নমস্কাৰ বন্ধুসকল,

ভাৰতৰ গতি-বিধিত দেশৰ শক্তি খণ্ডই বৃহৎ ভূমিকা পালন কৰে৷ এয়া এনে এটা খণ্ড, যি সহজ জীৱন যাপন আৰু ব্যৱসায়ৰ সহজ পৰিৱেশ সৃষ্টি, দুয়োটাৰ সৈতে জড়িত৷ আজি যিসময়ত দেশ আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্যৰে আগুৱাই গৈছে, সেই সময়ত তাত শক্তি খণ্ডই আমাৰ বিদ্যুৎ খণ্ড, নবীকৰণযোগ্য শক্তি খণ্ডই বৃহৎ ভূমিকা পালন কৰে৷ এই খণ্ডসমূহত ক্ষিপ্ৰতা অনাৰ বাবে আপোনালোকৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ বাবে বাজেটৰ পূৰ্বে যথেষ্ট পৰামৰ্শ লোৱা হৈছিল, চৰ্চা হৈছিল৷ আপোনালোকৰ পৰামৰ্শসমূহ এই সকলো দিশৰ সৈতে জড়িত কৰাৰ প্ৰয়াসো কৰা হৈছে৷

এতিয়া বাজেট উত্থাপনৰ ১৫দিনতকৈ বেছি হৈছে৷ যি বাৰে বাৰে বাজেটৰ সৈতে জড়িত, আপোনালোকৰ খণ্ডৰ সৈতে জড়িত, সেয়া আপোনালোকে বাৰম্বাৰ বিশ্লেষণো কৰিছে৷ ক’ত ক’ত লোকচান হ’ব, ক’ত লাভ হ’ব, অতিৰিক্ত লাভ অৰ্জনৰ পথ কি, সেই সকলো দিশ চালি জাৰি চাইছে৷ আৰু আপোনালোকৰ উপদেষ্টাসকলেও অতি কষ্টৰে সেই কাম নিশ্চয় কৰিছে৷ এতিয়া পৰৱৰ্তী পথ চৰকাৰ আৰু আপোনালোকে কিদৰে মিলি প্ৰস্তুত কৰে, কিদৰে বাজেট ঘোষণা ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰে, কিদৰে চৰকাৰ আৰু ব্যক্তিগত খণ্ড এটাই আনটোৰ বিশ্বাস বৃদ্ধি কৰি আগুৱাই যায়, এই কথাবোৰক লৈ আলোচনা কৰাটো আৱশ্যক আছিল৷

বন্ধুসকল,

শক্তি খণ্ডক লৈ আমাৰ চৰকাৰৰ দৃষ্টিভংগী সদায় বহুত উৎকৰ্ষমূলক৷ যেতিয়া ২০১৪চনত আমাৰ চৰকাৰ গঠন হয়, তেতিয়া শক্তি খণ্ডত কি হৈছিল, সেয়া আপোনালোকে ভালদৰে জানে৷ ইয়াৰ সৈতে জড়িত বিতৰণ কোম্পানীসমূহৰ কি স্থিতি আছিল, মই ভাৱো তাৰ বৰ্ণনা কৰাটো প্ৰয়োজন নাই৷ আমি এই খণ্ডত উপভোক্তা আৰু উদ্যমী, দুয়োটাৰে হিতৰ প্ৰতি ধ্যান দি নীতি প্ৰস্তুত কৰা আৰু নীতিৰ উন্নয়ন সাধন কৰাৰ নিৰন্তৰ প্ৰয়াস কৰি আহিছো৷ শক্তি খণ্ডত আমি যিবোৰ মন্ত্ৰক লৈ আগবাঢ়ো, সেয়া হৈছে-গৈ পোৱা, পুনৰ শক্তি যোগোৱা, সংস্কাৰ আৰু নবীকৰণযোগে শক্তি৷

বন্ধুসকল,

‘গৈ পোৱা’ বুলি কোৱাৰ অৰ্থ হৈছে আমি প্ৰথমে দেশৰ সকলো গাঁৱত আৰু তাৰপাছত প্ৰতিটো পৰিয়ালত বিদ্যুৎ প্ৰদান কৰাৰ ওপৰত জোৰ দিয়া তথা সম্পূৰ্ণ শক্তিৰে এই কাম কৰিলো, সমগ্ৰ ব্যৱস্থা সেই দিশ লগাই দিয়া হ’ল৷ বিদ্যুৎ যোগানৰ জৰিয়তে এই লোকসকলে এখন নতুন পৃথিৱী পালে, যিসকলে একবিংশ শতিকাতো বিদ্যুৎ অবিহনে দিন কটাইছিল৷

যদি নিজৰ সক্ষমতাক পুনৰ শক্তি যোগোৱাৰ কথা কও আজি ভাৰত শক্তি ঘাটি দেশৰ পৰা শক্তি ৰাহি দেশত পৰিণত হৈছে৷ বিগত কেইটামান মাহতে আমি ১৩৯গিগাৱাট সক্ষমতা অৰ্জন কৰিছো৷ ভাৰতে ‘এক দেশ এক গ্ৰিড-এক ফ্ৰিকুৱেন্সি’, সেই লক্ষ্যটো উপনীত হৈছে৷ এই সকলোবোৰ সংস্কাৰ অবিহনে সম্ভৱ নহয়৷ উদয় যোজনাৰ অধীনত আমি ২.৩২লাখ কোটি টকাৰ বণ্ড ইছ্যু হৈছে৷ ইয়াৰ জৰিয়তে শক্তি খণ্ডত বিত্তীয় আৰু কাম-কাজৰ দক্ষতাত প্ৰোৎসাহন যোগাইছে৷ শক্তি গ্ৰিডৰ সম্পত্তিক মুদ্ৰাকৰণ কৰাৰ বাবে আন্তঃগাঁথনিমূলক বিনিয়োগ ন্যায়-ইনভিট( Invit) স্থাপন কৰা হয় আৰু সেয়া শীঘ্ৰেই বিনিয়োগকাৰীসকলৰ বাবে মুকলি কৰি দিয়া হ’ব৷

বন্ধুসকল,

বিদ্যুতৰ প্ৰয়োজনীয়তা পুৰণ কৰাৰ বাবে নবীকৰণযোগ্য শক্তিৰ ওপত অধিক গুৰুত্ব আৰোপ কৰা হৈছে৷ বিগত ৬ বছৰত আমি নবীকৰণযোগ্য শক্তিৰ সক্ষমতাক আঢ়ৈ গুণতকৈ অধিক বৃদ্ধি কৰিছো৷ এই সময়ছোৱাত ভাৰতত সৌৰ শক্তিৰ সক্ষমতা প্ৰায় ১৫শতাংশ বৃদ্ধি কৰা হৈছে৷ আজি ভাৰতে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰীৰ জৰিয়তে বিশ্বক নেতৃত্বও প্ৰদান কৰিছে৷

বন্ধুসকল,

একবিংশ শতিকাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি এই বছৰৰ বাজেটতো ভাৰতে ইয়াৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত অভূতপূৰ্ব বিনিয়োগৰ বাবে প্ৰতিশ্ৰুতি দিছে৷ সেয়া লাগিলে মিচন হাইড্ৰ’জেনৰ আৰম্ভণিয়েই হওক, সৌৰ কোষৰ ঘৰুৱা নিৰ্মাণেই হওক, অথবা নবীকৰণযোগ্য শক্তি খণ্ডত অধিক মাত্ৰাত মুলধন বিনিয়োগেই হওক; ভাৰতে প্ৰতিটো ক্ষেত্ৰত জোৰ দি আহিছে৷ আমাৰ দেশত অহা ১০ বছৰলৈকে সৌৰ কোষৰ যি চাহিদা, সেয়া আমাৰ আজিৰ নিৰ্মাণ সক্ষমতাতকৈ ১২ গুণ অধিক৷ কিমান ডাঙৰ বজাৰে আমাৰ বাবে অপেক্ষা কৰি আছে৷ আপুনি বুজিব পাৰে যে দেশৰ প্ৰয়োজনীয়তা কিমান বিশাল আৰু আপোনাৰ বাবে এয়া কিমান ডাঙৰ সুযোগ৷

আমি এই ক্ষেত্ৰত নিজৰ কোম্পানীসমূহক কেৱল দেশৰ প্ৰয়োজনীয়তা পুৰণ কৰা দিশতে চাব নালাগিব, বৰঞ্চ সেইবোৰক গ্ল’বেল নিৰ্মাণ চেম্পিয়নতো সলনি হোৱাটো চাব লাগিব৷ চৰকাৰে ‘উচ্চ ক্ষমতাসম্পন্ন সৌৰ পিভি মডুইল’ক পিএলআই আঁচনিৰ সৈতে জড়িত কৰিছে আৰু এই ক্ষেত্ৰত ৪,৫০০ কোটি টকাতকৈ অধিক বিনিয়োগ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈছে৷ এই বিনিয়োগে ভাৰতত গিগাৱাটৰ হাৰত সৌৰ পিভি নিৰ্মাণ সুবিধা বিকাশ কৰাত সহায় কৰিব৷ পিএলআই আঁচনিৰ সফলতাত দেশত এক ইতিবাচক ট্ৰেক ৰেকৰ্ড হৈ পৰিছে৷ এতিয়া যিদৰে ম’বাইল নিৰ্মাণৰ আমি এই আঁচনিৰ সৈতে জড়িত কৰিলো, তেতিয়া ইয়াৰ যথেষ্ট সঁহাৰি আমি তাৎক্ষণিকভাৱে অহা পৰিলক্ষিত হৈছে৷ এতিয়া ‘উচ্চ ক্ষমতাসম্পন্ন সৌৰ পিভি মডুইল’ৰ বাবেও এনে সঁহাৰি আশা কৰিছো৷

পিএলআই আঁচনিৰ অধীনত ১০ হাজাৰ মেগাৱাট ক্ষমতাসম্পন্ন সংহত সৌৰ পিভি নিৰ্মাণ প্ৰকল্প স্থাপন কৰা হ’ব আু ইয়াত প্ৰায় ১৪,০০০ কোটি টকা বিনিয়োগৰ প্ৰস্ততি হাতত লোৱা হৈছে৷ চৰকাৰে অনুমান কৰিছে যে ই অহা পাঁচ বছৰত ১৭,৫০০ কোটিতকৈ অধিক চাহিদা সৃষ্টি কৰিব৷ এই চাহিদা, সৌৰ পিভি নিৰ্মাণৰ জৰিয়তে সমগ্ৰ ইক’ছিষ্টেমৰ বিকাশত ইয়াৰ গতি প্ৰদানত ডাঙৰ ভূমিকা পালন কৰিব৷

বন্ধুসকল,

নবীকৰণযোগ্য শক্তি খণ্ডত বিনিয়োগ বৃদ্ধিৰ বাবে চৰকাৰে ভাৰতৰ সৌৰ শক্তি নিগমত এহেজাৰ কোটিতকৈ অধিক মুল বিনিয়োগৰ বাবে প্ৰতিশ্ৰুতি ব্যক্তি কৰিছে৷ সেইদৰে ভাৰতীয় নবীকৰণযোগ্য শক্তি উন্নয়ন অভিকৰণতো ১,৫০০ কোটি টকা অতিৰিক্ত বিনিয়োগ কৰা হ’ব৷ এয়াও এক ডাঙৰ পদক্ষেপ৷

বন্ধুসকল,

শক্তি খণ্ডত সহজে ব্যৱসায় কৰা পৰিৱেশ উন্নত কৰাৰ বাবে চৰকাৰে নিয়ন্ত্ৰক আৰু পদ্ধতিগত পৰিকাঠামোত সংস্কাৰৰ অভিযান হাতত লৈছে৷ শক্তি খণ্ডক পূৰ্বতে যিদৰে চোৱা হৈছিল, আমাৰ দৃষ্টি তাতকৈ পৃথক৷ আজি যিমানবোৰ সংস্কাৰ কৰা হৈছে, সেয়া শক্তি উদ্যোগৰ এক অংশ হিচাপে গণ্য কৰাৰ পৰিৱৰ্তে ই নিজে এক খণ্ড হিচাপে ধৰা দিছে৷

শক্তি খণ্ডক কেতিয়া উদ্যোগ খণ্ডৰ এক সহায়কাৰী ব্যৱস্থাৰ দৰে চোৱা হয়৷ কাৰণ বিদ্যুতে ইয়াত এক উল্লেখযোগ্য ভূমিকা পালন কৰে আৰু এই গুৰুত্বতা কেৱল উদ্যোগৰ বাবেই নহয়৷ এইবাবেই আজি সাধাৰণ জনাতাৰ বাবে বিদ্যুৎ প্ৰদান কৰাত ইমান গুৰু্ত্ব আৰোপ কৰা হৈছে৷

চৰকাৰৰ নীতিসমূহৰ প্ৰভাৱতে আজি ভাৰতৰ শক্তি চাহিদাই অভিলেখ ৰচিছে৷ আমি দেশজুৰি বিদ্যুতৰ যোগান আৰু বিতৰণ বিভাগৰ সমস্যা দূৰ কৰা দিশত কাম কৰিছো৷ ইয়াৰ বাবে ডিছকমৰ সৈতে জড়িত প্ৰয়োজনীয় নীতি আৰু নিয়ন্ত্ৰৰ পৰিকাঠামো প্ৰস্তুত কৰা হৈছে৷ আমি আশা কৰো যে গ্ৰাহকে বিদ্যুৎ এইদৰে লাভ কৰক, যিদৰে আন খুচুৰা সামগ্ৰী পায়৷

আমি বিতৰণ খণ্ডত প্ৰৱেশজনিত বাধা কম কৰা আৰু বিদ্যুৎৰ বিতৰণ আৰু যোগানক অনুজ্ঞামুক্ত কৰাৰ বাবে কাম কৰি আছো৷ চৰকাৰৰ দ্বাৰা প্ৰিপেইড স্মাৰ্ট মিটাৰ আৰু ফিডাৰ পৃথকীকৰণ ব্যৱস্থাৰ উন্নীতকৰণৰ সৈতে জড়িত আন্তঃগাঁথনিৰ পৰা আদি কৰি ডিছকমৰ সহায়ৰ বাবে আঁচনি প্ৰস্তুতকৰণত কাম কৰি আছো৷

বন্ধুসকল,

ভাৰতত সৌৰ শক্তিৰ দাম যথেষ্ট কম৷ ইয়াৰ দ্বাৰা সৌৰ শক্তিক জনসাধাৰণে সহজে গ্ৰহণো কৰিছে৷ পিএম কুসুম যোজনা, অন্নদাতাক শক্তি প্ৰদান কৰিছে৷ এই যোজনাৰ জৰিয়তে কৃষকসকলক খেতি পথাৰতে ক্ষুদ্ৰ শক্তি প্ৰকল্প স্থাপন কৰি ৩০ গিগাৱাট সৌৰ সক্ষমতা প্ৰস্তুত কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে৷ এতিয়ালৈকে মুধচত সংস্থাপিত সৌৰ শক্তিৰ সক্ষমতা প্ৰায় ৪ গিগাৱাট হৈছে আৰু প্ৰায় আঢ়ৈ গিগাৱাট সক্ষমতা শীঘ্ৰে ইয়াৰ সৈতে যোগ হ’ব৷ অহা এক ডেৰ বছৰত ৪০গিগাৱাট সৌৰ শক্তি এই ব্যৱস্থাৰে আহৰণ কৰাৰ লক্ষ্য লোৱা হৈছে৷

বন্ধুসকল,

অনাগত দিনত শক্তি খণ্ডৰ সংস্কাৰ তথা ইয়াক শক্তিশালী কৰাৰ অভিযান আৰু অধিক ক্ষিপ্ৰ হ’ব৷

আমাৰ প্ৰচেষ্টাত আপোনালোকৰ পৰামৰ্শই শক্তি যোগায়৷ আজি দেশৰ শক্তি খণ্ড, নতুন শক্তিৰে নতুন যাত্ৰাৰে গতি কৰিছে৷ আপোনালোকো এই যাত্ৰা অংশীদাৰ হওক৷ আপোনালোকে ইয়াৰ নেতৃত্ব প্ৰদান কৰক৷

মই আশা কৰো যে আজিৰ এন ৱেবিনাৰত সকলো বিশেষজ্ঞৰ দ্বাৰা গুৰুত্বপূৰ্ণ পৰামৰ্শ লাভ কৰিম৷ মোৰ এইটো বিশ্বাস আছে যে আপোনালোকৰ বহুমূলীয়া পৰামৰ্শৱলীৰ জৰিয়তে চৰকাৰক বাজেটৰ সৈতে জড়িত ঘোষণাৱলীক কাৰ্যকৰী কৰাত যথেষ্ট সুযোগ প্ৰদান কৰিব আৰু এই সময়ছোৱাত চৰকাৰৰ টীমটোৱে বাজেট প্ৰস্তুতকৰণৰ পূৰ্বে কষ্ট কৰা হ’লে, বহু আঁচনি ল’বপৰা গ’লহেতেন, বহুত আলোচনা কৰা হ’লে ভাল আছিল৷ কিন্তু বাজেটৰ পাছত শীঘ্ৰে ইমান বৃহৎ কাম, এয়া মই ভাৱো অধিক ফলদায়ক হ’ব, অধিক গুৰুত্বপূৰ্ণ হ’ব৷ সেইবাৰে এয়া ভাল কাম হৈছে৷ এতিয়া আমি এইবোৰ ক্ষিপ্ৰতাৰে কাৰ্যকৰী কৰিব লাগিব৷ এতিয়া আমি বাজেট এমাহৰ পূ্ৰ্বে উত্থাপনৰ ব্যৱস্থা কৰিলো৷ এমাহৰ আগতে উত্থাপন কৰাৰ অৰ্থ হৈছে, মই দেশৰ আৰ্থিক ব্যৱস্থা এমাহৰ পূৰ্বে দৌৰাব বিচাৰো৷

আমি দেখো, বিশেষকৈ আন্তঃগাঁথনিৰ বাবে এই সময়ছোৱা অতি মূল্যবান, কাৰণ আমাৰ ইয়াত এপ্ৰিলত বাজেট কাৰ্যকৰী হয় আৰু তাৰ পাথক যদি আলোচনা আৰম্ভ কৰো, তেতিয়া মে’ পাৰ হৈ যায়৷ মে’ মাহৰ শেষৰ পৰা আমাৰ দেশত বাৰিষা আৰম্ভ হয় আৰু আন্তঃগাঁথনিৰ সকলো কাম তিনি মাহ বাদ পৰি ৰয়৷ এনে পৰিস্থিতিত ১ এপ্ৰিলৰ পৰাই কাম আৰম্ভ হ’লে আমি এপ্ৰিল-মে’-জুন এই তিনিমাহ আন্তঃগাঁথনিৰ কামৰ বাবে বহুত সময়ত পোৱা যায়৷ জুলাই-আগষ্ট-ছেপ্টেম্বৰ বাৰিষাৰ দিন; তেতিয়া আমি দ্ৰুতগতিত আগুৱাই যাব পাৰিম৷ সময়ৰ সদ্ব্যৱহাৰ কৰাৰ বাবে আমি এমাহ আগতে বাজেট উত্থাপন কৰি আগুৱাই গৈছো৷

ইয়াৰ লাভ আপোনালোকৰ দৰে অংশীদাৰৰ হয়, আপোনালোকে যিমান উঠাব, চৰকাৰে সম্পূৰ্ণৰূপে আপোনাৰ সৈতে আগুৱাই যাব বিচাৰে, এখোজ আগুৱাই যাব বিচাৰে৷ আপোনালোক আগুৱাই আহক, আপোনালোকৰ সুক্ষ্ম ৰূপায়ণৰ সুক্ষ্ম পৰামৰ্শক লৈ আগুৱাই আহক, মোৰ সমগ্ৰ টীমে আপোনালোকৰ সৈতে আলোচনা কৰিব, বিস্তৃতভাৱে আলোচনা কৰিব আৰু আমি একেলগ হৈ দেশৰ সপোন সাকাৰ কৰাৰ দিশত আগুৱাই যাম৷ এই শুভকামনাৰে মই বিচাৰো যে এই ৱেবিনাৰ অধিক সফল হওক৷ ৰূপায়ণৰ দিশত অধিক গুৰুত্ব দিয়ক৷ এই ক্ষেত্ৰত আপোনালোকে জোৰ দিব৷

বহুত বহুত ধন্যবাদ৷

  • शिवकुमार गुप्ता February 20, 2022

    जय माँ भारती
  • शिवकुमार गुप्ता February 20, 2022

    जय भारत
  • शिवकुमार गुप्ता February 20, 2022

    जय हिंद
  • शिवकुमार गुप्ता February 20, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता February 20, 2022

    जय श्री राम
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Apple’s biggest manufacturing partner Foxconn expands India operations: 25 million iPhones, 30,000 dormitories and …

Media Coverage

Apple’s biggest manufacturing partner Foxconn expands India operations: 25 million iPhones, 30,000 dormitories and …
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 মে’ 2025
May 23, 2025

Citizens Appreciate India’s Economic Boom: PM Modi’s Leadership Fuels Exports, Jobs, and Regional Prosperity