"লাচিত বৰফুকনৰ জীৱন দেশপ্ৰেম আৰু ৰাষ্ট্ৰ শক্তিৰ এক অনুপ্ৰেৰণা"
"'ডাবল ইঞ্জিন' যুক্ত চৰকাৰে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ উদ্দীপনাৰে কাম কৰি আছে"
"অমৃত সৰোবৰৰ প্ৰকল্প সম্পূৰ্ণৰূপে জনতাৰ অংশগ্ৰহণৰ ওপৰত আধাৰিত"
"২০১৪ ৰপৰা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাসমূহ হ্ৰাস পাইছে আৰু উন্নয়ন হৈছে"
"২০২০ ৰ বড়ো চুক্তিয়ে স্থায়ী শান্তিৰ দুৱাৰ মুকলি কৰিলে"
"যোৱা ৮ বছৰত আমি শান্তি আৰু উন্নত আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বহু অঞ্চলৰপৰা আফস্পা প্ৰত্যাহাৰ কৰিছো"
"অসম আৰু মেঘালয়ৰ মাজত হোৱা চুক্তিখনিয়ে একেদৰে অন্যান্য বিষয়তো উৎসাহিত কৰিব। ই সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ আকাংক্ষাক গতি প্ৰদান কৰিব"
"আমি পূৰ্বৰ দশকসমূহত সাধন কৰিব নোৱাৰা উন্নয়নৰাজি সম্ভৱ কৰিব লাগিব"

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্বি আংলং জিলাৰ ডিফুত 'শান্তি, একতা আৰু উন্নয়ন ৰেলী' সম্বোধন কৰে। এই কাৰ্য্যসূচীতে তেখেতে একাধিক প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে পশু চিকিৎসা মহাবিদ্যালয় (ডিফু), ডিগ্ৰী মহাবিদ্যালয় (পশ্চিম কাৰ্বি আংলং) আৰু কৃষি মহাবিদ্যালয় (কলংগা, পশ্চিম কাৰ্বি আংলং) ৰ আধাৰশিলা স্থাপন কৰে। ৫০০ কোটি টকাৰো অধিক ব্যয়ৰ এই প্ৰকল্পৰাজিয়ে অঞ্চলটোত দক্ষতা বিকাশ আৰু নিয়োগৰ বাবে নতুন সুযোগৰ সঞ্চাৰ কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে তদুপৰি ২৯৫০ ৰো অধিক অমৃত সৰোবৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰাজ্যখনে এই অমৃত সৰোবৰসমূহ প্ৰায় ১১৫০ কোটি টকা ব্যয় সাপেক্ষে বিকশিত কৰিব। এই কাৰ্য্যসূচীত অসমৰ ৰাজ্যপাল শ্ৰী জগদীশ মুখী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা আন-আন বিশিষ্ট লোকসকল উপস্থিত থাকে।

এই কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্বি আংলঙৰ জনসাধাৰণক উষ্ম আদৰণি জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। তেখেতে আজাদী কা অমৃত মহোৎসৱৰ সংযোগ আৰু একে সময়তে অসমৰ মহান বীৰপুত্ৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক বাৰ্ষিকীৰ কথা উল্লেখ কৰে। "লাচিত বৰফুকনৰ জীৱন দেশপ্ৰেম আৰু ৰাষ্ট্ৰ শক্তিৰ এক অনুপ্ৰেৰণা। কাৰ্বি আংলঙৰপৰাই দেশখনৰ এই মহান বীৰগৰাকীক মই অভিবাদন জনাইছো", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়।

প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে 'ডাবল ইঞ্জিন' যুক্ত চৰকাৰখনে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াসৰ উদ্দীপনাৰে কাম কৰি আছে। "আজি কাৰ্বি আংলঙৰ মাটিত এই সংকল্পক সুদৃঢ় কৰা হৈছে। অসমৰ স্থায়ী শান্তি আৰু দ্ৰুত উন্নয়নৰ বাবে স্বাক্ষৰিত চুক্তিখন ৰূপায়ণৰ কাম ক্ষীপ্ৰতাৰে অব্যাহত আছে", তেখেতে কয়।

প্ৰধানমন্ত্ৰী মোদীয়ে  ২৬০০ৰো অধিক সৰোবৰ খন্দাৰ কাম  আৰম্ভ হৈছে বুলি উল্লেখ কৰে। তেখেতে গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰকল্প সম্পূৰ্ণৰূপে জনতাৰ অংশগ্ৰহণৰ ওপৰত আধাৰিত। তেখেতে জনজাতীয় সমাজসমূহত এনে সৰোবৰৰ সমৃদ্ধ পৰম্পৰাৰ কথা উল্লেখ কৰে। তেখেতে এই পুখুৰীসমূহ কেৱল গাওঁসমূহৰ বাবে পানীৰ ভাণ্ডাৰেই নহয়, বৰঞ্চ উপাৰ্জনৰ উৎসও হৈ উঠিব বুলি  আশা ব্যক্ত কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০১৪ ৰপৰা উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাৰাজি হ্ৰাস পোৱা আৰু উন্নয়ন সাধনৰ কথা উল্লেখ কৰে। "আজি কোনো লোক অসমৰ জনজাতীয় অঞ্চলসমূহলৈ অহা বা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহলৈ যোৱা মাত্ৰেকে এই অঞ্চলৰ পৰিস্থিতি সলনি হোৱা কথা কৈ প্ৰশংসা কৰে", তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে যোৱা বৰ্ষত কাৰ্বি আংলঙৰ বহু সংগঠনক শান্তি আৰু উন্নয়ন প্ৰক্ৰিয়াটোত অন্তৰ্ভুক্তিকৰণৰ কথা স্মৰণ কৰে। ২০২০ ৰ বড়ো চুক্তিয়েও স্থায়ী শান্তিৰ দুৱাৰ মুকলি কৰিলে। একেদৰে, ত্ৰিপুৰাৰ কথাও উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, এনআইএফটিয়ে শান্তিৰ অৰ্থে পদক্ষেপ গ্ৰহণ কৰিছে। আঢ়ৈ দশক পুৰণি ব্ৰু-ৰিয়াঙৰো সমস্যাৰাজি সমাধান কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয়।  প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে দীৰ্ঘদিন ধৰি উত্তৰ-পূবৰ বহুতো ৰাজ্যত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) বলবৎ কৰি অহা হৈছিল। "অৱশ্যে, যোৱা ৮ বছৰত আমি স্থায়ী শান্তি আৰু উন্নত আইন-শৃংখলাজনিত পৰিস্থিতিৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বহু অঞ্চলৰপৰা আফস্পা প্ৰত্যাহাৰ কৰিছো", প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সবকা সাথ, সবকা বিকাশৰ ভাৱনাৰে সীমা সম্পৰ্কীয় সমস্যাৰাজিৰ সমাধান সূত্ৰ বিচাৰি থকা হৈছে। "অসম আৰু মেঘালয়ৰ মাজত হোৱা চুক্তিখনিয়ে একেদৰে অন্যান্য বিষয়তো উৎসাহিত কৰিব। ই সমগ্ৰ অঞ্চলটোৰ উন্নয়নৰ আকাংক্ষাক গতি প্ৰদান কৰিব", বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে।

জনজাতীয় সমাজসমূহৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য সম্পৰ্কে উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "জনজাতীয় সমাজৰ সংস্কৃতি, ইয়াৰ ভাষা, খাদ্য, কলা, হস্তশিল্প, এই সকলোবোৰ হৈছে ভাৰতৰ সমৃদ্ধ ঐতিহ্য। এই ক্ষেত্ৰত অসম অধিক সমৃদ্ধ। এই সাংস্কৃতিক ঐতিহ্যই ভাৰতক সংযুক্ত কৰিছে, এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ উদ্দীপনাক সুদৃঢ় কৰিছে।"

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজাদীৰ অমৃত কালছোৱাত কাৰ্বি আংলঙেও শান্তি আৰু উন্নয়নৰ এক নতুন ভৱিষ্যতৰ অভিমুখে অগ্ৰসৰ হৈছে। এতিয়া ইয়াৰপৰা আমি পিছলৈ আৰু ঘূৰি চাব নালাগে। অনাগত বৰ্ষসমূহত আমি একেলগে উন্নয়নৰ বাবে আগবাঢ়িব লাগিব, যি আমি পূৰ্বৰ দশককেইটাত সাধন কৰিবপৰা নাছিলো, তেখেতে লগতে কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে সেৱা আৰু নিষ্ঠাৰ ভাৱনাৰে কেন্দ্ৰৰ আঁচনিসমূহ ৰূপায়ণৰ বাবে অসম আৰু অঞ্চলটোৰ আন-আন ৰাজ্য চৰকাৰসমূহক প্ৰশংসা কৰে। তেখেতে এই কাৰ্য্যসূচীলৈ সৰহ সংখ্যক মহিলাই ওলাই অহাৰ বাবে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে আৰু চৰকাৰখনৰ সকলো পদক্ষেপতে নাৰীৰ মৰ্য্যাদা, জীৱন-যাপনৰ সহজতা (ease of life) আৰু তেওঁলোকৰ অৱস্থাৰ উন্নতিসাধনৰ বাবে  নিৰন্তৰ গুৰুত্ব আৰোপৰ কথা দোহাৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমৰ জনসাধাৰণক তেওঁলোকৰ মৰমৰ আগ্ৰহেৰে প্ৰতিদান দিব বুলি আশ্বাস প্ৰদান আৰু অঞ্চলটোৰ নিৰন্তৰ উন্নয়নৰ বাবে নিজকে পুনৰ সমৰ্পিত কৰিব বুলি কৈ তেখেতৰ ভাষণৰ সামৰণি মাৰে।

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 51 lakh households benefit under PM Surya Ghar, 28.4 lakh farm pumps solarised: Govt

Media Coverage

Over 51 lakh households benefit under PM Surya Ghar, 28.4 lakh farm pumps solarised: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister shares a Sanskrit Subhashitam, highlighting determination, perseverance, and continuous effort in overcoming life's challenges
August 13, 2026

Prime Minister Shri Narendra Modi shared a Sanskrit Subhashitam today, highlighting the power of determination, perseverance, and courage in overcoming life's challenges and turning adverse circumstances into favorable ones.

The Prime Minister wrote on X;

"दैवं पुरुषकारेण यः समर्थः प्रबाधितुम्।

न दैवेन विपन्नार्थः पुरुषः सोऽवसीदति॥"

A person who possesses the determination, perseverance and courage to turn adverse circumstances into favorable ones is never defeated by the challenges of life. Instead, through continuous effort and unwavering resolve, he moves forward and ultimately achieves success.