বিজয় উৎসৱ হৈছে ভাৰতীয় সশস্ত্ৰ বাহিনীৰ বীৰত্ব আৰু শক্তিৰ এক প্ৰমাণ: প্ৰধানমন্ত্ৰী
ভাৰতৰ দৃষ্টিভংগী উপস্থাপন কৰিবলৈ এই বিজয় উৎসৱৰ মনোবলেৰে মই সদনত থিয় দিছোঁ: প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দুৰে এখন আত্মনিৰ্ভৰ ভাৰতৰ শক্তিক উজ্জ্বল কৰি তুলিলে!: প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দুৰৰ সময়ত, নৌসেনা, স্থলসেনা আৰু বায়ুসেনাৰ সহযোগিতাই পাকিস্তানক তাৰ মূললৈকে জোকাৰি গ’ল: প্ৰধানমন্ত্ৰী
ভাৰতে স্পষ্ট কৰি দিছে যে ই সন্ত্ৰাসবাদক নিজৰ ভাষাৰে উত্তৰ দিব, পাৰমাণৱিক ব্লেকমেইল সহ্য নকৰে আৰু সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক আৰু মাষ্টাৰমাইণ্ডৰ সৈতে একে ব্যৱহাৰ কৰিব: প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দুৰৰ সময়ত, ভাৰতে বিশ্বব্যাপী ব্যাপক সমৰ্থন লাভ কৰিছিল: প্ৰধানমন্ত্ৰী
অপাৰেচন সিন্দুৰ চলি আছে। পাকিস্তানৰ যিকোনো অবিবেচক পদক্ষেপৰ দৃঢ় প্ৰত্যুত্তৰ দিয়া হ’ব: প্ৰধানমন্ত্ৰী

সন্মানীয় অধ্যক্ষ মহোদয়,

এই অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ বন্ধুসকলৰ সৈতে কথা পাতি থাকোঁতে সকলো সন্মানীয় সাংসদক আহ্বান জনাই এটা কথা উল্লেখ কৰিছিলোঁ। মই কৈছিলোঁ যে এই অধিবেশন ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন। সংসদৰ এই অধিবেশন ভাৰতৰ গৌৰৱ গাঁথাৰ অধিৱেশন।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমি বিজয় উৎসৱৰ কথা আলোচনা কৰি থাকোতে মই ক'ব বিচাৰিছো যে এই বিজয় উৎসৱ হৈছে সন্ত্রাসবাদীৰ ঘাটি ধ্বংসস্তুপত পৰিণত কৰাৰ বিজয়ৰ কথা। যেতিয়া মই বিজয়োৎসৱৰ কথা কৈছো, সেয়া সিন্দুৰৰ শপত পূৰণ কৰাৰ কথা কৈছো। মই যেতিয়া এই বিজয়োৎসৱৰ কথা কৈছো, সেয়া ভাৰতীয় সেনাৰ শৌৰ্য-বীৰ্য আৰু সামৰ্থ্যৰ বিজয়গাঁথা। আৰু মই যেতিয়া বিজয়োৎসৱৰ কথা কও, মই ১৪০ কোটি ভাৰতীয়ৰ একতা, ইচ্ছাশক্তিৰে লাভ কৰা বিজয়ৰ কথা কও।

সন্মানীয় অধ্যক্ষ মহোদয়,

এই বিজয়ী অনুভূতিৰে মই এই সদনত থিয় দি ভাৰতৰ পক্ষ দাঙি ধৰিছো আৰু ভাৰতৰ পক্ষ নেদেখাসকলক এখন পৰিস্কাৰ দাদপোন দেখুৱাবলৈ বিচাৰিছো।

সন্মানীয় অধ্যক্ষ মহোদয়,

মই ১৪০ কোটি দেশবাসীৰ আৱেগৰ সৈতে মোৰ মনোভাৱ সংযোজন কৰিবলৈ ইয়াত উপস্থিত হৈছো। এইটো ১৪০ কোটি দেশবাসীৰ অনুভৱৰ এক গুঞ্জন, যি এই সভাত প্ৰতিধ্বনি হৈছে, সেই প্ৰতিধ্বনিত মোৰ নিজৰ এক স্বৰ মিলাবলৈ মই ইয়াত ঠিয় হৈছো।"

সন্মানীয় অধ্যক্ষ মহোদয়,

অপাৰেচন সিন্দূৰৰ সময়ত যিদৰে দেশবাসীয়ে মোক সংগ দি সহায় কৰিলে, আশীৰ্বাদ দিলে, তাৰ বাবে মই দেশবাসীৰ ওচৰত চিৰঋণী হৈ ৰ’ম। মই সকলো দেশবাসীৰ প্ৰতি গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকক সসন্মানে অভিবাদন জনাইছোঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

২২ এপ্ৰিলত পাহেলগামত যিদৰে এক নিষ্ঠুৰ ঘটনা সংঘটিত হৈছিল, যিদৰে সন্ত্রাসবাদীয়ে নিৰ্দোষ লোকক ধৰ্ম সুধি সুধি গুলীয়াই হত্যা কৰিছিল, সেইটো আছিল বৰ্বৰতাৰ চূড়ান্ত উদাহৰণ। ভাৰতক হিংসাৰ অগ্নিত দগ্ধ কৰিবলৈ এইটো আছিল এটা সুপৰিকল্পিত ষড়যন্ত্ৰ। ভাৰতত হিংসাত্মক পৰিবেশ বিয়পাই দিবলৈ এইটো এক গভীৰ ষড়যন্ত্ৰ আছিল। মই আজি ৰাষ্ট্ৰবাসীক ধন্যবাদ জনাইছোঁ যে, দেশবাসীয়ে একতাৰে এই ষড়যন্ত্ৰক ব্যৰ্থ কৰি দিলে।

সন্মানীয় অধ্যক্ষ মহোদয়,

২২ এপ্ৰিলৰ পাছত, মই কিছু কথা ৰাজহুৱাকৈ কৈছিলোঁ যাতে সমগ্ৰ বিশ্বই এই কথাবোৰ বুজি পায়, সেইবাবে কিছু ইংৰাজী বাক্যও ব্যৱহাৰ কৰিছিলোঁ। আৰু মই কৈছিলোঁ, এয়া আমাৰ দৃঢ় সংকল্প যে আমি সন্ত্রাসবাদীক ধুলিস্যাৎ কৰি দিম। মই ৰাজহুৱা ভাবে এইটোও কৈছিলোঁ — শাস্তি কেৱল হত্যাকাৰীবোৰেই নহয়, তেওঁলোকৰ প্ৰেৰণাদাতাসকলেও পাব লাগিব আৰু সেই শাস্তি হ’ব কল্পনাতীত। ২২ এপ্ৰিলত মই বিদেশত আছিলোঁ, কিন্তু এই বৰ্বৰ আক্ৰমণৰ খবৰ পোৱা মাত্ৰকে মই ঘূৰি আহিলোঁ আৰু আহিয়েই ততালিকে এখন জৰুৰী বৈঠক আহ্বান কৰিছিলোঁ। সেই বৈঠকত আমি স্পষ্ট নিৰ্দেশ দিছিলোঁ — সন্ত্রাসবাদৰ উপযুক্ত প্ৰত্যুত্তৰ দিব লাগিব। আৰু এইটো কেৱল এটা পদক্ষেপ নহয়, এয়া আমাৰ ৰাষ্ট্ৰীয় সংকল্প।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ সেনা বাহিনীৰ শৌৰ্য-বীৰ্য, সক্ষমতা, সামৰ্থ্য আৰু সাহসৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আৰু ভৰসা আছে। সেনাক নিজৰ কাম কৰাৰ সম্পূৰ্ণ স্বাধীনতা দিয়া হৈছে, আৰু এইটোও স্পষ্টকৈ কোৱা হৈছে — সেনাই কেতিয়া, ক’ত, কেনেকৈ, কিহৰ মাধ্যমেৰে প্ৰত্যুত্তৰ দিব, সেয়া সেনাই নিজেই ঠিক কৰিব। এই সকলো কথা সেই বৈঠকত স্পষ্টভাৱে কোৱা হৈছিল, আৰু তাৰ কিয়দংশ সম্ভৱতঃ সংবাদ মাধ্যমেও প্ৰকাশ কৰিছে। আমাৰ গৌৰৱ হয় — এই সন্ত্রাসবাদীবোৰক এনেকুৱা শাস্তি দিয়া হৈছে যে, আজিও সেই সন্ত্রাসৰ পৃষ্ঠপোষকবোৰৰো টোপনি নাইকিয়া হৈ গৈছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

মই আমাৰ সেনাৰ সফলতা আৰু সেই সফলতাৰ সৈতে জড়িত ভাৰতৰ দৃষ্টিভংগীটো এই সদনৰ জৰিয়তে সমগ্ৰ দেশবাসীৰ সমূখত উপস্থাপন কৰিব বিচাৰোঁ। প্ৰথম দিশটো হ’ল — পহলগাম আক্ৰমণৰ পিছতেই পাকিস্তানী সেনাই অনুভৱ কৰিছিল যে ভাৰতে এতিয়া এক ভয়ংকৰ প্ৰতিক্ৰিয়া দেখুৱাব। তেওঁলোকৰ ফালৰ পৰা নিউক্লিয়াৰ বোমাৰ ভাবুকিৰ বিবৃতিও প্ৰকাশ কৰা আৰম্ভ হৈছিল। কিন্তু ভাৰতে ৬ মে’ৰ নিশা আৰু ৭ মে’ ৰ পুৱা যি সিদ্ধান্ত গ্ৰহণ কৰিলে, এনেধৰণে পদক্ষেপ গ্ৰহণ কৰিলে যে আৰু পাকিস্তানে তলকিবই নোৱাৰিলে। কেৱল ২২ মিনিটত, ২২ এপ্ৰিলৰ প্ৰতিশোধ, নিৰ্ধাৰিত লক্ষ্যৰ সৈতে আমাৰ সেনাই লৈ ল’লে। দ্বিতীয় দিশটো, সন্মানীয় অধ্যক্ষ মহোদয় — পাকিস্তানৰ সৈতে আমাৰ বহুবাৰ যুঁজ হৈছে। কিন্তু এইবাৰ প্ৰথমবাৰ, ভাৰতে এনে কৌশল গ্ৰহণ কৰিলে য’ত আগতে কেতিয়াও নোযোৱা ঠাইতো আমাৰ সেনাই প্ৰৱেশ কৰিলে। পাকিস্তানৰ প্ৰায় প্ৰতিটো কোণত থকা সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰি দিয়া হ’ল। যিবোৰ সন্ত্ৰাসবাদীৰ গোপন ঘাটিলৈ যাবলৈ কেতিয়াও কোনেও কল্পনাই কৰা নাছিল, তালৈকো আমাৰ সেনা গৈ ব্যৱস্থা গ্ৰহণ কৰিলে। বাহাৱলপুৰ আৰু মুৰীদকেকো ধ্বংসস্তুপত পৰিণত কৰা হ’ল।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ সেনাবাহিনীয়ে সন্ত্রাসবাদীৰ মুখ্য ঘাটিবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলালে। আনহাতে, তৃতীয়টো দিশ হৈছে পাকিস্তানে দিয়া পাৰমাণৱিক আক্ৰমণৰ ভাবুকি আমি মিছা প্ৰমাণ কৰি দেখুৱালো। ভাৰতে প্ৰমাণ কৰি দিলে যে পাৰমাণৱিক আক্ৰমণৰ ব্লেকমেইলিং এতিয়া আৰু নচলে, আৰু ভাৰত কেতিয়াও এনে ভাবুকিৰ সমূখত শিৰনত নকৰে।

সন্মানীয় অধ্যক্ষ মহোদয়,

চতুৰ্থটো দিশ হৈছে ভাৰতে নিজৰ কাৰিকৰী কৌশলৰ অনবদ্য ক্ষমতা দেখুৱাই দিলে। পাকিস্তানৰ ঠিক বুকুতে বজ্ৰকঠোৰ প্ৰহাৰ কৰা হ’ল। পাকিস্তানৰ বায়ুসেনা ঘাঁটিসমূহত বিস্তৰ ক্ষতিসাধন হৈছে আৰু আজিলৈকে বহুতো এয়াৰবেছ নিস্ক্ৰিয় হৈ পৰি আছে। আজিৰ যুগটো হৈছে প্ৰযুক্তি-আধাৰিত যুদ্ধৰ যুগ। অপাৰেচন সিন্দুৰ এই ক্ষেত্ৰতো সফল প্ৰমাণিত হৈছে। যদিহে বিগত ১০ বছৰত আমি যিবোৰ প্রস্তুতি চলাইছিলো, সেইবোৰ নকৰাহেতেন আজিৰ এই প্ৰযুক্তিৰ যুগত ভাৰতৰ কিমান ক্ষতি হ’লহেতেন, সেয়া অনুমেয়। পঞ্চম দিশটো হৈছে, অপাৰেচন সিন্দুৰৰ সময়ত প্ৰথমবাৰৰ বাবে আত্মনিৰ্ভৰ ভাৰতৰ শক্তি পৃথিৱীয়ে দেখিবলৈ পালে। ভাৰতত নিৰ্মিত ড্ৰোন, ভাৰতত নিৰ্মিত মিছাইলে পাকিস্তানৰ পুতৌলগা অস্ত্ৰসজ্জাৰ প্ৰকৃত স্বৰূপ উদঙাই দিলে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আৰু এটা অতি গুৰুত্বপূর্ণ কাম সংঘটিত হৈছে, সেয়া হৈছে মই যেতিয়া CDS (চীফ অফ ডিফেন্স ষ্টাফ) ঘোষণা কৰিলোঁ, তেতিয়া এগৰাকী ব্যক্তি বৰ আনন্দিত হৈ মোক লগ ধৰিবলৈ আহিছিল আৰু অত্যন্ত আনন্দ প্ৰকাশ কৰিছিল। তেওঁ আছিল ৰাজীৱ গান্ধীজী প্ৰধানমন্ত্রী হৈ থকা সময়ৰ তেওঁলোকৰ প্ৰতিৰক্ষা বিভাগৰ কাম-কাজবোৰ চোৱা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী। এইবাৰৰ অপাৰেচনত নৌ সেনা, ভাৰতীয় সেনা আৰু বায়ু সেনাৰ যুটীয়া কাৰ্যকলাপ আৰু তিনিওটা গোটৰ মাজত থকা সুসমন্বয়ে পাকিস্তানক বাৰুকৈয়ে এশিকনি দিলে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ দেশৰ বাবে সন্ত্ৰাসবাদী আক্ৰমণ নতুন নহয়। আগতে এনে আক্ৰমণৰ আঁৰৰ মাষ্টাৰমাইণ্ডসকলে নিজকে নিৰাপদ অনুভৱ কৰিছিল আৰু পৰিণতিৰ ভয় নোহোৱাকৈয়ে ষড়যন্ত্ৰ কৰি গৈছিল — তেওঁলোকৰ একো নহ’ব বুলি আত্মবিশ্বাসী আছিল। কিন্তু কথাবোৰ সলনি হৈছে। আজি যিকোনো আক্ৰমণৰ পিছত মাষ্টাৰমাইণ্ডসকলৰেই টোপনি নাইকিয়া হয়৷ কিয়নো তেওঁলোকে জানে ভাৰতে প্ৰতিশোধ ল’ব — ক্ষীপ্ৰতাৰে, নিৰ্ণায়কভাৱে, আৰু তেওঁলোকৰ নিজৰ এলেকাত সোমাই প্ৰতিশোধ ল’ব। ভাৰতে এতিয়া নতুন স্বাভাৱিক ৰূপ ধাৰণ কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ অপাৰেচন কিমান বহল আৰু বৃহৎ পৰিসৰৰ আছিল সেয়া বিশ্বই দেখিছে। সিন্দুৰৰ পৰা সিন্ধলৈকে পাকিস্তানৰ বিৰুদ্ধে নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। অপাৰেচন সিন্দুৰে স্পষ্ট কৰি দিছে যে ভাৰতৰ ওপৰত যিকোনো সন্ত্ৰাসবাদী আক্ৰমণে ইয়াৰ মাষ্টাৰমাইণ্ড আৰু পাকিস্তানক যথেষ্ট পৰিমাণে ক্ষতি কৰিব আৰু তেওঁলোকে ইয়াৰ পৰা হাত সাৰিব নোৱাৰে।

সন্মানীয় অধ্যক্ষ মহোদয়,

অপাৰেচন সিন্দুৰে স্পষ্ট কৰি দিছে যে ভাৰতে তিনিটা মূল নীতি নিৰ্ধাৰণ কৰিছে। প্ৰথমতে, যদি ভাৰতত সন্ত্ৰাসবাদী আক্ৰমণ হয়, তেন্তে আমি আমাৰ নিজৰ ধৰণেৰে, নিজৰ চৰ্তত, আৰু নিজৰ পছন্দৰ সময়মতে ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিম। দ্বিতীয়তে, কোনো ধৰণৰ পাৰমাণৱিক ব্লেকমেইল আৰু সহ্য কৰা নহ’ব। আৰু তৃতীয়তে, আমি সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা চৰকাৰ আৰু আক্ৰমণৰ আঁৰৰ মাষ্টাৰমাইণ্ডৰ মাজত পাৰ্থক্য বিচাৰ নকৰো, তেওঁলোক সকলোকে একেদৰেই গণ্য কৰা হ’ব।

সন্মানীয় অধ্যক্ষ মহোদয়,

বৈদেশিক নীতিৰ বিষয়ে আৰু ভাৰতে লাভ কৰা বিশ্বব্যাপী সমৰ্থনৰ বিষয়ে ইয়াত বহু কথাই আলোচনা কৰা হৈছে। আজি মই এই সদনৰ সন্মুখত কেইটামান তথ্য সম্পূৰ্ণ স্পষ্টতাৰে উত্থাপন কৰিবলৈ বিচাৰিছো। বিশ্বৰ কোনো এখন দেশে ভাৰতে নিজৰ নিৰাপত্তাৰ ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ ক্ষেত্ৰত বাধা দিয়া নাছিল। ৰাষ্ট্ৰসংঘৰ ১৯৩খন সদস্য দেশৰ ভিতৰত অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানৰ সমৰ্থনত মাত্ৰ তিনিখন দেশেহে বক্তব্য ৰাখিছিল। মাত্ৰ তিনিখন দেশে। QUAD হওক, BRICS হওক, ফ্ৰান্স হওক, ৰাছিয়া হওক, জাৰ্মানী হওক — যিকোনো দেশৰ নাম কওক — ভাৰতে সমগ্ৰ বিশ্বৰ পৰা ব্যাপক সমৰ্থন লাভ কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

হয়, আমি সমগ্ৰ বিশ্বৰ সমৰ্থন লাভ কৰিছিলো, সমগ্ৰ বিশ্বৰ বিভিন্ন দেশৰ সমৰ্থন লাভ কৰিছিলো, কিন্তু ইমানৰ পিছতো আমাৰ সাহসী সৈনিকসকলৰ বীৰত্বই কংগ্ৰেছ দলৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম নহ’ল। ২২ এপ্ৰিলৰ সন্ত্ৰাসবাদী আক্ৰমণৰ মাত্ৰ কেইদিনমান পিছতে তেওঁলোকে সমালোচনা আৰু উপহাস কৰিবলৈ উদ্বাউল হৈ পৰিল আৰু ক’বলৈ আৰম্ভ কৰিলে যে এতিয়া ৫৬ ইঞ্চিৰ বুকুখন ক'ত? "মোডী ক'ত অন্তৰ্ধান হৈছে?" "মোডী বিফল হৈছে।" তেওঁলোকে এইবোৰ বৰ উপভোগ কৰি আছিল — যেন ৰাজনৈতিক জয়লাভহে কৰিছে। আনকি পহলগামত নিৰীহ সাধাৰণ নাগৰিকৰ কৰুণ হত্যাকাণ্ডতো তেওঁলোকে নিজৰ ৰাজনীতি গঢ় দিবলৈ চেষ্টা কৰিছিল। তেওঁলোকৰ স্বাৰ্থপৰ ৰাজনীতিৰ স্বাৰ্থত তেওঁলোকে মোক লক্ষ্য কৰি লৈছিল — কিন্তু তেনে কৰাৰ সময়ত তেওঁলোকৰ দায়িত্বহীন বক্তব্য আৰু ন্যস্তস্বাৰ্থজনিত আচৰণে আমাৰ নিৰাপত্তা বাহিনীৰ মনোবল ভাঙি পেলাইছিল। কিছুমান কংগ্ৰেছ নেতাৰ ভাৰতৰ শক্তিৰ ওপৰততো বিশ্বাস নাইয়েই, আমাৰ সেনাবাহিনীৰ সামৰ্থ্যৰ ওপৰতো বিশ্বাস নাই। সেইবাবেই তেওঁলোকে অপাৰেচন সিন্দুৰক লৈ বাৰম্বাৰ প্ৰশ্ন উত্থাপন কৰি থাকে। এইবোৰ কাম কৰি আপুনি হয়তো সংবাদ মাধ্যমত শিৰোনাম পাব পাৰে, কিন্তু ভাৰতৰ সৰ্বসাধাৰণ জনতাৰ হৃদয়ত কেতিয়াও স্থান লাভ কৰিব নোৱাৰিব।

সন্মানীয় অধ্যক্ষ মহোদয়,

১০ মে’ত ভাৰতে অপাৰেচন সিন্দুৰৰ অধীনত অভিযান স্থগিত ৰখাৰ কথা ঘোষণা কৰে। তেতিয়াৰ পৰাই ইয়াক লৈ বিভিন্ন ধৰণৰ উৰাবাতৰি প্ৰচাৰিত হৈ আহিছে। এইবোৰ কিন্তু সীমান্তৰ সিপাৰৰ পৰাই বিয়পি থকা একেটা অপপ্ৰচাৰ। কিছুমান মানুহে আমাৰ নিজৰ সেনা বাহিনীয়ে ব্যক্ত কৰা তথ্য বিশ্বাস কৰাৰ পৰিৱৰ্তে পাকিস্তানৰ ভুৱা কাহিনী প্ৰচাৰ কৰাতহে ব্যস্ত। ইয়াৰ বিপৰীতে ভাৰতৰ স্থিতি সদায় স্পষ্ট হৈ আহিছে৷

সন্মানীয় অধ্যক্ষ মহোদয়,

কেইটামান কথা মই সকলোকে সোঁৱৰাই দিব বিচাৰিছো। যেতিয়া ছাৰ্জিকেল ষ্ট্ৰাইক কৰা হৈছিল, তেতিয়া আমাৰ এটা স্পষ্ট উদ্দেশ্য আছিল, সেয়া হৈছে আমাৰ সৈন্যসকলে শত্ৰুৰ ভূখণ্ড পাৰ হৈ সন্ত্ৰাসবাদীৰ লঞ্চ পেড ধ্বংস কৰিব আৰু সেই মতেই অভিযান সাজু কৰা হৈছিল। আৰু সেই এটা নিশাৰ অভিযানতে আমাৰ সেনা বাহিনীয়ে এই কাম সম্পূৰ্ণ কৰি সূৰ্য্য উদয়ৰ পূৰ্বেই নিজ দেশলৈ উভতি আহিল। একেদৰে বালাকোট বিমান আক্ৰমণৰ সময়ত লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল — সন্ত্ৰাসবাদীৰ প্ৰশিক্ষণ কেন্দ্ৰ ধ্বংস কৰা। আৰু আমি সেইটোও সফলতাৰে সম্পন্ন কৰিলোঁ। অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ উদ্দেশ্যও একেধৰণেই স্পষ্ট আছিল: সন্ত্ৰাসৰ কেন্দ্ৰবিন্দুসমূহক লক্ষ্য কৰি লোৱা — যিবোৰ স্থানত পহলগাম আক্ৰমণকাৰীসকলক সাজু কৰা হৈছিল, আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল, প্ৰশিক্ষণ দিয়া হৈছিল আৰু সুসজ্জিত কৰা হৈছিল। আমি তেওঁলোকৰ মূল কেন্দ্ৰবিন্দুতেই আঘাত কৰিলোঁ। য’ত তেওঁলোকক নিযুক্তি দিয়া হৈছিল, প্ৰশিক্ষণ দিয়া হৈছিল, পুঁজি প্ৰেৰণ কৰা হৈছিল, লজিষ্টিক আৰু কাৰিকৰী সহায় দিয়া হৈছিল — সেই কেন্দ্ৰবোৰকে চিনাক্ত কৰা হৈছিল, আৰু নিখুঁতভাৱে অপাৰেচন সিন্দুৰে সন্ত্ৰাসবাদৰ গৰ্ভগৃহত এক মোক্ষম আঘাত দিছিল।

আৰু সন্মানীয় অধ্যক্ষ মহোদয়,

এইবাৰো আমাৰ সশস্ত্ৰ বাহিনীয়ে ১০০% লক্ষ্যত উপনীত হৈ দেশৰ শক্তি প্ৰদৰ্শন কৰিলে। কিছুমান মানুহে ইচ্ছাকৃতভাৱে কিছুমান তথ্য পাহৰিবলৈ ইচ্ছা কৰে। কিন্তু দেশে পাহৰি নাযায় — দেশে এইবোৰ কথা চিৰকাল মনত ৰাখে। ছয় মে’ নিশাৰ পৰা আৰম্ভ হোৱা এই অভিযান সমাপ্ত হয় ৭ মে’ৰ পুৱা।সেইদিনা ৰাতিপুৱাই ভাৰতীয় সেনাই সংবাদমেল অনুষ্ঠিত কৰে। সেই সংবাদ মেলতেই ভাৰতে একেবাৰে স্পষ্ট কৰি দিছিল যে আমাৰ লক্ষ্য আছিল সন্ত্ৰাসবাদী, তেওঁলোকৰ মাষ্টাৰমাইণ্ড, তেওঁলোকৰ অপাৰেচনেল নেটৱৰ্ক, আৰু তেওঁলোকে য’ৰ পৰা কাম কৰে তাৰ ঘাটিবোৰ। আমি স্পষ্টকৈ ক’লোঁ যে আমি আমাৰ মিছন সম্পূৰ্ণ কৰিলোঁ। আমি যি কৰিবলৈ মন মেলিছিলো ঠিক সেইটোৱেই সম্পন্ন কৰিলোঁ। আৰু সেইবাবেই, ৬–৭ মে’ত আমাৰ অভিযান সন্তোষজনকভাৱে সমাপ্ত হোৱাৰ লগে লগে ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে মিনিটৰ ভিতৰতে পাকিস্তানী সেনাবাহিনীক স্পষ্ট কৰি দিলে যে আমাৰ অভিযানৰ এটা নিৰ্দিষ্ট উদ্দেশ্য আছিল, আৰু আমি সফলতাৰে সম্পূৰ্ণ কৰিলোঁ, এইখিনি কথা ৰাজনাথ জীয়ে কালি কৈছিল,যিখিনি কথা মই সম্পূৰ্ণৰূপে সমৰ্থন কৰিছো আৰু মই সম্পূৰ্ণ দৃঢ়তাৰে পুনৰাবৃত্তি কৰিছো। এইটো কৰা হৈছিল যাতে তেওঁলোকে আমাৰ উদ্দেশ্য বুজি পায়, আৰু আমি তেওঁলোকৰ সঁহাৰি আৰু মানসিকতাও পৰ্যবেক্ষণ কৰিব পাৰো। আমি আমাৰ লক্ষ্যত সম্পূৰ্ণৰূপে উপনীত হৈছিলো। পাকিস্তানত কোনো বুদ্ধিমত্তা থাকিলে সন্ত্ৰাসবাদীক মুকলিকৈ সমৰ্থন দিয়াৰ গুৰুতৰ ভুল তেওঁলোকে নকৰিলেহেঁতেন। পাকিস্তানে নিৰ্লজ্জভাৱে সন্ত্ৰাসবাদীৰ সমৰ্থনত থিয় দিয়াৰ সিদ্ধান্ত লৈছিল। আমি সম্পূৰ্ণ প্ৰস্তুত আছিলো — আচলতে আমি সঠিক মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিলো। কিন্তু আমি ইতিমধ্যে বিশ্বক স্পষ্ট কৰি দিছিলোঁ যে আমাৰ লক্ষ্য হৈছে সন্ত্ৰাসবাদ, ইয়াৰ মাষ্টাৰমাইণ্ডবোৰ আৰু ইহঁতৰ লুকাই থকা ঠাইবোৰ — আৰু আমি সেই অনুসৰিয়েই আমাৰ মিছন পূৰণ কৰিছিলোঁ। কিন্তু যেতিয়া পাকিস্তানে সন্ত্ৰাসবাদীক সমৰ্থন কৰাৰ সিদ্ধান্ত ল’লে আৰু যুদ্ধক্ষেত্ৰত প্ৰৱেশৰ বাবে পদক্ষেপ ল’লে, তেতিয়া ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে ইমানেই তীব্ৰ আৰু অবিস্মৰণীয় প্ৰতিশোধৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে যে ই বছৰ বছৰ ধৰি স্মৰণীয় হৈ থাকিব। ৯ মে’ৰ মাজনিশা আৰু ১০ মে’ৰ পুৱাৰ ভাগত আমাৰ ক্ষেপণাস্ত্ৰই পাকিস্তানৰ প্ৰতিটো চুকত প্ৰচণ্ড শক্তিৰে আঘাত হানিলে, যিটো আক্ৰমণ পাকিস্তানে কেতিয়াও কল্পনাও কৰা নাছিল। আৰু পাকিস্তানে আঁঠু ল’বলৈ বাধ্য হ’ল। আপোনালোকে টিভিতো নিশ্চয় দেখিছে—তাৰ পৰা কেনেধৰণৰ বক্তব্য আহি আছিল? পাকিস্তানৰ মানুহে এনেকুৱা কথা কৈ আছিল যেনে, ‘অ’, মই মাত্ৰ চুইমিং পুলত গা ধুই আছিলো,’ আন কোনোবাই কৈছিল, ‘মই অফিচলৈ যাবলৈ সাজু হৈ আছিলো।’ তেওঁলোকে একো ভাবিব পৰাৰ আগতেই ভাৰতে ইতিমধ্যে আক্ৰমণ কৰিছিল। এইবোৰ পাকিস্তানৰ জনসাধাৰণৰ বক্তব্য, আৰু এইবোৰ দেশে দেখিছে। এজনে চুইমিং পুলত গা ধুই আছিল—আৰু যেতিয়া ইমান প্ৰবল আক্ৰমণ সংঘটিত হ’ল, যিটো পাকিস্তানে কেতিয়াও কল্পনাও কৰা নাছিল, তেতিয়াহে তেওঁলোকে ফোন কৰিবলৈ ল’লে, সামৰিক অভিযানৰ সঞ্চালক প্ৰধানক (ডিজিএমঅ’) অনুৰোধ কৰিলে, ‘প্লিজ বন্ধ কৰক, আপুনি আমাক যথেষ্ট আঘাত কৰিছে, আমি আৰু ল’ব নোৱাৰো, অনুগ্ৰহ কৰি এই আক্ৰমণ বন্ধ কৰক।

পাকিস্তানৰ ডি জি এম অ’ৰ ফোন কল আহিছিল, আৰু ভাৰতে ইতিমধ্যে প্ৰথম দিনাই স্পষ্ট কৰি দিছিল—মাত্ৰ ৭ তাৰিখৰ পুৱাৰে পৰা প্ৰেছ বিবৃতি চাওক—আমি আমাৰ লক্ষ্যত উপনীত হ’লোঁ। আমি এইটোও কৈছিলো যে আপুনি যদি আৰু কিবা কৰাৰ চেষ্টা কৰে তেন্তে ইয়াৰ পৰিণতি ভয়াবহ হ’ব। আজি মই পুনৰাবৃত্তি কৰিছো যে এয়া আছিল ভাৰতৰ স্পষ্ট নীতি, সুচিন্তিত নীতি, সশস্ত্ৰ বাহিনীৰ সমন্বয়ত সিদ্ধান্ত লোৱা। নীতি আছিল যে আমাৰ লক্ষ্য সন্ত্ৰাসবাদ, ইয়াৰ মাষ্টাৰমাইণ্ড, আৰু তেওঁলোকৰ লুকাই থকা ঠাইবোৰ। প্ৰথম দিনাৰ সংবাদমেলৰ সময়ত আমি স্পষ্টকৈ কৈছিলোঁ যে আমাৰ কাৰ্য্য অ-এস্কেলেটৰী। বন্ধুসকল, আমি এই কথা মুকলিকৈ ক’লোঁ আৰু তাৰ ওপৰত ভিত্তি কৰি, আমি আক্ৰমণ বন্ধ কৰি দিলোঁ।

অধ্যক্ষ মহোদয়,

বিশ্বৰ কোনো নেতাই ভাৰতক অভিযান বন্ধ কৰিবলৈ কোৱা নাছিল। প্ৰায় একে সময়তে, ৯ তাৰিখৰ নিশা আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিজনে মোৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল। তেওঁ এঘণ্টা ধৰি চেষ্টা কৰি আছিল, কিন্তু মই মোৰ সামৰিক বিষয়াসকলৰ সৈতে এখন বৈঠকত থকা বাবে তেওঁৰ ফোনটো গ্ৰহণ কৰিব পৰা নাছিলো। পিছত, মই তেওঁক পুনৰ ফোন কৰিলোঁ। মই ক’লোঁ, ‘আপুনি ফোন কৰিছিল, আপোনাৰ পৰা তিনি-চাৰিবাৰ ফোন আহিছিল, কিয় কওকচোন?’ তাৰ পিছত আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিয়ে মোক ফোনযোগে জনাই দিলে যে পাকিস্তানে এটা ডাঙৰ আক্ৰমণৰ পৰিকল্পনা কৰিছে। সেইটোৱেই তেওঁ মোক কৈছিল৷ মোৰ উত্তৰ আছিল এনেধৰণৰ - যিসকলে বুজিব নোৱাৰে, বুজিব নোৱাৰিব—কিন্তু মোৰ উত্তৰ আছিল: যদি পাকিস্তানৰ এনে উদ্দেশ্য আছে, তেন্তে ইয়াৰ পৰিণতি তেওঁলোকে ভুগিব লাগিব। সেইটোৱেই মই আমেৰিকাৰ উপ-ৰাষ্ট্ৰপতিক ক’লোঁ৷ মই ক’লো, যদি পাকিস্তানে আক্ৰমণ কৰে তেন্তে আমি আৰু ডাঙৰ আক্ৰমণেৰে প্ৰত্যুত্তৰ দিম। আৰু মই আৰু এটা শাৰী যোগ কৰিছিলোঁ: আমি গুলীৰ উত্তৰ দিম গোলাৰে। এইটো আছিল ৯ তাৰিখৰ নিশা, আৰু ৯ তাৰিখৰ নিশা আৰু ১০ তাৰিখৰ পুৱালৈকে আমি পাকিস্তানৰ সামৰিক ক্ষমতা ধ্বংস কৰি পেলাইছিলো। সেইটোৱেই আছিল আমাৰ সঁহাৰি, সেইটোৱেই আছিল আমাৰ আত্মা। আৰু আজি পাকিস্তানে সম্পূৰ্ণৰূপে বুজি পাইছে যে প্ৰতিটো ভাৰতীয় সঁহাৰি শেষৰটোৰ তুলনাত অধিক শক্তিশালী। তেওঁলোকে এইটোও জানে যে ভৱিষ্যতে যদি এনে পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে ভাৰত যিকোনো পৰ্যায়লৈ যাব পাৰে। সেইবাবেই আকৌ এবাৰ গণতন্ত্ৰৰ এই মন্দিৰত পুনৰ ক’ব বিচাৰিছো— অপাৰেচন সিন্দুৰ এতিয়াও চলি আছে। যদি পাকিস্তানে দুৰ্ঘটনাৰ কল্পনা কৰিবলৈও সাহস কৰে তেন্তে ইয়াৰ ভয়াবহ সঁহাৰি লগে লগে পাব।’

সন্মানীয় অধ্যক্ষ মহোদয়,

আজিৰ ভাৰত আত্মবিশ্বাসেৰে ভৰপূৰ। আত্মনিৰ্ভৰশীলতাৰ মন্ত্ৰৰ দ্বাৰা পৰিচালিত হৈ আজিৰ ভাৰত দ্ৰুতগতিত আৰু সম্পূৰ্ণ শক্তিৰে আগবাঢ়িছে। স্বাৱলম্বী হোৱাৰ দিশত ভাৰতৰ যাত্ৰাৰ সাক্ষী হৈ আছে সমগ্ৰ দেশবাসী। কিন্তু দেশবাসীয়ে এইটোও লক্ষ্য কৰি আছে যে ভাৰতে আত্মনিৰ্ভৰশীলতাৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে যদিও কংগ্ৰেছ দলে বিভিন্ন বিষয় উত্থাপনৰ বাবে পাকিস্তানৰ ওপৰত ক্ৰমান্বয়ে নিৰ্ভৰশীল হৈ পৰিছে। গোটেই দিনটো চাই আছিলো—১৬ ঘণ্টা ধৰি এই আলোচনা চলি আছে—আৰু দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ দলে পাকিস্তানৰ পৰা ইছ্যু আমদানি কৰিবলগীয়া হৈছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আজিৰ যুদ্ধত তথ্য আৰু আখ্যান বা নেৰেটিভে অতি উল্লেখযোগ্য ভূমিকা পালন কৰে। নেৰেটিভ ৰচনা কৰি আৰু এআইৰ ব্যাপক ব্যৱহাৰেৰে আমাৰ সশস্ত্ৰ বাহিনীৰ মনোবল দুৰ্বল কৰাৰ প্ৰয়াস কৰা হৈছিল। জনসাধাৰণৰ মাজত অনাস্থাৰ বীজ সিঁচিবলৈও অহৰহ প্ৰচেষ্টা চলি আছে। দুৰ্ভাগ্যজনকভাৱে পাকিস্তানৰ এনে প্ৰতাৰণামূলক কৌশলৰ মুখপাত্ৰ হৈ পৰিছে কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দল।

সন্মানীয় অধ্যক্ষ মহোদয়,

দেশৰ সেনাবাহিনীয়ে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ সশস্ত্ৰ বাহিনীয়ে যেতিয়া সফলতাৰে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিলে, তেতিয়াই কংগ্ৰেছ নেতাসকলে সেনাবাহিনীৰ পৰা প্ৰমাণ বিচাৰিলে। কিন্তু যেতিয়া তেওঁলোকে সমগ্ৰ দেশৰ আৱেগ অনুভৱ কৰিলে, তেতিয়া তেওঁলোকৰ সুৰ সলনি হ’বলৈ ধৰিলে। আৰু তাৰ পিছত তেওঁলোকে কি ক’বলৈ আৰম্ভ কৰিলে জানেনে? কংগ্ৰেছ নেতাসকলে ক’বলৈ আৰম্ভ কৰিছিল, “এই ছাৰ্জিকেল ষ্টাইকৰ কি এনে ডাঙৰ বস্তু? আমিও এনে ছাৰ্জিকেল ষ্ট্ৰাইক কৰিছিলো।” এজনে ক’লে, “আমি তিনিটা চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিলোঁ।” আন এজনে ক’লে, “আমি ছটা চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিলোঁ।” তৃতীয়জনে দাবী কৰিছিল, “আমি পোন্ধৰটা চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিলোঁ।” নেতা যিমানেই ডাঙৰ হ’ব সিমানেই তেওঁলোকৰ সংখ্যাও ডাঙৰ হৈ গৈ আছিল।

 

সন্মানীয় অধ্যক্ষ মহোদয়,

ইয়াৰ পিছত সশস্ত্ৰ বাহিনীয়ে বালাকোটত বিমান আক্ৰমণ চলায়। এতিয়া যিহেতু বিমান আক্ৰমণৰ পৰিমাণ ইমানেই আছিল যে তেওঁলোকে “আমিও কৰিলোঁ” বুলি দাবী কৰিব নোৱাৰিলে, গতিকে তেওঁলোকে তেনেকৈ নোকোৱাই ভাল বুলি সামৰি থ’লে। সেই ক্ষেত্ৰত তেওঁলোকে কিছু সংযম দেখুৱাইছিল — কিন্তু তাৰ পিছত তেওঁলোকে ফটো দাবী কৰিবলৈ আৰম্ভ কৰিছিল। তেওঁলোকে সুধিবলৈ ল’লে, "আমাক বিমান আক্ৰমণৰ ছবি দেখুৱাওক।" "বোমাবোৰ ঠিক ক'ত পৰিল?" "কি ধ্বংস হ'ল?" "কিমান ধ্বংস হ'ল?" "কিমানৰ মৃত্যু হ'ল?" সেইটোৱেই তেওঁলোকে প্ৰশ্ন কৰি থাকিল! আৰু আমোদজনক কথাটো হ’ল, পাকিস্তানেও একেবোৰ প্ৰশ্নই কৰিছিল — গতিকে তেওঁলোকেও একেধৰণৰ প্ৰশ্নই কৰিছিল। 'এইটোৱেই নহয়...'

সন্মানীয় অধ্যক্ষ মহোদয়,

পাইলট অভিনন্দনক বন্দী কৰাৰ সময়ত পাকিস্তানত উত্সৱমুখৰ পৰিৱেশ হোৱাটো স্বাভাৱিক আছিল — কাৰণ তেওঁলোকৰ জিম্মাত ভাৰতীয় বায়ুসেনাৰ পাইলট আছিল। কিন্তু ইয়াতো আমাৰ নিজৰ দেশত পৰ্দাৰ আঁৰত কিছুমান মানুহে ক’বলৈ লৈছিল, “এতিয়া মোডী বিপদত পৰিছে। অভিনন্দন পাকিস্তানত আছে — চাওঁ মোদীয়ে তেওঁক ঘূৰাই আনিব পাৰে নে নোৱাৰে। এতিয়া আমি চাম মোদীয়ে কি কৰে।” কিন্তু জোকৰ মুখত চূণ দি অভিনন্দন উভতি আহিল সগৌৰৱেৰে। আমি অভিনন্দনক ঘূৰাই আনিলোঁ, সেই মাতবোৰ নিস্তব্ধ হৈ পৰিল। তেওঁলোকে অনুভৱ কৰিলে, “এই মানুহজন সঁচাকৈয়ে ভাগ্যৱান! আমাৰ হাতৰ পৰা আমাৰ ট্ৰাম্প কাৰ্ডখন ওলাই গ’ল।

 

সন্মানীয় অধ্যক্ষ মহোদয়,

পহলগাম আক্ৰমণৰ পিছত যেতিয়া আমাৰ বি এছ এফৰ এজন জোৱান পাকিস্তানে বন্দী কৰিলে, তেতিয়া তেওঁলোকে ভাবিলে, “বঢ়িয়া! আমাৰ হাতত এটা ডাঙৰ ইছ্যু আহি গৈছে, এতিয়া মোডী বিপদত পৰিব। এইবাৰ মোডীয়ে নিশ্চয় লাজ বাব। আৰু তাৰ পিছত তেওঁলোকৰ সমগ্ৰ পৰিৱেশ তন্ত্ৰই ছ’চিয়েল মিডিয়াত নানা ধৰণৰ আখ্যানৰে ভৰাই তুলিলে: বিএছএফৰ জোৱানজনৰ কি হ’ব? তেওঁৰ পৰিয়ালটোৰ কি ক’ব? উভটি আহিবনে? কেতিয়া ঘূৰি আহিব? কেনেকৈ ঘূৰি আহিব?” অবিৰতভাৱে বিভিন্ন ধৰণৰ কাহিনী বিয়পাই দিলে।

সন্মানীয় অধ্যক্ষ মহোদয়,

সেই বি এছ এফ জোৱানেও সম্পূৰ্ণ সন্মান, গৌৰৱ, মৰ্যাদাৰে উভতি আহিল। আজি সন্ত্ৰাসবাদীয়ে কান্দিছে, সিঁহতৰ মালিকবোৰে কান্দিছে, আৰু তেওঁলোকক কান্দি থকা দেখি ইয়াৰ কিছুমান মানুহেও কান্দিছে। এতিয়া চাওক, যেতিয়া ছাৰ্জিকেল ষ্ট্ৰাইক হৈছিল, তেতিয়া তেওঁলোকে ৰাজনৈতিক খেল খেলিবলৈ চেষ্টা কৰিছিল, কিন্তু কাম নহ’ল৷ যেতিয়া বিমান আক্ৰমণটো হ’ল, তেতিয়াও তেওঁলোকে আন এটা কৌশল চেষ্টা কৰি চালে, কিন্তু সেইটোও কামত নাহিল। তাৰ পিছত আহিল অপাৰেচন সিন্দুৰ, আৰু তেওঁলোকে এটা নতুন কৌশল আৰম্ভ কৰিলে, “কিয় বন্ধ কৰা হ’ল?” প্ৰথমতে তেওঁলোকে কোনো কামেই কৰা হৈছে বুলি স্বীকাৰ কৰিবলৈও ইচ্ছুক নাছিল। আৰু এতিয়া তেওঁলোকে সুধিছে, “আপুনি কিয় ৰৈ গ’ল?” কি যে অদ্ভুত মানুহ এইবোৰ! বিৰোধিতা কৰিবলৈ মাত্ৰ এটা অজুহাত লাগে, সেয়া লাগিলে যিয়েই নহওক। আৰু সেইবাবেই কেৱল মই নহয়, সমগ্ৰ দেশৰ সমূখতে আজি আপোনালোক হাঁহিয়াতৰ পাত্ৰ হৈছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

সশস্ত্ৰ বাহিনীৰ প্ৰতি বিৰোধিতা, আমাৰ সামৰিক বাহিনীৰ প্ৰতি এই অবিৰত নেতিবাচকতা দীৰ্ঘদিন ধৰি কংগ্ৰেছ দলৰ মনোভাৱৰ অংশ হৈ আহিছে। দেশে মাত্ৰ কেইদিনমান পূৰ্বে কাৰ্গিল বিজয় দিৱস উদযাপন কৰিলে, কিন্তু সমগ্ৰ দেশে জানে যে কংগ্ৰেছে কেতিয়াও কাৰ্গিলত জয়লাভক সঁচা অৰ্থত আকোৱালি লোৱা নাই, আৰু সেয়া তেওঁলোকে কেতিয়াও নামি নলয়। তেওঁলোকে কাৰ্গিল বিজয় দিৱস উদযাপন কৰা নাই, সেই গৌৰৱময় জয়ৰ বাবেও গৌৰৱ কৰা নাই। ইতিহাস সাক্ষী হৈ আছে, মাননীয় অধ্যক্ষ মহোদয়, ডোকলাম বিবাদৰ সময়ত যেতিয়া আমাৰ সেনাবাহিনীয়ে নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিছিল, তেতিয়া কংগ্ৰেছৰ নেতাসকলে গোপনে ব্রিফিং লৈছিল, আৰু এতিয়া গোটেই পৃথিৱীয়ে জানে যে তেওঁলোকে কাক লগ ধৰিছিল। পাকিস্তানে দিয়া চৰকাৰী বক্তব্যবোৰ লৈ তুলনা কৰক, শব্দৰ পিছত শব্দলৈ, আনকি দাৰি- কমালৈ — ইয়াত আমাৰ নিজৰ কিছুমান নেতাই দিয়া বক্তব্যৰ সৈতে আমাৰ বিৰোধিতা কৰা শব্দবোৰ হুবহু একেই। ইয়াক কি বুলি ক’ব পাৰি? আৰু হয়, এইবোৰ অস্বস্তিকৰ হ’ব পাৰে, কিন্তু সত্যই আঘাত দিয়ে। সেই মুহূৰ্তত তেওঁলোকৰ কথাবোৰ পাকিস্তানৰ কথাবোৰৰ লগতেই মিলি গৈছিল।

সন্মানীয় অধ্যক্ষ মহোদয়,

কংগ্ৰেছে পাকিস্তানক ক্লীন শ্বীট দিয়াত স্তম্ভিত হৈ পৰিছে দেশ। তেওঁলোকৰ এই সাহস নাই যে পহলগামৰ সন্ত্ৰাসবাদী যে পাকিস্তানী আছিল তাৰ প্ৰমাণ দিব পাৰিব। তোমালোকে কি কৈছা? এইটো কেনেধৰণৰ পদ্ধতি? আৰু কংগ্ৰেছে যি দাবী উত্থাপন কৰিছে, সেই দাবী পাকিস্তানেও কৰিছে।

और সন্মানীয় অধ্যক্ষ মহোদয়,

আজি যেতিয়া প্ৰমাণৰ অভাৱ নাই, আমাৰ চকুৰ সন্মুখত সকলো স্পষ্ট হৈ পৰিছে, তেতিয়াও এনে এক পৰিস্থিতি। যদি কোনো প্ৰমাণ নাথাকিলহেঁতেন তেন্তে এই মানুহবোৰে কি কৰিলেহেঁতেন, কওকচোন?

সন্মানীয় অধ্যক্ষ মহোদয়,

অধ্যক্ষ মহোদয়, বহু মনোযোগ আৰু আলোচনা প্ৰায়ে অপাৰেচন সিন্দুৰৰ মাত্ৰ এটা অংশৰ ওপৰতহে কেন্দ্ৰিত হয়। কিন্তু কিছুমান বিশেষ মুহূৰ্ত আছে যিয়ে জাতিটোৰ বাবে গৌৰৱ কঢ়িয়াই আনে, যিবোৰ শক্তিৰ প্ৰদৰ্শন আৰু সেইবোৰ সমান স্বীকৃতিৰ যোগ্য। আমাৰ এয়াৰ ডিফেন্স ছিষ্টেমৰ কথা আজি সমগ্ৰ বিশ্বতে চৰ্চা হৈছে। মন কৰিবলগীয়া যে এই অভিযানৰ সময়ত, আমাৰ এয়াৰ ডিফেন্স ছিষ্টেমে পাকিস্তানৰ মিছাইল আৰু ড্ৰ’নক শুকান খেৰৰ দৰে ভাঙি পেলালে আৰু বিশ্বক দেখুৱালে ভাৰতৰ ক্ৰমবৰ্ধমান প্ৰযুক্তিগত আৰু কৌশলগত শক্তিৰ এক শক্তিশালী নিদৰ্শন।

সন্মানীয় অধ্যক্ষ মহোদয়,

আজি মই এই সদনত এটা পৰিসংখ্যা শ্বেয়াৰ কৰিব বিচাৰিছো, যিয়ে প্ৰতিজন ভাৰতীয়ক গৌৰৱান্বিত কৰি তুলিব। আন কিছুমানে কেনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সেয়া মই নাজানো, কিন্তু সমগ্ৰ দেশে ইয়াক লৈ গৌৰৱ অনুভৱ কৰিব। ৯ মে’ত পাকিস্তানে প্ৰায় ১০০০ ক্ষেপণাস্ত্ৰ আৰু সশস্ত্ৰ ড্ৰ’ন ব্যৱহাৰ কৰি ভাৰতত ব্যাপক আক্ৰমণৰ চেষ্টা কৰিছিল, হয়, এক হাজাৰ ক্ষেপণাস্ত্ৰ। আনকি এই ক্ষেপণাস্ত্ৰৰ কেইটামানো ভাৰতৰ যিকোনো ঠাইত অৱতৰণ কৰা হ’লে ধ্বংস বিপৰ্যয়জনক হ’লহেঁতেন। কিন্তু কি হ’ল? ভাৰতৰ প্ৰতিৰক্ষা ব্যৱস্থাই আকাশৰ সোমাজতে আটাইকেইটা মানে ১০০০ মিছাইল আৰু ড্ৰ’ন প্ৰতিৰোধ কৰি ধ্বংস কৰে। সেইবোৰৰ এটাইও ভাৰতৰ মাটি স্পৰ্শ কৰিব পৰা নাছিল। প্ৰতিজন নাগৰিকে ইয়াক লৈ গৌৰৱ কৰাটো উচিত। কিন্তু কংগ্ৰেছৰ একাংশই যেন ইয়াৰ বাবেই অপেক্ষা কৰি আছিল, প্ৰায় আশাই কৰিছিল, “কিবা এটা ভুল হ’বই লাগিব... হয়তো মোডী বিফল হ’ব... হয়তো তাতেই ফচাব পৰা যাব...।” আনকি পাকিস্তানে আদমপুৰ এয়াৰবেছত আক্ৰমণৰ ভুৱা বাতৰিও বিয়পাইছিল। আৰু কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰগোটসমূহে সেই মিছা কথাটোকে প্ৰসাৰিত কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। ঠিক পিছদিনাই মই ব্যক্তিগতভাৱে আদমপুৰলৈ গ’লোঁ, আৰু মই পাকিস্তানৰ মিছা কথাখিনি সকলোৰে সমূখত উদঙাই দিলোঁ, তথ্যসহ৷ তেতিয়াহে তেওঁলোকে উপলব্ধি কৰিলে যে এইবাৰ তেওঁলোকৰ মিছা কথাই কাম নকৰিব৷

সন্মানীয় অধ্যক্ষ মহোদয়,

দেশৰ সৰু সৰু দলৰ আমাৰ সতীৰ্থসকল, যিসকলে ৰাজনীতিত নতুন আৰু এতিয়াও ক্ষমতাত থকাৰ সুযোগ পোৱা নাই, যেতিয়া তেওঁলোকৰ পৰা এনে মন্তব্য আহে, সেয়া কিছু স্বাভাৱিক হয় আৰু সেই কথা মই বুজো৷ কিন্তু কংগ্ৰেছ দলে এই দেশত দশক দশক ধৰি শাসন কৰি আহিছে। শাসন ব্যৱস্থাৰ সৈতে তেওঁলোক গভীৰভাৱে পৰিচিত। সেই গাঁথনিবোৰৰ ভিতৰৰ পৰাই আহে। চৰকাৰৰ কাম-কাজ কেনেকুৱা হয় তেওঁলোকে ভালদৰে জানে। তেওঁলোকৰ অভিজ্ঞতা আছে। আৰু তথাপিও — তাৰ পিছতো — যেতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তৎক্ষণাত সঁহাৰি জনায়, তেতিয়া তেওঁলোকে ইয়াক গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। যেতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে সাক্ষাৎকাৰ দিয়ে, বাৰে বাৰে কথা কয়, তেতিয়াও তেওঁলোকে স্বীকাৰ নকৰে। গৃহমন্ত্ৰীয়ে যেতিয়া কথা কয়, প্ৰতিৰক্ষা মন্ত্ৰীয়ে কথা কয় — তেওঁলোকে কাকো বিশ্বাস নকৰে। ইমান বছৰে দেশত শাসন কৰি অহা দল এটাই যদি আৰু দেশৰ প্রতিষ্ঠানকে বিশ্বাস নকৰে, তেতিয়া এজনে সুধিবলৈ বাধ্য হয়: তেওঁলোকৰ কি হৈছে? ইমান বছৰে শাসন কৰাসকলৰ যদি দেশৰ ব্যৱস্থাসমূহৰ ওপৰত বিশ্বাস নাই, তেন্তে তেওঁলোকৰ কি হৈছে বুলি ভাবিব পাৰি?

সন্মানীয় অধ্যক্ষ মহোদয়,

এতিয়া পাকিস্তানৰ ৰিম’ট কণ্ট্ৰ’লৰ দ্বাৰা কংগ্ৰেছৰ ওপৰত আস্থা গঢ় লৈ উঠে আৰু সলনি হয়।

সন্মানীয় অধ্যক্ষ মহোদয়,

কংগ্ৰেছৰ সম্পূৰ্ণ নতুন সদস্য এজনক অন্ততঃ ক্ষমা কৰা উচিত, নতুন সদস্য যিহেতু কি ক’ব পাৰি। কিন্তু কংগ্ৰেছৰ মূৰব্বীবোৰে লিখিতভাৱে দি ক’বলৈ বাধ্য কৰায়, তেওঁলোকৰ নিজৰেই সাহস নাই, অপাৰেচন সিন্দুৰ কেৱল এক নাটক আছিল বুলি ক’বলৈ বাধ্য কৰায়। সন্ত্ৰাসবাদীয়ে ২৬ জন নিৰীহ লোকক নিৰ্মমভাৱে হত্যা কৰাৰ প্ৰতিক্ৰিয়া স্বৰূপে আৰম্ভ কৰা অভিযানৰ বিষয়ে? ইয়াক “নাটক” বুলি কোৱাটো কেৱল অপমান নহয়, শোকত ভাগি পৰা এটা দেহত এচিড ঢালি দিয়াৰ দৰেই৷ আৰু এইটো কোনো বিচ্ছিন্নতাকামী মন্তব্য নাছিল, কংগ্ৰেছ নেতাসকলে এই কথাত অনুমোদন জনাইছিল। এয়াই তেওঁলোকৰ মানসিকতা। আৰু দুখৰ বিষয় যে এই দেশৰ বেদনা আৰু গৌৰৱৰ পৰা তেওঁলোক কিমান দূৰত আছে সেয়াই দেখুৱাইছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

পহলগামৰ আক্ৰমণকাৰীক কালি আমাৰ নিৰাপত্তা বাহিনীয়ে অপাৰেচন মহাদেৱৰ জৰিয়তে গুলীয়াই হত্যা কৰিলে। কিন্তু মই আচৰিত হৈছো, সঁচাকৈয়ে স্তম্ভিত হৈছো যে এই ঘটনাৰ পিছত একতা প্ৰদৰ্শনৰ পৰিৱৰ্তে ইয়াত কিছুমানে অট্টহাস্য কৰি, উপহাস কৰি সুধিলে, “কালিহে এনেকুৱা হ’ল কিয়?” এতিয়া এয়া কেনেকুৱা মানসিকতা? এই মানুহবোৰৰ কি হৈছে যে তেওঁলোকে সুধিছে — “অপাৰেচনৰ সময় পবিত্ৰ শাওন মাহৰ সোমবাৰ আছিল নেকি? কেনে স্তৰৰ হতাশাত তেওঁলোক ডুব গৈছে? আৰু মাত্ৰ বিদ্ৰুপটো চাওকচোন, যোৱা কেইবা সপ্তাহ ধৰি তেওঁলোকে বাৰে বাৰে প্ৰশ্ন কৰি আছিল: "ঠিক আছে, অপাৰেচন সিন্দুৰ হৈ গ'ল, কিন্তু পহলগাম সন্ত্ৰাসবাদীৰ কথা কি ক'ব?" "কি হ'ল সিহঁতৰ?" এতিয়া যেতিয়া ন্যায় প্ৰদান কৰা হৈছে, তেওঁলোকে সুধিছে: "এতিয়া কিয়? আগতে কিয় নহ’ল? মাননীয় অধ্যক্ষ, আনকি তেওঁলোকৰ লগত কি চলি আছে? এইটো স্পষ্ট যে তেওঁলোকৰ যুক্তি তেওঁলোকৰ হতাশাত হেৰাই গৈছে, আৰু তেওঁলোকৰ ৰাজনীতিয়ে তেওঁলোকক জাতীয় স্বাৰ্থৰ প্ৰতি অন্ধ কৰি পেলাইছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ শাস্ত্ৰত কোৱা হৈছে - শাষ্ট্ৰেণ ৰক্ষিতে ৰাষ্ট্ৰে, শাস্ত্ৰ চিন্তা প্ৰৱৰ্ততে," যাৰ অৰ্থ হৈছে যেতিয়া এটা জাতি অস্ত্ৰ-শস্ত্ৰ (শক্তি)ৰ দ্বাৰা সুৰক্ষিত হয়, তেতিয়াহে জ্ঞান আৰু প্ৰজ্ঞাৰ সন্ধান প্ৰৌজ্জ্বলিত হৈ উঠিব পাৰে। যেতিয়া আমাৰ সীমান্ত শক্তিশালী সামৰিক বাহিনীয়ে সুৰক্ষিত কৰে, তেতিয়াহে গণতন্ত্ৰই সম্পূৰ্ণভাৱে লাভৱান হ’ব পাৰিব।

সন্মানীয় অধ্যক্ষ মহোদয়,

যোৱা দশকত ভাৰতৰ সশস্ত্ৰ বাহিনীক কেনেদৰে ক্ষমতা প্ৰদান কৰা হৈছে তাৰ প্ৰত্যক্ষ প্ৰমাণ হিচাপে অপাৰেচন সিন্দুৰে থিয় দিছে। আৰু মই স্পষ্টকৈ কওঁ যে এইটো আকস্মিকভাৱে হোৱা নাছিল। কংগ্ৰেছ শাসনৰ সময়ত আমাৰ সামৰিক ব্যৱস্থাটোক আত্মনিৰ্ভৰশীল কৰি তোলাৰ কথা কোনো চিন্তাও নাছিল। আজিও “আত্মনিৰ্ভৰশীলতা” শব্দটোকেই উপহাস কৰা হৈছে, বিড়ম্বনাৰ কথাটো হ’ল, আত্মনিৰ্ভৰশীলতা শব্দটোৰ শিপা মহাত্মা গান্ধীৰ পৰাই অহা স্বত্ত্বেও উপহাস কৰি থকা হৈছে। কংগ্ৰেছেই ইয়াক উপহাস কৰি আছে। তেওঁলোকৰ শাসনৰ অধীনতে তেওঁলোকে প্ৰতিটো প্ৰতিৰক্ষা চুক্তিত অহৰহ সুযোগ বিচাৰিছিল, সেয়া জাতীয় স্বাৰ্থৰ বাবে নহয়, নিজৰ লাভৰ বাবেহে। ভাৰত বিদেশী ৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰশীল আছিল, আনকি সৰু সৰু অস্ত্ৰ-শস্ত্ৰৰ বাবেও। সেইটোৱেই আছিল তেওঁলোকৰ উত্তৰাধিকাৰ। আমাৰ হাতত বুলেটপ্ৰুফ জেকেট বা নাইট ভিজন সঁজুলিও নাছিল৷ তালিকাখন আৰু দীঘলীয়া, জীপৰ পৰা আৰম্ভ কৰি, বফৰ্ছ বন্দুকলৈকে, হেলিকপ্টাৰলৈকে, প্ৰতিটো চুক্তিতে কেলেংকাৰীৰে কলংকিত হৈছিল। সেইটোৱেই হৈছে বিপৰীতমুখী দিশ, আৰু ইফালে অপাৰেচন সিন্দুৰ হৈছে স্বচ্ছতা, শক্তি আৰু আত্মনিৰ্ভৰশীলতাৰ এক নতুন যুগৰ ফল।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ সশস্ত্ৰ বাহিনীয়ে আধুনিক অস্ত্ৰ-শস্ত্ৰ লাভ কৰিবলৈ দশক দশক ধৰি অপেক্ষা কৰিবলগীয়া হৈছিল। কিন্তু যদি আমি স্বাধীনতাৰ আগলৈ ঘূৰি যাওঁ, ইতিহাসে সাক্ষী দিয়ে যে তেতিয়াও এনে এটা সময় আছিল যেতিয়া প্ৰতিৰক্ষা উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ গুৰুত্ব আছিল। আনকি তৰোৱাল যুদ্ধৰ যুগতো, ভাৰতীয় তৰোৱালক বিশ্বৰ ভিতৰতে উত্তমবোৰৰ ভিতৰত গণ্য কৰা হৈছিল। আমি এসময়ত প্ৰতিৰক্ষা সঁজুলিৰ ক্ষেত্ৰত আগশাৰীৰ আছিলোঁ। কিন্তু স্বাধীনতাৰ পিছত, ভাৰতত থকা শক্তিশালী প্ৰতিৰক্ষা উৎপাদন পৰিৱেশ তন্ত্ৰ ইচ্ছাকৃতভাৱে দুৰ্বল কৰি পেলোৱাৰ লগতে পদ্ধতিগতভাৱে ভাঙি পেলোৱা হৈছিল। গৱেষণা আৰু উৎপাদনৰ বাবে পথ বন্ধ হৈ পৰিছিল। আমি সেই অৱহেলাৰ সেই পথত আগবাঢ়ি গ’লে, ভাৰতে একবিংশ শতিকাত অপাৰেচন সিন্দুৰৰ দৰে কিবা এটাৰ কথা সপোনতো ভাবিব নোৱাৰিলেহেতেন। এই পৰিস্থিতিত তেওঁলোকে আমালৈ এৰি থৈ গৈছিল কি, এটা চৰ্ত য’ত ভাৰতে নিজকে সুধিবলগীয়া হৈছিল: যদি আমি ব্যৱস্থা ল’বলগীয়া হয়, তেন্তে আমি অস্ত্ৰ-শস্ত্ৰ ক’ৰ পৰা পাম? ৰচদ পাতি ক’ৰ পৰা আহিব? আমি গোলাবাৰুদ ক’ৰ পৰা পাম? আমি সময়ত পাম নে নাই? গৱেষণাৰ অভাৱৰ বাবে মাজভাগতে ৰৈ যাব নেকি? এইটোৱেই আছিল আমাৰ দেশখনৰ সৈতে জীয়াই থাকিবলৈ বাধ্য হোৱা অহৰহ উদ্বিগ্নতা।

সন্মানীয় অধ্যক্ষ মহোদয়,

যোৱা দশকত ভাৰততে নিৰ্মিত অস্ত্ৰ সেনাবাহিনীয়ে লাভ কৰিছিল, এই অভিযানত সেইবোৰে অতি নিৰ্ণায়ক ভূমিকা পালন কৰিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

এটা দশকৰ আগতে ভাৰতৰ জনসাধাৰণে সামূহিকভাৱে সংকল্প লৈছিল যে আমাৰ জাতিটো শক্তিশালী, আত্মনিৰ্ভৰশীল আৰু আধুনিক হ’ব লাগিব। প্ৰতিৰক্ষা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত ধাৰাবাহিক সাহসী আৰু নিৰ্ণায়ক সংস্কাৰৰ কাম হাতত লোৱা হৈছিল, যিবোৰ বহু ক্ষেত্ৰত, স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ঘটিছিল। তেনে এক ঐতিহাসিক সংস্কাৰ আছিল প্ৰতিৰক্ষা বাহিনীবোৰৰ মুখ্য বিষয়াৰ (চিডিএছ) নিযুক্তি। এইটো কোনো নতুন ধাৰণা নাছিল,  বহু দেশেই ইতিমধ্যে ইয়াক কাৰ্যকৰী কৰিছিল, কিন্তু ভাৰতত সিদ্ধান্ত সদায় পলম বা এৰাই চলা হৈছিল। আমি অৱশেষত সেই ডাঙৰ পদক্ষেপটো লৈছিলো, আৰু মই আমাৰ তিনিওটা সশস্ত্ৰ বাহিনী ক্ৰমে সেনা, নৌসেনা আৰু বায়ুসেনালৈ এই ছেগতে অভিনন্দন জনাইছো। এই সংস্কাৰক আন্তৰিকতাৰে আকোৱালি লোৱাৰ বাবে আৰু সম্পূৰ্ণ প্ৰতিশ্ৰুতিৰ সৈতে সহযোগিতা কৰা বাবেও অভিনন্দন জনাইছো। আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ শক্তি হৈছে একতা, সেয়া নৌসেনাই হওক, বায়ুসেনাই হওক বা সেনাবাহিনীয়ে হওক, এই একতাই আমাৰ সামৰিক সামৰ্থ্য বহুগুণে, মানে বহুগুণে বৃদ্ধি কৰিছে, আৰু আমি এই ৰূপান্তৰৰ ফলাফল স্পষ্টকৈ দেখিছো। আমি ৰাজহুৱা খণ্ডৰ প্ৰতিৰক্ষা কোম্পানীসমূহৰ সংস্কাৰো কৰিলোঁ। প্ৰথম অৱস্থাত অশান্তিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছিল, বিভিন্ন ধৰ্মঘট, প্ৰতিবাদ, সৃষ্টি কৰা হৈছিল, যিবোৰ প্ৰচেষ্টা এতিয়াও অব্যাহত আছে। কিন্তু ৰাষ্ট্ৰীয় স্বাৰ্থ সকলোতকৈ ওপৰত ৰাখি, আমাৰ প্ৰতিৰক্ষা PSU ৰ নিষ্ঠাবান ব্যক্তিসকলে আন্তৰিকতাৰে সংস্কাৰসমূহ গ্ৰহণ কৰিছিল, আৰু আজি, তেওঁলোক অতি উৎপাদনশীল আৰু দক্ষ হৈ পৰিছে। কেৱল সেয়াই নহয়, আমিও ব্যক্তিগত প্ৰতিষ্ঠানবোৰৰ বাবে প্ৰতিৰক্ষা খণ্ডৰ দুৱাৰ মুকলি কৰিলোঁ। আৰু আজি ভাৰতৰ ব্যক্তিগত খণ্ডই সম্পূৰ্ণ শক্তিৰে এইক্ষেত্ৰত খোজ দিছে। ২য় আৰু ৩য় পৰ্যায়ৰ চহৰৰ পৰা অহা ২৭-৩০ বছৰ বয়সীয়া আমাৰ যুৱ উদ্ভাৱকসকলে প্ৰতিৰক্ষা খণ্ডত সক্ৰিয়ভাৱে ষ্টাৰ্টআপ চলাই আছে আৰু কেইবাটাও ক্ষেত্ৰত যুৱতীসকলেও এই উদ্যোগসমূহৰ নেতৃত্ব দিছে। আজি আমাৰ শ শ ষ্টাৰ্টআপে প্ৰতিৰক্ষাৰ কাম কৰি আছে, ভাৰতৰ প্ৰকৃত আত্মনিৰ্ভৰশীলতাৰ দিশলৈ উদ্ভাৱন, গতি আৰু গৌৰৱ কঢ়িয়াই আনিছে।

ড্ৰোন, মই এই কথা ক’ব পাৰো যে আজি আমাৰ দেশত ঘটি থকা ড্ৰ’ন সম্পৰ্কীয় বেছিভাগ কৰ্মীৰেই গড় বয়স প্ৰায় ৩০ৰ পৰা ৩৫ বছৰ।  বিশেষকৈ উৎপাদন আৰু উদ্ভাৱনৰ ক্ষেত্ৰত তেওঁলোকৰ শক্তি আৰু অৱদানে অপাৰেচন সিন্দুৰৰ সময়ত আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই তেওঁলোকৰ সকলো প্ৰচেষ্টাক পূৰ্ণ হৃদয়েৰে শলাগ লৈছো, আৰু মই তেওঁলোকক আশ্বস্ত কৰিব বিচাৰো যে আপোনালোক আগবাঢ়ি গৈ থাকক, দেশ এতিয়া আৰু থমকি নৰয়।

সন্মানীয় অধ্যক্ষ মহোদয়,

প্ৰতিৰক্ষা খণ্ডত ‘মেক ইন ইণ্ডিয়া’ কেৱল এটা শ্লোগান নাছিল, ই আছিল এক গুৰুতৰ, দৃঢ়প্ৰতিজ্ঞ অভিযান। আমি ইয়াক বাজেট আবণ্টনেৰে সমৰ্থন কৰিলোঁ, নীতিবোৰলৈ সংস্কাৰ আনিলোঁ, আৰু প্ৰয়োজন সাপেক্ষে ভালেমান নতুন আৰু সাহসী পদক্ষেপ গ্ৰহণ কৰিলোঁ। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল আমি এটা স্পষ্ট আৰু কেন্দ্ৰীভূত দৃষ্টিভংগীৰে আগবাঢ়িলোঁ। আজি ভাৰতে প্ৰতিৰক্ষা খণ্ডত দ্ৰুতগতিত আগবাঢ়িছে আৰু এই গতিবেগে আমাৰ আত্মনিৰ্ভৰশীলতা, শক্তি, আৰু কৌশলগত স্বাধীনতাৰ প্ৰতি থকা দায়বদ্ধতাক প্ৰতিফলিত কৰে।

সন্মানীয় অধ্যক্ষ মহোদয়,

মাত্ৰ এটা দশকৰ ভিতৰতে ভাৰতৰ প্ৰতিৰক্ষা বাজেট প্ৰায় তিনিগুণ বৃদ্ধি পাইছে। প্ৰতিৰক্ষা উৎপাদন প্ৰায় ২৫০% বৃদ্ধি পাইছে। যোৱা ১১ বছৰত প্ৰতিৰক্ষা ৰপ্তানি ৩০ গুণতকৈও অধিক বৃদ্ধি পাইছে আৰু আজি ভাৰতে বিশ্বৰ প্ৰায় ১০০ খন দেশলৈ প্ৰতিৰক্ষা সঁজুলি ৰপ্তানি কৰিছে।

আৰু সন্মানীয় অধ্যক্ষ মহোদয়,

কিছুমান পৰিঘটনাই ইতিহাসৰ ওপৰত গভীৰ প্ৰভাৱ পেলায় আৰু অপাৰেচন সিন্দুৰ এনে এক মুহূৰ্ত যিয়ে বিশ্বৰ প্ৰতিৰক্ষা বজাৰত ভাৰতৰ ধ্বজা শক্তিশালীভাৱে উৰুৱাইছে। আজি ভাৰতত নিৰ্মিত অস্ত্ৰৰ চাহিদা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। এই ক্ৰমবৰ্ধমান চাহিদাই আমাৰ ঘৰুৱা উদ্যোগসমূহক সমৃদ্ধ কৰিব, বিশেষকৈ এম এছ এম ইবোৰক। আমাৰ যুৱক-যুৱতীসকলৰ বাবে কৰ্মসংস্থাপন সৃষ্টি কৰক, আৰু যুৱ ভাৰতীয়সকলক তেওঁলোকে বিকশিত কৰা সঁজুলিসমূহৰ জৰিয়তে বিশ্ববাসীক নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ অনুমতি দিয়ক। প্ৰতিৰক্ষা খণ্ডত আত্মনিৰ্ভৰ ভাৰতৰ দিশত আগবাঢ়ি যোৱাৰ লগে লগে, কিছুমান মানুহ এতিয়াও বিচলিত হোৱা যেন লাগে, দেখি আচৰিত হৈছো, যেন তেওঁলোকৰ ব্যক্তিগত ধনহে লুটপাত কৰা হৈছে। এইটো কেনেকুৱা মানসিকতা? দেশখনে এনে লোকক চিনি পাবলৈ আৰম্ভ কৰিব লাগিব।

সন্মানীয় অধ্যক্ষ মহোদয়,

মই স্পষ্টকৈ ক’ব বিচাৰো যে ভাৰত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল হোৱাটো কেৱল নিজৰ বাবেই গুৰুত্বপূৰ্ণ নহয়, কিন্তু আজিৰ বিশ্ব অস্ত্ৰ সমুদায়ৰ যুগত বিশ্ব শান্তিৰ বাবেও অতি প্ৰয়োজনীয়। মই আগতেও কৈছো, ভাৰত যুদ্ধৰ দেশ নহয়, ই বুদ্ধৰ দেশ৷ আমি সমৃদ্ধি আৰু শান্তি বিচাৰো, কিন্তু আমি কেতিয়াও পাহৰিব নালাগে যে সমৃদ্ধি আৰু শান্তিৰ পথ শক্তি আৰু দৃঢ়তাৰ মাজেৰেই পাৰ হৈ যায়।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমাৰ দেশ ভাৰত ছত্ৰপতি শিৱজী মহাৰাজ, মহাৰাজ ৰঞ্জিত সিং, ৰাজেন্দ্ৰ চোড়া, মহাৰাণা প্ৰতাপ, লাছিত বৰফুকান আৰু মহাৰাজ সুহেল্ডেৱৰ দেশ।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমি উন্নয়ন আৰু শান্তিৰ বাবে কৌশলগত শক্তিৰ ওপৰতো গুৰুত্ব দিওঁ।

সন্মানীয় অধ্যক্ষ মহোদয়,

ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে কংগ্ৰেছৰ কেতিয়াও কোনো দৃষ্টিভংগী নাছিল, সেয়া অতীততো নাছিল, আৰু নিশ্চিতভাৱে আজিও নাই। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ত তেওঁলোকে সদায় আপোচ কৰি আহিছে। আজি যিসকলে সুধিছে "PoK কিয় ঘূৰাই লোৱা হোৱা নাই?, তাৰ উত্তৰত অকপটে ক’বলৈ গ’লে, তেওঁলোকে মোকেই সুধিব পাৰে, তাৰ বাবে আন কাৰোবাৰ ওচৰলৈ কিয় যাব লাগে? কিন্তু সোধাৰ আগতে তেওঁলোকে প্ৰথমে ইয়াৰ উত্তৰ দিব লাগিব যে কোনখন চৰকাৰে প্ৰথমতে পাকিস্তানক PoK দখল কৰিবলৈ অনুমতি দিছিল? উত্তৰটো হ’ল স্পষ্ট হৈ আছে। আৰু যেতিয়াই মই জৱাহৰলাল নেহৰুৰ কথা কওঁ, তেতিয়াই কংগ্ৰেছ আৰু ইয়াৰ সমগ্ৰ ইকো-ছিষ্টেমটোৰ গা জ্বলি-পুৰি যায়, নাজানো ই তেওঁলোকক কিয় ইমান আমনি কৰে।

সন্মানীয় অধ্যক্ষ মহোদয়,

আমি আগতে এটা বিখ্যাত বাক্যাংশ শুনিছিলোঁ, মই হয়তো ইমান ভালকৈ নাজানো, কিন্তু শুনিছো: - लम्हों ने खता की और सदियों ने सजा पाई। স্বাধীনতাৰ ঠিক পিছতেই লোৱা সিদ্ধান্তসমূহৰ মূল্য ভাৰতে আজিও দি থাকিবলগীয়া হৈছে। ইয়াত এটা কথা বাৰে বাৰে উল্লেখ কৰা হৈছে, সেইটো মই পুনৰ গুৰুত্ব দিব বিচাৰিছো: অক্ষয় চীন, সেই সমগ্ৰ অঞ্চলটোক অনুৰ্বৰা ভূমি ঘোষণা কৰা হৈছিল, আৰু সেই অসাৱধানতাকৰ বাবেই ভাৰতে ৩৮ হাজাৰ বৰ্গ কিলোমিটাৰ ভূখণ্ড হেৰুৱাইছিল।

সন্মানীয় অধ্যক্ষ মহোদয়,

মই জানো যে মোৰ কিছুমান কথাই বিন্ধিব পাৰে। ১৯৬২ চনৰ পৰা ১৯৬৩ চনৰ ভিতৰত কংগ্ৰেছৰ নেতাসকলে পুঞ্চ, উৰি, নীলম উপত্যকা, আৰু কিছাংগাকে ধৰি জম্মু আৰু কাশ্মীৰ অঞ্চল এৰি দিবলৈ প্ৰস্তাৱ দিছিল। এই ভাৰতৰ ভূমি...

সন্মানীয় অধ্যক্ষ মহোদয়,

আৰু সেইটোও সকলো তথাকথিত "শান্তিৰ ৰেখা"ৰ নামত। ১৯৬৬ চনত কংগ্ৰেছে ৰাণ অৱ কাচ্চক লৈ মধ্যস্থতা গ্ৰহণ কৰে। সেইটো আছিল তেওঁলোকৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ দৃষ্টিভংগী,  আকৌ এবাৰ ক্শ্বামবেটকে ধৰি প্ৰায় ৮০০ বৰ্গ কিলোমিটাৰ ভাৰতীয় ভূমি পাকিস্তানৰ হাতত তুলি দিয়া হৈছিল। ১৯৬৫ চনৰ যুদ্ধত আমাৰ সাহসী সৈন্যসকলে হাজী পীৰ পাছ পুনৰ দখল কৰিছিল, কিন্তু কংগ্ৰেছে আকৌ ঘূৰাই দিলে। ১৯৭১ চনত ৯৩ হাজাৰ পাকিস্তানী সৈন্য আমাৰ জিম্মাত আছিল। আমাৰ বাহিনীয়ে হাজাৰ হাজাৰ বৰ্গ কিলোমিটাৰ পাকিস্তানী ভূখণ্ড দখল কৰিছিল। আমি বিজয়ৰ অৱস্থাত আছিলো, ইমানখিনি লাভ কৰিব পৰা গ’লহেঁতেন৷ আনকি অলপ জ্ঞান থাকিলেও, অলপ দূৰদৰ্শিতা থাকিলেও পাক অধিকৃত কাশ্মীৰ ঘূৰাই ল’বলৈ সিদ্ধান্ত ল’ব পৰা গ’লহেঁতেন৷ সেইটোৱেই আছিল সেই মুহূৰ্ত। কিন্তু সেই সুযোগো এৰি দিয়া হ’ল৷ আৰু কেৱল সেয়াই নহয়, যেতিয়া সকলো টেবুলত আছিল, অন্ততঃ আমি কাৰ্টাৰপুৰ চাহিবক সুৰক্ষিত কৰিব পাৰিলোঁহেঁতেন, কিন্তু সেইটোও কৰা নহ’ল৷ ১৯৭৪ চনত কাচচাথিভু দ্বীপ শ্ৰীলংকাক উপহাৰ দিয়া হয়। আজিও আমাৰ মাছমৰীয়া ভাই-ভনীসকলে এই কাৰণেই ক্ষতিগ্ৰস্ত হয়। তেওঁলোকৰ জীৱন অহৰহ বিপদত পৰে। মোৰ তামিলনাডুৰ মাছমৰীয়া ভাই-ভনীসকলে কি অপৰাধ কৰিছিল যে আপুনি তেওঁলোকৰ অধিকাৰ কাঢ়ি লৈ আনক উপহাৰ দিলে? কংগ্ৰেছে দশক দশক ধৰি ছিয়াচেনৰ পৰা সেনাবাহিনী প্ৰত্যাহাৰ কৰাৰ পৰিকল্পনা কৰিছিল।

সন্মানীয় অধ্যক্ষ মহোদয়,

২০১৪ চনত দেশখনে তেওঁলোকক কোনো সুযোগ নিদিলে, নহ’লে আজি আমাৰ ছিয়াচেন আমাৰ হাতত নাথাকিলহেতেন।

সন্মানীয় অধ্যক্ষ মহোদয়,

আজিকালি কংগ্ৰেছৰ একাংশ নেতাই আমাক কূটনীতিৰ ওপৰত বক্তৃতা দিবলৈ চেষ্টা কৰে। মই তেওঁলোকক তেওঁলোকৰ নিজৰ ডিপ্লোমেচিৰ কথা সোঁৱৰাই দিব বিচাৰো, যাতে তেওঁলোকে পাহৰি নাযায় আৰু আনেও তেওঁলোকৰ সত্য কথাবোৰ জানিব পাৰে। আমাৰ ভূমিত আটাইতকৈ নিষ্ঠুৰ আক্ৰমণৰ ভিতৰত অন্যতম আছিল ২৬/১১ৰ ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতো পাকিস্তানৰ প্ৰতি কংগ্ৰেছৰ মৰম বন্ধ নহ’ল। এনে এক বৃহৎ শোকাৱহ দুৰ্ঘটনাৰ পিছতো বিদেশী হেঁচাত পৰি কংগ্ৰেছ চৰকাৰে আক্ৰমণৰ মাত্ৰ কেইসপ্তাহমানৰ ভিতৰতে পাকিস্তানৰ সৈতে পুনৰ আলোচনা আৰম্ভ কৰে।

সন্মানীয় অধ্যক্ষ মহোদয়,

২৬/১১ৰ দৰে এনে এক বৃহৎ কাণ্ডৰ পিছতো ভাৰতৰ পৰা এজন পাকিস্তানী কূটনীতিবিদকো বহিষ্কাৰ কৰাৰ সাহস নাছিল কংগ্ৰেছ চৰকাৰৰ। সেইটো পাহৰি যাওক, তেওঁলোকে আনকি এখন ভিছাও বাতিল কৰিব নোৱাৰিলে। এখনো নোৱাৰিলে। পাকিস্তানৰ পৃষ্ঠপোষকতাত কৰা সন্ত্ৰাসবাদী আক্ৰমণে আমাৰ দেশত আঘাত কৰি থকাৰ সময়তে ইউ পি এ চৰকাৰে পাকিস্তানক “সৰ্বাধিক অনুকূল দেশ” (এম এফ এন)ৰ মৰ্যাদা প্ৰদান কৰিলে, আৰু তেওঁলোকে কেতিয়াও ইয়াক বাতিল কৰা নাছিল। এফালে দেশে মুম্বাইৰ আক্ৰমণৰ বাবে ন্যায়ৰ দাবী জনাই হাবাথুৰি খালে আৰু আনফালে কংগ্ৰেছে পাকিস্তানৰ সৈতে বাণিজ্যিক চুক্তি কৰাত ব্যস্ত থাকিল। পাকিস্তানে সন্ত্ৰাসবাদীক নিৰ্দোষীৰ ৰক্তপাত কৰিবলৈ পঠিয়াই থাকিল, আনহাতে কংগ্ৰেছে শান্তি আৰু সম্প্ৰীতিৰ নামত "মুশ্বেইৰ" (কবিতা ইভেণ্ট) আয়োজন কৰাত ব্যস্ত থাকিল। আমি এফালে সন্ত্ৰাসবাদৰ এই একমুখী যাত্ৰাৰ অন্ত পেলাইছিলো আৰু আনফালে শান্তিৰ প্ৰচেষ্টাক ভুলকৈ দেখুওৱা হৈছিল। আমি পাকিস্তানৰ এম এফ এন মৰ্যাদা বাতিল কৰিলোঁ, ভিছা সেৱা স্থগিত ৰাখিলোঁ, আৰু বাণিজ্যৰ বাবে আটাৰী-ৱাঘা সীমান্ত বন্ধ কৰি দিলোঁ৷

সন্মানীয় অধ্যক্ষ মহোদয়,

ভাৰতৰ কল্যাণকামী দিশবোৰক বন্ধকীত ৰখাটো কংগ্ৰেছ দলৰ এটা পুৰণি অভ্যাস হৈ আহিছে। ইয়াৰ আটাইতকৈ ডাঙৰ উদাহৰণ হ’ল সিন্ধু জল সন্ধি। সিন্ধু জলসন্ধিত কোনে স্বাক্ষৰ কৰিছিল? সেইজন আছিল জৱাহৰলাল নেহৰু। আৰু কি আছিল সেই চুক্তি? নদীসমূহৰ বিষয়বোৰ ভাৰতৰ পৰাই আৰম্ভ হয়, আমাৰ নিজৰ নদীসমূহ, যিবোৰে এই ভূমিৰ মাজেৰে হাজাৰ হাজাৰ বছৰ ধৰি প্ৰবাহিত হৈ আহিছে, যিবোৰ ভাৰতৰ সাংস্কৃতিক ঐতিহ্যৰ সৈতে গভীৰভাৱে জড়িত হৈ আহিছে, যিবোৰ ভাৰতৰ জীৱন শক্তিৰ উৎস, আৰু ভাৰত সু-জলম সুফলম (পানী আৰু সমৃদ্ধিৰে) কৰি তোলাত এক বৃহৎ ভূমিকা পালন কৰিছে। যুগ যুগ ধৰি ভাৰতৰ পৰিচয়ৰ প্ৰতীক হৈ অহা সিন্ধু নদী ভাৰতৰ দ্বাৰাই জনা গৈছিল। কিন্তু নেহৰু আৰু কংগ্ৰেছে কি কৰিলে? তেওঁলোকে সিন্ধু আৰু ঝিলুম নদীক লৈ চলা বিবাদক বিশ্ব বেংক ফৰ আৰ্বিট্ৰেচনত অৰ্পণ কৰে। আমাৰ নদী, আমাৰ পানী, তথাপিও কি কৰিব লাগে সেইটো সিদ্ধান্ত ল’বলৈ কোৱা হৈছিল বিশ্ব বেংকক। সাধাৰণ ভাষাত ক’বলৈ গ’লে সিন্ধু জলচুক্তিখন আছিল ভাৰতৰ পৰিচয় আৰু আত্মসন্মানৰ এক বিশাল প্ৰতাৰণা।

সন্মানীয় অধ্যক্ষ মহোদয়,

আজিৰ দেশখনৰ যুৱক-যুৱতীসকলে যেতিয়া এই কথা শুনিব, তেতিয়া তেওঁলোক হতভম্ব হ’ব লাগিব যে এনে লোকসকলে এসময়ত ভাৰতৰ কাম-কাজৰ দায়িত্বত আছিল৷ নেহৰুৱে কৌশলগতভাৱে আৰু কি কৰিছিল? এই পানী... এই নদীবোৰ... ভাৰতৰ পৰা উৎপত্তি হোৱা সেই পানীৰ ৮০% পাকিস্তানক দিবলৈ সন্মত হৈছিল নেহৰু। আৰু ভাৰতৰ দৰে বিশাল দেশ এখনৰ নিজৰ পানীৰ মাত্ৰ ২০%হে বাকী আছিল। কোনোবাই মোক বুজাব পাৰিবনে এইটো কেনেকুৱা বুদ্ধি আছিল? ইয়াৰ প্ৰতি জাতীয় স্বাৰ্থ ক’ত আছিল? এইটো কেনেকুৱা কূটনীতি আছিল? এই দেশখনলৈ আপুনি কি ৰাজ্যৰ পৰা হ্ৰাস কৰিছিল? ইমান বিশাল জনসংখ্যা থকা এখন দেশ, নিজৰ মাটিৰ পৰাই উদ্ভৱ হোৱা নদীবোৰ, আৰু সেই পানীৰ মাত্ৰ ২০% ভাৰতৰ বাবে ৰখা হৈছিল, আনহাতে ৮০% লোকে ভাৰতক মুকলিকৈ নিজৰ শত্ৰু বুলি কোৱা এটা জাতিৰ হাতত তুলি দিয়া হৈছিল! আৰু সেই পানীৰ ওপৰত কাৰ উচিত দাবী আছিল? আমাৰ কৃষক, আমাৰ নাগৰিক, আমাৰ পঞ্জাৱ, আমাৰ জম্মু আৰু কাশ্মীৰ। এই এটা সিদ্ধান্তৰ বাবেই দেশৰ এটা বৃহৎ অংশ পানীৰ সংকটৰ মাজলৈ ঠেলি দিয়া হৈছিল। এই সিদ্ধান্তৰ ফলত ভাৰতীয় ৰাষ্ট্ৰৰ মাজত পানীৰ ওপৰত সংঘাত আৰু প্ৰতিযোগিতাও হৈছিল, আনহাতে পাকিস্তানে আমাৰ যিটো সঠিকভাৱে আমাৰ আছিল তাৰ সুফল লাভ কৰিছিল। আৰু এই মানুহবোৰেই... কূটনীতি প্ৰচাৰ কৰি পৃথিৱীখন ঘূৰি ফুৰে?

সন্মানীয় অধ্যক্ষ মহোদয়,

এই কথা শুনি দেশখন আৰু অধিক হতভম্ব হ’ব, এইবোৰ লুকাই আছিল, দমন কৰা হৈছিল৷ য’তেই বান্ধ নিৰ্মাণ কৰা হয়, তাত ইয়াৰ পৰিষ্কাৰ কৰাৰ ব্যৱস্থা আছে, কাৰণ বান্ধত পলি, ঘাঁহ, আৰু ধ্বংসাৱশেষ সংগ্ৰহ কৰা হয়, যাৰ ফলত ইয়াৰ ক্ষমতা হ্ৰাস পায়। গতিকে, ইয়াৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে এটা বিল্ট-ইন ব্যৱস্থা আছে। কিন্তু পাকিস্তানৰ জোৰত পণ্ডিত নেহৰুৱে এটা চৰ্তত সন্মতি দিলে যে বান্ধবোৰত জমা হোৱা এই পলি আৰু ধ্বংসাৱশেষবোৰ আঁতৰাই পেলাব নোৱাৰি। বান্ধটো আমাৰ দেশত আছে, পানী আমাৰ, কিন্তু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা পাকিস্তানৰ ওপৰত নিৰ্ভৰশীল। মাত্ৰ ভাবি চাওক — আপুনি নিজৰ বান্ধটোও পৰিষ্কাৰ কৰিব নোৱাৰে? কেৱল এইটোৱে নহয়, যেতিয়া মই সবিশেষ চাবলৈ সোমাই গ’লোঁ — মই দেখিলোঁ যে আনকি এটা বান্ধো আছে য’ত গেটখন ডিচিল্টিংৰ বাবে ৰখা গেটখন ঢালাই কৰা হৈছে, যাতে ভুলতেও কোনেও খুলি পলি আঁতৰাব নোৱাৰে। পাকিস্তানে নেহৰুৰ পৰা লিখিছিল যে ভাৰতে পাকিস্তানৰ অনুমোদন অবিহনে নিজৰ বান্ধত ডিচিল্টিং কৰিব নোৱাৰে। এই চুক্তিখন দেশৰ বিৰুদ্ধে আছিল, আনকি পণ্ডিত নেহৰুৱেও পিছত এই ভুল স্বীকাৰ কৰিবলগীয়া হৈছিল। এই চুক্তিৰ সৈতে জড়িত আছিল নিৰঞ্জন দাস গুলাটি নামৰ এজন ভদ্ৰলোকে। তেওঁ এখন কিতাপ লিখিছিল, আৰু সেই কিতাপখনত তেওঁ উল্লেখ কৰিছিল যে ১৯৬১ চনৰ ফেব্ৰুৱাৰী মাহত নেহৰুৱে তেওঁক কৈছিল: “গুলাটি, মই আশা কৰিছিলোঁ যে এই চুক্তিখনে আন সমস্যা সমাধানৰ পথ মুকলি কৰিব, কিন্তু আমি এতিয়াও য’ত আছিলো তাতেই আবদ্ধ হৈ আছো।” এইটোৱেই নেহৰুৱে নিজেই স্বীকাৰ কৰিছিল। নেহৰুৱে কেৱল হ্ৰস্বম্যাদী প্ৰভাৱহে দেখিছিল, যাৰ বাবে তেওঁ কৈছিল, “আমি এতিয়াও য’ত আছিলো।” কিন্তু সত্য বহুত বেছি গুৰুতৰ —এই চুক্তিৰ বাবেই জাতিটো বহু পিছ পৰি ৰ’ল। ই এক বৃহৎ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল, যাৰ কুফল আমাৰ কৃষকসকলে ভোগ কৰিছিল, আমাৰ কৃষিক্ষেত্ৰই ভোগ কৰিছিল। আৰু নেহৰুৱে কেৱল সেই কূটনীতিহে বুজি পাইছিল য’ত কৃষকৰ কোনো তাৎপৰ্য নাছিল। এই অৱস্থাত তেওঁ দেশ এৰি থৈ যায়।

আমাৰ সকলোৰে মনত আছে, অৱশ্যে নৱপ্ৰজন্মই হয়তো নাজানে। কিন্তু আমি সকলোৱে জানো। ৰেলৱে ষ্টেচন, বাছ ষ্টেণ্ড, বিমানবন্দৰ, বজাৰ, মন্দিৰ, যিকোনো ঠাইলৈ যাওক, সকলোতে আগতে ঘোষণা হৈছিল। যদি আপুনি কোনো অচিনাকি বস্তু দেখিছে, তেন্তে সেইটো স্পৰ্শ নকৰিব, লগে লগে আৰক্ষীক জনাওক — সেয়া বোমা হ’ব পাৰে। ২০১৪ চনলৈকে আমি এই কথা শুনি থাকিলোঁ৷ তেতিয়াৰ দেশৰ অৱস্থা এনেকুৱাই আছিল। পৰিৱেশ  এনে আছিল যেন প্ৰতিটো খোজতে বোমা স্থাপন কৰি ৰখা হৈছে, আৰু নাগৰিকে নিজকে ৰক্ষা কৰিবলগীয়া হৈছিল, যেন ৰাষ্ট্ৰই হাৰ মানিছে। কৰ্তৃপক্ষই কাৰ্যতঃ অসহায়তাৰ মাজত হাত দাঙি অহৰহ ঘোষণাৰ জৰিয়তে স্পষ্ট কৰি দিছিল।

সন্মানীয় অধ্যক্ষ মহোদয়,

কংগ্ৰেছৰ দুৰ্বল চৰকাৰৰ বাবে দেশে ইমানবোৰ প্ৰাণ হেৰুৱাব লগা হ’ল, আমি আমাৰ আপোনজনক হেৰুৱাব লগা হ’ল।

সন্মানীয় অধ্যক্ষ মহোদয়,

সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰিব পৰা গ’লহেঁতেন, আৰু আমাৰ চৰকাৰে যোৱা ১১ বছৰত সেই কথা প্ৰমাণ কৰিছে। ২০০৪ চনৰ পৰা ২০১৪ চনৰ ভিতৰত সন্ত্ৰাসবাদজনিত ঘটনাৰ সংখ্যা যথেষ্ট বেছি আছিল। তাৰ পিছৰ পৰাই আমাৰ নেতৃত্বত এনেধৰণৰ ঘটনা লক্ষণীয়ভাৱে হ্ৰাস পাইছে। সেইবাবেই দেশবাসীৰ এই প্ৰশ্ন কৰাৰ অধিকাৰ আছে: আমাৰ চৰকাৰে যদি সন্ত্ৰাসবাদ নাইকিয়া কৰাৰ ভেটি কটকটীয়া কৰিব পাৰে, কংগ্ৰেছ চৰকাৰক কিহে বাধা দিছিল? তেওঁলোকৰ কি বাধ্যবাধকতা আছিল যিয়ে সন্ত্ৰাসবাদক নিয়ন্ত্ৰণহীনভাৱে বৃদ্ধি আৰু বিয়পিবলৈ অনুমতি দিছিল?

সন্মানীয় অধ্যক্ষ মহোদয়,

কংগ্ৰেছৰ শাসনকালত যদি সন্ত্ৰাসবাদে গা কৰি উঠিছিল, তেন্তে ইয়াৰ আঁৰৰ এটা ডাঙৰ কাৰণ আছিল তেওঁলোকৰ তুষ্টিকৰণৰ ৰাজনীতি আৰু ভোট বেংকৰ ৰাজনীতি। দিল্লীত যেতিয়া বাটলা হাউছ এনকাউণ্টাৰ কাণ্ড হৈছিল, তেতিয়া কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই চকুলো টুকিছিল, নিজৰ জীৱন বিপন্ন কৰা সাহসী আৰক্ষী বিষয়াসকলৰ বাবে নহয়, সন্ত্ৰাসবাদীৰ মৃত্যু হোৱাৰ বাবে। আৰু ভোট লাভ কৰিবলৈ ইচ্ছাকৃতভাৱে এই আখ্যান দেশৰ চুকে-কোণে বিয়পি পৰিল। এনে কাৰ্যই সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজখন দুৰ্বল কৰাই নহয়, এক বিপজ্জনক বাৰ্তাও প্ৰেৰণ কৰিছিল।

সন্মানীয় অধ্যক্ষ মহোদয়,

২০০১ চনত দেশৰ সংসদ ভৱনত আক্ৰমণ হোৱাৰ সময়ত কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতাই আফজল গুৰুক বেনিফিট অৱ ডাউট দিয়াৰ কথা কৈছিল।

সন্মানীয় অধ্যক্ষ মহোদয়,

২৬/১১ তাৰিখে মুম্বাইত সংঘটিত হৈছিল এক বৃহৎ সন্ত্ৰাসবাদী আক্ৰমণ। জীৱিত অৱস্থাত ধৰা পৰিল এজন পাকিস্তানী সন্ত্ৰাসবাদী। আনকি পাকিস্তানৰ সংবাদ মাধ্যম আৰু আন্তঃৰাষ্ট্ৰীয় সমাজেও স্বীকাৰ কৰিছিল যে তেওঁ সঁচাকৈয়ে পাকিস্তানী। কিন্তু পাকিস্তানৰ এই বৃহৎ সন্ত্ৰাসবাদী কাৰ্যৰ প্ৰতি সঁহাৰি জনাই কংগ্ৰেছ দলে কি কৰি আছিল? তেওঁলোকে কি খেল খেলি আছিল — এই সকলোবোৰ ভোট বেংকৰ ৰাজনীতিৰ বাবে? পাকিস্তানক জবাবদিহি কৰাৰ পৰিৱৰ্তে কংগ্ৰেছে ইয়াক "গেৰুৱা আতংক" বুলি চিত্ৰিত কৰিবলৈ ব্যস্ত হৈ পৰিছিল। তেওঁলোকে হিন্দু সন্ত্ৰাসবাদৰ তত্ত্ব বিশ্ববাসীক বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল। আনকি এজন কংগ্ৰেছ নেতাই আমেৰিকাৰ এজন জ্যেষ্ঠ কূটনীতিবিদক কয় যে ভাৰতৰ হিন্দু গোটসমূহে লস্কৰ-ই-তৈবাতকৈ অধিক ভাবুকিৰ সৃষ্টি কৰিছে। হয়, আচলতে এনে এটা বক্তব্যই দিয়া হৈছিল। আৰু তুষ্টিকৰণৰ স্বাৰ্থত কংগ্ৰেছে ভাৰতীয় সংবিধান, ড০ বাবাচাহেব আম্বেদকাৰৰ সংবিধান, জম্মু-কাশ্মীৰত সম্পূৰ্ণৰূপে প্ৰযোজ্য হ’বলৈ নিদিলে। ইচ্ছাকৃতভাৱে ধৰি ৰাখি আওতাৰ বাহিৰত ৰাখিলে। বাৰে বাৰে তুষ্টিকৰণ আৰু ভোট বেংকৰ ৰাজনীতিৰ স্বাৰ্থত কংগ্ৰেছে দেশৰ নিৰাপত্তাৰ বলিদান দিছে।

সন্মানীয় অধ্যক্ষ মহোদয়,

তুষ্টিকৰণৰ স্বাৰ্থতেই কংগ্ৰেছে সন্ত্ৰাসবাদৰ সৈতে জড়িত আইনসমূহ দুৰ্বল কৰি তুলিছিল। গৃহমন্ত্ৰী ডাঙৰীয়াই আজি সদনৰ সন্মুখত ইতিমধ্যে এই বিষয়ে বিতংভাৱে ব্যাখ্যা কৰিছে, গতিকে মই পুনৰাবৃত্তি কৰিব নিবিচাৰো।

সন্মানীয় অধ্যক্ষ মহোদয়,

এই অধিবেশনৰ আৰম্ভণিতে মই এটা বিনম্ৰ অনুৰোধ কৰিছিলোঁ। মই কৈছিলোঁ: দলীয় স্বাৰ্থৰ বিষয়ত আমি একমত নহ’লেও দেশৰ স্বাৰ্থৰ কথা আহিলে আমাৰ হৃদয় একত্ৰিত হ’ব লাগিব। পহলগামৰ বৰ্বৰতাই আমাক গভীৰ আঘাত দিলে, সমগ্ৰ দেশখনকেই জোকাৰি গ’ল। ইয়াৰ উত্তৰত আমি অপাৰেচন সিন্দুৰ আৰম্ভ কৰিলোঁ, আৰু আমাৰ সশস্ত্ৰ বাহিনীৰ সাহস আৰু আমাৰ আত্মনিৰ্ভৰশীল অভিযানৰ শক্তিৰ জৰিয়তে সমগ্ৰ দেশতে এক নতুন সিন্দুৰ স্পিৰিটৰ উন্মেষ ঘটিছে। আমাৰ প্ৰতিনিধি দলে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ আন দেশলৈ যোৱাৰ সময়তো আমি এই সিন্দুৰ স্পিৰিটৰ সাক্ষী হৈছিলো। সেই সকলো সহকৰ্মীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ, আপোনালোকে সাহসেৰে আৰু ফলপ্ৰসূভাৱে বিশ্বৰ মঞ্চত ভাৰতৰ স্থিতি প্ৰকাশ কৰিছে। কিন্তু মই একেসময়তে দুখী আৰু আচৰিতো হও যে নিজকে জ্যেষ্ঠ কংগ্ৰেছ নেতা বুলি গণ্য কৰা কিছুমানে ইয়াকে লৈ অস্থিৰতা অনুভৱ কৰিছে আৰু ভাৰতৰ স্থিতি বিশ্বৰ সন্মুখত উপস্থাপন কৰিবলৈ গৈ বিচলিত হৈছে। আনকি সংসদতেই দুই এজন নেতাক ভাষণ দিবলৈকো বাধা দিয়া যেন লাগে।

সন্মানীয় অধ্যক্ষ মহোদয়,

এই মানসিকতাৰ পৰা ওলাই আহিব লাগিব। কিছুমান কথা মনলৈ আহে, মোৰ মনৰ অনুভৱবোৰ প্ৰকাশ কৰিবলৈ মন যায়।

সন্মানীয় অধ্যক্ষ মহোদয়,

আলোচনা কৰি থাকক, কৰি থাকক, আৰু ইমানেই শক্তিশালীভাৱে কৰক,

যাতে শত্ৰু ভয়ত কঁপি উঠে, যে শত্ৰু শংকাত কঁপি উঠে।

মাত্ৰ এটা কথা দৃঢ়ভাৱে মনত ৰাখিব, মাত্ৰ এটা কথা দৃঢ়ভাৱে মনত ৰাখিব:

সিন্দুৰ আৰু আমাৰ সেনাৰ সন্মান অটল থাকিব লাগিব, আনকি আপোনালোকৰ প্ৰশ্নৰ মাজতো। যদি আক্ৰমণ ভাৰত মাতৃক কৰা হয়, তেতিয়া আমি ক্ৰোধ আৰু প্ৰচণ্ড শক্তিৰে প্ৰতিশোধ ল’ব লাগিব। শত্ৰু য’তেই লুকাই নাথাকক কিয়, আমি কেৱল ভাৰতৰ বাবে জীয়াই থাকিব লাগিব।

এটা পৰিয়ালৰ হেঁচাত পাকিস্তানক নিৰ্দোষী ঘোষণা কৰাটো বা ক্লীনশ্বীট দিয়া বন্ধ কৰিবলৈ কংগ্ৰেছ দলৰ মোৰ সতীৰ্থসকলক আহ্বান জনাইছো। দেশৰ বিজয়ৰ এটা মুহূৰ্ত কংগ্ৰেছে উপহাসৰ মুহূৰ্তলৈ পৰিণত কৰিব নালাগে। কংগ্ৰেছে নিজৰ ভুল শুধৰাই লওক। আজি মই এই সদনত আকৌ এবাৰ স্পষ্টকৈ ক’ব বিচাৰিছো যে ভাৰতে এতিয়া সন্ত্ৰাসবাদীক শিপাৰে সৈতে, তেওঁলোকৰ সন্ত্ৰাসবাদীৰ নাৰ্চাৰীত পুলিতে নিৰ্মূল কৰিব। আমি পাকিস্তানক ভাৰতৰ ভৱিষ্যতক লৈ খেলিবলৈ নিদিওঁ৷ সেইবাবেই অপাৰেচন সিন্দুৰ শেষ হোৱা নাই, অপাৰেচন সিন্দুৰ চলি আছে।আৰু এইটোও পাকিস্তানক জনাই দিও: ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসৰ পৃষ্ঠপোষকতা বন্ধ নকৰালৈকে ভাৰতে নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি যাব। ভাৰতৰ বাবে এক সুৰক্ষিত আৰু সমৃদ্ধিশালী ভৱিষ্যতেই আমাৰ প্ৰধান সংকল্প। এই মনোভাৱেৰে মই পুনৰবাৰ সকলো সদস্যকে এক গুৰুত্বপূৰ্ণ আলোচনাত অংশগ্ৰহণৰ বাবে ধন্যবাদ জনাইছো, আৰু মাননীয় অধ্যক্ষ মহোদয়, মই ভাৰতৰ স্থিতি দাঙি ধৰিছো, ভাৰতৰ জনসাধাৰণৰ আৱেগক এক বলিষ্ঠ কণ্ঠ দিছো, আৰু এই সদনৰ প্ৰতি পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।

বহুত বহুত ধন্যবাদ!

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
As we build opportunities, we'll put plenty of money to work in India: Blackstone CEO Stephen Schwarzman at Davos

Media Coverage

As we build opportunities, we'll put plenty of money to work in India: Blackstone CEO Stephen Schwarzman at Davos
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister pays tributes to Bharat Ratna, Shri Karpoori Thakur on his birth anniversary
January 24, 2026

The Prime Minister, Narendra Modi, paid tributes to former Chief Minister of Bihar and Bharat Ratna awardee, Shri Karpoori Thakur on his birth anniversary.

The Prime Minister said that the upliftment of the oppressed, deprived and weaker sections of society was always at the core of Karpoori Thakur’s politics. He noted that Jan Nayak Karpoori Thakur will always be remembered and emulated for his simplicity and lifelong dedication to public service.

The Prime Minister said in X post;

“बिहार के पूर्व मुख्यमंत्री भारत रत्न जननायक कर्पूरी ठाकुर जी को उनकी जयंती पर सादर नमन। समाज के शोषित, वंचित और कमजोर वर्गों का उत्थान हमेशा उनकी राजनीति के केंद्र में रहा। अपनी सादगी और जनसेवा के प्रति समर्पण भाव को लेकर वे सदैव स्मरणीय एवं अनुकरणीय रहेंगे।”