বিজয় উৎসৱ হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু শক্তিৰ এক প্ৰমাণ: প্ৰধানমন্ত্ৰী
ভাৰতৰ দৃষ্টিভংগী উপস্থাপন কৰিবলৈ এই বিজয় উৎসৱৰ মনোবলেৰে মই সদনত থিয় দিছোঁ: প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দুৰে এখন আত্মনিৰ্ভৰ ভাৰতৰ শক্তিক উজ্জ্বল কৰি তুলিলে!: প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দুৰৰ সময়ত, নৌসেনা, স্থলসেনা আৰু বায়ুসেনাৰ সহযোগিতাই পাকিস্তানক তাৰ মূললৈকে জোকাৰি গ’ল: প্ৰধানমন্ত্ৰী
ভাৰতে স্পষ্ট কৰি দিছে যে ই সন্ত্ৰাসবাদক নিজৰ ভাষাৰে উত্তৰ দিব, পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক আৰু মাষ্টাৰমাইণ্ডৰ সৈতে একে ব্যৱহাৰ কৰিব: প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দুৰৰ সময়ত, ভাৰতে বিশ্বব্যাপী ব্যাপক সমৰ্থন লাভ কৰিছিল: প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দুৰ চলি আছে। পাকিস্তানৰ যিকোনো অবিবেচক পদক্ষেপৰ দৃঢ় প্ৰত্যুত্তৰ দিয়া হ’ব: প্ৰধানমন্ত্ৰী

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক ‘অপাৰেচন সিন্দুৰ’ৰ ওপৰত এক বিশেষ আলোচনাৰ সময়ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ভাষণ দিয়ে। সদনত ভাষণ দি, প্ৰধানমন্ত্ৰীয়ে অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ লোকৰ সৈতে হোৱা বাৰ্তালাপৰ কথা স্মৰণ কৰে, আৰু কয় যে তেওঁ সংসদৰ সকলো সন্মানীয় সদস্যক এই অধিৱেশনখনক ভাৰতৰ বিজয়ৰ উদযাপন আৰু ভাৰতৰ গৌৰৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিবলৈ আবেদন জনায়।

সন্ত্ৰাসবাদীৰ মুখ্য কাৰ্যালয় সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ কথা উল্লেখ কৰি সেই ‘বিজয় উৎসৱ’ক আলোকপাত কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে বিজয়োৎসৱে সিন্দুৰৰ জৰিয়তে লোৱা গম্ভীৰ ব্ৰত পূৰণক প্ৰতিনিধিত্ব কৰে — ৰাষ্ট্ৰীয় ভক্তি আৰু ত্যাগৰ প্ৰতি এক শ্ৰদ্ধাঞ্জলি। “বিজয় উৎসৱ হৈছে ভাৰতৰ সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু শক্তিৰ এক প্ৰমাণ”, তেওঁ জোৰ দি কয় যে বিজয়োৎসৱে ১৪০ কোটি ভাৰতীয়ৰ ঐক্য, ইচ্ছাশক্তি, আৰু সামূহিক বিজয় উদযাপন কৰে।

ভাৰতৰ দৃষ্টিভংগী উপস্থাপন কৰিবলৈ এই বিজয়ৰ মনোবলেৰে তেওঁ সদনত থিয় দিছে বুলি দৃঢ়তাৰে উল্লেখ কৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ দৃষ্টিভংগী চোৱাত ব্যৰ্থ হোৱাসকলৰ বাবে তেওঁ এখন আইনা তুলি ধৰিবলৈ থিয় দিছে। তেওঁ মন্তব্য কৰে যে তেওঁ ১৪০ কোটি নাগৰিকৰ আৱেগৰ সৈতে নিজৰ কণ্ঠ যোগ দিবলৈ আগবাঢ়ি আহিছে। শ্ৰী মোদীয়ে জোৰ দি কয় যে এই সামূহিক আৱেগৰ অনুৰণন সদনত শুনা গৈছে, আৰু সেই গুঞ্জৰিত মনোভাৱত নিজৰ কণ্ঠ যোগ কৰিবলৈ তেওঁ উঠিছে।

অপাৰেচন সিন্দুৰৰ সময়ত আগবঢ়োৱা দৃঢ় সমৰ্থন আৰু আশীৰ্বাদৰ বাবে ভাৰতৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰি, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ ৰাষ্ট্ৰৰ প্ৰতি ঋণী হৈয়েই আছে। তেওঁ নাগৰিকসকলৰ সামূহিক সংকল্পক স্বীকাৰ কৰে আৰু অভিযানৰ সফলতাত তেওঁলোকৰ ভূমিকাৰ বাবে শলাগ লয়।

প্ৰধানমন্ত্ৰীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত হোৱা জঘন্য কাণ্ডক গৰিহণা দিয়ে, য’ত সন্ত্ৰাসবাদীয়ে নিৰীহ লোকক তেওঁলোকৰ ধৰ্ম সুধি সুধি নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল — ইয়াক নিষ্ঠুৰতাৰ উচ্চতম স্তৰ বুলি অভিহিত কৰে। তেওঁ মন্তব্য কৰে যে এয়া ভাৰতক হিংসাৰ দাবানলত ডুবাই সাম্প্ৰদায়িক অশান্তিৰ উচটনি দিয়াৰ এক পৰিকল্পিত প্ৰচেষ্টা আছিল। এই ষড়যন্ত্ৰক ঐক্য আৰু প্ৰতিৰোধেৰে পৰাস্ত কৰাৰ বাবে ভাৰতবাসীক তেওঁ ধন্যবাদ জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২২ এপ্ৰিলৰ পিছত তেওঁ এটা ৰাজহুৱা বিবৃতি জাৰি কৰিছিল, ইংৰাজীতো, ভাৰতৰ স্থিতি বিশ্বৰ সন্মুখত স্পষ্ট কৰিবলৈ। মাষ্টাৰমাইণ্ডহঁত কল্পনাতকৈও অধিক শাস্তিৰ সন্মুখীন হ’ব বুলি জোৰ দি তেওঁ ঘোষণা কৰিছিল যে সন্ত্ৰাসবাদক মষিমূৰ কৰিবলৈ এয়া ভাৰতৰ দৃঢ় সংকল্প। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২২ এপ্ৰিলত তেওঁ এক বিদেশ ভ্ৰমণত আছিল যদিও এখন উচ্চ পৰ্যায়ৰ বৈঠকৰ আহ্বান কৰিবলৈ ততাতৈয়াকৈ উভতি আহিছিল। তেওঁ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে এক নিৰ্ণায়ক প্ৰতিক্ৰিয়া দিবলৈ বৈঠকৰ সময়ত স্পষ্ট নিৰ্দেশনা জাৰি কৰা হৈছিল, তেওঁ পুনৰ কয় যে এইটো এটা ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি।

ভাৰতৰ সশস্ত্ৰ বাহিনীৰ সামৰ্থ্য, শক্তি আৰু সাহসৰ ওপৰত সম্পূৰ্ণ আস্থা প্ৰকাশ কৰি শ্ৰী মোদীয়ে কয় যে সেনাবাহিনীক সময়, স্থান আৰু প্ৰতিক্ৰিয়াৰ ধৰণ নিৰ্ণয় কৰিবলৈ সম্পূৰ্ণ কাৰ্য্যকৰী স্বাধীনতা দিয়া হৈছিল। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই নিৰ্দেশনাসমূহ উচ্চ পৰ্যায়ৰ বৈঠকৰ সময়ত স্পষ্টভাৱে প্ৰকাশ কৰা হৈছিল, আৰু কিছুমান দিশ সংবাদ মাধ্যমকো জনোৱা হ’ব পাৰে। তেওঁ গৌৰৱেৰে মন্তব্য কৰে যে সন্ত্ৰাসবাদীহঁতক প্ৰদান কৰা শাস্তি ইমানেই প্ৰভাৱশালী আছিল যে আনকি সিহঁতৰ মাষ্টাৰমাইণ্ডবোৰৰো ইয়াক লৈ নিদ্ৰা হৰণ হৈছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেওঁ সদনৰ জৰিয়তে ৰাষ্ট্ৰৰ সন্মুখত ভাৰতৰ প্ৰতিক্ৰিয়া আৰু ইয়াৰ সশস্ত্ৰ বাহিনীৰ সফলতা দাঙি ধৰিব বিচাৰে। তেওঁ মন্তব্য কৰে যে পেহেলগাম আক্ৰমণৰ পিছত পাকিস্তানী সেনাই এক বৃহৎ ভাৰতীয় প্ৰতিক্ৰিয়াৰ পূৰ্বানুমান কৰিছিল, যাৰ ফলত তেওঁলোকে পাৰমাণৱিক ভাবুকি জাৰি কৰিবলৈ বাধ্য হৈছিল। প্ৰথম মাত্ৰাৰ ৰূপৰেখা দাঙি ধৰি তেওঁ কয় যে নিৰ্ধাৰিত সময়ত, ভাৰতে ২০২৫ চনৰ ৬ আৰু ৭ মে’ৰ মাজনিশা নিজৰ অভিযান সম্পন্ন কৰে, পাকিস্তানক প্ৰতিক্ৰিয়া কৰিবলৈ অক্ষম কৰি তুলিছিল, শ্ৰী মোদীয়ে জোৰ দি কয় যে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে মাত্ৰ ২২ মিনিটতে নিজৰ লক্ষ্যত উপনীত হৈ ২২ এপ্ৰিলৰ আক্ৰমণৰ প্ৰতিশোধ ল’লে।

শ্ৰী মোদীয়ে, সদনৰ জৰিয়তে ভাৰতৰ কৌশলগত প্ৰতিক্ৰিয়াৰ দ্বিতীয় মাত্ৰাৰ আৰু অধিক ৰূপৰেখা দাঙি ধৰি মন্তব্য কৰে যে যদিও ভাৰতে অতীতত পাকিস্তানৰ সৈতে একাধিক যুদ্ধ চলাইছে, তথাপিও পূৰ্বতে অস্পৃশ্য স্থানত উপনীত হোৱা কৌশল ৰূপায়ণ কৰাটো এয়াই প্ৰথমবাৰৰ বাবে হয়। তেওঁ আলোকপাত কৰে যে সমগ্ৰ পাকিস্তানত থকা সন্ত্ৰাসবাদীৰ আত্মগোপনৰ স্থানসমূহ নিৰ্ণায়কভাৱে লক্ষ্য কৰি লোৱা হৈছিল, য’ত ভাৰতে ঢুকি পাব বুলি কোনেও কল্পনা নকৰা অঞ্চলসমূহকো সামৰি লোৱা হৈছিল। তেওঁ বিশেষভাৱে বাহাৱালপুৰ আৰু মুৰিদকেৰ কথা উল্লেখ কৰি, কয় যে এই ঘাটিসমূহ মাটিত মিলাই দিয়া হয়, ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে সন্ত্ৰাসবাদী ঘাটিসমূহ সফলতাৰে ধ্বংস কৰা বুলি দৃঢ়তাৰে কয়।

শ্ৰী মোদীয়ে তৃতীয় মাত্ৰাৰ বিষয়ে আলোকপাত কৰে যে পাকিস্তানৰ পাৰমাণৱিক ভাবুকি ফোঁপোলা বুলি প্ৰমাণিত হৈছে, আৰু ভাৰতে দেখুৱাই দিলে যে পাৰমাণৱিক ব্লেকমেইলিং আৰু সহ্য কৰা নহ’ব আৰু ভাৰতে ইয়াৰ আগত কেতিয়াও শিৰ নত নকৰে।

অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতৰ কৌশলগত প্ৰতিক্ৰিয়াৰ চতুৰ্থ মাত্ৰাৰ ৰূপৰেখা দাঙি ধৰি, প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে পাকিস্তানৰ ভূখণ্ডৰ গভীৰতাত নিখুঁত আক্ৰমণ চলাই নিজৰ উন্নত প্ৰযুক্তিগত সামৰ্থ্য প্ৰদৰ্শন কৰিলে, যাৰ ফলত পাকিস্তানৰ বিমান ঘাটিৰ সম্পত্তিৰ যথেষ্ট ক্ষতি হৈছে—যিবোৰৰ বহুতেই, তেওঁ লগতে কয়, সংকটজনক অৱস্থাত আছে। তেওঁ মন্তব্য কৰে যে আমি এতিয়া প্ৰযুক্তি-চালিত যুদ্ধৰ যুগত আছোঁ, আৰু অপাৰেচন সিন্দুৰে এই ক্ষেত্ৰত ভাৰতৰ দক্ষতা প্ৰমাণ কৰিলে। ভাৰতে যোৱা দহবছৰৰ প্ৰস্তুতি গ্ৰহণ নকৰা হেঁতেন, এই প্ৰযুক্তিগত যুগত দেশখনে অপৰিসীম লোকচানৰ সন্মুখীন হ’বলগা হ’লহেঁতেন বুলি জোৰ দি, শ্ৰী মোদীয়ে পঞ্চম মাত্ৰা দাঙি ধৰে, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে প্ৰথমবাৰৰ বাবে অপাৰেচন সিন্দুৰৰ সময়ত বিশ্বই এখন আত্মনিৰ্ভৰ ভাৰতৰ শক্তিৰ সাক্ষী হ’ল। তেওঁ মেড-ইন-ইণ্ডিয়া ড্ৰ’ন আৰু মিছাইলৰ ফলপ্ৰসূতাক আলোকপাত কৰে, যিয়ে পাকিস্তানৰ অস্ত্ৰ ব্যৱস্থাৰ দুৰ্বলতাসমূহ উন্মোচন কৰিলে।

ভাৰতৰ প্ৰতিৰক্ষা গাঁথনিৰ এক উল্লেখযোগ্য কৃতিত্বৰ ওপৰত আলোকপাত কৰি— প্ৰতিৰক্ষা ষ্টাফৰ মুৰব্বী (চিডিএছ)ৰ ঘোষণাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে অপাৰেচন সিন্দুৰ আছিল নৌসেনা, স্থলসেনা আৰু বায়ুসেনাৰ যৌথ পদক্ষেপ, আৰু এই বাহিনীসমূহৰ সহযোগিতাই পাকিস্তানক ব্যাপকভাৱে জোঁকাৰি গ’ল।

শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতত ইয়াৰ পূৰ্বেও সন্ত্ৰাসবাদী কাণ্ড সংঘটিত হৈছিল যদিও মাষ্টাৰমাইণ্ডহঁত পূৰ্বতে অবিচলিত হৈ আছিল আৰু শাস্তিমুক্তভাৱে ভৱিষ্যতৰ আক্ৰমণৰ পৰিকল্পনা অব্যাহত ৰাখিছিল। তেওঁ জোৰ দি কয় যে এতিয়া পৰিস্থিতি এতিয়া সলনি হৈছে। আজি, প্ৰতিটো আঘাতৰ পিছত, মাষ্টাৰমাইহঁতৰ নিদ্ৰা হৰণ হৈছে— ভাৰতে প্ৰতিশোধ ল’ব আৰু নিখুঁতভাৱে ভাবুকি নিৰ্মূল কৰিব বুলি জানি। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰতে এতিয়া এক “নতুন স্বাভাৱিকতা” প্ৰতিষ্ঠা কৰিছে।

ভাৰতৰ কৌশলগত অভিযানৰ বিশাল পৰিসৰ আৰু প্ৰসাৰ বিশ্ব সম্প্ৰদায়ে এতিয়া প্ৰত্যক্ষ কৰিছে বুলি জোৰ দি মন্তব্য কৰে যে সমগ্ৰ পাকিস্তানত সিন্দুৰৰ পৰা সিন্ধুলৈকে আক্ৰমণ চলোৱা হৈছিল, শ্ৰী মোদীয়ে মন্তব্য কৰে যে অপাৰেচন সিন্দুৰে এটা নতুন মতবাদ প্ৰতিষ্ঠা কৰিছে: ভাৰতৰ ওপৰত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিণাম স্বৰূপে ইয়াৰ মাষ্টাৰমাইণ্ডহঁতে আৰু স্বয়ং পাকিস্তানে যথেষ্ট ভৰিব লাগিব।

প্ৰধানমন্ত্ৰীয়ে অপাৰেচন সিন্দুৰৰ পৰা উদ্ভৱ হোৱা তিনিটা স্পষ্ট নীতিৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমতে, ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতি নিজৰ ভাষাৰে, নিজৰ ধৰণেৰে, আৰু নিজৰ নিৰ্বাচিত সময়ত প্ৰতিক্ৰিয়া কৰিব। দ্বিতীয়তে, যিকোনো ধৰণৰ নিউক্লিয়াৰ ব্লেকমেইল আৰু সহ্য কৰা নহ’ব। তৃতীয়তে, ভাৰতে সন্ত্ৰাসবাদী পৃষ্ঠপোষক আৰু এনে আক্ৰমণৰ আঁৰৰ মাষ্টাৰমাইণ্ডৰ মাজত পাৰ্থক্য নকৰে।

শ্ৰী মোদীয়ে অপাৰেচন সিন্দুৰৰ সময়ত ভাৰতৰ কাৰ্যকলাপৰ বিশ্বব্যাপী সমৰ্থন সন্দৰ্ভত স্পষ্টতাৰে সদনত অৱগত কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতে নিজৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিৰক্ষাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাত বিশ্বৰ কোনো দেশেই আপত্তি কৰা নাই। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ৰাষ্ট্ৰসংঘৰ ১৯৩খন সদস্য ৰাষ্ট্ৰৰ ভিতৰত মাত্ৰ তিনিখন ৰাষ্ট্ৰইহে অভিযানৰ সময়ত পাকিস্তানৰ সমৰ্থনত বিবৃতি প্ৰকাশ কৰিছিল। তেওঁ মন্তব্য কৰে যে ভাৰতে সমগ্ৰ বিশ্বৰ দেশসমূহৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছিল—য’ত QUAD আৰু BRICSৰ দৰে কৌশলগত গোট, আৰু ফ্ৰান্স, ৰাছিয়া, জাৰ্মানীৰ দৰে ৰাষ্ট্ৰসমূহো অন্তৰ্ভুক্ত। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে আন্তঃৰাষ্ট্ৰীয় সমাজে ভাৰতৰ প্ৰতি শক্তিশালী সমৰ্থনত থিয় দিছে।

ভাৰতে বিশ্ব সমাজৰ পৰা সমৰ্থন লাভ কৰাৰ সময়তে, ৰাষ্ট্ৰৰ জোৱানৰ শৌৰ্য্যই বিৰোধীৰ পৰা সমৰ্থন নাপালে বুলি গভীৰ হতাশা প্ৰকাশ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২২ এপ্ৰিলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাত্ৰ কেইদিনমানৰ পিছতে কিছুমান বিৰোধী নেতাই চৰকাৰক উপহাস কৰিবলৈ আৰম্ভ কৰিলে আৰু ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিলে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই উপহাস, আৰু পেহেলগাম হত্যাকাণ্ডৰ পিছতো তেওঁলোকৰ ৰাজনৈতিক সুবিধাবাদত লিপ্ত হোৱাটোৱে ৰাষ্ট্ৰীয় শোকৰ প্ৰতি অৱজ্ঞাৰ প্ৰতিফলন ঘটায়। তেওঁ উল্লেখ কৰে যে এনে বক্তব্য কেৱল গৌণই নহয়, বৰং ভাৰতৰ নিৰাপত্তা বাহিনীৰ বাবে মনোবল ভাঙি দিয়া ধৰণৰ। শ্ৰী মোদীয়ে জোৰ দি কয় যে কিছুমান বিৰোধী নেতাই ভাৰতৰ শক্তি বা ইয়াৰ সশস্ত্ৰ বাহিনীৰ সামৰ্থ্যত বিশ্বাস নকৰে, আৰু অপাৰেচন সিন্দুৰৰ ওপৰত সন্দেহৰ সৃষ্টি কৰি আহিছে। তেওঁ দৃঢ়তাৰে কয় যে শিৰোনাম খেদি খেদি ৰাজনৈতিক স্বাৰ্থ পূৰণ কৰিব পাৰে, কিন্তু ইয়াৰ দ্বাৰা জনসাধাৰণৰ আস্থা বা সন্মান লাভ নহ’ব।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ২০২৫ চনৰ ১০ মে’ত ভাৰতে অপাৰেচন সিন্দুৰৰ অধীনত অভিযান বন্ধ কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁ স্বীকাৰ কৰে যে এই ঘোষণাৰ ফলত বিভিন্ন জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল, যাক তেওঁ সীমান্তৰ সিপাৰৰ পৰা উৎপত্তি হোৱা অপপ্ৰচাৰ বুলি অভিহিত কৰিছিল। ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে উপস্থাপন কৰা তথ্যৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে পাকিস্তানৰ ভুল তথ্য বৃদ্ধি কৰিবলৈ বাছি লোৱাসকলক সমালোচনা কৰি তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ভাৰতৰ স্থিতি সদায় স্পষ্ট আৰু দৃঢ়প্ৰতিজ্ঞ হৈয়েই আছে।

বিগত বছৰসমূহত ভাৰতৰ লক্ষ্যিত সামৰিক অভিযানৰ কথা স্মৰণ কৰি, ইয়াৰ লগত জড়িত কৌশলগত স্পষ্টতা আৰু নিষ্পাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয় যে ছাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত ভাৰতে শত্ৰুৰ ভূখণ্ডৰ ভিতৰত সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰাৰ এটা স্পষ্ট লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যিটো সূৰ্য্য উদয়ৰ পূৰ্বে নিশাটোৰ ভিতৰতে সম্পন্ন হৈছিল। তেওঁ মন্তব্য কৰে যে বালাকোট বিমান আক্ৰমণত ভাৰতে সন্ত্ৰাসবাদী প্ৰশিক্ষণ কেন্দ্ৰক লক্ষ্য কৰি এই অভিযান সফলতাৰে সম্পন্ন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতে পুনৰ এটা স্পষ্টভাৱে নিৰ্ধাৰিত উদ্দেশ্যৰে কাম কৰিছিল— সন্ত্ৰাসৰ কেন্দ্ৰবিন্দু আৰু পেহেলগাম আক্ৰমণকাৰীৰ আঁৰৰ আন্তঃগাঁথনিত আঘাত কৰা, য’ত তেওঁলোকৰ পৰিকল্পনা ঘাটি, প্ৰশিক্ষণ কেন্দ্ৰ, পুঁজিৰ উৎস, ট্ৰেকিং আৰু কাৰিকৰী সহায়, আৰু অস্ত্ৰ যোগান শৃংখল আদি অন্তৰ্ভুক্ত। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “ভাৰতে এই সন্ত্ৰাসবাদীহঁতৰ স্নায়ু কেন্দ্ৰক নিখুঁতভাৱে আক্ৰমণ কৰি সিহঁতৰ অভিযানৰ মূল অংশ তচনছ কৰিলে।”

“আকৌ এবাৰ ভাৰতীয় বাহিনীয়ে ৰাষ্ট্ৰৰ শক্তি প্ৰদৰ্শন কৰি নিজৰ লক্ষ্যৰ ১০০% অৰ্জন কৰিলে,” শ্ৰী মোদীয়ে জোৰ দি কয়, এই মাইলৰ খুঁটিবোৰ ইচ্ছাকৃতভাৱে পাহৰিবলৈ বাছি লোৱাসকলক সমালোচনা কৰি, ৰাষ্ট্ৰই ভালদৰে মনত ৰাখিছে বুলি উল্লেখ কৰি: এই অভিযান ৬ মে’ৰ নিশা আৰু ৭ মে’ৰ পুৱা সংঘটিত হৈছিল, আৰু ৭ মে’ৰ সূৰ্য্য উদয়ৰ সময়লৈকে ভাৰতীয় সেনাই সংবাদমেল অনুষ্ঠিত কৰি মিছনটো সম্পন্ন হোৱা বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে পুনৰ কয় যে ভাৰতৰ লক্ষ্য প্ৰথম দিনাৰ পৰাই স্পষ্ট আছিল—সন্ত্ৰাসবাদী নেটৱৰ্ক, সিহঁতৰ মাষ্টাৰমাইণ্ড, আৰু সিহঁতৰ লজিষ্টিক হাবসমূহ ভাঙি পেলোৱা—আৰু পৰিকল্পনা অনুসৰি অভিযান সম্পূৰ্ণ কৰা হৈছে। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে এই কথা দৃঢ়তাৰে কয় যে ভাৰতৰ সশস্ত্ৰ বাহিনীয়ে মিনিটৰ ভিতৰতে পাকিস্তানৰ সামৰিক বাহিনীলৈ নিজৰ সফলতাৰ বাৰ্তা প্ৰদান কৰিলে, যাৰ ফলত উদ্দেশ্য আৰু ফলাফল ভুল নহ’ল। তেওঁ দৃঢ়তাৰে কয় যে পাকিস্তানে সন্ত্ৰাসবাদীৰ সৈতে মুকলিকৈ থিয় দিয়াৰ সিদ্ধান্তই বিচক্ষণতাৰ অভাৱ প্ৰতিফলিত কৰিছে। তেওঁলোকে বুদ্ধিমানৰূপে কাম কৰা হ’লে ইমান কুটিল ভুল নকৰিলেহেঁতেন। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে যদিও ভাৰত সম্পূৰ্ণৰূপে সাজু হৈ আছে আৰু উপযুক্ত মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছে, ইয়াৰ লক্ষ্য আছিল সন্ত্ৰাসবাদ নিৰ্মূল কৰা—এখন দেশৰ সৈতে সংঘাতত লিপ্ত হোৱা নহয়। কিন্তু যেতিয়া পাকিস্তানে সন্ত্ৰাসবাদীৰ সমৰ্থনত যুদ্ধক্ষেত্ৰত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়, তেতিয়া ভাৰতে তীব্ৰ প্ৰতিহত আক্ৰমণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ আলোকপাত কৰে যে ৯ মে’ৰ মাজনিশা আৰু ১০ মে’ৰ পুৱা ভাৰতীয় ক্ষেপণাস্ত্ৰই সমগ্ৰ পাকিস্তানত ইমান তীব্ৰতাৰে আক্ৰমণ কৰিছিল যে ই তেওঁলোকৰ কল্পনাক অতিক্ৰম কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে সদনৰ মজিয়াত লগতে উল্লেখ কৰে যে অপাৰেচন সিন্দুৰৰ অধীনত ভাৰতৰ নিৰ্ণায়ক পদক্ষেপে পাকিস্তানক আঁঠু ল’বলৈ বাধ্য কৰালে। তেওঁ স্মৰণ কৰে যে পাকিস্তানী নাগৰিকে কেনেদৰে আশ্চৰ্য প্ৰকাশ কৰিছিল, যাৰ প্ৰতিক্ৰিয়া টেলিভিছনত বহুলভাৱে দেখা গৈছিল। শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই প্ৰতিক্ৰিয়াত পাকিস্তান ইমানেই বিহ্বল হৈছিল যে ইয়াৰ সামৰিক অভিযান সঞ্চালক প্ৰধানে (ডিজিএমঅ’) পোনপটীয়াকৈ ভাৰতক ফোন কৰি আক্ৰমণ বন্ধ কৰিবলৈ অনুৰোধ জনাইছিল—তেওঁলোকে আৰু অধিক আক্ৰমণ সহ্য কৰিব নোৱাৰিব বুলি স্বীকাৰ কৰিছিল। তেওঁ পুনৰ কয় যে ভাৰতে ৭ মে’ৰ পুৱা সংবাদমেলৰ সময়ত স্পষ্টভাৱে উল্লেখ কৰিছে যে ইয়াৰ লক্ষ্যত উপনীত হৈছে আৰু পৰৱৰ্তী যিকোনো প্ৰৰোচনা ব্যয়বহুল বুলি প্ৰমাণিত হ’ব। “ভাৰতৰ নীতি ইচ্ছাকৃত, সুবিবেচক আৰু ইয়াৰ সশস্ত্ৰ বাহিনীৰ সৈতে সমন্বয়ত ৰচনা কৰা হৈছিল—একান্তভাৱে সন্ত্ৰাসবাদ, ইয়াৰ পৃষ্ঠপোষক, আৰু সিহঁতৰ ঘাটিসমূহ ভাঙি পেলোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল, ভাৰতৰ এই পদক্ষেপ মাত্ৰাধিক নকৰা আৰ্হিৰ আছিল”, প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতৰ অভিযানত কোনো বিশ্ব নেতাই আপত্তি কৰা নাই। তেওঁ প্ৰকাশ কৰে যে ৯ মে’ৰ নিশা ভাৰতীয় প্ৰতিৰক্ষা বিষয়াৰ সৈতে উচ্চ পৰ্যায়ৰ বৈঠকত থকাৰ সময়তে আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ সৈতে একাধিকবাৰ যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। ওভতাই ফোন কৰাত, প্ৰধানমন্ত্ৰীক জনোৱা হয় যে পাকিস্তানে হয়তো বৃহৎ আক্ৰমণ আৰম্ভ কৰিব। তেওঁ নিৰ্দ্বিধায় উত্তৰ দিলে: “যদি পাকিস্তানৰ উদ্দেশ্য এনেকুৱা হয়, তেন্তে ইয়াৰ বাবে তেওঁলোকে বহুত ভৰিব লাগিব।” তেওঁ দৃঢ়তাৰে লগতে কয় যে ভাৰতে অধিক শক্তিৰে প্ৰতিশোধ ল’ব আৰু কয় যে, “আমি গুলীৰ প্ৰত্যুত্তৰ বৰতোপেৰে দিম।” প্ৰধানমন্ত্ৰীয়ে নিশ্চিত কৰে যে ভাৰতে ৯ মে’ৰ নিশা আৰু ১০ মে’ৰ পুৱা শক্তিশালীভাৱে প্ৰত্যুত্তৰ দি পাকিস্তানৰ সামৰিক আন্তঃগাঁথনি অতিশয় শক্তিৰে ভাঙি পেলায়। তেওঁ উল্লেখ কৰে যে পাকিস্তানে এতিয়া সম্পূৰ্ণৰূপে বুজি পাইছে—প্ৰতিটো ভাৰতীয় প্ৰতিক্ৰিয়া শেষৰটোতকৈ শক্তিশালী হ’ব। "পাকিস্তানে যদি পুনৰ সাহস কৰে, তেন্তে ই এক উপযুক্ত আৰু ভয়ংকৰ প্ৰতিশোধৰ সন্মুখীন হ'ব। অপাৰেচন সিন্দুৰ সক্ৰিয় আৰু দৃঢ়প্ৰতিজ্ঞ হৈ আছে", শ্ৰী মোদীয়ে ঘোষণা কৰে।

“আজিৰ ভাৰত আত্মবিশ্বাসেৰে ভৰপূৰ আৰু আত্মনিৰ্ভৰশীলতাৰ মনোভাৱেৰে দ্ৰুতগতিত আগবাঢ়িছে”, প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ৰাষ্ট্ৰই আত্মনিৰ্ভৰতাৰ দিশে ভাৰতৰ যাত্ৰাৰ সাক্ষী হৈ আছে, কিন্তু বিৰোধীয়ে ৰাজনৈতিক আখ্যানৰ বাবে পাকিস্তানৰ ওপৰত ক্ৰমান্বয়ে নিৰ্ভৰশীল হোৱাৰ দুৰ্ভাগ্যজনক ধাৰাও দেখিবলৈ পাইছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চলি থকা ১৬ ঘণ্টীয়া আলোচনাৰ সময়ত বিৰোধীয়ে পাকিস্তানৰ পৰা বিষয় আমদানি কৰা দেখা গৈছিল—এইটো গভীৰ দুখৰ বিষয়।

তথ্য আৰু আখ্যান-নিৰ্মাণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা যুদ্ধৰ বিৱৰ্তনশীল প্ৰকৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে সকীয়াই দিয়ে যে সশস্ত্ৰ বাহিনীৰ মনোবল দুৰ্বল কৰি জনসাধাৰণৰ মাজত অনাস্থাৰ বীজ সিঁচিবলৈ এআই চালিত ভুল তথ্য অভিযান ব্যৱহাৰ কৰা হৈছে। তেওঁ উদ্বেগ প্ৰকাশ কৰে যে বিৰোধী আৰু ইয়াৰ মিত্ৰশক্তিয়ে কাৰ্যকৰীভাৱে পাকিস্তানৰ অপপ্ৰচাৰৰ মুখপাত্ৰ হৈ ভাৰতৰ ৰাষ্ট্ৰীয় স্বাৰ্থক ক্ষতিগ্ৰস্ত কৰিছে।

ভাৰতৰ সামৰিক কৃতিত্বক লৈ প্ৰশ্ন উত্থাপন আৰু হ্ৰাস কৰাৰ বাৰে বাৰে কৰা প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতৰ সফল ছাৰ্জিকেল ষ্ট্ৰাইকৰ পিছত বিৰোধী নেতাসকলে সশস্ত্ৰ বাহিনীৰ পৰা প্ৰমাণ দাবী কৰিছিল। তেওঁ উল্লেখ কৰে যে জনসাধাৰণৰ আৱেগ সামৰিক বাহিনীৰ সপক্ষে স্থানান্তৰিত হোৱাৰ লগে লগে বিৰোধী নেতাসকলে নিজৰ স্থিতি সলনি কৰিলে— তিনিৰ পৰা পোন্ধৰলৈ ছাৰ্জিকেল ষ্ট্ৰাইকৰ বিভিন্ন সংখ্যাৰ কথা উল্লেখ কৰি তেওঁলোকেও এনে ষ্ট্ৰাইক চলোৱা বুলি দাবী কৰিলে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে বালাকোট বিমান আক্ৰমণৰ পিছত বিৰোধীয়ে এই অভিযানক সম্পূৰ্ণৰূপে প্ৰত্যাহ্বান জনাব নোৱাৰিলে বৰঞ্চ ফটোগ্ৰাফিক প্ৰমাণ দাবী কৰিবলৈ আৰম্ভ কৰে। তেওঁ লক্ষ্য কৰিলে যে তেওঁলোকে বাৰে বাৰে সুধিছিল যে ষ্ট্ৰাইকে ক’ত আঘাত কৰিলে, কি ধ্বংস হ’ল, কিমানজন নিহত হ’ল—এই প্ৰশ্নবোৰ, তেওঁ আঙুলিয়াই দিলে, যিবোৰে পাকিস্তানৰ নিজৰ বাক্যবাণৰ প্ৰতিধ্বনিত কৰে।

প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে যেতিয়া ভাৰতীয় বায়ুসেনাৰ পাইলট অভিনন্দনক পাকিস্তানে বন্দী কৰিছিল তেতিয়া সেই দেশত উদযাপনৰ আশা কৰা হৈছিল। কিন্তু ভাৰতৰ ভিতৰৰ একাংশ ব্যক্তিয়ে প্ৰধানমন্ত্ৰীক বিপদত পৰা বুলি ইংগিত দি, অভিনন্দনক ঘূৰাই অনা হ’ব নে নহয় বুলি প্ৰশ্ন উত্থাপন কৰি, সন্দেহৰ ফুচফুচনি কৰিবলৈ ধৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে অভিনন্দনৰ ভাৰতলৈ উভতি অহাটো “সাহসী সংকল্পৰে” নিশ্চিত কৰা হৈছে আৰু তেওঁৰ প্ৰত্যাৱৰ্তনৰ লগে লগে এনে সমালোচকসকল নিমাত হৈ পৰে।

শ্ৰী মোদীয়ে আৰু কয় যে পেহেলগাম আক্ৰমণৰ পিছত যেতিয়া বিএছএফৰ এজন জোৱানক পাকিস্তানে বন্দী কৰি লৈছিল, তেতিয়া কিছুমান বিশেষ গোটে বিশ্বাস কৰিছিল যে তেওঁলোকে চৰকাৰক একাষৰীয়া কৰাৰ এক বৃহৎ সুযোগ লাভ কৰিছে। তেওঁ আলোকপাত কৰে যে তেওঁলোকৰ পৰিৱেশ তন্ত্ৰই ছ’চিয়েল মিডিয়াত অসংখ্য আখ্যান বিয়পাইছিল—যিটোৱে জোৱানজনৰ ভাগ্য, তেওঁৰ পৰিয়ালৰ অৱস্থা আৰু তেওঁৰ উভতি অহাৰ সম্ভাৱনাৰ বিষয়ে জল্পনা-কল্পনাৰ প্ৰশ্ন উত্থাপন কৰিছিল। তেওঁ জোৰ দি কয় যে এই প্ৰচেষ্টাসমূহৰ মাজতো ভাৰতে স্পষ্ট আৰু মৰ্যাদাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল, ভুল তথ্য দূৰ কৰিছিল আৰু প্ৰতিজন জোৱানক সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছিল।

পেহেলগাম কাণ্ডৰ পিছত বন্দী হোৱা বিএছএফৰ জোৱানজনো সন্মান আৰু মৰ্যাদাৰে উভতি অহা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে সন্ত্ৰাসবাদীহঁতে শোক কৰিছিল, তেওঁলোকৰ হেণ্ডলাৰসকলে শোক কৰিছিল—আৰু তেওঁলোকক দেখি ভাৰতৰ ভিতৰৰ একাংশ ব্যক্তিয়েও শোক কৰা যেন দেখা গৈছিল। তেওঁ পৰ্যবেক্ষণ কৰে যে ছাৰ্জিকেল ষ্ট্ৰাইকৰ সময়ত ৰাজনৈতিক খেল খেলাৰ চেষ্টা কৰা হৈছিল যিয়ে গতি লাভ কৰাত ব্যৰ্থ হৈছিল। বিমান আক্ৰমণৰ সময়তো একেধৰণৰ চেষ্টা কৰা হৈছিল যদিও সেইবোৰো ভাঙি পৰিছিল। তেওঁ উল্লেখ কৰে যে যেতিয়া অপাৰেচন সিন্দুৰ সংঘটিত হৈছিল, তেতিয়া সমালোচকসকলে পুনৰ নিজৰ স্থিতি সলনি কৰিছিল, প্ৰথমে অপাৰেচনটোক মানি ল’বলৈ অস্বীকাৰ কৰিছিল, তাৰ পিছত কিয় বন্ধ কৰা হৈছে বুলি প্ৰশ্ন কৰিছিল। তেওঁ মন্তব্য কৰে যে বিৰোধীসকলে সদায় আপত্তি কৰাৰ কাৰণ বিচাৰে।

বিৰোধীয়ে দীৰ্ঘদিন ধৰি সশস্ত্ৰ বাহিনীৰ প্ৰতি নেতিবাচক মনোভাৱ প্ৰদৰ্শন কৰি আহিছে বুলি আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে শেহতীয়াকৈ কাৰ্গিল বিজয় দিৱসৰ স্মৃতিচাৰণৰ সময়তো বিৰোধীয়ে বিজয় উদযাপন কৰা নাছিল আৰু ইয়াৰ তাৎপৰ্যও স্বীকাৰ কৰা নাছিল। তেওঁ মন্তব্য কৰে যে ডকলামৰ ষ্টেণ্ডঅফৰ সময়ত ভাৰতীয় বাহিনীয়ে সাহস প্ৰদৰ্শন কৰাৰ সময়তে বিৰোধী নেতাসকলে গোপনে প্ৰশ্নবোধক উৎসৰ পৰা ব্রিফিং বিচাৰিছিল বুলি তেওঁ মন্তব্য কৰে৷

প্ৰধানমন্ত্ৰীয়ে আৰু বিস্ময় প্ৰকাশ কৰে যে বিৰোধীয়ে পাকিস্তানক ক্লীন চিট দিয়া যেন দেখা গৈছে। পেহেলগাম সন্ত্ৰাসবাহঁত পাকিস্তানী নাগৰিক বুলি প্ৰমাণৰ বাবে বিৰোধীয়ে উত্থাপন কৰা দাবীক লৈ তেওঁ প্ৰশ্ন উত্থাপন কৰি কয় যে এই একেটা দাবী পাকিস্তানে নিজেই কৰিছে। তেওঁ মন্তব্য কৰে যে এনে অভ্যাস আৰু সাহস বিৰোধীৰ ভিতৰতে থাকে, বাহ্যিক আখ্যানৰ প্ৰতিধ্বনিত। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিও জনসাধাৰণৰ সন্মুখত স্পষ্টভাৱে প্ৰমাণ আৰু তথ্যৰ অভাৱ নোহোৱাত কিছুমান ব্যক্তিয়ে এতিয়াও সন্দেহৰ সৃষ্টি কৰি আছে। তেওঁ প্ৰশ্ন কৰে যে এনে স্পষ্ট প্ৰমাণ উপলব্ধ নহ’লে এই ব্যক্তিসকলে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলেহেঁতেন, ইয়াৰ অৰ্থ হ’ল তেওঁলোকৰ সঁহাৰি আৰু অধিক বিভ্ৰান্তিকৰ বা দায়িত্বহীন হ’লহেঁতেন।

অপাৰেচন সিন্দুৰৰ এটা অংশৰ ওপৰত যেতিয়া প্ৰায়ে আলোচনাবোৰ কেন্দ্ৰিত হয়, সেই কথা উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ৰাষ্ট্ৰীয় গৌৰৱ আৰু শক্তি প্ৰদৰ্শনৰ মুহূৰ্তবোৰ আছে যিবোৰো মনোযোগৰ যোগ্য। তেওঁ ভাৰতৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাক প্ৰশংসা কৰি উল্লেখ কৰে যে ইয়াক সমগ্ৰ বিশ্বতে বহুলভাৱে স্বীকৃতি দিয়া হৈছে আৰু তেওঁলোকে পাকিস্তানৰ ক্ষেপণাস্ত্ৰ আৰু ড্ৰ’নসমূহ “মৰাঠাৰিৰ দৰে” ভাঙি পেলালে। তেওঁ তথ্যৰ উদ্ধৃতি দি কয় যে ৯ মে’ত পাকিস্তানে ভাৰতক লক্ষ্য কৰি প্ৰায় এক হাজাৰ ক্ষেপণাস্ত্ৰ আৰু সশস্ত্ৰ ড্ৰ’ন লৈ এক বৃহৎ আক্ৰমণৰ চেষ্টা চলাইছিল। প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই ক্ষেপণাস্ত্ৰসমূহ অৱতৰণ কৰা হ’লে ইয়াৰ ফলত ব্যাপক ধ্বংসলীলা হ’লহেঁতেন। বৰঞ্চ ভাৰতৰ বায়ু প্ৰতিৰক্ষাই সেইবোৰ সকলোকে বায়ুৰ মাজত নিষ্ক্ৰিয় কৰি পেলালে। তেওঁ উল্লেখ কৰে যে এই কৃতিত্বই প্ৰতিজন নাগৰিকক গৌৰৱেৰে ভৰাই তোলে।

পাকিস্তানে আদমপুৰ বিমানঘাটিত আক্ৰমণৰ ভুৱা বাতৰি প্ৰচাৰ কৰি সেই মিছা কথাক ব্যাপকভাৱে প্ৰচাৰ কৰাৰ চেষ্টা কৰা বুলি সমালোচনা কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁ ব্যক্তিগতভাৱে আদমপুৰ ভ্ৰমণ কৰিছিল ঠিক পিছদিনা আৰু স্থলভাগতে মিছা কথাবোৰ উদঙাই দিছিল, এনে ভুল তথ্য আৰু সফল নহ’ব বুলি স্পষ্ট কৰি দিছিল।

প্ৰধানমন্ত্ৰীয়ে সমালোচনা কৰি কয় যে বৰ্তমানৰ বিৰোধীয়ে উল্লেখযোগ্য সময় ধৰি ভাৰতত শাসন কৰি আহিছে আৰু প্ৰশাসনিক ব্যৱস্থা কেনেদৰে চলি থাকে সেই বিষয়ে সম্পূৰ্ণ অৱগত। তেওঁ উদ্বেগ প্ৰকাশ কৰে যে এই অভিজ্ঞতাৰ পিছতো তেওঁলোকে ধাৰাবাহিকভাৱে চৰকাৰী স্পষ্টীকৰণ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে সেয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ বিবৃতি হওক, বৈদেশিক পৰিক্ৰমা মন্ত্ৰীৰ বাৰে বাৰে প্ৰতিক্ৰিয়া হওক, বা গৃহ আৰু প্ৰতিৰক্ষা মন্ত্ৰীৰ স্পষ্টীকৰণ হওক, বিৰোধীয়ে তেওঁলোকক বিশ্বাস কৰিবলৈ অস্বীকাৰ কৰে। দশক দশক ধৰি শাসন কৰি অহা এটা দলে কেনেকৈ ৰাষ্ট্ৰৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতি ইমান বিশ্বাসহীনতা দেখুৱাব পাৰে সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰি তেওঁ দৃঢ়তাৰে কয় যে বিৰোধীয়ে এতিয়া পাকিস্তানৰ ৰিম’ট কণ্ট্ৰ’ল অনুসৰি কাম কৰা যেন লাগে, সেই অনুসৰি তেওঁলোকৰ স্থিতি সলনি হৈছে।

শ্ৰী মোদীয়ে বিৰোধীৰ জ্যেষ্ঠ নেতাসকলক সমালোচনা কৰে যিসকলে লিখিত বক্তব্য প্ৰস্তুত কৰি যুৱ সাংসদসকলক তেওঁলোকৰ হৈ কথা ক’বলৈ বাধ্য কৰে। তেওঁ এনে নেতৃত্বক গৰিহণা দিয়ে যি নিজেই কথা ক’বলৈ সাহসৰ অভাৱত, আৰু অপাৰেচন সিন্দুৰক—২৬ জন লোকৰ প্ৰাণ কাঢ়ি নিয়া এক নিৰ্মম সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া—”এক দৰ্শনীয়” বুলি অভিহিত কৰে। তেওঁ এই বক্তব্যক কোনো ভয়ংকৰ পৰিঘটনাৰ স্মৃতিত এচিড ঢালি দিয়াৰ সৈতে মিল থকা বুলি বৰ্ণনা কৰি ইয়াক লজ্জাজনক কাম বুলি অভিহিত কৰে।

শ্ৰী মোদীয়ে শ্বেয়াৰ কৰে যে পেহেলগাম আক্ৰমণৰ লগত জড়িত সন্ত্ৰাসবাদীহঁতক আগদিনা অপাৰেচন মহাদেৱত ভাৰতীয় নিৰাপত্তা বাহিনীয়ে নিষ্ক্ৰিয় কৰি পেলাইছিল। তেওঁ বিস্ময় প্ৰকাশ কৰে যে অপাৰেচনৰ সময় সম্পৰ্কে প্ৰশ্নৰ লগত হাঁহি আৰু উপহাসো আহিছিল— কটুভাৱে সুধিছিল যে শাওন মাহৰ এটা পৱিত্ৰ সোমবাৰৰ বাবে এইটো নিৰ্ধাৰণ কৰা আছিল নেকি। এই মনোভাৱক তেওঁ চৰম নৈৰাশ্য আৰু হতাশাৰ প্ৰতিফলন বুলি সমালোচনা কৰি মন্তব্য কৰে যে ইয়াৰ দ্বাৰা বিৰোধীৰ উপস্থাপনৰ অৱনতি ঘটা অৱস্থাৰ কথা প্ৰকাশ পাইছে।

প্ৰাচীন শাস্ত্ৰৰ উদ্ধৃতি দি শ্ৰী মোদীয়ে কয় যে যেতিয়া কোনো জাতি অস্ত্ৰৰে সুৰক্ষিত হয় তেতিয়া জ্ঞান আৰু দাৰ্শনিক পৰিক্ৰমা জাতিষ্কাৰ হৈ উঠিব পাৰে। “সীমান্তত শক্তিশালী সামৰিক বাহিনীৰ উপস্থিতিয়ে এক সজীৱ আৰু সুৰক্ষিত গণতন্ত্ৰ নিশ্চিত কৰে”, শ্ৰী মোদীয়ে কয়।

“অপাৰেচন সিন্দুৰ বিগত দশকত ভাৰতৰ সামৰিক সবলীকৰণৰ প্ৰত্যক্ষ প্ৰমাণ হিচাপে থিয় দিছে”, প্ৰধানমন্ত্ৰীয়ে ব্যক্ত কৰি কয় যে এনে শক্তি স্বতঃস্ফূৰ্তভাৱে উত্থান হোৱা নাছিল, বৰঞ্চ কেন্দ্ৰীভূত প্ৰচেষ্টাৰ ফল আছিল— বিৰোধীৰ কাৰ্যকালত ইয়াৰ বিপৰীত কাৰ্য হৈছিল, যি সময়ছোৱাত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ কথাও বিবেচনা কৰা হোৱা নাছিল। তেওঁ মন্তব্য কৰে যে আজিও গান্ধী দৰ্শনত শিপাই থকা "আত্মনিৰ্ভৰশীলতা" শব্দটোক উপহাস কৰা হয়।

বিৰোধীৰ শাসনৰ সময়ত প্ৰতিটো প্ৰতিৰক্ষা চুক্তি ব্যক্তিগত লাভৰ সুযোগ আছিল বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰত আনকি মৌলিক সঁজুলিৰ বাবেও বিদেশী যোগানকাৰীৰ ওপৰত নিৰ্ভৰশীল হৈয়েই আছিল। তেওঁ বুলেটপ্ৰুফ জেকেট আৰু নাইট ভিজন কেমেৰাৰ অনুপস্থিতিৰ দৰে অভাৱৰ তালিকা প্ৰস্তুত কৰে আৰু আঙুলিয়াই দিয়ে যে কেলেংকাৰীৰ সৈতে প্ৰতিটো প্ৰতিৰক্ষা ক্ৰয়ৰ সম্পৰ্ক আছে—জীপৰ পৰা বফ’ৰ্ছ, হেলিকপ্টাৰলৈকে। প্ৰধানমন্ত্ৰীয়ে আধুনিক অস্ত্ৰ-শস্ত্ৰৰ বাবে ভাৰতৰ বাহিনীয়ে দশক দশক ধৰি অপেক্ষা কৰিবলগীয়া হোৱা বুলি আলোকপাত কৰি সদনক সোঁৱৰাই দিয়ে যে ঐতিহাসিকভাৱে ভাৰত প্ৰতিৰক্ষা নিৰ্মাণৰ ক্ষেত্ৰত আগশাৰীৰ দেশ। তেওঁ উল্লেখ কৰে যে তৰোৱাল যুদ্ধৰ সময়তো ভাৰতীয় অস্ত্ৰ-শস্ত্ৰক শ্ৰেষ্ঠ বুলি গণ্য কৰা হৈছিল। তেওঁ মন্তব্য কৰে যে স্বাধীনতাৰ পিছত ভাৰতৰ শক্তিশালী প্ৰতিৰক্ষা উৎপাদন পৰিৱেশ তন্ত্ৰক ইচ্ছাকৃতভাৱে দুৰ্বল কৰি পদ্ধতিগতভাৱে ভাঙি পেলোৱা হৈছিল।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে বছৰ বছৰ ধৰি গৱেষণা আৰু উৎপাদনৰ পথ বন্ধ হৈ আছিল, আৰু সেই নীতিসমূহ অব্যাহত থকা হ’লে ভাৰতে একবিংশ শতিকাত অপাৰেচন সিন্দুৰৰ কল্পনাও কৰিব নোৱাৰিলেহেঁতেন। তেওঁ কয় যে এনে পৰিস্থিতিত ভাৰতে সময়মতে অস্ত্ৰ-শস্ত্ৰ, সঁজুলি, গোলাবাৰুদ বিচাৰিবলৈ সংগ্ৰাম কৰিলেহেঁতেন, আৰু সামৰিক কাৰ্য্যৰ সময়ত বাধাৰ আশংকা কৰিলেহেঁতেন। তেওঁ আলোকপাত কৰে যে বিগত দশকত মেক ইন ইণ্ডিয়া পদক্ষেপৰ অধীনত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰই অপাৰেচন সিন্দুৰৰ সফলতাত নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে স্মৰণ কৰি কয় যে এদশক পূৰ্বে ভাৰতীয়সকলে এটা শক্তিশালী, স্বাৱলম্বী, আধুনিক ৰাষ্ট্ৰ গঢ়ি তোলাৰ সংকল্প লৈছিল, যাৰ ফলত স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কাৰ্যকৰী হোৱা এক ধাৰাবাহিক নিৰাপত্তা সংস্কাৰৰ সূচনা হৈছিল। তেওঁ উল্লেখ কৰে যে প্ৰতিৰক্ষা ষ্টাফৰ মুৰব্বীৰ নিযুক্তি এক বৃহৎ সংস্কাৰ— যিটো সংস্কাৰ দীৰ্ঘদিন ধৰি বিশ্বজুৰি বিতৰ্ক আৰু অনুশীলন চলি আছিল, তথাপিও ভাৰতত কেতিয়াও কাৰ্যকৰী কৰা হোৱা নাছিল। তিনিওটা সেৱাই এই ব্যৱস্থাক আন্তৰিকতাৰে সমৰ্থন আৰু গ্ৰহণ কৰাৰ বাবে তেওঁ শলাগ লয়।

এতিয়া সৰ্বাধিক শক্তি যৌথতা আৰু সংহতিত নিহিত হৈ আছে বুলি জোৰ দি শ্ৰী মোদীয়ে কয় যে সমগ্ৰ নৌসেনা, বায়ুসেনা, আৰু স্থলসেনাৰ একত্ৰীকৰণে ভাৰতৰ প্ৰতিৰক্ষা ক্ষমতা বহুগুণে বৃদ্ধি কৰিছে, আৰু অপাৰেচন সিন্দুৰে এই ৰূপান্তৰৰ সফলতা প্ৰতিফলিত কৰিছে।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে চৰকাৰী মালিকানাধীন প্ৰতিৰক্ষা উৎপাদন কোম্পানীসমূহত অশান্তি আৰু ধৰ্মঘটকে ধৰি প্ৰাৰম্ভিক প্ৰতিৰোধৰ পিছতো সংস্কাৰ প্ৰৱৰ্তন কৰা হৈছিল। তেওঁ শ্ৰমিকসকলক জাতীয় স্বাৰ্থক প্ৰথম স্থান দিয়া, সংস্কাৰ আকোৱালি লোৱা, আৰু অতি উৎপাদনশীল হোৱাৰ বাবে প্ৰশংসা কৰে। তেওঁ আৰু আলোকপাত কৰে যে ভাৰতে নিজৰ প্ৰতিৰক্ষা খণ্ড ব্যক্তিগত কোম্পানীসমূহৰ বাবে মুকলি কৰিলে, আৰু আজি ব্যক্তিগত খণ্ডই উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। শ্ৰী মোদীয়ে আঙুলিয়াই দিলে যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত শ শ ষ্টাৰ্টআপে, বহুতৰে নেতৃত্বত টিয়াৰ ২ আৰু টিয়াৰ ৩ চহৰৰ ২৭–৩০ বছৰ বয়সৰ যুৱ পেছাদাৰীসকলে—যুৱতীসকলকে ধৰি— উদ্ভাৱনত যথেষ্ট অৰিহণা যোগাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ড্ৰ’ন খণ্ডৰ কাৰ্যকলাপ মূলতঃ প্ৰায় ৩০–৩৫ বছৰ বয়সৰ ব্যক্তিয়ে নেতৃত্ব দিয়ে, আৰু তেওঁলোকৰ অৱদান অপাৰেচন সিন্দুৰত গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হয়। তেওঁ এনে সকলো অৱদানকাৰীক কৃতজ্ঞতা জ্ঞাপন কৰি দেশখন আগুৱাই যাব বুলি আশ্বাস দিয়ে।

প্ৰতিৰক্ষা খণ্ডত ‘মেক ইন ইণ্ডিয়া’ কেতিয়াও কেৱল শ্লোগান নহয় বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে বাজেট বৃদ্ধি, নীতি পৰিৱৰ্তন, আৰু নতুন পদক্ষেপ স্পষ্ট দৃষ্টিভংগীৰে গ্ৰহণ কৰা হৈছে, যাৰ ফলত থলুৱা প্ৰতিৰক্ষা উৎপাদনত দ্ৰুত অগ্ৰগতি সম্ভৱ হৈছে। তেওঁ আলোকপাত কৰে যে বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা বাজেট প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা উৎপাদন প্ৰায় ২৫০ শতাংশ বৃদ্ধি পাইছে আৰু যোৱা ১১ বছৰত প্ৰতিৰক্ষা ৰপ্তানি ৩০ গুণতকৈও অধিক বৃদ্ধি পাইছে, এতিয়া প্ৰায় ১০০খন দেশত উপনীত হৈছে।

প্ৰধানমন্ত্ৰীয়ে কিছুমান বিশেষ মাইলৰ খুঁটিয়ে ইতিহাসত স্থায়ী প্ৰভাৱ পেলোৱা বুলি মন্তব্য কৰি কয় যে অপাৰেচন সিন্দুৰে ভাৰতক বিশ্বৰ প্ৰতিৰক্ষা বজাৰৰ ভিতৰত সুদৃঢ়ভাৱে স্থান দিছে। তেওঁ উল্লেখ কৰে যে ভাৰতীয় অস্ত্ৰ-শস্ত্ৰৰ বৰ্ধিত চাহিদাই ঘৰুৱা উদ্যোগসমূহ শক্তিশালী কৰিব, এমএছএমইসমূহক সবল কৰিব, আৰু যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতীয় যুৱক-যুৱতীসকলে এতিয়া তেওঁলোকৰ উদ্ভাৱনৰ জৰিয়তে ভাৰতৰ শক্তি প্ৰদৰ্শন কৰিছে।

শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা কেৱল জাতীয় স্বাৰ্থৰ বাবেই নহয়, আজিৰ প্ৰতিযোগিতামূলক যুগত বিশ্ব শান্তিৰ বাবেও অপৰিহাৰ্য। “ভাৰত বুদ্ধৰ ভূমি, যুদ্ধৰ নহয়, আৰু যদিও ৰাষ্ট্ৰই সমৃদ্ধি আৰু শান্তিৰ কামনা কৰে, তথাপিও দুয়োটাৰে পথত শক্তি আৰু সংকল্পৰ প্ৰয়োজন”, শ্ৰী মোদীয়ে কয়। তেওঁ ভাৰতক মহান যোদ্ধাসকলৰ দেশ বুলি অভিহিত কৰে—ছাত্ৰপতি শিৱাজী মহাৰাজ, মহাৰাজা ৰঞ্জিত সিং, ৰাজেন্দ্ৰ চোলা, মহাৰাণা প্ৰতাপ, লাচিত বৰফুকন, আৰু মহাৰাজা সুহেলদেৱ—এই কথাত গুৰুত্ব আৰোপ কৰি যে উন্নয়ন আৰু শান্তিৰ বাবে কৌশলগত শক্তি অতি প্ৰয়োজনীয় হৈয়েই আছে।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে বিৰোধীয়ে কেতিয়াও ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত স্পষ্ট দৃষ্টিভংগী ৰখা নাই আৰু ইয়াৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে আপোচ কৰি আহিছে। তেওঁ কয় যে যিসকলে এতিয়া পাকিস্তান দখল কৰা কাশ্মীৰক কিয় পুনৰ দখল কৰা হোৱা নাই বুলি প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে প্ৰথমে উত্তৰ দিব লাগিব কোনে প্ৰথমতে পাকিস্তানক ইয়াৰ নিয়ন্ত্ৰণ ল’বলৈ অনুমতি দিছিল।

স্বাধীনতাৰ পিছৰ সিদ্ধান্তক তীব্ৰ সমালোচনা কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে সমালোচনাত্মক ভুল বিচাৰৰ ফলত আক্সাই চিনত ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূখণ্ড হেৰুৱাই পেলোৱা হয়, যিটোক ভুলকৈ অনুৰ্বৰ ভূমি বুলি লেবেল লগোৱা হৈছিল। তেওঁ মন্তব্য কৰে যে ১৯৬২ চনৰ পৰা ১৯৬৩ চনৰ ভিতৰত তেতিয়াৰ শাসকীয় দলৰ নেতাসকলে জম্মু-কাশ্মীৰৰ পুঞ্চ, উৰি, নীলম উপত্যকা, কিষাংগাংগাকে ধৰি গুৰুত্বপূৰ্ণ অঞ্চলসমূহ আত্মসমৰ্পণৰ প্ৰস্তাৱ দিছিল।

প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে এই আত্মসমৰ্পণৰ প্ৰস্তাৱ "শান্তিৰ ৰেখা"ৰ আৱৰণত। তেওঁ আৰু সমালোচনা কৰে যে ১৯৬৬ চনত কচ্ছৰ ৰাণৰ ওপৰত মধ্যস্থতা গ্ৰহণ কৰাৰ ফলত বিৰোধী দলক বিবাদিত ছাদ বেট অঞ্চলকে ধৰি প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ মাটি পাকিস্তানক গতাই দিয়া হয়। তেওঁ স্মৰণ কৰে যে যদিও ১৯৬৫ চনৰ যুদ্ধত ভাৰতীয় বাহিনীয়ে হাজিপীৰ পাছ পুনৰ দখল কৰিছিল, তথাপিও তেতিয়াৰ শাসকীয় ব্যৱস্থাই ইয়াক ঘূৰাই দিছিল, যাৰ ফলত ৰাষ্ট্ৰৰ কৌশলগত বিজয় ক্ষতিগ্ৰস্ত হৈছিল।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে ১৯৭১ চনৰ যুদ্ধৰ সময়ত ভাৰতে হাজাৰ হাজাৰ বৰ্গ কিলোমিটাৰ পাকিস্তানৰ ভূখণ্ড দখল কৰি ৯৩ হাজাৰ যুদ্ধবন্দীক আবদ্ধ কৰি ৰাখিছিল। অনুকূল পৰিস্থিতিৰ মাজতো পাকিস্তান অধীকৃত কাশ্মীৰ (PoK) পুনৰ উদ্ধাৰৰ সুযোগ হেৰুৱাবলগীয়া হোৱা বুলিও তেওঁ কয়। আনকি সীমান্তৰ সমীপত অৱস্থিত কৰতাৰপুৰ চাহিবকো নিৰাপত্তা দিব পৰা নগ’ল। এই বদলিৰ বাবে তামিলনাডুৰ মাছমৰীয়াসকলে সন্মুখীন হোৱা চলি থকা কষ্টৰ কথা উল্লেখ কৰি তেওঁ ১৯৭৪ চনত শ্ৰীলংকাৰ কাটচাথিভু দ্বীপ উপহাৰ দিয়াৰ সিদ্ধান্তক লৈ দুখ প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে বিৰোধীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰি ছিয়াচেনৰ পৰা ভাৰতীয় বাহিনীক প্ৰত্যাহাৰ কৰাৰ এক দশকজোৰা উদ্দেশ্য বহন কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে সদনক সোঁৱৰাই দিয়ে যে ২৬/১১ মুম্বাইৰ ভয়ানক আক্ৰমণৰ পিছত তেতিয়াৰ চৰকাৰে বিদেশী হেঁচাত পৰি থকা বুলি অভিযোগ উত্থাপন কৰি এই শোকাৱহ দুৰ্ঘটনাৰ মাত্ৰ কেইসপ্তাহমানৰ পিছতে পাকিস্তানৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰিবলৈ লৈছিল। তেওঁ মন্তব্য কৰে যে ২৬/১১ৰ পৰিসৰ সত্ত্বেও তেতিয়াৰ চৰকাৰে এজনো পাকিস্তানী কূটনীতিবিদক বহিষ্কাৰ কৰা নাছিল আৰু এটাও ভিছা বাতিল কৰা নাছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে পাকিস্তানৰ পৃষ্ঠপোষকতাত সন্ত্ৰাসবাদী আক্ৰমণ অবিৰতভাৱে চলি আছিল, তথাপিও তেতিয়াৰ চৰকাৰৰ অধীনত পাকিস্তানে "সৰ্বাধিক অনুকূল ৰাষ্ট্ৰ"ৰ মৰ্যাদা অক্ষুণ্ণ ৰাখিছিল, যিটো কেতিয়াও বাতিল কৰা হোৱা নাছিল।

শ্ৰী মোদীয়ে জোৰ দি কয় যে ৰাষ্ট্ৰই মুম্বাইৰ বাবে ন্যায়ৰ দাবী উত্থাপন কৰিলেও তেতিয়াৰ শাসকীয় দলটোৱে পাকিস্তানৰ সৈতে বাণিজ্যত নিয়োজিত হৈ থাকিল। তেওঁ আলোকপাত কৰে যে পাকিস্তানে সন্ত্ৰাসবাদীক বিধ্বংসী ৰূপ ধাৰণ কৰিবলৈ পঠিয়াই থকাৰ সময়তে তেতিয়াৰ চৰকাৰে ভাৰতত শান্তিমুখী কবিতা সমাৱেশ অনুষ্ঠিত কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ চৰকাৰে পাকিস্তানৰ এমএফএন মৰ্যাদা বাতিল কৰি, ভিছা বন্ধ কৰি, আটাৰী-ৱাগাহ সীমান্ত বন্ধ কৰি এই একপক্ষীয় সন্ত্ৰাসবাদৰ যাতায়তৰ অন্ত পেলাই আশাবাদক ভুল স্থানত ৰাখিলে। তেওঁ ভাৰতৰ জাতীয় স্বাৰ্থ বাৰে বাৰে বন্ধকত ৰখাৰ বাবে বিৰোধীক সমালোচনা কৰি সিন্ধু জল সন্ধিক এক প্ৰধান উদাহৰণ হিচাপে উল্লেখ কৰে। তেওঁ আঙুলিয়াই দিয়ে যে এই সন্ধিখন তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে কাৰ্যকৰী কৰিছিল, য’ত ভাৰতৰ পৰা উৎপত্তি হোৱা নদীসমূহ জড়িত আছিল— যিবোৰ নদী দীৰ্ঘদিন ধৰি ভাৰতৰ সাংস্কৃতিক আৰু আধ্যাত্মিক উত্তৰাধিকাৰৰ অংশ হৈ আহিছে।

শ্ৰী মোদীয়ে কয় যে এসময়ত ভাৰতৰ পৰিচয়ৰ সমাৰ্থক সিন্ধু আৰু ঝেলামৰ দৰে নদীক মধ্যস্ততাৰ বাবে বিশ্ব বেংকক গতাই দিয়া হৈছিল—ভাৰতৰ নিজৰ নদী আৰু পানী হোৱাৰ পিছতো। তেওঁ এই পদক্ষেপক ভাৰতৰ আত্মসন্মান আৰু সাংস্কৃতিক নীতি-নিয়মৰ প্ৰতি বিশ্বাসঘাতকতা বুলি গৰিহণা দিয়ে।

বিশেষকৈ সিন্ধু জল সন্ধিৰ অধীনত ভাৰতৰ জল অধিকাৰ আৰু উন্নয়নৰ লগত আপোচ কৰা ঐতিহাসিক কূটনৈতিক সিদ্ধান্তক গৰিহণা দি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ পৰা উৎপত্তি হোৱা নদীৰ পানীৰ ৮০% পাকিস্তানক আবণ্টন দিবলৈ সন্মত হৈছিল, ভাৰতৰ দৰে বিশাল ৰাষ্ট্ৰৰ বাবে মাত্ৰ ২০% পানীহে বাকী আছিল। তেওঁ এই ব্যৱস্থাৰ আঁৰৰ যুক্তিক লৈ প্ৰশ্ন উত্থাপন কৰি ইয়াক প্ৰজ্ঞা, কূটনীতি আৰু জাতীয় স্বাৰ্থৰ ব্যৰ্থতা বুলি অভিহিত কৰে।

শ্ৰী মোদীয়ে মন্তব্য কৰে যে ভাৰতৰ মাটিৰ পৰা ওলোৱা নদীসমূহ নাগৰিকৰ, বিশেষকৈ পঞ্জাৱ আৰু জম্মু-কাশ্মীৰৰ কৃষকৰ। তেওঁ কয় যে তেতিয়াৰ শাসকীয় ব্যৱস্থাৰ চুক্তিয়ে দেশৰ এক বৃহৎ অংশক পানীৰ সংকটৰ সন্মুখীন কৰাইছিল আৰু আভ্যন্তৰীণ ৰাজ্যিক পৰ্যায়ৰ পানীৰ বিবাদৰ সৃষ্টি কৰিছিল, আনহাতে পাকিস্তানে ইয়াৰ সুবিধাৰ শোষণ কৰিছিল।

প্ৰধানমন্ত্ৰীয়ে জোৰ দি কয় যে এই নদীসমূহৰ সৈতে ভাৰতৰ সাংস্কৃতিক আৰু সভ্যতামূলক সংযোগক অৱজ্ঞা কৰা হৈছিল, আৰু আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোকসকলক—ভাৰতৰ কৃষকসকলক— তেওঁলোকৰ সঠিক প্ৰৱেশৰ পৰা বঞ্চিত কৰা হৈছিল।

তেওঁ কয় যে এই পৰিস্থিতিৰ সৃষ্টি নহ’লে পশ্চিম নদীত অসংখ্য বৃহৎ জল প্ৰকল্প গঢ়ি তুলিব পৰা গ’লহেঁতেন। সমগ্ৰ পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, দিল্লীৰ কৃষকৰ হাতত যথেষ্ট পানী থাকিলহেঁতেন, আৰু খোৱাপানীৰ নাটনিও নাথাকিলহেঁতেন। ইয়াৰ উপৰিও ভাৰতে ঔদ্যোগিক ব্যৱস্থাৰ জৰিয়তে শক্তি উৎপাদন কৰিলেহেঁতেন।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেতিয়াৰ চৰকাৰে পাকিস্তানক নলা নিৰ্মাণৰ বাবেও কোটি কোটি টকা যোগান ধৰিছিল, যাৰ ফলত ভাৰতৰ স্বাৰ্থ আৰু অধিক ক্ষতিগ্ৰস্ত হৈছিল। শ্ৰী মোদীয়ে জনায় যে চৰকাৰে এতিয়া জাতীয় স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সিন্ধু জল সন্ধি স্থগিত ৰাখিছে। “ভাৰতে সিদ্ধান্ত লৈছে যে তেজ আৰু পানী একেলগে বৈ নাযায়”, প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে।

২০১৪ চনৰ আগতে দেশখন অসুৰক্ষাৰ অহৰহ ছাঁৰ তলত বাস কৰা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে স্মৰণ কৰি কয় যে ৰাজহুৱা স্থানত—ৰে’ল ষ্টেচন, বাছ ষ্টেণ্ড, বিমানবন্দৰ, মন্দিৰত— কিমান সঘন ঘোষণাই, বোমাৰ ভয়ৰ বাবে মানুহক অনাদৃত বস্তুৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিছিল, ইয়াক সমগ্ৰ দেশতে বিৰাজ কৰা ভয়ৰ পৰিৱেশ বুলি অভিহিত কৰে। তেওঁ তেতিয়াৰ শাসকীয় ব্যৱস্থাৰ অধীনত দুৰ্বল শাসন ব্যৱস্থাৰ ফলত অগণন সাধাৰণ নাগৰিকৰ মৃত্যু হোৱা বুলি জোৰ দি কয় যে চৰকাৰে নিজৰ নাগৰিকক সুৰক্ষা দিয়াত ব্যৰ্থ হৈছিল। শ্ৰী মোদীয়ে সন্ত্ৰাসবাদক ৰোধ কৰিব পৰা গ’লহেঁতেন বুলি দৃঢ়তাৰে কয় আৰু ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত দেশখনক জুৰুলা কৰা সন্ত্ৰাসবাদী কাণ্ডৰ তীব্ৰ হ্ৰাসৰ ওপৰত আলোকপাত কৰি বিগত ১১ বছৰত হোৱা অগ্ৰগতি প্ৰমাণ হিচাপে দাঙি ধৰে।

প্রধানমন্ত্রীয়ে প্রশ্ন উত্থাপন কৰে যে যদি সঁচাকৈয়ে সম্ভৱ হয় তেন্তে সন্ত্ৰাসবাদ নিয়ন্ত্ৰণৰ বাবে পূৰ্বৰ প্ৰশাসনসমূহে কিয় ফলপ্ৰসূ পদক্ষেপ গ্ৰহণ কৰা নাছিল। তেওঁ অভিযোগ কৰে যে সেই ৰেহাইসমূহে সন্ত্ৰাসবাদক তুষ্টিকৰণৰ ৰাজনীতি আৰু ভোট বেংকৰ বিবেচনাৰ বাবেই জাতিষ্কাৰ হ'বলৈ অনুমতি দিছিল।

শ্ৰী মোদীয়ে স্মৰণ কৰি কয় যে ২০০১ চনত যেতিয়া দেশৰ সংসদত আক্ৰমণ হৈছিল, তেতিয়া বিৰোধী দলৰ এজন জ্যেষ্ঠ নেতাই আফজল গুৰুক সন্দেহৰ সুবিধা দিয়াৰ কথা কৈছিল। তেওঁ আলোকপাত কৰে যে সন্ত্ৰাসবাদী আজমল কাছবৰ পাকিস্তানী ৰাষ্ট্ৰীয়তাৰ বন্দী আৰু বিশ্বব্যাপী স্বীকৃতি পোৱা সত্ত্বেও, ২৬/১১ মুম্বাই আক্ৰমণক কেনেকৈ “গেৰুৱা সন্ত্ৰাস”ৰ আখ্যান আগুৱাই নিয়াৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তেতিয়াৰ শাসকীয় দলৰ এজন নেতাই আনকি আমেৰিকাৰ এজন শীৰ্ষ কূটনীতিবিদক হিন্দু গোটসমূহে লস্কৰ-ই-তইবাতকৈ অধিক ভাবুকি কঢ়িয়াই আনিছে বুলি কৈছিল, ইয়াক বিদেশত তেওঁলোকৰ আখ্যান-নিৰ্মাণৰ উদাহৰণ হিচাপে চিত্ৰিত কৰিছিল।

তেওঁ জম্মু-কাশ্মীৰত ভাৰতীয় সংবিধান সম্পূৰ্ণ ৰূপায়ণত বাধা দিয়াৰ বাবে বিৰোধীক তীব্ৰ গৰিহণা দি কয় যে ধাৰাবাহিকভাৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰা তুষ্টিকৰণ ৰাজনীতিৰ বাবে বাবা চাহেব আম্বেদকাৰৰ সংবিধানখনক এই অঞ্চলত প্ৰৱেশ কৰাত বাধা দিয়া হৈছে কাৰণ।

শ্ৰী মোদীয়ে এক ঐক্যবদ্ধ আৱেগ আৰোপ কৰি কয় যে ৰাজনৈতিক মতানৈক্য থাকিব পাৰে, কিন্তু জাতীয় স্বাৰ্থত উদ্দেশ্যৰ ঐক্যই প্ৰাধান্য পাব লাগিব। পেহেলগামৰ ট্ৰেজেডীৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ই কেনেকৈ জাতিটোক গভীৰভাৱে আঘাত কৰিছিল আৰু সাহস, আত্মনিৰ্ভৰশীলতা আৰু জাতীয় সংকল্পক সামৰি লোৱা অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতৰ নিৰ্ণায়ক সঁহাৰিক প্ৰেৰণা দিছিল।

তেওঁ ভাৰতীয় প্ৰতিনিধি দলসমূহক প্ৰশংসা কৰে যিয়ে দৃঢ়তা আৰু স্পষ্টতাৰে বিশ্বজুৰি ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছিল। তেওঁ কয় যে তেওঁলোকৰ সমৰ্থনে, ভাৰতৰ সীমাৰ ভিতৰত আৰু বাহিৰত উভয়তে ‘সিন্দুৰ স্পিৰিট’ৰ প্ৰতিধ্বনি হৈছ, যিয়ে এতিয়া ভাৰতৰ ভাবমূৰ্তিক পথ প্ৰদৰ্শন কৰিছে।

ভাৰতৰ ইতিবাচক বিশ্বব্যাপী বাৰ্তাৰ বিৰোধিতা কৰা বুলি অভিযোগ উত্থাপিত হোৱা একাংশ বিৰোধী নেতাৰ প্ৰতিক্ৰিয়াক লৈ হতাশা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ বাবে সদনত বক্তব্য ৰখাসকলক নীৰৱ কৰাৰ প্ৰচেষ্টা চলোৱা বুলি আক্ষেপ প্ৰকাশ কৰে। এই মানসিকতাক সম্বোধন কৰি তেওঁ সাহসী আৰু উদ্দেশ্যপ্ৰণোদিত পৰিক্ৰমাৰ বাবে আহ্বান জনোৱা এক কাব্যিক অভিব্যক্তি ভাগ-বতৰা কৰে।

শ্ৰী মোদীয়ে বিৰোধীক, পাকিস্তানৰ প্ৰতি নম্ৰতা সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰা ৰাজনৈতিক হেঁচা পৰিত্যাগ কৰিবলৈ আহ্বান জনায় আৰু ৰাষ্ট্ৰীয় জয়ৰ মুহূৰ্তক ৰাজনৈতিক উপহাসলৈ ৰূপান্তৰিত কৰাৰ পৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে।

প্ৰধানমন্ত্ৰীয়ে নিৰ্দ্বিধাই স্পষ্ট কৰি দিলে যে ভাৰতে সন্ত্ৰাসবাদক শিপাৰ সৈতে উভালি পেলাব। অপাৰেচন সিন্দুৰ চলি আছে, যিয়ে পাকিস্তানৰ বাবে প্ৰত্যক্ষ সতৰ্কবাণী হিচাপে কাম কৰি আছে—যেতিয়ালৈকে সীমাৰ সিপাৰৰ পৰা সন্ত্ৰাসবাদ বন্ধ নহয়, তেতিয়ালৈকে ভাৰতে নিজৰ প্ৰতিক্ৰিয়াশীল কাৰ্য্য অব্যাহত ৰাখিব।

ভাৰতৰ ভৱিষ্যৎ সুৰক্ষিত আৰু সমৃদ্ধিশালী হৈ থকাটো নিশ্চিত কৰাৰ দৃঢ় সংকল্পৰে শ্ৰী মোদীয়ে সামৰণি মাৰে, আৰু জনসাধাৰণৰ আৱেগক প্ৰতিফলিত কৰা অৰ্থপূৰ্ণ বিবেচনাত লিপ্ত হোৱাৰ বাবে সদনৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India’s digital economy enters mature phase as video dominates: Nielsen

Media Coverage

India’s digital economy enters mature phase as video dominates: Nielsen
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Cabinet approves increase in the Judge strength of the Supreme Court of India by Four to 37 from 33
May 05, 2026

The Union Cabinet chaired by the Prime Minister Shri Narendra Modi today has approved the proposal for introducing The Supreme Court (Number of Judges) Amendment Bill, 2026 in Parliament to amend The Supreme Court (Number of Judges) Act, 1956 for increasing the number of Judges of the Supreme Court of India by 4 from the present 33 to 37 (excluding the Chief Justice of India).

Point-wise details:

Supreme Court (Number of Judges) Amendment Bill, 2026 provides for increasing the number of Judges of the Supreme Court by 04 i.e. from 33 to 37 (excluding the Chief Justice of India).

Major Impact:

The increase in the number of Judges will allow Supreme Court to function more efficiently and effectively ensuring speedy justice.

Expenditure:

The expenditure on salary of Judges and supporting staff and other facilities will be met from the Consolidated Fund of India.

Background:

Article 124 (1) in Constitution of India inter-alia provided “There shall be a Supreme Court of India consisting of a Chief Justice of India and, until Parliament by law prescribes a larger number, of not more than seven other Judges…”.

An act to increase the Judge strength of the Supreme Court of India was enacted in 1956 vide The Supreme Court (Number of Judges) Act 1956. Section 2 of the Act provided for the maximum number of Judges (excluding the Chief Justice of India) to be 10.

The Judge strength of the Supreme Court of India was increased to 13 by The Supreme Court (Number of Judges) Amendment Act, 1960, and to 17 by The Supreme Court (Number of Judges) Amendment Act, 1977. The working strength of the Supreme Court of India was, however, restricted to 15 Judges by the Cabinet, excluding the Chief Justice of India, till the end of 1979, when the restriction was withdrawn at the request of the Chief Justice of India.

The Supreme Court (Number of Judges) Amendment Act, 1986 further augmented the Judge strength of the Supreme Court of India, excluding the Chief Justice of India, from 17 to 25. Subsequently, The Supreme Court (Number of Judges) Amendment Act, 2008 further augmented the Judge strength of the Supreme Court of India from 25 to 30.

The Judge strength of the Supreme Court of India was last increased from 30 to 33 (excluding the Chief Justice of India) by further amending the original act vide The Supreme Court (Number of Judges) Amendment Act, 2019.