There are several instances that point to the need for a serious introspection of the work of the United Nations: PM Modi
Every Indian, aspires for India's expanded role in the UN, seeing India's contributions towards it: PM Modi
India's vaccine production and vaccine delivery capability will work to take the whole humanity out of this crisis: PM Modi
India has always spoken in support of peace, security and prosperity: PM Modi

সাধাৰণ পৰিষদৰ সন্মানীয় অধ্যক্ষ মহোদয়। ভাৰতৰ ১.৩ বিলিয়ন নাগৰিকৰ হৈ, ৰাষ্ট্ৰ সংঘৰ ৭৫ সংখ্যক বাৰ্ষিকীত মই প্ৰত্যেকখন সদস্য ৰাষ্ট্ৰক অভিনন্দন জ্ঞাপন কৰিছো। ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ভাৰত গৌৰৱান্বিত। এই ঐতিহাসিক কাৰ্যক্ৰমত, মই ভাৰতৰ ১.৩ কোটি লোকৰ অনুভূতি বেকত কৰিবলৈ এই গ্ল’ৱেল প্লেটফৰ্মলৈ আহিছো।

মহামহিম

আজিৰ বিশ্বখনতকৈ ১৯৪৫ ৰ বিশ্বখনি লক্ষ্যণীয়ভাৱে পৃথক আছিল। এই গোলকীয় পৰিস্থিতি, উৎস-সমল, সমস্যা-সমাধান, সকলোখিনিয়েই অতি পৃথক। আৰু ফলশ্ৰুতি হিচাপে বিশ্বজনীন কল্যাণৰ অৰ্থে স্থাপন কৰা প্ৰতিষ্ঠানটোৰ ধৰণ আৰু সংযুক্তি সেই সময়ৰ পৰিস্থিতি অনুসৰিয়েই নিৰূপিত হৈছিল। আজি আমি সম্পূৰ্ণৰূপে পৃথক যুগত ভৰি দিছোহি। ২১শ শতিকাত, আমাৰ বৰ্তমানৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বান একেদৰে ভৱিষ্যতৰ প্ৰয়োজনীয়তা আৰু প্ৰত্যাহ্বানসমূহ অতীততকৈ বহুগুণে পৃথক আৰু পৃথক হ’ব। সেয়েহে, আজি আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ মুখামুখি হৈছেঃ ১৯৪৫ ৰ পৰিস্থিতিত প্ৰতিষ্ঠা কৰা প্ৰতিষ্ঠানটোৰ যি চৰিত্ৰ আছিল, সেয়া আজিও প্ৰাসংগিক হৈ আছেনে? যদি শতিকা সলনি হয় আৰু আমি নহ’মনে, তেন্ত শক্তিও পৰিৱৰ্তন হৈ দুৰ্বল হৈ পৰিছে। যদি আমি ৰাষ্ট্ৰসংঘৰ যোৱা ৭৫ বছৰৰ মূল্যায়ন কৰো, আমি বহু অভিজ্ঞতা প্ৰত্যক্ষ কৰিম।

কিন্তু একে সময়তে, তদুপৰি কিছুমান ঘটনা ৰাষ্ট্ৰসংঘৰ বাবে বিচাৰ্য্যৰ বিষয়। কোনোৱে হয়তু ক’ব পাৰে যে আমি সফলতাৰে তৃতীয় বিশ্ব যুদ্ধৰপৰা আঁতৰি থাকিলো, কিন্তু আমি উপেক্ষা কৰিব নোৱাৰো যে বহু কেইখন যুদ্ধ আৰু বহু গৃহযুদ্ধ ইতিমধ্যে সংঘটিত হৈ গ’ল। বহু সন্ত্ৰাসবাদীয়ে বিশ্বখনক আক্ৰমণ কৰিলে আৰু তেজৰ নৈ বৈ গ’ল। এই যুদ্ধ আৰু আক্ৰমণসমূহত যিসকল লোকে তেওঁলোকৰ জীৱন হেৰুৱালে তেওঁলোক মানুহেই আছিল, আপোনাৰ দৰে আৰু মোৰ দৰে। হাজাৰ-হাজাৰ শিশুৱে বিশ্বখনক উৰ্বৰ কৰাৰ বিপৰীতে আমাক অকালতে এৰি থৈ গুচি গ’ল। বহু সংখ্যক লোকে তেওঁলোকৰ সঞ্চয় হেৰুৱাই পেলালে আৰু হৈ পৰিল গৃহহীন শৰণাৰ্থী। এই সময়সমূহত ৰাষ্ট্ৰ সংঘৰ প্ৰচেষ্টা যথোপযুক্ত আছিল নে বা আজিও এই প্ৰচেষ্টা সঠিক হৈছেনে? যোৱা ৮-৯ মাহে ক’ৰোনাৰ বিশ্বজনীন মহামাৰীৰে বিশ্বখনে যুঁজ দি আছে। মহামাৰীটোৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘই যুটীয়াভাৱে যুঁজত অংশগ্ৰহণ কৰিছে নে? ইয়াৰ ফলপ্ৰসূ সঁহাৰি আছিল নে?

মহামহিম

সঁহাৰি, প্ৰক্ৰিয়াকৰণত ৰাষ্ট্ৰসংঘৰ চৰিত্ৰৰ সংস্কাৰ এই সময়ৰ আহ্বান। এইটো উল্লেখযোগ্য যে ভাৰতৰপৰা ৰাষ্ট্ৰসংঘই যি বিশ্বাস আৰু সন্মান লাভ কৰিছে, সেয়া অতুলনীয়। কিন্তু এইটোও সত্য যে ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ সম্পূৰ্ণতাৰ বাবে ভাৰতৰ জনসাধাৰণে দীৰ্ঘ সময় ধৰি অপেক্ষা কৰি আহিছে। আজি, এই সংস্কাৰ-প্ৰক্ৰিয়াই ইয়াৰ যুক্তিসংগত সমাপ্তিক সিদ্ধ কৰিব নে নকৰে, তাকে লৈ ভাৰতৰ জনতা আশাবাদী?

ভাৰতে কিমান দিনলৈকে ৰাষ্ট্ৰসংঘৰ সিদ্ধান্ত-গ্ৰহণ গাঁথনিৰ বাহিৰত থাকিব লাগিব? এখন দেশ, যি বিশ্বখনৰে সৰ্ববৃহৎ গণতন্ত্ৰ, যিখন দেশৰ জনসংখ্যা বিশ্বৰ জনসংখ্যাৰ ১৮% ৰোধিক, এখন দেশ, য’ত আছে শ-শ ভাষা, শ-শ উপভাষা, বহু গোষ্ঠী, বহু আদৰ্শ, এখন দেশ, যিখন দেশে শতিকা ধৰি বিশ্ব অৰ্থনীতিৰ অগ্ৰণী আৰু য’ত শ-শ বছৰ ধৰি বিদেশী শাসনো বৰ্তি আছিলে।

মহামহিম

আমি শক্তিশালী হোৱাৰ অৰ্থ এইটো নহয় যে আমি বিশ্বখনক যন্ত্ৰণা দিম; আমি দুৰ্বল হোৱাৰ অৰ্থ এইটো নহয় যে আমি বিশ্বখনৰ বাবে সমস্যাৰ কাৰক হৈ পৰিম।

মহামহিম

বিশেষকৈ এখন দেশত হোৱা পৰিৱৰ্তনে বিশ্বখনৰ এটা বৃহৎ অংশক প্ৰভাৱিত কৰে তেতিয়া দেশখনে কিমান অপেক্ষা কৰিব লাগিব?

মহামহিম

যি আদৰ্শৰে ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠা কৰা হৈছিল সেয়া ভাৰতৰ কাৰণেও সমজাতীয় আৰু ইয়াৰ নিজা প্ৰাথমিক দৰ্শনতকৈ পৃথক নহয়। বসুধৈৱ কুটুম্বকম, সমগ্ৰ বিশ্বখনেই এটা পৰিয়াল এই শব্দযুগল প্ৰায়েই ৰাষ্ট্ৰসংঘৰ প্ৰেক্ষাগৃহটোত প্ৰতিধ্বনিত হয়। আমি সমগ্ৰ বিশ্বখনকে এটা পৰিয়াল হিচাপে গণ্য কৰো। এয়া আমাৰ সংস্কৃতি, চৰিত্ৰ আৰু ভাৱনাৰ এটা অংশ। ৰাষ্ট্ৰসংঘতো, ভাৰতে সদায়েই সমগ্ৰ বিশ্বখনৰে কল্যাণত অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে। ভাৰত হৈছে সেইখন দেশ, যিয়ে প্ৰায় ৫০ টা শান্তিৰক্ষা অভিযানলৈ সাহসী জোৱান প্ৰেৰণ কৰিছে। ভাৰত হৈছে সেইখন দেশ, য’ত সৰ্বাধিক সংখ্যক সাহসী জোৱানে শান্তি স্থাপন কৰিবলৈ গৈ শ্বহীদ হ’ব লগীয়া হৈছে। আজি প্ৰতিজন ভাৰতীয়ই, ৰাষ্ট্ৰসংঘলৈ যেতিয়া ভাৰতৰ বৰঙণিৰ অৱলোকন কৰে, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ বিস্তৃত বৰঙণি প্ৰত্যক্ষ কৰি অনুপ্ৰাণিত হয়।

সন্মানীয় অধ্যক্ষ মহোদয়

ভাৰত সেইখনেই ৰাষ্ট্ৰ যিয়ে ০২ অক্টোবৰত ‘আন্তঃৰাষ্ট্ৰীয় অহিংসা দিৱস’ আৰু ২১ জুনত ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ সূচনা কৰিছে। একেদৰে, ভাৰতৰ প্ৰচেষ্টাৰ বাবে কোৱালিশ্যন ফৰ ডিজেষ্টাৰ ৰেজিলিয়েন্ট ইনফ্ৰাচট্ৰাকচাৰ আৰু ইন্টাৰনেশ্যনেল ছ’লাৰ এলায়েন্স আজি বাস্তৱায়িত হৈছে। ভাৰতে সদায়েই সমগ্ৰ মানৱজাতিৰ চিন্তা কৰি আহিছে আৰু কেতিয়াও ন্যস্ত স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদান কৰা নাই। এই দৰ্শনেই ভাৰতৰ নীতিৰ চালিকা শক্তি হৈ আহিছে। ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিৰপৰা আৰম্ভ কৰি আমাৰ এক্ট ইষ্ট পলিচীলৈকে কোনোৱে এই দৰ্শনৰ মুহূৰ্তবোৰ প্ৰত্যক্ষ কৰিব পাৰে তথা অঞ্চলটোত সকলোৰে বিকাশ আৰু সুৰক্ষাৰ বাবে ভাৱনাক অনুধাৱন কৰিব পাৰে আৰু ইণ্ডো পেচিফিক ৰিজনত আমাৰ প্ৰচেষ্টা জুকিয়াই চাব পাৰে। এই মূল নীতিসমূহৰদ্বাৰা ভাৰতৰ বন্ধুত্ব পৰিচালিত। কোনো এখন দেশৰ প্ৰতি ভাৰতৰ বন্ধুত্বৰ ইংগিত আন কাৰোবাৰ প্ৰতি বিৰুদ্ধাচৰণ হ’ব নোৱাৰে। ভাৰতে ইয়াৰ উন্নয়নমূলক বন্ধুত্ব শক্তিশালী কৰি থকাৰ সময়তে, ইয়াৰ অৰ্থ এইটো নহয় যে বন্ধু দেশখনক নিৰ্ভৰশীল বা অনৰ্থক কৰি তোলা। আমি কেতিয়াও আমাৰ উন্নয়নৰ অভিজ্ঞতা ব্যক্ত কৰিবলৈ সংকোচ নকৰো।

মহামহিম

বৰ্ধিত মহামাৰীৰ এই অতিশয় জটিল সময়তো, ভাৰতৰ ফাৰ্মা উদ্যোগটোলৈ ১৫০ খনৰো অধিক দেশলৈ নিত্যব্যৱহাৰ্য্য মেডিচিন প্ৰেৰণ কৰিছে। বিশ্বখনৰ সৰ্ববৃহৎ ভেকচিন প্ৰস্তুতকৰ্তা হিচাপে, আজি মই বিশ্ব সম্প্ৰদায়ক আৰু এটা নিশ্চিতি প্ৰদান কৰিব বিচাৰিম, ভাৰতৰদ্বাৰা প্ৰস্তুত ভেকচিন আৰু হস্তান্তৰ ক্ষমতা এই সংকটেৰে যুঁজি থকা সকলো লোকৰ সহায়ৰ অৰ্থে ব্যৱহাৰ কৰা হ’ব। আমি ভাৰতত ৩ য় পৰ্যায়ৰ ক্লিনিকেল ট্ৰায়েল অতিক্ৰম কৰিলো আৰু চুবুৰীয়া দেশসমূহতো একে কথাই প্ৰযোজ্য। তদুপৰি ভাৰতে সকলোবোৰ দেশকে তেওঁলোকৰ শীতল শৃংখলৰ বৰ্ধন আৰু ভেকচিনসমূহৰ হস্তান্তৰৰ অৰ্থে মজুত ক্ষমতা বৃদ্ধিত সহায় কৰিব।

মহামহিম

অহা বৰ্ষৰ জানুৱাৰীৰপৰা, নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য হিচাপেও ভাৰতে ইয়াৰ দায়িত্ব পালন কৰিব। ভাৰতৰ ওপৰত এই আস্থা প্ৰোথিত কৰাৰ বাবে মই আমাৰ সহযোগী দেশসমূহক কৃতজ্ঞতা জ্ঞাপন কৰিলো। আমি সমগ্ৰ বিশ্বৰ লাভালাভৰ বাবে প্ৰতিপত্তি আৰু অভিজ্ঞতা ব্যৱহাৰ কৰি যাম। আমাৰ পথ মানৱ কল্যাণৰপৰা বিশ্বখনৰ কল্যাণলৈ প্ৰসাৰিত হৈছে। ভাৰতে সদায়েই শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ হকে মাত মাতি আহিছে। মানৱতা, মানৱ জাতি আৰু মানৱীয় মূল্যবোধৰ শত্ৰুৰ বিৰুদ্ধে মাত মাতিবলৈ সংকোচ বোধ নকৰে – সন্ত্ৰাসবাদ, অবৈধ অস্ত্ৰৰ চোৰাং কাৰবাৰ, ড্ৰাগছৰ সৰবৰাহ আৰু ক’লা ধনৰ বিৰুদ্ধে মাত মাতি যাম। ভাৰতৰ সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাৰ হাজাৰ বছৰ পুৰণি অভিজ্ঞতা সদায়েই উন্নয়নশীল দেশসমূহৰ দৃষ্টিগোচৰ হৈ আহিছে। ভাৰতৰ অভিজ্ঞতা, খলা-বমাইদি ভাৰতৰ উন্নয়নৰ যাত্ৰাই বিশ্বৰ কল্যাণৰ পথত ইয়াক শক্তিশালী কৰি তুলিব।

মহামহিম

যোৱা কোইটামান বছৰত, ৰিফৰ্ম-পাৰ্ফম-ট্ৰেন্সফৰ্ম মন্ত্ৰফাঁকিক অনুসৰণ কৰি, ভাৰতে ইয়াৰ কেইবা নিযুত লোকৰ জীৱন-ধাৰণ প্ৰণালীৰ ৰূপান্তৰ সাধন কৰাত ৰত হৈ আহিছে। এই অভিজ্ঞতা আমাৰ হিত চিন্তা কৰা বিশ্বখনৰ বহু দেশৰ বাবেই উপযোগী। মাথো ৪-৫ বছৰৰ ভিতৰতে ৪০০ নিযুত লোকক বেংকিং প্ৰণালীৰে সংযোজিত কৰাটো সহজ কাম নহয়। কিন্তু এয়া যে সম্ভৱ, ভাৰতে সেয়া কৰি দেখুৱালে। মাত্ৰ ৪-৫ বছৰৰ ভিতৰতে ৬০০ নিযুত লোকক মুকলিত মলত্যাগৰপৰা মুক্ত কৰি তোলাটো সহজ কথা নহয়। কিন্তু, ভাৰতে ইয়াত সফলতা লাভ কৰিছে। মাত্ৰ ২-৩ বছৰৰ ভিতৰতে বিনমূলীয়া স্বাস্থ্যসেৱা আগবঢ়াব পৰাটো সহজ নাছিল। কিন্তু ৫০০ নিযুতৰো অধিক লোকলৈ এই সেৱা প্ৰশস্ত কৰি ভাৰতে এনে কৰিবলৈ যে সক্ষম তাৰ নিদৰ্শন দাঙি ধৰিলে। আজি, ভাৰত হৈছে ডিজিটেল লেন-দেনৰ অন্যতম নেতৃত্ব। আজি, ইয়াৰ কেইবা নিযুত জনসাধাৰণলৈ ডিজিটেল প্ৰৱেশ প্ৰদানৰ জৰিয়তে ভাৰতে সৱলীকৰণ আৰু স্বচ্ছতা নিশ্চিত কৰি তুলিছে। আজি, ভাৰতে ২০২৫ ৰ ভিতৰত এখনি টিবি-মুক্ত ভাৰতৰ বাবে এটা বৃহৎ অভিযান ৰূপায়ণ কৰি আছে। আজি, ১৫০ নিযুত গ্ৰামীণ গৃহস্থীলৈ পাইপেৰে খোৱা পানী যোগান ধৰিবলৈ ভাৰতে এটি কাৰ্যক্ৰম ৰূপায়ণ কৰি আছে। শেহতীয়াভাৱে, ভাৰতে ইয়াৰ ৬ লাখখন গাঁৱক ব্ৰডবেণ্ড অপ্টিকেল ফাইবাৰেৰে সংযোগ কৰাৰ নিমিত্তে এটা বৃহৎ প্ৰকল্পৰ সূচনা কৰিছে।

মহামহিম

মহামাৰীৰ পৰৱৰ্তী সময়ৰ পৰিৱৰ্তিত পৰিস্থিতিৰে ৰজিতা খুৱাই “আত্ম-নিৰ্ভৰ ভাৰত”ৰ লক্ষ্যৰে আমি আগবাঢ়িছো। এখন আত্ম-নিৰ্ভৰ ভাৰত বিশ্ব অৰ্থনীতিৰ বাবে বল গুণকো। আঝি, এইটোও নিশ্চিত কৰা হৈছে যে দেশখনৰ প্ৰতিজন জনসাধাৰণৰ অৰ্থে ৰূপায়ণ কৰা আঁচনিসমূহৰ লাভালাভ অৰ্জনৰ ক্ষেত্ৰত কোনো ধৰণৰ বৈষম্য থাকিব নোৱাৰিব। মহিলাৰ প্ৰতিষ্ঠান আৰু নেতৃত্বক প্ৰোৎসাহনৰ অৰ্থে ভাৰতত বৃহৎ প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। আজি ভাৰতীয় মহিলা বিশ্বখনৰ সৰ্ববৃহৎ ক্ষুদ্ৰ সঞ্চয় আঁচনিৰ সৰ্ববৃহৎ হিতাধিকাৰী হৈ উঠিছে। ২৬ সপ্তাহৰ পেইড মেটাৰনিটি লীভ আগবঢ়োৱা দেশসমূহৰ অন্যতম হৈছে ভাৰত। যাৱতীয়া আইনী সংস্কাৰৰ জৰিয়তে তৃতীয় লিংগৰ অধিকাৰো সুৰক্ষিত কৰা হৈছে।

মহামহিম

অগ্ৰগতিৰ এই যাত্ৰাটোত, ভাৰতে বিশ্বখনৰপৰা জানিব বিচাৰিছে আৰু একেদৰে বিশ্বখনেৰে ইয়াৰ স্বকীয় অভিজ্ঞতাৰ আদান-প্ৰদান কৰিব খুজিছে। মই বিশ্বাসী যে ৭৫ সংখ্যক বাৰ্ষিকীত, এই মহান প্ৰতিষ্ঠানটোৰ গৰিমা অক্ষুণ্ণ ৰখাত সকলো সদস্য ৰাষ্ট্ৰই প্ৰৱল অংগীকাৰ প্ৰদৰ্শন কৰিব। বিশ্বখনৰ কল্যাণৰ অৰ্থে ৰাষ্ট্ৰ সংঘৰ সুস্থিৰতা আৰু ৰাষ্ট্ৰসংঘৰ সৱলীকৰণ অতিকে প্ৰয়োজনীয়। ৰাষ্ট্ৰসংঘৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ এই অনুষ্ঠানত, বিশ্বখনৰ কল্যাণৰ অৰ্থে নিজকে সমৰ্পণৰ পুনৰ এবাৰ সংকল্প গ্ৰহণ কৰো আহক।

ধন্যবাদ

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Rural commercial vehicle retail sales growth outpaces urban: Fada data

Media Coverage

Rural commercial vehicle retail sales growth outpaces urban: Fada data
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM condoles loss of lives in firecracker factory mishap in Kaushambi
August 31, 2026
PM announces ex-gratia from Prime Minister’s National Relief Fund

The Prime Minister, Shri Narendra Modi has expressed deep sorrow over the loss of lives in a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. Shri Modi conveyed his condolences to the bereaved families and prayed for the speedy recovery of the injured.

Shri Modi also announced an ex-gratia of ₹2 lakh from the Prime Minister’s National Relief Fund (PMNRF) to the next of kin of each deceased and ₹50,000 for the injured.

The Prime Minister posted on X;

Extremely saddened by the loss of lives due to a mishap at a firecracker factory in Kaushambi, Uttar Pradesh. My thoughts are with the bereaved families in this hour of grief. May the injured recover at the earliest.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi