ৰাজস্থানত ১৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
ৰাজস্থানত ৫,০০০ কোটিৰো অধিক মূল্যৰ ভিন্ন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন
প্ৰায় ২,৩০০ কোটি টকা মূল্যৰ আঠটা গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
খাটিপুৰা ৰেলৱে ষ্টেচন ৰাষ্ট্ৰলৈ উৎসৰ্গা প্ৰায় ৫,৩০০ কোটি টকা মূল্যৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ সৌৰ প্ৰকল্পৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন
২,১০০ কোটি টকাৰো অধিক মূল্যৰ ৰাষ্ট্ৰীয় শক্তি পৰিবহণ খণ্ডৰ প্ৰকল্প উৎসৰ্গা
জল জীৱন মিছনৰ অধীনত প্ৰকল্পসমূহকে ধৰি প্ৰায় ২,৪০০ কোটি টকা মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন
যোধপুৰত থকা ইণ্ডিয়ান অইলৰ এলপিজি বটলিং প্লান্ট ৰাষ্ট্ৰলৈ উৎসৰ্গা
“এখনি বিকশিত ভাৰত গঢ়াত বিকশিত ৰাজস্থানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে”
এই প্ৰকল্পসমূহে পথ, ৰেলৱে, সৌৰশক্তি, শক্তি পৰিবহণ, খোৱাপানী তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছকে প্ৰমুখ্য কৰি একাধিক গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লয়।
আজি ৰাজস্থানৰ জনসাধাৰণক গড়কাপ্তানি, ৰেলৱে, সৌৰশক্তি, শক্তি পৰিবহণ, খোৱাপানী আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত ১৭,০০০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে অভিনন্দন জ্ঞাপনেৰেএই প্ৰকল্পসমূহে ৰাজ্যখনত অসংখ্য কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলিও কয়।
কালি তেখেতে বিদেশ ভ্ৰমণৰ সময়ত বিশ্বৰ নেতাসকলৰ সৈতে হোৱা আদান-প্ৰদান সন্দৰ্ভত আলোকপাতেৰে বিশ্বৰ নেতাসকলে ভাৰতে ডাঙৰ সপোন দেখিব পাৰে আৰু সেই সপোন পূৰণ কৰিব পাৰে বুলি স্বীকাৰ কৰিছে বুলি কয়।
এই পথসমূহে দিল্লী, হাৰিয়ানা, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ সৈতেও উন্নত যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিব।
একেদৰে, খাটিপুৰা (জয়পুৰ) ষ্টেচনে অধিক ৰেলৰ চলাচল পৰিচালনা কৰিব পাৰিব বুলিও তেখেতে কয়।
সেইবাবেই জনতাই কয় - মোদীৰ নিশ্চয়তা মানে পূৰ্ণতাৰ নিশ্চয়তা”, প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ দৃঢ়তাৰে কয়।

প্ৰধানমন্ত্ৰীশ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত, বিকশিত ৰাজস্থান’ কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ১৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰউদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহে পথ, ৰেলৱে, সৌৰশক্তি, শক্তি পৰিবহণ, খোৱাপানী তথা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছকে প্ৰমুখ্য কৰি একাধিক গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লয়।

সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থানৰ সকলো সমষ্টিৰপৰা লাখ-লাখ লোকে ‘বিকশিত ভাৰত, বিকশিত ৰাজস্থান’ কাৰ্য্যসূচীৰ সৈতে সংযুক্ত হোৱাৰ কথাউল্লেখেৰে তেওঁলোকৰ উপস্থিতিৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। লগতে, সকলো হিতাধিকাৰীকে একে স্থানত একত্ৰিতকৰণৰ অৰ্থে প্ৰযুক্তিৰ উৎকৃষ্ট ব্যৱহাৰৰ বাবে ৰাজস্থানৰ মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। ৰাজস্থানৰ জনসাধাৰণৰ গুণৰাজিৰ ওপৰত আলোকপাতেৰে প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিন পূৰ্বে ৰাজস্থানত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনক অভ্যৰ্থনাৰ কথা মনত পেলাই কয় যে ইয়াৰ প্ৰতিধ্বনি কেৱল ভাৰতৰ আশে-পাশে নহয়, ফ্ৰান্সতো শুনা গৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজস্থানৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰাজ্যখন ভ্ৰমণ কৰোতে ৰাইজৰ আশীৰ্বাদৰ কথাও স্মৰণৰ সমান্তৰালভাৱে ‘মোদী কী গেৰাণ্টী’ৰ ওপৰত থকা বিশ্বাসক পুনৰ দৃঢ়তাৰে উল্লেখেৰেএই বিশ্বাসে এখন ডাবল ইঞ্জিন চৰকাৰ গঠনৰ দিশত আগুৱাই নিয়ে বুলি কয়। আজি ৰাজস্থানৰ জনসাধাৰণক গড়কাপ্তানি, ৰেলৱে, সৌৰশক্তি, শক্তি পৰিবহণ, খোৱাপানী আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডত ১৭,০০০ কোটি টকা মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ বাবে অভিনন্দন জ্ঞাপনেৰেএই প্ৰকল্পসমূহে ৰাজ্যখনত অসংখ্য কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব বুলিও কয়।

 

লালকিল্লাৰ প্ৰাচীৰৰপৰা জনোৱা আহ্বানৰ কথা স্মৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে বৰ্তমান সময়ক সোণালী সময় বুলি অভিহিতকৰণেৰে কয় যে এতিয়া ভাৰতে পূৰ্বৰ হতাশা পাহৰি সম্পূৰ্ণ আত্মবিশ্বাসেৰে দশক-দশক ধৰিআগবাঢ়ি যাব পাৰে। তেখেতে কয় যে ২০১৪ৰ পূৰ্বে কেলেংকাৰি, নিৰাপত্তাহীনতা আৰু সন্ত্ৰাসবাদৰ বিপৰীতে এতিয়া আমি বিকশিত ভাৰত আৰু বিকশিত ৰাজস্থানৰ লক্ষ্যত মনোনিৱেশ কৰিছোঁ। প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়, “আজি আমি বৃহৎ সংকল্প গ্ৰহণ কৰিছোঁ আৰু ডাঙৰ সপোন দেখিছোঁ আৰু সেইসমূহবাস্তৱায়িতকৰণৰ বাবে আমি নিজকে উৎসৰ্গা কৰিছোঁ।“ তেখেতে আৰু কয়, “বিকশিত ভাৰত কেৱল এটা শব্দ বা আৱেগ নহয়, বৰঞ্চ এয়া প্ৰতিটো পৰিয়ালকে সমৃদ্ধিশালীকৰণৰ অভিযান।” তেখেতে লগতে কয় যে বিকশিত ভাৰত হৈছে দেশত দৰিদ্ৰতা দূৰ, মানসম্পন্ন চাকৰি সৃষ্টি আৰু আধুনিক সা-সুবিধা সৃষ্টিৰ এক অভিযান। কালি তেখেতে বিদেশ ভ্ৰমণৰ সময়ত বিশ্বৰ নেতাসকলৰ সৈতে হোৱা আদান-প্ৰদান সন্দৰ্ভত আলোকপাতেৰে বিশ্বৰ নেতাসকলে ভাৰতে ডাঙৰ সপোন দেখিব পাৰে আৰু সেই সপোন পূৰণ কৰিব পাৰে বুলি স্বীকাৰ কৰিছে বুলি কয়।

ৰেল, পথ, বিদ্যুৎ আৰু পানীৰ দৰে অত্যাৱশ্যকীয় খণ্ডসমূহৰ দ্ৰুতগতিত উন্নয়ন সাধনৰ প্ৰয়োজনীয়তাত আলোকপাতেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কয়, “এখনি বিকশিত ভাৰত গঢ়াত বিকশিত ৰাজস্থানৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।“ তেখেতে কয় যে এনে খণ্ডসমূহৰ উন্নয়নে কৃষক, পশুপালক, উদ্যোগ আৰু পৰ্যটনৰ লগতে ৰাজ্যখনলৈ নতুন বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সুযোগো কঢ়িয়াই আনিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, এইবাৰৰ কেন্দ্ৰীয় বাজেটত আন্তঃগাঁথনি উন্নয়নৰ বাবে অভিলেখ পৰিমাণৰ ১১ লাখ কোটি টকা আবন্টন জনোৱা হৈছে, যি পৰিমাণ পূৰ্বৰ যিকোনো চৰকাৰতকৈ ৬গুণ বেছি। প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ব্যয়ে চিমেন্ট, শিল আৰু চীনামাটিৰ উদ্যোগক ব্যাপকভাৱে লাভৱান কৰিব।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থানৰ গ্ৰামাঞ্চলৰ পথ, ঘাইপথ আৰু এক্সপ্ৰেছৱেত বিগত ১০ বছৰত অভূতপূৰ্ব পৰিমাণৰ বিনিয়োগৰ কথা উল্লেখ কৰে। তেখেতে কয় যে আজি ৰাজস্থানক গুজৰাট, মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলৰ সৈতে বহল ঘাইপথৰ জৰিয়তে পঞ্জাৱলৈ সংযুক্ত কৰা হৈছে। আজিৰ প্ৰকল্পসমূহে কোটা, উদয়পুৰ, টংক, ছাৱাই মাধোপুৰ, বুণ্ডী, আজমেৰ, ভিলৱাৰা আৰু চিত্তৰগড়ত যোগাযোগ ব্যৱস্থাৰ অগ্ৰগতি সাধন কৰিব। এই পথসমূহে দিল্লী, হাৰিয়ানা, গুজৰাট আৰু মহাৰাষ্ট্ৰৰ সৈতেও উন্নত যোগাযোগ ব্যৱস্থা সুনিশ্চিত কৰিব।

আজিৰ অনুষ্ঠানৰ অংশ হিচাপে ৰেলৱেৰ বৈদ্যুতীকৰণ, সংস্কাৰ সাধন আৰু মেৰামতি সম্পৰ্কে ব্যক্তকৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বন্দিকুই-আগ্ৰা ফ’ৰ্ট ৰেল লাইনৰদ্বৈতকৰণে মেহেন্দীপুৰ বালাজী আৰু আগ্ৰালৈ প্ৰৱেশ সুগম কৰিব। একেদৰে, খাটিপুৰা (জয়পুৰ) ষ্টেচনে অধিক ৰেলৰ চলাচল পৰিচালনা কৰিব পাৰিব বুলিও তেখেতে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ প্ৰচেষ্টাৰাজিৰ কথা উল্লেখেৰে ইয়াৰ জৰিয়তে নাগৰিকসকলৰ নিজৰ ঘৰতে সৌৰ বিদ্যুৎ উৎপাদন আৰু লগতে অতিৰিক্ত বিদ্যুৎ বিক্ৰীৰে আয় সৃষ্টিৰ প্ৰয়াস কৰা হৈছে বুলি কয়। শ্ৰী মোদীয়ে পিএম সূৰ্য্য ঘৰ যোজনা বা বিনামূলীয়া বিদ্যুৎ আঁচনিৰ শুভাৰম্ভণি সন্দৰ্ভত আলোকপাতেৰে কয় যে চৰকাৰে ৩০০ ইউনিট বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থা কৰিব। তেখেতে জনোৱা মতে, কেন্দ্ৰীয় চৰকাৰে প্ৰথম অৱস্থাত ১ কোটি পৰিয়ালক সৌৰ পেনেল স্থাপনৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰিব। এই প্ৰকল্পৰ বাবে মুঠ ব্যয় প্ৰায় ৭৫ হাজাৰ কোটি টকা ধাৰ্য্য কৰা হৈছে। ইয়াৰপৰা মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত সমাজ সৰ্বাধিক লাভৱান হ’ব বুলি তেখেতেকয়। তেখেতে আৰু কয় যে বেংকসমূহেও ঋণৰ সহজ ধন প্ৰদানৰ সুবিধা কৰিদিব। “ৰাজস্থানত চৰকাৰে ৫ লাখ ঘৰত সৌৰ পেনেল স্থাপনৰ পৰিকল্পনা কৰিছে”, দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ব্যয় হ্ৰাসৰ ক্ষেত্ৰত ডাবল ইঞ্জিন চৰকাৰৰ প্ৰচেষ্টাক আলোকপাত কৰি শ্ৰী মোদীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে চাৰিটা শ্ৰেণী অৰ্থাৎ যুৱক-যুৱতী, মহিলা, কিষাণ আৰু দৰিদ্ৰ লোকৰ উন্নয়নত গুৰুত্ব আৰোপৰ কথা পুনৰবাৰ উল্লেখ কৰে। “এয়া আমাৰ বাবে ৪ বৃহৎশ্ৰেণী আৰু মই সুখী যে ডাবল ইঞ্জিন চৰকাৰে এই শ্ৰেণীকেইটাৰ সবলীকৰণৰ বাবে মোদীয়ে প্ৰদানকৰা নিশ্চয়তা পূৰণ কৰিছে'', তেখেতে কয়। তেখেতে নতুন ৰাজস্থান চৰকাৰৰ প্ৰথম বাজেটত প্ৰস্তাৱিত ৭০ হাজাৰ চাকৰিৰ কথা উল্লেখ কৰে। লগতে প্ৰশ্ন কাকত ফাদিলৰ ঘটনাৰ ক্ষেত্ৰতএছআইটিগঠনৰ বাবে নতুন ৰাজ্য চৰকাৰখনক প্ৰশংসা কৰে। কাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ নতুন কেন্দ্ৰীয় আইনখনৰ বিষয়েও তেখেতে অৱগত কৰে যিয়ে প্ৰতিৰোধক হিচাপে কাম কৰিব।

 

প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে দৰিদ্ৰ পৰিয়ালক ৪৫০ টকাত গেছ চিলিণ্ডাৰ প্ৰদানৰ নিশ্চয়তাৰ কথা উল্লেখেৰে কয় যে ইয়াৰদ্বাৰা ৰাজস্থানৰ লাখ-লাখ মহিলা উপকৃত হৈছে। পূৰ্বৰ চৰকাৰৰ দিনত জল জীৱন মিছনত সংঘটিত কেলেংকাৰিৰ কথা আঙুলিয়াই দি শ্ৰী মোদীয়ে আলোকপাত কৰে যে এতিয়া কাম দ্ৰুত গতিত আগবাঢ়িছে। তেখেতে জনোৱা মতে, ৰাজস্থানৰ কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত বৰ্তমানৰ ৬ হাজাৰ টকাৰ আৰ্থিক সাহায্য আৰু ২,০০০ টকা বৃদ্ধি কৰা হৈছে। “আমি প্ৰতিটো ক্ষেত্ৰতে প্ৰতিশ্ৰুতি পূৰণ কৰি আছোঁ। আমি আমাৰ নিশ্চয়তাৰ প্ৰতি দায়বদ্ধ। সেইবাবেই জনতাই কয় - মোদীৰ নিশ্চয়তা মানে পূৰ্ণতাৰ নিশ্চয়তা”, প্ৰধানমন্ত্ৰীগৰাকীয়ে পুনৰ দৃঢ়তাৰে কয়।

বিকশিত ভাৰত সংকল্প যাত্ৰা সন্দৰ্ভত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “মোদীয়ে গ্ৰহণ কৰা প্ৰচেষ্টা এয়ে যে প্ৰতিজন হিতাধিকাৰীয়ে নিজৰ প্ৰাপ্য শীঘ্ৰে লাভ কৰা আৰু কোনা বঞ্চিত নোহোৱা।” তেখেতে ৰাজস্থানৰ কোটি-কোটি নাগৰিকৰ অংশগ্ৰহণৰ কথা উল্লেখ কৰে য’ত প্ৰায় ৩ কোটি লোকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হৈছে, ১ কোটি নতুন আয়ুষ্মান কাৰ্ড প্ৰদান কৰা হৈছে, ১৫ লাখ কৃষকে কিষাণ ক্ৰেডিট কাৰ্ডৰ বাবে পঞ্জীয়ন কৰিছে, প্ৰায় ৬.৫ লাখ কৃষকে আবেদন কৰিছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ বাবে।প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে উজ্জ্বলা গেছ সংযোগৰ বাবে প্ৰায় ৮ লাখ মহিলাই পঞ্জীয়ন কৰিছে। ইতিমধ্যে এই সময়ছোৱাত ২.২৫ লাখ সংযোগ প্ৰদান কৰা হৈছে। তেখেতে লগতে উল্লেখ কৰে যে ৰাজস্থানৰ ১৬ লাখ লোকে ২ লাখ টকাকৈ বীমা আঁচনিত যোগদান কৰিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে নিৰাশাৰ পৰিবেশক প্ৰসাৰিত কৰা আৰু দেশৰ সফলতাক উদযাপনৰপৰা বিৰত থকা শক্তিসমূহলৈ আঙুলিয়াই দিয়ে। তেখেতেপৰিয়াল-কেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধেও সতৰ্ক কৰি দিয়ে। তেখেতে কয় যে এনে ৰাজনীতিয়ে যুৱক-যুৱতীসকলক অনুপ্ৰাণিত নকৰে। প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ সপোন আৰু আকাংক্ষাৰাজিৰ কথা উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে এনে যুৱক-যুৱতীসকলে “বিকশিত ভাৰতৰ দৃষ্টিভংগীৰে থিয় দিছে।“

এই অনুষ্ঠানত ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ মিশ্ৰ, ৰাজস্থানৰমুখ্যমন্ত্ৰী শ্ৰী ভজন লাল শৰ্মা, ৰাজস্থান চৰকাৰৰ আন-আন মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্য্যায়ৰ প্ৰতিনিধিসকলে যোগদান কৰে।

পটভূমিঃ

প্ৰধানমন্ত্ৰীয়েৰাজস্থানত ৫,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে ৮-লেনৰ দিল্লী - মুম্বাই গ্ৰীন ফিল্ড এলাইনমেন্ট (NE-4)ৰ তিনিটা পেকেজ অৰ্থাৎ বাওনলী-ঝলাই পথৰপৰা মুই গাঁৱলৈ অংশ; হৰদেওগঞ্জ গাঁৱৰপৰা মেজ নদীৰ অংশলৈআৰু টকলিৰপৰা ৰাজস্থান/মধ্য প্ৰদেশ সীমান্তলৈকে অংশ। এই অংশসমূহে অঞ্চলটোত দ্ৰুত আৰু উন্নত যোগাযোগ ব্যৱস্থা প্ৰশস্ত কৰিব। এই অংশসমূহত বন্যপ্ৰাণীৰ বাধাহীন চলাচলৰ সুবিধাৰ বাবে এনিমেল আণ্ডাৰপাছ আৰু এনিমেল অভাৰপাছৰো ব্যৱস্থা কৰা হৈছে। ইয়াৰ উপৰিও, বন্যপ্ৰাণীৰ ওপৰত প্ৰভাৱ হ্ৰাস কৰিবলৈ শব্দ বাধাৰ ব্যৱস্থাও কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে কায়া গাঁৱত ৪৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চিট্টৰগড়-উদয়পুৰ ঘাইপথ অংশৰ সৈতে সংযোগী ৬ লেনৰ গ্ৰীনফিল্ড উদয়পুৰ বাইপাছ উদ্বোধন কৰে। এই বাইপাছে উদয়পুৰ চহৰৰ যানযঁট মুক্তকৰণত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ ঝুনঝুনু, আবু ৰোড আৰু টংক জিলাৰ পথৰ আন্তঃগাঁথনিৰ আন ভিন্ন প্ৰকল্পও উদ্বোধন কৰে।

অঞ্চলটোৰ ৰেল আন্তঃগাঁথনি সুদৃঢ়কৰণেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাজস্থানত প্ৰায় ২,৩০০ কোটি টকা মূল্যৰ আঠটা গুৰুত্বপূৰ্ণ ৰেল প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাষ্ট্ৰলৈ উৎসৰ্গাকৰা ৰেল প্ৰকল্পসমূহৰ ভিতৰত যোধপুৰ-ৰাই কা বাঘ-মেৰ্তা পথ-বিকানেৰ অংশ (২৭৭ কিলোমিটাৰ)কে প্ৰমুখ্য কৰি ৰেল পথসমূহৰ বৈদ্যুতীকৰণৰ বাবে ভিন্ন প্ৰকল্প; যোধপুৰ-ফালোডী অংশ (১৩৬ কিলোমিটাৰ)আৰু বিকানেৰ-ৰতনগড়-সদুলপুৰ-ৰেৱাৰী অংশ (৩৭৫ কি.মি.) আছে। প্ৰধানমন্ত্ৰীয়ে ‘খাটিপুৰা ৰেলৱে ষ্টেচন’টো ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। জয়পুৰৰ বাবে ছেটেলাইট ষ্টেচন হিচাপে গঢ়ি তোলা এই ৰেল ষ্টেচনটো ‘টাৰ্মিনেল ফেচিলিটি’ৰে সজ্জিত। এই ৰেল খণ্ডৰ প্ৰকল্পসমূহৰ লক্ষ্য হৈছে ৰেল আন্তঃগাঁথনিৰ আধুনিকীকৰণ, সুৰক্ষা ব্যৱস্থা বৃদ্ধি, যোগাযোগ ব্যৱস্থাৰঅগ্ৰগতি সাধন আৰু অধিক কাৰ্য্যক্ষমভাৱে সামগ্ৰীৰ সৰবৰাহ আৰু জনতাৰ আহ-যাহত সুবিধা প্ৰশস্ত কৰা।

অঞ্চলটোত নবীকৰণযোগ্য শক্তি উৎপাদন বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত প্ৰায় ৫,৩০০ কোটি টকা মূল্যৰ গুৰুত্বপূৰ্ণ সৌৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন তথাৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ বিকানেৰৰ বৰছিংছাৰ তাপ বিদ্যুৎ কেন্দ্ৰৰ সমীপত স্থাপন কৰিবলগীয়া ৩০০ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। আত্মনিৰ্ভৰ ভাৰতৰ সৈতে সংগতি ৰাখি ভাৰতত নিৰ্মিত উচ্চ কাৰ্য্যক্ষম বাইফেচিয়েল মডিউলৰ সৈতে শেহতীয়া অত্যাধুনিক প্ৰযুক্তিৰে এই সৌৰ প্ৰকল্পটো স্থাপন কৰা হৈছে। তেখেতে, চিপিএছইউ আঁচনিৰ দ্বিতীয় পৰ্য্যায় (ট্ৰেন্স-III)ৰ অধীনত এনএইচপিচি লিমিটেডৰ ৩০০ মেগাৱাটৰ সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাজস্থানৰ বিকানেৰত ইয়াক স্থাপন কৰা হ’ব। ইয়াতে স্থাপন কৰা ৩০০ মেগাৱাটৰ এনটিপিচি গ্ৰীন এনাৰ্জি লিমিটেডৰ নোখৰা সৌৰ পিভি প্ৰকল্পও ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে। সৌৰ প্ৰকল্পসমূহে সেউজ শক্তি উৎপাদন কৰিব, কাৰ্বন ডাই অক্সাইডৰ নিৰ্গমন হ্ৰাসত সহায় কৰিব আৰু অঞ্চলটোৰ অৰ্থনৈতিক উন্নয়নৰ সূচনা কৰিব।

প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানত ২,১০০ কোটি টকাৰো অধিক মূল্যৰ ৰাষ্ট্ৰীয় শক্তি পৰিবহণ খণ্ডৰ প্ৰকল্প উৎসৰ্গা কৰে।

ৰাজস্থানত বিশুদ্ধ খোৱাপানী যোগানৰ বাবে আন্তঃগাঁথনি সুদৃঢ়কৰণৰ লক্ষ্যৰে জল জীৱন মিছনৰ অধীনত প্ৰকল্পকে ধৰি প্ৰায় ২,৪০০ কোটি টকা মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পসমূহে সমগ্ৰ দেশতে ব্যক্তিগত ঘৰুৱা টেপ সংযোগৰ জৰিয়তে বিশুদ্ধ খোৱাপানী প্ৰদানৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ দৃষ্টিৰ ইংগিত বহন কৰিছে।

প্ৰধানমন্ত্ৰীয়ে যোধপুৰত থকা ইণ্ডিয়ান অইলৰ এলপিজি বটলিং প্লান্ট ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অত্যাধুনিক আন্তঃগাঁথনি আৰু পৰিচালনা তথা সুৰক্ষাৰ বাবে অটোমেচন ব্যৱস্থাৰে বটলিং প্লান্টটোৱে নিয়োগ সৃষ্টি কৰিব আৰু অঞ্চলটোৰ লাখ-লাখ গ্ৰাহকৰ এলপিজিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব।

ৰাজস্থানত এই উন্নয়নমূলক প্ৰকল্পসমূহৰ আৰম্ভণিয়ে ৰাজস্থানৰ আন্তঃগাঁথনিৰূপান্তৰিতকৰণৰ লগতে বিকাশ আৰু উন্নয়নৰ সুযোগ সৃষ্টিৰ বাবে প্ৰধানমন্ত্ৰীৰ অদম্য প্ৰচেষ্টাক প্ৰতিফলিত কৰিছে। ৰাজস্থানৰ সকলো জিলাৰ প্ৰায় ২০০ স্থানত আয়োজন কৰা এই কাৰ্য্যসূচীৰ মূল কাৰ্য্যসূচী জয়পুৰত অনুষ্ঠিত হৈছে। ৰাজ্যব্যাপী এই কাৰ্য্যসূচীত ভিন্ন চৰকাৰী আঁচনিৰ লাখ-লাখ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
On Puri’s Grand Road, a devotee’s submission

Media Coverage

On Puri’s Grand Road, a devotee’s submission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister speaks with the Amir of Qatar
July 16, 2026
PM conveys heartfelt condolences on the passing of the Father Amir of Qatar
PM recalls the Father Amir’s visionary leadership and his contribution to strengthening India-Qatar relations
The two leaders reaffirm their resolve to carry forward the Father Amir’s legacy

Prime Minister Shri Narendra Modi had a telephone conversation today with the Amir of the State of Qatar, H.H. Sheikh Tamim bin Hamad Al Thani.

Prime Minister conveyed his heartfelt condolences on the passing of H.H. Sheikh Hamad bin Khalifa Al Thani, the Father Amir of Qatar.

Recalling the Father Amir’s significant contributions as the chief architect of modern Qatar, Prime Minister paid tribute to his visionary leadership, and recalled his pivotal role in strengthening India-Qatar relations over the years as well as his deep affection for India and the Indian community in Qatar.

The Amir of Qatar thanked Prime Minister for his call and conveyed his appreciation for the words of support in this difficult hour.

The two leaders reaffirmed their resolve to carry forward the Father Amir’s legacy and further strengthen the India-Qatar Strategic Partnership and people-to-people ties.

They agreed to remain in close touch.