা হ’ব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে যোৱা ছটা বছৰত নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা আঢ়ৈ গুণ বৃদ্ধি পালে। সৌৰ শক্তিৰ ক্ষমতা ১৫ গুণ বৃদ্ধি পালে। এই বৰ্ষৰ বাজেটত আন্তঃগাঁথনিত বিনিয়োগৰ অৰ্থে অভূতপূৰ্ব অংগীকাৰ প্ৰতিফলিত হৈছে। ইয়াৰ সুস্পষ্ট প্ৰকাশ হৈছেঃ মিশ্যন হাইড্ৰ’জেন, সৌৰ চেলৰ ঘৰুৱা মেনুফেক্সাৰিং আৰু নৱীকৰণযোগ্য শক্তি খণ্ডৰ বিশাল মূলধন প্ৰয়োগ।

পিএলআই আঁচনিৰ প্ৰসংগ টানি আনি, প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে যে উচ্চ ক্ষমতাসম্পন্ন সৌৰ পিভি মডিউল এতিয়া পিএলআই আঁচনিৰ অংশ হৈছে আৰু ইয়াত ৪৫০০ কোটি টকা বিনিয়োগ কৰিবলৈ চৰকাৰ অংগীকাৰবদ্ধ। তেখেতে আশা প্ৰকাশ কৰি কয় যে এই আঁচনিখনৰ প্ৰতি সঁহাৰি হ’ব আশাব্যঞ্জক। এই পিএলআই আঁচনিৰ অধীনত, আনুমানিক ১৪ হাজাৰ কোটি টকা বিনিয়োগ সাপেক্ষে ১০ হাজাৰ মেগাৱাট ক্ষমতাৰ সংহত সৌৰ পিভি মেনুফেক্সাৰিং প্ৰকল্প কাৰ্যক্ষম কৰি তোলা হ’ব। ই ইভিএ, ছ’লাৰ গ্লাছ, বেকশ্বীট, জংচন বক্সৰ দৰে স্থানীয়ভাৱে প্ৰস্তুত সা-সামগ্ৰীসমূহৰ অৰ্থে চাহিদা বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। “আমি আমাৰ কোম্পানীসমূহে কেৱল মাত্ৰ স্থানীয় চাহিদা পূৰণ কৰাই নহয়, বৰঞ্চ বৈশ্বিক মেনুফেক্সাৰিং চেম্পিয়ন হৈ উঠাটো বিচাৰিছো” বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

নৱীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগক প্ৰোৎসাহিত কৰিবলৈ ভাৰতৰ সৌৰ শক্তি নিগমত ১০০০ কোটি মূল্যৰ অতিৰিক্ত মূলধন প্ৰয়োগৰ অংগীকাৰৰ ইংগিত চৰকাৰখনে প্ৰদান কৰিছে। সমান্তৰালভাৱে, ভাৰতীয় নৱীকৰণযোগ্য শক্তি উন্নয়ন সংস্থাই অতিৰিক্ত ১৫০০ কোটি টকা মূল্যৰ বিনিয়োগ লাভ কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি এই খণ্ডটোৰ ইজ অৱ ডুয়িং বিজনেছৰ অগ্ৰগতিৰ অৰ্থে প্ৰচেষ্টাসমূহৰ সন্দৰ্ভত ব্যক্ত কৰে। তেখেতে নিশ্চিতি প্ৰদান কৰি কয় যে ৰেগুলেটৰী আৰু প্ৰচেছ ফ্ৰেমৱৰ্কৰ সংস্কাৰৰ জৰিয়তে, শক্তি খণ্ডৰ অভিমুখে দৃষ্টিভংগী লক্ষ্যণীয়ভাৱে বৃদ্ধি পাইছে। চৰকাৰখনে শক্তিক এটা পৃথক খণ্ড হিচাপে গণ্য কৰিছে উদ্যোগ খণ্ডৰ এটা অংশ হিচাপে নহয়। শক্তিৰ সহজাত গুৰুত্বতাই হৈছে সকলোৰে বাবে শক্তি উপলব্ধকৰণত চৰকাৰখনৰ তীব্ৰ গুৰুত্বৰ কাৰণ। চৰকাৰখনে তদুপৰি বিতৰণ খণ্ডৰ সমস্যাৰাজি দূৰ কৰিবলৈয়ো কাম কৰি আছে। ইয়াৰ বাবে, ডিচকমৰ অৰ্থে এখন নীতি আৰু ৰেগুলেটৰী ফ্ৰেমৱৰ্ক যুগুত কৰা হৈছে। আন কোনো খুচুৰা পণ্যৰ দৰে ফলাফল অনুসৰি উপভোক্তাই তেওঁৰ যোগানধাৰীক বাছনি কৰিবলৈ সক্ষম হোৱাটো উচিত। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি কয় যে প্ৰৱেশত প্ৰত্যাহ্বান আৰু বিতৰণ আৰু যোগানৰ বাবে অনুজ্ঞাপত্ৰৰপৰা বিতৰণ খণ্ডক মুক্ত কৰিবলৈ কাম অব্যাহত আছে। প্ৰিপেইড স্মাৰ্ট মিটাৰ, ফিডাৰ পৃথকীকৰণ আৰু চিষ্টেম উন্নীতকৰণৰ অৰ্থে প্ৰচেষ্টা হাতত লোৱা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱগত কৰে।

শ্ৰী মোদীয়ে কয়, পিএম কুসুম (KUSUM) আঁচনিৰ অধীনত, কৃষকসকল শক্তি উদ্যোগী হৈ উঠিছে। কৃষকসকলৰ পথাৰৰ ক্ষুদ্ৰ প্ৰকল্পসমূহৰ জৰিয়তে ৩০ গিগাৱাট সৌৰ ক্ষমতা গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ইতিমধ্যে, ৰুফটপ সৌৰ প্ৰকল্পসমূহৰ জৰিয়তে ৪ গিগাৱাট সৌৰ ক্ষমতা সংস্থাপিত কৰা হৈছে তথা শীঘ্ৰেই ২.৫ গিগাৱাটৰ সংযোজন ঘটোৱা যাব। ৰুফটপ সৌৰ প্ৰকল্পসমূহৰ জৰিয়তেই অহা ডেৰ বছৰত ৪০ গিগাৱাট সৌৰ শক্তিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে বুলি অৱগত কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সামৰণি মাৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Portraits of PVC recipients replace British officers at Rashtrapati Bhavan

Media Coverage

Portraits of PVC recipients replace British officers at Rashtrapati Bhavan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares Sanskrit Subhashitam highlighting virtues that lead to inner strength
December 18, 2025

The Prime Minister, Shri Narendra Modi, shared a Sanskrit Subhashitam —
“धर्मो यशो नयो दाक्ष्यम् मनोहारि सुभाषितम्।

इत्यादिगुणरत्नानां संग्रहीनावसीदति॥”

The Subhashitam conveys that a person who is dutiful, truthful, skilful and possesses pleasing manners can never feel saddened.

The Prime Minister wrote on X;

“धर्मो यशो नयो दाक्ष्यम् मनोहारि सुभाषितम्।

इत्यादिगुणरत्नानां संग्रहीनावसीदति॥”